শিশুটিৰ মানসিক জগতখনৰ খৱৰ আপুনি কেনেদৰে ৰাখে!

লেখক- মৌচুমী ফুকন

এজন শিশুৱে জন্মৰ প্ৰথম দিনৰপৰাই শিকিবলৈ আৰম্ভ কৰে। শিকাৰ ক্ষেত্ৰত এনে নহয় যে, শিশুটিয়ে বিদ্যালয় যোৱাৰ দিনৰপৰা বা ঘৰৰ বাহিৰ ওলালেহে শিকিব পৰা হয়। পৰিৱেশ পৰিস্থিতিৰ লগত হোৱা ভাব বিনিময়ে হওক বা দেখি শুনিয়ে হওক এটি শিশুৱে প্ৰতিদিনে ন ন বস্তুবোৰ শিকিবলৈ আৰম্ভ কৰে। শিশুৰ মনোজগত সম্পৰ্কে সম্পন্ন হোৱা বিভিন্ন গৱেষণাৰ পৰা দেখা পোৱা গৈছে যে এটি শিশুৰ ৫ বছৰ বয়সৰ ভিতৰত শতকৰা ৯৫ ভাগ বাঢ়ন আৰু বিকাশ সম্ভৱ হয়। 

বৰ্তমান মাকদেউতাকৰ কৰ্মব্যস্ততাৰ বাবেই হওক বা সৰু পৰিয়ালৰ বাবেই হওক বেছিভাগ শিশুৰ জীৱন যন্ত্ৰৰ দৰে হৈ পৰিছে। বাহিৰৰ পৃথিৱীখনৰ লগত পৰিচয় একেবাৰেই কম। ধূলিবালিমাটিৰে খেলাৰ সময়ত ৰাতিপুৱা ৯ বজাৰ পৰা ৫ বজালৈ শিশুগৃহ(Creche)ত থকা, ঘৰত আহি মবাইল বা টিভিৰ সৈতে থকা ব্যস্ততাই শিশুসকলৰ মাজত সৰু সৰু কথাত খং কৰা, চিঞৰা, কোনো এটা বস্তু লাগ বুলিলেই লগা, মাক দেউতাকৰ কথা নুশুনা, পৰনিৰ্ভৰশীলতা ইত্যাদি সমস্যাবোৰ বাঢ়ি গৈছে। লগে লগে বাঢ়ি গৈছে শিশুৰ কথা নোকোৱা বা ভাষাৰ বিকাশজনিত সমস্যাসমূহ আৰু সামাজিকীকৰণৰ ক্ষেত্ৰটো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে। 

বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে, এটি শিশুৰ দুবছৰ বয়সত যিবোৰ অভ্যাস গঢ় লয় সেই অভ্যাস দহ বছৰলৈ থাকি যায় আৰু এই দহবছৰ থকা অভ্যাসবোৰ গোটেই জীৱনলৈ থাকি যায় বুলি অনুমান কৰা হয়। কিন্তু বৰ্তমান সময়ত মাকদেউতাকৰ ব্যস্ততাৰ বাবে শিশুটিৰ মাজত চলি থকা বহু সমস্যা, অসুবিধাৰ কথা অভিভাৱকসকলে শিশুটিক বিদ্যালয়ত দিয়াৰ পাছতহে গম পাই। কিন্তু তাৰ মাজতো বেছিভাগৰ মাজত চলি আহিছেসৰু হৈ আছে ডাঙৰ হলে ভাল হএনে ধৰণৰ মনোভাব। যি সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। 

শিশুটিৰ কথা কোৱাত পলম হোৱা, মাতি থাকিলে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা, অস্থিৰ হোৱা, মনোযোগ দিব নোৱৰা, নতুন পৰিৱেশত মিলিব নোৱৰা, সমনীয়াৰ লগত খেলিবলৈ নিবিচৰা, কিছুমান শব্দ শুনিলে কাণত হাত দিয়া, বিকাশত পলম হোৱা, পঢ়াশুনা বা বুজাপৰাৰ ক্ষেত্ৰত বয়স হিচাপে আগ নবঢ়া ইত্যাদি সমস্যাৰ ক্ষেত্ৰত অভিভাৱকসকলক যেতিয়া কোৱা হয় “Psychological Assessment”ৰ কথা; বহু সময়ত সমাজৰ কথা ভাবি বা উপৰ্যুক্ত চলিত কথাষাৰ মানি পিছুৱাই থকা দেখা যায়।  ডাক্তৰে কোৱাৰ পিছতো বিভিন্ন ধৰণৰ তাবিজ, পূজাপাতল ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰাৰ নিয়ম এতিয়াও আমাৰ সমাজত প্ৰচলিত হৈ আছে। 

কিছুমান অসুখ বাহ্যিকভাৱে দেখা পোৱা যায়৷  শিশুটিৰ জ্বৰকাহঁ হলে বা কিবা শাৰীৰিক সমস্যা হলে যেনেকৈ ততালিকে ডাক্তৰ এজনক দেখুৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়; তেনেকৈয়ে এটি শিশুৰ মানসিক জগতখনৰ লগতে বাঢ়ি অহা বয়সত হোৱা সমস্যাসমূহৰ সম্যক জ্ঞান প্ৰতিজন অভিভাৱকৰ থকাটো প্ৰয়োজন। শিশুটিক ৰাইমছ শিকক বুলি মবাইলটো দিছে থিকেই আছে। ইয়াৰ ফলত শিশুটিয়ে দুই এক ৰাইমছ শিকিছে, A for Apple ব পৰা হৈছে; কিন্তু দৈনন্দিন জীৱনত প্ৰয়োজনীয় ভাষাৰ আদানপ্ৰদানত যদি সমস্যা হৈছে, সেই সময়ত কিন্তু A to Z মাতিব পৰা সন্তুষ্টি লৈ থাকিলে ভুল কৰা হব। 

শিশু এটিৰ বিকাশৰ প্ৰতিটো স্তৰতে মাকদেউতাক বা ঘৰখনৰ ভূমিকা বহু বেছি। ডাঙৰসকলে কৰা আচৰণৰ বেছিভাগেই শিশুটিয়ে অনুসৰণ কৰে। এটা কথা সদায় মনত ৰখা উচিত যে, শিশু এটিয়ে সদায়দেখি শিকে আৰু শুনি কয়।শিশুটি যি পৰিৱেশত ডাঙৰ হয় সেই পৰিৱেশত দেখাশুনা আচৰণবোৰেই দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। অভিভাৱকসকলে যদি নিজে পালন নকৰা নিয়মসমূহ শিশুটিক পালনৰ বাবে জোৰ কৰে ভাল হোৱাতকৈ বেয়া হোৱাৰ হে সম্ভৱনা বেছি। মাজতে এজন অভিভাৱক মোৰ ওচৰত আহিছিল যে তেওঁলোকৰ সন্তানটিয়ে খং উঠিলেই চিঞৰে, ওচৰত যি পাই দলিয়াই দিয়ে, ‘চুপ থাকবুলি কয়। এতিয়া প্ৰশ্নটো হৈছে শিশুটিয়ে এইখিনি কৰ পৰা শিকিলে? সেই বিষয়ে মন কৰা প্ৰয়োজন। 

অভিভাৱকসকলৰ পৰা প্ৰায়ে শুনা যায় তেওঁলোকৰ সন্তানটিয়ে তেওঁলোকে কোৱা একো কথাই নুশুনে। যি কয় সদায় তাৰ ওলোটাটোহে কৰিবলৈ বিচাৰে। এনে হোৱাৰ আগত মন কৰা প্ৰয়োজন যে অভিভাৱকসকলে শিশুটিয়ে কোৱাবোৰ কিমান মন দি শুনে! “Real listening is hard work. You have to concentrate if you’re not just going to give a pat response”.

এনে ধৰণৰ সমস্যাসমূহৰ মাজত যেতিয়া অভিভাৱকসকলক সোধা যায় যে আপুনি সন্তানটিক কিমান সময় দিব পাৰে? আপুনি সন্তানটিৰ লগত খেলাধূলা কৰে নে? বিদ্যালয়ৰ শিক্ষকশিক্ষয়িত্ৰীৰ লগত শিশুটিৰ কথাবোৰ আলোচনা কৰে নে? এনে সময়ত বেছিভাগৰ ক্ষেত্ৰত দেখা যায় যে নিজৰ কাম, ঘৰখনৰ সকলো কামকাজ কৰি আজৰি হও মানে সন্তানটি শুবৰ সময়েই হয় আৰু সকলো কাম কৰি উঠি নিজৰো ভাগৰ লাগে। ইমান উৎপাত কৰে যে ধৈৰ্যয়ে নাথাকে। এনেধৰণৰ কথাসমূহ বেছিকৈ শুনিবলৈ পোৱা যায়। কিন্তু এটা কথা সদায় মনত ৰখা উচিত যে, শিশুটিক যিমান সময় দিব, শিশুটিৰ লগত খেলাধূলা কৰিব; সিমান শিশুটিক বুজাত সহায় হয়। লগতে শিশু আৰু অভিভাৱকৰ মাজৰ সম্পৰ্কও সুদৃঢ় হয়। যিয়ে শিশুৰ আচৰণত বহুখিনি প্ৰভাৱ পেলাই। 

অভিভাৱকসকলে সন্তানটিক এনেবোৰ ক্ষেত্ৰতহে সহায়সহযোগিতা কৰা দৰকাৰ, ত প্ৰকৃততে প্ৰয়োজন। উদাহৰণস্বৰূপে ৫/৬ বছৰীয়া হোৱাৰ পিছতও বিদ্যালয় যাবলৈ দেৰি হব বুলি ভাতকেইটা খুৱাই দিয়া, কাপোৰযোৰ পিন্ধাই দিয়া, জোতাৰ ফিতা মাৰি দিয়া ইত্যাদিয়ে শিশুটিক প্ৰতিটো সৰুবৰ কথাত মাকদেউতাকৰ ওপৰত নিৰ্ভৰশীল কৰি তোলে। ডাঙৰ হৈ অহাৰ লগে লগে এই নিৰ্ভৰশীলতাই শিশুটিৰ মনত বিৰোধ ভাবৰ লগতে অসহায়, খঙাল স্বভাৱৰহে সৃষ্টি কৰে। শিশুটিক জীৱনৰ প্ৰতিটো সৰুবৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অভিজ্ঞতাৰ পৰা শিকাৰ সুবিধা দিয়া প্ৰয়োজন। কাৰণ নিজৰ অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষা চিৰস্থায়ী। সেয়ে ভালকৈ বুজিব পৰা হোৱাৰ পৰা শিশু এটিক সমস্যা এটাৰ সমাধান কৰিবলৈ নিজৰ বিবেচনা শক্তিৰ প্ৰয়োগ কৰিবলৈ সুবিধা দিয়া প্ৰয়োজন। 

সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমস্যাবোৰ বিভিন্ন হাৰত বাঢ়ি গৈছে। কিন্তু এতিয়াও বহু লোক সমাজৰ প্ৰচলিত কিছুমান নিয়মৰ মাজত বান্ধ খাই থকা পৰিলক্ষিত হৈছে। শিশুৰ মনস্তাত্ত্বিক জগতখনৰ লগত জড়িত সমস্যাসমূহৰ সঠিক কাৰণ নিৰূপণত পলম হোৱাৰ এই প্ৰচলিত মনোভাববোৰৰ লগতে আন এক উল্লেখনীয় কাৰণ হৈছে সজাগতাৰ অভাৱ। ঘৰৰ বয়োজ্যেষ্ঠজনৰ লগতে আইতাকককাকৰ মনৰ কথা যে, “আমি লৰাছোৱালী ডাঙৰ কৰা নাই জানো! আগৰ দিনত ৭বছৰ বয়সত কথা কৈছিল, / ৭ বছৰ বয়সলৈকে বিদ্যালয় যোৱা নাছিল, কথা নোকোৱা শিশুক ছাগলী জিভা খুওৱাৰ পিছত কথা কৈছিল ইত্যাদি ইত্যাদি।এনেক্ষেত্ৰত তেওঁলোকক এই বিষয়ে সজাগ কৰা প্ৰয়োজন। বহু সময়ত সন্তানটি ডাঙৰ কৰাৰ ক্ষেত্ৰত কেতিয়াও এই প্ৰচলিত নিয়মসমূহ নমনা অভিভাৱকেও কিন্তু শিশুৰ মনস্তাত্ত্বিক সমস্যাসমূহৰ ক্ষেত্ৰত প্ৰচলিত কথাসমূহ বিশ্বাস কৰা দেখা যায়। গাঁৱেভূঞে, চহৰেনগৰে এতিয়াও কিমান শিশুক সমাজৰ ভয়ত, পৰিয়ালৰ ভয়ত লুকুৱাই ৰাখিছে বা সমস্যাৰ পৰা পলাই ফুৰিছে তাৰ সঠিক তথ্য নাই।

প্ৰতিজন অভিভাৱকে শিশুটিৰ শাৰীৰিক দিশটোৰ লগে লগে মানসিক জগতখনৰো যত্ন লোৱাটো খুবেই প্ৰয়োজনীয়। শিশু এটিৰ মানসিক জগতখনৰ লগতে বিকাশজনিত সমস্যাসমূহৰ ক্ষেত্ৰত কিবা অসুবিধা দেখিলে সদায় শিশু বিশেষজ্ঞ, ক্লিনিকেল চাইকলজীষ্ট, মনোৰোগ বিশেষজ্ঞৰ লগত যোগাযোগ কৰাটো প্ৰয়োজনীয়। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!