অসমীয়া জাতি আৰু জাত-পাতৰ বিচাৰ!
লেখক- বিদ্যুৎ কুমাৰ ভূঞা
ইণ্টাৰনেট, ডিজিটেল পৃথিৱীত এতিয়া জাত–বিচাৰ চলি আছে। সম্প্ৰতি এই জাত–বিচাৰ বিতৰ্কৰ তুংগত। এনেকুৱা স্পৰ্শকাতৰ বিষয়ত কিবা এটা মত বা মন্তব্য দিবলৈ দহবাৰ ভাবিব লাগে। ছ’চিয়েল মিডিয়াত, মূলতঃ ফেচবুকত একো একোটা বিষয়ে বিতৰ্কৰ ৰূপ লয়। সম্পূৰ্ণ যুক্তিনিৰ্ভৰ বিতৰ্ক কৰিও ভাল লাগে, পঢ়িও ভাল লাগে। পিচে আমি এই সৰ্ববৃহৎ বন্ধুত্বৰ ভাৰ্চুৱেল পৃথিৱীখনত প্ৰায় প্ৰতিটো ‘বিষয়’তে এনে দুটা বিপৰীত মেৰুত বিভক্ত হৈ লওঁ, যেন বি আৰ চোপ্ৰাৰ ‘মহাভাৰত’ ছিৰিয়েলৰ কৌৰৱ–পাণ্ডৱহে। ফেচবুকৰ ‘বন্ধু’ আৰু ‘বন্ধুত্ব’ এনেকুৱা সময়ত আমি কোনেও বিচাৰ কৰিবলৈ ধৈৰ্য ধৰিব নোৱাৰোঁ। দলীয় ৰাজনৈতিক বিষয়ৰ পৰা জাত পৰ্যন্ত প্ৰতিটো বিষয়ত মই মোৰ অনুগামীখিনি বাদ দি, মোৰ একাধিক একাউণ্ট আৰু পেইজ বাদ দি যদি মাত্ৰ পাঁচ হাজাৰ বন্ধুকে ধৰোঁ, প্ৰতিটো বিতৰ্কৰ শেষত মই কেইগৰাকীমান বন্ধুক আনফ্ৰেণ্ড আৰু ব্লক কৰিবলগীয়া হয়। এই কামটো এতিয়া গৈ থৈ বান্দৰে পিঠা ভগোৱা অৱস্থাটোৰ লেখীয়া হৈছেগৈ। কিছুমান সাধাৰণতে সহজ সৰল নীৰৱ নিৰপেক্ষ নিৰুদ্বেগ যেন লগা চৰিত্ৰৰ একোটা বিষয়ত অতি আগ্ৰাসী সৰৱ প্ৰতিক্ৰিয়া এনে পৰ্যায় পায়গৈ যে তেওঁৰ ভিতৰৰ আচল ৰূপটো তেওঁৰ অজ্ঞাতে মোৰ সমুখত সম্পূৰ্ণ উলংগ হৈ ধৰা দিয়ে।
আচল প্ৰসংগলৈ আহোঁ। জাত–বিতৰ্ক চলি থকা সময়ছোৱাত মোৰ মনত পৰিছে সৰুকালতে অসমৰ গ্ৰামাঞ্চলত শুনা আৰু দেখা দুই এটা অভিজ্ঞতা। সকলো নহয়, কিছুমান মানুহৰ ঘৰলৈ অচিনাকি আলহী আহিলে, প্ৰথমেই জ্যেষ্ঠ গৃহস্থই আওপকীয়াকৈ হ’লেও আলহীৰ ‘জাত’টো আৱিষ্কাৰ কৰিবৰ চেষ্টা কৰি সুধিয়েই পেলাইছিল– ‘আলহীৰবা মাহ দলাটো কি?’ এই ‘মাহ দলা’টো হ’ল তাহানিৰ গাঁৱৰ প্ৰায় প্ৰতিঘৰতে থকা মাহ দলিবলৈ ব্যৱহাৰ কৰা ‘জাঁত’খন। ‘জাত’ উদ্ধাৰ নোহোৱা পৰ্যন্ত অতিথিক জা–জলপান বাদেই, চাহ একাপ দিবলৈয়ো থেৰোগেৰো কৰিছিল গৃহস্থই। কোনোবাই চাহ খাবলৈ দিলেও আলহীক স্পৰ্শ নকৰিছিল। আনকি খেনোৱে আলহীক চাহ খোৱা পাত্ৰটো ধুই থৈ যাবলৈ বাধ্য কৰিছিল। মই সৰুতে গাঁৱে গাঁৱে মাছ বেচিবলৈ অহা পোহাৰীৰ ক্ষেত্ৰতো এনে ঘটনা দেখা পাইছিলোঁ যদিও সৰুতে এনে ঘটনাক এক বিষয় হিচাপে লৈ ভবাৰ কথা মনলৈকে অহা নাছিল।
আমোদজনক অভিজ্ঞতা এটা তেতিয়া হৈছিল, যেতিয়া তলৰ জাতৰ মানুহ বুলি ধৰি ওপৰত কোৱাৰ দৰে ব্যৱহাৰ কৰা একেজন গৃহস্থই কোনোবা এঘৰ তেওঁৰ জাততকৈ উৰ্ধৰ মানুহৰ ঘৰলৈ গৈ একেই ব্যৱহাৰৰ মুখামুখি হোৱা দেখা পাইছিলোঁ। মোৰ সৰুৰে পৰাই গাঁৱৰ ধৰ্মীয় আৰু জাত–জাতীয় অনুষ্ঠান বা কাম–কাজৰ প্ৰতি আগ্ৰহ নাছিল, এতিয়াও নাই।
মই সেই পৰ্যায়ৰ প্ৰগতিশীলো নহওঁ যে আমাৰ অসমৰ সমাজ–ব্যৱস্থাত অতীজতে যিবোৰ নীতি–নিয়ম আছিল, সেই সকলো বেয়া বুলি কৈ দিম! এই ক্ষেত্ৰত মই উপলব্ধি কৰোঁ যে অতীতৰ যিবোৰ নীতি–নিয়ম, লোকাচাৰ, পৰম্পৰা আমাৰ সমাজখনত আছিল– সেইবোৰ নিশ্চয় সেই সেই সময়ত প্ৰয়োজনীয় আছিল। আমি পাঁচশ–ছশ বছৰৰ আগৰ অসমীয়া সমাজখন নজনাকৈ শংকৰদেৱৰ নীতি–নিয়মৰ বিশ্লেষণ যিদৰে কৰা অনুচিত, একেদৰে জাত–পাতৰ ক্ষেত্ৰতো হয়তোবা অতীজত বিশেষ কঠোৰতাৰ প্ৰয়োজন আছিল। কিন্তু পৰম সত্য এটাই যে ‘অতীত’ৰ সকলোখিনি আজিৰ অসমীয়া সমাজত যদি প্ৰয়োজনীয় আৰু প্ৰাসংগিক নহয়, তেন্তে তাক সমাজৰ পৰা বিদায় দিব লাগে। যিদৰে তাহানিৰ সতীদাহ প্ৰথা বা নৰবলি প্ৰথা এতিয়া ‘অপৰাধ’ বুলি গণ্য হয়, একেদৰে এই একৈশ শতিকাত বৰ্ণ–বৈষম্য বা জাত–পাতৰ বিচাৰ মানৱ–সমাজৰে পৰিপন্থী।
’হেমকোষ’ৰ ২০১৩ চনৰ সংস্কৰণটো মেলি চালোঁ ‘জাত’ৰ অৰ্থ পুৰণি অসমীয়াই কি বুলি লৈছিল। আচৰিত যে আগৰ ‘হেমকোষ’ৰ কথা নাজানো, কিন্তু মই মেলি লোৱাখনত ‘জাত’ শব্দটোৱেই নাই। কথাটো বৰ তাৎপৰ্যপূৰ্ণ আৰু ইয়াৰ একাধিক দিশ উলিয়াই ল’ব পাৰি। ডঃ মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাৰ সম্পাদনাত ওলোৱা ‘অসম প্ৰকাশন পৰিষদ’ৰ ‘আধুনিক অসমীয়া অভিধান’ৰ দ্বিতীয় সংস্কৰণটো (মাৰ্চ ১৯৮৩) মেলি চালোঁ। ইয়াত আছে এনেকৈঃ “জাত–বি. জাতি; প্ৰকাৰ; গীতৰ সুৰ। বিণ. প্ৰকৃত। ধা. জাত এৰ্– নিজৰ কুল, প্ৰকৃতি বা ধৰ্ম পৰিত্যাগ কৰ্; বিজতৰীয়া হ। বি. জাতক– জন্ম হোৱাজন। বি. জাত–কৰ্ম– সন্তান জন্মৰ সময়ৰ সংস্কাৰ–কৰ্ম।”
কিন্তু গুৰুত্বপূৰ্ণ কথা যে এইখন অভিধানতে ‘জাত’ৰ তলতে থকা ‘জাতি’ শব্দৰ লগত দিয়া অৰ্থৰ মাজতে ‘জাতিচ্যুত’ শব্দটোও আছে, যাৰ অৰ্থ দিয়া হৈছে– “নিজ জাত বা সমাজৰ পৰা বহিষ্কৃত। জাতি–ধৰ্ম– কুলৰ ৰীতি অনুসাৰে কৰিবলগীয়া আচৰণ।” ইয়াৰ লগতে উল্লেখ আছে আন কেইটামান শব্দ– জাতি–বিদ্বেষ, জাতি–ভেদ আৰু জাতি–ভ্ৰষ্ট। অৰ্থাৎ এইকেইটা শব্দও আমাৰ জাত–জাতিৰ সৈতে সম্পৃক্ত হৈ আছে। আমোদজনক কথাটো হ’ল– ইয়াৰ পিছতে আছে আন এটা বিপৰীত অৰ্থৰ শব্দ– জাতি–বৰ্ণনিৰ্বিশেষে’। ইমানেইনে? নহয়, আৰু দুটামান শব্দই আমাক অসমত জাত–পাতৰ বিচাৰৰ বিষয়টো কোন পৰ্যায় পাইছেগৈ, তাৰো স্পষ্ট ইংগিত দিয়ে। যেনেঃ জাত্যান্তৰ– আন জাতি, জাতিভ্ৰষ্ট, জাত্যভিমান– উচ্চ জাতিত জন্ম পোৱা বুলি কৰা অহংকাৰ।
পুৰণিকালৰ কোনো নিনাও বিহুৱাৰ বিহুনামত চেনাইক নিজৰ কৰি ল’বলৈয়ো প্ৰধান বাধা আছিল জাত–কুলৰ বিষয়টোৱেই– ‘কি কৰিব কলিতা কুলে’ বুলি এই সংকীৰ্ণ জাত্যভিমানৰ বিপৰীতে প্ৰতিবাদো আছিল।
সাংস্কৃতিক সমৃদ্ধিশালী এটা জাতি হিচাপে আমি এতিয়া বৃহৎ ‘অসমীয়া জাতি’ হোৱা দৰকাৰ। এটা মাত্ৰ উদাহৰণ দিবলৈ মন গৈছে। আধুনিক অসমীয়া সংস্কৃতিৰ কথা ক’লে আমি তিনিজন প্ৰাতঃস্মৰণীয় ব্যক্তিৰ নাম একেলগে লওঁ। এজন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা (মাৰোৱাৰী), এজন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (বড়ো) আৰু এজন নটসূৰ্য ফণী শৰ্মা (ব্ৰাহ্মণ)। লগতে এই ত্ৰিমূৰ্তিৰ উপযুক্ত প্ৰসাৰণ ভূপেন হাজৰিকা (কৈৱৰ্ত)। এওঁলোকৰ চিন্তা–চেতনাত জাত–পাতৰ বাবে এবিন্দুও ঠাই আছিলনে? ইয়াতকৈ অসমীয়া জাতিটো জাত–পাতৰ উৰ্দ্ধলৈ যাবলৈ আন কিবা বলিষ্ঠ উদাহৰণৰ প্ৰয়োজন আছেনে?
কিন্তু ২০২২ চনত অসমীয়া সমাজৰ জাত–কুলৰ জুই যিদৰে জ্বলিব ধৰিছে, ই গোটেই অসমীয়া জাতিটো আৰু সমাজখনৰ বাবেই শুভ নহয়। জাতিটোৰ বৰ সংকীৰ্ণ ৰূপ এটা প্ৰকট হৈ পৰিছে। অন্ততঃ আজিৰ নতুন প্ৰজন্মই এনেবোৰ জাত–পাতৰ উৰ্দ্ধলৈ গৈ এই ধৰণৰ কিছুমান এলান্ধুকলীয়া চিন্তা এতিয়া আঁতৰাই দিয়াৰ সময় আহিছে। অপ্ৰীতিকৰ ঘটনাকেইটা আমি ৰোধ কৰিব নোৱাৰিলেও ইয়েই আমাক ভৱিষ্যতৰ বাবে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ পাঠ দিয়ক। শেষত ভূপেন হাজৰিকাৰ এটি বৰ অৰ্থময় গীতৰ দুটিমান শাৰী এই প্ৰসংগতে যেন অধিক প্ৰাসংগিক হৈ মোৰ মনলৈ আহিছে–
“অসমবাসী এমুঠি মানুহ
তাতে যদি হয় নানান প্ৰভেদ,
সামূহিক মংগল হয় মষিমূৰ
উমি উমি থাকে যদি
ক্ৰোধ আৰু জেদ,
সকলোৱে শান্তিৰে কৰা আলচ
ৰিক্ত মনক কৰা পূৰ্ণ।”