হৰ্ষদ সংখ্যা আৰু গণিতানন্দ

লেখক- উচ্চজিত দশগিৰি

গণিতৰ প্ৰাথমিক কালৰ প্ৰশ্নবোৰত ৫০ সংখ্যাটোনো কিয় ইমানকৈ ব্যৱহাৰ হয়ভগ্নী সঙ্গীতাই মোক প্ৰশ্ন কৰিলে। 

হয়তো! কিয় জানো ৫০ সংখ্যাটোৰ প্ৰতি কিছু প্ৰেমযেন সকলো গণিতপ্ৰেমীৰে আছে।

কাৰণবোৰ চাগৈ এয়া 

গণিতপ্ৰেমীৰ কৈশোৰৰ প্ৰথম প্ৰেম ৫০। ইয়ে সেই আটাইতকৈ সৰু স্বাভাবিক সংখ্যা যাক দুই বেলেগ বেলগ উপায়ে অন্য দুটা অশূন্য বৰ্গসংখ্যাৰ যোগফল হিচাপে পোৱা যায়।

১ৰ বৰ্গ + ৭ৰ বৰ্গ = + ৪৯ = ৫০

৫বৰ্গ + ৫ৰ বৰ্গ = ২৫ + ২৫ = ৫০

আকৌ ৫০ক তিনিটা অশূন্য বৰ্গসংখ্যাৰো যোগফল হিচাপে পোৱা যায়। 

৩ৰ বৰ্গ+৪ৰ বৰ্গ + ৫ৰ বৰ্গ = + ১৬ + ২৫ = ৫০

আকৌ ইয়াক চাৰিটা অশূন্য বৰ্গসংখ্যাৰো যোগফল হিচাপে পোৱা যায়।

১ৰ বৰ্গ + ২ৰ বৰ্গ + ৩ৰ বৰ্গ + ৬ৰ বৰ্গ = +   + + ৩৬ = ৫০

গতিকে যিহেতু পৰীক্ষাত প্ৰশ্ন তৈয়াৰ কৰাসকল গণিতৰ উচ্চশিক্ষাপ্ৰাপ্ত ব্যক্তিয়ে হয়, সেয়ে তেওঁলোকে অৱচেতনৰ ফালৰপৰা নিজৰ প্ৰথম প্ৰেমক এনেকৈ প্ৰশ্নৰ মাজত স্থান দি শ্ৰদ্ধা তথা চেনেহ প্ৰদান কৰে চাগৈ।

পিছলৈ আমাৰ ভাৰতৰে মাৰাঠী গণিতবিদ দত্তাত্ৰেয় ৰামচন্দ্ৰ কাৰ্পেকাৰেহৰ্ষদ সংখ্যাবুলি এলানি সংখ্যাৰ নামকৰণ কৰে যাক বিশ্বৰ গণিত জগতে আদৰি লৈছে। হৰ্ষদ শব্দ সেই সংস্কৃত হৰ্ষ শব্দৰপৰাই দিয়া হৈছে যি মানে আনন্দ। 

আৰু ৫০ হৈছে এটা হৰ্ষদ সংখ্যা। অৰ্থাৎ এই সংখ্যাটোত থকা অংকবোৰৰ যোগফলেৰে সংখ্যাটো পূৰ্ণবিভাজিত আৰু সেয়ে এইবোৰ সংখ্যাক আনন্দদায়কহৰ্ষদ সংখ্যাবুলি অভিহিত কৰিছিল কাৰ্পেকাৰে। এই সংখ্যাবোৰে আমাক গণিতৰ প্ৰতি আনন্দ দিয়ে, সেয়ে এই নাম।

হৰ্ষদ সংখ্যাক পশ্চিমীয়া গণিতজ্ঞ ইভান নিভেনেও পিছলৈ ১৯৭৭ চনত সংজ্ঞায়িত কৰিছিল আৰু তেওঁৰ নামেৰেনিভেন সংখ্যাবুলি নামকৰণ কৰে।

কিন্তু যিহেতু দত্তাত্ৰেয় ৰামচন্দ্ৰ কাৰ্পেকাৰ এগৰাকী বিদ্যালয় শিক্ষকহে আছিল আৰু প্ৰথমতে তেওঁৰ তত্বত ভাৰতৰে কোনেও সিমান গুৰুত্ব দিয়া নাছিল, সেয়ে পশ্চিমীয়া বিশ্বইহৰ্ষদ সংখ্যাৰ বিষয়ে যে ভাৰতত আগতে কোনোবাই গৱেষণা কৰিছে গম পোৱা নাছিল। ১৯৭৫ চনত যেতিয়া আমেৰিকাৰ জনপ্ৰিয় গণিতবিদ মাৰ্টিন গাৰ্ডনাৰে তেওঁৰ বিষয়ে আমেৰিকাত লিখে তেতিয়া বিশ্বই কাৰ্পেকাৰক সসন্মানে গ্ৰহণ কৰি তেওঁ দিয়া শব্দহৰ্ষদ সংখ্যাকসাদৰেৰে গ্ৰহণ কৰে আৰু নিভেনৰ আগতেই যে তেওঁ এই সংখ্যাৰ তত্ব আগবঢ়াইছিল সেয়া মানি লয়।

গণিত মানে কেৱল ইংৰাজী আৰু আমেৰিকাইংলেণ্ড নহয়। 

গণিতত ভাৰত নিজাকৈ আগবঢ়া। ইংৰাজী ভাষাতহে গণিত পঢ়ে বোলে আকৌ। 

দত্তাত্ৰেয় ৰামচন্দ্ৰ কাৰ্পেকাৰে আকৌ ১৯২৭ চনত আমাৰে অসমৰ কটন কলেজত পঢ়িছিল। অসমৰ বাবেও গৌৰৱ নহয়নে। 

কাৰ্পেকাৰক চেনেহতে তেওঁৰ অনুগামীসকলেগণিতানন্দবুলিও কয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!