হাফলং নামঘৰ

লেখক- প্ৰণামিকা অধিকাৰী

  ১৯৮৩ চনত তদানীন্তন কেইগৰাকীমান দূৰদৰ্শী সমাজ সচেতন ব্যক্তিৰ আশাশুধীয়া চেষ্টাত গঢ়ি উঠিছিলহাফলং নামঘৰ’’ হাফলঙত বাস কৰা সকলো অসমীয়াভাষী লোক চাকৰিসূ্ত্ৰে ইয়ালৈ আহে আৰু অৱসৰ বা বদলিকৰণ কৰা হলে ইয়াৰ পৰা যায়গৈ। বহুবছৰ আগতেই নিগাজিকৈ বসবাস কৰিবলৈ লোৱা বা ইয়াৰে কোনো পৰিয়ালৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰা মাত্ৰ কেইঘৰমান মানুহৰ বাদে আন অসমীয়াভাষী অসমীয়া ইয়াত নিগাজিকৈ নাই। তথাপিও, হাফলঙত এখন অসমীয়া সমাজ আছে, থাকিব। এই সমাজখনৰ মিলনস্থলী হিচাপে পৰিগণিত হৈ আছে, আৰম্ভণিতে উল্লেখ কৰা সমাজ সচেতন ব্যক্তিসকলৰ চেষ্টাত গঢ় লৈ উঠাহাফলং নামঘৰ’’ 

  হাফলং নামঘৰৰ চৌহদত নামঘৰ গৃহক বাদ দি কেইবাটাও অতিথিশালা, আলোচনা গৃহ, কলাকৃষ্টি বিকাশ কেন্দ্ৰ, কাৰ্যালয় গৃহ, ৰান্ধনী ঘৰ, সাহিত্য সভা ভৱন আৰু এখন চোতাল, ত ভোজভাত খাবলৈ বাৰে বাৰে ৰভা দিয়াৰ সমস্যা নোহোৱা কৰিবলৈ টিনপাতেৰে স্থায়ীভাৱে ঢাকি দিয়া হৈছে। 

  দুজনা গুৰুৰ আৱিৰ্ভাৱ তিথি, তিৰোভাৱ তিথি, তিনিওটা বিহু, দৌল উৎসৱ, ৰাসপূৰ্ণিমা আদি পালন কৰাৰ উপৰি প্ৰতি বছৰে ৭ আগষ্ট তাৰিখৰ নামঘৰ প্ৰতিষ্ঠা দিৱসটি কেবাদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ভাদ মাহৰ প্ৰতি দিনেই নামকীৰ্তন কৰা হয়। প্ৰতিষ্ঠা দিৱস আৰু ৰাসত ভাওনা অনুষ্ঠিত কৰা হয়। পুৰুষ বা মহিলা কোনো এটা দলে এই ভাওনাত অংশ লয়। 

নামঘৰটিৰ এখন সংবিধান আছে। সেইমতে, প্ৰতিবছৰে পৰিচালনা সমিতি নিৰ্ধাৰণ কৰা হয়। উপস্থিত ৰাইজৰ মুকলি মত বিনিময়ৰ যোগেদি সমিতি গঠন কৰা হয়। কাৰ্যকাল এবছৰীয়া। প্ৰতিষ্ঠা দিৱসৰ দিনাই পুৰণি সমিতিয়ে নৱনিৰ্বাচিত সমিতিৰ হাতত কাৰ্যভাৰ অৰ্পণ কৰে। পৰিচালনা সমিতিয়ে নামঘৰীয়াক মাননি দিয়াৰ পৰা অতিথিশালাসমূহ চোৱাচিতা, অৰ্থ সংগ্ৰহ, বছৰটোৰ তিথি উৎসৱ আদিৰ তদাৰক কৰে। 

হাফলং নামঘৰে সময়ে সময়ে সত্ৰীয়া নৃত্য গীত বাদ্য আৰু বিহুৰ কৰ্মশালা আয়োজন কৰে। বিহুৰ কৰ্মশালাত বিহু কমিটিয়ে আগভাগ লয়। নামঘৰৰ বছৰেকীয়া মুখপত্ৰথাপনা’’ প্ৰথম সম্পাদক ধৰ্মেশ্বৰ দুৱৰাই কেইবাটাও সংখ্যা উলিওৱাৰ পিছত ইয়াৰ ধাৰাবাহিকতা হেৰাই গৈছিল যদিও ৰূপালী জয়ন্তী বৰ্ষৰ পৰাথাপনা’’ প্ৰতিবছৰে প্ৰকাশিত হৈ আহিছে। হাফলং নামঘৰে প্ৰতিবছৰে জিলাখনৰ কৃতী শিক্ষাৰ্থীক সন্মান যাঁচি আহিছে। অন্যান্য বিষয়তো আৰ্থিক সাহায্য প্ৰয়োজনসাপেক্ষে দিয়া হয়। 

নামঘৰৰ চৌহদত আছেসাহিত্য সভা ভৱন’’ বৰ্তমান সাহিত্য সভাৰ কামকাজ কিছু স্থবিৰ যদিও কেইবছৰমান আগলৈ সাহিত্য সভা ভৱনত প্ৰতি শনিবাৰে আবেলি তিনিবজাৰ পৰা পাঁচবজালৈ স্বৰচিত সাহিত্য পাঠৰ অনুষ্ঠানঅন্তৰংগ আলাপ’’ অনুষ্ঠিত হৈছিল আৰু নিৰ্বাচিত লেখাৰে প্ৰতি দুমাহৰ অন্তত ক্ষুদ্ৰ আলোচনীশিলালিপি’’ প্ৰকাশ কৰা হৈছিল। শিলালিপিৰ খৰচ উলিওৱা হৈছিল আলাপৰ মাজত থোৱা ঢাকনিত ফুটা থকা টেমাটোত প্ৰতি আলাপতেই যাৰে যি মন যায় সুমুৱাই থোৱা পইচাৰে। 

হাফলং নামঘৰৰ সমাজখনৰ এটা অতি লক্ষণীয় দিশ হ, সময়ানুৱৰ্তিতা। প্ৰতিগৰাকী চাকৰিয়াল ব্যক্তিয়ে সকলো ব্যস্ততাৰ মাজতো সেয়ে নামঘৰৰ সমাজখন সুচাৰুৰূপে ধৰি ৰাখিব পাৰিছে, যিখন সমাজৰ একালৰ এক ক্ষুদ্ৰ অংশ হিচাপে থাকি, ইয়াৰ পৰা আঁতৰি যোৱাৰ পিছতো নামঘৰৰ সমাজখনক পাহৰিব নোৱাৰোঁ। মনে টানে বাৰে বাৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!