লেখক- সাহিত্য ডট অৰ্গ

সাহিত্য ডট অৰ্গৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল Sikkim Manipal Institute of Medical Sciences ৰ Central Referral Hospital ত, শিশু বিভাগত ‘Psychiatry Social Worker’ হিচাপে কৰ্মৰত নাং মৌচুমী ফুকনক। শিশুসকলৰ বাঢ়ি অহা বয়সত হোৱা সমস্যাসমূহৰ লগতে বিশেষভাৱে সক্ষম শিশুসকলৰো সামগ্ৰিক উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰা নাং মৌচুমী ফুকনেদৈনিক অসম‘, ‘নিয়মীয়া বাৰ্তা‘, ‘আমাৰ অসম‘, ‘মহাবাহুইত্যাদি বাতৰি কাকতত প্ৰকাশিত লেখাসমূহৰ দ্বাৰা শিশুসকলৰ মনস্তাত্বিক দিশ সম্পৰ্কীয় বিভিন্ন আলোচনা কৰি বিদ্বৎ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে। শিশুসকলৰ মনস্তাত্বিক সমস্যাসমূহৰ সমাধানৰ হেতু বিভিন্ন আলোচনাৰ পোষকতা কৰা নাং মৌচুমী ফুকনৰ সৈতেসাহিত্য ডট অৰ্গৰ হৈ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে আলোচনীখনৰ এই মাহৰ সহসম্পাদক শ্ৰীজ্যোতিস্মিতা দেৱী, শ্ৰীবিকাশ দত্ত আৰু শ্ৰীঅভিজিত দত্তই। সহসম্পাদক শ্ৰীজ্যোতিস্মিতা দেৱী আৰুঅসমীয়াত কথা বতৰাগোটৰ সদস্য ক্ৰমে শ্ৰীতুষাৰ ৰঞ্জন কাশ্যপ আৰু শ্ৰীঅভিজিত দত্তই উক্ত সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছেঅসমীয়াত কথা বতৰাৰ সদস্য শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰে। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰীবিকাশ দত্তই। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছেঅসমীয়াত কথা বতৰাৰ আন দুগৰাকী সদস্য ক্ৰমে ডঃ মনোজমন কলিতা আৰু ডঃ দ্বীপজ্যোতি বৰাই।

সাহিত্য ডট অৰ্গ: আজিৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটিত উপস্থিত থকাৰ সন্মতি জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। শিশুসকলে সততে সন্মুখীন হোৱা কেতবোৰ সমস্যাৰ সমাধান বিচাৰি আপোনাৰ সৈতে কথা পাতিবলৈ ওলাইছোঁ। 

সাহিত্য ডট অৰ্গ: কেতবোৰ শিশুৰ মাত ফুটাত অধিক সময়ৰ আৱশ্যক হয়। এনেবোৰ শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰতো বিলম্ব হোৱাৰ সম্ভাৱনা থাকে নেকি সেই বিষয়ে আমাক অলপ জনাবনে?’

নাং মৌচুমী ফুকন: প্ৰথমতে আমি জানিব লাগিব শিশুটিৰ কথা কোৱাত কিয় পলম হৈছে কেতিয়াবা দেখা যায় যে লৰাছোৱালীয়ে শব্দবোৰ কয় বা দেখুৱাই দিয়ে। কিন্তু বাক্য এটা সম্পূৰ্ণকৈ কব নোৱাৰে বা মানুহৰ সৈতে যোগাযোগ কৰাত তেওঁলোকৰ অসুবিধা হয়। আনহাতে যদিহে শিশুটিৰ ঘৰত দুটা ভাষা ব্যৱহাৰ কৰা হয়, তেতিয়া সিহঁতৰ আউল লাগে আৰু তেনেস্থলতো কেতিয়াবা শিশুৰ কথা কোৱাত পলম হব পাৰে৷ ইয়াৰ লগতে আনুসাংগিক আন কিছুমান কাৰণো থাকে; যেনে, অটিজিম, ডিএইছডি আদিৰ বাবেও কোনো কোনো শিশুৰ কথা কোৱাত পলম হব পাৰে৷ তেতিয়া আমি প্ৰথমতে সি কথা কোৱাত পলম হোৱাৰ প্ৰকৃত কাৰণটো জানি লব লাগিব৷ সেয়াক্লিনিকেল চাইকজিষ্টএগৰাকীয়ে বিশ্লেষণৰ দ্বাৰা নিৰূপণ কৰি লব পাৰে। তাৰ ভিত্তিতহে ভৱিষ্যতে হব পৰা অসুবিধা আৰু চিকিৎসাৰ বিষয়ে কব পৰা যায়। শিশু এটিৰ কথা কোৱাত যেতিয়া পলম হয়, তেতিয়া শিশুটিৰ শ্ৰৱণ শক্তিৰো পৰীক্ষা কৰা আৱশ্যক। ওঠৰ(১৮) মাহ বয়সলৈকে যদি শিশুটিয়ে এটা বাক্যও নকয় বা চৌব্বিশ(২৪) মাহ বয়সলৈকে যদি অতি কমেও শিশুটিয়ে দহটা শব্দ নকয় বা দহটাতকৈ কম কয়, তেতিয়া শিশুটিক পৰীক্ষা কৰাটো আৱশ্যকীয়। আনহাতে যদিহে শিশুটিয়ে কথা শুনে কিন্তু তাৰ পিছতো কথা নকয় তেতিয়া শিশুটিৰ এক মনস্তাত্বিক বিশ্লেষণ কৰা উচিত। এনেবোৰ পৰীক্ষানিৰীক্ষাৰ অন্তত শিশুটিৰ ভৱিষ্যতৰ পৰিস্থিতিৰ বিষয়ে অনুমান কৰিব পৰা হয়৷

সাহিত্য ডট অৰ্গ: আজিকালি বহু শিশুক দুইআঢ়ৈ বছৰ বয়সৰ পৰাই স্কুললৈ পঠিওৱা হয়। তেনে ক্ষেত্ৰত আপোনাৰ অভিমত বা পৰামৰ্শ কি?

নাং মৌচুমী ফুকন: এই ক্ষেত্ৰত মই দুটা বিষয়ৰ ওপৰত কথা কব লাগিব। আচলতে আজিকালি বেছিভাগ পৰিয়ালেই একক পৰিয়াল৷ মাকদেউতাক দুয়ো যদি চাকৰিয়াল হয়, তেতিয়া শিশুটিক কাম কৰা মানুহৰ হাতত থৈ যোৱা দেখা যায়৷ সেই সময়ত বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে ঘৰৰ কাম কৰা মানুহগৰাকীয়ে শিশুটিকমোবাইলফোনটোকে দি ব্যস্ত কৰি ৰাখে৷ এতিয়া, যদি ঘৰত কোনো মানুহ নাথাকে তেতিয়া শিশুটিক আঢ়ৈ বছৰমান বয়সৰ পৰাপ্লেগ্ৰুপত দিব পাৰে৷ কিন্তু তাৰ পৰিৱেশটোত আমি চকু দিয়াটো বাঞ্ছনীয়। তেওঁলোকৰ পৰা শিশুটিয়ে কি শিকিছে, শিশুটিৰ বিকাশ কেনেদৰে হৈছে, বেলেগৰ লগত শিশুটিয়ে কেনেদৰে ব্যৱহাৰ কৰিছে, লগৰীয়াৰ লগত কথা পতাত সি আগ্ৰহী হয় নে নহয়, এনেবোৰ কথা আমিপ্লেগ্ৰুপৰ স্কুলৰ শিক্ষকৰ লগত আলোচনা কৰাটো প্ৰয়োজনীয়৷ দ্বিতীয়তে দুই বা আঢ়ৈ বছৰৰ পৰা স্কুলত দিলে শিশু এটাই স্কুলৰ পৰিৱেশৰ লগত অভ্যস্ত হবলৈ শিকে৷ নিয়ম মতে পাঁচ বছৰত শিশু এটাই ক্লাছ ওৱান পাব লাগে৷ কিন্তু পাঁচ বছৰত প্ৰথম স্কুললৈ যোৱা শিশু এটাৰ স্কুলৰ পৰিৱেশৰ লগত সহজ হোৱাত কেতিয়াবা সমস্যাৰ সৃষ্টি হয়৷ তেতিয়া শিশুটিয়ে ভয় খোৱা দেখা যায়৷ প্ৰথমে যেতিয়া কোনো শিশুকপ্লে গ্ৰুপত দিয়া হয়, তেতিয়া তাত খেলাধুলাহে হয় আৰু সিহঁতৰ তেতিয়া পঢ়াৰ কোনো দায়িত্ব নাথাকে যদিও স্কুলীয়া পৰিৱেশটোৰ লগত সিহঁত সহজ হৈ পৰে৷ আনহাতে কথা কোৱাত পলম হোৱা শিশুকো সোনকালে স্কুলত নাম লগাই দিবলৈ আমি পৰামৰ্শ দিওঁ। তেতিয়া সমনীয়াৰ লগত থাকি কথা পাতিবলৈ সি চেষ্টা কৰিব আৰু বাকী আচাৰব্যৱহাৰৰ ক্ষেত্ৰতো তাৰ কিবা সমস্যা আছে নেকি, সেইখিনি কথাও আমি জানিব পাৰোঁ।  

সাহিত্য ডট অৰ্গ: কিছুমান শিশু অতি সংবেদনশীল হয়৷ কোনো পৰিৱেশ বা কোনো ব্যক্তিৰ পৰা পাব পৰা অনাকাংক্ষিত ক্ৰিয়াপ্ৰতিক্ৰিয়াক সহজে গ্ৰহণ কৰিব পৰাকৈ সিহঁতক কেনেদৰে মানসিকভাৱে সাজু কৰি তুলিব পাৰা যায়?

নাং মৌচুমী ফুকন: এই সমস্যাটো কভিডৰ সময়ৰ পৰা বেছিকৈ হোৱা দেখা গৈছে৷ সেই সময়খিনিত ঘৰৰ ভিতৰতে সোমাই থকা বাবে পৰিস্থিতি সাধাৰণ হোৱাৰ পাছতো শিশুসকলৰ বাবে ঘৰৰ বাহিৰৰ পৰিৱেশত অৱস্থান কৰাৰ ক্ষেত্ৰত কেতবোৰ অসুবিধাৰ সৃষ্টি হৈছে৷ কিন্তু যদিহে শিশু এটিয়ে কোনো এজন বিশেষ ব্যক্তি বা বিশেষ পৰিৱেশৰ লগত সহজ হব নোৱাৰে তেতিয়া সেয়া কিন্তু লক্ষ্য কৰিবলগীয়া বিষয় হয়। তেতিয়া আমি জানিব লাগিব সেই বিশেষ ব্যক্তিজনৰ পৰা শিশুটিয়ে কিবা অসুবিধা পাইছে নেকি বা সেই বিশেষ ব্যক্তিজনে শিশুটিক কিবা বেয়াকৈ কৈছে নেকি। এই কথাবোৰ প্ৰথমতে শিশুটিৰ পৰা জানিবলৈ চেষ্টা কৰিব লাগে৷ কেতিয়াবা কিবা কামৰ বাবে আমি সিহঁতক জোৰ কৰিলেও কেতিয়াবা সিহঁতৰ সমস্যাৰ সৃষ্টি হয়। আচলতে শিশুৰ মনৰ সমস্যাবোৰ আমি বহু সময়ত বুজিবলৈ চেষ্টা নকৰোঁ৷ কিন্তু এনে প্ৰচেষ্টা আমি কৰিব লাগে। সিহঁতক লাহে লাহে পৰিয়ালৰ আন লোকসকলৰ মাজলৈ নিব লাগে বা বন্ধুৰ সমাগমৰ মাজলৈয়ো সিহঁতক লৈ যোৱাৰ অভ্যাস কৰিলে আৰু লগতে সিহঁতৰ বয়স অনুযায়ী কিছুমান দায়িত্ব দিলেও লাহে লাহে সিহঁতৰ মনৰ পৰা ভয় ভাবটো নোহোৱা হবলৈ ধৰিব আৰু সিহঁতৰ আত্মবিশ্বাস বাঢ়িবলৈ লব৷ তেতিয়া সিহঁতক প্ৰশংসা কৰিব লাগে। তাৰ ফলত শিশুৰ মনবোৰ প্ৰফুল্লিত হৈ মুকলি হয়। পৰিস্থিতিৰ লগত সহজ হোৱাত এইবোৰ কথাই সহায় কৰে৷ তাৰ বিপৰীতে যদি আমি ভয় কৰে বুলিয়েই মানুহৰ সমাগমলৈ শিশুক লৈ নাযাওঁ বা আমিও আঁতৰি থাকোঁ তেতিয়া এনেবোৰ সমস্যা বাঢ়ি যোৱাহে দেখা যায়৷ কেতিয়াবা আকৌ শিশু এটিয়ে কোনো কাৰণ নোহোৱাকৈয়ে বাহিৰলৈ যাবলৈ মন নকৰে৷ সেই সময়ত আমি যদি সিহঁতক অলপ ফুচুলাই হলেও লৈ যাওঁ তেতিয়া সিহঁতে উভতি আহি সিহঁতৰ ভাল লগা অনুভৱবোৰৰ সম্পৰ্কে কিছু কথা নিশ্চয় ব্যক্ত কৰিবহি। কেতিয়াবা কোনো লৰা বা ছোৱালী অন্তৰ্মুখীও হয়৷ সেয়াও বহু সময়ত পৰিৱেশৰ ওপৰতে নিৰ্ভৰ কৰে। যেনে সেই শিশুটোৰ ঘৰলৈ মানুহৰ আহযাহ কেনেকুৱা বা ঘৰৰ মানুহবোৰে শিশুটিৰ লগত কিমান কথাবতৰা পাতে, সেইবোৰ কথাতো আমি গুৰুত্ব দিয়াটো আৱশ্যক। গতিকে কেতিয়াবা মানুহৰ সমাগমলৈ লৈ যোৱা, পাৰ্ক আদি মুকলি ঠাইলৈ লৈ যোৱা আদি কামবোৰ কৰি শিশুসকলক বহিৰ্মুখী কৰি তুলিব পৰা যায়।

সাহিত্য ডট অৰ্গ: বহু শিশু খঙাল বা আক্ৰমণাত্মক হোৱাও দেখা যায়৷ তাৰ বিপৰীতে কিছুমান শিশু অতিকৈ ভয়াতুৰ হয়। কেতিয়াবা কিছুমান বিশেষ বস্তুৰ প্ৰতি শিশুসকলৰ সাংঘাতিক ধৰণৰ ভয় একোটা সোমাই থকা দেখা যায়৷ জোৰকৈ বলা বতাহ বা বৰষুণ দেখিও ভয়ত কান্দিকাটি লেবেজান হৈ পৰা শিশুও আমি লগ পাওঁ। এনেবোৰ সমস্যাৰ সমাধান কেনেদৰে সম্ভৱ হব পাৰে?

নাং মৌচুমী ফুকন: এই ক্ষেত্ৰত ঘৰখনৰ ভূমিকা মন কৰিবলগীয়া৷ যদি শিশুটিয়ে খঙত কিবা বস্তু দলিয়ায় বা কাৰোবাক মাৰে, অভিভাৱকসকলে শিশুটিক সুধি তাৰ কাৰণটোনো কি, সেয়া জানিবলৈ চেষ্টা কৰা উচিত। আনহাতে, যদি শিশুটিৰ খং উঠা বাবে অভিভাৱকজনৰো খং উঠে, অভিভাৱকজনে সেই ঠাই তৎক্ষণাত পৰিত্যাগ কৰাহে উচিত। যদিহে শিশুটি শান্ত নহয়, তেতিয়া শিশুটিক অলপ সময় দিয়াটো আৱশ্যক। শিশুটিক তিৰস্কৃত কৰিলে হিতে বিপৰীতহে হব। আচলতে অভিভাৱকসকলে শিশুটিৰ মনৰ অৱস্থাটো বুজি পোৱাটোহে অধিক জৰুৰী।

এইখিনিতে মই আন এটা কথা উনুকিয়াব খুজিছোঁ। সিহঁতক ভূত বা কিবা অচিন শক্তিৰ কথা কৈ আমি আমাৰ অভীষ্ট সিদ্ধি কৰিবলৈ কেতিয়াবা চেষ্টা কৰোঁ। পিছে এনেধৰণৰ কথাবোৰ কোৱাতকৈ শিশুটিৰ দেহ সম্পৰ্কীয় উন্নতিৰ কথা কৈ শিশুটোক আমি মানসিকভাবে সহায় কৰিব পাৰোঁ। উদাহৰণ স্বৰূপে শিশুটোৱে ভাত নাখালে তাক ভূতৰ ভয় দেখুওৱাতকৈ ভাত খালে যে তাৰ শক্তি বৃদ্ধি হ, সেই কথাটো কোৱাহে যুগুত।

আকৌ বৰষুণ বা বতাহ ভয়ৰ কাৰণ বুলি কলে আমি বুজিব লাগিব যে তেনেদৰে কোৱা শিশুটি অলপ বেছি স্পৰ্শকাতৰ।  কিছুমান শিশু অত্যাধিক স্পৰ্শকাতৰ হয়৷ যেনে, ‘অটিজিমত ভোগা শিশুৱে প্ৰেচাৰ কুকাৰৰ হুইচেলৰ শব্দ বা এ চি চলা শব্দ শুনিলেও কাণত হাত দিয়ে। তেনে সময়ত সেই সমস্যাটো সাধাৰণ শিশুতকৈ বেলেগ হৈ পৰে। তেওঁলোকৰ হয়তোচেঞ্চৰৰ কিছু সমস্যা থাকে৷ যদিহে শিশুটিয়ে বহুত বেছি সমস্যা পাইছে তেন্তে সেইটো পৰিৱেশলৈ তাক নিবই নালাগে। কিন্তু সাধাৰণ বৰষুণ হলেই বা বতাহ মাৰিলেই যদি সি ভয় কৰে তেন্তে লাহে লাহে তাক সত্যটো বুজাই দিলে ভয়টো নিশ্চয় আঁতৰি যাব৷

সাহিত্য ডট অৰ্গ: কেতিয়াবা কিছুমান শিশুৱে ঘৰৰ ভিতৰত আৰু ঘৰৰ বাহিৰত সম্পূৰ্ণ বিপৰীত ধৰণৰ আচৰণ কৰা দেখিবলৈ পোৱা যায়৷ ইয়াৰ কাৰণ কি হব পাৰে?

নাং মৌচুমী ফুকন: শিশুৰ অভ্যাসবোৰ সাধাৰণতে দুবছৰমানৰ ভিতৰতে গঢ় লৈ উঠে আৰু দহ বছৰ বয়সলৈকে থকা অভ্যাসবোৰেই ডাঙৰ হোৱালৈকে থাকি যায়৷ একমাত্ৰ সন্তান হোৱা হেতুকে বহু সময়ত বহু অভিভাৱকে এনে ধৰণৰ সমস্যাবোৰ আওকাণ কৰাও দেখা যায়। বাহিৰলৈ ওলাই গলে আন শিশুৰ ব্যৱহাৰৰ লগত তুলনা কৰিলেহে কোনো শিশুৰ পৃথক স্বভাৱবোৰ আমাৰ চকুত পৰে৷ যেতিয়া আনে কব যে এই লৰাটো বা ছোৱালীজনী ইমান উৎপতীয়া, তেতিয়াহে কথাবোৰ অনুভৱ কৰিব পৰা যায়৷ আকৌ লৰাছোৱালীক যেতিয়া অভিভাৱকে আনৰ লগ লবলৈ নিদিয়ে, বেছিভাগ সময় ঘৰৰ ভিতৰতে সুমুৱাই থৈ দিয়ে, তেতিয়াও সিহঁতে এদিন বাহিৰৰ মুকলি পৰিৱেশ পালে উৎপাত কৰিবলৈ আৰম্ভ কৰে৷ মূলতে ঘৰখনৰ পৰিৱেশেই শিশু এটিৰ আচৰণত যথেষ্টখিনি প্ৰভাৱ পেলায়৷ এইখিনিতে এটা উদাহৰণ দিব বিচাৰিছোঁ। কেতিয়াবা কোনো লৰা বা ছোৱালীয়ে ঘৰৰ কাৰোবাক শাৰিৰীকভাৱে আঘাত কৰিলে বা কিবা বেয়া কথা কলে বা এনে ধৰণৰ কিবা এটা বেয়া কাম কৰিলে সিহঁতক অভিভাৱকে একো নকয়৷ বহুতে আকৌ এনেদৰে হে কয়, “সৰু হৈ আছে কাৰণেই সি এনেকুৱা কৰিছে, ডাঙৰ হলে ঠিক হৈ যাব৷কিন্তু যেতিয়া স্কুলৰ শিক্ষকে বা বাহিৰৰ তৃতীয় ব্যক্তি এজনে কৈ দিয়ে যে লৰাটোৱে এনেকুৱা কৰিছে, তেতিয়া কথাবোৰ আমাৰ গাত লাগে৷ তেনে ক্ষেত্ৰত বহুতে শিশুটিক শাস্তিও দিয়ে। কিন্তু সেই সাময়িক শাস্তিৰ ফলাফল দীৰ্ঘস্থায়ী নহয়৷ তাৰ পিছতো কিন্তু শিশুটিয়ে সুযোগ পালেই আকৌ তেনে ধৰণৰ আচৰণ কৰিবলৈ লয়৷ সেয়েহে আৰম্ভণিৰ পৰাই সিহঁতৰ ভুলবোৰ বুজাই লৈহে বাধানিষেধবোৰ কৰা উচিত৷ আকৌ চাৰি বা পাঁচ বছৰ বয়সৰ শিশুসকলৰ আনে কিবা এটা কলেই তাৰ ওলোটাটোহে কৰাৰ প্ৰৱণতা এটাও থাকে৷ তাৰ মাজতো কিন্তু সিহঁতৰ ভুলবোৰ শুধৰাই দিবলৈ আমি চেষ্টা কৰা উচিত৷

সাহিত্য ডট অৰ্গ: বহু সময়ত শিশু একোটাব্লেকমেইলিঙৰ বলি হোৱাও পৰিলক্ষিত হয়৷ এই বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিছোঁ৷

নাং মৌচুমী ফুকন: ‘ব্লেকমেইলিঙৰ প্ৰৱণতাবোৰ আৰম্ভ হয় আচলতে ঘৰখনৰ পৰাই৷ আমি যে সিহঁতক প্ৰায়ে কওঁ, “যদি তুমি নপঢ়া তোমাক চকলেট নিদিওঁ বা ফুৰাবলৈ নিনিওঁ“, এনেকৈ কোৱাৰ ফলত শিশুটিৰ মনত লোভ বাঢ়ি বাঢ়ি গৈ থাকে। কেতিয়াবা হয়তো আপুনি কোৱা বস্তুটো তাক আনি দিব নোৱাৰিবও পাৰে৷ এই টেকনিকটো কিন্তু সিহঁতে নিজেও এটা সময়ত আয়ত্ব কৰি লয়৷ পাছত যেতিয়া সিহঁতে নিজতকৈ দুৰ্বল কাৰোবাক পায়, তেতিয়া তেওঁলোকৰ ওপৰতো এই টেকনিকটো খটুৱাবলৈ সিহঁতে আৰম্ভ কৰে৷ যদি স্কুলত এনে পৰিস্থিতিৰ সন্মুখীন হয়, তেতিয়া আপোনালোকে স্কুলৰ কৰ্তৃপক্ষৰ সৈতে বিষয়টো আলোচনা কৰা উচিত৷ কিন্তু তাত যদি এটা শিশুক আন শিশুৰ অভিভাৱকে গৈ দোষাৰোপ কৰেগৈ, তেতিয়া সেই শিশুটোৰ ওপৰত মানসিক হেঁচা এটা পৰিব৷ সেয়ে কথাবোৰ প্ৰথমে শ্ৰেণী শিক্ষকৰ সৈতেহে আলোচনা কৰা উচিত৷ আজিকালি অৱশ্যে উন্নত ঠাইবোৰত স্কুল কাউঞ্চিলাৰ থাকে৷ তেওঁলোকৰ সৈতে বিষয়বোৰ আলোচনা কৰা বা তেওঁলোকৰ সহায় লোৱাটোও এই ক্ষেত্ৰত প্ৰয়োজনীয় বুলি ভাবোঁ৷ অসমত এতিয়াও অৱশ্যে তেনে এটি পৰিৱেশ গঢ় লৈ উঠা নাই৷ যদি কাৰোবাৰ লগত এনে হৈছে, তেতিয়া স্কুলৰ শিক্ষক আৰু অধ্যক্ষৰ সৈতে আলোচনা কৰি যিসকল শিশুৱে তেনে কৰিছে সেইসকলৰ অভিভাৱকৰ লগত আলোচনা কৰিব লাগে৷ তাৰ পিছতহে আমি শিশুটিক বুজাবলৈ চেষ্টা কৰা উচিত। আচলতে শিশুৰব্লেকমেইলিঙৰ প্ৰৱণতাটো সদায় তাৰ ঘৰখনৰ পৰাই আহে। মানে শিশুটিয়ে ঘৰখনত তেনে কথা দেখিছে। নেদেখিলে সিহঁতে শিকিব নোৱাৰে৷ বয়স অনুযায়ী আমি এইটো বস্তু বেয়া বা এইটো ভাল, সেয়া সিহঁতক বুজাই দিব লাগে৷ বয়স অনুপাতে পৰিপক্ক হৈ অহাৰ লগে লগে সিহঁতে কথাবোৰ আয়ত্ত কৰিব পৰা হৈ আহে৷ব্লেকমেইলিঙৰ ক্ষেত্ৰতো সেই একে কথাই প্ৰযোজ্য হয়৷

সাহিত্য ডট অৰ্গ: ‘বিহেভিয়াৰেল ডিজঅৰ্ডাৰৰ কথা আমি শুনি থাকোঁ৷ কেনেধৰণৰ আচৰণ এই সমস্যাৰ ভিতৰত পৰে আৰু তাৰ সমাধান কেনেকৈ পাব পৰা যায়, এই বিষয়ে অলপ কব নেকি?

নাং মৌচুমী ফুকন: ‘বিহেভিয়াৰেল ডিজঅৰ্ডাৰৰ পৰিসৰ বহু বিশাল হয়৷ তাৰ লক্ষণ বুলিলে বেছিভাগ লৰাছোৱালীৰ ক্ষেত্ৰতে মনোযোগ কম হোৱা, হাইপাৰ এক্টিভ হোৱা, অতিমাত্ৰা চঞ্চল হোৱা, সৰু সৰু কথাতে খং উঠা, সৰু সৰু কথাতে তেওঁলোকে বস্তু দলিয়াই দিয়া, লগৰ লৰাছোৱালীৰ লগত মিলিব নোৱাৰা আদি কথাবোৰেই দেখা যায়৷ লগতে অভিভাৱক বা মাকদেউতাকৰ কথা নুশুনাটোও ইয়াৰ এটা লক্ষণ বুলি ধৰা হয়৷ যদি শিশু এটাৰহাইপাৰ এক্টিভিটিদেখা যায় বা সৰু সৰু কথাতে তাৰ খং উঠে, তেতিয়া লগে লগেই আমি কৈ দিব নোৱাৰোঁ যে শিশুটিৰডিএইচডিআছে ৷ ইয়াৰ সঠিক কাৰণটো নিৰূপণ কৰিব মনোৰোগ বিশেষজ্ঞইহে। এই ক্ষেত্ৰতো কিন্তু ঘৰখনৰ বহুতো অৱদান থাকে৷ মাকদেউতাকৰ কাজিয়া লগাৰ সময়ত যেতিয়া এজনে আনজনক বেয়াকৈ কয়, কোনোবা এজনে যদি খঙত বস্তু দলিয়াই দিয়ে আৰু সেইখিনি শিশুটিয়ে দেখি থাকে, সেইখিনি কথা সিহঁতৰ মনত ৰৈ যায় আৰু সময়ত সিহঁতেও তাকেই অনুকৰণ কৰে৷ সিহঁতে সদায় দেখিয়েই শিকে৷ আৱেগ প্ৰকাশৰ মাধ্যমটো সিহঁতে সদায় ডাঙৰক দেখিয়েই শিকে৷ কিন্তু সকলোবোৰবিহেভিয়াৰেল ডিজঅৰ্ডাৰৰ মূল কাৰণ এইটোৱেই বুলি কব পৰা নাযায়৷ কেতিয়াবা কিছুমান বংশগত কাৰণো থাকে। যেতিয়া কোনো অভিভাৱকে শিশুটিৰ সৈতে অতি বেছি অপ্ৰিয়

ব্যৱহাৰ কৰে, শোষণ কৰে বা তলতীয়া হিচাপেই গণ্য কৰে, তেনে ক্ষেত্ৰতো এনে সমস্যা হোৱা দেখা যায়। শিশুটিৰ আচৰণবোৰৰ আঁৰত কোনো ঘটনাৰ প্ৰভাৱ থাকে নেকি সেয়া প্ৰথমতে জানি লোৱাটো প্ৰয়োজনীয়৷ প্ৰথমতে শিশুটিৰ আচৰণ কিয় সাধাৰণ নহয়, শিশুটিৰ লগত কিবা দুৰ্ঘটনা ঘটি গৈছে নেকি আৰু ঘটি যোৱা ঘটনা আৰু শিশুটিৰ অস্বাভাৱিক আচৰণৰ মাজত কিবা সম্পৰ্ক আছে নেকি, সেয়া গুৰুত্ব দিয়াটো বাঞ্ছনীয়। যদি শিশুটিয়ে কিবা বেয়া কাম এটা কৰে প্ৰথমতে তাৰ কাৰণটো জানিবলৈ চেষ্টা কৰিব লাগে আৰু তাৰ পিছত তাক সংশোধন হবৰ বাবে অলপ সময় দিয়াটো আৱশ্যকীয়। তেতিয়াহে শিশুটিক বুজিবলৈ সুবিধা হয়। যদি ঘৰখন বা অভিভাৱকৰ ফালৰ পৰা একো হোৱা নাই, যদি ঘৰৰ মানুহে একো ধৰিব পৰা নাই, তেতিয়া নিশ্চিতভাৱে এজন শিশু মনোৰোগ বিশেষজ্ঞৰ কাষলৈ লৈ গৈ কিছুমানথেৰাপিকৰা উচিত। কেতিয়াবা অধিক খঙাল শিশুৰ ক্ষেত্ৰতএঙ্গাৰ মেনেজমেণ্ট থেৰাপিমনোৰোগ বিশেষজ্ঞসকলে দিয়ে৷

সাহিত্য ডট্ অৰ্গ: এনেবোৰ ক্ষেত্ৰত একক অভিভাৱক অৰ্থাৎচিংগল পেৰেণ্টচৰ লৰাছোৱালীৰ সন্দৰ্ভত কিছু কব নেকি?

নাং মৌচুমী ফুকন: নিশ্চয়কৈ একক অভিভাৱক বাচিংগল পেৰেণ্টচৰ লৰাছোৱালীৰ ক্ষেত্ৰতো তেনে সমস্যাই দেখা দিব পাৰে। কিন্তু ইয়াৰ কাৰণবোৰ সম্পূৰ্ণকৈ জানিব পৰা নাযায়। অৱশ্যে পৰিৱেশো ইয়াৰ বাবে দায়ী বুলি আমি কব পাৰোঁ। তাৰোপৰি গৰ্ভাৱস্থাত মাকৰ যি ধৰণৰ মানসিক অৱস্থা হয়, তাৰ ওপৰতো কথাবোৰ কিছু পৰিমাণে নিৰ্ভৰ কৰে। ঘৰুৱা হিংসা, উদ্বিগ্নতা, মানসিক চাপ ইত্যাদিও ইয়াৰ বাবে কিছু পৰিমাণে দায়ী হয়।

সাহিত্য ডট্ অৰ্গ: বৰ্তমান সময়ত দেখা যায়, বেছিভাগ শিশুৰে মোবাইল ফোনৰ প্ৰতি আসক্তি বেছি। এই সমস্যাৰ সমাধান সম্পৰ্কে আপোনাৰ পৰা কিছু কথা জানিব বিচাৰোঁ।

নাং মৌচুমী ফুকন: প্ৰথম কথাটো এয়ে যে পৰিয়ালৰ লোকসকলৰ মাজতো মোবাইল ফোনৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুৰেষ্ট্ৰিকচনঅনাটো দৰকাৰী। শিশুটোৰ মাকদেউতাকে মোবাইল ফোনৰ ব্যৱহাৰ কিয় কৰিছে, সেই কথাটো শিশুটোক তাৰ বয়স অনুপাতে বুজাই দিয়াটো প্ৰয়োজনীয়। আমাৰ কিছু অভিভাৱকে মোবাইল ফোনটোকএজ এ ওৱে অৱ লাৰ্নিংহিচাপে ব্যৱহাৰ কৰে। ইয়াৰ লগতে আজিকালিঅনলাইনশিক্ষাৰ বাবেও শিশুটিক মোবাইল ফোনটো দি দিয়া হয়। কিন্তু তাক সঠিকভাৱেমণিটৰিংকৰাটো প্ৰতিজন অভিভাৱকৰে দায়িত্ব। শিশুটিয়ে মোবাইল ফোনটো সঠিকভাৱে ব্যৱহাৰ কৰিছে নে নাই, তাক পৰ্যবেক্ষণ কৰাটো দৰকাৰী। আনহাতে শোৱাৰ সময়ত যেতিয়া শিশুটো কাষত শুই থাকে, সেই সময়ত অভিভাৱকসকলে পৰাপক্ষত মোবাইল ফোনৰ ব্যৱহাৰ কৰাটো অনুচিত। কেতিয়াবা এনেকুৱাও হয় যে মাক বা দেউতাকে শিশুটোক পঢ়িবলৈ দি নিজেই মোবাইল ফোনত ব্যস্ত হৈ থাকে। তেনে সময়ত শিশুটোৰ মোবাইল ফোনৰ প্ৰতি আসক্তি বৃদ্ধিহে পায়। সিহঁতে ভাবিবলৈ লয় যে মোবাইল ফোনটোত নিশ্চয় কিবা আকৰ্ষণীয় বস্তু আছে যাৰ কাৰণে সিহঁতৰ পিতৃমাতৃ সদায় ফোনটোত ব্যস্ত হৈ থাকে। গতিকে এই সমূহ দিশৰ ওপৰতো অভিভাৱকসকলে গুৰুত্ব দিয়া উচিত। লগতে মোবাইল ফোনৰ পৰা আঁতৰত ৰাখিবলৈ শিশুসকলক শাৰিৰীক কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত কৰিব লাগে। মাকদেউতাকৰ লগত সৰুসুৰা কামবনত সিহঁতক ব্যস্ত কৰি ৰাখিব লাগে। যেনে ধৰক পাকঘৰৰ সৰুসুৰা কামত সহায় কৰা, গাৰ্ডেনিং কৰোঁৱা, চাইক্লিং কৰোঁৱা, ফুৰিবলৈ নিয়া ইত্যাদিত ব্যস্ত ৰাখিলেও মোবাইল ফোনৰ প্ৰতি সিহঁতৰ আসক্তি যথেষ্টখিনি কমিব।

সাহিত্য ডট্ অৰ্গ: যিবোৰ শিশু আৰ্থিকভাৱে দুখীয়া পৰিয়ালত অথবা বস্তি অঞ্চলত ডাঙৰদীঘল হয়, সিহঁতৰ ক্ষেত্ৰত এনেধৰণৰ সমস্যা হলে তাক কেনেদৰে আঁতৰাব পাৰি?

নাং মৌচুমী ফুকন: এই ক্ষেত্ৰত আচলতে বিদ্যালয়সমূহত অভিভাৱকসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰি। আপোনালোকে যিহেতু বস্তি অঞ্চলৰ শিশুৰ কথা কৈছে, এই ক্ষেত্ৰত আমাৰ চৰকাৰখনে নিশ্চয়কৈ কিছু ভূমিকা লব পাৰে। লগতে, আমাৰ ৰাজ্যখনৰ ভালেকেইটাএন জি অই এই ক্ষেত্ৰখনত কাম কৰি আছে। উদাহৰণ স্বৰূপে উৎসাহ, প্ৰিয়বন্ধু ইত্যাদি সংস্থাসমূহে বস্তি অঞ্চলৰ লৰাছোৱালীৰ বাবে কাম কৰি আছে। খোৱাপিন্ধাৰ পৰা আদি কৰি সিহঁতক স্কুললৈ নিয়ালৈকে তেওঁলোকে কাম কৰি আছে।

সাহিত্য ডট্ অৰ্গ: এনে ধৰণৰ শিশুসকলৰ মনস্তাত্বিক দিশটোৰ ওপৰত এই ধৰণৰ সংস্থাসমূহে কেনে ধৰণৰ কাম কৰিছে?

নাং মৌচুমী ফুকন: এনে শিশুৰ মনস্তাত্বিক দিশটোৰ ওপৰত কমকৈ কাম হৈছে। সৰ্বশিক্ষাৰ যিসকলস্পেচিয়েল এডুকেটৰথাকে তেওঁলোকে কিন্তু এই দিশটোৰ ওপৰত কিছু কিছু কাম কৰি আছে। অৱশ্যে অসমত এতিয়াও স্পেচিয়েল এডুকেটৰৰ সংখ্যা তাকৰ। এইক্ষেত্ৰত আমাৰো কিছু কৰণীয় অৱশ্যে আছে। আজিকালি যিহেতু সৰহ সংখ্যক মানুহেই ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে, গতিকে তাতো যদি এই সম্পৰ্কে কিছু আলোচনা কৰোঁ, সেয়াও কিছু লাভজনকেই হব।

সাহিত্য ডট্ অৰ্গ: সজাগতা সৃষ্টিৰ কথাটো যিহেতু আপুনি কৈছে, এই ক্ষেত্ৰত আমি কেনে ধৰণেৰে কাম কৰিব পাৰোঁ?

নাং মৌচুমী ফুকন: প্ৰথম কথাটো হৈছে এই যে বিদ্যালয় এখনৰ এই ক্ষেত্ৰত বহুখিনি কৰণীয় আছে। বিদ্যালয় এখনত যদি এনে ধৰণৰ সজাগতাৰ সৃষ্টি কৰিব পাৰি তেন্তে সেয়া বহুতেই লাভজনক হব। কিন্তু এইক্ষেত্ৰত মই নিজেই কিছু বিফল হোৱা বুলি কব লাগিব। তথাপিও মই এই ক্ষেত্ৰত চেষ্টা কৰি আছোঁ। মোৰ নিজা এটা ইউটিউব চেনেল আছে। তাৰ জৰিয়তেও মানুহক সজাগ কৰিবলৈ চেষ্টা কৰি আছোঁ। লগতে আমাৰ বাতৰিকাকত, আলোচনী আদিতো মোৰ কিছু লেখা প্ৰকাশ হৈছে। এনেকৈয়ে যদি আমি আৰম্ভ কৰোঁ, লাহে লাহে এজন অভিভাৱকে আন এজনক কব আৰু এনেকৈয়ে সচেতনতা যথেষ্ট বৃদ্ধি পাব। যিহেতু আমাৰ সকলোৰে হাতত আজিকালি স্মাৰ্টফোন থাকেই, গতিকে আমি নিজেও এই সম্পৰ্কত কিছু অধ্যয়ন কৰি নিজে জনাৰ লগতে আনকো সজাগ কৰি তুলিব পাৰোঁ।

সাহিত্য ডট অৰ্গ: শিশুসকলৰ সামূহিক বিকাশ সম্পৰ্কে আপোনাৰ মতামত সম্পৰ্কে আমাক অলপমান জনাবনে?

নাং মৌচুমী ফুকন: হয়। আচলতে আমি সকলো শিশুক আত্মনিৰ্ভৰশীল কৰি তুলিব লাগে। এনে কৰিলে তেওঁলোকে নতুন কাম একোটা কৰিবলৈ উৎসাহ পাব। এই ক্ষেত্ৰত অভিভাৱকে সময় দিব লাগে। সাধুকথা কোৱা, বিভিন্ন খেল আদি খেলিও সিহঁতৰ ব্যক্তিত্ব বিকাশ কৰিব পৰা যায়। শিশুৰ জগতখনৰ ক্ষেত্ৰত এনেবোৰ কথাই বহু পৰিমাণে অৰিহণা যোগায়। এনেদৰে নিজকে উদ্ভাৱন কৰাত তেওঁলোকক আমি সহায় কৰিব পাৰোঁ। মূল কথাটো হৈছে আমি সিহঁতক সময় দিয়া উচিত। সিহঁতৰ নিঃসঙ্গতা দূৰ কৰাৰ ক্ষেত্ৰত এইটো গুৰুত্বপূৰ্ণ কথা।

আজিকালি শিশুসকল অধিক আৱেগিক হৈ পৰিছে। ইয়াৰ মূল কাৰণ হল এই যে শিশুসকলক আমি অধিক মৰম কৰি দেখুৱাওঁ। সিহঁতে ঘৰত বহু আদৰযতন পায়। বিদ্যালয়লৈ গলে কিন্তু এনে আদৰযতন সিহঁতে নাপায়। ফলত সিহঁতৰ মনৰ উদ্বিগ্নতা বৃদ্ধি পায়। অৱশ্যে শিশুসকলৰ আৱেগ আৰু বাস্তৱৰ মাজত সামঞ্জস্য বজাই ৰখাটো গুৰুত্ব দিবলগীয়া কথা। আচলতে আৱেগ আৰু সংবেদনশীলতা, দুয়োটা বেলেগ কথা। শিশুসকলক আমি সংবেদনশীল কৰি তুলিব লাগিব। মাজে মাজে সিহঁতৰ সৈতে সময়ত অলপমান কঠোৰ হোৱাও বেয়া নহয়। তেনে এক পৰিৱেশত থাকিলেহে শিশুটিয়ে পিছলৈ বিদ্যালয় বা আন আন ঠাইতো নিজকে চম্ভালি লব পাৰিবগৈ। আচলতে সিহঁতৰ বাবে আমি শৃংখলা বজাই ৰখাটো আৱশ্যকীয়। আনহাতে বিদ্যালয়ত তেওঁলোকে কেনেদৰে সময় অতিবাহিত কৰিছে,তাতো চকু ৰখাটো উচিত।

শিশুসকলক আমি মাৰিপিটি ভাল কৰিব নোৱাৰোঁ। সিহঁতৰ মনটো আমি বুজিবলৈ চেষ্টা কৰা উচিত। শিশুসকলৰ সমুখত বিদ্যালয় কৰ্তৃপক্ষৰ বিৰূদ্ধে কিবা কোৱাটো কিন্তু একেবাৰেই উচিত নহয়। শিশুটোৰ সমস্যাসমূহ অৱশ্যে বিদ্যালয় কৰ্তৃপক্ষক জনোৱা উচিত। এনেবোৰ কথা শিশুসকলৰ সমুখত আলোচনা নকৰাটোৱেই উচিত। এনে ধৰণৰ কথাবোৰত মনোযোগ দি আমি শিশুসকলৰ সামগ্ৰিক উন্নতিত হাত উজান দিব পাৰোঁ।

সাহিত্য ডট অৰ্গ: ইমানপৰে শিশুসকলৰ মনস্তাত্বিক দিশ সম্পৰ্কে বিভিন্ন তথ্যৰে আপুনি আমাক সমৃদ্ধ কৰিলে।সাহিত্য ডট অৰ্গৰ সমূহ সদস্য আজিৰ এই সাক্ষাৎকাৰটিৰ দ্বাৰা নিশ্চয়েই উপকৃত হব।সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।

নাং মৌচুমী ফুকন: শিশুসকলৰ সৈতে সংলগ্ন হৈ থাকি মই অনুভৱ কৰা বিভিন্ন বিষয় আপোনালোকৰ সৈতে ভাগবটোৱাৰা কৰি ময়ো সুখী হলোঁ। আপোনালোককো ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!