জন্মদিনৰ যন্ত্ৰণা

লেখক- গদা ডেকা

সমস্ত পৃথিৱীখন দুটা বস্তুৰে গঠিত ; জড় আৰু জীৱ ৷ জড়ৰ জন্মও নাই মৃত্যুও নাই, কিন্তু জীৱৰ জন্ম তথা মৃত্যু আছে৷ জীৱৰ জন্মমৃত্যু এক নিৰ্দিষ্ট পৰিক্ৰমাৰ স্বাভাৱিক প্ৰক্ৰিয়া৷ আন জীৱৰদৰে মানুহৰো জন্ম হয় তথা মৃত্যু হয়৷ অস্বাভাৱিকতা একো নাই ৷

 কিন্তু সমস্যাটো তাতেই; মানুহৰ জন্মদিনটো ৷ একদম ঘণ্টামিনিটছেকেণ্ড হিচাপ কৰি নিৰ্দিষ্ট বছৰৰ নিৰ্দিষ্ট দিনটো ৰেকৰ্ড কৰি ৰখা হয় জন্মদিন হিচাপে৷ আৰু প্ৰতিবছৰে কেঁচুৱা, শিশু, ডেকা, আদহীয়া, বুঢ়াবোৰে সেই দিনটো পালন কৰে নিজৰ নিজৰ পচন্দ অনুসৰি৷ আজিকালি ফেচবুক, হোৱাট্চছাপ আদি চাবই নোৱাৰি জন্মদিনৰ উৎপাতত৷ শুভেচ্ছাআশীৰ্বাদৰ বানপানী ৷ অথচ সেই একেজন মানুহকে যদি ৰাস্তাত লগ পোৱা যায় কথা এষাৰ পাতিবৰো সময় নাই ৷

মই পিছে জন্মদিনটো ইমান গুৰুত্ব পাবলগীয়া কথা বুলিয়েই নাভাবোঁ৷ সঁচা কথা কবলৈ গলে মোৰ জন্মটোত মোৰনো কি অৰিহণা! আনকি জন্মতাৰিখ, চন ইত্যাদি মনৰ পৰা গুচাই পাহৰি যোৱাটোহে যুগুত বুলি বিবেচনা কৰোঁ ৷ ধৰি লওক আপুনি আপোনাৰ জন্মৰ তাৰিখ আৰু চনটো মনত নাই বা নাজানে৷ ভালহে ৷ তাৰমানে আপুনি আপোনাৰ বয়সটোও নেজানে ৷ আৰু এই বয়সটোৱেইটো যত কূটৰ ঘাই ৷মাজনীৰ বয়স ত্ৰিশমান হলেই দেখোন৷ বিয়াবাৰু হব জানো“, “ৰাটো ভালেই আছিল পিছে জুৰীতকৈ বয়সত বহু ডাঙৰ, বিয়াখন ভাগিল “,”ভাইভনীক পঢ়াই ভনীদুজনীক বিয়া দি নিজৰ ফালে চোৱাই নহল ৷এই বয়সত কোনে ছোৱালী দিব“, “চাকৰি বিচাৰি বিচাৰি চাকৰিৰ বয়স গলেই দেখোনইত্যাদি ইত্যাদি বয়সকেন্দ্ৰিক কিমানযে সমস্যা! আমাৰ দেশত সকলো কামতে যেন বয়সৰ এটা অহৈতুক সম্পৰ্ক ৷চল্লিশ বছৰ পাৰ হল এতিয়া আৰু কি ব্যৱসায় কৰিবাহে৷ ঘৰতে বহি থাকাবাৱন্ন বছৰীয়া বৃদ্ধৰ দ্বিতীয় বিবাহ ৷  এই বয়সত মিচেছ ফুকনে জীন্চ পিন্ধিছে লাজো নাই “,”বুঢ়াক দেখিছানে নাই ৰিটায়াৰমেন্টৰ পিছতো জিমলৈ যায়’’, “ককাক হল বুঢ়াই এতিয়াও ছোৱালীৰ লগত চুপতি মাৰিবলৈ এৰা নাইইত্যাদি৷ লগৰ কোনোবা এজনক লগ পালে কয় কি কবাহে অৱসৰ পালোঁ যেতিয়া বুঢ়াই হলো আৰু ৷ 

মানে বয়স ৷ আপুনি যিমানেই কাৰ্যক্ষম হৈ নাথাকক কিয় ষাঠি বছৰ হলেই অৱসৰ আৰু অৱসৰ মানেই বুঢ়া ৷ ইফালে চল্লিশবছৰীয়া এজনে হেলাই ধেন্দাই অফিচত একো কাম কৰিব নোৱাৰিলেও কাৰ্যক্ষম ৷ কাৰণ তেওঁৰ বয়স ৷

আমাৰ মা দেউতাহঁতৰ বয়স আমি নেজানিছিলো কাৰন জন্মদিনৰ হিচাপ তেওঁলোকৰ নাছিল কাজেই জন্মদিনো পতা নাছিলোঁ ৷ কিন্তু তেওঁলোকৰ জীৱনজীৱিকা বয়সৰ হিচাপ কৰি কৰি চলা নাছিল ৷ বয়স অৱগত নাছিল যেতিয়া জীৱনত অলাগতিয়াল চাপো নাছিল ৷ কাৰণ প্ৰতিটো জন্মদিনেইতো কমাই আনে একোটা একোটা বছৰৰ আয়ুস৷ আৰু মানুহে যে জন্মদিনটো পালন কৰে আচলতে জন্মদিনটো ঘুৰাই পায় জানো ৷ টাইম মেচিনত উঠি অৱশ্যে জন্মদিনটোলৈ ঘুৰি যাব পাৰিব পোহৰতকৈও বেগী যান এখনত উঠি ৷ পিছে তেনেকুৱা যান এখন এতিয়াও দেখোন ওলোৱাই নাই ৷

জন্মদিনৰ ট্ৰেজেডীও আছে বহুত৷ প্ৰথম, যিবিলাক এই ধৰাৰপৰা আঁতৰি গৈছে সেইসকলৰ জন্মদিনত প্ৰিয়জনৰ মনৰ অৱস্থা ভাবি চাওকচোন৷ ঘৰৰপৰা আঁতৰত থকা পৰিয়ালৰ ব্যক্তিৰ জন্মদিনটোত ঘৰখনেই উদাস হৈ যায় ৷বৃদ্ধাশ্ৰমৰ মাতৃগৰাকীৰ সন্তানৰ জন্মদিনৰ হুমুনিয়াহবোৰ অনুমান কৰকচোন ৷আৰু বিয়াৰ বয়সে বিদায় লবলৈ ওলোৱা আবিয়ৈ ছোৱালীজনীৰ জন্মদিনত কি শুভেচ্ছা দিব আপুনি ৷আৰু এটা বছৰ মানে বয়স যে বাঢ়ি গ !

নেলাগে মোৰ জন্মদিন৷ পাহৰি যাম মোৰ বয়স৷ মই আজিৰ দিনটোত যেনেকুৱা মোক তেনেকৈয়ে থাকিবলৈ দিয়ক৷ মোৰ সৃষ্টি, মোৰ কৰ্ম, মোৰ শৌৰ্য্য, মোৰ বীৰ্য্য, মোৰ ইচ্ছা, মোৰ অনিচ্ছা বোৰক বয়স নামৰ কফিনটোত ঠেলিহেঁচুকি সুমুৱাই মোক তমসাচ্ছন্ন কৰি নুতুলিব ৷ 

আপুনিও পাহৰি যাওঁক আপোনাৰ জন্মদিন, আপোনাৰ বয়স, আঁতৰাই পেলাওক সন্মুখত থকা ধূসৰ আইনাখন যিয়ে কেৱল সোঁৱৰাই থাকে আপুনি পাহৰিবলগীয়া অতীত আৰু চামিল হৈ যাওক এক বৰ্ণিল যাত্ৰাত  এই সুন্দৰ পৃথিৱীখনত আয়ুস নামৰ সহযাত্ৰীৰ লগত চিনাকি নোহোৱাকৈ ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!