সমিধান

লেখক- সুভাষ শৰ্মা

ৰাতিপুৱাই চহৰখনৰ এই আওহতীয়া অঞ্চলটোৰ পথৰ দাঁতিত থকা বৃহৎ আঁহত গছজোপাৰ তলত এজন দুজনকৈ মানুহ গোট খাবলৈ ধৰিলে। শৰীৰ সচেতন প্ৰাতঃভ্ৰমণলৈ অহা বিভিন্ন বয়সৰ লোক, জীৱিকাৰ তাড়নাত কামলৈ অহা দুই এজন লোক, পিঠিত কিতাপৰ বেগ লৈ টিউচনলৈ অহা ছাত্ৰছাত্ৰী আদিৰে আঁহতৰ তল ভৰি পৰিল। সকলোৰে দৃষ্টি গছৰ ডালত ওলমি থকা মোৰ নিঠৰ দেহটোৰ ওপৰত। সকলোৱে ডিঙি মেলি মেলি ওপৰৰ ফালে চাই আছে। মোৰ দহ ফুট তলত জুম বান্ধি থকা মানুহবোৰৰ বিভিন্ন মন্তব্য বতাহত উফৰি আহিছে। 

 অস্! দেখাত ভদ্ৰলোক যেনেই লাগে। কোন বা সেইটো? 

  মানুহ? 

 ৰাতিয়েই কামটো কৰিছে চাগৈ? 

 পুলিচক খবৰ দিয়া ভাল হব। 

 কোনোবাই চিনি পাইছেনে মানুহজনক? 

   নাই। কোনেও মোক চিনি পোৱা নাই। চিনি পাব কেনেকৈ? কাৰণ যিয়ে মোক চিনি পায় তেওঁ চোন এতিয়াও অহাই নাই। কোনোবা এজনে পুলিচ থানালৈ ফোন কৰিলেঃ

   হেলো ছাৰ! সাপ্তাহিক বজাৰখনৰ কাষতে পথৰ দাঁতিত থকা আঁহত গছজোপাৰ ওপৰত মানুহ এজন চিপ লৈ আছে। হয় ছাৰ। এতিয়ালৈকে মানুহজন কোন ধৰিব পৰা নাই। আপোনালোক সোনকালে আহক। হব ছাৰ। 

   লাহে লাহে পূৱ আকাশেৰে বেলিটো উঠি আহিছে ইয়াৰ লগে লগে মানুহৰ জুমটোও বাঢ়ি আহিছে। কেইটামান কাউৰীয়ে মোৰ মূৰৰ ওপৰেৰে চো মাৰি ইফালৰ পৰা সিফাললৈ উৰি ফুৰিছে। কেতিয়াবা ইটো ডালৰ পৰা সিটো ডাললৈ জঁপিয়াই কা কা কৈ কোৰ্হাল লগাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। হয়তো মই সিহঁতৰ বাবে এটা বৃহৎ খাদ্য ভাণ্ডাৰ হব পাৰোঁ নেকি তাৰ নিৰীক্ষণ কৰিছে। হয়তো খাদ্যৰ সম্ভেদ জনাই সিহঁতৰ লগৰীয়া বোৰক এই ঠাইলৈ আমন্ত্ৰণ জনাইছে। মানুহবোৰ আঁতৰি গলে মোৰ চকু দুটা ঘুকুটিয়াই উলিয়াই পুৱাৰ আহাৰৰ ব্যৱস্থা কৰিব পাৰি নেকি হয়তো তাৰেই সুযোগৰ সন্ধানত আছে। ইমান সময়ে মোৰ উখহি পৰা শৰীৰৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধৰ উৎস বিচাৰি এজাক ভেনামাখিয়ে ভুনভুনকৈ উৰি মোৰ শৰীৰত পৰি সিহঁতৰ বংশ বিস্তাৰৰ বাবে সুযোগ বিচাৰিছে। পঁচ ধৰা দেহত সিহঁতৰ কণীবোৰৰ পৰা এটা সময়ত অজস্ৰ পোকৰ জন্ম হৈ মোৰ মাংসপেশীবোৰত কিলবিলাই খুলি খুলি খাব! 

  এনেতে পুলিচ আহিল। কোনোবা সাহসী মানুহ দুজনমানে গছজোপাৰ ওপৰলৈ উঠি গৈ মোৰ দেহটো তললৈ নমাই আনিলে। পুলিচে ৰাইজক সুধিলেঃ

  কোনোবাই চিনি পাইছেনে মৃতদেহটো? 

  নাই। কোনেও মোক চিনি নাপালে। মই সকলো দেখি আছোঁ। কিন্তু লৰচৰ কৰিব পৰা নাই। মই চিঞৰি চিঞৰি কলোঁঃ

  মোৰ নাম বিভাষ দত্ত। মোৰ ঘৰ এই চহৰখনৰ পৰা ৫০ কিলোমিটাৰ মান আঁতৰৰ দীঘলীঝাৰ গাঁৱত। এই গছজোপাৰ দক্ষিণ দিশত থকা ঘৰটোৰ ধুনীয়া মানুহ গৰাকীক মই সৰুৰে পৰাই ভাল পাইছিলোঁ। আজিও ভাল পাওঁ আগৰ দৰেই। কিন্তু সময়ৰ কথা সময়ত খুলি কব নোৱাৰা বাবে তেওঁ আনৰ হৈ গল চিৰকাললৈ। তথাপি আজিও মই তেওঁকেই ভাল পাওঁ আগৰ দৰেই। কিন্তু বহুত হেঁপাহ থকা সত্ত্বেও তেওঁৰ হৃদয়খন মই নাপালোঁ আজিলৈকে। আজি তেওঁৰ অবৰ্তমানত মোৰ জীৱনৰ অৰ্থ বিচাৰি নাপাই এই পথ লবলৈ বাধ্য হলোঁ। 

  কিন্তু আচৰিত কথা কোনেও মোৰ কথা নুশুনিলে। ইমান চিঞৰি চিঞৰি মই কথাবোৰ কলোঁ কিন্তু কোনেও দেখোন মোৰ ফালে এবাৰো ঘূৰিও নাচালে। মই মানুহৰ জুমটোৰ মাজে মাজে ইফালৰ পৰা সিফললৈ দৌৰা দৌৰি কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হলোঁ অথচ মই দেখিছোঁ, মোৰ দেহটো এতিয়াও গছৰ ওপৰত লৰচৰ নকৰাকৈ ওলমি আছে। 

  মোৰ ডিঙি সংলগ্ন ৰচীডাল গছৰ ডালটোত কপকপীয়াকৈ লাগি ধৰি আছে অথচ মই অকনো কষ্ট অনুভৱ কৰা নাই। কিছু সময় আগলৈকে মোৰ ডিঙিৰ স্পাইনেল কৰ্ডডাল ছিঙি পৰাৰ সময়লৈ যি অসহনীয় যন্ত্ৰণা অনুভৱ কৰিছিলোঁ সেয়া এতিয়া আৰু নাই।  দেহটোৰ পৰা জীউটো ওলাই যাবলৈ ইমান কষ্ট হয়নে? দেহৰ মায়া ছিঙিবলৈ জীউটোৱে ইমান যুঁজঁ বাগৰ কৰিব লগা হয়নে? কিন্তু সেয়া আছিল কেইটামান মুহূৰ্তৰ বাবেহে! লাহে লাহে মোৰ দেহটো স্থিৰ হৈ আহিল। এতিয়া চৌদিশে মাথোঁ ঘোপমৰা অন্ধকাৰ। যত পোহৰৰ এটা বিন্দুও বিচাৰি পোৱা নাযায়। 

  এনেতে দেখিলোঁ তুমি আহিছা এই ফালেদিয়েই। সাজি কাছি তুমি আহিছা এগৰাকী অধ্যাপিকাৰ বেশেৰে নহয়, এগৰাকী সৰগৰ অপেশ্বৰীৰ ৰূপত। ইমান দিনে তোমাকতো মই এনেকৈয়ে ভাবি আহিছোঁ। পৃথিৱীৰ কোনো ৰূপহী নাৰীৰ সৈতে তোমাৰ ৰূপৰ তুলনা কৰিব নোৱাৰোঁ মই। সেয়ে তুমি মোৰ মনত সদায় সৰগৰ অপসৰাজনী হৈয়েই থাকিবা। 

  সম্ভৱতঃ তুমি কলেজলৈ যাবলৈ ওলাইছা। মানুহৰ জুমটো দেখি তোমাৰ খোজৰ গতি অলপ মন্থৰ হৈ পৰিল। তোমাক দেখি মই উত্তেজিত হৈ পৰিলোঁ। অন্ততঃ এই অচিনাকি ঠাইখনত মোৰ একমাত্ৰ চিনাকি মানুহ গৰাকী এতিয়া মোৰ কাষত যাৰ অপেক্ষাত জীৱনৰ এই অন্তিমটো মুহূৰ্তলৈকে ৰৈ আছিলোঁ। আশা কৰিছিলোঁ এদিন তুমি নিশ্চয় মোৰ কাষলৈ আহিবা। তুমি দুখোজ মান মোৰ ফালে আগবাঢ়ি আহি আচৰিত হৈ তোমাৰ চিনাকি লৰা এজনক সুধিছিলাঃ

   কি হল অ ইয়াত? আজি ইমান মানুহ যে ইয়াত! 

   এজন অচিনাকি মানুহ নিশাই গছজোপাত চিপলৈ আছে বাইদেউ। 

   অ হয় নেকি? ইচ্ ইচ্ চাওঁ কোন?  

এইবুলি এখন সেউজীয়া ৰঙৰ পলিথিনেৰে মেৰিয়াই ৰখা মোৰ দেহটোৰ ফালে তুমি এখোজ আগবাঢ়ি আহি ডিঙিটো হাউলি চাবলৈ চেষ্টা কৰিলা। কোনোবা এজনে মোৰ মূৰৰ ফালৰ পলিথিনখন গুচাই মোৰ মুখখন তুমি চাব পৰাকৈ সুবিধা কৰি দিলে। 

   তুমি মোৰ মুখখন দেখি জিকাৰ খাই উঠিলা। কান্দোনত ভাঙি পৰিছিলা তুমি। হঠাৎ মানুহবোৰৰ মাজত এটা গুনগুননিৰ সৃষ্টি হল। তোমাৰ চিনাকি দুই এজনে প্ৰশ্ন কৰিলেঃ

  কি হল বাইদেউ? আপুনি মানুহজনক চিনি পায় নেকি? 

  তুমি উত্তেজনাত ঠক্ ঠককৈ কঁপিছিলা। 

  নাই নাই ইয়াক মই চিনি নাপাওঁ। সৰুৰে পৰাই চিনি পোৱা নাছিলোঁ। এতিয়াও নাপাওঁ। মৰিবলৈ আৰু ঠাই বিচাৰি নাপালি? 

  তুমি হুকহুকাই কান্দি উঠিছিলা। মানুহবোৰে আচৰিত হৈ তোমাৰ ফালে চাই ৰৈছিল। আৰু মই ইমান বছৰে তোমাৰ পৰা বিচাৰি থকা উত্তৰটো পাই গৈছিলোঁ। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!