ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

অব্যক্ত (অমিতাভ মহন্ত)

জোনাক নিশা…

বিয়াঘৰৰ চাদ!

বিয়াঘৰৰ ৰভাৰ তলত উৎসৱৰ আমেজ৷ অকস্মাৎ জন্ম হোৱা প্ৰাণৰ মেলা, আনন্দৰ নিজৰা৷ এদিনৰ বাবে হঠাৎ সকলোৱে ক্লান্তি, দুখ-ভাগৰ পাহৰি উৎসৱৰ আমেজত মত্ত৷

চাদখন অকলশৰীয়া, অলপ নিলগত৷ উৎসৱৰ কোলাহলৰ মাজত এক অদ্ভূত নীৰৱতা৷ এক নাম নজনা পোকৰ গুনগুননি৷ তলৰ গছডাললৈ চালে সৰুকালৰ বুঢ়া ডাঙৰীয়াৰ ভয়৷ আন্ধাৰৰ মাজত বিয়াৰ ৰভাৰ পৰা চিটিকি পৰা অকণমান পোহৰৰ খেলা৷

চাদখনক আৱৰি আছে আকাশে৷ আকাশে নিজৰ পোহৰৰে চাদে ৰভাথলীৰ পৰা ধাৰ কৰা পোহৰক এক ভিন্নৰুপ দি ৰহস্যময়ী কৰাৰ প্ৰচেষ্টাত ব্ৰতী৷

মৃদু বতাহ৷ গছৰ পাতবোৰ ঘঁহনি খোৱাৰ মৃদু শব্দ৷ এক অদ্ভূত আন্তৰিক পৰিবেশ, নিষ্পাপ পৰিবেশ৷

চাদৰ ওপৰত দুটা মানুহ, সঙ্গী দুয়োৰে ছাঁ৷ দুয়োৰে মাজত নোকোৱা অনেক কথা৷ চকুৰ চাৱনিত উটি ভাঁহি যোৱা অনেক কিবাকিবি৷ অভিমান? অনুযোগ? নে আন কিবা?

ব্যতিক্ৰম বাদ দি পৃথিৱীৰ বেছিভাগ ৰোমান্টিক গল্পৰ দৰে এই দুই মানুহৰ এজন পুৰুষ, অন্যজন নাৰী৷ দুয়ো দুয়োকে চিনি পায়৷ এসময়ত একেখন কলেজৰেই শ্ৰেষ্ঠ গায়িকা আছিল তাই৷ সি আছিল তাইৰ গানৰ অনুৰাগী, আন বহুতৰ দৰে৷ আজি সিঁহতৰ সহপাঠী দুই বন্ধুৰ সফল প্ৰেমৰ পৰিসমাপ্তি৷ তাৰেই পৰিণতি ৰভাথলীৰ পৰা ভাহি অহা উচ্ছাস৷

ছাদলৈ কোনেওঁ কাকো মাতি অনা নাছিল৷ ল’ৰাটো কিয় ছাদলৈ আহিছিল সেয়া এক ভাল প্ৰশ্ন হ’ব পাৰে৷ চিগাৰেট টানিবলৈ হয়তো তাৰ এই যাত্ৰা, ফ্ৰী চন্দ্ৰবিলাস! পিছে সেই চহৰীয়াৰ আড্ডাৰ ফুল টাইম মেম্বাৰ হোৱা স্বত্তেও তাৰ যে চিগাৰেট টনা অভ্যাসেই গঢ়ি নুঠিল৷

ম’বাইলত কথা ক’বলৈ কোনোবা আপোনজনৰ আহ্বানত খালী ঠাই বিছাৰি এই চিৎকাৰ, ডি জেৰ চিঞৰৰ পৰা সাৰি আহি পৃথিৱীৰ এই প্ৰান্তত আশ্ৰয় লৈছে নেকি বাৰু ল’ৰাটোৱে? পিছে জানিব পৰা মতে সেই বিশেষজনী এতিয়াও যোগাৰ কৰা নাই বা হোৱা নাই৷

তাই বা কিয় আহিছিল? কোনো কাৰণ থাকিবলগীয়া নাই দেখোন৷ ৰাতি এনেদৰে অকলে অহাটো নিৰাপত্তাৰ ফালৰপৰাও বৰ এটা সুবিধাজনক নহয় দেখোন৷ তাৰোপৰি ভুত নামৰ ভয়বিধ এতিয়াও তাইৰ মন মগজুত সৰুকালৰ দৰেই আছে৷ গতিকেই সাতে পাঁচে মিলাই তাই অহাৰ কোনো লজিক নাখাটে৷

তাই প্ৰথম আহিছিল৷ চাদৰ কোণত এক ছায়ামূৰ্তিৰ ৰূপত তাইক আৱিষ্কাৰ কৰিছিল ল’ৰাটোৱে৷ জোনাক নিশাৰ পোহৰখিনিক যেন সম্পূৰ্ণ কৰি তুলিছিল তাই৷ গুচি যাব নেকি সি? কিন্তু কিয়? জীৱনত কিছুমান সুযোগ এবাৰেই আহে৷

তাই তাক দেখিছিল চাদৰ দুৱাৰখনৰ মুখত৷ কি ভাৱ হৈছিল তাইৰ? ভাল? বেয়া? তাই নাজানে৷ ল’ৰাটোৰ দৰে হয়তো তাই ভবা নাই৷ তাইৰ অৱশ্যে ভয়ো লগা নাই৷ তাই জানে সি তাইৰ ক্ষতি নকৰে৷ তাইৰ বুলি নহয়, সি কাৰো ক্ষতি নকৰে৷

ল’ৰাটোৰ মনত তেতিয়া অতীতৰ ফ্লেছবেক৷ তিনি বছৰ সি কটাইছে তাইক লৈ কল্পনা ৰাজ্যত৷ সি সেই ৰাজ্যৰ ৰজা, তাই ৰাণী৷ কল্পনাত সি হৈছে ৰজা দুষ্যন্ত, হৈ পৰিছে শকুন্তলাৰ শৰীৰত বিলীন৷ সি হৈছে নদী, বৈ গৈছে তাইৰ মাজেৰে৷ কিমানটা ৰাতিপুৱা সি স্বপ্নভংগৰ বেদনাৰে দিনটোৰ আৰম্ভণি কৰিছে তাৰ হিচাপ সি নিজেও দিব নোৱাৰে৷

তাই? নাই, তাই সপোন দেখা নাছিল৷ তাই আছিল বাস্তৱবাদী৷ তাই হ’ব বিছাৰিছিল পাৰফেক্ট৷ পাৰফেক্ট হোৱাৰ চেষ্টাত নিজৰ জীৱন, যৌৱন উপভোগ কৰিবলৈ তাই আহৰিয়েই নাপালে৷ ক্লাছৰ টপাৰ, বেষ্ট চিংগাৰ… নাহ্ তাইক আৰু কিবাকিবি লাগিছিল৷ অজস্ৰ জনৰ কাম্য নাৰী হৈয়ো তাই সন্তুষ্ট নাছিল৷ তাই নাজানিছিল তাই জীৱনৰ পৰা কি বিছাৰে৷

নে জীৱনে নাজানিছিল তাই কি বিছাৰে??

ল’ৰাটোৰ মনৰ খবৰ তাইৰ দুৱাৰলৈ আহিছিল৷ ল’ৰাটো বেয়া নহয়৷ পাৰফেক্ট নহ’ব পাৰে, কিন্তু বেয়া নহয়৷ তাই নীৰৱে আছিল৷ বন্ধুক ভালপোৱাৰ প্ৰস্তাৱ দিলে বন্ধুত্ব শেষ হৈ যায়৷ তাই কথাটো নামানিছিল৷ সি মানিছিল৷

কত দিন, কত ৰাতি পাৰ হৈ গ’ল৷ সি ভাবিছে তাইক পাহৰি যাব৷ তাই ভাবিছে তাক পাহৰি যাব৷ পিছে এজনেও পাৰিছে জানো? উত্তৰ এজনেও নাজানে৷

এই উত্তৰ নাজানে বাবেই একেখন চাদতে ইমান ওচৰত থাকিও দুয়ো শতযোজন দুৰত৷

বিয়াঘৰত দৰা অহাৰ সময় হৈছে৷ গল্পটোও দৰা অহাৰ আগেয়েই শেষ হ’ব লাগিব৷ সি একো নক’লে, তায়ো নক’লে৷ কোনোবা হঠাৎ চাদলৈ উঠি আহিব পাৰে৷ দুয়োকে এনে অৱস্থাত দেখিব পাৰে৷ দুয়োকে লৈ সৰস আলোচনা হ’ব পাৰে৷ আলোচনাই তাইক আকৌ তাৰ বিষয়ে ভাবিবলৈ বাধ্য কৰাব পাৰে৷ তাই বিছাৰিছে কোনোবা আহক, সিহঁতৰ কথা আলোচনা হওঁক৷ হোমৰ জুইৰ কাষত তাইৰ গাল দুখন লাজত ৰঙা হৈ পৰক৷

আহিব নেকি কোনোবা হঠাৎ৷ এই সময়ত কোনো যাতে নাহক৷ আহি সিহঁতৰ বিষয়ে নাভাৱিবলগীয়া কিবা কথা উলিয়ালে তাই কষ্ট পাব, দুখ পাব৷ তাই দুখ পোৱা সি সহ্য কৰিব নোৱাৰে, কেতিয়াওঁ নোৱাৰে৷

জোনটোলৈ চাই ৰ’ল তাই৷ তাৰ জোতাৰ শব্দবোৰ কমি যোৱাৰ আভাসটোৱে চাদখন তৰাং কৰি তুলিলে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!