হু কেয়াৰচ – লক্ষ্য জ্যোতি নাথ

আমাৰ অসমৰ নিউজ চেনেল কেইটাই স্বৰ্গদেউৰ সুখ-শান্তি নোহোৱা কৰিছে, শান্তিৰে খাব-শুব নিদিয়া হৈছে৷ য’তে-ত’তে ডিঙিত কেমেৰাটো লৈ স্বৰ্গদেউৰ জিনা হাৰাম কৰি দিছে৷ পাৰিলে যেন স্বৰ্গদেউয়ে গা ধুই থকা বাতৰিও সম্প্ৰচাৰ কৰিব “হয় ফিউজ লাইভেই অসমৰ একমাত্ৰ চেনেল যোনে অসমৰ স্বৰ্গদেউয়ে গা ধুই থকা এক্সক্লুছিভ দৃশ্য সম্প্ৰচাৰ কৰি আছে, কেমেৰা পাৰচন চানুক স্বৰ্গদেউয়ে গা ধুওঁতে কি চাবোন ব্যৱহাৰ কৰে সেই দৃশ্য ভালকৈ দেখুৱাবলৈ অনুৰোধ কৰিছো৷”

এইবোৰ কথাতেই স্বৰ্গদেউৰ গা বেয়া, প্ৰেচাৰ ল’ হৈ গৈছে৷

পৰহি দিনা মিটিং এখনত ভাষণ দি থাকোতেই মূৰ ঘূৰাই শুই পৰিল৷ তাৰ পিছত হুৱা-দুৱা অৱস্থা৷ দুটামান নিউজ চেনেলে বোলে শোকবাণী সহ ব্ৰেকিং নিউজ টাইপ কৰি ৰেডি হৈ আছিল, অপেক্ষা মাথো শেষ বাতৰিলৈ৷

লগে লগে স্বৰ্গদেউক হস্পিতাললৈ লৈ যোৱা হ’ল৷ স্বৰ্গদেউ অসুস্থ হোৱা বাতৰি পাইয়েই স্বৰ্গদেউৰ চকুৰ মণি ৰফিকুল দা হস্পিতাল পালেহি৷ ডাঙৰ পেটটোৰ সৈতে অলপ দৌৰা-দৌৰিকৈ আহিব লগা হোৱাত ৰফিকুলদাৰো হাৱা উৰি গ’ল৷ ফোপাই-জোপাই আহি ৰফিকুলদায়ে স্বৰ্গদেউক মাত দিলে-

: ছাৰ, আপোনাৰ খবৰটো পাই মই লান্স আধাতে এৰি দৌৰি দৌৰি আহিছো জানেনে? ভাল পাইছেনে এতিয়া ছাৰ?

: হেই মিছা কথাডাল কিয় কোৱা হয়নে… এই হেন পেটটো লৈ তুমি দৌৰিব পাৰিবানে! মোৰ ভালে বাৰু বৰ্তমান৷ ফটকৈ কি হ’ল জানো মূৰটো ঘূৰাই পৰি গ’লো৷

: ছাৰ, আপোনাক মই কিমান ক’ম! ৷ আপুনি এইবোৰ ফাল্টু কথাত টেনচন নল’ব৷ এনেই আপোনাৰ বি.পি ল’… এনেকৈ হ’লে অহাবাৰ স্বৰ্গদেউ হোৱা দূৰৰ কথা ইলেকচনলৈকে টিকা মুস্কিল হৈ যাব৷

: হেই ৰফিকুল, থৈ দিয়া হে… হু কেয়াৰচ হাঁ… হু কেয়াৰচ? মোৰ কাৰো টেনচনত মূৰ ঘূৰোৱা নাই বুজিছা৷

: চাৰ, বানপানী চাবলৈ যাওঁতে যে হেলিকপ্টাৰত আপুনি মূৰ দুপিয়াই দুপিয়াই গৈছিল৷ সেই কথাটোকে নিউজ চেনেলবোৰে কিমান বেয়া বেয়া কৈ দেখুৱাইছে দেখিছেনে!

: হেই… বাদ দিয়া হে… মিছাডাল ক’লে কিডাল হ’ব হয়নে? ফ্লাইটত দেখোন সকলোৱে শোৱে, মই অকণমান শুলোৱে যেনিবা তাতে কি অপৰাধ হ’ল? আমেৰিকা-লণ্ডনৰ মুখ্যমন্ত্ৰীয়েও হেলিকপ্টাৰত শোৱে৷ হেঃ হেঃ মিছাডাল ক’লে কিডাল হ’ব হয়নে?

: কিন্তু চাৰ, ফ্লাইটত ভ্ৰমণ কৰোঁতে শোৱা আৰু আপুনি বানপানী, বানাক্ৰান্তক চাব গৈ শোৱা মাজত পাৰ্থক্য নাই জানো?

: চুপ৷ একদম চুপ৷ হু কেয়াৰচ হাঁ… তুমি বেছি কথা নক’বা নহ’লে যিবোৰ সুবিধা দি আছো সকলো বন্ধ কৰি দিম৷

: ছ’ৰী ছাৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!