সংযোগ

লেখক- যশোৱন্ত নিপুণ

চকীখনত আৰামকৈ বহি বিছনাত ভৰি দুখন তুলি দি ৰাতুলে খিৰিকিৰে দূৰৰ নীলা পাহাৰখনলৈ চাই পঠিয়ালে ৷ আকাশখনো কেৱল নীলা, নীলা আৰু নীলা ৷ বগলী এজাক এফালে উৰি গৈ আছে ৷ নীলাৰ মাজত বগলী বগা! আস্ কি সুন্দৰ দৃশ্য! বগলীজাকৰ লগতে তাৰ মনটোও উৰি গৈ থাকিল দূৰলৈ, দূৰলৈ, দূৰলৈ।
তেনেতে ফোনটো বাজি উঠিল ৷ সি মহা বিৰক্ত হ’ল ৷
“ফোনটো দিয়াচোন, মিনতি!” ঘৈণীয়েকলৈ চাই সি ক’লে ৷
“কিয়, নিজে ল’ব নোৱাৰা নেকি? দেখা নাই, মই কি কৰি আছোঁ?” মিনতিয়ে ভেকাহি মাৰি উত্তৰ দিলে ৷ তাই চাহ কৰি আছিল ৷
“মই অলপ বহিছোঁ ৷ কিবাকিবি বৌদ্ধিক চিন্তা কৰিম বুলি ভাবিছিলোঁ, সোণজনী ৷”
“হৈছে, বৰ ফালিব নালাগে ৷ নিজে ল’ব পাৰিবা দিয়া! বিৰক্ত কৰি নাথাকিবা!” একেই উষ্মাৰে তাই কৈছিল ৷
ৰাতুলে মুখ বেকেটাই উঠি গৈ মেজৰ পৰা ফোনটো তুলি ল’লে ৷ কিন্তু সেয়া দেখোন সুনীলৰ ফোন ৷ তাৰ মনৰ বিৰক্তিখিনি ধোঁৱা হৈ উৰি গুচি গ’ল ৷
“অ’ সুনীল, কি খবৰ, ভাই ?” ৰাতুলে মহা উৎসাহেৰে আৰম্ভ কৰিলে ৷
“ভালে দে ৷ পাছে তহঁতৰ কেনে? ভালে নে ?” ফোনত সুনীলৰ মাত ভাহি আহিল ৷
“আছোঁ আৰু একৰকম ৷ অফিচ-ঘৰ, ব্যস্ততা, এইবোৰেই ৷”
“একে, একে ৷ আমাৰো সেইটোৱে ৷ নিস্তাৰ নাই ৷ এটা কথাৰ কাৰণেহে ফোন কৰিলোঁ ৷”
“কচোন!”
“তোৰ গল্পটো ‘দুৰন্ত প্ৰহৰীত’ পঢ়িলোঁ ৷ দুবাৰো পঢ়িলোঁ ৷ বাৰে বাৰে পঢ়িব পৰা গল্প ৷ বৰ ভাল লিখিছ বে তই ৷”
“হেঃ হেঃ হেঃ ৷ ধন্যবাদ, ধন্যবাদ! লিখিছোঁ আৰু কিবাকিবি ৷ জাবৰে হৈছে নে গল্পই হৈছে, নাজানো ভাই ৷” ৰাতুলে মনে মনে বৰ ভাল পালে ৷ তাৰ গল্প পঢ়ি দুই-এজন পাঠকে মাজে মাজে ফোন কৰে, মেচেজো কৰে ৷ তেতিয়া তাৰ বৰ ভাল লাগে ৷
“আমাৰ বহুত কথাই লিখিছ দেখোন গল্পটোত ৷ বঢ়িয়া দেই ৷ বৰ সুন্দৰকৈ কথাবোৰ সুমুৱাই দিছ ৷ তোৰ গল্পত তাৰ মানে বহুত সঁচা কথাও থাকে ৷”
“সঁচা অভিজ্ঞতাও থাকে, কিছু কল্পনাও থাকে ৷ তইতো গম পাইছই ৷”
“অ অ ৷ পিছে, মিনতিয়ে কেনে পাইছে গল্পটো? দেখুৱাইছ গল্পটো ?”
সুনীলে পঢ়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনতেই মিনতিয়েও পঢ়িছিল ৷ সুনীলতকৈ তাই দুই শ্ৰেণী তলত আছিল ৷
“সিমান ভাল পোৱা নাই ৷ মোৰ গল্প এওঁ কেতিয়াও ভাল নাপায় ৷ কিন্তু মোৰ গল্পৰ প্ৰথম পাঠিকা শ্ৰীমতীয়েই সদায় ৷”
“হাঃ হাঃ হাঃ বোলো কিবা খঙেই উঠিছে নেকি তাইৰ? কেনে আছেনো তাই ?”
“ভালে আছে দে ৷”
“আমাৰ এৱোঁ পঢ়িছে গল্পটো ৷ ভালেই পোৱা বুলি কৈছে, ৰহ ৷”
তেনেতে মিনতি ৰাতুলৰ কাষত চাহ একাপ লৈ থিয় হ’ল ৷ তাই ৰীমা মানে সুনীলৰ শ্ৰীমতীৰ লগত কথা পাতিব খুজিলে ৷
“অই, শুনচোন! এওঁ বোলে ৰীমাৰ লগত কথা পাতে ৷ ৰীমা আছেনে ?”
“আছে, ৰহ! মই মাতি দিছোঁ ৷ এক মিনিট ৰ’বি!” সুনীলে ক’লে ৷
অলপ পাছত আকৌ সুনীলৰ মাত ৷
“এহ্, এওঁ গা ধুবলৈ গ’ল অ’ ! ৰীমায়ে পাছত ফোন কৰিব দে ! হ’বনে ?”
“হ’ব, হ’ব ৷ কোনো কথা নাই ৷ ফোন কৰি থাকিবি এনেকৈ মাজে মাজে!”
“হ’ব দে ৷ ঠিক আছে ৷ বাকীতো ভালেই নহয় ?”
আগশাৰীৰ মাহেকীয়া আলোচনী “দুৰন্ত প্ৰহৰী”ত এলাপেচা লেখকৰ গল্প প্ৰকাশ নহয় ৷ ৰাতুলৰ “অতীতৰ চিঞৰ” গল্পটো আলোচনীখনে প্ৰকাশ কৰা তাৰ প্ৰথম গল্প ৷ গম পোৱাৰ দিনা পুৱাৰ পৰাই সি মনে মনে বৰকৈ ফুলি আছিল ৷ ডাঙৰ লেখকসকলৰ শ্ৰেণীত তাৰো নামটো লিখা হৈ গ’ল যেন লাগি আছিল তাৰ ৷
চাৰি মাহমান আগতে ৰাতুলে থকা নগৰখনৰ পৰা কিছু দূৰৰ মন্দিৰ এটা দৰ্শন কৰিবলৈ সপৰিয়ালে যাওঁতে সিহঁতে সুনীল আৰু তাৰ পৰিয়ালটোক লগ পাইছিল ৷ সুনীলহঁত যে তাৰ নগৰখনৰে হোটেল এখনত আছেহি ৰাতুলে তাতেই গম পালে ৷ কলেজ এৰাৰ বিশ বছৰৰ পাছত সিহঁত সেইদিনা হঠাতে অপ্ৰত্যাশিতভাৱে লগালগি হৈছিল ৷ মাজৰ দিনবোৰত সিহঁতৰ যোগাযোগ আছিল একেবাৰেই শূন্য ৷ আজি-কালি ইমান সুবিধাবোৰ থকাৰ পাছতো এই দীঘলীয়া সময়ছোৱাত সিহঁতৰ এবাৰো যোগাযোগ নহ’ল ৷ কলেজৰ আবাসত কটোৱা বছৰবোৰত কিন্তু সিহঁতৰ বন্ধুত্ব ইমানেই গাঢ় হৈ পৰিছিল যে চতুৰ্থ বছৰৰ শেহৰ ফালে সিহঁত সকলোকে দুখবোধ এটাই মেৰিয়াই ধৰিছিল ৷ চতুৰ্থ বছৰটো কলেজত সিহঁতৰ শেষ বছৰটো আছিল ৷ ওচৰ চাপি অহা বিচ্ছেদৰ কথা ভাবি ভাবি সিহঁত কেতিয়াবা কেতিয়াবা বিমৰ্ষ হৈ পৰিছিল ৷ কলেজ এৰি আহোঁতে ৰাতুলক বিদায় দিবলৈ সুনীল আৰু লগৰ কেইজনমান ষ্টেচনলৈকে আহিছিল ৷ ট্ৰেইনখন চলাৰ পাছতো সুনীল আৰু তাৰ লগৰ কেইজন নেদেখা হোৱালৈকে সি খিৰিকিৰে হাত জোকাৰি আছিল ৷ তাৰ চকু দুটা চলচলীয়া হৈ পৰিছিল ৷
সিহঁতে যোগাযোগ ৰাখিব বুলি ঠিক কৰিছিল ৷ ঘৰত ফোন নাছিল কাৰণে চিঠিয়েই লিখিব মাজে মাজে আৰু পাৰিলে সিহঁতে কেতিয়াবা ক’ৰবাত লগালগিও হ’ব ৷
কিন্তু সেইবোৰ একোৱেই নহ’ল ৷ কলেজ এৰি আহি প্ৰত্যেকেই নিজৰ নিজৰ জগতত ব্যস্ত হৈ পৰিল আৰু সিহঁতৰ কোনেও তাৰ পৰা পিছলৈ ঘূৰি চোৱাৰ অৱকাশো নাপালে বা পিছলৈ ঘূৰি চাবলৈ ইচ্ছাও নকৰিলে ৷ জীৱিকাৰ তাড়নাই সিহঁতক ভিন ভিন পথেৰে দূৰলৈ আৰু দূৰলৈ টানি লৈ গ’ল ৷ আৰু তেনেকৈয়ে সিহঁতৰ মাজৰ যোগসূত্ৰবোৰো ক্ৰমশঃ ক্ষীণ হৈ আহি আহি হেৰাই গৈছিল ৷
কলেজৰ চাৰিটা বছৰ কম সময় নাছিল আৰু সেই সময়ছোৱা আছিল জটিলতাশূন্য আশাভৰা সহজ সময় ৷ কলেজ এৰি অহাৰ কিছু দিন পাছলৈ সিহঁতৰ মনবোৰ খালী খালী হৈ নথকা নহয় ৷ যেন সকলোবোৰেই শূন্য হৈ পৰিছিল চাৰিওফালে ৷ কিন্তু পৃথিৱীয়ে বোধহয় একোৱেই শূন্য হৈ থকাটো নিবিচাৰে কেতিয়াও ৷ ক্ষণিকলৈ খালী হোৱা ঠাইবোৰ চিনিব নোৱৰাকৈ পৃথিৱীয়ে কোনেও গম নোপোৱাকৈয়ে আকৌ পূৰ কৰি আনে ৷ দুদিনৰ হুমুনিয়াহেৰে ভৰা নীৰৱতাৰ কোলাহল বতাহ এছাটিৰে উৰুৱাই লৈ যাবলৈ পৃথিত বহুত কিবাকিবিয়েই আছে ৷ সিহঁত নতুন জীৱনবোৰত ব্যস্ত হৈ পৰিছিল ৷ অতীতে মাত্ৰ ৰিঙিয়াই গৈছিল কেতিয়াবা কেতিয়াবা ৷ সেয়াই ৷
শিলাময় পাহাৰ এখনত মন্দিৰটো ৷ মূৰ্তি, মন্দিৰ সকলোবোৰ শিলত কটা ৷ সেইদিনা খটখটীৰে বগাবলৈ লৈয়ে সম্মুখত ওখ-পাখ, সামান্য শকত মানুহজনক দেখি ৰাতুল আচৰিতেই হৈছিল ৷ ৰঙীন চশমাৰ তলৰ মুখখন তাৰ চিনো চিনো লাগিছিল ৷ সি ভবা-গুণা কৰি থাকোঁতে মানুহজনেই প্ৰথমে মাতিলে ৷ সেইজন আছিল তাৰ একালৰ পৰম বন্ধু সুনীল ! সাধাৰণতে হোৱাৰ দৰে তাৰো বহুত শাৰীৰিক পৰিৱৰ্তন হৈছিল ৷ পেট, ডিঙি, থুঁতৰিত কিছু চৰ্বি জমা হৈছে ৷ মূৰৰ বহু জেগাৰ পৰা চুলিও হেৰাই গৈছে ৷ কিন্তু একেই আছিল তাৰ পুৰুষসুলভ ব্যক্তিত্ব, সৌন্দৰ্য আৰু ৰঙিয়াল স্বভাৱটো ৷
আনন্দ, হাঁহি আৰু আশ্বৰ্যৰ ঢৌ এটা পাৰ হৈ গৈছিল ৷ কলেজৰ দিনবোৰৰ সোঁৱৰণিৰ কিছু সময়ৰ দ্ৰুত ৰোমন্থন চলিছিল ৷ সিহঁতে আচৰিতভাৱেই সেই দিনবোৰৰ বহুতো খুটি-নাতি ফটফটীয়াকৈ মনত পেলাব পাৰিছিল ৷ তাৰ পাছত চা-চিনাকিৰ এটা চমু পৰ্ব চলিছিল ৷ সুনীলে মিনতিক আগৰ পৰাই চিনি পায় ৷ অৱশ্যে ৰাতুলহঁতে ৰীমা, মানে সুনীলৰ ঘৈণীয়েকক সেইদিনাহে প্ৰথম দেখিছিল ৷
“আচলতে আমি সকলোৱে খুব দূৰলৈ আতৰি গ’লোঁ ৷ কিয়বা এনে হ’ল ? তই ইয়াতে থকা বুলিও গমেই পোৱা নাছিলোঁ ৷” সুনীলে কৈছিল ৷
“আহিছই যেতিয়া, মোৰ ঘৰলৈকো এপাক মাৰিবি ! কিমান দিনৰ মূৰত দেখিলোঁ তোক ৷ আৰু কেতিয়াবা লগ পাম নে নাই, তাৰোনো কি ঠিক ? কিজানি লগ নাপাওঁৱেই ৷” ৰাতুলে কৈছিল ৷
“হয় অ’ ৷ ইমান বছৰ দেখোন এনেকৈয়ে পাৰ হৈ গ’ল ৷ পিছে চাওঁচোন ৷ নাকী এডাল লাগিয়েই থাকে নহয় ৷ আমিও দিন-বাৰ হিচাপ কৰি আহিছোঁ ৷” সুনীলে আৰু ক’লৈ ক’লৈ যাব, সেইবোৰৰ হিচাপ দিছিল ৷ তথাপি মাজতে এটা বেলা সি উলিয়াব পাৰিব বুলি কৈছিল ৷
ৰাতুলে ৰীমাক লক্ষ্য কৰিছিল ৷ মানুহজনী সুনীলৰ লগত দেখাই-শুনাই মিলা, ওখ-পাখ আৰু ধুনীয়া ৷ অৱশ্যে ৰাতুলৰ মনত মিনতিৰ দৰে ধুনীয়া নাৰী এই পৃথিৱীৰ ক’তোৱেই নাই ৷ ৰীমা তেনে কোনো সংকোচ নোহোৱা সপ্ৰতিভ ধৰণৰ মহিলা যেন লাগিছিল তাৰ ৷ মিনতি অলপ সময় পিছ হুহকি আছিল যদিও ৰীমাই কথাবোৰ সহজ কৰি পেলাইছিল ৷ দুয়োজনীয়ে সোনকালেই খোলাখুলিকৈ একাষৰীয়া হৈ পুৰণি বান্ধৱীৰ দৰে কথা পতাত লাগি গৈছিল ৷
মিনতি যে সুনীলৰ লগত একেখন স্কুলতেই পঢ়িছিল, সেইষাৰ কথা সুনীলে উল্লেখ কৰিছিল ৷ ৰাতুলে কথাটো অৱশ্যে আগতেই জানিছিল ৷
মন্দিৰৰ পৰা ওলাই হোটেলত সিহঁতে একেলগে দুপৰীয়াৰ ভাত খালে ৷
“মাজৰ বছৰবোৰ ক’ত কেনেকৈ হেৰাই থাকিল অ’ ৰাতুল ?” সুনীলে খোৱাৰ মাজতে সুধিছিল ৷
“এয়েতো জীৱন, ভাই ৷ অথচ, সৌ সিদিনাহে কলেজ এৰা যেন লাগে মোৰ ৷” ৰাতুলে অলপ গভীৰভাৱে কৈছিল ৷ সি ক’ব নোৱৰাকৈয়ে কথাষাৰত বেদনাগধুৰ সুৰ এটা মিহলি হৈ আহিছিল ৷
সুনীলে হাঁহিছিল ৷ গম্ভীৰ হৈ কৈছিল, “কিমান বছৰ, কিমান বসন্ত পাৰ হৈ গ’ল ৷ গছৰ কিমান সেউজীয়া পাত সৰি পৰিল, উৰি গ’ল, ছাই হৈ গ’ল ৷ কোনে মনত ৰাখে? মনত ৰাখিবওনো কিয়?”
“আপোনাৰ কথাবোৰ এতিয়াও কবিতা কবিতা লাগে দেই! কবিতা লিখেনে আজি-কালি ?” ৰীমাৰ লগত কথা পতা বন্ধ কৰি মাজতে মিনতিয়ে লাহেকৈ সুধিছিল ৷
“তই তাৰমানে কবিতাও লিখ? আজিহে জানিলোঁ দেখোন ৷” ৰাতুলো অলপ আচৰিত হৈছিল ৷
“লিখিছিলোঁ আগতে ৷ কলেজলৈ অহাৰ পাছত কবিতা লিখিবলৈ এৰি দিলোঁ ৷”
“ইমান ধুনীয়া কবিতা লিখিছিল আপুনি ! কিমান যে ভাল লাগিছিল মোৰ ! কিয় লিখিবলৈ এৰিলে ?” মিনতিয়ে সুনীলৰ ফালে সপ্ৰশংস চাৱনি এটি দি আকৌ সুধিছিল ৷
“সেয়া বহুত কথা ৷” সুনীলে কৃত্ৰিম গহীন সুৰত কৈছিল ৷ “কবিতা লিখিবলৈ সুকোমল অনুভূতিৰ প্ৰয়োজন ৷ সেই অনুভূতিবোৰ কিজানি আমাৰ স্কুলখনতে ৰৈ আহিছিল ৷”
“স্কুলৰ ক’ত ৰৈ আহিছিল ?” মিনতিয়ে লাজকুৰীয়া হাঁহি এটা মাৰি সুধিছিল ৷
“স্কুলৰ ফুলনিৰ ধুনীয়া ধুনীয়া ফুলবোৰৰ মাজত আকৌ ৷ হাঃ হাঃ হাঃ !” সুনীলে প্ৰাণখোলা হাঁহি এটা মাৰি উত্তৰ দিছিল ৷
“তোৰ কথাবোৰ আজিও কবিতা কবিতা হৈ পৰিছে দেখোন! কি কাণ্ড ?” ৰাতুলে কৈছিল ৷ “কিবা পুৰণি স্মৃতি জাগ্ৰত হোৱা নাইতো ৷ হাঃ হাঃ হাঃ” ৰাতুল আৰু সুনীলে সশব্দে হাঁহিত ভাগি পৰিছিল ৷ মিনতিয়ে লাজ লাজকৈ তলমূৰ কৰি মিচিকিয়াইছিল ৷ ৰীমাই এবাৰ মিনতিলৈ, এবাৰ সুনীলৰ মুখলৈ চাইছিল ৷
“তোমালোকে জানানে, ৰীমা আৰু ৰাতুলক কৈছোঁ, মিনতি আমাৰ স্কুলত খুব বিখ্যাত আছিল ?” খাই থকাৰ মাজতে সুনীলে কৈছিল ৷
মিনতিয়ে তলমূৰকৈ লাজ লাজকৈ হাঁহিছিল ৷
“কিয়বা বিখ্যাত আছিল? এওঁৰ খ্যাতিৰ কাৰণটো জানোচোন ৷” ৰাতুলে আচৰিত হোৱা যেন দেখুৱাই সুধিছিল ৷
“আমাৰ স্কুলৰ, মানে স্কুলৰ বুলি ক’লে ভুল হ’ব, আচলতে আমাৰ সেই অঞ্চলৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে আছিল কুমাৰী মিনতি চৌধুৰী ৷”
“হয় নে ?” ৰীমাই সুধিছিল ৷ তাইৰ ইমান পৰে হাঁহি থকা মুখখনত ক্ষুদ্ৰ এটি মুহূৰ্তৰ কাৰণে কিবা এটা পৰিৱৰ্তন ৰাতুলে লক্ষ্য কৰিছিল ৷
“হয়তো ৷ গোটেইমখা ল’ৰা মিনতিৰ পিছে পিছে ৷”
“তয়ো আছিলি নেকি অ’ সেই গোটেইমখাৰ মাজত ?”
“এহ্ ৷ মইনো কি ক’ম! মোৰ ওৱেটিং লিষ্টতো ঠাই নহ’ব বুলি ভাবি চেষ্টাই নকৰিলোঁ আৰু !” সুনীলে কৃত্ৰিম দুখৰ ভাব এটা দেখুৱাইছিল ৷
“সঁচাই কৈছনে ? মোৰ এতিয়া সন্দেহ হ’বলৈ ধৰিছে অ’ ! আজি ৰাতি মোৰ টোপনিয়ে নাহিব কিজানি ৷”
“সঁচাকৈয়ে কৈছোঁ ৷ মই আছিলোঁ পৃথিৱীৰ নিঃকিনতম ল’ৰা আৰু কুমাৰী মিনতি চৌধুৰী দূৰ সৰগৰ পৰী ৷ কেনেকৈ আগবাঢ়োঁ মই ?”
“দৰ্খাস্ত এখন দিব লাগিছিল ৷ মানে চিঠিৰ দৰে কিবা এখন ৷” ৰাতুলে পৰামৰ্শ আগবঢ়াইছিল ৷
মিনতিয়ে চকু নোতোলাকৈ তলৰ ওঁঠখন কামুৰি লাজ লাজকৈ আকৌ হাঁহিছিল ৷
“হাঃ হাঃ হাঃ!”, সুনীলে ডাঙৰকৈ হাঁহি কৈছিল, “সেইটোৱে কৰিব লাগিছিল অ’ ৷ আজি তেনেকুৱাই লাগিছে ৷ কাপুৰুষ আছিলোঁ অ’ মই ৷ নহ’লে আজি!”
“নহ’লে আজি বান্দৰে পিন্ধা মুকুতাৰ হাৰডালে সুনীলদেৱৰ ডিঙি শুৱাই থাকিলেহেঁতেন ৷ হাঃ হাঃ হাঃ !”
“তোৰ বৰ ভাগ্য অ ৰাতুল ৷ মোৰহে আজি টোপনি নাহিব কিজানি ৷ হাঃ হাঃ হাঃ ৷ কবিয়ে কৈছে নহয় – স্মৃতি দুখৰ অতীত। হাঃ হাঃ হাঃ”
“সুহুৰিয়াই কি যায় ? হা, সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা ৷ হাঃ হাঃ হাঃ ৷”
দুয়োৰে হাঁহিৰ শব্দই গোটেই ৰেষ্টুৰেণ্টখন জিনি লৈ গৈছিল ৷ ওচৰৰ টেবুল দুখনমানত মনোযোগেৰে ভাত, ৰুটী খাই থকা গ্ৰাহক কেইজনমানে বিৰক্তিৰে সিহঁতলৈ ঘূৰি চাইছিল ৷ কাউণ্টাৰত বহা মানুহজনে গ্ৰাহক এজনে দিয়া নোট কেইখনমান দুহাতত লৈ খৰকৈ গণি আছিল ৷ হাঁহিৰ শব্দত তেওঁৰ হিচাপত আউল লাগি গ’ল ৷ খঙৰ ভাবটো নুলুকুওৱাকৈ সেইজনে ডিঙি মেলি চকু থিয় কৰি ৰাতুলহঁতৰ ফালে চাইছিল ৷ মিনতি আৰু ৰীমা অলপ অপ্ৰতিভ হৈ পৰিছিল ৷ সিহঁতৰ মুখৰ হাঁহিয়ে প্ৰাকৃতিক ৰঙটো হেৰুৱাই পেলোৱা যেন দেখা গৈছিল ৷
ৰাতুল আৰু সুনীলো অলপ সংযত হ’ল ৷ লগাতকৈ অলপ বেছি আগুৱাই যোৱা যেন লাগিছিল দুয়োৰে ৷ ৰীমা আৰু মিনতি কিছু পৰিমাণে গম্ভীৰ হৈ পৰিছিল কাৰণেই চাগে বাকী একেলগে থকা সময়খিনিত ৰাতুল আৰু সুনীলে ডাঙৰকৈ হা-হাকৈ আৰু হঁহা নাছিল ৷
সুনীলহঁত ৰাতুলৰ ঘৰলৈ আহিব পৰা নাছিল ৷ যিদিনা আহোঁ বুলিছিল, সেইদিনা ৰীমাৰ গা অলপ বেয়া লাগি আছিল ৷ সিহঁতে হোটেলতে জিৰাইছিল সেইদিনা ৷
এই কথাখিনি মিলাই আৰু বহু কল্পনা শক্তিৰ প্ৰয়োগ ঘটাই ৰাতুলে গল্পটো লিখিছিল ৷ গল্পটোত কিছু মচলা আৰু কেইটামান মনস্তাত্বিক পাকো যোগ কৰিছিল সি ৷ ভাগ্যক্ৰমে “দুৰন্ত প্ৰহৰী”ত গল্পটো প্ৰকাশো হ’ল ৷
দুদিন পাছত পুৱাই ৰাতুলে সুনীলক ফোন কৰিলে ৷ ৰীমাৰ লগত মিনতিৰ কথা পাতিবলৈ বৰকৈ ইচ্ছা হৈ আছিল ৷
“এওঁ বোলে ৰীমাৰ লগত কথা পাতে ৷” ৰাতুলে ফোনত কৈছিল ৷
“ৰীমা ঘৰত নাই অ’ ৷ পৰহি আবেলিয়েই গ’ল তেওঁলোকৰ মানে মাকৰ ঘৰলৈ ৷”
“অ’ হয় নেকি ? তেওঁৰেই ফোন নম্বৰটো দিবিচোন ৷”
“হ’ব দে ৷ কিন্তু গা বেয়া নেকি ৰীমাৰ, এই দুদিন মোক ফোন কৰাও নাই আৰু মোৰ ফোন ধৰাও নাই ৷”
“ঠিক আছে দে ৷ দুদিনমান পাছতেই ফোন কৰিব মিনতিয়ে ৷” ৰাতুলে কৈছিল ৷
পিছদিনা দুপৰীয়া ৰাতুলৰ ফোনটো বাজিল ৷ ৰীমাৰ পৰা ফোন অহাত ৰাতুল অলপ আচৰিত হৈছিল ৷ কিয়বা তাক ফোন কৰিব লগা হ’ল ? লগ পাওঁতে সিতো ভালকৈ ৰীমাৰ লগাত কথা পাতিবই পৰা নাছিল ৷ মিনতিয়েহে তাইৰ লগত বেছিকৈ লাগি আছিল ৷
দুই-এষাৰ সৌহাৰ্দ্যপূৰ্ণ কথাৰ পাছত ৰীমাই কৈছিল, “আপোনাৰ ‘অতীতৰ চিঞৰ’ গল্পটো পঢ়ি বৰ ভাল লাগিছে ৷ খুব সুন্দৰ লিখিছে আপুনি ৷ ভাবিবই পৰা নাছিলোঁ আপুনি যে এজন ইমান ভাল লেখক ৷”
“ধন্যবাদ ৷ গল্পটো ভাল পোৱা বুলি জানি ভাল লাগিল ৷” ৰাতুল সঁচাকৈয়ে আহ্লাদিত হৈছিল ৷ ৰীমাৰ দৰে স্মাৰ্ট, সুন্দৰী মহিলাই তাৰ গল্প পচন্দ কৰিছে ! আৰুনো কি লাগিছে তাক ?
“ময়ো হাইস্কুলত কবিতা লিখিছিলোঁ ৷” ৰীমাই কৈছিল ৷
“বৰ ভাল ৷ বৰ ভাল কথা ৷”
“মোৰ কবিতা স্কুলৰ আলোচনীত ওলাইছিল ৷ তাৰ পাছত কলেজৰ আলোচনীতো ওলাইছিল ৷”
“সুন্দৰ ! অতি সুন্দৰ ! আপুনি কবি… ” ৰাতুলে উৎসাহেৰে কিবা ক’ব খুজিছিল ৷
“সেয়া বহু বছৰ আগৰ কথা ৷ কিন্তু কবিতা লিখিছিলোঁ কল্পনাৰে, অনুভৱেৰে ৷”
“হয় ৷ কবিতা কল্পনা আৰু অনুভৱৰ কলা ৷” সাহিত্যিক ভাব এটা আনিবলৈ চেষ্টা কৰি সি কৈছিল ৷
“সঁচা ৷ কিন্তু ভাবিছোঁ, গল্পত বাস্তৱৰ বৰ বেছি প্ৰভাৱ থাকে ৷ নহয়নে?” তাই সুধিছিল ৷
ৰাতুলে সেই সম্পৰ্কে আগতে বৰকৈ ভাবি চোৱা নাছিল ৷ তাৰ গল্পত বাস্তৱ কাহিনী, চৰিত্ৰ আদিৰ যথেষ্ট প্ৰভাৱ থকাটো হয় ৷ উত্তৰত পাণ্ডিত্যপূৰ্ণ মন্তব্য এটা দি ৰীমাক মুগ্ধ কৰিব পৰা হ’লে সি বৰ ভাল পালেহেঁতেন ৷ কিন্তু সি যিহেতু গল্প পঢ়া আৰু লিখাহে মানুহ, গতিকে গল্পৰ চৰিত্ৰ, তত্ত্ব আদি সম্পৰ্কে তাৰ বৰ বেছি মন-কাণ নাই ৷ আধুনিক কবিতা বুজিয়েই নাপায় কাৰণে সি সেইবোৰ নপঢ়েই ৷ নিৰস উত্তৰ এটা দিবলৈয়ে সি বাধ্য হ’ল, “হয় ৷ মোৰো তেনে ভাবেই হয় ৷ বাস্তৱৰ প্ৰায়বোৰ ঘটনাকেই সজাই-পৰাই গল্পৰ ৰূপ দিব পাৰি ৷”
“হয় ৷ বাস্তৱৰ ওপৰত ভিত্তি কৰি লিখা গল্পবোৰ বেছি গভীৰ হয় কিজানি ৷ মনত দাগ কাটি থৈ যায় ৷ আপোনাৰ গল্পটো পঢ়াৰ পাছৰ পৰা সেই ভাবটোৱেই আহি আছে ৷ পাহৰিবই পৰা নাই একেবাৰে ৷”
ৰাতুলৰ বৰ ভাল লাগিল ৷ দাৰ্শনিকৰ দৰে গহীন সুৰ এটাৰে ক’লে, “ভাল হোৱা নাই মোৰ গল্পটো ৷ কিন্তু আপোনাৰ মন্তব্যই এটা গভীৰ সত্য ব্যক্ত কৰিছে ৷ বাস্তৱৰ ওপৰত ভিত্তি কৰি লিখা গল্প এটাৰ আৱেদন বেলেগ এটা পৰ্যায়ৰ হয় ৷ সেয়া আমাৰেই জীৱনৰ কথা যে! জীৱনৰ বাস্তৱ ৰূপ গল্পৰ আইনাত চাবলৈ পাঠকে ভাল পায় ৷ গল্প হ’ব লাগে আমাৰ জীৱনৰ বাস্তৱ ছবি ৷”
“হয় ৷ আমাৰ জীৱনৰ ছবি ৷ বাস্তৱ ছবি ৷ আইনাত জুমি চালেহে ভালকৈ জিলিকি উঠা সঁচা ছবি ৷” ৰীমাৰ মাতটো যেন অলপ উদাস হৈ পৰিছিল ৷
“ঠিকেই কৈছে ৷ আপোনাৰ চিন্তাৰ গভীৰতাই মুগ্ধ কৰিলে মোক ৷”
“বাস্তৱ কেতিয়াবা ভাবিব নোৱৰা ধৰণৰ হয়, নহয় জানো ৷” ৰীমাৰ কণ্ঠত এটি শোকভৰা আৱেশ ৷
“ঠিকেই কৈছে আপুনি ৷ বিচিত্ৰ এই বাস্তৱ ৷”
“আৰু জীৱনটো প্ৰায়ে তেনেকুৱা নহয় যেনেকুৱা আমি হোৱাটো বিচাৰোঁ ৷”
“হয় ৷ এটি নিৰ্ঘাত সত্য।”
“আৰু জোনটোও তেনে নহয় যেনে আমাৰ আকাশে বিচাৰিছিল ৷”
“সত্য ৷ আপোনাৰ জীৱন সম্পৰ্কে এক গভীৰ কাব্যিক উপলব্ধি আছে ৷ মই আপ্লুত! সঁচাকৈয়ে মুগ্ধ হৈ গ’লোঁ !” ৰাতুলে কৈছিল ৷
সিফালৰ পৰা কোনো উত্তৰ নাহিল আৰু তেনেকৈয়ে নীৰৱতাৰ কেই চেকেণ্ডমান পাৰ হৈছিল ৷ ৰাতুলে একো বুজিব পৰা নাছিল ৷
“মিনতিৰ লগত কথা পাতিব নেকি ?” নীৰৱতা ভংগ কৰি সি সুধিছিল ৷
“অ’ আপুনি ঘৰতে আছে নেকি ? মই আকৌ অফিচত থকা বুলিহে ভাবিছিলোঁ ৷ এতিয়া আৰু কথা নাপাতোঁ দিয়ক, এৰিছোঁ ৷ গাটো অলপ বেয়া লাগিছে ৷ বাই ৷” ৰীমাই হঠাতে ফোনটো কাটি দিছিল ৷
পিছদিনা ৰাতুলে অফিচৰ কেণ্টিনত দুপৰীয়াৰ আহাৰ খাই উঠি সমুখৰ পাৰ্কখনত খোজ কাঢ়িছে ৷ পাৰ্কত কেইযোৰমান ডেকা-গাভৰুৰ বাদে আৰু কোনো নাই ৷
ফোনটো বাজি উঠিল ৷ ৰীমাৰ ফোন ৷ সি ফোনটো কাণত ল’লে ৷
“ঘৰত নে অফিচত বাৰু ?” ৰীমাৰ মাত ভাহি আহিল ৷
“মই অফিচত ৷ কওকচোন ! ভালনে আপোনাৰ ?” ৰাতুলে ক’লে ৷
“ভাল ৷ এটা কথা সুধিব লগা আছিল ৷ আমনি দিয়া নাইতো আপোনাক ?”
“নাই, নাই ৷ কি কয় ? একো আমনি পোৱা নাই ৷” ৰাতুলে বেঞ্চ এখনত বহি ল’লে আৰামকৈ ৷
“মই মানে আপোনাৰ গল্পটোৰ কথাবোৰকেই ভাবি আছোঁ ৷” ৰীণাই আকৌ “অতীতৰ চিঞৰ”লৈ ঘূৰি যাব বিচাৰিছিল ৷
“অ’ হয় নেকি ? এনে কিনো আছে মোৰ গল্পটোত ?” ৰাতুলে তাৰ গল্পটোৱে কাৰোবাৰ মনত এনেদৰে খলকনি তুলিব পাৰে বুলি ভাবিবই পৰা নাছিল ৷ সি আকাশত উৰিবলৈ ধৰিছিল ৷
“ইমান জীৱন্ত প্ৰকাশ, ইমান অকৃত্ৰিম বৰ্ণনা ! মনটো তোলপাৰ কৰি আছে ৷” ৰীমাই আকৌ ক’লে ৷
“নহয় । এনেয়ে অলপ লিখিছোঁ আৰু !” ৰাতুলে নিৰাসক্ত ভাব এটা দেখুৱাবলৈ চেষ্টা কৰিছিল ৷
“ইমান গভীৰভাৱে, ইমান নিখুঁতভাৱে চৰিত্ৰবোৰ অংকন কৰিছে আপুনি !”
“সিমান ভাল হোৱা নাই দিয়ক ! কিবা অলপ চেষ্টা কৰিছোঁ আৰু !”
“সেইদিনা আমি মন্দিৰত লগালগি হোৱাৰ বৰ্ণনাটো ইমান ভালকৈ দিছে ৷ অথচ ইমান কম কথাৰে ৷ সঁচা সঁচা যেন লাগিছে ৷”
“হয় ৷ সেইখিনি হুবহু লিখিবৰ চেষ্টা কৰিলোঁ ৷ সেই কাৰণেই বোধহয় সঁচা যেন লাগিছে ৷”
“নামবোৰো ধুনীয়া হৈছে ৷ মিলি গৈছে ।”
“মানে ? বুজা নাই মই ৷”
“এই যে প্ৰতুল, অনিল, প্ৰণতি, মীৰা – এই নামবোৰ ৷”
“অ’ সেইটো কথা ৷ হাঃ হাঃ হাঃ !” ৰাতুলে ইমান ডাঙৰকৈ প্ৰাণখোলা হাঁহি এটা মাৰিলে যে ওচৰৰ বেঞ্চত বহা প্ৰেমিক-প্ৰেমিকা এহালে কথা বন্ধ কৰি তাৰ ফালে ঘূৰি চাব লগা হ’ল ৷ “নামবোৰো সঁচা চৰিত্ৰবোৰৰ লগত মিলা হ’লে খুব ভাল হয়, নহয় জানো ?”
“অতীতৰ চিঞৰ” গল্পটোত ৰাতুলক প্ৰতুল, সুনীলক অনিল, মিনতিক প্ৰণতি আৰু ৰীমাক মীৰা নামেৰে উপস্থাপন কৰা হৈছিল ৷
নীৰৱতাৰ কেইচেকেণ্ডমান পাৰ হ’ল ৷
“হয় ৷ সঁচা ঘটনা, সঁচা চৰিত্ৰ যেতিয়া নামবোৰো সঁচা সঁচা হ’লে ভালেই লাগে ৷ এয়েইতো জীৱন ৷ এয়েইতো আমাৰ জীৱনৰ খেল ৷” ৰীমাৰ মাতটো বৰ গভীৰ হৈ আহিছিল ৷
ৰাতুলে একো বুজিব পৰা নাছিল ৷ এনেয়ে ক’লে, “একেবাৰে সত্য কথা ক’লে আপুনি ৷”
“আমাৰ কল্পনাই বিচাৰে সম্মুখৰ পথ মসৃণ হওক ৷ কিন্তু জীৱনৰ পথত জানো খলা-বমা নাথাকে ? জীৱনৰ পথত জানো আমি অপ্ৰত্যাশিত আঘাতৰ সম্মুখীন নহওঁ ? সেই আঘাতে আমাৰ হৃদয় জানো ক্ষত-বিক্ষত কৰি থৈ নাযায় ? কিছুমান আঘাত, কিছুমান স্মৃতি জানো চিৰকাল সজীৱ হৈ নাথাকে ?”
ৰাতুলে ইমান কাব্যিকতাৰে কথাবোৰ ভাবিব নোৱাৰে ৷ সি হ’ল নিৰস গদ্যৰ মানুহ ৷ ক’লে, “হয়, হয় ৷ জীৱনত বহুত দুখ-কষ্ট আছে ৷”
“হয় হয় ৷” ৰীমাই কিবা এটা ক’ব খুজি যেন ৰৈ গৈছিল ৷ উচুপনি এটাও শুনা যেন পালে ৰাতুলে ৷
আকৌ কেইচেকেণ্ডমান নীৰৱতাৰে পাৰ হ’ল ৷
“গল্পটোৰ শেষৰ শাৰীবোৰে মোৰ অন্তৰ তোলপাৰ কৰিলে ৷ সেই স্মৃতিৰ নীলা সাগৰৰ জোৱাৰ যিয়ে হঠাতে উটুৱাই নিব খোজে তেওঁৰ উদাসীন বৰ্তমান ৷” সাগৰৰ গভীৰতম বক্ষৰ পৰা যেন ভাহি আহিছিল ৰীমাৰ কণ্ঠৰ এই শব্দবোৰ ৷
“হয় ৷ তেনেকুৱাই কিবা আছিল নেকি শেষত ?” ৰাতুলে একোৱেই মনত পেলাব পৰা নাছিল, একোৱেই বুজিব পৰা নাছিল ৷
“অতীতৰ চিঞৰ” গল্পটো এই শাৰীবোৰেৰে শেষ হৈছিল –
“সেই মন্দিৰৰ পবিত্ৰ প্ৰাংগনত অনিলে প্ৰণতিৰ দুচকুলৈ বহু বছৰৰ মূৰত আকৌ চাইছিল ৷ তাইৰ চকুত এখন গভীৰ নীলা সাগৰ ৷ সেই সাগৰখন তাৰ অতি চিনাকি, অতি মৰমৰ ৷ সেই একেই আকুলতাৰ জোৱাৰে তাক যেন আকৌ বুৰাই পেলাব ৷ সুদূৰ দিগন্তৰ পৰা স্মৃতিৰ বিহংগবোৰ উৰি উৰি আহি সিহঁতৰ আকাশ ছানি ধৰিছিল ৷ আৰু তাইৰ ওঁঠদুটিও কঁপি উঠিছিল ৷ কিবা যেন ক’ব খুজিছিল তাই ৷ কিন্তু একোৱেই ক’ব পৰা নাছিল ৷ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ নিষ্কলুষ সজল ডাৱৰবোৰৰ পৰা নীলা সাগৰখনলৈ এজাক বৰষুণ নামি আহিব খুজিছিল ৷ কিন্তু সি যে এতিয়া বেলেগ এখন নদীত নাও মেলি দিছে ৷ সেই নদীৰ লক্ষ্য অন্য এখন সাগৰ ৷ যাওঁ বুলি কৈছিল যদিও সি প্ৰণতিৰ ঘৰলৈ যাবলৈ সাহস কৰিব নোৱাৰিলে ৷ সি পলাই যাব বিচাৰিছিল ৷ কিন্তু সি জানে, সেই দুচকুৰ নীলা সাগৰৰ জোৱাৰে তাৰ পৃথিৱীৰ সকলো উপকূলেই প্লাবিত কৰি থৈ গ’ল চিৰদিনৰ বাবেই, যাৰ পৰা পলাই যোৱাটো আচলতে অসম্ভৱ ৷”
“এটা কথা সুধিলে বেয়া পাব নেকি ?” ৰীমাৰ মাতটো আৰু বেছি গভীৰ, আৰু বেছি কৰুণ হৈ আহিছিল ৷
“কিয় বেয়া পাম ? সোধক ৷”
“অনিল আৰু প্ৰণতিৰ, মানে…” ৰীমাই কথা বন্ধ কৰিলে ৷
কেইচেকেণ্ডমান ৰহস্যময় নীৰৱতাৰে পাৰ হ’ল আকৌ ৷
“কওকচোন ৷” ৰাতুলেই আকৌ নীৰৱতা ভংগ কৰিলে ৷
“অনিল আৰু প্ৰণতিৰ … মানে … মানে … সুনীল আৰু মিনতিৰ সঁচাই কিবা সম্পৰ্ক আছিল নেকি ?”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!