এটা ইলিছৰ সোৱাদ

লেখক- গুনীন চৌধুৰী

মূল: নোংথোম্বম কুঞ্জমোহন সিংহ
(সাহিত্য অকাডেমী বঁটা প্ৰাপক মনিপুৰী সাহিত্যিক )
অনুবাদ: গুনীন চৌধুৰী

আকাশত তৰাবোৰ জিলমিলাই আছে। মাজে মাজে দুই এটা খহিও পৰিছে। বৰাকৰ পৰা পানীৰ সোঁতৰ শব্দ ভাহি আহিছে।

এতিয়াও নৈত কোনো নাও বা মানুহ নাই। অকল বাপেক-পুতেক। পুতেকৰ হাতত বঠা, বাপেকে জালখন সাজু কৰিছে। পুতেকৰ ফালে চকু দি দেখা পালে – বঠা হাতত লৈ টোপনিয়াইছে। বাপেকে চিঞৰি মাতে -”এই মণি, ৰাতি পুৱাব এতিয়া, শুই আছ এতিয়াও ? চকুত জলকীয়াৰ গুৰি সানি দিম, গম পাই যাবি। উঠ, উঠি মুখখন ভালকৈ ধুই ল’।

বঠাখন নাওত থৈ, বাপেকৰ কথামতে মুখ ধুই লৈ গামোচাৰ আগেৰে মুখখন মচি লয়।

ল’ৰাৰ অৱস্থা দেখি বাপেকৰ বেয়া লাগিল। ফটা চোলাটোৰ জেপৰ পৰা বিড়ি আৰু দিয়াশলাই উলিয়াই ক’লে – “ল’, বিড়ি ল’, এই এডালেই আছে, জ্বলা। দুই -এটা টান মাৰি মোক দিবি।”

মণিয়ে বিড়িডাল মুখত লৈ জ্বলাবলৈ চেষ্টা কৰে। দুটামান কাঠি মাৰিও বিড়িডাল জ্বলাব নোৱাৰিলে। মুখৰ ভিতৰতে বিৰ-বিৰকৈ কয় – “ কি যে যন্ত্ৰণা, নৈৰ পানীত ডুবাই দিও নেকি!”

“দে, মোক দে। ইয়াৰ দিয়াশলাইবোৰত এফালেই খাৰ থাকে, খালি পইচা লোৱাৰ ধান্দা”- বাপেকে ওচৰলৈ আহি বিড়িডাল জ্বলাই লয়।

মণিয়ে বিড়িডাল মুখত দি এক দীঘল টান দি উঠোঁতেই সিপাৰৰ পৰা জটাধাৰী সাধুজনৰ মাত শুনা গ’ল -”বোম্ বোম্ ভোলানাথ! জয় শিৱ সম্ভু।”

সাধুবাবা উঠিল যেতিয়া, বেচি দেৰি নাই‌ আৰু; ৰাতি পুৱাব এতিয়া। মানুহো নৈত নামিব। সাধুবাবা থকা ঠাইৰ ফাললৈ বাপেক-পুতেকে নাও এৰি দিলে। বেছিভাগেই সেইফালে যাবলৈ সাহস নকৰে। পিচে সেইফালে কিন্তু মাছ পৰ্যাপ্ত পোৱা যায়। পানী অলপ বাঢ়িলেই শিহু ভৰি যায়। মাজে মাজে ঘৰিয়ালো ভাহি উঠে। কালি ইয়াতেই এটা ঘৰিয়াল গুলি কৰি মাৰা হৈছিল।

হঠাৎ জালত এটা টান পৰা যেন লগাত বাপেকে জালখন উঠাই আনে। কিন্তু একো উঠি নাহিল। তাক যেন বিদ্ৰূপ কৰিবলৈকে নাওখনৰ ঠিক কাষতেই এটি শিহু হঠাৎ জাপ মাৰি উঠিল। দুবাৰমান জাল পেলাইও একো ফল নধৰাত বাপেক -পুতেকে নাওখন সোঁতৰ ফালে ঠেলি দিলে।
ইতিমধ্যে চাৰি-পাঁচখন নাও নৈত নামি পৰিছে। আকাশৰ চাৰিওফাল ক্ৰমে সম্পূৰ্ণ পোহৰ হৈ আহিছে। আৰু অলপ আগুৱাই গৈ নাওৰেমৰ ঘাটৰ কাষত সিহঁতৰ ভাগ্য ফুলিলে। ধকধকীয়া বগা এটা ডাঙৰ ইলিছ সিহঁতৰ জালত পৰিল। বাপেক-পুতেক দুয়োৰে মুখত অপাৰ আনন্দৰ ৰেশ।

ল’ৰা মানুহ, সেয়ে মণিৰ মুখৰ পৰা ফটকৈ ওলাই আহিল -”ইচ্ ইমান ডাঙৰ। খাবলৈ বৰ সোৱাদ হ’ব, নহয়নে, বাবা?”

“চুপ, তেনেকৈ ক’ব নাপায় “ – বাপেকে পুতেকক ধমক দিয়ে। ঘাটত মানুহ নমা গম পাই ঘূৰি চাওঁতেই দেখা পালে – নাওৰেমৰ সেই পেটুৱা বুঢ়াজন, সিহঁতৰ ফালে চাই আছে। তেওঁ মাতিলে -” মণিৰ বাবা, অ’ মণিৰ বাবা।”

মণিৰ বাবাই শুনিও নুশুনাৰ ভাও জুৰি থাকিল। মানুহজনক তেওঁ সিমান এটা ভাল চকুৰে নাচায়। মাছটো কিনিবলৈ মন কৰি যে মাতিছে, সেয়া মণিৰ বাবাই ধৰিব পাৰিছে। কিন্তু বেলেগে যি দাম দিয়ে, মানুহজনে সেই দাম নিদিয়ে। পইচা থাকিলে কি হ’ব, কোনোমতেই ন্যায্য দাম দিব নিবিচাৰে। আনা- চাৰিঅনালৈকে দৰ-দাম কৰি সময় নষ্ট কৰে।

একেৰাহে মাতি থকা দেখি উত্তৰ নিদিয়াকৈ থাকিব নোৱাৰিলে -”কি হ’ল কওকচোন। ?”

“কেইটা পালি? মোক এটা লাগিছিল। পাকিস্তানৰ পৰা মাছ অহা নাই। কি ক’ম আৰু, জিভা তিতা লাগি গৈছে। দেহাও শুকাই গৈছে। “

মণিৰ বাবা মনৰ ভিতৰতে বিৰ-বিৰকৈ কয় -”ৰাস্তাৰ কাউৰীৰ গু উঠাই লোৱা তোমাৰ দৰে মানুহৰ জিভা তিতা নহৈ কাৰ হ’ব।” তাৰপিছত জোৰকৈ তাক শুনাই ক’লে -”ক’তনো ধৰিব পাৰিলোঁ, এই এটাই মাত্ৰ। “

“সিটোৱে মোক দি যা। “

“ নাই খুড়া, আজি নালাগে, এটাই মাত্ৰ পালোঁ। “

মান্তি নহ’ব বুলি বুজি পাই মানুহজনে আৰু কথা নবঢ়ালে।

‘এই বুঢ়াটোক দেখা পালোঁ যেতিয়া, বুজি পাইছোঁ – আজি আৰু লাভ নাই। ’ বিৰবিৰকৈ বাপেকে কৈ থকা শুনি মণিয়েও ক’বলৈ ধৰিলে -”সঁচা দেই, ময়ো এই বুঢ়াটোক দেখিব নোৱাৰোঁ। যোৱা পৰহি সিহঁতৰ তমালে মোক মাৰিছে। ময়ো ……।”

মণিয়ে কথা শেষ কৰিব নাপালে। ৰহিমুদ্দিনৰ জালত এটা ইলিছ পৰা দেখি চাউবাই বিৰবিৰ কৰি ক’বলৈ ধৰিলে -” বেলেগলৈ চোৱা, নৈত নামিলেহে, জালত পৰিলেই ……।”

ৰহিমুদ্দিনে মাছটো থৈ চিঞৰি সুধিলে – “ও চাউবাদা, কিমান পালা?”

“নাই অ’, মাত্ৰ এটাই।”

“তথাপিও পাইছতো। কালি মই তিনিটা পাইছিলোঁ। চাৰি টকাকৈ বিক্ৰী কৰিলোঁ। “

“ সেয়াতো হয়েই, বিক্ৰী কৰিলে অলপ পইচা পোৱা যায়। কিন্তু আজি বিক্ৰী নকৰোঁ। ডাঙৰ ছোৱালীজনীয়ে সখীয়েকক নিমন্ত্ৰণ কৰিছে, দুদিন পিছতে তাই মাক হ’ব। ক’বলৈ লাজেই লাগে, বিক্ৰী কৰাৰ ধান্দাত ইলিছ মাছৰ সোৱাদ পাহৰি যোৱাৰ দৰেই হৈছে। আজি সেইবাবে নিজেই খাম বুলিয়েই ভাবিছোঁ। “

বাপেক-পুতেকে যেতিয়া ঘৰলৈ ঘূৰি আহে, ৰ’দ তেতিয়া টান হৈ আহিছে। মাজু ছোৱালী তম্ফাই আনি দিয়া বিনা গাখীৰৰ গুড় দিয়া চাহ চাউবাই বাৰাণ্ডাত বহি খাই আছিল। ঠিক তেতিয়াই কানায়ে ৰাস্তাৰ পৰাই চিঞৰি মাতিব ধৰিলে -” চাউবা, অ’ চাউবা, এটা ইলিছ মাছ ধৰিছ হেনো, হয় নেকি?” কানাইৰ মাত শুনিয়েই চাউবাৰ বুকুখন চিৰিঙকৈ মাৰিলে। কানাইক সি দুটকা পঁচিশ পইচা ধাৰ মাৰিব লগা আছে।

বাপেকে উত্তৰ দিয়াৰ আগতেই, দুই এটা মাত ফুটা সৰু ল’ৰা মুক্তাই কৈ উঠিল -” হয়, মত্ত ডাঙল এটা ধলি আনিথে। “

ল’ৰাটোৰ কথা কানাই শুনিলে নে নাই বুজিব পৰা নগ’ল। চাউবাই ল’ৰাটোক ধমক দিলে -” চুপ, মিছা কথা কিয় কৈছ? তোৰ কি দৰকাৰ?” তাৰপিছত ৰাস্তাৰ ফালে চাই ক’লে -” নাই দাদা, এটাও পোৱা নাই, কোনে ক’লেনো?”

“ঠিক আছে, পোৱা নাই যদি কি কৰিম আৰু “- এইবুলি কৈ ৰাস্তাৰ পৰাই কানাই ঘূৰি গ’ল।

মুক্তাই তাৰ খেলৰ সংগী পুতলাটোক হাত-মূৰ জোকাৰি কৈ আছে –“ আদি আমি ইলিত মাত তাম। ইম্মান ডাঙল, নদীল পলা ধলিছে, তোমালোতে ইলিত তাব পাৱ?”

ছোৱালী তম্ফাই তামখু আনি বাবাক দি ক’লে- বাবা, এতিয়া ৰান্ধিবৰ বাবে চাউল নাই, কি কৰোঁ?”

খবৰটো শুনি চাউবাই ছোৱালীৰ মুখৰ ফালে বুৰ্বকৰ দৰে চাই থাকিল। তামখু খোৱাৰ কথা যেন পাহৰিয়েই গ’ল। ঠিক তেতিয়াই গোটেই শৰীৰৰ নোম উঠি যোৱা কংকালসাৰ বুঢ়া কুকুৰটো ক’ৰ পৰা জানো চোতালত আহি ওলাল। চাউলৰ টিন খালি হৈ যোৱা খঙটো গৈ কুকুৰটোৰ ওপৰতে পৰিল। দেখিয়েই খঙৰ প্ৰকোপত বহি থকা পীৰাখন কুকৰটোৰ গালৈ মাৰি পঠালে। .নিৰপৰাধী কুকুৰটোৰ গাত অৱশ্যে পীৰাখন নপৰিল। কেং কেং শব্দ কৰি কুকুৰটো ৰাস্তাৰ ফালে ওলাই গ’ল।

চাউবাইও খঙতে দপদপাই হোঁকাটো হাতত লৈ ঘৰৰ ভিতৰলৈ সোমাই যায়। ক্ষয়ৰোগত শয্যাশায়ী তম্ফাৰ মাকেও ঠিক তেতিয়াই বাগৰ সলাই চাউবাৰ মুখামুখি হয়। অলপ আগতে যে এটা লঙ্কাকাণ্ড হৈ গ’ল, সেই কথা বোধকৰো তেওঁ গম নাপালে। সেইবাবে চাউবাই শুনাকৈ ক’লে –“ছোৱালীজনীয়ে যে চাউল নাই বুলি কৈছে, শুনিচানে, কি কৰিবা এতিয়া?”

নুমাই যোৱা জুইকুৰা যেন আকৌ দপকৈ জ্বলি উঠিল – “হৈছে, হৈছে, অকলে অকলে আৰু নোৱাৰোঁ। মানুহক জ্বলাই জ্বলাই বাচি থকাতকৈ মৰি নাযাৱ কিয়?”

সি আৰু কিবাকিবি ক’ব খুজিছিল। ঠিক তেতিয়াই আৰু কোনোবা এজনে তাৰ নাম লৈ মাতিলে। কোনে মাতিছে চাউবাই চাবলৈ আহি থানিনজাউক দেখা পাই তাৰ মুখ ক’লা পৰি যায়। তথাপি সুধিলে –“ কিয় বা আহিলা?”

“আমৰ আলহী আহিছে, গোটেই গাঁৱত এটাও মাছ বিচাৰি পোৱা নাই। শুনিবলৈ পালোঁ – তুমি হেনো কেইটামান ইলিছ মাছ জাল মাৰি পাইছা? সেয়ে দৌৰি আহিলোঁ। “

“ মাত্ৰ এটাই, ভিতৰলৈ আহা, চাই যোৱা “ – এইবুলি কৈ থানিনজাউক মাতি আনি মাছটো দেখুৱালে।

থানিনজাউয়ে সুধিলে –“কিমান লাগিব?”

“ চাৰি টকা, বৰাকৰ ইলিছ, খুব সোৱাদ, কিন্তু….”

“ চাৰে তিনি টকা দিম” বুলি কৈ থানিনজাউৱে মাছটো হাতত উঠাই ল’লে।

“ পইচা কিন্তু এতিয়াই দিব লাগিব, চাউল কিনিব লাগিব যে!”

“ ঠিক আছে, ঠিক আছে। পইচা লাগিলে পইচা, চাউল লাগিলে চাউলো দিব পাৰোঁ “- এইবুলি কৈ থানিনজাউ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল।

সি চোতালত গৈ থিয় হওঁতেই মুক্তাই চিৎকাৰ কৰি উঠিল –“বাবা, বাবা, আমাৰ মাতটো লৈ গ’ল, মাতটো লৈ গ’ল।”

“ এনেয়ে নিয়া নাই নহয়, পইচা দিম “- বিদ্ৰূপৰ সুৰেৰে থানিনজাউৱে ক’লে।

বেচেৰা ল’ৰাটোৱে আৰু একো নক’লে। কাঢ়ি লৈ যোৱা মাছটোৰ ফালে স্থিৰ দৃষ্টিৰে কৰুণভাৱে চাই থাকিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!