অনুবাদ কবিতা

লেখক- স্বপ্না দত্ত ভৰালী

মূল: মায়া এঞ্জেল’
অনুবাদ: স্বপ্না দত্ত ভৰালী


যেতিয়া তুমি আহা

যেতিয়া তুমি আহা, অনাহুতভাৱে
ইংগিতেৰে মোক মাতা
বহুদিনীয়াকোঠালিটোলৈ,
য’ত স্মৃতিবোৰ পৰি থাকে৷

মোক দিছা, ঠিক এটি শিশুক দিয়াৰ দৰেই,
এটি বুকুৰ আমহী ঘৰ,
মাত্ৰ দুদিনমানৰ বাবে থাকি যোৱা৷

চুৰি কৰা চুমাৰ অৱশেষ,
ধাৰ কৰা প্ৰেমৰ লট্ কণ,
গোপন শব্দৰ পেৰাটো

মই কান্দো৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!