কিছু বিকীৰ্ণ সময়ৰ হিচাপ

লেখক- জ্যোতি পি চি শইকীয়া

তালিকা দীঘলীয়া….।
আক্ৰোহৰ!
হেঁপাহৰ!
বিলাসিতাৰ!
অৱশ্যেই সকলোতকৈ প্ৰয়োজনীয়
বিষয়-বাব, আভিজাত্য আৰু
মানদণ্ডৰ।
ভোগৰ অযথা চৰ্বিৰ দৰে
বাঢ়িয়েই আছিল….।
পিছে
আয়হীন আয়ুস টুটি
যাত্ৰা চুটি।
জীৱদ্দশাত
কোৰোণাৰে চোঁচা মাৰিলো
হ’ল কি।
উপভোগৰ পুৱাবোৰ উপচা
দুপৰত ৰাজ বিলাস।
নিয়ন্ত্ৰিত বিয়লিটোত
সমস্ত ভোগৰ অকাল মৃত্যুত
নিতাল মাৰিলে বৰ চুৰিয়াৰ ফেৰ।
স্বাদবোৰ কি যে বিস্বাদ।
অহংকাৰী মুস্তিবদ্ধ আঙুলিবোৰো
ছেদেলি-ভেদেলি দেশে বিদেশে।
মিতাহাৰী, মিতব্যয়ী, মিতাভাষী
নিৰহংকাৰী ….বেয়া পোৱা
শব্দ কিটাক চপাই কোঁচাই
নিৰিবিলি বিয়লিৰ ৰ’দ কণ
বৰ নিসংগ।
অসুখত চপৰা চপৰে সুখৰ
গৰা খহনীয়া….।
আবেলিটোত ভেজা দি
ছাঁ চুটি দুপৰৰ বেলিটো
দীঘল খোজেৰে পাৰ হৈ গ’ল।
অস্তাচলত
ৰিণি ৰিণি সুৰত
ফৰ্দি হীন হেঙুলীয়া ছায়াছবি ….।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!