চাহবাগান আৰু কেইখনমান অসমীয়া বোলছবি

লেখক- তন্ময় কুমাৰ ওজা

শৈশৱৰ পৰাই শুনি আহিছো অসম হেনো দুটা বস্তুৰ বাবেই পৃথিৱী বিখ্যাত – এশিঙিয়া গঁড় আৰু চাহ। উনৈশ শতিকাৰ আৰম্ভণিতে বৃটিছৰ আমোলত আৰম্ভ হৈছিল অসমৰ চাহবাগিচাসমূহ আৰু প্ৰায় সেই সময়তে সুদূৰ উৰিষ্যাৰ পৰা অসমলৈ আহিছিল চাহ জনগোষ্ঠীৰ লোকসকল। চাহবাগানসমূহত কাম কৰাবলৈ বৃটিছেই আনিছিল
তেওঁলোকক। কালক্ৰমত এই লোকসকল আৰু তেওঁলোকৰ কৃষ্টি সংস্কৃতি সমূহ বৃহত্তৰ অসমীয়া সমাজৰ অপৰিহাৰ্য অংগ হৈ পৰিল। আজি চাহবাগানসমূহক বাদ দিলে
অসমৰ অৰ্থনীতি হৈ ৰ’ব অসম্পূৰ্ণ আৰু চাহ জনগোষ্ঠীক বাদ দিলে বৃহত্তৰ অসমীয়া সমাজখন হৈ পৰিব অসম্পূৰ্ণ । এই বাগানসমূহৰ আৰু চাহ জনগোষ্ঠীৰ বিভিন্ন দিশ
সামৰি ৰচিত হৈছে বহুতো গ্ৰন্থ, গীত আৰু নিৰ্মিত হৈছে কে’বাখনো বোলছবি। আজিৰ এই লেখাটো তেনেকুৱা দুখনমান বোলছবিৰ ওপৰতে আগবঢ়োৱা হৈছে। এই বোলছবিসমূহ চোৱাৰ সৌভাগ্য হৈছিল শৈশৱতে দূৰদৰ্শনত। তেতিয়াৰ দিনত প্ৰায়ে কোনোবা এটা ৰবিবাৰে দূৰদৰ্শনত অসমীয়া বোলছবি প্ৰচাৰ হৈছিল। সেই সুবাদতে আমিও বহুতো ভাল লগা অসমীয়া বোলছবি ঘৰৰ সকলোৰে লগত মিলিজুলি উপভোগ কৰিছিলো। তেনেকুৱা বোলছবি সমূহৰ কথা ভাবিলেই বা তেনে কোনো বোলছবিৰ গীত শুনিলেই মনটো শৈশৱৰ সেই সুন্দৰ দিনবোৰলৈ উভতি যায়। শৈশৱতে চোৱা এনে বহু বোলছবিৰ কাহিনী, গীত-মাত আদি এতিয়াও স্পষ্টকৈ মনত আছে। অৱশ্যে সময়ৰ লগে লগে বহুতো কথা স্মৃতিৰ মানসপটৰ পৰা মচি গৈ আছে। দুখ লাগে এই কাৰণে যে এই বোলছবিসমূহ এতিয়া চাওঁ বুলিও চাব নোৱাৰা হ’লো। বাৰু যি হওক চাহ বাগানৰ আধাৰত নিৰ্মিত বোলছবি বুলি ক’লে পোনতে মোৰ মনলৈ আহে ‘চামেলি মেমচা’ব’লৈ। ১৯৭৫ চনত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল আব্দুল মজিদে। কাহিনী আছিল নিৰোদ চৌধুৰীৰ আৰু প্ৰযোজনা কৰিছিল সেউজ বোলছবি সন্থাই। সংগীত পৰিচালনা কৰিছিল ডঃ ভূপেন হাজৰিকাই আৰু মুখ্য চৰিত্ৰত অংশ গ্ৰহণ কৰিছিল জৰ্জ বেকাৰ আৰু বিনীতা বৰগোহাঁইয়ে। ছবিখন মুলত বাগানীয়া জীৱনৰ আৰু কুষ্ঠ ৰোগৰ ওপৰত নিৰ্মিত হৈছিল। এটা সময়ত কুষ্ঠৰোগ এক দুৰাৰোগ্য ব্যাধি আছিল। কুষ্ঠৰোগ মানেই যেন মৃত্যু তেনে অৱস্থা আছিল। আজিকালি অৱশ্যে কুষ্ঠৰোগৰ চিকিৎসা সহজ হৈ পৰিছে। বাগানৰ এজন বৃটিছ মেনেজাৰ আৰু সেই বাগানৰে এজনী ৰাংঢালি ছোৱালী চামেলিৰ প্ৰেম কাহিনীয়ে আছিল মুল বিষয়বস্তু। সময়ত বৃটিছ মেনেজাৰে ছোৱালীজনী বিয়া কৰায়। কিন্তু চামেলি কুষ্ঠ ৰোগত আক্ৰান্ত হয় আৰু আত্মহত্যা কৰে। চলচ্চিত্ৰখনে আৰু ইয়াৰ কেবাটাও গীতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। বিশেষকৈ “অ বিদেশী বন্ধু”, “জিগিজা গিজাও”, “অসম দেশৰ বাগিচাৰে” এই গীতকেইটা যথেষ্ট জনপ্ৰিয় হৈছিল আৰু এই গীতসমূহ আজিও সমানে জনপ্ৰিয়। এই চলচ্চিত্ৰখনে ১৯৭৫ চনৰ ২৩ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সংগীত পৰিচালনা বঁটা আৰু শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ (অসমীয়া ভাষা) বঁটা লাভ কৰিছিল। ১৯৭৮ চনত চলচ্চিত্ৰখন “চামেলী মেমচাহেব” বুলি বাংলা ভাষাত আৰু ১৯৮১ চনত “চামেলী মেমচাব” বুলি হিন্দী ভাষাত পুনৰনিৰ্মিত হৈছিল।

চামেলি মেমচা’বৰ পিছতে মোৰ মনলৈ অহা চলচ্চিত্ৰখন হল ‘এৰা বাটৰ সুৰ’। ১৯৫৬ চনত নিৰ্মিত হোৱা চলচ্চিত্ৰ খনৰ কাহিনী, পৰিচালনা আৰু সংগীত পৰিচালনা আছিল ডঃ ভূপেন হাজৰিকাৰ। প্ৰযোজক আছিল বি পি ফ্লিমচ আৰু মুখ্য চৰিত্ৰত অংশগ্ৰহণ কৰিছিল বিজয় শংকৰ, অনিল দাস, প্ৰীতিধাৰা, ইভা আচাও আৰু ফণী শৰ্মাই। লিখাৰ সমল বিচাৰি এখন চাহ বাগানত থাকিবলৈ লোৱা এজন গীতিকাৰ আৰু সেই বাগানৰে কৰ্মচাৰী তথা বনুৱা সকলৰ বিভিন্ন দিশ সামৰি নিৰ্মাণ কৰা চলচ্চত্ৰখনে যথেষ্ট
জনপ্ৰিয়তা অৰ্জন কৰিছিল। চলচ্চিত্ৰ খনৰ কেইবাটাও গীত যেনে “জোনাকৰে ৰাতি অসমীৰে মাটি”, “সাগৰ সংগমত কতনা সাতুৰিলো “, “ৰ’দ পোৱাবৰ কাৰণে মাতিবানো কাক” আদি আজিও যথেষ্ট জনপ্ৰিয়।

ইয়াৰ পিছতে মনলৈ আহিছে ‘সংগ্ৰাম’। দুখীয়া ঘৰৰ নিষ্ঠাৱান আৰু প্ৰতিভাৱান যুৱক এজনৰ ঘাট প্ৰতিঘাটৰ কাহিনী আছিল সংগ্ৰাম। যুৱকজনে এখন চাহ বাগানত সহ
পৰিচালক হিচাপে যোগদান কৰিছিল। তাৰ পিছতে বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে জীৱন আগবাঢ়ি যায়। সময়ত বাগানৰ মালিকৰ অতি বিশ্বাসী হৈ পৰে। লগতে মালিকৰ
জীয়াৰী প্ৰেমত পৰে যুৱকৰ। কিন্তু কিছুমান দুষ্টবুদ্ধি লোকৰ ষড়যন্ত্ৰৰ বলি হয় সহপৰিচালকজন আৰু গ্ৰেপ্তাৰ হ’ব লগা হয়। লগতে ভুল বুজা বুজি হয় মালিকৰ
পৰিয়ালৰ লগত। কিন্তু সেই বাগানৰে কেইজনমান বনুৱাৰ সহযোগত ষড়যন্ত্ৰৰ পৰা অৱশেষত মুক্ত হয় যুৱকজন। ১৯৬৮ চনত মুক্তি পোৱা ছবিখন পৰিচালনা কৰিছিল
অমৰ পাঠকে। প্ৰযোজনা ইজৰাইল খানৰ। মুখ্য ভূমিকাত আছে নিপন গোস্বামী আৰু বিদ্যা ৰাও। সংগীত পৰিচালনা কৰিছিল গিৰিস দাস আৰু অসিত গাংগুলীয়ে।

চাহ বাগানীয়া জীৱনৰ বিভিন্ন দিশ সামৰি নিৰ্মাণ কৰা আন এখন চলচ্চিত্ৰ হল ‘ৰতনলাল’। ১৯৭৫ চনত মুক্তি পোৱা চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল অসম চাহ মজদুৰ সংঘই। পৰিচালনা নলিন দুৱৰাৰ। সংগীত পৰিচালনা নিৰ্মল চক্ৰৱৰ্তীৰ। মুখ্য চৰিত্ৰত অংশ লৈছিল বিশ্বজিৎ আৰু ঝৰ্ণা শইকীয়াই। ছবিখনৰ কেইবাটাও গান যেনে
“কেতেকে বান্ধি দেলাই হিলিকি বিলিকি খপা হায়ৰে”, “বাও চকু লৰিছে তুমি চাগে আহিবা” আদি যথেষ্ট জনপ্ৰিয় হৈছিল।

চাহ বাগিচাৰ বনুৱা জীৱনৰ আধাৰত নিৰ্মিত হোৱা আন এখন বোলছবি হল ‘কেঁচা সোণ’। ১৯৫৯ চনত মুক্তি পোৱা ছবিখন পৰিচালনা কৰিছিল ফণী শৰ্মাই। কাহিনী ভৰত
বৰপূজাৰীৰ। প্ৰযোজক হৃদয়ানন্দ আগৰৱালা। মুখ্য চৰিত্ৰত আছে চন্দ্ৰ গোস্বামী আৰু ইভা আচাও। সংগীত পৰিচালনা ডঃ ভূপেন হাজৰিকৰ। ছবিখনৰ কেইবাটাও
গান যেনে “অ’ আমাৰ গাঁও, আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ”, “নতুন নতুন সাহ”, “ৰিমঝিম ৰিমঝিম বৰষুণে নূপুৰ বজাই ক’ত” আদি যথেষ্ট জনপ্ৰিয় হৈছিল।

লিখাটো সামৰণি মাৰিব ওলাইছো তুলনামূলক ভাৱে কিছু নতুন ২০০১ চনত মুক্তি পোৱা ‘দাগ’ নামৰ জনপ্ৰিয় ছবিখনেৰে। চাহ বাগানৰ মালিকীস্বত্ব থকা এটি পৰিয়ালৰ
কাহিনীৰ আধাৰত নিৰ্মিত এইখন এখন ৰোমাণ্টিক আৰু ৰহস্যধৰ্মী ছবি। বাগানৰ মালিক, তেওঁৰ ভাতৃ আৰু এজনী ধুনীয়া গাভৰুৰ মাজত হোৱা এক ত্ৰিকোণ প্ৰেমৰ কাহিনীৰে আগবাঢ়ে চলচ্চিত্ৰখনৰ কাহিনী। এই ত্ৰিকোণ প্ৰেমৰে পৰিণতিত অৱশেষত বাগানৰ মালিকে কৰিব লগা হয় আত্মহত্যা। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা মুনিন বৰুৱাৰ। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। প্ৰযোজক নীলোৎপল চৌধুৰী। মুখ্য চৰিত্ৰত আছে তপন দাস, যতিন বৰা আৰু অনুৰূপা পাঠক। তদুপৰি ছবিখনত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, নিপন গোস্বামী, পূৰ্ণিমা শইকীয়া, বিষ্ণু খাৰঘৰীয়া আদি বহু নামি অভিনেতাই। ছবিখন যথেষ্ট জনপ্ৰিয় হোৱাৰ উপৰি ছবিখনৰ গানসমূহো যথেষ্ট জনপ্ৰিয় হৈছিল। জুবিন গাৰ্গে নিজে কণ্ঠদান কৰা “মায়াবিনী”, “বিচাৰিছো কাষৰতে”, “দাগ দাগ”, “কিনো ভাৱা ইমানকৈ”, “মনলে উভতি আহে ল’ৰালি ” গানসমূহ আজিও যথেষ্ট জনপ্ৰিয়।

এতিয়ালৈ প্ৰায় এশৰো অধিক অসমীয়া বোলছবি নিৰ্মাণ হৈছে। ইয়াৰ ভিতৰত হয়তো চাহবাগান বা চাহ জনগোষ্ঠীক আধাৰ কৰি আৰু বহু ছবি নিৰ্মাণ হৈছে। একেটা
লিখাতে এই গোটেইখিনি সামৰি লোৱা কঠিন। ভৱিষ্যতেও এনে ধৰণৰ ছবি নিৰ্মাণ হব বুলি আশা কৰিলোঁ।

বি দ্ৰঃ লিখাটোৰ আৰম্ভণিতে উল্লেখ কৰিছো যে এই ছবিসমূহৰ বেছিভাগেই শৈশৱতে চোৱা। গতিকে কিছুমান কথা ইতিমধ্যে পাহৰি পেলাইছো। তথাপি যিখিনি মনত আছে
তাকে মূলধন হিচাপে লৈ আৰু ইণ্টাৰনেটৰ পৰা কিছু তথ্যপাতি লৈ লিখাটো আগবঢ়ালোঁ। কোনোবাই যদি কিবা ভুল দেখে কোনোধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰি শুধৰাই দিলে
ভাল পাম। তদুপৰি হয়তো দুই এখন এনে ধৰণৰ ছবি বাদ পৰি গৈছে। সেই বিষয়ে কোনোবাই উনুকিয়াই দিলে ভাল পাম। ধন্যবাদ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!