অসমত চাহৰ আৱিষ্কাৰঃ চিংফৌৰ পৰা ৰৱাৰ্ট ব্ৰুচলৈ

লেখক- সঞ্জীৱ বৰুৱা

পানীৰ পিছতে চাহ হ’ল বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনপ্ৰিয় পানীয়। খ্ৰীষ্টপূৰ্ব ২৭৩৭ চনৰ কোনোবা এটা সময়তে চীন দেশত চাহৰ আৱিষ্কাৰ হৈছিল বুলি জনা যায়। আজি সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া, আফ্ৰিকা আৰু জাপানত চাহৰ খেতি প্ৰচুৰ পৰিমাণে কৰা হয়। অসমত বনৰীয়া চাহ গছ এজন স্কটিছ দুঃসাহসিক ৰবাৰ্ট ব্ৰুচে ১৮২৩ চনত অসমৰ সু-সন্তান মণিৰাম দেৱানৰ সহযোগত চিংফো গাঁৱৰ মুৰব্বীৰ পৰা পোৱা তথ্যৰ ভিত্তিতে প্ৰথম ৰিপৰ্ট কৰিছিল– বুঢ়ী দিহিং নদীৰ সমীপৰ পূৰ্বৰ লখিমপুৰ সীমান্তৱৰ্তী– শদিয়াৰ পৰা পোনে প্ৰায় ৭৫ কিলোমিটাৰ দূৰত্বত থকা এলেকা ‘বিছা’ নামেৰে জনাজাত এটা এলেকাৰ পৰা। অন্য এক প্ৰবাদ আছে যে ৰবাৰ্ট ব্ৰুচ এবাৰ তেওঁৰ এটা দুঃসাহসিক অভিযানৰ সময়ত অসুস্থ হৈ পৰিছিল, তেতিয়া চিংফো পৰিয়ালে তেওঁক এবিধ বনৌষধি পানীয় আগবঢ়াইছিল যিটো পিছলৈ চাহ বুলি প্ৰমাণিত হৈছিল। এইখিনিতে জনা উচিত যে তাহানিৰ সেই সময়ৰ উজনি অসমৰ বনাঞ্চলত চাহ গছ পোৱা গৈছিল আৰু আৱিষ্কাৰ হোৱাৰ আগতেই অসমৰ খিলঞ্জীয়ালোকে ইয়াক পানীয় হিচাপে গ্ৰহণ কৰিছিল। ইংৰাজে ১৮২৩ চনত অসমত চাহৰ আৱিষ্কাৰৰ বহু আগতেই চিংফোসকলেই চাহক বনৌষধি পানীয় হিচাপে ব্যৱহাৰ কৰিছিল। তথ্যমতে প্ৰাক-ঐতিহাসিক কালতে উত্তৰ বাৰ্মাৰ (ম্যানমাৰ) পৰা অসমলৈ আহি বসতি স্থাপন কৰা চিংফো আৰু খামতীসকলে চাহ গছৰ লগত ভালদৰেই পৰিচিত আছিল। চাহ গছৰ বৈজ্ঞানিক অনুসন্ধানত ইংৰাজ উদ্ভিদবিদ সকলৰ এক উল্লেখযোগ্য ভূমিকা আছে যাক পাহৰিব পৰা নাযায়। এই বিষয়ত থকা ঐতিহাসিক তথ্যমতে ১৮২৬ চনত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰৰ গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট ডেভিদ স্কটে মণিপুৰৰ পৰা এটা পাতৰ সহিতে এটা ডাল অনাইছিল আৰু ইয়াক উদ্ভিদ বিজ্ঞানী নাথালী ৱালিচে এটা প্ৰশ্নবোধক চিহ্নৰে কেমেলীয়া স্কটিয়ানা (Camellia scottiana) বুলি চিনাক্ত কৰিছিল। কৰ্ণেল লিষ্টাৰে চেৰাপুঞ্জী আৰু গুৱাহাটীৰ মাজত ১৮২৮ -১৮৩২ চনৰ ভিতৰত গছ-গছনিৰ ভাল সংগ্ৰহ কৰিছিল। ফ্ৰান্সিছ জেনকিন্সে ১৮৩১ চনৰ পৰা ১৮৫৪ চনলৈ গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে থকা সময়ত তেওঁৰ সহযোগী সংগ্ৰাহক ছাইমনছৰ সৈতে অসমৰ বিভিন্ন ঠাইৰ পৰা মূলতঃ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু মিকিৰ পাহাৰৰ (বৰ্তমান কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰ) আশে-পাশে কেইবাটাও উদ্ভিদৰ নমুনা সংগ্ৰহ কৰিছিল। ৰবাৰ্ট ব্ৰুচ আৰু কেপ্তেইন এণ্ড্ৰু চাৰ্লটনৰ কনিষ্ঠ ভাতৃ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ জৰিয়তে গ্ৰীফিথে বনৰীয়া চাহৰ ডাল এটা অনাইছিল। বৃটিছ প্ৰকৃতিবিদ উইলিয়াম গ্ৰীফিথে ১৮৩৪ চনত এই উদ্ভিদৰ নমুনাটোক কেমেলিয়া থিফেৰা (Camellia theifera) বুলি চিনাক্ত কৰে। ১৮৩০ চনৰ আৰম্ভণিতেহে ৰবাৰ্টৰ ভাতৃ চাৰ্লছে অসমৰ বনৰীয়া চাহ গছৰ পৰা কেইটামান নমুনা সঠিক পৰীক্ষাৰ বাবে কলিকতাৰ উদ্ভিদ উদ্যানলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল। অৱশেষত এই উদ্ভিদৰ নমুনাক এক প্ৰকাৰৰ চাহ বা কেমেলিয়া চাইনেন্সিছ (Camellia sinensis) বুলি চিনাক্ত কৰা হ’ল। । বৰ্তমানে আমি সকলোৱে জানো যে প্ৰকৃত চাহ গছৰ শেহতীয়া নামকৰণ হৈছে Camellia sinensis (L.) O. Kuntze। উপলব্ধ তথ্যমতে ভাৰতৰ তেতিয়াৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকে ভাৰতত বাণিজ্যিক চাহ খেতিৰ সম্ভাৱনীয়তাৰ বিষয়ে পৰামৰ্শ দিবলৈ এখন চাহ সমিতি গঠন কৰিছিল। ইয়াৰ পাছৰ সময়চোৱাত নাথানি ৱালিচ (চাৰ্জন)ৰ নেতৃত্বত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এটা চাহ প্ৰতিনিধি দল গঠন কৰি তেওঁৰ সহযোগী ডব্লিউ গ্ৰীফিথ (চাৰ্জন) আৰু জন মেকক্লেলেণ্ড (মাটিৰ ৰসায়নবিদ)ৰ সৈতে অসমত চাহৰ খেতিৰ বাবে উপযুক্ত বনাঞ্চল আৰু সম্ভাৱনাৰ বিষয়ে অধ্যয়ন কৰা হয়। তেওঁলোকে ১৮৩৫ চনৰ ৩১ আগষ্টত কলিকতাৰ পৰা নাৱেৰে যাত্ৰা আৰম্ভ কৰি ১৮৩৬ চনৰ ১৬ জানুৱাৰীত অসমৰ শদিয়াত উপস্থিত হৈছিলগৈ।
অসমৰ মণিৰাম দত্ত বৰুৱা জনপ্ৰিয়ভাৱে মণিৰাম দেৱান নামেৰে পৰিচিত বিখ্যাত স্বাধীনতা সংগ্ৰামী জনেই অসমত চাহ ৰোপণ আৰম্ভ কৰা প্ৰথমজন ভাৰতীয়। ১৮৪১ চনত নিজাকৈ চাহ বাগিচা আৰম্ভ কৰিবলৈ পদত্যাগ নকৰাৰ আগলৈকে তেওঁ অসম কোম্পানীৰ দেৱান (মুখ্য প্ৰশাসনিক আৰু বিত্তীয় বিষয়া) আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ ১৮৫৭ চনত ইংৰাজৰ বিৰুদ্ধে হোৱা বিদ্ৰোহত অংশ লোৱাৰ অভিযোগত ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ৫১ বছৰ বয়সত যোৰহাট কাৰাগাৰত ফাঁচী দিয়া হয়।
বৰ্তমানৰ সমীক্ষা মতে চীন দেশে বিশ্বৰ চাহিদাৰ চাহৰ প্ৰায় ৩৫%, প্ৰায় ২৫ লাখ টন চাহ উৎপাদন কৰি শীৰ্ষত আছে তাৰ পিছতে আছে আমাৰ দেশ ভাৰতবৰ্ষ। এক প্ৰতিবেদন অনুসৰি অসমত ৮০০ৰো অধিক সংগঠিত চাহ বাগিচা আছে যিবোৰ মধ্যমীয়াৰ পৰা বৃহৎ আকাৰৰ ভিতৰত পৰে। ইয়াৰ উপৰিও এক লাখৰো অধিক ক্ষুদ্ৰ সমবায় আৰু ব্যক্তিগত চাহ পাম আছে। অসমত বছৰি গড়ে ৬০ কোটি কিলোগ্ৰামতকৈ অধিক চাহ উৎপাদন হয়, যাৰ ফলত ই বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ চাহ খেতি কৰা অঞ্চলৰ মৰ্য্যদা লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজহ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ৰাজ্যৰ অৰ্থনীতিত অসমৰ চাহ উদ্যোগে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সুকীয়া চৰিত্ৰ আৰু গুণগত দিশেৰে অসম চাহ (Assam tea) এতিয়া বিশ্বৰ চাহ উদ্যোগত এক অনন্য স্থান দখল কৰিছে আৰু ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখি ইয়াক আৰু অধিক গতিশীল কৰাৰ সময় আহি পৰিছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!