এটা সপ্তাহৰ চিঠি

লেখক- মিনাৰা হুচেইন

 ইয়াত জীৱন বৰ সহজ। বহুত শান্ত। বহুত স্থিৰ। ক’লা-বগা ছবিৰ দৰে। কোনো ধামাকা নাই। ধীৰগতিত জীৱনটো চলি যায়। এটা শান্তিৰ গতি আছে।
সূৰ্যৰ পোহৰৰ সন্ধানত থকাসকলে বিচাৰি পায় ক’ৰবাত ক’ৰবাত এচেৰঙা বগা পোহৰ। জীৱনৰ ঘিটমিটীয়া আন্ধাৰখিনি সামৰি লৈ আগবাঢ়ি যাওঁ প্ৰতিদিনেই এছাটি পোহৰৰ সন্ধানত।
এয়াই হৈছে জীৱনৰ মোহ!
মায়াজাল!
তথাপিও জীৱন বৰ সুন্দৰ।
ম’বাইলটো বাজি উঠিল। টেবুলত চালোঁ নাই, বিছনাতো নাই। ক’ত থলোঁ বাৰু? আকৌ বাজি উঠিল। ৰাতিপুৱা বজাৰলৈ যাওঁতে বেগতে ৰাখিছিলোঁ। বেগৰ পৰা উলিয়াই ফোনটো চালোঁ। চাৰিটা মিচড কল। সুনন্দাৰ!
:খুৰুমজাৰী!
ফোনটো ৰিচিভ কৰিলোঁ।
:নুঙ নাই বিৰিহা আদম্ব।
দিল্লীৰ পৰাই সুনন্দাই মোৰ ভালনে সুধিলে।
:নুঙনাইজাৰী।
:মনীষা…থাকাটচাৰী।
আন্তৰ্জাতিক নাৰী দিৱসৰ বাবে উত্তৰ-পূব মহিলা গোট এটাৰ তৰফৰ পৰা মোলৈ আগবঢ়োৱা বঁটা এটাৰ বাবে অভিনন্দন জনালে।
:লেঙচিনবিৰাক সুনন্দা।
এয়া মোৰ বান্ধৱী তথা আত্মীয়তাৰ ডোলেৰে বান্ধ খোৱা মোৰ আত্মীয়, মোৰ সহযাত্ৰী সুনন্দাই দিল্লীৰ পৰা ফোন কৰিছে। মণিপুৰী সুনন্দাৰ লগত মই মণিপুৰী ভাষাত কথা পাতিয়েই ভালপাওঁ। মণিপুৰতে জ্বলি পুৰি ছাই হৈ আকৌ এই মণিপুৰতে ফিনিক্স পক্ষীৰ দৰে উৰিবলৈ শিকিলোঁ। মণিপুৰে বহুত শিকালে। আত্মবিশ্লেষণ, আত্মসংশোধন, আত্মকথা সকলো!
ভাৰতীয় সেনাত কৰ্মৰত দেউতাৰ কৰ্মসূত্ৰে আমাৰ ভাৰতৰ প্ৰায় বিভিন্ন ঠাইত থকাৰ সৌভাগ্য হৈছিল। প্ৰতিখন ঠাইৰ কলা-সংস্কৃতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছিলোঁ। দেউতাৰ অৱসৰৰ পিছত আমি গুৱাহাটীৰ সমীপৰ আইতাৰ ঘৰখনলৈ আহি নিগাজীকৈ থাকিবলৈ ল’লোঁ। বিৰান্নবৈ বছৰীয়া আইতা, বৰতা, বৰমা, খুৰা, খুৰী, দাদা, ভাইটি, ভণ্টিৰে গিজগিজাই থকা এখন ভৰা সংসাৰ। মই ঘৰখনৰ ডাঙৰ জীয়ৰী। সকলোৰে আলাসৰ লাৰু! সেইবছৰ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি এইচ ডি ডিগ্ৰীৰ বাবে নিৰ্বাচিত হ’লোঁ। মোৰ বিষয় হ’ল “ভাৰতীয় শাস্ত্ৰীয় নৃত্য।”
বৰতা আৰু খুৰাই প্ৰতিবাদ কৰিছিল।
:বহুত পঢ়া হ’ল। এতিয়া বিয়া দি ভাল ঘৰলৈ উলিয়াই দিয়াই ভাল।
দেউতাই মোলৈ চাইছিল। বৰতাৰ ল’ৰা ৰণ দা আছিল মোৰ সাহস। কেইবাদিনৰ আলোচনাৰ অন্ততঃ মই মোৰ নতুন যাত্ৰাৰ বাবে সন্মতি পাইছিলোঁ দেউতা আৰু ৰণ দাদাৰ সহায়ত।
শাস্ত্ৰীয় নৃত্যৰ বিশাৰদ মোৰ বাবে বিষয়টো বৰ বেছি কঠিন নাছিল। কিন্তু মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ বিষয়ে মোৰ ব্যৱহাৰিক জ্ঞান নাছিল। কাৰণ মই মণিপুৰলৈ কেতিয়াও যোৱা নাই। এটা অঞ্চলৰ শাস্ত্ৰীয় নৃত্যৰ বিষয়ে লিখিবলৈ সেই অঞ্চলৰ কলা-সংস্কৃতিৰ বিষয়ে জনাটো প্ৰয়োজন। আকৌ ঘৰত মত-দ্বিমতৰ সংঘাত। ইতিমধ্যে মোৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিছিল চিকিৎসক ডাঃ সুধীৰ বৰুৱাৰ পৰা। বিয়া ঠিক হৈছিল। তাৰমাজতে সকলোৰে সন্মতি লৈ মই গৈছিলোঁ মণিপুৰলৈ এসপ্তাহৰ বাবে। বিমানবন্দৰলৈকে মোক আগবঢ়াই লৈ গৈছিল মোৰ ভাবী স্বামীয়ে। প্ৰেমৰ ৰঙেৰে মোৰ পৃথিৱীখন ৰঙীন হ’বলৈ ধৰিছিলহে! কিন্তু নিয়তি! এটা সপ্তাহে সলাই পেলাইছিল জীৱনৰ গতি।
বুজিছিলোঁ, শিকিছিলোঁ জীৱনৰ ৰূঢ় বাস্তৱক কেনেদৰে স্বীকাৰ কৰিব লাগে। দেখিছিলোঁ বিশ্বাসৰ অপমৃত্যু।
চুবুৰীয়া ৰাজ্যসমূহৰ পৰা এশাৰী পৰ্বতমালাই আবৰি ৰখা এখন ক্ষুদ্ৰ তথা অতি উৰ্বৰ সমতল ভূমিৰে গঠিত এখন ধুনীয়া ৰাজ্য মণিপুৰ। আগতেই বুক কৰি থোৱা ইম্ফল চহৰৰ মাজমজিয়াৰ “লা-ইন” নামৰ হোটেল খনত সোমালোঁ।
অলপ সময়ৰ পিছত মণিপুৰৰ জীয়ৰী তথা পুণে বিশ্ববিদ্যালয়ৰ মোৰ সহপাঠী সুনন্দা সিনহা আহি ওলাইছিল। মোক লৈ গৈছিল তাইৰ ঘৰলৈ। বাট পথবোৰ, চাৰিওফালৰ পৰিবেশটো অলপ বেলেগ লাগিছিল।
অশান্ত মণিপুৰ। বহু বিতৰ্কিত তথা মানৱাধিকাৰ পৰিপন্থী আফস্পা আইনৰ প্ৰতিবাদত জ্বলি উঠিছিল মণিপুৰ। সুনন্দা আছিল মানৱ অধিকাৰ কৰ্মী। আফস্পা আইনে কিদৰে মানৱাধিকাৰ লুণ্ঠন কৰি আহিছে শুনি কঁপি উঠিছিলোঁ। এই আইনৰ বিৰুদ্ধে কৰা আন্দোলনক বিশ্বব্যাপী বিখ্যাত কৰা তথা অধিক সক্ৰিয় কৰি তোলা লৌহমানৱী ইৰম চানু শৰ্মিলাৰ একান্ত অনুৰাগী আছিল সুনন্দা।
এইবোৰ দেখি বৰ দুখ পাইছিলোঁ। মনটোৱে হাহাকাৰ কৰি উঠিছিল। যেন সকলো এৰি ময়ো এই আন্দোলনত জঁপিয়াই পৰিম। নোৱাৰিলোঁ! প্ৰাক্তন সেনা বিষয়াৰ কন্যাই কিদৰে সেনা বাহিনীৰ বিৰুদ্ধে–? আৰু ডাঃ সুধীৰ বৰুৱা! মন মগজুৰ যুঁজ চলি আছিল। মোৰ গৱেষণাৰ তথ্যবোৰ সংগ্ৰহ কৰিছিলোঁ। আৰু দুদিন পিছতে গুৱাহাটীলৈ উভতিবলৈ বিমানৰ টিকেটৰ ব্যৱস্থা কৰিছিলোঁ। শেষবাৰৰ বাবে সুনন্দাৰ লগত ওলাই গৈছিলোঁ। মুকলি আকাশৰ তলত, অলপ মুকলি বতাহৰ বাবে। মুহূৰ্ততে সেনা বাহিনীৰ এটা দলে আমাক ঘেৰি ল’লে। হাত, চকু বান্ধি আমাক লৈ গৈছিল এক অজান ঠিকনালৈ।
কেনেদৰে বিশ্বাস কৰোঁ সেনাৰ এই বৰ্বৰ ৰূপ!
মই আছিলোঁ সেইজন সেনা বিষয়াৰ জীয়ৰী যিজনে আৰ্তজনৰ জীৱনৰ বাবে পাহাৰ, ভৈয়াম বগাই মানৱতাৰ প্ৰমাণ দিছিল।
মই সেই সেনাৰ আবাসিক এলেকাত ডাঙৰ হৈছিলোঁ য’ত প্ৰতিঘৰৰ এজনকৈ শ্বহীদ হৈছিল, প্ৰাণ আহুতি দিছিল দেশমাতৃৰ ৰক্ষাৰ বাবে।
সাংবিধানিক ৰক্ষা কবচ মানি, দেশৰক্ষাৰ শপত লৈ আমাৰ ৰক্ষাৰ বাবে মাহ মাহ ধৰি আছিল কাশ্মীৰৰ বৰফৰ মাজত। তেনেস্থলত?
বৰ্বৰতা, নিৰ্যাতন আৰু মানৱাধিকাৰ লুণ্ঠন কৰিবলৈ বলৱৎ কৰা আফস্পা আইনৰ দোহাই দি উৎপীড়ন চলোৱা হৈছিল আমাৰ ওপৰত।
সেনা বাহিনীৰ এই গোপন ঘাটিত বহু মণিপুৰী যুৱতীক বন্দী কৰি ৰখা হৈছিল। নাৰীৰ দেহেই নাৰীৰ চিৰবৈৰী। আদিম যুগৰ পৰা এতিয়ালৈকে প্ৰতিটো গৃহযুদ্ধত, আন্তৰাষ্ট্ৰীয় যুদ্ধত, প্ৰতিটো ঘটনাতে নাৰীৰ দেহৰ ওপৰত জঘন্য অত্যাচাৰ চলি আহিছে। ধৰ্ষণ, গণ ধৰ্ষণ! কি বৰ্বৰ! এটি আন্ধাৰ কোঠাত মোক ৰখা হৈছিল। সুনন্দা ক’ত? কান্দিছিলোঁ, চিঞৰিছিলোঁ! কোনো নাছিল শুনিবলৈ। লাইটটো জ্বলি উঠিছিল। এজন সেনাই আহি মোৰ চকু আৰু হাতৰ বান্ধ খুলি দিছিল।
:পা..পা…পানী।
স্বতঃস্ফূৰ্ত ভাবে মোৰ মুখৰ পৰা ওলাইছিল।
তেওঁ আগবঢ়াই দিয়া পানীৰ বটলটো শেষ কৰিছিলোঁ। মানুহজন মোৰ ওচৰ চাপি আহিছিল। ভয়তে চিঞৰি দিলোঁ।
:চুপ! একদম চুপ!
মোৰ গালত এক চৰ সোধালে।
:মে আপকী বেটী কী উমৰ কি হু। মে… মেৰী পাপা ভী আৰ্মি মে থা…প্লিজ…মুঝে ছোড় দিজিয়ে..।
তেওঁৰ ভৰিত ধৰি চিঞৰি উঠিছিলোঁ।
:আহ…….!
মোৰ সতীত্বৰ মৃত্যু ঘটিছিল। এক উদাস চাৱনিৰে ওপৰৰ চিলিঙলৈ চাই ৰৈছিলোঁ। চকুৰে বাৰিষাৰ ধল নামিছিল। লাইট অফ কৰি অসুৰজন ওলাই গৈছিল।
অলপ সময়ৰ পিছত আকৌ লাইট জ্বলিছিল।
সেনাৰ পোছাকত অহা মানুহজনে চিঞৰি কৈছিল,
:বহুত চখ হে না নংগা হোকে কোৰ্ট কে চামনে প্ৰটেষ্ট কৰনে কা, ত’ অব নংগা হোকে দিখা…।
বুজিছিলোঁ কেইদিনমান আগত মণিপুৰৰ কাংলা কোৰ্টৰ সন্মুখত আফস্পা আইনৰ প্ৰতিবাদত বহু কেইগৰাকী মহিলাই কৰা উলংগ প্ৰতিবাদৰ বাবেই আমাক উঠাই অনা হৈছে। মোৰ মনত যেন এক আশাৰ সঞ্চাৰ হৈছিল।
:চাৰ…মে মণিপুৰী নেহী হু। মে প্ৰটেষ্ট কৰনে নেহী গয়ী থী। মে আচাম চে আয়ী হু। ৰিচাৰ্চ কৰনে কে লিয়ে..।
সেনা বিষয়াজনৰ ভৰিত পৰি কাবৌ কৰিলোঁ মোক এৰি দিবলৈ। নাই নুশুনিলে। আকৌ এবাৰ মই ধৰ্ষিতা হ’লোঁ।
এইদৰে কিমানবাৰ যে কত জনৰ যৌন কামনাৰ বলি হ’লোঁ হিচাপ নাই। অন্ধকাৰ কোঠাৰ চাৰি বেৰৰ মাজৰ ঠাইখিনি মোৰ পৃথিৱী। ওলাই অহাৰ বাট নাছিল। দিন, মাহৰ হিচাপবোৰ হেৰাবলৈ ধৰিছিল।
যুঁজিছিলোঁ নিজৰ সৈতে। নিজৰ একাকিত্বৰ সৈতে। ভাবিছিলোঁ কিহৰ বাবে আজি মই? ভগৱানক খাটিছিলোঁ এই নৰকৰ পৰা মোক মুক্ত কৰিবলৈ।
ভগৱান আছে। প্ৰাৰ্থনাৰ এক বিৰাট শক্তি আছে।
এদিন এই কেম্পটোত হঠাৎ হুলস্থূল শুনিছিলোঁ। বাহিৰৰ পৰা তলা মাৰি থোৱা মোৰ কোঠাৰ দুৱাৰত বাৰে বাৰে ঠেলিছিলোঁ। কিজানি ওলাই যাব পাৰোঁ। নাই। নোৱাৰিলোঁ। দিনতে দি যোৱা ডাঠ ৰুটী টুকুৰা খাবলৈ নিজৰ লগতে বুজাপৰাত ব্যস্ত আছিলোঁ। এক লহমাত দুৱাৰখন খোল খাইছিল। বাহিৰত বহুত মানুহ। মহিলাও আছে। ভয় খাইছিলোঁ। জীৱনে বা আকৌ কি ৰূপ লয়? সেই কেম্পৰ পৰা মুঠ বাইশ গৰাকী মহিলাক উদ্ধাৰ কৰিছিল এই মানৱ অধিকাৰ সংগঠনটোৱে। সুনন্দাক লগ পাই খুব কান্দিছিলোঁ। আমাক লৈ অহা হৈছিল ইম্ফল চহৰৰ এটা আশ্ৰয়গৃহলৈ।
দুদিনৰ বিশ্ৰামৰ অন্তত আমি সুস্থ হৈ উঠিছিলোঁ শাৰীৰিকভাৱে। মানসিক সুস্থতা আৰু আমাৰ? এক প্ৰেছ মীটৰ আয়োজন চলিছিল। দেশ-বিদেশৰ বিভিন্ন নিউজ চেনেলৰ সাংবাদিকেৰে গোটেইখন ভৰি পৰিছিল। আমাৰ সাক্ষাৎকাৰ লোৱা হৈছিল। কোনোবাই কৈছিল। কোনোবাই মাথোঁ কান্দিছিল। আমাৰ এই বাতৰিটোৱে বিশ্বব্যাপী আলোড়নৰ সৃষ্টি কৰিছিল। গোটেই বিশ্বই আফস্পা আইনক গৰিহণা দিছিল।
মোৰ ঘৰৰ পৰা ফোন আহিছিল। দেউতা আৰু দাদা আহিব। এফালে সুখৰ অনুভৱ, আনফালে ভীতিগ্ৰস্থ মই। মই সুনন্দা আৰু আশ্ৰয়গৃহৰ লগৰীয়াসকলৰ পৰা বিদায় লৈছিলোঁ। দাদা আৰু দেউতা আহিছিল। ভিজিটৰ ৰুমত বহি আছিল। মোক সুনন্দাই লৈ গৈছিল। দেউতাই মোক সাৱটি ধৰিছিল। কেতিয়াও চকুৰ পানী নেদেখা দেউতাৰ চকুত যেন আজি বাৰিষাৰ বানপানীয়ে আশ্ৰয় লৈছিল। দাদায়ো কান্দিছিল। মৌনতাই কৈ গৈছিল কথাবোৰ। বিভীষিকাৰ কথা! বৰ্বৰতাৰ কথা। উৎপীড়নৰ কথা!
:দেতা ব’লা, আমি যাওঁ সোনকালে।
এক উদাস চাৱনিৰে দেউতাই চাই ৰৈছিল। কি নাম এই উদাসীনতাৰ? মই যেন বুজি পোৱা নাছিলোঁ।
:মনীষা, মাজনী অ’। এইবাৰ নালাগে দে।
:কি? কি কিয় দেতা? মোক লৈ যোৱা। মোক উদ্ধাৰ কৰা।
:ঘৰলৈ ঘূৰি গৈ কি কৰিবি? কোনে তোক বিয়া কৰাব? সমাজখন বৰ কঠোৰ অ’ মাজনী।
:দেতা, তুমি এইবোৰ কি কৈছা? সুধীৰ….সুধীৰে …।
দেতাই মোক সাৱটি ধৰি কান্দিছিল। অলপ যেন বুজিছিলোঁ!
:মাজনী, টিভিৰ নিউজত তোক দেখাৰে পৰা গাঁৱৰ সকলোৱে বহুত কথা কৈ আছে। এইবোৰ তই সহ্য কৰিব নোৱাৰিবি। নালাগে দে যাবলৈ…।
আচৰিত হৈছিলোঁ। যিজন মানুহে সদায় নাৰী শিক্ষা, নাৰী অধিকাৰৰ বাবে সমাজত এক পৰিবৰ্তনৰ সূচনা কৰিব বিচাৰিছিল, সেইজনেই এনেদৰে!
:নাই, নাই দেতা মই পাৰিম। মোৰ সাহস আছে। তুমি দেখোন কৈছিলা মই তোমাৰ অভিমান, মই তোমাৰ গৌৰৱ। আজি মোৰ বাবে তুমি এবাৰ থিয় হোৱা। সকলো ঠিক হ’ব, দেতা এবাৰ ভাবি চোৱা।
দেতাৰ মুখৰ মৌনতাবোৰ পঢ়ি পেলাইছিলোঁ। সকলো পৰিস্থিতিৰ দাস। বুজিলোঁ। সকলোৱে প্ৰথমে নিজৰ নিৰাপত্তাৰ কথা ভাবে। এৰা কথাটো হয়। নিজে নিৰাপদ হ’লেহে ঘৰখনৰ নিৰাপত্তাৰ কথা ভাবিব পাৰি।
:তই চিন্তা নকৰিবি মনীষা। আমি আহি থাকিম। তোৰ নামত চৰকাৰৰ পৰা পোৱা সাহায্যৰ ধনেৰে চহৰৰ মাজমজিয়াত মাটি অলপ ল’লোঁ। তাতে দুমহলীয়া ঘৰ এটা বনাই আছোঁ। ঘৰটো সম্পূৰ্ণ হ’লে তোক লৈ যাম দে।
এয়া ৰণ দাৰ কথা! যিজন ৰণ দাৰ হাতত প্ৰতি বছৰে ৰাখী বান্ধিছিলোঁ, সেইজন দাদাই মোৰ সতীত্বৰ বিনিময়ত! উফ! মোৰ যেন কাণ দুখনকে বিশ্বাস নকৰিম।
ভিজিটৰ ৰুমৰ পৰা ওলাই আহিছিলোঁ। বাৰাণ্ডাত ৰৈ আছিল সুনন্দা। বাকৰুদ্ধ হৈ পৰিছিলোঁ। চকুৰ পানী শুকাই গৈছিল।
ধৰ্ষিতা হৈছিলোঁ। তথাপিও ঠন ধৰি উঠিবলৈ কৰা আপ্ৰাণ চেষ্টাত যেন অলপ সফল হৈছিলোঁ। সুধীৰে বিয়াখন ভাঙি দিয়াটোৱেও মোক বিচলিত কৰা নাছিল। দুদিনৰ চিনাকিহে। কিন্তু যিজনৰ ঔৰষত মোৰ সৃষ্টি, যিজনৰ আলাসৰ লাৰু আছিলোঁ মই, সেইজনে পিতৃয়ে যেতিয়া সমাজৰ ভয়ত মোক গ্ৰহণ কৰিব নোৱাৰে, মোৰ মানসিক স্থিতি কি হ’ব? বাৰে বাৰে নিৰ্যাতিতা হৈছিলোঁ। কেতিয়াবা শাৰীৰিকভাৱে, কেতিয়াবা মানসিকভাৱে। প্ৰতিবাৰেই নিৰ্যাতনকাৰী আছিল একো একোজন পুৰুষ। কেতিয়াবা অচিনাকি, কেতিয়াবা তেজ, মঙহৰ, বঙহৰ নিজৰ আপোনজন। মোৰ সত্তাই এক নতুন পথ ল’বলৈ বাধ্য হৈছিল। সুনন্দা, মেৰিনা, আইববী মোৰ লগৰী হৈ পৰিছিল। ঘৰৰ পৰা দূৰৈত, পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ গঢ়ি তুলিলোঁ এক নতুন পৰিচয়।
আজি আমাৰ ৱিমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যনে কাম কৰি গৈছে মোৰ দৰে হাজাৰজনী ধৰ্ষিতাৰ বাবে। আমি ধৰ্ষিতা। আমাক শোষণ কৰা হৈছিল। কিন্তু আমাৰ মুক্ত কণ্ঠক কোনেও ৰোধ কৰিব নোৱাৰে। আমি যুঁজি যাম আজীৱন এই তথাকথিত, সভ্য সমাজখনৰ বিৰুদ্ধে। যিখন সমাজত আজিও নাৰীক পণ্য সামগ্ৰী, ভোগৰ সামগ্ৰী হিচাপে গণ্য কৰা হয় সেই সমাজৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিম। আমি নাৰী। আমি মানুহ। আমাক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ক।
উত্তৰ-পূব ভাৰতৰ মহিলা গোটৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক অগতানুগতিক অনুষ্ঠানত আজি মোক সম্বৰ্ধনা জনোৱা হৈছে।
গুৱাহাটী, মোৰ প্ৰাণৰ আপোন অসমত অনুষ্ঠিত এক অনুষ্ঠানত ইমান পৰে ষ্টেজত থিয় হৈ মই কৈ থকা কথাখিনি শুনি দৰ্শকসকল থিয় হৈ উঠিছে। হাতচাপৰিৰ শব্দই হলটোৰ চাৰিওফালে প্ৰতিধ্বনি হৈ এক সফলতাৰ বাট দেখুৱাইছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!