জুই

লেখক- শিল্পীশিখা গোস্বামী

তাৰ মুখনিলৈ চালে যিকোনো মাকৰে এমুঠি ভাত খুৱাই দিবলৈ মন যাব, এটি মিঠা নিচুকনি গীত গাই তাক শুৱাই দিবলৈ মন যাব। তাৰ মুখৰ প্ৰতিটো ভাঁজত স্পষ্ট হৈ পৰিছে যে সি ভোকাতুৰ, ভাগৰুৱা। মোনাটো বুকুত সাৱটি সি কুঁচি-মুচি শুই আছে। আবেলিটো শেষ হৈ গধূলিটো সোমোৱাৰ এই সময়কণত এই চাৰিআলিটোৰ ব্যস্ততা বাঢ়ি যায়। কোনো কোনোৱে চাকৰিৰ পৰা ওভটোতে ফুটপাথত বহা বেপাৰীৰ পৰা শাক-পাচলি, ফল-মূল লৈ যাব খোজে। হোটেলকেইখন, ডিপাৰ্টমেণ্টেল ষ্টৰখনতো ভিৰটো অলপ বেছিয়েই হয়। কাৰোবাৰ ঘৰলৈ হয়তো আলহী অহাৰ কথা। কোনোবাই হয়তো ল’ৰা-ছোৱালীকেইটালৈকে কিবা এটা লৈ যাব খোজে। ফুলিবাইৰ ঘূগুনি-পকৰি, বাবুলকাইৰ ফুচকাৰো এই সময়ত বিক্ৰী বাঢ়ি যায়। লগে লগে তাৰ ভোকটোও বহুগুণে বেছি বাঢ়ি যায়। মোনাটো আৰু জোৰেৰে সাৱট মাৰি ধৰি সি টোপনি যাবলৈ চেষ্টা কৰে। তাৰ কাষেৰে অগণন মানুহৰ পদযাত্ৰা। খিচিৰ মিচিৰ ভিন্নজনৰ ভিন্ন কথা-বতৰাৰ অৰ্থোদ্ধাৰ কৰি সি বৰ আমোদ পায়। আজি কিন্তু এই সকলোবোৰ তাৰ কাৰণে বৰ অসহনীয় হৈ পৰিছে। কেতিয়ানো আব্দুলকাৰ মাতষাৰ শুনিব তালৈকেহে সি শহাকণীয়া হৈ ৰৈ আছে। আজি খোৱাৰ পাছত পইচা বাচিলে ঘা টুকুৰাত লগাবলৈ কিবা এটা কিনিব লাগিব। হঠাতে তাৰ বুকুখন চিৰিংকৈ মাৰিলে। সি যদি মৰি যায় কি হ’ব! মাকক এবাৰ চিঁচাৰ গিলাচে হাত কাটোতে দেউতাকে গাঁৱৰ চৰকাৰী হস্পিতাললৈ লৈ গৈ বেজি দিয়াইছিলগৈ। বহুত দৰৱো খাইছিল মাকে। তাৰ পাছতো বহুদিনৰ মূৰতহে ঘা টুকুৰা ভালদৰে শুকাইছিল। আৰু এতিয়া তাৰ.. নাই নমৰে সি। আৰু মৰিলেওনো কি হ’ব। একোটো নহয়। লগৰকেইটাই দুখ কৰিব। কান্দিবও হয়তো। ভেচেলীয়ে নিশ্চয় চকুৰ পানী নাকৰ পানী একাকাৰ কৰি কান্দিব। তাৰ পাছত? তাৰ শটোৰ বাৰু কি হ’ব? জ্বলাবনে কোনোবাই? গাঁওবুঢ়া বৰদেউতা ঢুকাওঁতে পতাৰ নিচিনাকে সকাম পাতিবনে কোনোবাই! কোনোবা এজন ব্যস্ত পদযাত্ৰীৰ জোতাযোৰে তাৰ ভৰিটোত গচক এটা মাৰি থৈ গ’ল। বিষটো তৎক্ষণাৎ গৈ মূৰ পালেগৈ। লাহে লাহে তাৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে।
কিনো কুক্ষণত আজি সি নৈৰ পাৰ পাইছিলগৈ! আচলতে তাৰ এইকেইদিনত ভালকৈ এসাঁজ খাবলৈ বৰকৈ মন গৈ আছিল। গাঁৱত হোৱা হ’লে এতিয়া!
নৈৰ পাৰত এইসময়ত চিঁচাৰ বটলবোৰৰ সংখ্যা বাঢ়ে। ভাগ্য ভাল থাকিলে দামী বস্তুও কিবা কিবি পোৱা যায়। তাৰে দুটামান গোটাব পাৰিলে বজাৰ ভাল হয়। আৰু বজাৰ ভাল হ’লে ভাতসাঁজৰ যোগাৰ হৈ যায়। তাকে আশা কৰি সি তালৈ গৈছিল। পিচে নৈৰ বালিত পোত গৈ থকা চিঁচাৰ টুকুৰাই তাৰ ভৰিৰ তলুৱাখন তেনেই ফালি পেলালে। তেজ নোৰোৱা দেখি বালি এসোপাৰে হেঁচা মাৰি ধৰি সি তাতে পৰি ৰ’ল। খাওঁ খাওঁ মূৰ্তি ধৰি বাঢ়ি অহা দুপৰীয়াৰ বেলিটোৱে তাক তেনেই লেৰেলাই পেলাইছিল। সেইকাৰণে হ’বলা আজি তাৰ গাতো বেছিকৈয়ে বেয়া লাগিছে। তাতে পেটৰ ভোকটো পিত পানী হৈ বাৰে প্ৰতি উজাই আহিছে।
জুগুনুৱে হেঁচুকি দিয়াত সি খকমককৈ উঠি বহিল। ৰঙা ফিতা এডাল মাৰি থোৱা ঘা টুকুৰাৰ পৰা এতিয়াও বিৰিঙি বিৰিঙি তেজ ওলায়েই আছে। তাকে দেখি গোটেইকেইটাই ইচ্-আচ্ লগালে। অলপ দকৈয়ে কাটিছে দেখোন। ভেচেলীয়ে ক’ৰবাৰ পৰা নাৰ্জী ফুলৰ পাত কেইটামান বিচাৰি আনিলে। পাতকেইটা মোহাৰি তাইৰ মৰাপাট যেন চুলিকোচা বান্ধি থোৱা ফিতাডালেৰে ঘা টুকুৰা আকৌ বান্ধি দিলে। কিয় জানো তাৰ বুকুৰ ওপৰলৈকে গধুৰ বৰফ এটুকুৰা উজাই অহা নিচিনা লাগিল। এতিয়াই যেন গলি গলি চকুয়েদি নিগৰি আহিব পানীবোৰ! ৰাস্তাত পৰি থকা ৰুটি এটুকুৰাৰ কাৰণেও কাজিয়া কৰে সিহঁতে!
আবেলিটোক বিদায় দি গধূলিটোৱে নিগাজিকৈ থিতাপি লোৱা অলপ বেলি হ’ল। সদায় জ্বলোৱাৰ দৰে ওচৰৰ জাবৰ-জোথৰখিনি গোটাই ফুলিবায়ে জুইকুৰা জ্বলাই দিলে। জুইকুৰাৰ উমেৰে নিজক উমাল কৰি ৰাখিবলৈ গোটেইকেইটাই কুঁচি-মুচি কৰি থেপা-থেপিকৈ বহি ল’লে। এনেকুৱা উমাল সন্ধিয়াবোৰে পলকতে তাক নি তাৰ নিজৰ ঘৰৰ জুহালৰ ওচৰ পোৱাইগৈ। মাকে দাইলত তেল মাৰোতে চেৰেংকৈ হোৱা শব্দটো সি কিয় জানো ইমান ভাল পায়! চৌপাশে বিয়পি পৰা ভজা মিঠিগুটিৰ গোন্ধটো নাকেৰে উজাই লৈ সি মাকৰ ওচৰতে বহি থাকে। হাতত থাকে পাঠ্যপুথিখন। পাঠ্যপুথিৰ কথাবোৰ পাক লাগিবলৈ আৰম্ভ কৰিলেই তাৰ চকুকেইটাও নিজে নিজে জাঁপ খাই যায়। আখৰবোৰেও নিজা ভাঁজ-ভুঁজ এৰি বেকুঁৰা-বেকুঁৰি ৰেখাখণ্ড কিছুমান হৈ নাচিবলৈ আৰম্ভ কৰি দিয়ে। কিতাপৰ চৰিত্ৰবোৰৰ সতে সি সপোনত ওমলে। ভূগোলৰ জলপথ-পদপথেৰে গৈ সি কোনোবাখিনি পাইগৈ। চাকিৰ ঢিমিক-ঢামাক পোহৰত নিউটনৰ ৰঙা আপেলটোৰ আশাত সি মুখখন মেলি দিয়ে। ক্ৰম’জ’মবোৰে চাৰিওফালৰ পৰা তাক মেৰিয়াই ধৰে। আৰু তেনেকুৱা সময়তে মাকে তাৰ পিঠিত ঢকা এটা মাৰি কয়,
:যা সোণটো, মুখখন ধুই আহগৈ। ভাতকেইটা খাই একেবাৰে শুবি।
মাকৰ হাতৰ পৰশত তাৰ পিঠিটো সিৰসিৰাই গ’ল। পিঠিটো খেপিয়াই খেপিয়াই সি কোঁ-কোঁৱাই সাৰ পাই উঠিল। তাৰ কাষতে ৰৈ আছে আব্দুলকা। জুইকুৰাৰ উম লৈ সিহঁকেইটা সেই বহাতেই টোপনি গৈছিল।
:ইমান মৰ টোপনিনে তহঁতৰ! জল্দি কৰ, বহুত জাগাত যাব আছে।
সদ্য প্ৰস্ফুতিত কলিটোত যেন কোনোবাই গৰম পানী ঢালি দিলে। মুহূৰ্তৰ কাৰণে সি জঁই পৰি গ’ল! মাত্ৰ এটা পলকৰ বাবে মাকক বিচাৰি তাৰ বুকুখনে হাহাকাৰ কৰি উঠিল। ঠিক তাৰ পিছ মুহূৰ্ততে অভ্যস্ত বেপাৰীৰ দৰে মোনাৰ পৰা এটা এটাকৈ বস্তুবোৰ উলিয়াই সিহঁতে আব্দুলকাৰ সতে দৰদামত লাগি গ’ল।
পইচাকেইটা হাতত পৰিলেই সিহঁতে দিনটোৰ দুখ-ভাগৰ, বিষ-কোপ সকলো পাহৰি যায়। ফুলিবাইক এক এক প্লেট ঘূগুনি-পকৰি অৰ্ডাৰ দি সিহঁতে পইচাকেইটা গণিবলৈ আৰম্ভ কৰি দিলে।
:ঐ ঐ সৌফালে চা, আকাশত জুই লাগিল!
:আৰে হয়তোন! আকাশখন দপদপীয়া জুই একুৰাৰ দৰে ৰঙা হৈ আছে!
চাৰিআলিটোৰ পৰা পশ্চিমফালে চহৰৰ ব্যস্ততাৰ পৰা অলপ নিলগত পুৰণি গুদামটো। ঠিক সেইফালৰ আকাশখনেই ৰঙা হৈ জ্বলিছে। হৈ চৈ এটাও কাণত পৰিল মানুহবোৰৰ। লগতে এটা গোন্ধ। আলু পোৰাৰ গোন্ধ। গোন্ধটোৱে সিহঁতক যেন সন্মোহিত হে কৰি পেলালে। চকুকেইটা তিৰবিৰাই উঠিল গোটেইকেইটাৰে। সন্মোহিত মানুহৰ দৰে গোটেইকেইটাই খালী মোনাকেইটা লৈ পুৰণি আলু গুদামটোৰ ফালে চেকুঁৰ মেলিলে।
এনেকৈয়ে সি আৰু এদিন দৌৰিছিল। পাৰ্থক্য মাথোঁ এটাই, এই দৌৰ জুইৰ ওচৰলৈ আৰু সেই দৌৰ আছিল জুইৰ পৰা দূৰলৈ। কেনেকৈ কি হ’ল কোনোবাই তত ধৰিব পৰাৰ আগতেই এনেকুৱা একুৰা আকাশলংঘী জুয়েই ছাই কৰি পেলাইছিল সিহঁতৰ গাঁওখন। সেই অভিশপ্ত গধূলিটোত মাকে তাৰ কাৰণে জীয়া পুতলা এটা অনাৰ কথা আছিল। আবেলিৰ পৰা মাক বিছনাত। বাপেক-পুতেক পাকঘৰত। হঠাতে পিছফালৰ বাঁহনিডৰাৰ পৰা জপজপাই অহা জুইকুৰাই সিহঁতৰ কণমানি খেৰিঘৰটো চানি ধৰিছিল। পলকতে দেউতাকে তাক ডাংকোলাকৈ লৈ একপ্ৰকাৰ দলিয়ায়েই ঘৰৰ পৰা বাহিৰলৈ পেলাই দিছিল। “মাৰক লৈ আহোঁগৈ ৰ” বুলি যোৱা দেউতাকক জুইৰ লেলিহান শিখাই চেলেকি গৈছিল। মাক-দেউতাক ওলাই অহাৰ আগতেই ঘৰটো একুৰা জুইত পৰিণত হৈছিল। তাৰ চকুৰ আগতে দুটা জীয়া মানুহ ছাইলৈ পৰিণত হৈছিল। তাৰ জীয়া পুতলাটো যে মাকৰ লগতে এঙাৰ হৈ গৈছিল, সি গমকে নাপালে। জেওৰা-জপনা বগাই জুইকুৰা তাৰ ফাললৈকে আগবাঢ়ি অহা দেখিয়ো সি লৰচৰ কৰা নাছিল। দেউতাকে মাকক লৈ ওলাই অহাৰ কথা, তাক যে ৰ’বলৈ কৈছিল। কোনোবা এটাই চিলনীয়ে থপিওৱা দি থপিয়াই তাক আঁতৰাই আনিছিল। তাৰ পাছত সন্মোহিত মানুহৰ দৰে সি দৌৰিছিল। পিছে পিছে খেদি অহা জুইৰ পৰা বাচিবলৈ, পোৰা মাংসৰ অচিনাকি গোন্ধৰ পৰা বাচিবলৈ সি চেতনা হেৰুৱাই দৌৰিছিল। সেই দৌৰৰ শেষতেই সি জুগুনু, ৰাজু, ভেচেলীহঁতৰ লগ লাগিল, আব্দুলকাক লগ পালে আৰু আৰম্ভ হ’ল তাৰ ফুটপাথৰ জীৱন।
সিহঁতৰ অনুমানেই ঠিক। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীখন আহি পাইছেহি যদিও দপদপীয়া জুইকুৰাক সম্পূৰ্ণৰূপে শান্ত কৰিব নাই পৰা। সিহঁতৰ কিন্তু সেইবোৰ একো হুঁচ নাই। পোৰা আলুৰ মলমলীয়া গোন্ধত সিহঁত তেতিয়া সম্পূৰ্ণৰূপে মন্ত্ৰমুগ্ধ। জুইৰ ফাঁকে ফাঁকে গৈ সিহঁতে মোনাত আলু ভৰাবলৈ লাগি গ’ল। কোনোবা এজনে কথাটো মন কৰি আকৌ নতুনকৈ হৈ চৈখন লগাই দিলে। অৱশেষত যেনিবা অগ্নি নিৰ্বাপক বাহিনীৰ মানুহে দাবী-ধমকি দি সিহঁতক সেই ঠাইৰ পৰা আঁতৰাবলৈ সক্ষম হ’ল।
আজি সিহঁতৰ ভোজ। সুবিধা বুজি সিহঁত আকৌ যাব তালৈ। আৰু আলু আনিব। বহুত আলু। ভৰপেটে সিহঁতৰ মলিয়ন মুখবোৰ উজলাই তুলিলে।
তেতিয়াও তেজ বিৰিঙি থকা ঘা টুকুৰাৰ বিষটো সি সমূলি পাহৰি গ’ল। মোনাটোত বাকী থকা আলুকেইটা উলিয়াই সি ঘঁহি ঘঁহি মোনাটো ধুই পেলালে। তথাপি যেন চিনাকি চিনাকি লগা পোৰা মাংসৰ গোন্ধটো মোনাটোৰ ক’ৰবাত লিকটা খাই লাগি ধৰিল! মোনাটোৰ পৰা ওলাই গোন্ধটোৱে তাৰ বুকুৰ ওপৰতে হেঁচা মাৰি ধৰিলে।
দ্বিতীয়বাৰ সি ভেচেলীহতঁৰ সতে আলু বুটলিবলৈ নগ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!