ফুল ফুলক ৰ’দৰে ফুল

লেখক- নীতালি শৰ্মা দত্ত

বাঁহীটোত হাত ফুৰাই সি বহু সময় বহি থাকিল নিৰ্জন বেলকনিটোত।
সম্ভৱ নে এয়া! কালৰ গহ্বৰত হেৰাই যোৱা বুলি ভাবি লোৱা কথাবোৰ দেখোন জী উঠিছে আকৌ এবাৰ। মানুহটোৰ দুখৰ পাহাৰখন হৰহৰকৈ খহিছে। বুকুত বাহ লৈছে নতুন বিষ এটাই। অভিমান সামৰি ওফন্দি উঠা বুকুখনত বাঁহীটো দুই হাতেৰে চেপি ধৰিছে সি। এই সুৰ কাহিনীও সি নবজায় আৰু।
সন্মুখেৰে বৈ যোৱা প্ৰাচীন নৈখন চকুত সামৰি আৱৰ্ত ভৱনৰ বিশাল বেলকনিটোৰ আন্ধাৰ চুকটোত তেনেকৈয়ে বহি থাকিল বহু সময় শাক্যমুনি পৰাশৰ। কেইবাখনো বেষ্টচেলাৰ গ্ৰন্থ উপহাৰ দিয়া জনপ্ৰিয় ঔপন্যাসিক শাক্যমুনি পৰাশৰৰ বাবে স্তাৱক, প্ৰশংসকৰ অভাৱ নাই। সুন্দৰী ললনা আশেপাশে ঘূৰা শাক্যমুনিৰ বাবে প্ৰেমো দুদিনীয়া। পাৰ ভাঙি যোৱা প্ৰশংসা আৰু প্ৰতিবাৰেই বেষ্ট চেলাৰৰ মুকুট পৰিধান কৰি ঈৰ্ষনীয় কেৰিয়াৰ গঢ়ি তোলা শাক্যমুনিৰ নামৰ পিছত যে চকুচৰহাই দিয়া ‘লেডী কিলাৰ’ বিশেষণটোও লাগি আহে সেয়া শাক্যমুনিয়ে জানে। আনকি নিজক লুকুৱাই ৰখা শাক্যমুনিয়ে শেহতীয়াকৈ জনতাৰ চকুত মুকলিকৈ ধৰা দিওঁতেও হাইপ্ৰফাইল পাৰ্টিৰ পৰা থৰকবৰক খোজেৰে সুন্দৰী ললনাৰ কঁকালত ধৰি ওলাই যোৱাৰ দৃশ্যও এতিয়া চ’চিয়েল মিডিয়াত সুলভ।
আচৰিত! আচৰিত!
এনে এক উচ্ছৃংখল মানুহৰ বাবেও সাহিত্য সৃষ্টি সম্ভৱ নে! বাৰে বাৰে বেষ্ট চেলাৰ হোৱা উপন্যাসবোৰক একেষাৰতেই সাহিত্যৰ নামত জাবৰ আখ্যা দি মুধাফুটা সাহিত্যিকে কাকতৰ কলম ভৰাই সমালোচনা লিখাৰ পিছতো শাক্যমুনিৰ জনপ্ৰিয়তা আকাশচুম্বী। নৱপ্ৰজন্মক মোবাইলৰ পৃথিৱী এৰি কিতাপৰ পাতত ডুব যাবলৈ বাধ্য কৰোৱা শাক্যমুনি এতিয়া চেলিব্ৰেটী। পেংগুইনৰ দৰে প্ৰকাশনে প্ৰকাশ কৰা যাৰ কিতাপ এতিয়া জনপ্ৰিয় ৱেবচিৰিজৰ পৰা চিনেমা হোৱাৰো পথত। সমৃদ্ধিৰ শিখৰত উপনীত শাক্যমুনিৰ জানো দুখ আছে! অবাধ জনপ্ৰিয়তাৰ চমকত নিজকে হেৰুৱাই পেলাব খোজা শাক্যমুনিকতো বিগত বিশটা বছৰে অনুৰাগীয়ে তেনেকৈয়ে জানি আহিছে। তেনে হঠাতে আজি কিয় শাক্যমুনিৰ ভাললগা নাই ৰংবিৰঙৰ পোহৰৰ চমকনি? কিয় শুনিব বিচৰা নাই জাউৰিয়ে জাউৰিয়ে বিশাল হলভৰ্তি অনুৰাগীৰ হাতচাপৰি? কিয় হাতেৰে চুই চাব বিচৰা নাই নিজৰেই বেষ্ট চেলাৰ সৃষ্টিয়ে দিয়া সন্মানৰ মুকুট? নিৰ্জন বেলকনিটোৰ চুকত আন্ধাৰ পোহৰৰ মাজত এসোপা অভিমান সামৰি টোপোলা বান্ধি অৰঙে-দৰঙে লৈ ফুৰা পুৰণি বাঁহীটোত কিয় আজি আকৌ সেই সুৰ তুলিছে, সেয়া শাক্যমুনিয়ে নিজেও নাজানে। চৰকাৰী সহায়কাৰী ৰামচৰণে বাৰে বাৰে চাই গৈছে টেলিভিচনতহে দেখা বিখ্যাত সাহিত্যিকজনক। ভাত খোৱাৰ কথা ক’বলৈ আহিয়ো ব্ৰহ্মপুত্ৰৰ বুকুলৈ চাই নীৰৱে বহি থকা মানুহজনৰ কথা আচৰিত হৈ আলোচনা কৰিছে আৱৰ্ত ভৱনৰ চৰকাৰী ৰান্ধনীশালত আটাইবোৰ কৰ্মচাৰীয়ে। কিতাপ লিখা মানুহবোৰৰ তুলনাত বেলেগ এইজন মানুহক সাহিত্যিকতকৈ চিনেমাৰ হিৰ’যেন হে লগাৰ কথা কৈ ৰস লৈছে আটাইবোৰে। মানুহজনৰ অতীত, বৰ্তমান সকলোবোৰেই ৰঙীন কাহিনী হৈ আকাশে বতাহে উৰি ফুৰাৰ কথাৰে জমি উঠিছে সিহঁতৰ আড্ডা। অথচ ৰামচৰণৰ বুকুত যেন এই আড্ডাৰ ফাঁকেৰেও ৰি ৰি কৈ এটি বাঁহীৰ সুৰো প্ৰৱেশ কৰিছে নজনাকৈ। নিৰ্জন বেলকনিটোত প্ৰাণ পাই উঠা সেই বাঁহীৰ প্ৰাচীন সুৰ।
শাক্যমুনি পৰাশৰে নাজানে একোকে। নিচাহীন নিশাটোত অভিমানৰ এখন সুউচ্চ পাহাৰ গঢ়ি বহি থকা মানুহটোৰ শিলিভূত চকু ৰৈ আছে নৈৰ বুকুত বান্ধি থোৱা এসোপা কাঠৰ নাওৰ টুলুংভুটুং যুঁজখনত। নে সেই চকু দুটাত! গভীৰ চকুযুৰিৰ সেই অবাক চাৱনিত ৰৈ গৈছে নেকি শাক্যমুনিৰ দৃষ্টি! নে সেই চকুৰ গৰাকীৰ হাতৰ অকণমানি তথাগতৰ মূৰ্তিটোত! শাক্যমুনিয়ে নাজানে নিশাৰ অন্ধকাৰত ক’ত চকু থাপি বহি আছে সি। অভিমানী মনটোৱে হাহাকাৰ কৰিছে। কম্পিত ওঁঠযোৰেৰে বিৰবিৰাইছে সেই নাম।
:আঃ গংগোত্ৰী।
বহু সময় চাইলেণ্ট হৈ থকা মোবাইলটোৰ স্ক্ৰিনত সেই সময়তে জিলিকি উঠিছে এটি অচিনাকি নম্বৰৰ পৰা অহা এটি মেচেজ।
°°°°°°°°°°°°°°°°°°
টমবয় ছোৱালীজনী। মূৰত মেগীৰ দৰে এসোপা চুটি জপৰা চুলি। জপৰা মূৰটো দেখিলেই ল’ৰাই নাক কোঁচোৱা শ্যামবৰ্ণা ছোৱালীজনীৰ হাতৰ বোকামাটিৰ ছাব এদিন তাৰ বুকুত ৰৈ গৈছিল। গৌতম শাণ্ডিল্যৰ বুকুৰ ধকধক শব্দটিয়ো হঠাৎ ৰৈ গৈছিল সিদিনা এটি ক্ষণৰ বাবে। কলেজৰ হাৰ্টথ্ৰৱ গৌতম শাণ্ডিল্য সেই বছৰৰ সাংস্কৃতিক সম্পাদক। ৰোমাণ্টিক কবিতাৰে ছোৱালী বলিয়া কৰা গৌতম কলেজৰ অলৰাউণ্ডাৰ। পিছে অলৰাউণ্ডাৰ গৌতমে কেৱল সুনয়নাৰ বাবেহে কলেজৰ মঞ্চত তবলা বজাইছিল। মুগাৰ সাজৰ লয়লাস ভাজত সুনয়নাই কেৱল গৌতমৰ ঢোলৰ চেৱতহে কঁকাল ভাঙিছিল। কলেজৰ মোষ্ট ৰোমাণ্টিক কাপল গৌতম-সুনয়নাৰ ভৱিষ্যত নিৰ্দিষ্ট হৈ আছিল অভিজাত বৰঠাকুৰ আৰু গোস্বামীৰ পৰিয়ালত। সকলোৰে জ্ঞাত বাবেই হয়তো ডেমকেয়াৰ সুনয়নাই গৌতমৰ বাহুত মুকলিকৈ মূৰ থৈ ঈৰ্ষান্বিত কৰিছিল বান্ধৱী মহলকো। চলি আছিল কথাবোৰ এনেদৰেই। সেই দিনটোলৈকে কথাবোৰ একেই আছিল। সুনিশ্চিত ভৱিষ্যতৰ যাত্ৰাটোত সুনয়না- গৌতমৰ কলেজৰ শেষৰ বছৰ আছিল সেয়া। সৰস্বতী পূজাৰ দিন। ৰমকজমক এসোপা ফুলৰ মাজত দিকহাৰা ল’ৰাবোৰ একোটা ভোমোৰা হৈ উৰি ফুৰাৰ সেই উতনুৱা দিনটোত হঠাতে ঠাইতে নিৰ্মিত হস্তকলা প্ৰদৰ্শনীৰ হলটোৰ সন্মুখত ঘটিছিল অঘটনটো। ব্যস্ত সাংস্কৃতিক সম্পাদক গৌতমে প্ৰদৰ্শনী উন্মোচনৰ বাবে সময় হোৱাৰ খবৰ দিবলৈ গৈ এটা প্ৰচণ্ড খুন্দাত ৰৈ গৈছিল দুৱাৰত ভেজা দি। কোনোদিনেই কাৰো চকুত নপৰা এজনী বেৰঙী ছোৱালীয়ে ৰঙীন বোকামাটিৰে লেতেৰা হাতদুখনেৰে গৌতমৰ বগা কুৰ্তাৰ বুকুত খামুচি কথমপি থিয় হৈ ৰৈছিল। মেগীৰ দৰে এসোপা কেঁকোৰা জপৰা চুলিৰে ঢাক খাই থকা মূৰটো দাঙি চাওঁতে গৌতমে দেখিছিল ভয়াৰ্ত অথচ গভীৰ চকুহাল। কিছুসময় তেনেকৈ থাকিয়েই তাই সেই ঠাইৰ পৰা দৌৰি পলোৱাৰ দৰে গুচি গৈছিল হলটোৰ দীঘলীয়া বাৰাণ্ডাৰে। এটা হলৌ স্পৰ্টিং আৰু ভৰিত এটা দুমোকোট দি চুটি কৰা হলৌ পেণ্টেৰে দৌৰি যোৱা ছোৱালীজনীক কিবা এটা ক’বলৈ গৈয়ো ৰৈ গৈছিল গৌতম। হলটোৰ শেষত কেৱল তায়েই আছিল। নিজৰ নামৰ ঠাইত বাঁহ, বেতৰ পৰা কাঠ আৰু কাগজত ৰং তুলিকাৰে হাতৰ শিল্পৰ প্ৰদৰ্শনী সাজু কৰি তোলা প্ৰতিযোগীসকলে ইতিমধ্যে প্ৰদৰ্শনীৰ বাবে আজৰি হোৱাৰ পিছত তাই ৰৈ গৈছিল হয়তো অকলশৰে। দৌৰি গুচি যোৱা ছোৱালীজনীলৈ চাই সৰু হলটোত প্ৰৱেশ কৰা গৌতম ৰৈছিলগৈ কেঁচা মাটিৰ এটি পাতল গোন্ধ বিয়পি থকা সেই স্থানত। ধ্যানৰত তথাগতৰ মূৰ্তিটো তেতিয়াও ভালদৰে শুকুৱা নাছিল। মাটিৰে ঘেৰ দি থোৱা কাঠৰ ব’ৰ্ডখনৰ ওপৰত মাটিৰ বুদ্ধ যেন সঁচাকৈ ধ্যান সমাধিত বিলীন হৈ আছিল। তলৰ হালধীয়া কাগজ টুকুৰাত ইংৰাজী বৰ্ণমালাৰে জিলিকি আছিল এটা নাম। গংগোত্ৰী।
°°°°°°°°°°°°°°°°°
:হোৱাট দ্য হেল ইজ গ’ইং উইথ ইউ হানি…?
গংগু বাই…! লাইক চিৰিয়াচলি! অহ্ গড্। চিঃ!
চৰম বিতৃষ্ণাৰে সেইদিনা গৌতমৰ সন্মুখতেই থুৱাই দিছিল সুনয়নাই। গৌতমৰ কোঠাত ডায়েৰীৰ পৃষ্ঠা মেলি বহি থকা সুনয়নাক চৰিয়াবলৈ লৈয়ো ৰৈ গৈছিল গৌতম। সুনয়নাৰ এই স্বভাৱ গৌতমৰ অজানা নহয়। মাক-দেউতাকৰ বন্ধুত্বৰ খাতিৰতেই সুনয়নাকো বহু সময়ত সহ্য কৰি অহা গৌতম সেইদিনা সঁচাই আশাহত হৈছিল। গংগোত্ৰীৰ বাবে ৰৈ ৰৈ ভাগৰা চকুহালেৰে সুনয়নাক টানকৈ কিবা এষাৰ ক’বলৈ লৈয়ো ৰৈ গৈছিল সি। যাবৰ হৈছিল তাৰ। দেউতাকৰ সুযোগ্য সন্তান হৈ ঘূৰি অহাৰ আকাশমুখী দৌৰৰ বাবে গৌতমৰ টালি-টোপোলা বন্ধা হৈ গৈছিল। সুনয়নাৰ সঘন আহ-যাহৰ বিৰক্তিকৰ সময়ছোৱাৰ মাজতো মনৰ কথাষাৰ কবলৈ গৈয়ো বিফল হৈ উভতি অহা গৌতমে কোঠাত সোমাই তাৰ গোপন ডায়েৰী পঢ়ি থকা সুনয়নাক দেখি সহজ হৈছিল কথাবোৰ। সুনয়নাৰ বাবে থকা সাধাৰণ অপৰাধবোধকণো দলিয়াই সুনয়নাৰ নামটো মচি পেলাবলৈ সহজ হৈছিল তাৰ। এৰা, তাৰো প্ৰেম হৈছিল। ডাঠ চেলাউৰিৰ তলত কজলা শান্ত চকুযুৰিত সি ডুব গৈছিল। এসোপা মেগীৰ দৰে বিশৃংখল চুলিৰ মাজত হাত ফুৰাই দিয়াৰ সপোন দেখি সি টোপনি গৈছিল। গৌতমক হোৱাই নোহোৱাই বাহুত সাৱটি টানি লৈ ফুৰা সুনয়নাৰ অজ্ঞাতে গৌতম হেৰাই গৈছিল নিৰ্বাক মুখখনৰ শ্যামবৰ্ণা দুগালৰ মাজৰ কাচিৎহে দেখা পোৱা অকণমাণি হাঁহিচম্পা দুটিত।
“গংগু বাই”
সুনয়নাহঁতৰ হাইপ্ৰফাইল গেংটোৰ সৰৱ হাঁহিৰ মাজত গৌতমে প্ৰায়েই শুনা শব্দটো। গৌতমে নজনাকৈ কি সুনয়নাহঁতে এনেকৈ খুঁচিছিল সৰু ছোৱালীজনীক! নজনাকৈ বছৰ বাগৰি যোৱা গৌতমৰ বুকুত যদি সিদিনা বোকামাটিৰ হাতৰ খামোচটো দি তাই উফৰি নপৰিলহেঁতেন, নেদেখিলহেঁতেন যদি সি তাইৰ মুখ ঢাকি পৰি ৰোৱা জপৰা চুলিকোচৰ আঁৰৰ কজলাভোমোৰা চকুহাল! হলৌ চোলাটোৰ সতে উৰি যোৱা ছোৱালীজনীয়ে যদি বোকামাটিৰ দুহাতেৰে তাৰ বুকুত লিখি থৈ নগ’লহেঁতেন সেই প্ৰেমৰ কবিতা! গৌতমেতো নজনাকৈ, নুবুজাকৈ থাকি গ’লহেঁতেন চিৰকালৰ বাবে তাৰ সেই প্ৰিয় বাঁহীৰ সুৰ।
গৌতমে সুনয়নালৈ চাই মূৰ জোকাৰি হয়ভৰ দিছিল। হয়তো বিষাদৰ মাজতো উজ্জ্বল হৈ পৰিছিল গৌতমৰ মুখ। প্ৰচণ্ড ক্ষোভত গৌতমৰ ডায়েৰী চিৰাচিৰকৈ ফালি দুপদুপাই ওলাই যোৱা সুনয়নালৈ নোচোৱাকৈ তুলি লৈছিল সি যেনিতেনি চিটিকি পৰা ডায়েৰীৰ পৃষ্ঠা। বুকুৰ ডায়েৰীৰ পৰা কোনে ফালি পেলাব পাৰে সেই নাম। সুনয়নাই! মুঠেই নোৱাৰে।
আস, ভুল হৈ গৈছিল গৌতমৰ। গৌতমৰ ভালপোৱাত নিজৰেই হয়তো নজৰ লাগিছিল। সেই ৰাস্তাৰে নহা হৈছিল গংগোত্ৰী। কলেজত তাই ক্লাচ কৰা সময়খিনিৰ বাহিৰে বেছিভাগ সময় লাইব্ৰেৰীত কটাইছিল। আৰু লাইব্ৰেৰীত সোমাই তাইক চাবলৈ গৌতমৰ যদি কেতিয়াবা সাহসৰ অভাৱ হৈছিল, কেতিযাবা সময়ৰ। সুনয়নাই কুটি খোৱা সময়বোৰত এহাল কজলাভোমোৰা চকুৰ গভীৰতাত বিভোৰ হৈ দিনতেই সপোন দেখা গৌতমক সুনয়নাই দেখা নাছিল। কমলৰ দোকানত ৰৈ চিগাৰেট টনাৰ চলেৰে সন্ধিয়া কোনো টিউচনৰ পৰা হোষ্টেললৈ ওভতা মেগী চুলিৰ আঁৰৰ চকুহাল পলক নেপেলোৱাকৈ চাইছিল সি। দিনটোৰ সেইখিনি সময়লৈ ৰৈ থকা গৌতমৰ অভ্যাস হৈ পৰিছিল কলেজ তিনিআলিৰ কাষৰ কমলৰ গুমটিখন! ওঁহো, আচলতে অভ্যাস হৈ পৰিছিল হলৌ চোলাটোৰে তালৈ এবাৰো নোচোৱাকৈ খৰখদাকৈ পাৰ হৈ যোৱা তাই। ভুল হৈছিল সেইখিনিতেই। অনিচ্ছাসত্ত্বেও বিদেশলৈ যাবলৈ ওলোৱা গৌতমৰ যোগাৰ সম্পূৰ্ণ হোৱাত ক’ম বুলি ক’ব খোজা কথাটি ক’বলৈ গৈ কমলৰ দোকানত ৰৈ থকা গৌতম সেইদিনা নিৰাশ হৈ উভতিছিল। কেৱল সেইদিনাই নহয়। সুনয়নাই ডায়েৰী ফালি পেলোৱা সেই দিনটোৰ পিছত কমলৰ দোকানত প্ৰতি দিনেই উচপিচাই ৰৈ থকা গৌতমৰ বিদেশলৈ যোৱাৰ সময় কাষ চাপি আহিছিল। সমান্তৰালকৈ আচৰিত ধৰণে নিজৰ সকলো ভুলৰ ক্ষমা খুজি কাষ চাপি আহিছিল আকৌ সুনয়না। গৌতম যে ধ্যানৰত শাক্যমুনি হৈ পৰিছিল সেই দিনবোৰত সুনয়নাইতো নাজানে। ফ্লাইট ধৰাৰ আগতে কমলৰ দোকানত এৰি থৈ আহিছিল সেইদিনা সি তাৰ পাৰ ভগা সমস্ত আৱেগ। অপেক্ষা কৰিবলৈ বাৰে বাৰে অনুৰোধ জনাই ভালপোৱাৰ হেজাৰ চুমা যাচি দিয়া চিঠিখনে সেই ঠিকনা পালেগৈ নে নাই সি আজিয়ো নাজানে। গংগোত্ৰীৰ ঘৰৰ ঠিকনা নজনাকৈ বাউল হৈ পৰা গৌতমে দুবছৰৰ মূৰত উভতি আহি নাপালে গংগোত্ৰীৰ অস্তিত্ব। নাপালে কমলকো। বাটৰ কাষৰ অকণমানি গুমটিখনত বহা কমল এটা মটৰ দুৰ্ঘটনাত গুচি গ’ল সিপুৰীলৈ। লৈ গ’ল লগত গৌতমক দিব লগা গংগোত্ৰীৰ খবৰটোও।
আস…।
আন্ধাৰৰ বুকুত মোবাইলৰ নীলা স্ক্ৰিণখনলৈ চাই বুকুখন চুই চালে গৌতমে। তাই আছে। তাইৰ নামটো সামৰি স্ক্ৰিণখনত উজলি উঠা শব্দকেইটাই চিঞৰি চিঞৰি সেয়াই কৈছে। একেই আছে এই নামৰ সতে তাৰ বুকুৰ ধপধপনিৰ শব্দবোৰ। বতাহতো আজি একেদৰেই সি উজাই ল’ব খুজিছে সেইদিনাৰ দৰে শুকাব ধৰা কেঁচামাটিৰ সুঘ্ৰাণ।
°°°°°°°°°°°°°°°°°°
“দ্য লষ্ট লাভলেটাৰ”
আলোড়ণ সৃষ্টি কৰা কিতাপখনৰ পৃষ্ঠা লুটিয়াই অলসভাৱে বহি আছে গংগোত্ৰী। অলপ আগত সমুদ্ৰনীলে দি যোৱা খবৰটোত অবাক দুচকুৰে থৰ হৈ পৰা গংগোত্ৰীৰ কাষৰ পৰা বুজাই বুজাই ভাগৰি উঠি গৈছে নুৰ। আচলতে ভয় লাগিছে গংগোত্ৰীৰ। তাইৰ কালিকা লগা সময়ছোৱাই তেওঁক শাপগ্ৰস্ত কৰাৰ ভয়ে খুলি খাইছে তাইক। গুচি যোৱা বসন্তৰ দিনবোৰ ঘূৰাই অনাৰ শংকাত নত হৈছে তাই। কেমেৰাৰ ফ্লাচত চকু ঢাকি সুন্দৰী ৰমণীৰ কঁকালত ধৰি আঁতৰি যোৱা সেই মানুহটো যে ভুৱা তাই জানে। তাই জানে নিজকে ৰঙীন সাজৰ তলত লুকুৱাই ৰখা নিভাঁজ মানুহটোৰ কথা। সেই মানুহটোক প্ৰতিদিনেই পূজে তাই। প্ৰতিখন কিতাপৰ উন্মোচনৰ দিনটোত মহামায়াত শৰাই দিয়ে তাই। তাইৰ তথাগতৰ মূৰ্তিৰ সমুখত সেইদিনা দিনজুৰি জ্বলি থাকে ঘিঁউৰ চাকি গছি। মানুহটোৰ বদনামে চুব নোৱাৰাকৈ নিজকে অতীতৰ খোলাটোতেই সুমুৱাই ৰখা মানুহজনীয়ে প্ৰিয়পুৰুষৰ এখনো কিতাপ নপঢ়াকৈয়ো ডায়েৰীত লিখি ৰাখে বছৰ বছৰ ধৰি সামৰি ৰখা কথাবোৰ। মদৰুৱা বৰণ লোৱা কাগজখনৰ কাষতে পুৰণি কাঠৰ বাকচটোত আলফুলে শুই থাকে তাইৰ ডায়েৰী। বিশটা বছৰে কথাবোৰতো এনেকুৱাই আছিল। হঠাৎ নুৰ আৰু সমুদ্ৰনীলে খেলিমেলি কৰি থৈ গ’ল কিয় তাইৰ চল্লিশৰ দেওনা গৰকিবলৈ সাজু হোৱা সৰাপাতৰ জীৱনটো! নুৰে আহি এয়া কি কৈ থৈ গ’ল!
খনিকৰ দেউতাকৰ খৰচৰ বোজা কমাবলৈ মহানগৰীত হোষ্টেলৰ পৰাই আৰ্ট স্কুলখনত পঢ়াবলৈ যোৱা গংগোত্ৰীৰ অভ্যাস হৈ পৰা উৎসুক চকুযোৰ নেদেখা বিশটা বছৰ পাৰ হৈ গ’ল। বিশটা বছৰে গদাধৰৰ বুকুৰে যে কত বাৰিষা পাৰ হৈ গ’ল! গদাধৰৰ সতে তাইৰ বুকুৰ ঘৰ তচনচ কৰি পাৰ হৈ যোৱা এটা এটা বাৰিষাত এটোপাও চকুলো নোটুকাকৈ সমুদ্ৰনীলক সামৰি লোৱা গংগোত্ৰীৰ চকুত আজি অকাল বাৰিষা।
কলেজৰ ধুনীয়া ছোৱালীজনীক নচুৱাই থকা ল’ৰাটোৰ অকলশৰীয়া সেই বাঁহীৰ সুৰ শুনিবলৈ হলৰ এচুকত চেপেটা লাগি বহি থকা গংগোত্ৰীৰ বগা কাগজৰ নোটপেডত তথাগতৰ ছবিখনে ঘনে ঘনে উমলিব লৈছিল। গৌতম আছিল ল’ৰাটোৰ নাম। তাই কলেজত সোমোৱাৰ সেই বৰ্ষটোত সিহঁতৰ বিদায় লোৱাৰ কথা আছিল। অথচ বিদায় দিব নোৱাৰাকৈ গংগোত্ৰীৰ হৃদয়ত বাঁহী বজোৱা গৌতম ৰৈ গৈছিল ধ্যানৰত তথাগত হৈ। ক’ৰবাত তাইৰ দৰেই জীৱন বিচাৰি ঘূৰি ফুৰা ল’ৰাটোক তাই চাবলৈ লৈছিল। অথচ তাক চাব পৰাকৈ তাইৰ যোগ্যতাই বা আছিল কি! হস্ত কলা প্ৰদশৰ্নীত হৃদয়ৰ সমস্ত আৱেগেৰে কজলা মাটিৰে আঁটি আঁটি সাজি পেলাইছিল তাই তাইৰ বুকুত শুই থকা বুদ্ধক। আস, খৰখোজেৰে তাইৰ আকাংক্ষিত পুৰুষক সেইফালেই খিৰিকীৰে অহা দেখি তথাগতক তেনেকৈয়ে থৈ তাই দৌৰি পলাইছিল। ভুলটো তাতেই হৈ গৈছিল। প্ৰচণ্ড খুন্দাটোত তাৰ দেহৰ বগা কুৰ্তা বোকাময় কৰি আহিয়ো ক্ষমা খুজিবলৈ সাহস নোহোৱা গংগোত্ৰী থকথককৈ কঁপিছিল ভয়ত। তাৰ পিছৰ পৰাইতো তাই সেই চকুযুৰিৰ পৰা পলাবলৈ লৈছিল। অথচ যিমানেই পলাইছিল চকুযুৰিয়ে যেন সিমানেই তাইৰ পিছ লৈছিল। হোষ্টেললৈ ওভতাৰ পথটোত দূৰৈৰ পৰাই দেখিছিল তাক তাই। হয়তো সুনয়না বা অইন কোনোবাৰ অপেক্ষাত ৰৈছিল সি। দূৰৈৰ পৰাই হিয়া উজাৰি চাই কঁপনিটো বুকুত লৈয়েই পাৰ হৈ যোৱা গংগোত্ৰীয়েতো জনা নাছিল সেই বাটটোত যে সঁচাকৈ নাহৰ ফুলাৰ কথা আছিল। এদিন জ্বৰৰ বাবে আৰ্ট স্কুললৈ যাব নোৱাৰা গংগোত্ৰীক পিছদিনা আচম্বিতে সুনয়নাই শালি থৈ গৈছিল বিষবাণেৰে। বিদেশলৈ ওলোৱা গৌতমৰ নামৰ আঙুঠি পিন্ধি তাচ্ছিল্য কৰা সুনয়নালৈ চাই গংগোত্ৰীয়ে একো বুজা নাছিল। অথচ নিৰ্বাক গংগোত্ৰীৰ সাগৰমুখী যাত্ৰাটোৰ ইতি পেলোৱাৰ হুমকি দি আঁতৰি যোৱা সুনয়নাই তাইৰ সন্মুখত তুলি ধৰিছিল দাপোন। তাইৰ চেহেৰা, তাইৰ অতীত, বৰ্তমান, ভৱিষ্যতৰ পৰা তাইৰ ফুটা টিনেৰে পানী সৰকা ঘৰখনৰ ছবিলৈকে য’ত প্ৰতিবিম্বিত হৈছিল। এনেয়ো কণ্ঠৰ পৰা কোনোদিনে বাহিৰ নোহোৱা কথাবোৰেনো কাৰ কি ক্ষতি কৰিলেহেঁতেন! অদৃষ্টই হয়তো জানিছিল সকলো। নাহৰ ফুলিব খোজা পথটো সলাব লওঁতেই তাইৰ জীৱনৰ পথটোৱেই সলনি হৈ পৰিছিল হঠাতে। ককায়েক শ্ৰাৱন আৰু বৌৱেক নাজিয়াৰ কটা দেহ দুটি গদাধৰৰ পাৰত ওপঙি উঠিছিল। ধৰ্মৰ সলনি প্ৰেমেৰে এক হোৱা দুটা মানুহক কালশত্ৰুৰ দৰে ঘপিয়াই শেষ কৰি দিছিল সিহঁতে, সাধাৰণ এটা তৰ্কাতৰ্কিৰ অজুহাততেই। খনিকৰ দেউতাকৰ কাৰখানা জ্বলি ভষ্ম হৈছিল। অসম্পূৰ্ণ মাটিৰ মূৰ্তিবোৰৰ সতে খেৰৰ জুমুঠিৰ মাজত পৰি ৰৈছিল দেউতাকৰ শৰীৰটোও। অচেতন হৈ ঘৰৰ ভিতৰত পৰি ৰোৱা শ্ৰাৱন নাজিয়াৰ সন্তান চাৰিবছৰীয়া সমুদ্ৰনীলক কোনোমতে উদ্ধাৰ কৰা গংগোত্ৰী সেইদিনাও নিৰ্বাক নিস্পন্দ আছিল। এসোঁতা নকন্দাকৈ সমুদ্ৰনীলক কোলাত তুলি কোচবেহাৰৰ মোমায়েকৰ ঘৰলৈ গুচি যোৱা গংগোত্ৰীৰ সাহ হৈ কাষত আছিল কেৱল হোষ্টেল এৰি আহিবৰ সময়ত লৰাঢপৰাকৈ পাণদোকানী কমলে দি যোৱা চিঠিখন। যিখন চিঠিৰ উত্তৰ দিয়াৰ কোনো কথাই নাছিল তাইৰ। কথাবোৰ ডায়েৰীৰ পাতে পাতে সাঁচি থোৱা গংগোত্ৰীয়ে নিজকে তুলি ধৰাৰ যুঁজৰ মাজতেই খবৰ পাইছিল তাৰ। অসমৰ ল’ৰাটোৱে জগত জিনাৰ খবৰ। কাহিনীকাৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ খবৰ। ছদ্মনামত লিখিলেও গংগোত্ৰীয়ে চিনি পাইছিল তাক। ডায়েৰীত লিখি গৈছিল সকলো। এটা যুগৰ অন্তত টিভিৰ পৰ্দাত দেখা পোৱা মানুহটোৰ ভুৱা আৱৰণখন দেখি ডায়েৰীৰ পাততেই ক্ষোভ উজাৰিছিল। কি প্ৰয়োজন আছিল নষ্ট চৰিত্ৰ দেখুৱাবলৈ এই ভুৱা পৰিচয়ৰ! কাৰ ওপৰত এই অভিমান!
:শাক্যমুনি পৰাশৰ। এয়া শুদ্ধ নহয়।
মুখেৰে কোনোকালেই ক’ব নোৱাৰা কথাবোৰ কাগজত লুকুৱাই থোৱাৰ পিছতো নুৰে আজি হঠাতেই কেনেকৈ সলাই পেলাব খোজে পাৰ হৈ যোৱা অতীতৰ নাহৰ নুফুলা বাটটোৰ কথা।
°°°°°°°°°°°°°°°°°°°°°°°°
কোঠাটোৰ চৌদিশে চকু ফুৰাই ৰৈ যোৱা মানুহজনক দেখি তাই কুঁচিমুচি থিয় হৈছে চুকটোত। মানুহটোৱে চাই ৰৈছে তাইক অপলক নেত্ৰে। মেগীৰ দৰে চুলিবোৰ একেই আছে। কজলা ভোমোৰাৰ দৰে চকুযোৰ ঢাকি ডাঠ ক’লা ফ্ৰেমৰ চশমাযোৰ। শাৰী পিন্ধি ওলাই অহা মানুহজনীৰ দেহত হলৌ চোলাটো নথকাত মনেৰে হাঁহি দিছে মানুহটোৱে। মুখত হাঁহি নাই বাবেই কাচিৎহে দেখা শ্যামলী দুগালৰ টোল দুটা নাই আজি। অথচ অসাধাৰণ হৈ মানুহজনৰ চকুৰ সন্মুখত থিয় হৈছে তেওঁৰ স্বপ্নসুন্দৰী। নুৰে সমুদ্ৰনীলক বাউসীৰে থেলা এটা মাৰি ইংগিত দিয়াত সি মানুহজনৰ কাণত ফুচফুচাই কিবা এটা কৈছে। হাঁহি এটা মাৰি মানুহজন গম্ভীৰ হৈ ওলাই যোৱাত নুৰৰ বেকা চাৱনিত উপায়হীন হোৱা মানুহজনীয়ো ধীৰ খোজেৰে ওলাই গৈছে। গাড়ীখনৰ ড্ৰাইভিং চিটত বহাৰ আগতে মানুহজনে আথেবেথে মানুহজনীৰ শাৰীৰ আঁচল হাতেৰে ধৰি গাড়ীৰ দুৱাৰ খুলি দিছে।
দেউতাকৰ ভষ্ম হোৱা কাৰখানাৰ মাটিত নতুনকৈ খোলা ক্লে আৰ্টৰ বিদ্যালয় আৰু মূৰ্তিৰ কাৰখানা দেখুৱাবলৈ লৈ যোৱাৰ অজুহাতত কোনোমতে মানুহজনীক উলিয়াই পঠিয়াই সমুদ্ৰনীল আৰু নুৰে দীঘলীয়া উশাহ লৈছে। দিল্লীৰ পৰা কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলননৈ অহা সমুদ্ৰনীলৰ সতে প্ৰেয়সী নুৰ নহা হ’লেতো কোনোদিনেই উন্মোচন নহ’লহেঁতেন তাৰ মাকজনীৰ উদাসী চকুহালৰ এই অধ্যায়। কোচবেহাৰত নিজৰ সৰ্বস্ব এৰি দহবছৰ তাক লুকুৱাই ডাঙৰ কৰা মাকজনীক সাহস কৰি লৈ আহিছিল সমুদ্ৰনীলে তাৰ পুৰণি চহৰলৈ। সলনি হোৱা সময়ৰ সতে অতীতৰ দুখবোৰেও মেলানি মাগিছিল। গৃহচহৰৰ কলেজত পঢ়ি দিল্লীলৈ গুচি যোৱা সমুদ্ৰনীলে মাকজনীৰ নিৰ্বাক মুখখনৰ সকলো কথা পঢ়িব পৰাৰ পিছতো কেনেকৈ নজনাকৈ থাকি গৈছিল এই অধ্যায়! নুৰৰ হাতখন চেপি ধৰে সমুদ্ৰনীলে।
নুৰে জানে, সলনি হোৱা সময়েৰে এয়া নাহৰ ফুলিব খোজা বাটবোৰ মুকলি হোৱাৰ আগজাননী। যি অতীতত ধৰ্মৰ বাবেই সমুদ্ৰনীল আৰু গংগোত্ৰী নিঠৰুৱা হ’ল, সেই অতীতক শুধৰাই আব্বাকৰ আশীৰ্বাদ লৈ সমুদ্ৰনীলৰ চিৰসংগী হ’ব খোজা নুৰে মোকলাই পেলাব খোজে সকলো নাহৰ ফুলাৰ বাট। ভালপোৱাৰ বাট। ঘৰ পৰিষ্কাৰ কৰোঁতে গংগোত্ৰীক সহায় কৰিবলৈ গৈ নুৰে উদ্ধাৰ কৰা ডায়েৰীয়ে দেখুৱাই দিয়ে সমুদ্ৰনীলক তুলি ধৰা মানুহজনীৰ উদাসী সময়ৰ এঙেৰুৱা অধ্যায়। প্ৰাক্তন ছাত্ৰ সন্মিলনলৈ বহু কষ্ট কৰি সমুদ্ৰনীলৰ সতে নুৰে নিমন্ত্ৰণ জনাই আনিছিল দিল্লীত বাহৰ পতা প্ৰখ্যাত কাহিনীকাৰ শাক্যমুনি পৰাশৰক। শাক্যমুনি পৰাশৰৰ ভক্ত নুৰে প্ৰতিখন কিতাপৰ কাহিনীৰ সতে যোগ কৰি পেলাইছিল আন্ধাৰ কোঠাটোত উদ্ধাৰ হোৱা ডায়েৰীখন। সন্মিলনত এটাৰ পিছত এটাকৈ নুৰৰ প্ৰশ্নত বান্ধ খোৱা শাক্যমুনিয়ে অৱশেষত বাধ্য হৈ উদাস হাঁহিটোৰে কৈ পেলাইছিল বুকুত বৈ ফুৰা শব্দবোৰ।
:সমালোচনা হৈ উৰি ফুৰা কথাবোৰৰ আঁৰতো থাকে বহু কথা। মেগীৰ দৰে একোঁচা চুলি, কজলাভোমোৰাৰ দৰে দুটি চকু আৰু হলৌচোলাৰ মাজত দুখন বোকামাটিৰ হাত। এখন হেৰুৱা চিঠিৰ উত্তৰলৈ ৰৈ থকা চহৰখনত হেৰাই যোৱা শাক্যমুনিৰ প্ৰেম।
আস, “দ্যা লষ্ট লাভলেটাৰ”
নুৰক আৰু কি লাগে। গংগোত্ৰীৰ হাতৰ তথাগতৰ এটি মূৰ্তি উপহাৰ দি নুৰ আৰু সমুদ্ৰনীলে শাক্যমুনিক ঘৰলৈ নিমন্ত্ৰণ দিওঁতে সমুদ্ৰনীলৰ চকুলৈ ৰ’ লাগি চোৱা শাক্যমুনিক চিনি পাবলৈ সময় নালাগে নুৰৰ।
°°°°°°°°°°°°°°°°°°
মেঘবৰ্ণ চুলিত ৰূপালী চিকমিকনি এটাই আহো নাহোকৈ বাট বুলিছে তাইৰ। তেওঁৰোতো চুলিৰ মাজত ৰূপোৱালি ঢৌ। কাৰখানালৈ যোৱাৰ সলনি তেওঁ চহৰখন পাৰহৈ এটি অচিন বাটেৰে গাড়ী আগবঢ়াই নিছে। তাই একো কোৱা নাই। তেওঁৰ মেনেজাৰ মণিকাই নোকোৱা হ’লে এই সাহস তেওঁৰ হ’লহেঁতেন নে নাই তেওঁ নাজানে। ছোৱালীৰ লগত মিছাতে এসোপা ফটো উঠি নিচাত ডুবি কাকতৰ হেডলাইন হোৱা বিখ্যাত কাহিনীকাৰক ধমকি দিয়াৰ সাহস কৰা অকণমাণি ছোৱালীজনীয়ে জানে কাহিনীকাৰৰ যন্ত্ৰণাবোৰ। যোৱা নিশা সমুদ্ৰনীলৰ মেচেজটোত গংগোত্ৰীৰ কথা পঢ়িয়েই গম পায় শাক্যমুনিয়ে, মণিকাই ইতিমধ্যে নুৰ আৰু সমুদ্ৰনীলক কৈ পেলাইছে গৌতম শাণ্ডিল্য শাক্যমুনি পৰাশৰ হোৱাৰ আঁৰৰ সকলো কথা। সমুদ্ৰনীলৰ চকুযুৰিত গংগোত্ৰীক দেখা পোৱা শাক্যমুনিৰ বাবে এয়া এটা ডাঙৰ ছাৰপ্ৰাইজেই আছিল। গংগোত্ৰীৰ বাবে কি আছিল এই সকলোবোৰ সেয়া শাক্যমুনিয়ে এতিয়াও নাজানে। গাড়ীৰ চাউণ্ডচিষ্টেমত ধীৰে ধীৰে বাজি আছে জুবিনৰ গীত।
“ফুল ফুলক ৰ’দৰে ফুল
হৃদয় সেউজী ধৰাত…”
নুৰ নে সমুদ্ৰনীল কোনে জানো গাড়ীৰ ডেচবৰ্ডত থৈছিল সতেজ ফুলৰ থোপাটো! নিৰ্জন সেউজীয়া পথটোৰ দাঁতিতে গাড়ীখন ৰখাই ফুলৰ থোপাটোৰ পৰা ওলাই থকা সূৰ্যমুখী ফুলপাহ টানি আনি শাক্যমুনিয়ে খোপাহীন গংগোত্ৰীৰ কাণৰ কাষতে গুজি দিয়ে আলফুলে। আচৰিত হোৱা গংগোত্ৰীৰ চকুলৈ চাই লাহেকৈ কয় শাক্যমুনিয়ে।
:এবাৰ গৌতম বুলি কোৱা মোক গংগোত্ৰী। এবাৰ মাতা তোমাৰ বুদ্ধক।
হৰহৰাই চকুলো নমা গংগোত্ৰীয়ে তাইৰ মোবাইলৰ মেচেজ বক্সত লিখি আগবঢ়াই দিয়ে শাক্যমুনিলৈ।
:এয়া কি কৰিলা শাক্যমুনি। মই ইয়াৰ যোগ্য নহয়। আনকি মই তোমাৰ নাম লোৱাৰো অযোগ্য। কণ্ঠহীন মানুহৰ পৰা কেনেকৈ এই আশা কৰা শাক্যমুনি।
মেচেজটো চাই তেনেকৈয়ে তাইলৈ আগবঢ়াই দিয়া শাক্যমুনিয়ে লাহেকৈ হাঁহি দিয়ে।
:মই যে বাৰে বাৰে শুনো গৌতম বুলি কোনোবাই কাণে কাণে কৈ যোৱা সেয়ানো কাৰ কণ্ঠ। যাৰ প্ৰাৰ্থনাত জী আছোঁ অহৰহ, যাক উশাহত জীয়াই ৰাখিছোঁ অহৰহ, তেওঁৰ বুকুত মোৰ নামৰ প্ৰতিধ্বনি দেখোন শুনি আছোঁ এতিয়াও। কণ্ঠহীন কোন গংগোত্ৰী! ভাগৰি পৰিছোঁ মই। ঠিকনা হেৰুৱাই পেলোৱা চিঠিখনৰ উত্তৰ বিচাৰি ভাগৰি পৰিছোঁ মই। অতীতৰ সকলো এৰি আহিয়ো কঢ়িয়াই ফুৰিছোঁ বোকাহাতৰ দাগৰ সেই চোলাটো। কঢ়িয়াই ফুৰিছোঁ নাহৰ ফুলিব খোজা সেই বাটটো। ভাগৰি পৰিছোঁ গংগোত্ৰী। কাহিনীবোৰ কঢ়িয়াই কঢ়িয়াই এই যাযাবৰ কাহিনীকাৰ ভাগৰি পৰিছে। অলপ শুব মন গৈছে। কাহিনীবোৰ এৰি জী উঠিব মন গৈছে এবাৰ সঁচাকৈ গংগোত্ৰী…।
বিভোৰ হৈ কৈ থকা মানুহটোক তাই কয় কি!
শ্ৰাৱন আৰু নাজিয়াৰ দুখময় অতীতক কবৰ দি জী উঠিব খোজা নুৰ আৰু সমুদ্ৰনীলৰ মুখ দুখনে আমনি কৰে তাইক। জী উঠাৰ হেঁপাহ এটা যে তাইৰো বাহ লৈছে নতুনকৈ। পুৰণি বাঁহীৰ এটা সুৰত নিজকে আকৌ এবাৰ হেৰুৱাই পেলাবলৈ মন গৈছে। মাটিৰ তথাগতৰ সলনি এবাৰ সঁচা গৌতমক চুই চাবলৈ মন গৈছে তাইৰ।
:গৌতম… জী উঠো আহা আকৌ এবাৰ মোৰ বুদ্ধ।
মেচেজ বক্সত লিখি শাক্যমুনিলৈ মোবাইলটো আগবঢ়াই দিয়া গংগোত্ৰীয়ে সোঁহাতখনেৰে চুই চাই শাক্যমুনিৰ মুখ। গৌতমৰ মুখ।
শাক্যমুনিয়ে হাতৰ আজলিত তুলি লয় আলফুলে গংগোত্ৰীৰ মুখ। কজলাভোমোৰা চকুদুটিৰ প্ৰাপ্তিৰ চকুলোৱে দি যায় ঠিকনা হেৰুওৱা গৌতমৰ চিঠিৰ উত্তৰ। নিৰ্বাক সময়ক সাক্ষী কৰি সূৰ্যমুখী ফুলপাহ কঁপি উঠে বতাহত।
আবেলিৰ দুৱাৰদলিত তেতিয়া ৰ’দৰ ফুল ফুলে।
চাউণ্ড চিষ্টেমত বতাহৰ সতে ধীৰে ধীৰে তেতিয়াও বাজি থাকে শাক্যমুনিৰ প্ৰিয় গীত।
“ফুল ফুলক ৰ’দৰে ফুল
হৃদয় সেউজী ধৰাত
ফুল ফুলক সূৰ্যমুখী ফুল
প্ৰিয়তমা তোমাৰ খোপাত।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!