বেওৱাৰিছ লাছ: প্ৰণৱজ্যোতি ডেকাক বিচাৰি
লেখক- ডঃ গকুল কুমাৰ দাস
প্ৰণৱজ্যোতি ডেকাই সৃষ্টি কৰা মতি ড্ৰাইভাৰ আৰু চাজিনা বেগম অসমীয়া গল্পৰ দুটা চিনাকি চৰিত্ৰ। বহু পাঠকে এই দুই চৰিত্ৰক কম-বেছি পৰিমাণে জানে। সেই মতি ড্ৰাইভাৰ চহৰৰ এক ব্যস্ত অঞ্চলত মৃত্যুমুখত পৰিল। চহৰৰ সেই অঞ্চলৰ মানুহে, দোকানীবিলাকে মতিক চিনি নাপায়। মতি যিখিনি ঠাইত মৰিল, তাৰ কোনো মানুহেই মৃতদেহৰ দায়িত্ব ল’বলৈ বা পুলিচক এষাৰ ক’বলৈ অপাৰগতা প্ৰকাশ কৰিলে। সেয়া লাগিলে মৃত্যুৰ প্ৰত্যক্ষ সাক্ষী মধু দোকানীয়েই হওক কিম্বা ‘সদানন্দ মিষ্টান্ন ভাণ্ডাৰ’ৰ ভোলাবাবুৱেই হওক। চাফ কথা, কোনেও পুলিছৰ লাফৰাত পৰিব নিবিচাৰে। কিন্তু এটা সময়ত সেই মৃতদেহৰ ওচৰত ঘটনাক্ৰমে উপস্থিত হ’লহি চাজিনা বেগম। গল্পটো আচলতে ইয়াৰপৰাহে আৰম্ভ। ফ্লেচবেকত চাজিনা বেগম উভতি গ’ল তাইৰ কৈশোৰ অৱস্থালৈ। বিয়া পাতি ‘হেন্দু’ কৰাৰ প্ৰতিশ্ৰুতিৰে চাজিনাক মতি ড্ৰাইভাৰে চহৰলৈ পলুৱাই লৈ গ’ল। মতি-চাজিনাই একেলগে জীৱন আৰম্ভ কৰিলে। তাৰ লগত আৰু বহু ঘটনা। পিছলৈ ইন্দ্ৰ মহাজনৰ ছোৱালী লৈ মতি ড্ৰাইভাৰ পলাল। ইফালে মতিৰ অবৰ্তমানত ইব্ৰাহিমৰ প্ৰবেশ ঘটিল। ইব্ৰাহিমৰ পিছে পিছে মতিৰ বন্ধু নিশি, ওৱাহিদ, যোগেন, ধন আদিয়েও চাজিনাৰ কোঠাত সোমাবলৈ ল’লে আৰু এটা সময়ত চাজিনাৰ সৈতে নৈশযাপন কৰিলে। তাৰ সুবিধা লৈ চাজিনাই গম নোপোৱাকৈ ইব্ৰাহিমে কিছু ধন আৰ্জনো কৰিলে। ইয়াৰ পিছত ঘটনাৰ আবেষ্টনীত সোমাল বাবুৱা। বাবুৱাই আনকি চাজিনাৰ প্ৰতি ইমানে সদয় হ’ল যে বস্তি অঞ্চলৰ দুটা কোঠা তাইৰ নামত দলিল কৰি দিলে। তাইৰ জীৱনত আৰু বহু ঘটনাই ঘটিল আৰু গল্পটোৰ শেষ অংশত তাইক এগৰাকী তীৰ খেলৰ বুকী ৰূপত দেখিবলৈ পোৱা গ’ল।
গল্প হিচাপে ‘বেওৱাৰিছ লাছ’ কিছু ব্যতিক্ৰম। আমাৰ হিন্দুপ্ৰধান সমাজৰ চিৰাচৰিত আৰু প্ৰচলিত নিয়ম অনুযায়ী কোনো হিন্দু পুৰুষে যদি মুছলমান মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়, তেন্তে হিন্দু পুৰুষজনৰ জাত যায়, বিধৰ্মী বুলি নিজৰ সমাজে এৰি দিয়ে। কিন্তু একে ঘটনা মুছলমান সমাজত ঘটিলে কি হয় সেই সম্পৰ্কে বৰ বিশেষ আলোচনা নাই। গল্পটোত গল্পকাৰে উল্লেখ কৰিছে যে মুছলমান সমাজতো আছে সদৃশ নিয়ম। গফুৰ চাচাৰ বাক্যত আছে তাৰ উল্লেখ–’ চাবি ঐ কৰিম (চাজিনাৰ দেউতাক), মতি ড্ৰাইভাৰৰ লগত তোৰ ছোৱালীৰ হলিগলি বেছি হৈছে। মতি হাজাৰ হওক ভিন জাতৰ ল’ৰা। কেতিয়াবা তহঁতৰ নাক-কাণ কাটিব৷’ চাজিনাই হিন্দু যুৱক মতিৰ লগত পলাই যোৱা বাবে মুছলমান সমাজত তাই গাঁৱৰ নাম ডুবালে, চাজিনাই মতি ড্ৰাইভাৰৰ লগলাগি কৰা অপকৰ্ম(? )ৰ বাবেই তাইৰ ভনীয়েকক কোনেও নিনিয়া হ’ল আৰু শেষত তাইৰ ভনীয়েকক ৰহমত বুঢ়ালৈকে বিয়া দি দিয়া হ’ল ইত্যাদি ইত্যাদি। প্ৰসংগতঃ উল্লেখযোগ্য যে গল্পটোত প্ৰণৱজ্যোতি ডেকাই কোনো ঠাইতে ‘হিন্দু’ শব্দ ব্যৱহাৰ কৰা নাই। তাৰ সলনি তেওঁ ‘হেন্দু’ শব্দ তুলি ধৰিছে আৰু ই গল্পটোৰ শ্ৰেণীসমাজক প্ৰতিনিধিত্ব কৰিছে। অন্যহাতে গল্পটোত চাজিনা বেগমৰ প্ৰতি কোনো অনুকম্পাই গল্পকাৰে প্ৰদৰ্শন কৰা নাই। সম্ভৱতঃ এয়াই প্ৰণৱজ্যোতি ডেকাৰ দস্তুৰ। নহ’লে গল্পকাৰে শেষৰ পেৰাগ্ৰাফটোৰ অৱতাৰণা নকৰিলেহেঁতেন। গোটেই গল্পটোৰ মাধুৰ্য্য সোমাই আছে সেই শেষৰটো পেৰাগ্ৰাফতেই।
গল্পটোৰ প্ৰথমচোৱাত মৃতপ্ৰায় মানুহ এজন আৰু সেই মানুহজনৰ মৃত্যু হোৱাৰ পিছত মৃতদেহৰ প্ৰতি ব্যস্ত সমাজৰ প্ৰতি যি অৱহেলা দেখা গৈছে সেয়াও বাস্তৱ। আজিকালি আইন, আদালত, পুলিছৰ লাফৰাত পৰে কোনে? অৰ্থসৰ্বস্ব সমাজত জীৱন্ত মানুহৰেই মূল্য নাই। তেনেস্থলত মৃতদেহৰ মূল্যই বা ক’ত?
দাৰোগাৰ মুখৰ পৰা যেতিয়াই চাজিনাই জানিব পাৰিছে যে চিনাক্তকৰণৰ পিছত মৃতদেহ হস্পিতালত বিক্ৰী কৰি দিব পৰা যায়, তেতিয়াই যেন তাইৰ সপোন পূৰ্ণ হোৱাৰ পথত… চাজিনা বেগমে ওৰেবাটে সুধি দশৰথ কনিষ্টবলক সুধি গ’ল, হস্পিতালত কিমান টকা দিয়ে, লগে লগে দিয়ে নে পিছত গৈ আনিব লাগে। ডাক্তৰক কিবা দিব লাগিব নেকি? দুব্লা মানুহ আৰু শকত মানুহৰ লাছৰ বাবে একে পইচাই দিয়ে নেকি? ইত্যাদি ইত্যাদি।’ চাজিনাৰ প্ৰতি অনুকম্পা থকাহেতেন গল্পকাৰে মৃতদেহ বিক্ৰী কৰি পাবলগীয়া ধনৰ লোভত উত্ৰাৱল হৈ পৰা চাজিনাজনীক পাঠকৰ আগত তুলি নধৰিলেহেঁতেন।
’সোণৰ চামুচ মুখত লৈ’ শীৰ্ষক নিজৰ আত্মজীৱনীতো প্ৰণৱজ্যোতি ডেকাই নাৰী আৰু নাৰীৰ স্বভাৱজাত প্ৰকৃতি সন্দৰ্ভত বহু অকথ্য কৈ গৈছে। সমাজে সাধাৰণতে নাৰী-পুৰুষৰ সম্পৰ্কক লৈ দুটা ধাৰণা পোষণ কৰে। এক- নাৰী সদায় অবলা। দুই- কোনো কাৰণ নোহোৱাকৈয়ে সদায় পুৰুষ দোষী। আৰু সাধাৰণতে ইয়াৰ অন্তৰালৰ পৰিঘটনা বিচাৰ কৰি চোৱা নহয়। প্ৰণৱজ্যোতি ডেকাই সত্য প্ৰকাশৰ স্বাৰ্থত নাৰীৰ প্ৰতি কোনো অনুকম্পা প্ৰদৰ্শন কৰা নাই। হয়, সমাজে অবলা বুলি ভবা কিছুসংখ্যক নাৰীয়েই আকৌ পুৰুষক আকৰ্ষণ কৰিবৰ বাবেই নানা চল-ফন্দী কৰে। এই কথাষাৰকে গল্পকাৰে ব্যক্ত কৰিছে এইদৰে, ’ছোৱালীজনী(ইন্দ্ৰ মহাজনৰ ছোৱালী)ক দেখিছে আগতে চাজিনা বেগমে। মতা মানুহ দেখিলেই পেটেঙাপেটেঙিকৈ খোজ কাঢ়ে। সেই হাতীজনীক আকৌ ফ্ৰক পিন্ধাই ৰাখিছে। মতিক দোষ দিলে কি হ’ব? সেই হাৰাম-জাদীয়ে মতা মানুহ পালেই হ’ল, চোবাই খাব কেঁচাই কেঁচাই।’ আজিকালিৰ হানি ট্ৰেপিঙৰ ঘটনাবিলাকো একেই ব্যাপাৰ। একাংশ নাৰীয়ে ধনৰ বাবে/পুৰুষৰ দেহ লাভৰ বাবে পুৰুষক ফাণ্ডত পেলায়।
কেৱল নাৰীৰ স্বভাৱজাত গতিবিধিক নতুন ৰূপত চোৱাই নহয়, মতি ড্ৰাইভাৰৰ মৃতদেহৰো যি বৰ্ণনা তেওঁ দাঙি ধৰিছে সেয়াও মৰ্মন্তুদ অথচ জীৱন্ত; যথা- ’মতিৰ ওঁঠৰ কাষত তেজ আৰু থুই অকণমান ফেনৰ নিচিনা লাগি আছে। চকু দুটা মেল খাই আছে। মৰা কুকুৰৰ চকুৰ নিচিনা শেঁতা, যেন বহুদিন পানীত বুৰ গৈ আছিল। মতিৰ চকুৰ মণিটোৰ ওপৰেৰে পৰুৱা এটা বগাই গ’ল।’
প্ৰণৱজ্যোতি ডেকাক বিচাৰি চলাথ কৰোঁতে আমি গল্পটোত পোৱা এটা সৰু চৰিত্ৰ হৈছে পুলিচ কনিষ্টবল দশৰথ। চৰিত্ৰটো সৰু, অথচ ই বহু কথাই যেন পাঠকক কৈ যায়। এইজন দশৰথে চাজিনা বেগমক ভালদৰেই জানে। গল্পত দশৰথে ফ্লেচবেক আৰু বাস্তৱৰ মাজত সংগতি সৃষ্টিত সহায় কৰিছে। প্ৰকৃতাৰ্থত এনেকুৱা লাগে যেন দশৰথৰ মাজেৰেহে প্ৰণৱজ্যোতি ডেকাই নিজক তুলি ধৰিছে। সেইবাবেই হয়তো দশৰথৰ মুখতো যি কমসংখ্যক সংলাপ তুলি ধৰিছে সেয়াও চমকপ্ৰদ। উদাহৰণ- ‘মৰা মানুহৰ লগত মোহব্বত? ….চাজিনা বেগমৰ বাবে হাফ্ গুৱাহাটী পাগল। ইপিনে চাজিনা বেগমৰ পেয়াৰৰ মানুহ আছে ইয়াতে পৰি।’
কেৱল চাজিনা বা মতিক বুজা মানেই প্ৰণৱজ্যোতি ডেকাক বুজা নহয়। প্ৰণৱজ্যোতি ডেকাক বুজিবলৈ দশৰথৰ নিচিনা সৰু চৰিত্ৰকো বুজিব লাগিব।