দ্য কালাৰচ্ অফ লাইফ

লেখক- ৰিমঝিম দত্ত

আঠবছৰ বয়সতে দেউতাৰ আঙুলিত ধৰি কাৰ্বি পাহাৰৰ এখন ভিতৰুৱা গাঁৱৰ পৰা এই অচিনাকি চহৰখনলৈ মই থাকিবলৈ আহিছিলোঁ। অহাৰ সময়ত মায়ে হাতে বোৱা
জাম্ব্ৰং এটাত দুযোৰমান মলিয়ন কাপোৰ, সৰু নাৰিকল তেলৰ বটল এটা আৰু মুখত সনা পাউদাৰ এটা সুমুৱাই দিছিল। সোলোক ঢোলোক হাফ পেণ্টটো খহি
নপৰিবলৈ মোৰ কঁকালত বান্ধি থোৱা ৰচীডালত ভণ্টি মানাইয়ে টানি ধৰি উচুপি উঠিছিল। গালে-মুখে হাত ফুৰাই, চুমা খাই থোকা-থুকি মাত এটাৰে মায়ে কৈছিল, “ভালদৰে
পঢ়া-শুনা কৰিবি, ঘৰৰ মালিকে যি কয় তাকে মানি চলিবি।” মাৰ কাষৰ পৰা আঁতৰি আহি চোতালত ধূলিয়ে-বালিয়ে একাকাৰ হৈ চুঁচৰি খেলি ফুৰা এবছৰীয়া ভাইটোক
হেপোৰ-টেপোৰকৈ শেষবাৰৰ বাবে একোলা লৈ মৰম কৰিছিলোঁ মই।

যদিও পৰিয়ালৰ সকলোৰে সেমেকা মুখবোৰৰ ফালে মূৰ তুলি চাবলৈ মোৰ এবাৰো সাহস হোৱা নাছিল, তথাপিও চহৰত থাকি পঢ়া-শুনা কৰি ডাঙৰ মানুহ হোৱাৰ
সপোন এটাই মনৰ মাজত খোপনি পুতি সেই দুখৰপৰা মোক আঁতৰাই ৰাখিছিল….কিছু পৰিমাণে হ’লেও।

“আতুৰ আহ, গাড়ী যাবৰ সময় হ’ল।” দেউতাৰ চিঞৰ শুনি ভাইটিটোক মাৰ হাতত তুলি দি মই ঘৰৰ পৰা দৌৰি ওলাই আহিছিলোঁ। এটা বিকট শব্দ কৰি ঘৰৰ
পদূলিমুখতে ৰোৱা টাটা ম’বাইলখনৰ পিছফালে মোক উঠাই দি দেউতা নিজেও উঠিছিল। মানুহ ওলাই নপৰিবৰ বাবে টাটা মবাইলখনৰ চাৰিওফালে সুকীয়াকৈ লগাই দিয়া
লোহাৰ ৰ’ডডালত টানকৈ ধৰি মই সুধিছিলোঁ “আমি এতিয়া ক’লৈ যাম প’?”
”নগাঁৱলৈ” দেউতাই দিয়া চমু উত্তৰটো শুনি এক অচিন আবেগত মন প্ৰাণ শিয়ঁৰি উঠিছিল মোৰ।

একাবেঁকা পাহাৰীয়া বাটটোৰে উঠা নমাকৈ গাড়ীখন নগাঁৱৰ অভিমুখে আগবাঢ়িছিল। পদূলিয়ে পদূলিয়ে আমাৰ লগতে আন বহুতো মানুহ টাটা ম’বাইলখনত
হেঁচা ঠেলাকৈ উঠিছিল। মোৰ মূৰটো বৰকৈ ঘূৰাইছিল, গাটো বেয়া লাগিছিল। দেউতাই মোৰ চকুৱে-মুখে পানী অলপ মাৰি দি কৈছিল, “গাটো বেয়া লাগিলে আকাশলৈ চাবি,
ভাল লাগি যাব।” দেউতাৰ কথামতে চলন্ত গাড়ীখনত চকু দুটা বহলকৈ মেলি ওপৰৰ নীলা আকাশখনলৈ মই চাই পঠিয়াইছিলোঁ।
”ভালদৰে পঢ়া-শুনা কৰিবি”… শুকুলা ডাৱৰবোৰৰ ফাঁকে ফাঁকে মাৰ থোকাথুকি মাতটোৱে যেন আঁকুলি-বিকুলি গান এটা হৈ বাৰে বাৰে মেৰিয়াই ধৰিব খুজিছিল মোক।
”মই ভালকৈ পঢ়িম পাই” দেউতাৰ কঁকালটোত পিছফালৰ পৰা জোৰেৰে সাৱটি ধৰি মুখৰ ভিতৰতে বিৰবিৰাই চকু দুটা মুদি দিছিলোঁ মই।

নগাঁও চহৰৰ মাজমজিয়াতে থকা এটা আটকধুনীয়া দুমহলীয়া ঘৰৰ ভিতৰলৈ দেউতাৰ পিছে পিছে মই চুচুক্ চামাককৈ সোমাই গৈছিলোঁ। অলপ বয়সিয়াল যেন লগা ওখ-পাখ এজন গহীন-গম্ভীৰ মানুহে গেটৰ মুখৰপৰা আমাক আগবঢ়াই লৈ গৈছিলহি।
”আতুৰ, এয়া তোৰ ককা। আজিৰ পৰা তই এই ককাহঁতৰ ঘৰতেই থাকিবি”৷ দেউতাৰ কথা শুনি কিয় জানো এটা প্ৰচণ্ড ভয়ে খুন্দা মাৰি উশাহ লব নোৱাৰাকৈ বুকুখনত সোপা মাৰি ধৰিছিল মোৰ। বহা ঠাইতে মই থৰ থৰকৈ কঁপিছিলো। দেউতাৰ খহতা হাত দুখনত খামোচ মাৰি ধৰিছিলোঁ; কৈছিলো “মোক ইয়াৰ পৰা লৈ যা প’। মই নপঢ়ো…নাথাকো ইয়াত।” সজল চকু দুটা হাতেৰে মোহাৰি দেউতাই মোক সাৱটি ধৰি কৈছিল, “পাহাৰত থাকিলে মোৰ দৰেই কোৰ মাৰি খেতি কৰি তই ভাত খাব লাগিব। তাত পঢ়িবলৈ ভাল স্কুল থাকিলে তোক মই ইয়াত নথলোহেঁতেন অ’ আতুৰ।” মুৰটো দুপিয়াই দেউতাৰ বুকুত সোমাই লেতুসেতু হৈ মই ফেকুঁৰি উঠিছিলোঁ। মোৰ লগতে দেউতায়ো হুকহুকাই কান্দিবলৈ আৰম্ভ কৰিছিল। এনেতে হলৌ-মলৌ এটা চাৰ্ট আৰু দুই আঁঠুৰ মূৰতে ফটা জীনচ্ এটা পিন্ধি মিঠা বৰণীয়া ডেকালৰা এজন ছিৰিৰে নামি বাহিৰলৈ ওলাই আহিছিল। দুই ওঁঠৰ ফাঁকত লাগি অহা আধা পোৰা চিগাৰেটটো ফুলনিবাৰীখনৰ ফালে দলিয়াই দি দেউতাৰ কাষতে চকী এখন টানি বহি লৈছিল তেওঁ। চকুপানীখিনি মচি দি মোৰ চেপেটা নাকটো দুই আঙুলিৰ ফাঁকত সুমুৱাই লৈ তেওঁ কোমলকৈ সুধিছিল “কি নাম তোৰ?” কন্দা বন্ধ কৰি তেওঁৰ মুখলৈ চাই কওঁ নকওকৈ মই কৈছিলোঁ ”আতুৰ..আতুৰ ৰংহাং।” কোঁচত বহুৱাই লৈ জপৰা মুৰটোত আঙুলি বোলাই মোক আলফুলে মৰম কৰিছিল তেওঁ; কৈছিল “সমৰ মোৰ নাম; তই মোক সমৰ দা বুলি মাতিবি।” দেউতাৰ হাতত হাত থৈ তেওঁ আশ্বাস দিছিল “আতুৰৰ কাৰণে অলপো চিন্তা নকৰিব। আজিৰপৰা ই আমাৰ ঘৰৰে এজন।” সমৰদাই কোৱা কথাখিনিয়ে মোৰ অকমাণি বুকুখনলৈ আস্থা আৰু বিশ্বাসৰ নৈ এখন হৈ যেন ধীৰ গতিৰে বৈ আহিছিল; আৰু দেউতাৰ আন্ধাৰ মুখখনত সিঁচি দিছিল সাঁজৰ তৰাৰ এমুঠন বাখৰুৱা পোহৰ..। যাবৰ পৰত হাতত দহটকীয়া নোট এখন গুঁজি দি দেউতাই মোৰ কাণে কাণে কৈ গৈছিল, “পঢ়াৰ লগতে ঘৰৰ দুই এখন কামতো সকলোকে সহায় কৰি দিবি দেই, এলাহ নকৰিবি।”

অহাৰ পিছদিনাই ঘৰৰ কাষৰ চৰকাৰী স্কুলখনলৈ নি সমৰদাই মোক তৃতীয় শ্ৰেণীত নাম ভৰ্ত্তি কৰি দিছিল। কৃপণালি নকৰাকৈ মোৰ প্ৰয়োজনীয় পেঞ্চিল, কলম, স্কুলবেগ আদি সকলোৰে তেওঁ যোগান ধৰিছিল। ককাৰ সৰু পাচলিৰ বাগিছাখনত কোৰ মৰা, পানী দিয়া, অফিচৰ কাম কৰি ভাগৰি ঘৰলৈ উভতি অহা আইতাৰ হাতত আদা দিয়া ৰঙা চাহ একাপ তুলি দিয়া, ওচৰৰ সৰু বজাৰখনৰ পৰা দুই এটা ঘৰুৱা বজাৰ কৰা আদি কামবোৰৰ মাজতো পঢ়া-শুনাৰ দিশটো নিয়াৰিকৈ চলাই যাবলৈ মই যত্ন অব্যাহত ৰাখিছিলোঁ।

ঘৰখনৰ আন সদস্যবোৰতকৈ সমৰদাই কৰি ভালপোৱা কাম আৰু ধ্যান-ধাৰণাবোৰ কিছু পৃথক আছিল। বেছিভাগ সময় তেওঁ কিতাপ-পত্ৰ পঢ়ি, ছবি আঁকি আৰু নিজৰ কেমেৰাটোক লৈ ব্যস্ত থাকি ভাল পাইছিল। কঁকাললৈকে পৰা দীঘল চুলিকোছাৰে বেণী এডাল গাঁথি কেমেৰাটো লৈ দিনৰ দিনটো অনাই-বনাই তেওঁ ঘূৰি ফুৰিছিল, ৰাতি বহু দেৰিলৈকে ছবি আঁকিছিল। টিভি, ৰেডিঅ’, বাতৰিকাকত সকলোতে নিয়মীয়াকৈ সমৰদাৰ ছবিৰ বিষয়ে আলোচনা হৈছিল। ছবিবোৰ আঁকি য’তে-ত’তে পেলাই বিশৃংখল কৰি থোৱা তেওঁৰ কোঠাটো পুৱা-গধূলি মই পৰিষ্কাৰ কৰিছিলোঁ। ছবিবোৰ এখন এখনকৈ মনোযোগেৰে চাইছিলোঁ, বিশেষ একো বুজি নাপালেও আইতাৰ আদেশ অনুসৰি প্ৰকাণ্ড ঘৰটোৰ চুকে-কোণে সেইবোৰ যতনেৰে সজাই থৈছিলোঁ। যি কি নহওক, সমৰদাই মোক খুবেই মৰম কৰিছিল। সুবিধা বুজি তেওঁ মোক অংক শিকাইছিল, আখৰৰ যত্ন লৈছিল। কামত বেছিকৈ লগাই থাকিলে মোৰ কথা লৈ ককা-আইতাৰ সৈতে তেওঁ তৰ্কও কৰিছিল। আকৌ মনটো ভাল লাগিলে কান্ধতে গীটাৰ এখন ওলোমাই মোক লগত লৈ নিজৰ কোঠালিত সোমাই তেওঁ খুউব চিঞৰি-চিঞৰি গান গাইছিল। ঘৰ সাৰি থাকোঁতে, ফুলৰ টাববোৰ খুঁচৰি থাকোতে, বাচন ধুই থাকোতে, আনকি অংক কৰি থাকোতেও মই লাহে লাহে সমৰদাৰ মুখৰ গানবোৰ আওঁৰাই থাকিবলৈ লৈছিলো….
শ্বিলঙৰে মনালিছা লিংডৌ
শ্বিলঙৰে মনালিছা লিংডৌ
তোমাৰ হাতৰ গীতাৰখনিত
হিলিবিলি মিউজিক বজাই যোৱা
হিলিবিলি মিউজিক বজাই যোৱা
হিলিবিলি মিউজিক বজাই যোৱা
মোৰ গান শুনি ককাই আঁতৰৰ পৰা গালি বৰষিছিল, “এটাইতো মোক আধা পাগল কৰিছেই, ই মোক সম্পূৰ্ণ পাগল কৰিব।” ককাৰ কথা শুনি কেতিয়াবা মোৰ চকুপানী ওলাইছিল যদিও সমৰদাৰ মৰমে ক্ষণিকতে পাহৰাই পেলাইছিল সকলোবোৰ। লাহে লাহে সমৰদাহঁতৰ ঘৰৰ এজন এৰাব নোৱাৰা সদস্যৰ ৰূপত মই মোৰ জীৱনৰ চাৰিটা বছৰ অতিক্ৰম কৰিছিলোঁ। এই চাৰিটা বছৰত সমৰদাৰ সৈতে মই জীৱনৰ বহু কথা ভগাই লৈছিলোঁ…… মোৰ গাঁওখনৰ কথা, টকলা পাহাৰবোৰত হালি-জালি নাচি থকা জুম ফুলবোৰৰ কথা, বাঁহৰ গাজ দি মায়ে বনোৱা গাহৰিৰ মঙহৰ জোলখনৰ কথা, বিজুলীৰ সুবিধা নথকাৰ বাবে জুইৰ পোহৰতেই পাৰ কৰা আমাৰ নিস্তব্ধ ৰাতিবোৰৰ কথা…আৰু বহুতো। দুদিন বৰষুণ দিলেই মাটি খহি বন্ধ হৈ পৰা পাহাৰৰ আলি-পদূলিবোৰ, চিকিৎসাৰ অভাৱত পেটৰ বিষত ছটফটাই থাকি মায়ে মৰা যন্ত্ৰণাকাতৰ চিঞৰবোৰ, ভৈয়ামত পঢ়িবলৈ গৈ গৰাকীৰ অত্যাচাৰত উভতি অহা মানাইৰ চকুতে শুকোৱা চকুপানীবোৰ….. এই সকলোবোৰ সাধুকথাৰ দৰে মোৰ মুখৰ পৰা সমৰদাই আগ্ৰহেৰে শুনিছিল। হৰলাঙৰ নিচাত দেউতাই বৰদেউতাহঁতৰ সৈতে কৰা কাজিয়াৰ কাহিনী শুনি তেওঁ বাগৰি বাগৰি হাঁহিছিল। বছৰেকীয়া পৰীক্ষাৰ পিছত এইবাৰ ঘৰলৈ গ’লে মায়ে হাতে বোৱা পিনি-পেকক এযোৰ কোনোবা আপোনজনৰ কাৰণে আনি দিবৰ বাবে মোক বাৰে বাৰে অনুৰোধ কৰিছিল তেওঁ।

লাহে লাহে সমৰদাই মোৰ পৰা দুই এটা কাৰ্বি শব্দও শিকিবলৈ আৰম্ভ কৰিছিল..
”কাৰ্বিভাষাত ‘আকাশ’ক কি বুলি কোৱা হয় অ’ আতুৰ?”
”চ্চিনিং”
”নদী মানে?”
”লাংৰই”
”ফুল মানে?”
”মিৰ”
”পাহাৰ মানে?”
”ইংলং”
মোৰ পৰা শিকা এই সৰু সৰু শব্দবোৰ সমৰদাই বহী এখনত কলমেৰে টুকি গৈছিল। আজৰি পৰত বহীখন উলিয়াই বাৰে বাৰে সেই শব্দবোৰ তেওঁ আওৰাই থাকিছিল। তেওঁ মোক প্ৰায়েই কৈছিল “তহঁতৰ পাহাৰলৈকে মই একেবাৰে গুচি যাম বুজিছ, আতুৰ! ইয়াৰ মানুহবোৰ বৰ জটিল অ’।” সমৰদাৰ কথা শুনি মোৰ মনটো ভৰি উঠিছিল। আমাৰ নিচিনা সাধাৰণ পাহাৰীয়া মানুহৰ জীৱনো যে সমৰদাৰ দৰে মানুহৰ বাবে উশাহ-নিশাহৰ অমল উৎস হৈ উঠিব পাৰে, সেই কথা ভাবি বুকুখন ফুলি উঠিছিল মোৰ।

সেইদিনা কিবা কাৰণত অস্থিৰ হৈ থকা সমৰদাৰ মনটোক ঘৰৰ আন মানুহবোৰৰ লগতে ময়ো গোপনে লক্ষ্য কৰিছিলো। ৰূমত সোমাই তেওঁ ইখনৰ পিছত সিখন ছবি আঁকি গৈছিল; যদিও প্ৰতিখন ছবিয়েই আছিল আধৰুৱা। ৰাতি ভাত খাই উঠাৰ পিছত তেওঁ মোক নিজৰ কোঠালিলৈ মাতি নিছিল আৰু কৈছিল “কাৰ্বি গান এটা গাই শুনাচোন অ’ আতুৰ।” মই ভয়ে ভয়ে গাইছিলো ….
জিলি কে নাং অচ’ আক’ ৰঙ ৰঙ
কেনাং জুইৰাপ লঙ্ ল’ জুইদাম
কেচক তক মাই মাৰ’….
গানটো গোৱাৰ পিছত মোক ওচৰৰ পৰা যাবলৈ দি সমৰদাই আকৌ নতুনকৈ ছবি এখন আঁকিবলৈ যত্ন কৰিছিল। প্ৰচণ্ড গৰমত নিজৰ কোঠালৈ আহি মজিয়াতে বাগৰি টোপনিত ঢলি পৰিছিলোঁ মই। সপোনত সমৰদা মোৰ কাষলৈ আহিছিল, কথা পাতিছিল। পাহাৰীয়া বাট এটাৰে খোজ কাঢ়ি আমি দুটা এনেই অনাই-বনাই ঘূৰি ফুৰিছিলোঁ। শিলৰ ফাঁকেৰে বৈ অহা সৰু জুৰি এটাৰ পাৰত বহি দুয়ো জিৰাইছিলোঁ। জুৰিটোৰ কাষতে থকা ডাঙৰ শিল এচটাত শুই সমৰদাই ওপৰৰ আকাশখনলৈ চাইছিল; প্ৰিয় গীতবোৰ গুণগুণাইছিল আৰু হাত দুখন মেলি উল্লাসত চিঞৰিছিল,
দা উদ্চ আৰ লাভলী, ডাৰ্ক এণ্ড দীপ
বাট আই হেভ প্ৰমীচেচ টু কিপ
এণ্ড মাইলচ্ টু গ’ বিফৰ আই শ্লীপ
এণ্ড মাইলচ্ টু গ’ বিফৰ আই শ্লীপ
“আতুৰ.. অ’ আতুৰ, ইমান দেৰিলৈকে শুই থাক নে? সমৰে মাতি আছে তোক” ককাৰ ধমকত একেজাপে শোৱাৰ পৰা উঠি মই সমৰদাৰ কোঠালি পাইছিলোগৈ। ৰাতিয়েই সমৰদাই আঁকিবলৈ আৰম্ভ কৰা ছবিখন সম্পূৰ্ণ হৈছিল প্ৰায়। দুহাতত ধৰি প্ৰায় টানি অনাদি আনি তেওঁ মোক ছবিখনৰ সমুখত থিয় কৰাই দিছিল। ঠাইতে ৰৈ ছবিখনৰ ফালে বহুসময়লৈ তভক লাগি চাই ৰৈছিলোঁ মই…..। পিঠিত স্কুলবেগ লৈ লুঙলুঙীয়া পাহাৰীয়া পথ এটাৰে সমতল অভিমুখে খোজ কাঢ়ি গৈ থকা এটা সৰু ল’ৰা…..তাৰ মুৰৰ ওপৰেদি শৃংখলাবদ্ধভাবে পাখি মেলি উৰি গৈ থকা এজাক বনৰীয়া চৰাই। পথৰ সিটো মূৰে আছিল এটা জৰাজীৰ্ণ চাংঘৰ: য’ত মৰা মাছৰ দৰে ঘোলা দুচকুৰ ক্ষীণকায় এহাল পুৰুষ-নাৰীয়ে আকাশৰ ফালে দৃষ্টি নিবদ্ধ কৰি কোনোমতে থিয় হৈ আছিল। নাৰীগৰাকীৰ কোলাত এটা এবছৰীয়া কণমানি শিশু…যি তেওঁৰ কান্ধতে মুৰটো পেলাই নিজৰ সোঁহাতখনৰ তৰ্জনী আঙুলিটো চুপি আছিল….আপোনমনেৰে। ঘৰটোৰ পদূলিত বনৰীয়া ফুল অলপ ফ্ৰকৰ কোঁচত লৈ এজনী ছয়-সাতবছৰীয়া ছোৱালী থিয় হৈ আছিল; উচুপি উচুপি ল’ৰাটোক হাতবাউল দি যি নিজৰ ওচৰলৈ মাতি আছিল..বাৰে বাৰে। মন্ত্ৰমুগ্ধকৰ এলানি ৰূপকথা হৈ সমৰদাৰ এই নতুন ছবিখনে উছাহৰ বাট বুলি মোৰ মন-মগজুৰ ভিতৰলৈ যেন এঢাপ এঢাপকৈ বগুৱা বাই আহিবলৈ আৰম্ভ কৰিছিল; আৰু দুচকুত আঁকি দিছিল এক অযুত বিস্ময়।

সমৰদাই হঠাতে মোক জোৰেৰে সাৱটি ধৰি দুয়োখন গালতে দুটা চুমা আঁকি দিছিল আৰু কৈছিল “ইউ আৰ এ লাকী চাৰ্ম ফৰ মী..আতুৰ। তই এই ছবিখনৰ মানসপুত্ৰ। তোৰ অবিহনে এইখন ইমান জীৱন্ত কৰি তোলাটো মোৰ পক্ষে সম্ভৱ নহলহেঁতেন অ’।” সমৰদাৰ কথা শুনি গৰ্বত বুকুখন ফুলি উঠিছিল মোৰ। মোৰ দৰে সাধাৰণ সপোনবিলাসী এটা জনগোষ্ঠীয় ল’ৰাই তেওঁৰ দৰে এজন প্ৰতিভাৱান শিল্পীৰ কল্পনাত ঠাই পোৱাটো কম ভাগ্যৰ কথা নে? মনৰ আনন্দত কোনেও নেদেখাকৈ ঘৰৰ এচুকত বহি মই এসোঁতা কান্দি লৈছিলোঁ। সমৰদাৰ কোঠাটো চাফা কৰাৰ চলেৰে ছবিখন বহুবাৰ লিৰিকি-বিদাৰি চাইছিলোঁ মই।
ছবিখন শেষ কৰাৰ আনন্দত সমৰদাই সেইদিনা আবেলি এটা ডাঙৰ পাৰ্টিৰ আয়োজন কৰিলে। সমৰদাৰ লগৰ বহু শিল্পী আৰু সাংবাদিকক সেই পাৰ্টিলৈ নিমন্ত্ৰণ দিয়া হৈছিল। এক অচিন আনন্দত আইতাৰ সৈতে সমানে ময়ো সকলো আলহীকে শুশ্ৰূষা কৰিছিলো। সকলোকে চাহ-ভাতৰ যোগান ধৰাৰ উপৰিও বাচন-বৰ্তন ধুই ধুই পাৰ্টিৰ শেহলৈ ভীষণভাবে ভাগৰুৱা হৈ পৰিছিলোঁ মই। খোৱা-বোৱা শেষ হোৱাৰ পিছত সাংবাদিকসকলে ড্ৰয়িং ৰুমতে বহি সমৰদাক বিভিন্ন প্ৰশ্ন সুধিছিল। সমৰদাৰ সাক্ষাৎকাৰ চাবৰ বাবে বাচন ধুবলৈ এৰি দৰ্জাৰ এচুকতে ময়ো মনে মনে থিয় হৈ ৰৈছিলোঁ।
”মিঃ সমৰ, আপোনাৰ শেহতীয়া ছবিখনৰ থীম সম্পৰ্কত অলপ বুজাই কবনে? কি নাম ৰাখিছে ছবিখনৰ?”
”ছবিখনৰ থীম হৈছে ..আকাশ চোৱাৰ হেঁপাহেৰে পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা এটা জনগোষ্ঠীয় শিশুৰ সপোনবিলাস।” সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সমৰদাই কৈ গ’ল ”ছবিখনৰ মই নাম ৰাখিছো– দ্য কালাৰচ্ অফ লাইফ….জীৱনৰ ৰঙ।”
”সেই শিশুটোক আপুনি বাস্তৱত লগ পাইছেনে? নে ই আপোনাৰ কাল্পনিক চৰিত্ৰ?”
প্ৰশ্নটো শুনি কিয় জানো.. বুকুখন ঢক্ কৈ উঠিছিল মোৰ। উত্তৰত সমৰদাই কি কয় শুনিবলৈ আঁতৰৰ পৰাই ব্যগ্ৰতাৰে মই কাণ পাতি ৰ’লোঁ।
”বাস্তৱত শিশুটিক মই লগ পাইছোঁ..কথাও পাতিছোঁ।” কথাষাৰ কৈ টেবুলখনৰ ওপৰত থকা পানীৰ গিলাচটো ঘোট্ ঘোটকৈ পি খালে সমৰদাই। কিছুপৰ নীৰৱতাৰ পিছত দুহাতেৰে চকুহাল ঢাকি স্বভাৱসিদ্ধ কোমল মাতটোৰে তেওঁ পুনৰ কৈ গ’ল “মোৰেই দুৰ্ভাগ্য যে শিশুটোক মই কাষত ধৰি ৰাখিব নোৱাৰিলোঁ। ভৈয়ামৰ মানুহৰ মনৰ সংকীৰ্ণতাই তাক পুনৰ পাহাৰৰ বুকুলৈ ঠেলি পঠিয়ালে। সি ক’ত আছে…কি কৰি আছে মোৰ জানিবৰ বৰ মন যায়, কিন্তু সেয়া এতিয়া অসম্ভৱ।”

আঠবছৰ বয়সৰ পৰাই মই বুকুত কঢ়িয়াই লৈ ফুৰা আস্থা আৰু বিশ্বাসৰ নৈখনে উপচি পাৰ ভাঙি যেন নিজৰেই গতিপথ হেৰুৱাব খুজিলে। দুচকুৰে সৰসৰকৈ বৈ অহা চকুপানীবোৰক বাধা দিবৰ বাবে অজুহাতবোৰেও যেন অৱস্থান কৰিছিল…..বহুদূৰৈত।

দৰ্জাৰ চুকটোৰ পৰা সকলোৰে অলক্ষিতে হাতত সাৰে ভৰিত সাৰেকৈ মই বাহিৰলৈ ওলাই আহিলোঁ। পিছফালৰ বাৰাণ্ডাৰ চকীখনতে চকুদুটা মুদি অকলশৰে বহুপৰলৈ বহি থাকিলো….. নীৰৱে-নিতালে।
“আতুৰ..মোৰ বাবে কাঢ়াকৈ কফি একাপ বনাই আনচোন। মোৰ মুৰটো খুউব বিষাইছে।” সমৰদাৰ চিঞৰটো শুনি মই ততাতৈয়াকৈ নিজৰ কোঠালি পালোগৈ। পিন্ধি থকা চোলাটোৰে চকুপানীবোৰ মচি মচি ভিতৰৰ পৰাই চিঞৰি ক’লো “মই নোৱাৰিম সমৰদা…মোৰ বহুত পঢ়িবলগা আছে।” সমৰদাক কথাটো কৈ ধূলিময় হৈ থকা মোৰ পঢ়া টেবুলখন জাৰি-জোকাৰি কিতাপ-বহীবোৰ পৰিপাটীকৈ জাপি থলোঁ। বাচন ধুবলৈ পাকঘৰৰ পৰা ভাঁহি অহা আইতাৰ চিঞৰটোক আওকাণ কৰি ইংৰাজীৰ কিতাপখন উলিয়াই লৈ মই ঘেঁহাই ঘেঁহাই এফালৰ পৰা পঢ়ি থাকিলোঁ..কেৱল পঢ়িয়েই থাকিলোঁ।
এৰা..জীৱনটোত ‘ৰঙ’ সনাৰ অধিকাৰ সকলোৰে আছে; মোৰো আছে। এই ‘ৰঙ’ কেনভাছৰ আৱেষ্টনীত বন্দী হৈ থকা ছবিবোৰৰ পৰা সদায় মুক্ত, সত্য আৰু শাশ্বত।
#শব্দাৰ্থ: –
#জাম্ব্ৰং: – কাৰ্বিসকলৰ পৰম্পৰাগত হাতে বোৱা
মোনা।
#প’: – দেউতা
#পাই: – মা
#হৰলাং: – কাৰ্বি সকলৰ পৰম্পৰাগত পানীয়।
( উৎসৰ্গা: – স্কুলৰ অভাৱত পাহাৰৰ পৰা ভৈয়ামলৈ পঢ়িবলৈ আহি আনৰ ঘৰত থাকি শ্ৰমিকলৈ পৰ্য্যবসিত হোৱা প্ৰতিজন কাৰ্বি শিশুৰ হাতত)

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!