চেষ্টা কৰিব লাগে আকৌ

লেখক- আৰিয়ান আকাশ শেনচোৱা

 সন্ধিয়াৰ সময়, আন্ধাৰ নামি আহিছে। ঘৰৰ বাহিৰতে জুই একুৰা ধৰি শেনচোৱা আৰু বৰ্তাই বহি লৈ জুইৰ উমাল মৰম সাবটি কথাৰ সাগৰত ডুব গৈছোঁ। বৰ্তাৰ আকৌ এটি অভ্যাস আছে, পনীয়াবিধ গলত পৰিলে মুখপদ্মহন্তে অনৰ্গল কথাৰ বাৰুদ ফুটাই যায়। ময়ো অলপ ৰস ল’বৰ মনেৰে জোকাৰণি এটি দিলোঁ, বুলো “বুইছে বৰ্তা এই অমুকাৰ জী জনি, আইঐ ভাল নাটেশ্বৰী তুলিছে পাই। এইটো বয়সতে পিৰিতিত মন, বাৰুকৈহে হৰণ হোৱা নাই। কি যে দিন কাল পৰিল! কিবা যদি আপুনি কইও নহয়, আয়ু তাই যিটো চাৱনি দিব নহয়, কণমানি ল-ছলি ঠাইতে শিল বৰষুণ দিব।”
চলি খৰিচটা জুইত বঢ়াই দি বৰ্তাই কলে–” এইবোৰ আৰু কি? আমাৰ বেলবুটাম দিনৰ পিৰিতি, তোক কলে তই গোটে গোটে শুকাই খমখমীয়া দিবি।”
“কওকনা কওকনা অলপ” বুলি মই লেননী জোৰাত বৰ্তাই মিচিকিয়া হাঁহি এটি মাৰি কথাৰ পোহাৰ মেলিলে বোলে শুন৷ আমি তেতিয়া পিৰিতি কি বস্তু বুজাৰ বয়সৰ। ভৱ চাবুকধৰা আৰু মই কানসমনীয়া৷ আমাৰ গাঁৱতে পূৰ্ণিমা বুলি এজনী আছিল বুইছ। একেবাৰে শ্ৰীদেৱী যেন চেহেৰা, জয়া পৰ্দাহেন চকু, মৃদুলা ভুঞাযেন ওঁঠ, আঐ, তাইৰ মাতত মৌ বৰষে। আমাৰ আকৌ মৰিব নজনা ভৱ, তাইৰ প্ৰেম পুখুৰীত চিলিপ্‌ খাই পৰিল। খাৱন্তে, শোৱন্তে, বসন্তে, ভ্ৰমন্তে, মাথোঁ পূৰ্ণিমা আৰু পূৰ্ণিমা। তাৰ পিছত আৰু সদায় তাই টিউচন যাওতে, দিচাঙৰ পাৰত পাচলি খেতিত পানী দিওঁতে, কাউৰীপুৱাতে দিচাঙৰ পৰা কলহ ভৰাই পানী আনোতে, আমাৰ দুটাৰ “জুমি জুমি চোৱা তুমি” হ’বলৈ ধৰিলে। এদিনৰ কথা, তাই যিজোপা হেলনীয়া ৰত্নাকৰ গছৰ তলৰপৰা পুৱা দিচাঙৰ পৰা পানী আনেগৈ, সেইজোপাতে ভৱয়ে ময়ে চিকিমিকি বেলিকা উঠি থাকিলোগৈ। যথাসময়ত তাই আহি পানী তুলিব ধৰিলে। আমি ওপৰত আৰু আমাৰ তলতে তাই। গছজোপা খুউব হেলনীয়া বাবে হাত মেলিলে নৈৰ পানী চুব পাৰি। তৰ্কিব পৰাৰ আগতেই কুলাঙ্গাৰ ভৱটোৱে আঁজলি পাতি পানী তুলি আনি তাইৰ মুৰত পিৰ্‌পিৰ্‌কৈ পানী নিগৰাব ধৰাত মই ত্ৰাহি মধূসুদন সুঁৱৰিলো। তাই খপ্‌কৰে ওপৰলৈ চাই আমাক দেখি উচপ্‌ খাই উঠি কলে ”ঐ নৰকীহঁত কি কৰিছ তহঁতে ইয়াত? খাই মৰা ভৱটোৱে কৈয়েই দিলে যে সি তাইক পিৰিতি কৰে। তাই হাঁহি এটা মাৰি লাজুককৈ কলে, ”ভাল কথা৷ চেষ্টা কৰিব লাগে ভাল পাবলৈ।” তাৰ পিছত আৰু কি? লাগি গ’ল ভৱ চেষ্টাত; যথা– এদিন তাই চাইকেলেৰে টিউচনৰ পৰা আহি আছে, এই ভৱ নৰকীয়ে তাৰ বি.এছ.এ. খনি টিলিঙা বজাই তাইক অগা-ডেৱা কৰিব ধৰিছে। অতীষ্ঠহৈ তাই কৈছে ”চাইকেল চলাব নাজান নিকি?”
ভৱৰ উত্তৰ আহিছে ”হেৰি, এই চেষ্টা কৰিছোঁ আকৌ।”
আকৌ এদিন তাই আলু গছত পানী দি আছে, আমি দুইটা খাৱৈয়ে খাৱৈয়ে গৈ তাইলৈ সুহুৰিয়াই আছোঁ। বিচুতি খাই তাই কলে” ঐ মৰিব খুজিছ নিকি? ককাইদেউৱে দেখিলে পেটু কাঢ়িব”
খপ্‌কৈ উত্তৰ আহিল, “উৱা চেষ্টা কৰিছোঁ আকৌ।” (সেই দিনা পিছে তাইৰ ককায়েকে আমাক দেখিলে নিকি, মোৰ হ’লে অলপ সন্দেহ হ’ল)
এইদৰে চেষ্টা কৰোতে কৰোতে দিন গৈ আছে। মই এদিন ক’লো এনেকৈ নহব৷ তেতিয়া যিহেতু চিঠিৰ জামানা আছিল, মই বুদ্ধি দিলো যে ভৱই এখন চিঠি দিয়ক। চিঠিখন ময়েই লিখি দিলোঁ- “ মৰমৰ পূৰ্ণিমা, মৰম দিবা না। তুমি মোৰ, মই তোমাৰ।” মৰম নদীৰ গাভৰু ঘাটত” “হৃদয়ৰ আঁৰে আঁৰে”, তোমাক দেখা পালোঁ, এতিয়া তোমাৰ ছবি মোৰ “বুকুৰ মাজত জ্বলে।” যেতিয়া মোক মোৰ “স্মৃতিৰ পৰশে “সোধে “আছেনে কোনোবা হিয়াত?” মই তোমাৰ নামলৈ কওঁ, ”হিয়াৰ দাপোণত তোমাৰেই ছবি।” ”প্ৰিয়া অ’ প্ৰিয়া” “তুমিয়ে মোৰ কল্পনা”, এতিয়া “মিঠা মিঠা লগনত” যেন তোমাৰ মোৰ “প্ৰেম জনমে জনমে।” ”ইমান মৰম কিয় লাগে” পূৰ্ণিমা? এই যেন “হিয়া দিয়া নিয়া”কৰি তোমাক “ পত্নী” সজাই লৈ যাওঁ। আজি কোৱা “মৰমী হ’বানে লগৰী?”
ইতি
চাবুক চাবুক//
এক্কেবাৰে অসমীয়া চিনেমাৰ নাম মিলাই মিলাই চিঠিখন লিখি দিলোঁ, সিয়ো তাইক দিলেগৈ ৰত্নাকৰ গছত উঠি। কথা হ’ল, গধূলি পাচলিত পানী দিওঁতে আমি খাৱৈয়েদি যাম, তাই উত্তৰ দিব। দিনতো ভৱৰ শান্তি নাই, গধূলি তাই আহিল। একেবাৰে গোটেই গা কাপোৰেৰে ঢাকি আহিছে, তাই নে আন ধৰিবই নোৱাৰি। তাৰ পিছত তাইৰ চিঠি পালোঁ, পঢ়ি চালোঁ, লিখা আছে– “কেঁচাসোণ”টো বুজিছোঁ “যৌৱনে আমনি কৰে।” মই নজনাকৈ “গৰম বতাহ” পাই দেহি মোৰ ভনীৰ লগত “ইটো সিটো বহুতো” হৈ গ’ল। পিছে এই ভুলৰ যে “যোগ বিয়োগ” কৰি “পৰিণাম“স্বৰূপে “ধুমুহা”ৰ দৰে ভুকুৰ কোবত, চকুৰে “চিক্‌মিক্‌ বিজুলী” নাচিব পাৰে অনুমান আছেনে? আগলৈ কিন্তু “লটিঘটি” কৰিলে “ৰঙা পুলিছ”ৰ বিহু দেখাটো খাটাং।”
চিঠিখন পঢ়ি দুইটাই ঠাইতে চেপেটা লাগিলোঁ। দেখিলোঁ চিঠি দিয়াজনা পূৰ্ণিমাৰ ককায়েকহে৷ মূৰৰ ওৰণি গুচাই তেওঁ হাঁহি এটি মাৰি ক’লে– চেষ্টা কৰিব লাগে আকৌ।
ভৱই সেপঢুকি ক’লে– কি ককাইদেউ?
তেওঁ খুউব মৰমেৰে ক’লে–”এই গাঁৱতে গাঁৱতে ভালপোৱাবোৰ এৰিবলৈ চেষ্টা কৰিব লাগে আকৌ।”
তাৰ পিছত আৰু আমি ৰৈ থকা নাই, দুইটা লৰ ধৰিলোঁ, এক্কেবাৰে বৰপথাৰতহে শান্তিৰে উশাহ লৈ চিত্‌খাই পৰি দিলোঁ। মই কৰা সন্দেহ ঠিক আছিল, সিদিনা ককায়েকে ভৱকে মোকে দেখিছিল। বাৰুকৈ উশাহ টানি ভৱক সুধিলোঁ, ” কি হব এতিয়া?”
”বেলেগ এগৰাকীৰ লগতে চেষ্টা কৰিব…”
মই বুলো, মোক আৰু লগত নল’বি গোসাঁই।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!