এখন পুৰনি কম্বল আৰু এমোকোৰা মিঠা হাঁহি

লেখক- শ্ৰীমন্ত মাধৱ

 ক্লাচ থ্ৰী-ত পঢ়া সন্তানটিয়ে ৰাতি শুবৰ সময়ত সদায় আবদাৰ কৰে-“দেউতা সাধু এটা কোৱানা।”
সদায় সদায় কিমাননো ক’ম। কাহিনীও শেষ হয়, তথাপিও যি দুই-এটা মনত পৰে তাকে সজায়-পৰায় ৰসালকৈ কওঁ। সি মোৰ সাধুবোৰ শুনি বৰ ভাল পায় মন দি শুনে।
সিদিনা ৰাতি একো মনত নপৰাত নিজৰ জীৱনৰে কিছু খুহুটীয়া ঘটনা ন-কৈ সাজি তাক শুনাই গ’লো। জীৱনৰ খুহুটীয়া ঘটনাবোৰ কওঁতে কওঁতে কেতিয়ানো কৰুণ ৰসৰ মাজত ডুব গ’লো গমকে নাপালো –বিচাৰিলেই যিকোনো বস্তু নোপোৱা, মন গ’লেই ভাল লগা খাদ্য খাবলৈ নোপোৱা, পিন্ধিবলৈ নোপোৱা আছিল মোৰ জীৱন। গৰমত ঘাম আৰু ঠাণ্ডাত বুকুৰ হাড়কঁপি যোৱাকৈ কিদৰে পাৰ হয় মোৰ দৰে বহু মানুহৰ জীৱন, ইত্যাদিবোৰ। -“গতিকে তুমিও যিকোনো বস্তু মন গ’লেই নিবিছাৰিবা দেই সোণ”- বুলি ক’বহে পালো মাক আৰু দেউতাকৰ মাজত উম লৈ থকা তাৰ কুমলীয়া মনে অভাৱ কি, পোৱা-নোপোবা কি, একো ভু নাপাই সি কান্দি উঠিল– “দেউতা বেলেগ এটা সাধু কোৱানা কোৱানা বুলি চিয়ৰিবলৈ ধৰিলে।”
এটি সাধাৰণ ভাৰাঘৰ আৰু আমি তিনিটি প্ৰাণী। এই সাধাৰণ সৰু ঘৰটিলৈও দিনটোত কিমানজন যে খোজনীয়া-মগনীয়া আহে তাৰ হিচাপ নাই। কুমলীয়া সন্তানটিয়ে মোক নিষ্ঠুৰ মনৰ মানুহ বুলি ভাবিব বুলিয়েই দুই-এজনক পাঁচ-দহটকা দিওঁ, প্ৰায়কে ওভতাই পঠাওঁ। নপঠামনো কিয়? হাতে-ভৰিয়ে সুস্থ-সুঠাম বহু মানুহ আহে যি একমাত্ৰ এলেহুৱা স্বভাৱটোৰ বাবেই কোনো কামবন নকৰি কেবল দৰিদ্ৰতাৰ অচিলা লৈ ৰাষ্টাই-ঘাটে আপোনাৰ মোৰদৰে বহুতৰে আগত হাত পাতি ফুৰে। পঞ্চাশ-এশ জোগাৰ হলেই সিহঁতৰ গধুলীটো ৰঙীনকৈ পাৰ হয়।
এৰা, দৰিদ্ৰতা কি? জনা হোৱাৰ পৰাই অনুভৱ কৰি আহিছো আৰু নিজৰ দৰিদ্ৰতা নিবাৰণ কৰিবলৈ কিদৰে নিজকে ত্যাগ কৰিছো, নিজক কিমান শাস্তি দিছো কেৱল নিজেহে উপলব্ধি কৰো। দৰিদ্ৰতাৰ জীয়া জীৱনৰ ওপৰত মোৰ মুঠেই ঘৃণা নাই আছে মাঠো দৰিদ্ৰতাক অচিলা লৈ ৰাষ্টাই-ঘাটে হাত পাতি ফুৰা কিছু অকৰ্মণ্য-অপদাৰ্থ লোকলৈহে।
-পুৱা আঠ বাজিছে। কেটেংকৈ লোহাৰ গেটখন খোলাৰ শব্দ শুনি ল’ৰাটোৱে বাহিৰলৈ চায় চিয়ৰিলে -“দেউতা, মগনীয়া এজন আহিছে, মোৰ হাতত পাঁচ টকা আছে দি দিওঁ নেকি?” ল’ৰাটো স্কুল যাব উলাইছে। ভাৱিলো পুৱাই অহা ভীক্ষাৰীজনক শুদামুখে ওভতাই নপঠাই সেইটোকে দিব ক’লো। টকা পাঁচটা দিব গৈ ল’ৰাটো পুনৰ সোমাই আহি মোক ক’লে, -“পইছা নলয় বোলে দেউতা।” -“কিয়?” -এইবাৰ মই উলাই গ’লো। কিবা ক’ব খোঁজোতেই তেওঁ ক’লে-“ কিবা কাম আছে নেকি।” মই তেখেতৰ ভৰিৰ তলুৱাৰ পৰা মুখলৈকে নিৰীক্ষণ কৰিলো। দেখিলো ভৰি দুখন অকামিলা, এখন ভৰি স্বাভাৱিকতকৈ বহু শকত। হাতত এডাল লাখুটি। গাত মলিয়ন কাপোৰ। উদং ভৰিৰে কোনোমতে ঠিয় হৈ আছে। তথাপিও তেও মোৰ পৰা টকা-পইছা অথবা খাদ্যবস্তু ভীক্ষা নুখুজি এটা কৰ্মভীক্ষা মাগিলে।
–হৃদয়খন উপচি পৰিল। যদিও তেওঁৰ কামকৰা শক্তি দেহত থকা যেন অনুমান নহ’ল তথাপিও তেওঁ যেন কাৰোবাৰ লগত হাৰি যাব খোজা নাই।
পুৱাৰ এই সময় কনত আমাৰ বৰ খৰধৰ হয়। শ্ৰীমতীয়ে ল’ৰাৰ স্কুল টিফিনৰ লগতে মোৰ টিফিন যোগাৰ কৰাৰ উপৰিও নিজৰ কৰ্মস্থলী স্কুল সময়মতে গৈ পাবগৈ লাগে। এইবোৰৰ মাজত? , , তথাপিও–“হে’ৰা ঘৰত কিবা কাম আছে নেকি হে।”
অপ্ৰয়োজনীয় ভাৱেও মানুহজনক ঘৰৰ পিছফালে মাতি নি চোতাল খনত বনবাত চিকুনাবলৈকে লগাই দি মই ল’ৰাটো লৈ উলাই গ’লো।
দুপৰীয়া বাৰ বাজিল। “চেঃ মানুহজনক কিবা এটা খাবলৈ জোগাৰ কৰি থৈ আহিবও নহ’ল।” মই লৰালৰিকৈ মোৰ কাম এৰি ঘৰলৈ বুলি গাড়ীত বহিলো। আাহি দেখো তেওঁ আৰামত বহি ভাত খাই আছে। মই অহা গম পাই -এওঁ- লৱৰি আহি ক’লে- “অঃ তুমি আহি ভালেই কৰিলা, মই ৰিকেচনৰ সময় মিলাই দৌৰাদৌৰিকৈ আহি এওঁক ভাত এমুঠি খাবলৈ দিলোহি। এতিয়া তুমি যি কৰা কৰা মোৰ ক্লাচলৈ দেৰি হৈছে”- বুলি তেওঁ হাউৎকৈ নোহোৱা হ’ল।
কাম বেছি নাছিল সেয়ে তেওঁক বিদায় দিব বিছাৰিলো। -“নানা”, -“চাচা”, —নহয়! আমাৰ মৰমৰ সম্বোধন–“ককা”, ঠিক “ককা”তেই আমাৰ আপোন যেন লাগে–“ককা আপুনি কাম সামৰক আৰু কৰিব নালাগে ঘৰলৈ যাওকগৈ–এয়া টকা দুশ লওক”
–“ নালাগে বাইদেৱে মোক দি গৈছে”– ককাই ক’লে।
–“হয়নেকি? তেন্তে আপুনি যাওকগৈ মোৰো দেৰি হৈছে।” মানুহজন থৰকবৰকৈ উঠি গৈ গেট খুলিলেগৈ।
–চেঃ–মইনো এওঁক কি দি পঠাওঁ–?
-“ককা ৰ’বচোন”–বুলি মই ভিতৰলৈ লৰ দিলো। ৰূমটোৰ চাৰিওপিনে চকুফুৰাই একো নাপালো। হঠাৎে চকু পৰিল, এইবাৰ গাঁৱত দেৱালীৰ লটাৰীত ল’ৰাটোৰ নামত পোৱা এখন কম্বল–
–“ককা এইখন লওক ৰাতি ঠাণ্ডা বৰকৈ পৰিছে নহয়।”
কোনো কথা নকৈ ককাই মোলৈ এটি ৰহস্যময় চাৱনি দিলে আৰু মুখত এমোকোৰা মিঠা হাঁহি লৈ গেটৰ বাহিৰ হ’ল—
—মই “ককা”-জন যোৱা বাটলৈ বহু সময় চাই থাকিলো। ক্ৰমান্বয়ে মোৰ মুখমণ্ডলত যেন এটা প্ৰাপ্তিৰ হাঁহি বিৰিঙি উঠিছে, “পালো”, “পালো”, ৰাতিলৈ ল’ৰাটোৰ বাবে এটা সুন্দৰ কাহিনী পালো–
–“এখন গাঁৱত এজন বৰ দুখীয়া বুঢ়া মানুহ আছিল। তেওঁৰ ভৰিদুখন অকামিলা আছিল। তথাপিও কিন্তু তেওঁ কোনোদিন”, , ,

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!