সম্পাদকীয়: অন্বেষী বৰা

লেখক- অন্বেষী বৰা

এতিয়া কিতাপৰ বতৰ। চৌদিশে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাসমূহত লেখক আৰু পাঠকৰ সন্মিলিত সঁ‌হাৰিয়ে সৃষ্টি কৰা উখল-মাখল পৰিৱেশ। থাক-থাককৈ সজাই থোৱা কিতাপবোৰে, কিতাপৰ টোপোলালৈ ওলাই অহা গ্ৰন্থপ্ৰেমীৰ সুখী মুখবোৰে আমাক আশ্বস্ত কৰে; যান্ত্ৰিকতা আৰু প্ৰযুক্তি বিদ্যাৰ ধামখুমীয়াত এতিয়াও হেৰাই যোৱা নাই কিতাপৰ সুবাস। এতিয়াও অসংখ্যজনে বিপণীয়ে বিপণীয়ে চলাথ কৰে এখনি সুখ-পাঠ্য গ্ৰন্থৰ। কিন্তু কিমান দিনলৈ? এইখিনিতেই কথাষাৰ এটা প্ৰশ্ন হৈ ৰৈ যায়। অন্তঃকৰণেৰে বিচাৰোঁ, ছপাশালৰ পৰা ওলোৱা কাগজত ৰৈ যাওক কলীয়া আখৰবোৰ। কিতাপৰ ছপাৰূপ চিৰস্থায়ী হৈ ৰওক। কিন্তু মনে নিবিচাৰিলেও কিছুমান ৰূপান্তৰক অস্বীকাৰ কৰা নাযায়। প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ উত্তৰণে সাহিত্যৰ ক্ষেত্ৰখনতো লাহেকৈ প্ৰবেশ কৰিছে। বিভিন্ন ই-আলোচনী, ই-বাতৰি কাকত, সাহিত্য চৰ্চা সম্বন্ধীয় বিভিন্ন ডিজিটেল পেজ, ছ’চিয়েল মিডিয়াৰ গোটসমূহে কিতাপৰ এক ডিজিটেল ৰূপান্তৰৰ দিশে আগবঢ়োৱা খোজকে নিৰ্ধাৰণ কৰা নাই জানো? অনাগত দিনত হেৰাই যাব নেকি কিতাপৰ ছপাৰূপ? হয়তো হ’ব পাৰে, হয়তো নহ’বও পাৰে।

সেই প্ৰশ্নৰ উত্তৰ অনাগত দিনত নিশ্চয় পাম। সদ্যহতে বৰ্তমান ছপা হৈ থকা কিতাপসমূহৰ কথাকে পাতোঁচোন। বিগত বৰ্ষসমূহত লেখক আৰু কিতাপ উভয়ৰে সংখ্যা বাঢ়িছে বুলি সততে শুনা পোৱা যায়। কোনো এটা নিৰ্দিষ্ট মেৰুত ঠিয় হৈ কথাটো বৰ ভাল হৈছে বা কথাটো বৰ বেয়া হৈছে জাতীয় এটা একপক্ষীয় সিদ্ধান্ত দিয়াতকৈ আমি এই সন্দৰ্ভত এক নিৰপেক্ষ বিশ্লেষণৰ হে পোষকতা কৰোঁ। স্মাৰ্টফ’নৰ বহুল প্ৰচলনে বাহিৰা কিতাপ-পত্ৰৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰা এক অধ্যয়ন বিমুখ প্ৰজন্মৰ সৃষ্টি কৰিছে বুলি সচৰাচৰ উঠি অহা অভিযোগসমূহৰ বিপৰীতে নৱ প্ৰজন্মৰ একাংশই হাতত কলম তুলি লৈছে। সেই সম্ভাৱনাপূৰ্ণ কলমসমূহৰ পাঠকো হৈছে আকৌ আন এচাম নৱ-প্ৰজন্মই। এয়া নিশ্চয়েই বেয়া কথা হ’ব নোৱাৰে। এটা কথা ঠিক, সকলো সাহিত্যই মহৎ বা কালজয়ী সাহিত্য হোৱাটো সম্ভৱ নহয়। প্ৰখ্যাত ইংৰাজ দাৰ্শনিক ফ্ৰেঞ্চিছ বেকনে কোৱাৰ দৰেই আমিও বিশ্বাস কৰোঁ— “Some books are to be tasted, others to be swallowed, and some few to be chewed and digested” কথাষাৰ৷ কিতাপৰ শৈল্পিক ভিন্নতা যিদৰে স্বাভাৱিক, ঠিক একেদৰেই স্বাভাৱিক পাঠকৰ ৰুচিৰ ভিন্নতাও। আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে নিজৰ ৰুচিবোধ অনুযায়ী পাঠকসকলৰো কিতাপ এখনৰ ৰসাস্বাদন কৰাৰ উদ্দেশ্যও ভিন্ন হ’ব পাৰে। কাৰোবাৰ বাবে কিতাপ মানসিক খোৰাক বা বৌদ্ধিক উত্তৰণৰ উত্তম আহিলা। ঠিক সেইদৰেই কাৰোবাৰ বাবে কিতাপ অৱসৰ বিনোদনৰ আহিলাহে। বৌদ্ধিক উত্তৰণৰ বাবেই কিতাপ পঢ়ক বা অৱসৰ বিনোদনৰ বাবেই কিতাপ পঢ়ক, সেইটোক লৈ বিশেষ সমস্যা নাই। সমস্যা ৰুচিবোধক লৈহে। কথাখিনি চলচ্চিত্ৰ জগতখনৰ লগত ৰিজাই চালে হয়তো আমাৰ বাবে সহজে বোধগম্য হ’ব। চিনেমা প্ৰেমীসকলৰ মাজৰে এচামে মনোজগতক আলোড়িত কৰিব পৰা কলাত্মক চিনেমাৰ সন্ধানত থাকে; আন এচামৰ বাবে আকৌ চিনেমাৰ সংজ্ঞা ক্ষন্তেকীয়া মনোৰঞ্জনতে সীমাবদ্ধ। এই ক্ষন্তেকীয়া মনোৰঞ্জনৰ বাবে চিনেমা চোৱা দৰ্শকসকলৰ বাবেও নিশ্চয় ৰুচিশীল, মনোৰঞ্জনধৰ্মী চিনেমাৰ নিৰ্মাণ কৰিব পৰা যায়। কিন্তু তাকে নকৰি যদি সস্তীয়া মচলাৰে পৰিপূৰ্ণ মনোৰঞ্জনধৰ্মী চিনেমাৰ যোগেদি একাংশ দৰ্শকক আকৃষ্ট কৰাৰ চেষ্টা চলোৱা হয়, তেন্তে সাময়িকভাৱে হয়তো তেনে দুই-এখন চিনেমাই প্ৰচুৰ ব্যৱসায়িক সফলতা লাভ কৰিব পাৰে। কিন্তু সেই ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ গ’লে চিনেমা উদ্যোগটো এক সৃষ্টিশীল ক্ষেত্ৰৰ পৰা অৱনমিত হৈ সাধাৰণ মনোৰঞ্জনৰ আহিলালৈ পৰিবৰ্তিত নহ’বনে? কিতাপৰ ক্ষেত্ৰটো সেই একেটাই কথা। সুষম মানসিক আহাৰৰ যোগান ধৰিব পাৰক বা নোৱাৰক, কিন্তু মানসিক খাদ্যৰ নামত যাতে পাঠকক অখাদ্য খুওৱা নহয় সেই কথাৰ প্ৰতি প্ৰতিজন লেখক-লেখিকাই দৃষ্টি দিয়া উচিত। এইটো কথা ঠিক সু-পাঠক সৃষ্টি কৰাৰ দায়িত্বও লেখক-লেখিকাৰে। অখাদ্যৰ যোগান বন্ধ হৈ গ’লেই সকলোৱে সুষম আহাৰ খাবলৈ বাধ্য। কাৰোবাৰ বাহিৰা বহীত লিপিবদ্ধ কথাসমূহে কাৰো অপকাৰ নকৰে। কিন্তু সেই বাহিৰা বহীৰ কথাখিনি যদি কিতাপ আকাৰে প্ৰকাশ হৈ ওলায় তেন্তে তাত সামাজিক দায়বদ্ধতাৰ প্ৰশ্নও উঠিব। সেই সামাজিক দায়বদ্ধতাক প্ৰতিজন লেখক-লেখিকাই অন্তঃকৰণেৰে স্বীকাৰ কৰা উচিত। মহৎ সাহিত্য হওক বা নহওক, সাহিত্য-কৰ্মসমূহত যাতে প্ৰয়োজনীয় শিল্পগুণৰ অভাৱ নঘটক। সম্ভাৱনাপূৰ্ণ কলমৰ পৰা নিগৰা উৰ্বৰ সৃষ্টিৰে ভৰি পৰক সাহিত্যৰ পথাৰ। কলমৰ জয়যাত্ৰা অব্যাহত হৈ ৰওক।

এই সংখ্যাটোৰ আঁৰত-

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Papori Gogoi Handique
1 year ago

ইমান ধুনীয়া সম্পাদকীয় পঢ়ি মন ভৰি আহিল ৷

Don`t copy text!