কপিসমাজৰ প্ৰতিশোধ

লেখক- পংকজ কুমাৰ নেওগ

মূলঃ ৰাস্কিন বণ্ড।
অনুবাদঃ পংকজ কুমাৰ নেওগ।

যোৱানিশা মই সঁচাকৈয়ে নে সপোনত কুকুৰে খুব ভুকা শুনিছিলো মই নিশ্চিত নহয়। মোৰ ঘৰৰ কাষৰ পাহাৰতলিত কুকুৰবোৰে বৰ ঘেউ ঘেউকৈ ভুকিছিল। এইবোৰৰ মাজত এটা সোণালী ৰঙৰ ৰিট্ৰিভাৰ, এটা ক’লা লাব্ৰাডৰ, এটা ডাচছুণ্ড আৰু দুটা অজানা জাতৰ কুকুৰ আছিল। সিহঁতৰ ভুকভুকনিত মাজনিশাৰ পাছতে মোৰ টোপনি ভাঙি যায়। ইমান জোৰে সিহঁতে ভুকিবলৈ ধৰিছিল যে বিছনা এৰি মই খুলি থোৱা খিৰিকীখনৰ কাষলৈ আহিবলৈ বাধ্য হ’লোঁ। ফটফটীয়া জোনাকত মই সিহঁতক স্পষ্টকৈ দেখা পাইছিলো। পাঁচ-ছটা কুকুৰ -দীঘল ঘাঁহবোৰৰ মাজেৰে খুব দৌৰাদৌৰি কৰিছে।
ইমানবোৰ বিভিন্ন জাতৰ কুকুৰ দেখি মই অলপ আচৰিতেই হৈছিলো। মাত্ৰ এসপ্তাহৰ আগেয়ে এই ঘৰটোত আহি সোমাইছোঁ – ওচৰ-চুবুৰীয়াক বাটত লগ পালে হাই-হেল্ল’ সম্বোধনতে মোৰ চিনাকি পৰ্ব এতিয়াও সীমাবদ্ধ। মোৰ ওচৰ-চুবুৰীয়া কৰ্ণেল ফেনশ্ব নামৰ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া এজনৰ এটা ক’লা ৰঙৰ ককাৰ-স্পেনিয়েল আছে; আন এহাল বৃদ্ধ এংলো-ইণ্ডিয়ান চুবুৰীয়া দম্পতিৰ কোনো কুকুৰ নাই – তেওঁলোকে মেকুৰীহে পুহিছে। দুধৱালা উপাধিৰ মানুহঘৰৰ এযোৰ মংৰেল বা বৰ্ণসঙ্কৰ কুকুৰ আছে। প্ৰাক্তন ৰাজকুমাৰ এজনৰ ৰাজপ্ৰাসাদ কিনি লোৱা এজন পাঞ্জাবী উদ্যোগপতিৰ ঘৰো ওচৰতে। তেওঁ বৰ্তমান ইয়াত নাথাকে বাবে দাৰোৱান এজনে ঘৰটো চোৱা-চিতা কৰে; সেই দাৰোৱানজনেও এটা প্ৰকাণ্ড তিব্বতী মাষ্টিফ কুকুৰ ৰাখিছে।
যোৱা নিশা দেখা কুকুৰ কেইটা এইবোৰৰ কোনোটোৱেই নহয় – মই জনা এই কুকুৰবোৰৰ সৈতে সিহঁতৰ কোনো সাদৃশ্য নাই।
“এই এলেকাত কোনোবাই ৰিট্ৰিভাৰ পোহে নেকি?” – সন্ধিয়া খোজ কাঢ়িবলৈ ওলাই গৈ বাটত কৰ্ণেল ফেনশ্বক লগ পাই কথাটো সুধিলোঁ।
“নাই, কোনো চুবুৰীয়াই তেনে ধৰণৰ কুকুৰ পোহা বুলি গম নাপাও”- জোপোহাৰ দৰে চেলাউৰিৰে ঢকা অন্তৰ্ভেদী চকুহালেৰে তেওঁ মোলৈ চোকা চাৱনি এটা দিলে। “তেনে ধৰণৰ কুকুৰ আপোনাৰ চকুত পৰিছে নেকি?”
“নাই পৰা, আপোনাক কথাষাৰ এনেইহে সুধিলো। পিছে, এই চুবুৰীটোত ঢেৰ কুকুৰ আছে, নহয়নে?”
“এৰা, চুবুৰীৰ প্ৰায় সকলোৱে কুকুৰ পোহে। কিন্তু এই পোহনীয়া কুকুৰবোৰ প্ৰায়েই বাঘৰ চিকাৰ হয়। যোৱাবছৰ জাৰকালি মই নিজে এটা মৰমলগা টেৰিয়াৰ হেৰুৱাইছো।”
ওখ, ৰঙা মুখৰ কৰ্ণেল ফেনশ্বে আৰু কিবা প্ৰশ্ন কৰোঁ বুলি অপেক্ষা কৰিবলৈ ধৰিলে। ইতিমধ্যে এঢলীয়া ৰাটটোৰ ওপৰলৈ উঠি অলপ ভাগৰ লগাত তেওঁ জিৰণি লৈছিল।
সেইদিনা ৰাতি আকৌ কুকুৰৰ মাত শুনিলোঁ। খিৰিকীখনৰ ওচৰলৈ গৈ বাহিৰলৈ চালোঁ। আকাশত পূৰ্ণিমাৰ জোন, ওক গছৰ পাতবোৰ জোনাকত ৰূপৰ দৰে জিলিকিব ধৰিছে। কুকুৰৰ দলটোৱে গছবোৰৰ ফালে মূৰ তুলি সমস্বৰে ভুকিবলৈ ধৰিলে কিন্তু গছত একো দেখা নাপালোঁ। আনকি ফেঁচা এটাও চকুত নপৰিল।
কুকুৰকেইটাক ধমক এটা দিয়াৰ লগে লগে সিহঁত জঙ্ঘলৰ ফালে অদৃশ্য হৈ গ’ল।
পিছদিনা কৰ্ণেল ফেনশ্বক লগ পাওঁতে তেওঁ মোৰ ফালে বেছ কৌতুহলেৰে চালে। মোৰ ধাৰণা কুকুৰবোৰৰ ৰহস্য তেওঁ জানে কিন্তু মই কি ক’ব বিচাৰিছো সেই কথাখিনি নিজে শুনিব বিচাৰিছে। মই সিদ্ধান্ত ল’লোঁ যে তেওঁক ঘটনাটোৰ কথা ক’ম।
– যোৱা নিশা কেইবাটাও কুকুৰ দেখিলোঁ”, মই ক’লোঁ। “এটা ককাৰ, এটা ৰিট্ৰিভাৰ, এটা পেক, এটা ডাচশ্বণ্ড আৰু এযোৰ মংগ্ৰেল। কৰ্ণেল, এতিয়া কওকচোন এই কুকুৰবোৰ কাৰ?”
কৰ্ণেলৰ চকু দুটা জিলিকি উঠিল। “আপুনি মিছ ফেয়াৰচাইল্ডৰ কুকুৰবোৰ দেখিছে।”
– অ’, হয়নে? তেওঁনো ক’ত থাকে?”
– “মাই বয়, তেওঁ ক’তো নাথাকে। পোন্ধৰ বছৰ আগেয়ে তেওঁৰ মৃত্যু হৈছে।”
– “তেনেহলে তেওঁৰ কুকুৰবোৰে ইয়াত কি কৰি আছে?”
– “বান্দৰ বিচাৰি ফুৰিছে” – কৰ্ণেলে উত্তৰ দিলে। মোৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিবলৈ মোৰ ফালে এইবাৰ ঘূৰি চালে।
– “মই বুজি পোৱা নাই।”
– “বাৰু, কথাবোৰ বুজাই কৈছোঁ” – কৰ্ণেলে ক’লে। “তাৰ আগতে কওক আপুনি ভূত-প্ৰেত এইবোৰ বিশ্বাস কৰে নে নকৰে?”
– “নাই, ভূত-চূত কেতিয়াও দেখা নাই।”
– “মাই বয়, আপুনি ভূত দেখিছে, নিশ্চয়কৈ দেখিছে। মিছ ফেয়াৰচাইল্ডৰ কুকুৰকেইটাৰ বহুত বছৰৰ আগেয়ে মৃত্যু হৈছে—এটা ককাৰ, এটা ৰিট্ৰিভাৰ, এটা ডাচশ্বণ্ড, এটা পেক আৰু এযোৰ মংগ্ৰেল; ওক গছৰ তলত এটা সৰু টিলাত সিহঁতক পুতি থোৱা হৈছে। অৱশ্যে সিহঁতৰ মৃত্যু অস্বাভাৱিক নাছিল, আটাইকেইটা বুঢ়া হৈ মৰিছে। তদুপৰি কুকুৰকেইটাই সিহঁতৰ মালিকনীৰ মৃত্যুশোকো বেছিদিন সহ্য কৰিব নোৱাৰিলে। মিছ ফেয়াৰচাইল্ডৰ মৃত্যুৰ পিছত চুবুৰীয়াই কুকুৰকেইটাৰ যত্ন লৈছিল।”
– “এতিয়া মই থকা ঘৰটোতে মিছ ফেয়াৰচাইল্ড আছিল, নহয়নে? তেওঁ কম বয়সীয়া তৰুণী আছিল নেকি?”
– “তেওঁ প্ৰায় ৪৫ বছৰৰ ওচৰা-ওচৰি আছিল যদিও এটা সুগঠিত শৰীৰৰ অধিকাৰিণী আছিল। তেওঁ ভ্ৰমণ কৰি ভাল পাইছিল আৰু পুৰুষৰ প্ৰতি তেওঁৰ কোনো আকৰ্ষণো নাছিল। মই আকৌ ভাবিছিলো আপুনি তেওঁৰ বিষয়ে সকলোবোৰ কথাই জানে।”
– “নাই, মই নাজানো। মই ইয়ালৈ অহা কেইদিননো হৈছে,আপুনিতো গমেই পায়। কিন্তু আপুনি কিবা বান্দৰৰ প্ৰসঙ্গ উলিয়াইছিল। কুকুৰবোৰে কিয় বান্দৰ বিচাৰি ফুৰিছে?”
– “সেইটোৱেই এই কাহিনীৰ আটাইতকৈ আকৰ্ষণীয় অংশ। আপুনি কেতিয়াবা ইয়াত দীঘলনেজীয়া লেঙ্গুৰ বান্দৰ দেখিছেনে? সিহঁতে ওক গছৰ পাত খাবলৈ আহে।”
– “নাই, এতিয়াও চকুত পৰা নাই।”
– “দেখা পাব। আজি নহ’লে কাইলৈ দেখা পাব। এই বান্দৰবোৰে ইয়াৰ হাবিত দলবদ্ধভাৱে বিচৰণ কৰে। সাধাৰণতে কাৰো অপকাৰ নকৰে কিন্তু সুযোগ পালেই বাৰীত সোমাই যাৱতীয় ফল-মূল তহিলং কৰিব বিচাৰে…। মিছ ফেয়াৰচাইল্ডে এই বান্দৰবোৰ একেবাৰে সহ্য কৰিব পৰা নাছিল। ডালিয়া ফুল তেওঁ বৰ ভাল পাইছিল আৰু নিজৰ বাৰীত কিছুমান বিৰল প্ৰজাতিৰ ডালিয়াৰ খেতি কৰিছিল। বাগানৰ মালিকবোৰে নিজহাতে আপডাল কৰা প্ৰিয় ফুলৰ গছ-গছনি ধ্বংস হ’লে উন্মাদ হৈ পৰা অতি সাধাৰণ কথা। মিছ ফেয়াৰচাইল্ডে তেতিয়াৰ পৰা কুকুৰবোৰক নিজৰ বাৰীত পহৰা দিবলৈ ৰাখিছিল। বান্দৰ দেখিলেই পোহনীয়া কুকুৰকেইটাই পিছে পিছে খেদি ফুৰে – আনকি মাজনিশাও। কিন্তু কুকুৰবোৰে বান্দৰবোৰৰ কোনো ক্ষতি কৰিব পৰা নাছিল। বান্দৰবোৰ গছে গছে বগাই ফুৰে আৰু কুকুৰবোৰে গছৰ তলৰ পৰা ভুকি ভয় খুৱাবলৈ চেষ্টা কৰে।”
– “তাৰ পাছত এদিন, অ’ নহয় এনিশা —প্ৰতিশোধৰ বাসনাত শ্বটগান লৈ খিৰিকীৰ কাষত মিচেছ ফেয়াৰচাইল্ড বহি পৰিল। বান্দৰবোৰ বাৰীৰ ওচৰলৈ অহাৰ লগে লগেই তেওঁ এটাক গুলীয়াই হত্যা কৰে।” কৰ্ণেল কিছু সময় থমকি ৰ’ল আৰু ওক গছজোপালৈ চাই পঠিয়ালে। দুপৰীয়াৰ উজ্জ্বল পোহৰত গছবোৰ জিলিকি উঠিছিল।
– “এই কামটো তেওঁ কৰিব নালাগিছিল” -কৰ্ণেলে লাহেকৈ মন্তব্য কৰিলে।
– “কোনেও বান্দৰক গুলী মাৰিব নালাগে। হিন্দুসকলে বান্দৰক দেৱতাৰ দৰে পূজা কৰে বুলিয়েই নহয় মানুহৰ লগতো ইহঁতৰ বহুত মিল নাই জানোঁ? বাৰু, আজি এইখিনিতে সামৰিছোঁ, মোৰ অলপ কাম আছে।” এইদৰে কাহিনীটোৰ হঠাতে সামৰণি মাৰি কৰ্ণেলে নিজৰ দীঘল ভৰি দুখনেৰে খৰকৈ খোজ পেলাই দেৱদাৰু গছবোৰৰ মাজেৰে অন্তৰ্ধান হ’ল।
সেই নিশা কুকুৰৰ চিঞৰ-বাখৰ একো কাণত নপৰিল কিন্তু পিছদিনা বান্দৰ দেখা পালোঁ – প্ৰকৃত বান্দৰ, ভূত নহয়। বুঢ়া-বুঢ়ী, ডেকা-ডেকেৰী সকলোবোৰ মিলি কমপক্ষেও বিশজনীয়া এটা দল হ’ব। ওক গছত বহি পাতবোৰ চোবাবলৈ ধৰিছিল। মোক বান্দৰৰ দলটোৱে কেৰেপকে নকৰিলে। অলপ সময় সিহঁতৰ ফালে চাই ৰ’লোঁ।
বান্দৰবোৰ দেখাত বেয়া নহয়। গাৰ নোম ৰূপোৱালী ধূসৰ, নেজ সাপৰ দৰে দীঘল। এজোপা গছৰ পৰা আন এজোপা গছলৈ মুক্তভাৱে জপিয়াই ফুৰিছে। ইজনৰ প্ৰতি সিজনৰ বেছ ভদ্ৰ আচৰণ – সমভূমিৰ ৰঙা মলুৱাবোৰৰ দৰে অভব্য নহয়। সৰু সৰু বান্দৰবোৰে পাহাৰতলিত দৌৰা- দৌৰি কৰিছে, খেলিছে, স্কুলীয়া ল’ৰাৰ দৰে মল্লযুদ্ধ কৰিছে। সিহঁতক খেদি ফুৰিবলৈ কুকুৰ নাই— প্ৰলোভিত কৰিবলৈ ডালিয়া ফুলৰ বাগানো নাই। সেই নিশা আকৌ কুকুৰৰ ভুকভুকনি আৰু চিঞৰ-বাখৰ শুনা পালোঁ। আগৰ তুলনাত সিহঁত যেন অধিক উত্তেজিত হৈ চিঞৰিছে।
এইবাৰ মই বিচনাখনৰ পৰা উঠিবলৈ একো চেষ্টা নকৰি মূৰৰ ওপৰত কম্বলখন ভালকৈ টানি ল’লোঁ।।
কিন্তু চিঞৰ-বাখৰবোৰ ক্ৰমাৎবাঢ়ি অহাৰ লগে লগে আন এটা কণঠস্বৰেও এইবাৰ তাত যোগ দিলে। কোনোবাই যেন ফুচফুচাই কথা পাতিবলৈ লৈছে।
হঠাৎ হাবিৰ পৰা এগৰাকী মহিলাৰ আৰ্তনাদ ভাহি আহিল। এনে এটা ভয়ংকৰ চিঞৰ যে মোৰ ডিঙিৰ পিছফালৰ চুলিবোৰ থিয় হৈ গ’ল।
বিচনাৰ পৰা একেচাতে উঠি খিৰিকীখনৰ ওচৰলৈ দৌৰি আহিলোঁ। এগৰাকী মহিলা মাটিত চিত হৈ পৰি আছে আৰু তেওঁৰ শৰীৰৰ ওপৰত তিনি-চাৰিটা বিশাল বান্দৰ। সিহঁতে মহিলাগৰাকীৰ হাত দুখন কামুৰি কামুৰি মাংস আঁতৰাই আছিল; আন এটাই ডিঙিত কামুৰিবলৈ ধৰিছিল। কুকুৰবোৰে বান্দৰবোৰক খেদি পঠিয়াবলৈ আপ্ৰাণ চেষ্টা কৰি খুব ভুকিছে কিন্তু সফল হ’ব পৰা নাই। পিছফালৰ পৰা আৰু কেইটামান বান্দৰে সিহঁতক বাধা দি আছে; কুকুৰকেইটাক মহিলা গৰাকীৰ কাষ চাপিবলৈ দিয়া নাই। মহিলাগৰাকীয়ে আকৌ এবাৰ কলিজা গোট মাৰি যোৱা আৰ্তনাদ এটা কৰি উঠিল।
মই জাপ মাৰি ঘৰৰ ভিতৰৰ পৰা সৰু কুঠাৰখন লৈ বাৰীলৈ দৌৰি গ’লোঁ কিন্তু তেতিয়ালৈকে কুকুৰ, বান্দৰ, আনকি ৰক্তাক্ত মহিলাগৰাকীও অদৃশ্য হৈ পৰিছে। পাহাৰতলিত মূৰ্খৰ দৰে উদং গাৰে হাতত কুঠাৰখন লৈ থিয় হৈ আছিলোঁ।
পিছদিনা কৰ্ণেলে কিছু ঠাট্টাৰ সুৰেৰেই মোক সুধিলে – “এতিয়াও ৰাতি কুকুৰবোৰ দেখা পায় নে?”
– “কেৱল কুকুৰেই নহয়, এইবাৰ বান্দৰো দেখা পালোঁ” – মই উত্তৰ দিলোঁ।
– “হয়, সিহঁত এইফালে মাজে-সময়ে আহে কিন্তু কাৰো একো অপকাৰ নকৰে।”
– “কিন্তু কালি নিশা সিহঁতক কুকুৰবোৰৰ সৈতে দেখা পালোঁ।”
– “হয় নেকি? বৰ আচৰিত কথা এইটো! বৰ আচৰিত!”
কৰ্ণেলে অন্যফালে মুখখন ঘূৰালে, মোৰ কিন্তু কথা শেষ হোৱা নাছিল।
-“কৰ্ণেল”, মই ক’লোঁ, “মিছ ফেয়াৰচাইল্ডৰ মৃত্যু কেনেকৈ হ’ল আপুনি কিন্তু মোক এতিয়াও কোৱা নাই!”
– “মই কোৱা নাই নে এতিয়াও? হয়তো পাহৰি গৈছোঁ! বয়স বঢ়াৰ লগে লগে আজিকালি কথাবোৰ মনতে নাথাকে। মিছ ফেয়াৰচাইল্ডৰ মৃত্যুৰ কথা কিন্তু মোৰ মনত আছে। বেচেৰী মানুহগৰাকীক বান্দৰবোৰে মাৰি পেলালে….মহিলাগৰাকীক সিহঁতে ফালি টুকুৰা-টুকুৰ কৰি পেলাইছিল….!!!”
কৰ্ণেলৰ মাতটো ক্ৰমান্বয়ে সৰু হৈ আহিছিল। নিজৰ হাতখনত বগাবলৈ চেষ্টা কৰা কেৰেলুৱা এটাৰ ওপৰত তেওঁৰ দৃষ্টি নিবদ্ধ হৈ আছিল।
– “সিহঁতলৈ গুলি কৰা তেওঁৰ উচিত হোৱা নাছিল” – কৰ্ণেলে মুখৰ ভিতৰতে বিৰবিৰালে – “বান্দৰলৈ কোনোৱেই গুলি কৰা উচিত নহয় – সিহঁততো একেবাৰে মানুহৰ দৰে…আপুনি জানেই..!!”

(ৰাস্কিন বণ্ডৰ “Revenge of the Monkeys” গল্পটোৰ অনুবাদ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!