আত্মিক

লেখক- মৌচুমী হাজৰিকা

: আহিলা? দেৰি কৰিলা।
: উম, বতৰটো অলপ ডাৱৰীয়া যে!
: তাকেহে, আহিনৰ শেৱালি সুৰভিৰ বতৰলৈ এইবাৰ কিয় যে ইমান দেৰি হৈছে! মোৰ যে আমনি লাগি গৈছে!
: তুমি বৰ অস্থিৰ। মানে, কিছু ইম্পালচিভ!
: আজিৰ ঘটনাটোৰ বাবে কৈছা, ন ?
: আৰুনো কি ? কিয় লাগি লৈছা ‘বছ’ৰ লগত ? প্ৰমোচন ৰখাই থ’লে আকৌ সেই চিঞৰ বাখৰ!
: হা .. ৰে! তুমিও দেখিছা, তাই প্ৰেগনেণ্ট । সেই আঠমহীয়া পেটটো লৈয়ে আহি আছে । তেওঁৰো ঘৰত পত্নী আছে । ল’ৰা-ছোৱালীও হৈছে। এইখিনি নুবুজিলে কেনেকৈ হ’ব ? আৰু অমিতো কৰ্মচাৰীখিনিয়ে যিমান পাৰোঁ, কৰিয়ে আছোঁ । কিন্তু, তুমিওতো একো নক’লা।
: কেনেকৈ কওঁ ? তোমাৰ ওপৰত ক’লে তুমি জানো
: ন..হ..য়.. মানে, তুমি মোকেই সমৰ্থন দিবা বুলি জানোৱেই । তথাপি,
: মই কিবা ক’লেও কোনোবাই শুনিব জানো ?
: অ’…হ..হ’ আন কোনোবাই নহ’লেও মইতো শুনিম ।
: কিন্তু,
: আস… সা …..বাদ দিয়া না অফিচৰ কথা । বহাঁচোন। কিমান দেৰিৰ মূৰত লগ পাইছোঁ। বেলেগৰ কথা বাদ দিয়া না ।
: বাৰু বাৰু । কথা এটা কোৱাচোন
: কি কথা?
: এই যে ইয়াত, এনেকৈ আমি আহি বহোঁ, কোনোবাই কিবা ক’লে !
: কোনে কি ক’ব ?
: নহয় মানে, এনেকৈ অকলে অকলে।
: অকলে অকলে কেনেকৈ ? তুমি আছা, মই আছোঁ, আমাৰ উশাহৰ অম্লজানখিনি আছে। নিশ্বাসৰ হুমুনিয়াহখিনি আছে। সন্মুখেৰে সেয়া চিৰপ্ৰবাহমান মহাবাহু বৈ আছে। চৰাই আছে, সৌৱা পখিলা দুটিৰ সহিতে কৃষ্ণচূড়াৰ ৰঙীন পৰশখিনি আছে। কাষতে অনিৰুদ্ধলৈ বাট চাই সখী উষাৰে সৈতে চিত্ৰলেখা আছে ! এতিয়া ডাৱৰো নাই চোৱা ! সুৰুযে যে আমাক চায়েই মিচিকিয়াইছে চোৱা না ! ইমানখিনি কথা একেলগে থাকোঁতে আৰু কাক লাগে ?” দীঘলকৈ উশাহটো টানি ল’লে সুৰভিয়ে। ওচৰতে ক’ৰবাত ফুলা বনৰীয়া ফুলৰ সুগন্ধি সোমাই আহিল তাইৰ নাসাৰন্ধ্ৰয়েদি।
: ধেই ! কৈছোঁ নহয়, তুমি সঁচাই আৱেগিক ।
: আচলতে কি জানা, মই আজি কালি অনবৰতে ভিৰ অনুভৱ কৰি থাকোঁ । কি ঘৰ, কি অফিচ, সকলোতে । সেয়ে মোক কিছু নির্জনতাৰ প্ৰয়োজন হৈ পৰে আৰু সেইখিনি তোমাৰ ওচৰতে বিচাৰি পাওঁ । তুমিতো জানাই তোমাৰ পৰাতো একো লুকাই নাথাকে । মানে, মই দেখোন তোমাক কৈছোঁৱেই।
: উম, বুজি পাওঁ কাৰণেই ঢপলিয়াই আহোঁ । মোৰো ভাল লাগে তোমাৰ এই ৰূপ । উপভোগ কৰোঁ তোমাৰ নির্জনতাপ্রিয় সংগ। কিমান দিন হ’ল আমি এনেকৈ ওলাই অহা! নহয়নে ?
তাই কিছু ভাবুক হৈ উঠিল । সেমেকি অহা চকুৰ কোণকেইটা ৰুমালখনেৰে তাই টুকি ল’লে । তাইৰ ঘৰ্মাক্ত আঙুলিৰ পৰশত চকুযোৰৰ পোৰণি উঠি ৰঙা পৰি আহিল।
: কি হ’ল ?
: হমম।
: কান্দিছা নেকি ?
: নাই এনেই । মনটো অলপ
: দুখ দুখ । বিষাদঘন যেন।
: কেনেকৈ বুজি পোৱা মোক ? হৃদয়ে যে বুজিও বুজিব নোখোজে।
: তেওঁ ব্যস্ত অ’ ! বিখ্যাত চার্জন । সেয়ে অনবৰতে মানুহে বিচাৰিয়ে থাকে । এই গুৱাহাটী, এই তেজপুৰ । এয়া তেওঁৰ পেছা আৰু সেয়া তুমিও না কৰিব নোৱাৰা। হয় নে নহয় ?
: জানো, ডাঃ হৃদয় বৰুৱা হৃদয়ৰে ডাক্তৰ। কিন্তু কেতিয়াবা মোৰো হৃদয়খনো তেওঁ ফালি চাব নোৱাৰেনে ? কি বিচাৰোঁ ? কি আছে মোৰ হৃদয়খনত ? আইৰণি নহয়নে ?
: তুমিও হয়তো বুজাই ক’ব বা বিচাৰিব জনা নাই ।
: মই পানী এগিলাচো বিচাৰি পিবলৈ নাযাওঁ । নিজৰ কাম নিজেই কৰাৰ অভ্যাস । মনৰ কথা কৈ কিবা খুজিবলৈ যোৱাটো মোৰ কাৰণে আত্মসন্মানৰ কথা ।
: আত্মসন্মান ? ইমান গধুৰ শব্দেৰে মন মগজু ভৰাই থৈছা । তেনেহলে কিয় আশা কৰা ডাঃ হৃদয়ৰ পৰা তোমাক জুমি চোৱাতো ?
: তেওঁ মোৰ জীৱন-সংগী। মোক বুজি পোৱাটো তেওঁৰ পৰা আশা কৰা ভুল নেকি ?
: স্বামী-স্ত্ৰীৰ মাজত সেইখিনি বুজা পৰা লাগেই।
: স্বামী ! শব্দটোৱেই পুৰুষতান্ত্ৰিক। স্বামী মানে গৰাকী। মই কাৰো তলতীয়া নহওঁ ।
: তেনেহলে ?
: সংগী । যিহেতু বিয়া হ’লোঁ, সেয়ে জীৱন-সংগী বুলি কোৱা।
: ঠিক আছে ঠিক আছে । জীৱন সংগী বাৰু ।
: কি, জানা ? এই যে তেওঁ কিবা বিচৰাৰ আগতেই মই বুজোঁ বা খোজাৰ আগতেই তেওঁৰ সন্মুখত আনি দিবলৈ চেষ্টা কৰোঁ, তেনেকৈয়ে তেওঁ কিয় নুবুজে মোৰ মনৰ ইচ্ছাখিনি ? বুমনে কি বিচাৰে, শাহু-শহুৰৰ প্ৰতিটো প্ৰয়োজন, আব্দাৰ মই বুজি পাবলৈ চেষ্টা কৰোঁ আৰু পূৰণ কৰিবলৈ যথাসাধ্যে চেষ্টা কৰোঁ। তেওঁলোক মোৰ নিজৰ বুলিয়েইতো এইখিনি মোৰ দায়িত্ব আৰু কৰ্তব্য কৰি আহিছোঁ। হয় নে নহয় ? কিন্তু মই নিজৰ কাৰণে কিবা এটা ভাবিলেই মই চেল্ফিছ, আত্মকেন্দ্ৰিক । কিয় তেনেকুৱা মানুহবোৰ? হা-ৰে, তুমিও জানিবলৈ চেষ্টা নকৰিবা । জানিলেও দিবলৈ মন নকৰিবা আৰু মই বিচাৰিলেই মই হেনো কেৱল নিজৰ কথাই ভাবোঁ । মই কি জড় হৈ থাকিব লাগিব নেকি ?
: সেইদিনাৰ কথাটোনে ? তুমিৰো কথাৰ আগ নাই, গুৰি নাই ।” মই লগৰ তিনিজনীৰ লগত গোৱাৰ পৰা আহোঁ “বুলিলেই যাবলৈ পাবা নেকি ? তোমাৰ ওপৰত গোটেই ঘৰখন চলি আছে । হঠাৎ যাওঁ বুলিলেই ! সেইদিনা ডাঃ হৃদয়ৰ প্ৰতিক্ৰিয়া স্বাভাৱিক আছিল। কিছু পাতনিৰে আৰম্ভ কৰা হ’লে হয়তো ইমানখিনি নহ’লহেঁতেন !
: এনেকুৱাতে তেওঁ কিন্তু যাওঁ বুলিলেই যাব পাৰে । কাৰো একো সমস্যাই নহয় । কেৱল খবৰটো দিব আৰু বচ! পিছ মুহূৰ্ততে টিকেট সাজু, চুইটকেছ সাজু আৰু ওলায়েই গ’ল কাৰণ যিয়েই নহওঁক । আৰু মই মাত্ৰ উলিয়ালোঁহে, যেন ক্লাউড বাৰ্ষ্টহে হৈ উঠিল। বাঃ কি প্ৰতিক্ৰিয়া !
: কি বিচাৰা তুমি ?
: তুমি জানো নাজানা ?
: জানো । তথাপি কোৱাচোন !
: কিছু মৰম, কিছু যত্ন, কিছু আদৰ, কিছু সন্মান, কিছু আব্দাৰ, এটি মনোৰম কবিতাৰ সন্ধিয়া নিবিড় জোনাকীৰ শীতল পোহৰৰ উম লৈ লৈ গোৱা কিছু কবিতাৰ স্তৱক, হয়তো হীৰুদা নহ’লে অনুভৱ তুলসী, জীবনানন্দৰ বনলতা নহ’লে, কোনো কথাশিল্পৰ শৈল্পিক বাক্যাংশ, কিছু ভাল লগা গানৰ কলিৰ গুণগুণনি – তুঝে য়াদ কৰ লিয়া হেই, আ…য়া..ত কি তৰাহ…, সন্মুখত হয় ৰেড ৱাইনৰ গ্লাছ নহ’লে কাপৰ পিছত কাপ শেষ কৰা কফিৰ ধূম্ৰায়িত সুবাস ।” আয়াতটো গুণগুণাই উঠিল সুৰভিয়ে । এতিয়াও কি যে এক বিষাদে ভৰুণ হৈ উঠিল মনটো !
: ৱাহ, কি ৰোমাণ্টিকভাৱে অনুভৱী হৈ উঠিছা তুমি !
: তুমি বুজিছা ? বুজি পোৱা তুমি মোক ? সেইকাৰণেই ঢপলিয়াই আহোঁ তোমাক লগ পাবলৈ ।
: সেয়া যে ক্ষণিকৰ মুহূৰ্ত ।
: কিন্তু সেয়া সঞ্জীৱনী । নাজানা তুমি ? নীৰস হৈ উঠা জীৱন জীপাল কৰিবলৈ কিছু ক্ষণিকৰ মুহূৰ্তই যথেষ্ঠ।
: কিমান হ’ল বয়স তোমাৰ ?
:কি ? এইটো কেনে প্ৰশ্ন ? কিয় লাগে ?
: ৩৫+ নহয় জানো ?
: উম ।
: মিড লাইফ ক্ৰাইচিছ এয়া ।
: কি ? কি মিড লাইফ ক্ৰাইচিছ ? ধুৰৰ, তেনে একো হোৱা নাই । সেয়া, তুমিও একেই । পুৰুষতন্ত্ৰৰ অধীন মন। নিজৰ কাৰণে কিবা এটা বিচাৰিলেই মোৰ বাবে সংকট বা মই ৰুগীয়া ! কি বুলি ভাবিছাহে ?
: সেয়া, তুমি বৰ অস্থিৰ হৈ উঠিছা । সেয়াই মধ্য বয়সীয় সংকট । এক মানসিক অস্থিৰতা। এই যে তোমাৰ জীৱনতো, তোমাৰ নিজৰ সামৰ্থৰে এটা সফল চাকৰি, নিজৰ লগতে আনৰো প্ৰয়োজন পূৰাব পৰাকৈ এটা মোটা দৰমহা, অত্যন্ত সফল স্বামী, এটি মৰমলগা সন্তান, বিশেষ জা-জঞ্জাল নোহোৱা শাহু-শহুৰ, এইখিনিৰেই তোমাৰ জীৱনতো হয়তো বহুতৰে বাবে ঈর্ষণীয় । হয় নে নহয় ?
: হয়.. নে … কি ? জা..নো ?
: কি হয় নেকি ? এশ শতাংশই হয় । কিন্তু এইখিনিৰে তোমাৰ জীৱনৰ হেঁপাহ পলোৱা নাই। ইয়াৰ পিছতো নিজৰ কোনো এক অস্তিত্বৰ চলাথ কৰি বা হাবিয়াস কৰি গুচি আহাঁ কিছু নির্জনতা বিচাৰি । অলপতে আমনি পোৱা তুমি । আচলতে, জীৱনতো কিছু এক ঘেয়ামী হৈ উঠিছে তোমাৰ বাবে । কোনোবাখিনিত ৰিক্ত হৈ আছে তোমাৰ মন ! কিয়, জানা ?
: কিয় ? ইমান দীঘলীয়া লেকছাৰ ! নাৰীয়ে নিজৰ বাবে ভাবিলেই ছাইক’.. চেল্ফিছ ! মিড লাইফ ক্ৰাইচিছ !” খঙত সুৰভিৰ নাকৰ পাহি দুটা ৰঙা হৈ আহিল ।
: ৰ’বা ! কথাটো হ’ল তোমাৰ বাবে এতিয়া প্ৰাপ্য বা আৰু পাবলগীয়াকৈ নিজকে উত্তৰিত হ’বলৈ বা উত্তৰণ কৰিবলৈ একো নাই । মানুহৰ যেতিয়া প্ৰাপ্তিসমূহ কমি কমি আহি থাকে তেতিয়াই স্থবিৰতা আহে জীৱনলৈ । আৰু স্থবিৰ জীৱন মৃত্যু সদৃশ । বুজিছা ?
: একো নামাতিলে সুৰভিয়ে । সন্মুখেৰে বৈ যোৱা চিৰ গতিশীল লুইতলৈ একেৰাহে চাই ৰ’ল তাই । প্ৰবাহমান জলধাৰৰ মাজত নিজৰ স্থবিৰতাখিনি তাই যেন চকুৰেই বোৱাই দিব খুজিলে ।
: সেয়ে এই সময়খিনিত নিজকে সেই দুখদায়ক মুহূৰ্তবোৰৰ পৰা আঁতৰাই আনি ব্যস্ত ৰখাটো খুবেই প্ৰয়োজন । তুমিতো গান গাইছিলা ?
: উম, এতিয়া সেই গলাৰে কাজিয়া কৰোঁ হৃদয়ৰ লগত । বুমনক গালি পাৰোঁ । বছৰ লগত তৰ্ক কৰোঁ আৰু কিবা
: বৰ অস্থিৰ হৈ পৰিছা। মই সুধিছোঁহে ..
: নুসুধিবা । বেমাৰী বুলি কোৱা যদি একো নুসুধিবা। — মুখ ওন্দোলাই আনিলে সুৰভিয়ে।
: গোৱাচোন আয়াতটো, মুখৰাৰ আলাপখিনিও গাবা । এটা কাম কৰা, ষ্টাৰমেকাৰটো খোলা । ইয়েৰ প্লাগ লোৱা আৰু ৰেকৰ্ড কৰা।
: হা… ৰে । মই সাজু নহয় অ’ !
: নালাগে সাজু হৈ থাকিব । এনেই কৰা ৰেকৰ্ড । ফেইচবুকত দিবই লাগিব বুলি নহয় । এনেই গোৱাচোন ।
: তুমি বৰ জেদী। কি যে নহয় !
: গোৱা ।
: উপায় নাই আৰু !
গালে তাই। আলাপখিনি দুবাৰমান অনুশীলন কৰোঁতেই হৈ গ’ল । ৰেকৰ্ডটো শুনি চালে ।
: অৰিজিতৰটো বেছি ভাল লাগিছিল।
: মই তোমাৰটো বেছি ভাল পালো । কিয় জানা ? এয়া প্ৰকৃতিৰ মাজত হোৱা গায়কী ।
ৰেকৰ্ডিংটো আকৌ শুনিলে সুৰভিয়ে । বাৰে বাৰে শুনিলে । বাৰে বাৰে নিজক চালে । আকৌ শুনিলে, আকৌ চালে । ভাল লাগি আহিল তাইৰ । নিজৰ কণ্ঠত প্ৰেমৰ সুৰভিৰ যেন ৰাগী লাগি আহিল ।
ইতিমধ্যে সুৰুজে আকাশৰ বুকুত লীন যাবলৈ যোজা চলাইছিল । সুৰভিয়ে কাষলৈ চাই পঠিয়ালে।
: আঁতৰি গৈছা তুমি ।
: উম । যাওঁ মই ।
: ৰ’বা না। মোৰ আজি বৰ ভাল লাগিল । কিন্তু কিয় আঁতৰি গৈ আছা তুমি ?
: তোমাক সুখী দেখি ময়ো সুখী হৈ পৰিছোঁ । ইয়াৰ পিছত কবিতা গাম এদিন । তোমাৰ কবিতা । কিয় আনৰ কবিতাৰে নিজক জীয়ন দিব লাগে । ইমান সুন্দৰ কবিতা লিখা তুমি !
: তোমাৰ শব্দৰ উত্তাপেৰে জীপাল হওঁ মই।
এবুকু আত্মজ প্ৰেমৰ বৃষ্টিৰে সিক্ত হওঁ মই।
এয়া যে মই তোমাতেই বিলীন মই
অস্তাচল এতিয়া এটি নতুন প্ৰভাতৰ প্ৰতিশ্ৰুতিৰে
বিদায় আজিলৈ
: ৱাহ ! সেয়ে কৈছোঁ, কিয় লাগে আনৰ কবিতা ? নিজৰ সৃষ্টিৰেই ভৰুণ তুমি ! সুৰভি, মোৰ সুৰভি তুমি ।
: শুনা কাইলৈ নাহিম হয়তো । বুমনৰ ওপজা দিন । তোমাৰ শব্দৰ সুৰভিৰে সুশোভিত হৃদয়ৰ কোণ আজি । শুনিছা, তুমি ?
সুৰভিয়ে কৈ কৈ চাই ৰ’ল । কোনো নাছিল তাত। হয়তো মিলি গৈছিল এন্ধেৰুৱা বাটটিৰে ।
জোনাকী পৰুৱাৰ মিছিল আৰম্ভ হৈছিল দূৰৈৰ পাহাৰৰ নামনিত । তাই উঠি আহিছিল মনত এজাক জোনাকীৰ ফচফৰাছ লৈ । তাই আকৌ মাত দি চালে । বিচাৰি চালে ইফালে সিফালে ।
তায়ো যে আৰু ! নিজৰ হ’লেও আন্ধাৰত ছাঁৰ জানো অবয়ৱ থাকে ?

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jimki
1 year ago

ইমান ভাল লাগিল! ❤️

Don`t copy text!