চুৱেটাৰ
লেখক- প্ৰদীপ বৈশ্য
মোৰ ব্যৱহৃত ৰেডিমেইড চাৰ্ট-পেণ্টবোৰ এটা এটাকৈ তাৰ দুয়ো ভতিজাকৰ মাজত ভগাই দিয়াৰ সময়ত টোপোলাটোত থকা ফুল চুৱেটাৰটো কণিকা খুৰীয়ে একপ্ৰকাৰ জোৰকৈয়ে বিপুলৰ হাতৰ পৰা কাঢ়ি লৈ ক’লে – “এইটো চোন তোৰ খুৰাৰেই পিন্ধিব পাৰিব । গতিকে, মোকেই দি দে !” আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ কথা ভাবি বিপুলেও সেইটো খুৰীয়েকক দিবলৈ বাধ্য হ’ল । চুৱেটাৰটো বুকুত সাবটি খুৰীয়েকৰ মুখখন ৰদ্ৰৌজ্জল যেন হৈ পৰিছিল । হ’লেও, চুৱেটাৰটো খুৰীয়েকক দিয়া কামটো মই মনেৰে মুঠেও মানি ল’ব পৰা নাছিলোঁ আৰু জ্যেষ্ঠজনক অসন্মান কৰা বুলি এক অপৰাধবোধে মোৰ মনত বাহ লৈছিলহি ।
ব্যৱহাৰৰ পিছত সাধাৰণভাৱে বিবৰ্ণ হৈ যোৱা মোৰ চোলা-পেণ্টবোৰ কাৰ্যালয়লৈ পিন্ধি যাবলৈ বেয়া লাগে বাবে সেইবোৰ টোপোলা বান্ধি থৈ দিওঁ । মোৰ চৰকাৰী কোৱাৰ্টাৰটোত থকা সৰু ওৱাৰড্ৰৱটোত সেইবোৰ বোজাহে হৈ পৰাত কথাটো এবাৰ কাৰ্যালয়ৰ মোৰ তলতীয়া সহকৰ্মী বিপুলক কথা প্ৰসংগত কৈছিলোঁ । কাপোৰবোৰ ভাল দেখা পাই সি সেইবোৰ তাৰ গাঁৱত থকা দুই ভতিজাককে দি দিব বুলি ক’লে । ময়ো একেষাৰে সৈমান হ’লোঁ । উপযাচি সেইবোৰ দিব খোজা নাই আৰু দিয়াটো যে অনুচিত, সেই কথা মই ভালকৈ বুজি পাওঁ । বিপুলে কয় – “প্ৰশান্ত আৰু প্ৰণৱে আপোনাৰ এই কাপোৰবোৰ পালে শ্বপিং মলৰ কাপোৰৰ দৰেই আদৰেৰে ল’ব।”
বিপুলৰ এই আগ্ৰহ দেখা পাই মই আগেয়েও এবাৰ পুৰণি কাপোৰবোৰ তাক দিছিলোঁ । সেইবাৰ গাঁৱৰ পৰা ঘূৰি আহি ভতিজাকহঁতে কাপোৰবোৰৰ বিষয়ে কৰা গুণানুকীৰ্তনবোৰ তাৰ মুখেদি শুনিও মই নুশুনাৰ দৰেই ভাও জুৰিছিলোঁ । মই মাথোঁ সন্তুষ্টি লভিছিলোঁ এই বুলি যে আলৈ-আথানি হৈ পৰি থকা পুৰণি কাপোৰবোৰে কাৰোবাৰ হাতত উপযুক্ত সমাদৰ পোৱাৰ লগতে তেওঁলোকৰ প্ৰয়োজনো পূৰণ হৈছে । দুয়ো ভতিজাক উঠি অহা ডেকা ল’ৰা আৰু সিহঁতক মই এবাৰ -দুবাৰ লগো পাইছিলোঁ । গতিকে, নিজৰ ভাতৃয়েই ককায়েকৰ বস্ত্ৰ পৰিধান কৰাৰ দৰে হৈছে বুলি ভাবি সন্তোষ লভিছিলোঁ ।
এইবাৰ শীতকালৰ আগমনৰ লগে লগে মই পিন্ধিবলৈ বাদ দিয়া চাৰিটামান চোলা, লংপেণ্টৰ লগতে এটা ফুল চুৱেটাৰ টোপোলা বান্ধি সুকীয়াকৈ থৈ দিছিলোঁ। বিপুলে আগৰ বাৰৰ দৰে নিব নেকি সুধিলোঁ আৰু গাঁৱৰ ঘৰলৈ যোৱাৰ আগে আগে টোপোলাটো নিব বুলি সি জনালে।
এইবাৰৰ টোপোলাটোত থোৱা মোৰ ফুল চুৱেটাৰটো যথেষ্ট পুৰণি আছিল আৰু ৰঙটোও ম্লান পৰিছিল । যোৱা কেইবছৰ মান ধৰি ঘৰত পিন্ধা কামতহে সেইটো ব্যৱহাৰ কৰিছিলোঁ। বিপুলক টোপোলাটো দিয়াৰ সময়ত সেইটো আতঁৰাই ৰাখিছিলোঁ । কিন্তু সি জোৰ কৰি চুৱেটাৰটোও লগত লৈছিল। মই সেইটো গাঁৱলৈ নিয়াৰ পৰিৱৰ্তে চহৰত থকা অন্য কাৰোবাকহে দিবলৈ বাৰম্বাৰ কৈছিলোঁ । নহ’লে, নষ্ট কৰি পেলাবলৈয়ে কৈছিলোঁ আৰু সি সৈমানো হৈছিল।
নবেম্বৰ মাহত বিপুলে গাঁৱলৈ গৈ কাপোৰৰ টোপোলাটো ভতিজাক দুজনৰ সন্মুখত খোলাৰ সময়ত প্ৰতিৱেশী কণিকা খুৰীও সিহঁতৰ ঘৰত উপস্থিত আছিল আৰু তেওঁৰ দৃষ্টি চুৱেটাৰটোৰ ওপৰত নিৱদ্ধ হৈছিল আৰু সেইটো খুৰাকেই পিন্ধিব পাৰিব বুলি বিপুলৰ হাতৰ পৰা তেওঁ জোৰকৈ লৈ লৈছিল। খুৰীযেকৰ হাতৰ পৰা সেইটো কাঢ়ি আনিবলৈ বিপুলৰো চাগে বেয়া লাগিছিল।
বিপুলে গাঁৱৰ পৰা উভতি আহি আগৰ দৰে ভতিজাকসকলৰ সন্তুষ্টিৰ আখ্যান ক’বলৈ আৰম্ভ কৰাত মোৰ চুৱেটাৰটোলৈ মনত পৰিল। বিপুলে কিদৰে সেইটো খুৰীয়েকেক দিবলগীয়া পৰিস্থিতি হ’ল, সেইটোও মোক বিৱৰি ক’লে। সি ক’লে – “আপুনিহে ভাল কাপোৰ নহয় বুলি হেয় কৰে । খুৰীয়ে খুৰাৰ বাবে চুৱেটাৰটো পাই বহুত ডাঙৰ বস্তু পোৱা বুলি ভাবি লৈ স্ফূৰ্তি কৰিছিল, জানেনে?”
মই উত্তৰ দিলোঁ – “তুমি সেইটো গাঁৱৰ ঘৰলৈ নি বৰ ভুল কাম কৰিলা । বিশেষকৈ খুৰাৰ দৰে জ্যেষ্ঠ এজনক মই ব্যৱহাৰ কৰা তেনেই পুৰণি চুৱেটাৰটো দিয়াত মই কিন্তু বেয়া পাইছোঁ।”
এই কণিকা খুৰীৰ লগত মই কেইবাবাৰো বিপুলৰ ফোনেৰে কথা পাতিছিলোঁ । খুৰীয়েক পাকৈত শিপিনি বুলি জানি তেখেতৰ হাতেৰে বোৱা ধুনীয়া গামোচা কেইবাবাৰো বিপুলৰ হাতেদি মই উচিত মূল্য দি কিনিও লৈছিলোঁ। ফোনত কথা পাতোঁতে গাঁৱলীয়া সহজ সৰল মানুহজনীৰ কথাখিনিয়ে মোক বাৰুকৈ মোহিত কৰিছিল। ঘৰৰ শালখন আৰু গিৰিয়েকে মাজে সময়ে গাঁৱৰ মানুহৰ ঘৰত কৰা কামলা কামৰ সাধাৰণ উপাৰ্জনেৰেই খুৰীয়েকৰ পৰিয়ালটো যেনে-তেনে চলিছিল।
ডিচেম্বৰ মাহত এইবাৰ ঠেটুৱৈ লগা জাৰ পৰিছে। এইবাৰ শীতৰ প্ৰকোপ হেনো অইন বাৰতকৈ কিছু বেছি ! কণিকা খুৰীৰ স্বামীয়ে নিশ্চয় মোৰ সেই বিবৰ্ণ চুৱেটাৰটো পিন্ধিয়েই প্ৰচণ্ড শীতৰ পৰা নিজকে বচাইছে! কথাটো ভাবি এই কেইদিন মোৰ মনটো যেন এটা অপৰাধবোধে চানি ধৰিছে!
মোৰ মনৰ এই অপৰাধবোধ আঁতৰাবই লাগিব। মই ভাবিলোঁ – বিপুলে নিশ্চয় মাঘ বিহুত পুনৰ গাঁৱৰ ঘৰলৈ যাব। লগে লগে ফোন কৰি তাক সুধি এই বিষয়ে নিশ্চিত হৈয়েই ল’লোঁ ।
সেইমতে বজাৰৰ পৰা এটা নতুন ফুল চুৱেটাৰ কিনি আনিলোঁ আৰু ভালকৈ পেক কৰি বিপুল ঘৰলৈ যোৱাৰ আগদিনা তাৰ হাতত গতালোঁ । উদ্দেশ্যটো হ’ল- বিপুলে সেইটো তাৰ খুৰীয়েকৰ হাতত খুৰাকে পিন্ধাৰ বাবে দিব। মই বিপুলক খুৰীয়েকৰ লগত মোক ফোনত কথা পতাই দিবলৈয়ো ক’লোঁ ।
উৰুকাৰ দিনা সন্ধিয়া বিপুলে গাঁৱৰ ঘৰৰ পৰা ফোনযোগে খুৰীয়েকৰ লগত মোক কথা পতাই দিলে। কথা পতাৰ সময়ত খুৰাকো হেনো ওচৰতেই বহি আছিল আৰু মই দি পঠোৱা নতুন চুৱেটাৰটো পিন্ধি মোৰ হৈ বিপুলকে দেখুৱাইছিল। বিপুলে খুৰাকক মোৰ লগত কথা পাতিবলৈ ফোনটো আগবঢ়াই দিয়াত ইতস্ততঃ কৰি মাথোন দু-আষাৰ কথা পাতিলে । বিপুলে শিকাই দিয়া মতেই খুৰাকে চুৱেটাৰটো দিয়া বাবে মোক “থেংক ইউ” বুলি ক’বলৈ বাধ্য কৰালে। কাহিনিও নেদেখা খুৰাকৰ মুখত প্ৰকাশ পোৱা সন্তুষ্টিৰ ভাবটো মই মনতেই অনুমান কৰি ল’লোঁ !