নাৰিকলৰ গাখীৰ, আন্তৰিকতা আৰু আগৰ দিনৰ যৌথ পৰিয়ালবোৰ

লেখক- প্ৰদীপ বৈশ্য

মোৰ দেউতাৰ পৈতৃক গাঁওখনৰ নাম হ’ল নলবাৰী জিলাৰ বৰভাগ মৌজাৰ অন্তৰ্গত মৰোৱা। আমাৰ পৰিয়ালৰ বাই-ভনী সমন্বিতে আটাইয়ে তেজপুৰত থাকি ডাঙৰ দীঘল হৈছোঁ। দেউতাৰ চাকৰিসূত্ৰে তেজপুৰতেই আমাৰ নিগাজি ঘৰ। সত্তৰ দশকৰ শেষলৈ আৰু আশীৰ দশকৰ প্ৰথমাৰ্ধত আমি দেউতাৰ হাতত ধৰি যেতিয়া মৰোৱাৰ শংকৰদেৱ উৎসৱ ক্ষেত্ৰৰ গাতে লাগি থকা গুণেচুপাত থকা দেউতাৰ পিতৃগৃহলৈ বাছৰ পৰা নামি খোজকাঢ়ি গৈছিলোঁ, তেতিয়া আমাৰ হাতত চ্যুটকেচ, বেগ আদি দেখা পাই পুৰুষ-মহিলা সমন্বিতে গাঁওখনত পৰিচিত সকলো জ্যেষ্ঠলোকে পদূলিমুখলৈ আগবাঢ়ি আহি দেউতাৰ খবৰ লৈছিল আৰু সেই চেগতে কোনোবা চেঙেলীয়াই দৌৰি গৈ আইতা আৰু আমাৰ সৰুমাক(খুৰীক) আমি আহি থকাৰ খবৰটো আগতীয়াকৈ দিছিল। গুণেচুপালৈ সোমাই অহা বাটটোত এটা সমূহীয়া কুঁৱা আছিল। এই কুঁৱাটো এটা সময়ত আমাৰ দেউতাহঁতৰ উদ্যোগতে খন্দা হৈছিল। কুঁৱাটো ওচৰ-পাজৰৰ পৰিয়ালৰ খোৱা পানীৰ একমাত্ৰ সম্বল আছিল। কুঁৱাটোৰপৰা পানী আনিবলৈ যোৱা মহিলাসকলৰ যোগেদিও দেউতা সমন্বিতে আমি গাঁৱলৈ অহা খবৰটো বিয়পি পৰিছিল। দেউতা মৰোৱা গাঁওখনৰ পৰা সেই সময়ৰ আঙুলিৰ মূৰত লিখিবপৰা শিক্ষিত তথা চহৰত থাকি চাকৰি কৰা লোকসকলৰ মাজত অন্যতম হোৱা হেতুকে গাঁৱৰ সকলোৱে তেখেতক সমীহ কৰিছিল।

মোৰ মনত পৰামতে গাঁওখনত দেউতাৰ আঙুলিত ধৰি আমি ওচৰৰ প্ৰায়বোৰ মানুহৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ। এঘৰলৈ গৈ আনজনৰ ঘৰলৈ নগ’লে খুব বেয়া পাইছিল আৰু তেনে ক্ষেত্ৰত দেউতাই অন্তত: তেওঁলোকৰ চোতালত এখন্তেক হাজিৰ হৈ হ’লেও মাত-এষাৰ দি যাবলৈ বাধ্য হৈছিল। এবাৰ গাঁওখনৰ এঘৰত ফুৰিবলৈ যাওঁতে গৰমৰ দিনত আমাক চোতালতে মুঢ়াত বহিবলৈ দিছিল। তেওঁলোকৰ চোতালৰ কাষত ঘৰৰ সমুখভাগতে নাৰিকলৰ থোক ধুনীয়াকৈ ওলমি লাগি আছিল। গৃহস্থৰ দেউতাৰ সৈতে কথা প্ৰসংগত নাৰিকলজোপাৰ কথা ওলোৱাত গৃহস্থই পৰিয়ালৰ কাৰোবাৰ হতুৱাই আমাৰ সমুখতে নাৰিকল পাৰিবলৈ দিলে। নাৰিকল গছৰ পৰা পাৰি উঠি আমাক ডাব নাৰিকলৰ পানী পিবলৈ দিছিলে। অকল সেয়াই নহয়, পূৰঠ নাৰিকল ৰুকি খুব কম সময়তে আমাক নাৰিকলৰ গাখীৰেৰে(মিঠা বগা ৰসখিনিৰে) চাহ বনাই খুৱালে। সৰুতে লোৱা এই জুতি এতিয়াও জিভাত লাগি আছে। এই ধৰণৰ নিভাঁজ মৰম আৰু আন্তৰিকতাবোৰ আজিৰ দিনত পাবলৈ টান।

আমাৰ মামাহঁতৰ গাঁওখনো একেই অৰ্থাৎ, মৰোৱা হ’লেও দেউতাৰ পৈতৃক ঘৰখনৰ পৰা অলপ দূৰৈৰ আলিকাষ চুপাত অৱস্থিত। দেউতাহঁতৰ পৈতৃক ঘৰখনত দুদিনমান থাকি আমি থিতাপি লৈছিলোঁ মামাহঁতৰ ঘৰত। মামাহঁতৰ ঘৰখন মৰোৱা গাঁওখনৰ এসময়ৰ প্ৰতিপত্তিশীললোকৰ থলী আছিল। ইয়াৰ কাৰণ হৈছে আমাৰ ককা স্বৰ্গীয় হাচিৰাম সাউদ অসমৰ এজন নামী ঠিকাদাৰ আছিল। ককাৰ সান্নিধ্য আমি সিমান নেপালেও (তেখেত আমি সৰু থাকোঁতেই স্বৰ্গগামী হৈছিল)। আইতা আৰু পাঁচোটা মামা আৰু নাতি-পুতিৰে গিজগিজাই থকা পৰিয়ালটোত থাকি আমোদ লভিছিলোঁ। কেউটা দিশতে থকা অসম আৰ্হিৰ ঘৰবোৰৰ মাজতে এখন ডাঙৰ চোতাল আছিল। এই চোতালখন আছিল আটাইকেইটা পৰিয়ালৰ সদস্যসমূহৰ মেল মৰাৰ সমূহীয়া স্থান। মামাহঁতৰ উমৈহতীয়া খৰিৰ চৌকাবোৰ অনবৰতে জ্বলি আছিল বুলিব পাৰি। ভাত খোৱাৰ সময়ত ৰান্ধনিয়ে(মামীহঁতে) চোতালত এবাৰ ডাঙৰকৈ ক’লেই সকলোবোৰ সদস্য আহি পাকঘৰত উপস্থিত হৈছিল। এই চোতালখত হালোৱা বলধহালে ধান মৰণা মৰা, ধান শুকুৱাৰ লগতে ধান উহুৱা, দুডাল কলগছত আউজাই খেৰৰ জুইৰে সন্ধিয়া সময়ত চুঙাপিঠা বনোৱা আদি বিবিধ কামত ব্যৱহাৰ কৰা নিজ চকুৰেই দেখিছিলোঁ। বৃহৎ এলেকা সামৰি থকা ঘৰৰ চৌহদটোত ধানৰ মিল, পুখুৰী, নাৰিকল-তামোল আৰু বিবিধ গছ থকাৰ লগতে অলপ দূৰৈত উৰ্বৰ খেতিমাটিৰে সৈতে কৃষিপামো আছিল। আমি তেজপুৰলৈ উভতি অহাৰ সময়ত সাধাৰণতে মামাহঁতৰ ঘৰৰ পৰাই বিদায় লোৱা মনত পৰে। বিদায় বেলাত মামা-মামী, তেওঁলোকৰ ল’ৰা-ছোৱালী সকলোৱে মিলি বৃহৎ জুম বান্ধি আমাক পথৰ কাষলৈ আগুৱাই দিছিল আৰু আমি গাড়ীত উঠি তেওঁলোকৰ চকুৰ আঁৰ নোহোৱালৈ বাটতে থিয় দি আছিল। আইতাৰ মৃত্যুৰ লগে লগে আমাৰ মামাহঁতৰ বৃহৎ পৰিয়ালটোও ভাঙি টুকুৰা-টুকুৰ হৈ গ’ল আৰু এইদৰে ককাৰ ঘৰখনত এটা সময়ত পোৱা সমূহীয়া মৰম-সাদৰখিনিও এতিয়া ভাগ-ভাগ হৈ গ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!