তিনিশৰীয়া কবিতা

লেখক- ড. আৰাধনা বৰুৱা

(১)
অসীম দিগন্ত ধিয়াই
জাকৰুৱা পখীৰ নীড়মুখী যাত্ৰা
প্ৰত্যেক প্ৰৱাসীৰ অন্তৰৰ নিভৃত কোণৰ বাঞ্ছা!

(২)
শীতৰ কুঁৱলীৰ আচ্ছাদন ঠেলি
প্ৰত্যুষৰ ৰদালিৰ ৰেঙণি
যেন অভিমানী হৃদয়ৰ প্ৰিয়াস্পদ দৰ্শনৰ সুখানুভূতি!

(৩)
সময়ে ৰূপালী ৰহণ সনা
জীৱনৰ প্ৰাত্যহিকতাক সাৱটিও
আলফুলে কলিজাত কঢ়িয়াও দোকমোকালিৰ সোণালী আভা!

(৪)
নৈ বৈ যায় সাগৰ অভিমুখে
পাতি ভাঙি বহু ইতিহাস দুয়ো পাৰে
জীৱনে বহুৱায় সাঁচ সময় বালিত অহৰ্নিশে!

(৫)
বীজৰ বক্ষভেদি অঙ্কুৰিত
পোহৰ পিয়াসী উদ্ভিদৰ দৰে
নিৰাশ পৰাণত সঞ্চাৰিত হওক প্ৰেমময় ৰক্তিম প্ৰভাত!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!