এটি সৰল প্ৰাৰ্থনাৰ শেষত
লেখক- জ্যোতি পি চি শইকীয়া
গোলাপী জামুৰ লগ্নত
আঁটি আঁটি বান্ধি থওঁ
এখন উদাৰ বিশাল নীলা আকাশ৷
সোণালী ফিছাৰ মাছবোৰেও
পানীৰ পৰা মূৰ তুলি আকাশ চাই
বৰ ভাল পায় ৷
আকাশত মৰল
ঈষত হালধিয়া ৰঙৰ চন্দ্ৰতাপ৷
নাই নাই
নীলা বোৰ আঁতৰাই নিদিবা৷
মাছ বোৰে হালধিয়া ভাল নেপায়৷
গোলাপী আঁচলত নীলা, সেউজীয়া বোৰে গান গাই থাকক৷
গুণ্ গুননি বোৰ উমলি থাকক….৷
হঠাতে গুণ্ গুণনি বোৰ উচুপি উঠিল…..৷
মঘীয়া চেঁচা বতাহতো হাঁহি থকা
সূৰ্যটো নিস্তেজ হৈ বেজাৰত মুখ ঢাকি
বহি পৰিল৷
আস্!! ক’ত নদী এখন স্তব্ধ হ’ল৷
ৰ’দ সৰা পথটো
শোকৰ শুকুলা কুঁৱলী এসোপা আহি
ঢাকি দিলে…..৷
ক’ৰবাত যেন …নহয় নহয়, ক’ৰবাত নহয়৷
চৌদিশে, এৰা চৌদিশে বুকু বোৰ ভঙাৰ শব্দ৷
আকাশে ক’লে বেজাৰ নকৰিবা
এইয়া চোৱা! সূৰ্যটো মোৰ বুকুতে
চিৰন্তন…..৷
### জ্ঞানপীঠ বঁটা বিজয়ী, শ্ৰদ্ধাৰ মহান কাব্য ঋষি নীলমণি ফুকন দেৱৰ মহাপ্ৰয়াণত ম্ৰিয়মান মোৰ হৃদয়ৰ সামান্য অনুভৱৰে তেখেতলৈ অশ্ৰুসিক্ত নয়নৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ 🙏 🙏 🙏###৷