কটা আঙুলি

লেখক- অভিজ্ঞান ফুলকোঁৱৰ

মোৰ খোজৰ লগত এটা মাত
মাতহীন হৈ গৈ থকাৰ দিনা
কাৰ পদূলিত আঙুলিবোৰ সৰি পৰিছিল৷
এতিয়া সেই সৰি পৰা আঙুলিবোৰ কিছুমান বিজতৰীয়া হেঁ‌পাহ হৈ পিয়াপি দি ফুৰিছে৷

নখত দাগ লগাই হাত দাঙি চিঞৰা মানুহবোৰে ক’ৰ পৰা আজুৰি আনিলে
শাসকশ্ৰেণীৰ গোলামী
নিজৰ বুকুৰ বেৰবোৰত নিজে নিজেই আঁ‌কি ল’লে
স্ববিৰোধী ভাষা
এতিয়া নিজেই নুবুজে নিজৰ কথা৷

আঙুলিবোৰ যেন কোনোবাই কিনি পেলালে পনীয়া দামত
আৰু বঢ়াই গ’ল বাকী সকলোবোৰ বস্তুৰ দাম

মোৰ স’তে খোজ কঢ়া নিমাতী মাতটোৱে মোক আজিও কাণে কাণে কয়
এতিয়াও হেনো বহুতৰ পদূলিত মৃত হৈ পৰি আছে শ শ তেজহীন আঙুলি
য’ত কেঁ‌চা দাগ হৈ লাগি আছে
আস্থাৰ নাম
সততাৰ নাম
সংগ্ৰামৰ নাম
স্বাধীনতাৰ নাম
নঙঠা হৈ ওলমি আছে গণতন্ত্ৰ

আঙুলিত চিঞাহী অঁ‌কা মানুহবোৰে দেশৰ দুখ বুজেনে
জানেনে আঙুলিত চিঞাহী অঁ‌কাৰ প্ৰকৃত দাম কিমান
চিকচিকীয়া কামিজপিন্ধা ৰজাবোৰে কেনেকৈ চুৰকৈ উঠে বিদেশী জাহাজত
আৰু ৰাইজক দেশৰ হ’বলৈ কয়৷

আজি ময়ো সেই মাতটোৰ দৰেই ভৰিত পিন্ধি লৈছো মৌনতাৰ জোতা,
বিদ্ৰোহ আৰু বিপ্লব মোৰ কাম নহয়
সেয়া আন মানুহৰ ব্যৱসায়৷

মই মাত্ৰ তেতিয়াহে জোতা খুলিম যেতিয়া
সেই আঙুলি কটা মানুহবোৰে মোৰ ভৰিৰ পৰা কাটি নিব মোৰ ভৰি

মই প্ৰতি পলে মোৰ আঙুলিৰ দাগ চাই ভাৱো
কিয় আজিলৈকে বাটত পেলাই অহা নাই মোৰ আঙুলি,
কিয়নো আন সকলোৰে দৰে ময়োতো প্ৰতিদিনে মানি লৈছো
শাসকৰ গোলামী
অন্যায়ৰ আঁ‌চোৰ
দুৰ্নীতিৰ প্ৰৰোচনা
সততাৰ অকাল মৃত্যু
নৈতিকতাৰ শাপিত পৰাজয়৷

মই জানো নজনাকৈ আছো
মোৰ লগত মাতহীন হৈ খোজ দিয়া মাতটোয়ে কিয় আজিও শব্দহীন হৈ আটাহ মৰা নাই
চিগি যোৱা আঙুলিবোৰ চাই
হাত দাঙি মাত মতা নাই!

হয়তো হাত দাঙিলেই জানি যাব সকলোৱে
যে তাৰো সোঁ‌হাতৰ তৰ্জনীটো নাই৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!