বীজ ৰক্ষক

লেখক- ধ্ৰুৱজ্যোতি অৰ্জুনা

খাদ্য আৰু বস্ত্ৰ , মানুহৰ প্ৰাথমিক প্ৰয়োজন সমূহৰ অন্যতম ৷ খাদ্য আৰু বস্ত্ৰ উৎপাদনৰ বাবে প্ৰয়োজন হয় কৃষিৰ ৷ কৃষিৰ সকলোতকৈ প্ৰয়োজনীয় উপাদানটোৱেই হ’ল “বীজ” ৷ এনে এটা দিনৰ কথা কল্পনা কৰকচোন যিদিনা আমাৰ হাতত কৃষিৰ বাবে বীজ নাথাকিব ৷ 

আমি খাম কি পিন্ধিম কি ? 

কৃষি অবিহনে মানৱ জাতিৰ ভৱিষ্যত শূন্য ৷ 

সেউজ বিপ্লৱ (green Revolution )  – নামৰ ভয়ানক ষড়যন্ত্ৰটোৰ আঁত ধৰি বীজক ক্ৰমান্বয়ে পণ্য কৰি অনা হৈছে ৷ কৃষকৰ হাতৰ পৰা বীজবোৰ ক্ৰমান্বয়ে হৰলুকি কৰি অনা হৈছে। হাইব্ৰীড ,F1,GMO ( বৰ্ণসংকৰ ) আদি পদ্ধতিৰে উন্নত শস্য আৰু বীজ সৃষ্টিৰ নামত কৃষকৰ পৰা ষড়যন্ত্ৰৰে কাঢ়ি নিয়া হ’ল বীজৰ অধিকাৰ। কৃষিত অধিক উৎপাদনৰ টোপ দি কৃষকক তেওঁলোকৰ হাতত সঞ্চিত থকা থলুৱা শস্যৰ বীজবোৰ পৰ্যায়ক্ৰমে বিলুপ্ত কৰি অনা হ’ল ৷ এই হাইব্ৰীড , GMO বীজবোৰৰ পৰা উৎপাদিত শস্যবোৰত অধিক পৰিশ্ৰম , যতন আৰু বহুল পৰিমাণৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োজন হয় ৷ কৃষি সামগ্ৰী এক বহুল আৰু বিশাল ব্যৱসায়লৈ ৰূপান্তৰিত কৰাৰ এয়া এক বৃহৎ অদৃশ্য কৌশল ৷ অপকাৰী ৰাসায়নিক দ্ৰব্য সংযুক্ত শস্যবোৰ খাই মানুহে শৰীৰবোৰো ঘূণীয়া হৈ পৰিল ৷ মানুহ আক্ৰান্ত হৈ পৰিল বিভিন্ন বেমাৰত ৷ আৰম্ভ হ’ল ৰাসায়নিক দ্ৰব্য প্ৰয়োগেৰে চিকিৎসাৰ ব্যৱসায় ৷ পৃথিৱীৰ জনসাধাৰণ সোমাই পৰিল পুঁজিপতিৰ কৌশলৰ এক ঘূৰ্ণিত চক্ৰত ৷ আজিৰ পৰা কেইদশকমানৰ পূৰ্বে সমগ্ৰ পৃথিৱীৰ পৰা কেইজনমান সচেতন ব্যক্তিয়ে এই ভয়াবহতাৰ বিৰুদ্ধে সোচ্চাৰ হ’বলৈ আৰম্ভ কৰিলে ৷ তেনেই সৰুকৈ আৰু এমুঠি মানুহেৰে সৃষ্টি হোৱা এই আন্দোলনটোৰ আৱাজ কিন্তু ভীষণ আছিল ৷ মানুহৰ স্বাস্থ্য সজাগতা অতি কম সময়ৰ ভিতৰত পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছে অতি কম সময়তে ৷ একেসময়তে সমগ্ৰ পৃথিৱীত উঠা এই নতুন জাগৰণটো প্ৰতিহত কৰিবলৈকে “বেপাৰীগোষ্ঠীয়ে ” এক নতুন পদ্ধতিৰ কৃষিক জনপ্ৰিয় কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিলে। ইয়াক তেওঁলোকে নামাকৰন কৰিলে ” জৈৱিক কৃষি ” ৰূপে ৷ এই পদ্ধতিত তেওঁলোকৰ উৎপাদিত বীজ আৰু ৰাসায়নিক দ্ৰব্যৰ প্ৰভাৱঅক্ষুণ্ণ থাকে ৷ এমুঠি মানুহেৰে গঠিত বিদ্ৰোহী দলটোৰ পৰোক্ষ আৰু প্ৰত্যক্ষ প্ৰভাৱত বিশ্বৰ বিভিন্ন প্ৰান্তত  কিছু লোকে থলুৱা বীজ যাক প্ৰকৃতিয়ে সৃষ্টি কৰিছিল এই সমূহৰ সংৰক্ষণ আৰু বিস্তাৰৰ কাৰ্যত আত্মনিয়োগ কৰিবলৈ আৰম্ভ কৰিলে ৷ ভাৰতত এই সকলক বীজ ৰক্ষক নামেৰে জনা যায় ৷ পৃথিৱীক পুনৰ উদ্ধাৰ কৰাৰ বিদ্ৰোহত এই সকলৰ ভঁৰাল কেইটাই সকলোতকৈ প্ৰয়োজনীয় পদক্ষেপ ৷ 

 আজিৰ পৰা ১৫ বছৰমানৰ আগতে অসমলৈয়ো পেগি কাৰ্ছৱেল নামৰ নাৰীৰ আগমন ঘটিছিল ৷ কানাডাৰ পৰা আহি তেওঁ অসমত আৰম্ভ কৰিলে প্ৰাচীন কৃষি পদ্ধতিক পুনৰ জাগ্ৰত কৰাৰ এক নীৰৱ আন্দোলন ৷ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত তেওঁ এই নতুন চিন্তাটো প্ৰৱাহিত কৰি দিবলৈ চেষ্টা কৰিলে ৷ অসমত এটা নতুন কৃষি পদ্ধতিৰ আৰম্ভণি হ’ল যাক নামাকৰন কৰা হ’ল – পৰম্পৰাগত কৃষি পদ্ধতি / প্ৰাকৃতিক কৃষি ৰূপে ৷ এই কৃষি পদ্ধতিক মানুহৰ মাজত পুনঃপ্ৰসাৰ আৰু প্ৰচাৰৰ দায়িত্বক নিমগ্ন হ’ল ধীৰেণ ফুকন , নীলম দত্ত , সমীৰ বৰদলৈ , শম্ভু সিঙ, মাইনা দত্তৰ দৰে ব্যক্তি ৷ Sustainable Agriculture – ( দীৰ্ঘম্যাদি কৃষি পদ্ধতি ) যাক এসময়ত বৃটিছ সকলে কৌশলেৰে ভাঙি পেলাইছিল তাক পুনৰ উজ্জীৱিত কৰিবলৈ প্ৰয়োজন হ’ব আমাৰ থলুৱা বীজসমূহৰ ৷ সৌভাগ্যক্ৰমে অসমতো এজন বীজৰক্ষকে সেই দায়িত্বক কান্ধ পাতি ল’লে ৷ তেওঁৰ নাম হ’ল ” মহান বৰা ” ৷ বিলুপ্তপ্ৰায় হ’বলৈ উপক্ৰম কৰা থলুৱা ধানৰ সঁচবোৰ পুনৰ সংৰক্ষণ কৰিবলৈ মহান বৰাই অসমৰ বিভিন্ন চোকে কোনে ঘুৰি অশেষ কষ্টেৰে পুনৰ সংগ্ৰহ কৰিলে ৷ এই ধানবোৰক পুনৰ নিজৰ পথাৰত খেতি কৰি তাৰ সংখ্যা বৃদ্ধি কৰি স্থাপন কৰিছে ” অন্নপূৰ্ণা চীড লাইব্ৰেৰী ” ৷

 আমাৰ সৌভাগ্য মহান বৰাৰ দৰে ব্যক্তিয়ে স্বেচ্ছাই আগবাঢ়ি উত্তৰ প্ৰজন্মৰ স্বাস্থ্য ৰক্ষাৰ বাবে তথা প্ৰকৃতিৰ সুৰক্ষাৰ বাবে নীৰৱে কাম কৰি আছে ৷


( বি.দ্ৰ : ময়ো পেগি কাৰ্ছৱেলৰ ক্ষুদ্ৰ গোটটোৰ এক সাধাৰণ সদস্য ৷ কৃষি মোৰ বাৱে এক বিদ্ৰোহ এতিয়া ৷ য’তেই গৈছোঁ GMO আৰু ৰাসায়নিক দ্ৰব্যৰ বিৰোধিতা কৰিছোঁ ৷ এটা সৰু উদাহৰণ দিওঁ বহুল প্ৰচলিত ৰঞ্জিত ধানৰ নৰাবোৰ চাবচোন ।  আমাৰ থলুৱাবহুল প্ৰচলিত ৰঞ্জিত ধানৰ নৰাবোৰ চাবচোন ।  আমাৰ থলুৱা ধানবোৰৰ নৰাবোৰ ধান দোৱাৰ পিছত মৰি যায় ৷ ইয়াত মাটিৰ উৰ্বৰতা বাঢ়ে  ৷ কিন্তু ৰঞ্জিত ধানৰ নমৰে ৷ ই পথাৰৰ উৰ্বৰতা শুহি জীয়াই থাকে ৷ ফলত ইয়াক জ্বলাব লগা হয় ৷ পথাৰৰ মাটিত জুই জ্বলোৱাৰ অৰ্থ মাটিৰ Micro environmentটোকো মাৰি পেলোৱা। অনুৰ্বৰ মাটিত সহজলভ্য ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিবলৈ অজলা কৃষকৰ বেছি সময়ৰ প্ৰয়োজন নহয়। )

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!