সম্পাদকীয়ঃ পুষ্পাঞ্জলি শিৱম শৰ্মা

লেখক- পুষ্পাঞ্জলি শিৱম শৰ্মা

পণ্ডিতপ্ৰৱৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, “আমাৰ ঐচ্ছিক প্ৰকৃতিৰ বৈজ্ঞানিক বিশ্লেষণে আমাক লাহে লাহে জড় পদাৰ্থ, জীৱন মন আৰু বুদ্ধি জগতৰ পৰা আঁতৰাই লৈ যায় এক সম্পূৰ্ণ বিশ্বাতিগ আধ্যাত্মিক জগতলৈ। যি জগত সকলো বৌদ্ধিক বৰ্ণনাৰে অতীত, যি যাত্ৰা পৰামাত্মা আৰু জীৱাত্মা পৰমসত্তা আৰু সমগ্ৰ বিশ্বৰূপেৰে হে প্ৰকাশ লাভ কৰে। তাতেই আমাৰ জিজ্ঞাসাৰ অন্ত পৰে।”
জিজ্ঞাসাৰ পূৰণৰ হেতু মানুহে অতীজৰে পৰা হাবাথুৰি খাই ফুৰিছে। মনত উদ্বেলিত বিভিন্ন প্ৰশ্ন আৰু ইয়াৰ সন্ধানত তথা ইয়াৰ উত্তৰ বিচাৰি নানা প্ৰচেষ্টা চলাই আহিছে। মানৱ মনত হেজাৰবিজাৰ প্ৰশ্নই নানা সময়ত দোলা দি থাকে আৰু তাক গ্ৰন্থ অধ্যয়ন তথা সাহিত্য সংস্কৃতিৰ চৰ্চাৰ মাজেৰে ইয়াৰ পুষ্টি কৰিবলৈ প্ৰয়াস কৰে। মানৱচিন্তাই মন্থন কৰি থাকে অনন্ত ৰহস্যবোৰক অহৰহ।
বিশ্বখ্যাত মনিষী চিন্তাবিদ দাৰ্শনিকসকলে অন্তৰ্দৃষ্টিৰ বিশ্লেষণৰে জীৱনটোক বৰ্ণনা কৰে ইয়াৰ উদ্দেশ্য তথা লক্ষ্য সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। অসীমলৈ ধিয়াই অতিক্ৰম কৰি গৈ থাকে।
নৈতিক সত্তা বুলি লাভ কৰা জ্ঞানহে পৰমাৰ্থৰ বা ৰহস্যময় জগত বুলি পোৱা জ্ঞানতকৈ বেছি স্পষ্টতৰ হ’ব পাৰে। তথাপি এই ৰহস্যময় জগত বুলি পোৱা জ্ঞানতকৈ বেছি স্পষ্টতৰ হ’ব পাৰে বুলি মনিষীসকলে কৈ গৈছে। এই ৰহস্যময় অস্পষ্ট আৰু নিৰ্বাক জ্ঞানেই আমাক স্ব-সত্তাৰ অতি ওচৰলৈ লৈ যায়।
মনিষীসকলৰ জীৱন দৰ্শনবোৰক অধ্যয়ন কৰি পোহৰৰ দিশে অগ্ৰসৰ হবলৈ মানুহক প্ৰথমে আত্মবোধহে দৰকাৰী। জীৱন আৰু স্ব-সত্তা এক যেন পৰমাৰ্থবিদ্যা। ইয়াত কিন্তু মূল কথা হৈছে আত্মাৰ ঐক্য, জীৱনৰ অস্তিক দৃষ্টিভঙ্গীৰ চেতনা আৰু তাৰ মাজতে নিহিত থকা শান্তি।
এই সকলোবোৰৰ মাজত সুসংহত সমন্বয় থাকিলেহে মানব মনত আনন্দৰ সৃষ্টি হয়। আনন্দ সুখৰ খনি ইয়াতেই নিহিত থাকে।
প্ৰকৃতিলৈ যদি আমি মন দিওঁ দেখিবলৈ পাওঁ তাৰ এক শ্বাশ্বত বৈশিষ্ট্য যে ই অহৰহ প্ৰত্যেক বস্তুকে বা প্ৰত্যেক শ্ৰেণীকে ঠিক নিজৰ দৰে সম্পূৰ্ণ সুন্দৰকৈ গঢ়ি তুলিব খোজে। এয়া প্ৰকৃতিৰে মহানুভৱতা আৰু তাক
আলফুলে বিয়পাই দি সকলোৰ মাজত আনন্দ আৰু শান্তিৰ বাৰ্তা কঢ়িয়াই অৱশ্যে তাত দুঃখ আৰু নিৰ্যাতনো থাকিব সেয়াও সঁচা। কিন্তু আমি যদি বিদ্যা শিক্ষা আৰু জ্ঞানেৰে তাক গ্ৰহণ কৰাৰ কৌশল আয়ত্ত্ব কৰিব পাৰো তেতিয়াহে ই ফলপ্ৰসূ হব। এক উৎকৃষ্টতম জীৱন যাপনৰ পিনে আমাক পথ প্ৰদৰ্শন কৰি লৈ গৈ থাকিব। আচলতে জীৱনক উৎকৃষ্টতম পৰ্যায়লৈ নিবৰ বাবে স্ব-সত্তাবোধ অতি দৰকাৰী। প্ৰত্যেকে প্ৰকৃত সত্তা সিদ্ধিৰ বাবে সত্যক ধাৰণ কৰিব লাগে আৰু সৎ কৰ্ম কৰি যাব লাগে।
সৎকাম কৰাতকৈ ডাঙৰ ধৰ্ম একো নাই এই পৃথিৱীত। ইয়ে ক’ৰবাত নহয় কৰবাত জীৱনযাত্ৰাৰ জীৱনবোধকে প্ৰতিনিধিত্ব কৰে। মানুহে যেতিয়া অকল দুঃখ এৰি সুখকে বিচৰাৰ মানসিকতাক ধাৰণ কৰে তেতিয়া কিন্তু মানুহ লাহে লাহে তললৈ নামিব ধৰে। তাক সোনকালে বুজি উঠাটো দৰকাৰী।

সত্যৰ সন্ধান আৰু শ্ৰেয়স্ লাভৰ প্ৰযত্নত মানুহে বহুত শাস্তি আৰু নিকাৰ ভুঞ্জিবলগীয়া হয়। এই শৰীৰৰ বিনাশ পৰ্য্যন্ত হব পাৰে। কিন্তু সেয়ে আকৌ অন্তৰ আত্মাৰ মহত্ত্ব বিকাশত সহায়কো হ’ব পাৰে। প্ৰকৃত সুখ কিন্তু এই মহত্ত্ব লাভত হে লুকাই থাকে। যি মহত্ত্বত জীৱনৰ বোধগম্যতাও সন্নিবিষ্ট থাকে। বহুত প্ৰত্যাহ্বান, সংকট বিপদ আদিয়ে প্ৰকৃততে এগৰাকী লোকক আত্মাৰ পৰা সবলহে কৰি তোলে। যাৰবাবে তেওঁ মানসিকভাৱেও শক্তিশালী হৈ পৰে।
মানসিকভাৱে শক্তিশালী হ’লে জাগতিক পীড়াই বহুত বেছি পীড়িত কৰিব নোৱাৰে। জীৱন আৰম্ভণিৰ পৰাই আচলতে পৱিত্ৰ আৰু মহৎ। তাক কলূষিত কৰে মানুহৰ অপকৰ্ম আৰু বিবেচনাহীন সিদ্ধান্তবোৰেহে।

মনঃসমীক্ষণ মতবাদত বিশ্বাসী একাংশ দাৰ্শনিকে মত প্ৰকাশ কৰে যে অতি উৎকৰ্ষ সাধন কৰা জীৱৰ ক্ষেত্ৰত সজ্ঞান চিন্তাই কিন্তু কম কাম কৰে। চিন্তা কৰা মানে বিচাৰ কৰা বোলাতকৈ যুক্তিসন্মত কৰা বা সমন্বয় কৰাহে বুলিব লাগে। আমি গ্ৰহণ কৰা মতামত কিছুমানৰ বাবে যুক্তিৰ সন্ধান কৰোঁ। সেই মতামত পোষণ কৰা যায় আমি দিয়া যুক্তিতকৈ অন্য ভিত্তিতহে।
মানুহৰ ব্যক্তিত্ব সহজ প্ৰবৃত্তি কিছুমানৰ খোলা পথাৰৰ দৰে আৰু পূৰ্বপ্ৰচলিত বিশ্বাসজনিত কিছুমান কথাৰ অৱদমিত প্ৰভাৱে এই প্ৰবৃত্তিসমূহক হেঁচি ৰাখে।
ৰাধাকৃষ্ণণে এই সম্পৰ্কত কৈছিল যে, “সম্পূৰ্ণাঙ্গ জগত এখন কল্পনা কৰি, মানৱ মনত থকা সৰ্বাঙ্গসুন্দৰজনৰ ধাৰণা এটা বাহিৰত প্ৰকাশ কৰিবলৈ কৰা প্ৰচেষ্টাই হ’ল দৰাচলতে আৰু বাস্তৱ ক্ষেত্ৰত আমাৰ ধৰ্ম৷ ই আমাক ঘটনাৰ বাস্তৱতাৰ পৰা নিষ্কৃতি দি ভাৱবাদী অভিজ্ঞতালৈ যোৱাৰ উপায় দিয়ে। মানুহে নিজে যেনেকুৱা হবলৈ বিচাৰে ঈশ্বৰ তাৰেই স্বৰূপ।”

গতিকে যোগাত্মক মন এটাক তুলি ধৰি বাস্তৱক বোধেৰে আগুৱাই যোৱাটো বৰ প্ৰয়োজনীয়। মানুহৰ মনটো যেনকুৱা তাৰ আশেপাশে থকা পৰিবেশৰ ঘটনা পৰিঘটনাৰ ব্যাখ্যাও সি সেইদৰেই কৰি লয়।
মানুহক সাম্প্ৰতিক মানৱতাবাদৰ শিক্ষাৰ অতিকৈ প্ৰয়োজন হৈ পৰিছে। কাৰণ মানৱতা কেৱল মানুহৰ মাজতে সীমাবদ্ধ নাথাকে পৰিবেশ আৰু প্ৰতিটো জীৱৰ যত্ন লোৱাটোও ই তাৰ পৰিসীমাৰ ভিতৰত সামৰি লয়। সকলোৰে কুশল কামনাই মানৱতাৰ মুখ্য লক্ষ্য। ইয়াৰ প্ৰকৃত উদ্দেশ্যই হৈছে প্ৰকৃতিৰ সেৱা কৰা।
ৰ’নাল্ড ৰেগানে কোৱাৰ দৰে, “আমি সকলোকে সহায় কৰিব নোৱাৰোঁ, কিন্তু সকলোৱে কাৰোবাক সহায় কৰিব পাৰে।” তেনে কৰিলে মানৱতাৰ হাঁহিটো সকলোৰে মাজলৈ বিয়পি পৰিব আৰু সকলোৱে সহায় সহযোগিতাৰে এখন সুন্দৰ সমাজ গঢ়ি তুলিব সক্ষম হ’ব।
গ্ৰীকসকলেও বিশ্বাস কৰিছিল ‘মানব, ক্ৰম আৰু অনুপাতৰ’ ওপৰত মানৱতাবাদ নিহিত হৈ থাকে। ই চৰম আৰু স্বয়ং অৰ্থব্যঞ্জকৰ। মানবতাবাদৰ অৰ্থ কিন্তু ব্যৱহাৰিক কৰ্মতেই নিহিত থাকে।

এই জগতৰ এক আদৰ্শ অৱস্থান্তৰৰ বাবে মানুহৰ মানৱ সত্তাৰ পূৰ্ণতাৰ প্ৰয়োজন আছে। কিয়নো এৰিষ্টটলে কৈছিল, “যি সকলে আমাক অকল মৰণশীল বুলি ভাবিবলৈ কয়, তালৈ আমি মন কৰা অনুচিত। আমি যিমান দূৰ পাৰোঁ নিজক অমৰ কৰিবলৈ চেষ্টা কৰা উচিত, আৰু তাৰ বাবে আমাৰ শ্ৰেষ্ঠ নীতিৰ লগত খাপখোৱা জীৱন নিৰ্ব্বাহৰ বাবে সকলো কাম কৰিবলৈ যত্ন কৰা উচিত(Nichomachean Ethics_1177b)। মানৱসত্তাৰ মূল নিহিত আছে অদৃশ্য আৰু শাশ্বত জনত আৰু মানুহৰ ভাগ্য এই পৃথিৱীত থকা কালছোৱাতেই সীমাবদ্ধ নহয়।”

মানুহৰ এক সংযমিত জীৱনক প্ৰতিনিধিত্ব কৰি আত্মসত্তাই সামগ্ৰিক অৱস্থানৰে এক সুসংহত সমন্বয়কৰ বাৰ্তা বহন কৰে। এই বাৰ্তাত নিহিত থাকে আত্মসুসংস্কৃতিৱান হোৱাৰো আখৰা। এগৰাকী সুসংস্কৃতিৱান লোকে স্ববোধেৰে যিকোনো সৎ পৰিৱৰ্তনত ইন্ধন যোগাব পাৰে আৰু তেওঁলোকৰ চৈতন্যই ইয়াত সহায় কৰে। কিয়নো ইয়াৰ সহায়তহে মানৱাতীত পাৰমাৰ্থিক সঁচাৰ জিলিঙনি চুবলৈ সক্ষম হ’ব পাৰি।

যেতিয়া মানৱে কৰ্তৃত্বৰ অনুশাসনৰ পৰা মুক্ত হৈ এটা সুন্দৰ আত্মনিৰ্ধাৰণ সম্ভাৱনাৰ অৱস্থালৈ উঠিবলৈ চেষ্টা কৰিব তেতিয়া সৃজনশীল মন এটাৰ সহায় সহযোগিতাৰ প্ৰয়োজন হয়।
অন্তৰ্দৃষ্টিক প্ৰৱেক্ষণ কৰিব পাৰিলে ভৱিষ্যতকো নিৰূপণ কৰিব পাৰি।
মানুহবোৰ সৌভাগ্যৱান কাৰণ জীৱনৰ প্ৰবেশ পথ যদিও মাত্ৰ এটাহে কিন্তু ওলাই যাবলৈ হেজাৰটা পথ থাকে।
ৰাছেলে কোৱাৰ দৰে, “শেষ আঘাত পৰাৰ আগতে আমাৰ এই ক্ষুদ্ৰ দিনবোৰ সুমাৰ্জিত কৰিবলৈ সৎচিন্তাকে বাঞ্ছা কৰিবা।”

সৎচিন্তাৰ ফচলে সমাজক ৰাইজক উপকৃত কৰে। এই চিন্তাবোৰ লিপিবদ্ধ কৰি থব পাৰিলে একো একোটা উত্তম সৃষ্টি হিচাপে ই দহৰো উপকাৰ সাধন কৰে। উল্লেখ কৰিব পাৰি যে জীৱন আৰু জগতৰ প্ৰতি যি মানসিকতা তাক অহৰহ নিয়ন্ত্ৰণ কৰি থাকে মানুহৰ নিজ নিজ দৃষ্টিভংগীয়ে। প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা কৰিব পৰা বুদ্ধি-বৃত্তি অনুসৰি দৃষ্টিভংগীৰো পাৰ্থক্য ভিন্ন হোৱা দেখা যায়, ই স্বাভাবিকো।
জীৱন সোঁতত উটিভাহি আমি সমাজ তথা আশেপাশে থকা চৌদিশৰ গ্ৰাহ্য মানসিকতাকত নিজৰ অজানিতেই বুটলি লওঁ আৰু নিয়ন্ত্ৰিত হওঁ সেইদৰেই। গভীৰ আৰু অৰ্থবহ যুকিয়াই চোৱা বিধৰ দৃষ্টিক প্ৰসাৰিত কৰিবলৈ যত্ন নকৰোঁ। এই ক্ষেত্ৰত দৃষ্টিভঙ্গীৰ এটি সৰু উদাহৰণ দিব পাৰি এনেধৰণৰ,— এদিন এজন শিক্ষকে শ্ৰেণীকোঠাত হঠাৎ ঘোষণা কৰিলে যে তেওঁ সেইদিনা ছাত্ৰ-ছাত্ৰীৰ এটা বিশেষ পৰীক্ষা ল’ব আৰু সেই উদ্দেশ্যে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীক প্ৰশ্নকাকত এখনকৈ দি গ’ল।
প্ৰশ্নপত্ৰ লৈ ছাত্ৰ-ছাত্ৰী আচৰিত, কাগজখনত কোনো প্ৰশ্ন নাছিল,
মাত্ৰ কাগজখনৰ সোঁমাজত এটা ক’লা বিন্দু আছিল। আচৰিত হৈ শিক্ষকলৈ চাই থকা ছাত্ৰ-ছাত্ৰীক শিক্ষকগৰাকীয়ে ক’লে, “তোমালোকে কাগজখনত কি দেখিছা? যি দেখিছা সেই বিষয়ে তোমালোকৰ মনলৈ কি আহে তাকে লিখা।” শিক্ষকৰ কথা শুনি ছাত্ৰ-ছাত্ৰীয়ে বাধ্য হৈ লিখিবলৈ আৰম্ভ কৰিলে। নিৰ্দিষ্ট সময়ৰ অন্তত শিক্ষকে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ পৰা লেখাবোৰ সংগ্ৰহ কৰি পঢ়িবলৈ আৰম্ভ কৰিলে। প্ৰায় প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়েই লিখিছিল কাগজৰ মাজভাগত থকা ক’লা বিন্দুটো সম্পৰ্কে বিভিন্ন কথা, কোনোবাই সেই বিন্দুৰ স্থিতি নিৰ্ণয় কৰিবলৈকো যত্ন কৰিলে।
প্ৰতিটো উত্তৰ পঢ়াৰ পাছত শিক্ষকে নিজৰ ব্যাখ্যা আৰম্ভ কৰিলে, ‘মই তোমালোকৰ চিন্তাৰ গভীৰতা আৰু মানসিকতাৰহে পৰীক্ষা লৈছিলোঁ। মন কৰিছানে তোমালোকৰ প্ৰত্যেকৰ চিন্তা-চেতনাক ক’লা বিন্দুটোৰ অস্তিত্বই কেনেকৈ গ্ৰাস কৰিছে? প্ৰত্যেকেই ক’লা বিন্দুটোৰ বিষয়ে বিভিন্ন ব্যাখ্যাৰে লিখিবলৈ চেষ্টা কৰিছা। অথচ কোনেও কিন্তু ক’লা বিন্দুটো থকা বগা কাগজখনৰ কথা মনেই নকৰিলা– সকলোৱে কেৱল ক’লা বিন্দুটোকহে প্ৰাধান্য দিলা।” গতিকে এয়াই দৃষ্টিভঙ্গী।
“যা মতিঃ সা গতিঃ।”
অৰ্থাৎ যেনে মতি হয় তেনে গতিও হয় আৰু এই মতি অৱশ্যে কাৰ্য্যানুযায়ী হয়। সেইবাবে সৎকাৰ্যৰে জীৱনটোক মহৎ কৰাৰ লক্ষ্যত প্ৰবৃত্ত হোৱাটো উচিত।
মেথেউ আৰ্ণল্ডে কৈছিল, “স্বৰ্গৰ গহনত স্পষ্ট তৰাৰ আচ্ছাদিত সঁফুৰাৰ পৰা, জ্বলি থকা সমুদ্ৰৰ শান্ত পথেৰে ৰাতিৰ চৰচৰণি মিশ্ৰিত বতাহজাকে উত্তৰ দিছিল— তুমি এনেকুৱা হ’বা নেকি যেনেকুৱা ইহঁত? ইহঁতৰ দৰে জীয়াবলৈ শিকা।” সিহঁতৰ চাৰিওপিনৰ নিস্তব্ধতাৰ পৰা প্ৰভাৱিত নোহোৱাকৈ সিহঁতে যিবোৰ দৃশ্য প্ৰত্যক্ষ কৰে তাৰপৰা বিচলিত নহয়। সিহঁতে দাবী নকৰে যে সিহঁতৰ অবিহনে প্ৰেম মনোৰঞ্জন বা সহানুভূতি দিয়ক, আৰু তৰাবোৰ সুখত জিলিকি উঠে আৰু সমুদ্ৰই নিজৰ দীঘল লহৰত বিলীন হয়। আত্মসন্তুষ্টিৰ বাবেই সিহঁতে জীয়াই থাকে; ধ্যান নিদিলেও দুখী নহয়। কোনোবা ভিন্ন আত্মাৰ সকলো জ্বৰ নিজকেই নিজে সামৰি আৰু বেপেৰোৱা ভাবত পৰমেশ্বৰৰ অন্য কাৰ্য কি স্থিতিত হব পাৰে সিহঁতৰ নিজৰ কাৰ্যত সকলো শক্তি উজাৰি দি আছে। সিহঁতে সেই শক্তিশালী জীৱনক প্ৰাপ্ত কৰে যাক আপুনি বিচাৰে। স্বয়ং অস্তিত্ব হোৱাৰ সংকল্প কৰক আৰু জানি লোৱা যিয়ে স্বয়ং অস্তিত্বক জানে তেওঁক দুখবোধে আমনি দিব নোৱাৰে।”

জীৱনবোধক ধাৰণ কৰি সৎ কৰ্মৰে সৃষ্টিশীলতাত মনোনিৱেশ কৰি জীৱন যাত্ৰা আগুৱাই লৈ গৈ থাকিব লাগে। সেইবাবেই কোৱা হয় জীৱন, গৈ থকাৰে নাম অৰ্থাৎ,
চৰৈৱতী।
চৰৈৱতী।

পুষ্পাঞ্জলি শিৱম শৰ্মা।
সম্পাদক
সাহিত্য ডট অৰ্গ।

এই সংখ্যাটোৰ আঁৰত-

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অভিজ্ঞান ফুলকোঁ‌ৱৰ
1 year ago

সম্পাদকীয় ভাল হৈছে।

Don`t copy text!