সাক্ষাৎকাৰ - লক্ষিমী শইকীয়া বৰা

লেখক- ‘সাহিত্য ডট অৰ্গ

‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল মাজুলীত অৱস্থিত দক্ষিণপাট সত্ৰৰ বিশিষ্ট উদ্যোগী তথা লেখক শ্ৰীযুতা লক্ষিমী শইকীয়া বৰাৰ। স্বনিৰ্ভৰশীলতাক এক স্বকীয় মাত্ৰা প্ৰদান কৰা লক্ষিমী শইকীয়া বৰাৰ অনুপম কাহিনী তথা লেখক হিচাপে তেওঁ লাভ কৰা বিভিন্ন অভিজ্ঞতা সম্পৰ্কে শ্ৰীযুতা শইকীয়া বৰাই এই সাক্ষাৎকাৰটিত বৰ্ণনা কৰিছে।  তেখেতৰ দ্বাৰা সৃষ্ট ক্ষুদ্ৰ উদ্যোগ ‘আয়ুস মাজুলী’ৰ জন্মৰ কাহিনী তথা তেখেতৰ দ্বাৰা ৰচিত মনোৰম গ্ৰন্থসমূহ যেনে ‘কৰ্ণ কোন’, ‘মই মা হ’বলৈ ওলাইছোঁ’, ‘মাজুলীৰ বুকুত শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰ’,  ‘চতুৰ্ভাষিক শব্দজ্ঞান’ আদিৰ সৃষ্টিৰ আঁৰৰ কাহিনীও শ্ৰীযুতা শইকীয়া বৰাই এই সাক্ষাৎকাৰটিত ব্যক্ত কৰিছে। 
 
বিশিষ্ট উদ্যোগী আৰু লেখক শ্ৰীযুতা লক্ষিমী শইকীয়া বৰা উপস্থিত থকা এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ‘অসমীয়াত কথা বতৰা’ গোটৰ এই মাহৰ সম্পাদক শ্ৰী পুষ্পাঞ্জলি শিৱম শৰ্মা তথা ‘অসমীয়াত কথা বতৰা গোট’ৰ সদস্য ক্ৰমে বিকাশ দত্ত আৰু অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে পুষ্পাঞ্জলি শিৱম শৰ্মাই। এই সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে মৃদুল কুমাৰ শৰ্মাই। ইয়াৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰী বিকাশ দত্তই। উক্ত সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে এই গোটটিৰ আন এগৰাকী সক্ৰিয় সদস্য ডঃ দ্বীপজ্যোতি বৰাই। 
 
 
 
————————————————-
 
সাহিত্য ডট অৰ্গ: – নমস্কাৰ বাইদেউ। আজিৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাৰ বিষয়ে আপুনি নিজে কি ভাবে সেইয়া অনুগ্ৰহ কৰি আমাক জনাবনে? 
 
লক্ষিমী শইকীয়া বৰা: – নিশ্চয়। মোৰ দৃষ্টিৰে লক্ষিমী শইকীয়া বৰা এগৰাকী স্ব-নিৰ্ভৰশীল, আত্মবিশ্বাসী তথা সংগ্ৰামী মহিলা  যি অন্য দহ গৰাকীতকৈ ব্যতিক্ৰম। যিয়ে পুৰুষৰ লগত সমানে ফেৰ মাৰিবলৈ সাহস কৰে  আৰু স্পষ্টবাদী হিচাপে নিজকে চিনাকি দিবলৈ সদায় চেষ্টা কৰে। 
 
সাহিত্য ডট অৰ্গ: – জীৱন মানেই সংঘৰ্ষ আৰু নিশ্চয়কৈ আপুনিও নানা সংঘৰ্ষৰ মাজেৰে আগবাঢ়ি আছে। কি কি প্ৰত্যাহ্বান নেওচি আপুনি আজিৰ এই সফল স্থিতিত উপনীত হৈছেহি? 
 
লক্ষিমী শইকীয়া বৰা: – সংঘৰ্ষ বুলি কোৱাতকৈ যদি সংগ্ৰাম বুলি কও তেতিয়া হয়তো বেছি স্পষ্ট হ’ব। কাৰণ জন্মলগ্নৰেপৰাই এটা সংগ্ৰামী মন লৈ সময়ৰ কোলাত ডাঙৰ হৈছোঁ। কেঁচা মাটিৰ গোন্ধত সজীৱ হৈ পৰা মনটোৱে বহু ক্ষেত্ৰত বহু প্ৰত্যাহ্বান নেওচি আজিৰ পৰ্যায় পাইছোঁ। আপোন মানুহবোৰক হেৰুৱাৰ বেদনা মোৰ বাবে অসহনীয় আছিল। ফুল এপাহ ফুলাৰ আগতেই মৰহি গৈছিল মোৰ ভাতৃ, সপোনবোৰ বুকুত লৈয়ে আঁতৰি গৈছিল  মোৰ পিতৃ।   তদুপৰি দুটাকৈ চৰকাৰী চাকৰি পায়ো  মই এৰি দিব লগা পৰিস্থিতি হৈছিল। সেয়াও আছিল মোৰ বাবে অতি মৰ্মান্তিক প্ৰত্যাহ্বান। অৱশেষত স্ব-নিৰ্ভৰশীল হোৱাৰ সপোন এটাই মোক দিনে-ৰাতিয়ে খেদি ফুৰিছিল। যিটো বৰ্তমান বাস্তৱৰ দিশে ধাৱমান। 
 
সাহিত্য ডট অৰ্গ: – আপুনি ‘আয়ুস মাজুলী’ উদ্যোগটো আৰম্ভ কৰাৰ প্ৰধান কাৰণ কি? সেই সম্পৰ্কত থূলমূল আভাস এটি দিয়ক। প্ৰকল্পটো আৰম্ভ কৰাৰ সময়ত আপুনি কোনো ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল নেকি? 
 
লক্ষিমী শইকীয়া বৰা: – ‘আয়ুস মাজুলী’ হ’ল নিৰ্ভেজাল সৰিয়হৰ তেল।   আজিৰ বজাৰত  ভেজাল সামগ্ৰীয়ে উপচি পৰিছে। সাৰ দিয়া শাক-পাছলি, মাছ, ফলমূল আৰু কেমিকেল যুক্ত তেলৰ বাবেই আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে থিতাপি লৈছে। সেয়েহে মই ৰাইজক নিৰ্ভেজাল  তেল যোগান ধৰাৰ মানসেৰে এই ক্ষুদ্ৰ উদ্যোগটো আৰম্ভ কৰিছিলোঁ। মোৰ প্ৰতিটো শুভ কৰ্মত মোক অনুপ্ৰাণিত কৰা ব্যক্তিজন হৈছে মোৰ স্বামী বলিন বৰা। লগতে মোৰ প্ৰতিটো কৰ্মৰ পৰামৰ্শদাতা হ’ল শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী প্ৰভু। তেখেতৰ আশীৰ্বাদ  লৈ। মই প্ৰতিটো কামত আগবাঢ়োঁ। মই সমাজৰ প্ৰতিজন সচেতন ব্যক্তিলৈ এটাই আহ্বান জনাম যে বৰ্তমানৰ ভেজাল বজাৰখনত  সোমাই নিজকে যাতে হেৰুৱাই নেপেলায়। কম দৰত যিকোনো বস্তু ক্ৰয় কৰি ধন ৰাহি কৰাৰ বিপৰীতে আপোনাৰ শৰীৰৰ বহু মূল্যবান সম্পদ নষ্ট হ’ব পাৰে। 
 
সাহিত্য ডট অৰ্গ: – জানিবলৈ পোৱা অনুসৰি আপুনি সৰ্পদংশনৰ দৰে তিক্ত অভিজ্ঞতা নেওচি মৃত্যুৰ কোলাৰ পৰা উভতি আহিছে? 
এই বিষয়ে থকা আপোনাৰ অভিজ্ঞতা সম্পৰ্কে আমাক অলপ জনাবনে? 
 
লক্ষিমী শইকীয়া বৰা: – হয়। প্ৰথমতে মই ক’ম যে কোনো বিপদতে সাহস হেৰুৱাব নালাগে। কাৰণ সাপৰ বিহতকৈ ভয়ৰ বিহ অতি মাৰাত্মক। যিকোনো সাপে দংশন কৰাৰ লগে লগেই ওচৰৰ চিকিৎসালয়লৈ গৈ চিকিৎসকৰ তত্ত্বাৱধানত থাকিব লাগে। বাৰ ঘণ্টাৰ ভিতৰত যিকোনো সময়তে সাপৰ বিহ শৰীৰত মিহলি হৈ কেবাটাও লক্ষণ দেখা দিব পাৰে। যেনে- চকু মেলিবলৈ মন নোযোৱা, ওঁঠ দুখন শুকাই যোৱা, উশাহ ঘন হোৱা, শৰীৰৰ অংগবোৰ ক্ৰমশঃ গধুৰ হৈ পৰা ইত্যাদি। এনে লক্ষণ দেখা দিয়াৰ পাঁচ কিম্বা দহ মিনিটৰ ভিতৰত যদি “এণ্টিভেনম” দিয়া নহয় তেতিয়াহে ৰোগীৰ মৃত্যু হোৱাৰ আশংকা থাকে। অন্যথাই বিপদৰ আশংকা নাই। 
 
সাহিত্য ডট অৰ্গ: – আপুনি এগৰাকী সফল  উদ্যোগী মহিলাৰ লগতে সমান্তৰালভাৱে সাহিত্যচৰ্চাও কৰি আছে। এতিয়ালৈ আপোনাৰ দৃষ্টিত আপোনাৰ  প্ৰিয় সৃষ্টি কি আৰু কিয়? কেনেধৰণৰ লেখাক আপুনি গুৰুত্ব দিয়ে? 
 
লক্ষিমী শইকীয়া বৰা: – এগৰাকী মাতৃৰ বাবে যিদৰে প্ৰতি সন্তানেই মৰমৰ, ঠিক সেইদৰে আমাৰো প্ৰতিটো শব্দৰ সৃষ্টিয়েই প্ৰিয়।   শব্দৰ প্ৰতি প্ৰেম জাগ্ৰত হ’লেহে সৃষ্টিৰ মাদকতা বাঢ়ে।   বৰ্তমানলৈকে প্ৰকাশিত প্ৰতিখন গ্ৰন্থই মোৰ প্ৰিয়। তাৰ ভিতৰতে যদি মাহী আইৰ চকুৰে চাওঁ তেনেহ’লে  ‘মাজুলীৰ বুকুত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ’ গ্ৰন্থখনি আগবঢ়াব লাগিব। কাৰণ উক্ত গ্ৰন্থখনিত ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰৰ ৩৬২ বছৰীয়া ইতিহাস সংলগ্ন হৈ আছে। লগতে বৰভঁৰালত সংগ্ৰহীত সম্পদসমূহৰ তথ্যচিত্ৰ গ্ৰন্থখনিত ধৰি ৰখা হৈছে। মই সদায় মৌলিক সাহিত্যৰ ওপৰত অধিক গুৰুত্ব দিওঁ। বাস্তৱ ঘটনাক আলোকপাত কৰি সমাজলৈ কিবা এটা বাৰ্তা দিয়াৰ চেষ্টা কৰোঁ। 
 
সাহিত্য ডট অৰ্গ: – এগৰাকী উদ্যোগী মহিলা আৰু সাহিত্যচৰ্চাৰ মাজতো আপুনি আপোনাৰ ব্যক্তিগত তথা সাংসাৰিক জীৱনটো সমান্তৰালভাৱে কিদৰে আগবঢ়াই নিছে? 
 
লক্ষিমী শইকীয়া বৰা: – সময়ৰ সুৰুঙাৰে সংসাৰ সামৰিছোঁ। সন্তানক সময় দিছো, স্বামীক সকলো সময়তে সহায় কৰিছোঁ। সময় সমূলি অপব্যয় নকৰোঁ। 
 
সাহিত্য ডট অৰ্গ: – আপোনাৰ দৃষ্টিত আটাইতকৈ সহজ কাম আৰু আটাইতকৈ টান কাম কি? 
 
লক্ষিমী শইকীয়া বৰা: – মোৰ বাবে আটাইতকৈ সহজ কামটো হৈ পৰক আপোন কৰাতো আৰু আটাইতকৈ টান কামটো হৈছে মিছা কথা মানি লোৱাটো। 
 
সাহিত্য ডট অৰ্গ: – সাহিত্যৰ জগতখনত ভুমূকি মাৰি ইতিমধ্যেই আপুনি উল্লেখযোগ্য বহুখিনি অৱদান আগবঢ়াইছে। ছপা সাহিত্য আৰু অনলাইন সাহিত্যৰ বিষয়ে আপুনি কি মতামত আগবঢ়াব? 
 
লক্ষিমী শইকীয়া বৰা: – সাহিত্য সৃষ্টিৰ আধাৰ। মনৰ মাজৰপৰা ওলাই যোৱাৰ পিছত লিখিত হওক বা কঠিত হওক, সকলোৱেই সাহিত্য। কেৱল সংৰক্ষণ কৰি ৰাখিবৰ বাবেহে ছপা বা অনলাইন আদিৰ ব্যৱস্থা কৰা হয়। বৰ্তমান ছচিয়েল মেডিয়াৰ ক্ষিপ্ৰতাত ছপা সাহিত্যতকৈ অনলাইন সাহিত্যই অধিক পাঠকৰ সৃষ্টি কৰিছে। আমাৰ দৃষ্টিৰে দুয়োটা দিশতেই পাঠকৰ মন জয় কৰিবলৈ হ’লে গুৰুত্ব দিব লাগিব লেখকৰ লেখাৰ কৌশলৰ ওপৰত। বিষয়বস্তু উপস্থাপন, শব্দৰ গাঁথনি আৰু বানানৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰা উচিত 
 
সাহিত্য ডট অৰ্গ: – অনলাইন সাহিত্য বিশেষকৈ ‘সাহিত্য ডট অৰ্গ’ সম্পৰ্কে আপুনি কেনেধৰণৰ পৰামৰ্শ দিব? 
 
লক্ষিমী শইকীয়া বৰা: – সদায় নতুনত্ব বিচাৰি লেখা সংগ্ৰহ কৰিলে পাঠক সৃষ্টি কৰাত সহায় হ’ব। বিশেষকৈ নৱপ্ৰজন্মৰ মনোগ্ৰাহী লেখাসমূহ বিচাৰি উলিয়াব পাৰিব লাগিব। আশা কৰিম ‘সাহিত্য ডট্ অৰ্গ’ দীৰ্ঘজীৱী হৈ সুস্থ আৰু সৱল সমাজ গঠনত অলেখ অৱদান আগবঢ়াব। 
 
সাহিত্য ডট অৰ্গ: – চাকৰিমুখী হোৱাৰ বিপৰীতে বৰ্তমান সময়ত  উদ্যমিতাও  যে এক বিকল্প হব পাৰে তাক আপুনি আপোনাৰ কৰ্মৰাজিৰ জৰিয়তে নিদৰ্শন ডাঙি ধৰিছে। আত্মনিৰ্ভৰশীল হোৱাৰ দিশত নৱপ্ৰজন্মক “উদ্যমিতাৰ’’ প্ৰতি আগ্ৰহ জন্মাবলৈ তথা জনপ্ৰিয় কৰিবলৈ আপোনাৰ এটি যোগাত্মক পৰামৰ্শ? 
 
লক্ষিমী শইকীয়া বৰা: – যিকোনো কাম কৰিবলৈ মূলধনৰ প্ৰয়োজন। কিন্তু যদি আমাৰ কাম কৰাৰ হেঁপাহ থাকে কিন্তু মূলধন নাথাকে, তেতিয়াও মন ভাঙি নিদি একমাত্ৰ সাহসক মূলধন হিচাপে লৈ কৰ্মমুখী  হ’লে পিছলৈ চোৱাৰ সুযোগ নাপাব। যেতিয়াই কৰ্মৰ লগত একাত্ম হ’ব পাৰিব তেতিয়াই এগৰাকী সফল ব্যক্তি হিচাপে আগবাঢ়িব পাৰিব। কিন্তু এটা কথা সদায় লক্ষ্য কৰিব লাগিব যে আপুনি সদায় এজন কৰ্মচাৰী হিচাপে কাম কৰিছে, মালিক শব্দটো প্ৰয়োগ কৰি নিজে নিজক অহংকাৰী হোৱাৰ সুযোগ নিদিব। 
 
সাহিত্য ডট অৰ্গ: – ভৱিষ্যত পৰিকল্পনা? 
 
লক্ষিমী শইকীয়া বৰা: – ভৱিষ্যত পৰিকল্পনা বুলি নিদিষ্টকৈ একো নাই। সময়ে যি দেখুৱাই সেয়াই আন্তৰিকতাৰে লৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰোঁ। তথাপিও এগৰাকী কৃষক, মৎস্যপালক তথা উদ্যোগী মহিলা হিচাপে প্ৰতিজন অসমীয়াৰ হৃদয় জয় কৰিব পৰাটো মোৰ অন্যতম সপোন আছে। 
 
সাহিত্য ডট অৰ্গ: – ইমানপৰে আপুনি আপোনাৰ বৰ্ণময় যাত্ৰা সম্পৰ্কে আমাক অৱগত কৰিলে। ‘সাহিত্য ডট অৰ্গ’ৰ সমূহ পাঠক আপোনাৰ এই বক্তব্যৰ দ্বাৰা নিশ্চয়েই উপকৃত হ’ব। সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক হিয়াভৰা কৃতজ্ঞতা জনালোঁ। শুভৰাত্ৰি। 
 
লক্ষিমী শইকীয়া বৰা: – মোৰো আপোনালোকৰ লগত কথা পাতি বৰ ভাল লাগিল। ‘সাহিত্য ডট অৰ্গ’ৰ সমূহ পাঠক তথা সদস্যসকলক ময়ো ধন্যবাদ জ্ঞাপন কৰিলোঁ। শুভৰাত্ৰি।
 
সাক্ষাৎকাৰ গ্ৰহণঃ  পুষ্পাঞ্জলি শিৱম শৰ্মা, বিকাশ দত্ত আৰু অভিজিত দত্ত। 
 
অনুলেখনঃ পুষ্পাঞ্জলি শিৱম শৰ্মা। 
 
বৰ্ণাশুদ্ধি নিবাৰণঃ পুষ্পাঞ্জলি শিৱম শৰ্মা। 
 
সাক্ষাৎকাৰৰ প্ৰস্তুতকৰণঃ পুষ্পাঞ্জলি শিৱম শৰ্মা। 
 
সাক্ষাৎকাৰৰ বাণীবন্ধন আৰু ভিডিঅ’ সম্পাদনাঃ বিকাশ দত্ত।
 
 
 
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!