কফিবুলীয়া বাৰ্তালাপ

লেখক- মানসী গোঁহাই

আগতীয়া পৰীক্ষাবোৰ কৰিবলৈ লৈ যোৱালৈকে মাকে তাইৰ হাতত ধৰি কাকূতি কৰাদি কৈ থাকে বাৰে বাৰে।

”তাক এবাৰ খবৰটো দে অ। “

সন্ধিয়ালৈ ডাক্তৰে তেওঁক কৰিবলগীয়া অপাৰেচনটোতকৈ তাই কিদৰে পৰিস্থিতি চম্ভালিব তাৰহে বেছি চিন্তা তেওঁৰ। জীয়ৰীয়ে লাগিলে অকলে বিদেশলৈকে অহাযোৱা কৰক, ভায়েকক পঢ়োৱাকে ধৰি ঘৰখনো ভালকৈ চলাওক, সেইয়া ডাঙৰ কথা নহয়।  যেতিয়াই তেওঁ অপ্ৰয়োজনীয় চিন্তা এসোপা গোটাই লয়, ৰক্ষা নাই আৰু। সমগ্ৰ পৃথিৱীত তেওঁৰ জীয়ৰীজনীহে যেন অসুৰক্ষিত হৈ আছে, তেওঁ তেনে ব্যৱহাৰ কৰে।

অতদিনে তাই এইবোৰ নভবাকৈয়ে চলি আছিল। বেমাৰ আজাৰে ডাক্তৰৰ ওচৰলৈ যোৱা, বুমনৰ ‘কাউঞ্চেলিঙ’ৰ পৰা আৰম্ভ কৰি ‘পি জি’ ঠিক কৰি প্ৰয়োজনীয় বস্তু কিনি দিয়ালৈকে সকলো তাইয়েই কৰিছিল। অৱশ্যে তাই নকৰিলে আন কোনেনো কৰিব? ঘৰখনৰ এই দুটা প্ৰাণীৰ বাবে তায়েই একমাত্ৰ সাৰথি। কিন্তু আজি তিনিমাহৰ আগৰে পৰা এই মৃগাংক নামটো তাইৰ জীৱনৰ সৈতে সংযোগ হোৱাৰ পৰাই মাকে তাইক একো নজনা আঁ‌কৰী, আজলী ছোৱালী যেন কৰিবলৈ লৈছে। আনকি সেইদিনা অফিচত আয়োজন কৰা বিহুলৈ বুলি মেখেলা-চাদৰ এযোৰ কিনিবলৈ ওলাওঁ‌তেও বোলে ‘মৃগাংকক মাতি দে সিয়ো চাই দিব পাৰিব’ বুলিও তেওঁ কবলৈ পাহৰা নাই।

নিকট আত্মীয়কে ধৰি বন্ধুৰ সাংসাৰিক জীৱনবোৰ দেখি দেখি তেনে এটা জীৱন কল্পনা কৰাৰ সদিচ্ছাবোৰৰ পৰা তাই নিজকে নিলগাই ৰাখিছিল। তাতে এইখন পৃথিৱীহে! মুকলি বতাহ অকণ ল’বলৈ পাহাৰ পৰ্বতলৈ ‘উইকেণ্ড’ মিলাই দৌৰিব লগা হোৱা, জীৱন নিৰ্বাহৰ বৰ্ধিত হিচাপ- নিকাচ, হিংসা-সন্ত্ৰাস, কুটিল ৰাজনীতি, ধৰ্ম আৰু জাতিৰ নামত সংঘৰ্ষ আদিৰ কবলত কোনোবা এদিন বিয়া হৈ নিজা বুলিবলৈ এখনি সৰু সুখৰ সংসাৰ গঢ়িবলৈও জিকাৰ খাই উঠে তাই। কিন্তু এগৰাকী সাধাৰণ ভাৰতীয় মাতৃয়ে অবিবাহিতা জীয়ৰীৰ এইবোৰ কথা শুনি ‘নালাগে তেনেহ’লে বিয়া পাতিবলৈ’ বুলি বুজি ল’ব জানো?

বুমনে হায়াৰ ছেকেণ্ডাৰিৰ গণিতৰ টিউচন মৃগাংক সেনাপতিৰ ওচৰত লৈছিল। বুমনৰ মেধাৰ প্ৰতি আকৃষ্ট হৈয়ে ‘এণ্ট্ৰেঞ্চ’ৰ বাবেও চাই দিছিল তেওঁ। সি প্ৰায়েই আহি মৃগাংক ছাৰৰ কথা ঘৰত উলিয়ায়। ছাৰ যে এজন ভয়ংকৰভাৱে জিনিয়াছ শিক্ষক সেইয়া সি প্ৰায়েই বিভিন্ন কথাৰ মাজতেই উলিয়ায়।

বুমনৰ টিউচন ফীজ দিবলৈ গৈ মাকে এদিন মৃগাংকৰ ঘৰলৈ গৈছিল। মৃগাংক নথকাত তাইৰ মাকে মৃগাংকৰ মাকৰ লগতেই কথা পাতিছিল।  মাক দুজনীয়ে এদিন খন্তেকতে কি কথা পাতিলে তাৰ এমাহমানৰ পাছত তাই ফোনত এটা মেছেজ পাই হয়তো অলপকৈ বুজি উঠিছিল। মেচেজটো আছিল এনেধৰণৰ, “Barnadhya’s maths tutor Mriganka is here.”

বুমনৰ টিউচন ছাৰে কিয় হঠাৎ মেছেজ দিলে সেইয়া ভাবি তাই ভয় খাইছিল। বুমনৰ কিবা হোৱা নাইতো? তাই ফোন কৰিছিল নম্বৰটোলৈ।

: মই বৰ্ণাঢ্যৰ বায়েকে কৈছোঁ‌। সি ঠিকে আছে নহয়?

সেইদিনা শুক্ৰবাৰ, বুমনৰ অংকৰ টিউচন নাথাকে। মুহূৰ্তৰ বাবে তাই কথাটো পাহৰি গৈছিল।

: আজি শুক্ৰবাৰ। শুক্ৰবাৰে বৰ্ণাঢ্যক টিউচন কৰোৱা নহয়।

গলগলীয়া মাতেৰে মৃগাংকৰ কৰ্তৃত্বসুলভ সুৰটিয়ে তাইক কথাটো মনত পেলাই দিলে। বুমনক লৈ তাই মিছাই চিন্তিত হৈছিল। তেনেহ’লে কিয় ‘ক’ল’ কৰিছে তাৰ টিউচন ছাৰে?

: ই বাৰু পঢ়াত গুৰুত্ব নাই নেকি? সময় পালেই চাই দিবলৈ চেষ্টা কৰোঁ…ৰিছেণ্টলি সি নিজেই অলপ অভ্যাস কৰক বুলি এৰি দিয়া হৈছিল। গতিকে…

: মই আপোনাৰ লগতহে কথা পাতিবলৈ বিচাৰিছিলোঁ‌ সৌজন্যা, বৰ্ণাঢ্যৰ বিষয়ে নহয়।

খুবেই অস্বস্তিকৰ আছিল সেই বাৰ্তালাপ। দুজন অন্তৰ্মুখীৰ মাজত কি কথা বতৰা হ’ব পাৰে বাৰু? তাতে বিপৰীত লিংগৰ লগত কথা পতাত দুয়োজনেই একেবাৰেই অনভিজ্ঞ ।

মৃগাংকৰ আকোঁৰগোজ মনোভাৱৰ বিপৰীতে মৃগাংকৰ মাকে অনশন জাতীয় কামবোৰ কৰিবলৈ লৈছিল। সেইদিনা সৌজন্যাৰ মাকৰ পৰা সংগ্ৰহ কৰা তাইৰ নম্বৰটোলৈ ক’ল কৰি তাইৰ সৈতে মৃগাংকক কথা পাতিবলৈ তেওঁ একপ্ৰকাৰ বাধ্য কৰিছিল। পুথিভঁ‌ৰাল আৰু কোঠাটোত সোমাই থাকিলেই জীৱন নহয়। লগৰ ল’ৰাই বিয়া পাতিয়ো ল’ৰা ছোৱালীক স্কুলত দিলে। দুদিন পাছত তাৰ ওচৰতেই অংক শিকিবলৈ পঠিয়াব। আৰু সি এতিয়ালৈ বুঢ়ী মাকজনীৰ হাতৰ ভাতকেইটাৰ মোহ এৰিব পৰা নাই। একমাত্ৰ ল’ৰাৰ বিয়াখনলৈ কিমান যে হেঁপাহ পুহি ৰাখিছে তেওঁ।

প্ৰেম-বিয়া বুলিবলৈনো কি? তাইৰ সেইবোৰৰ প্ৰতি আগ্ৰহ নাই মুঠেও। স্বাধীন, একপ্ৰকাৰৰ একাকীত্ব জীৱন এটাত একেবাৰে অভ্যস্ত হৈ পৰিছিল তাই। মৃগাংক যে বুজন সেয়া লগ নোপোৱাকৈয়ো তাই ক’ব পাৰিলেহেঁ‌তেন।

তাইৰ মাকজনীৰহে ভৰি মাটিত নপৰা হ’ল। খাওঁতে, বহোঁতে, কাম কৰোঁতে মৃগাংকৰ নাম নল’লে নহয় এতিয়া। কৰাবলগীয়া ‘গল ব্লাডাৰ’ৰ অপাৰেশ্যনৰ কথা পাহৰাৰ দৰেই হৈ পৰিছিল। সাৱধান কৰি দিওঁ‌তে মাকে কলে যে অপাৰেশ্যনটো বোলে তাইৰ বিয়াৰ পাছতহে কৰোৱাব। বিয়াৰ আগত এইবোৰ ‘ঝামেলা’ লগাই নলয়। মাকে কি কৰে কৰি থাকক। তাইৰ কৰিবলগীয়াবোৰ কৰি যায়। ডাক্তৰে সময় মিলাই অপাৰেশ্যনৰ বাবে দিন এটা ঠিক কৰি সাজু হ’বলৈ দিয়ে। মাকৰ ‘গল ব্লাডাৰ’ৰ অপাৰেচন বুলি মাকৰ ওচৰলৈ আহিবলৈ বিচৰা বুমনক বুজাই সৈমান কৰোৱায় -সি পৰীক্ষাৰ আগেয়ে আহিব নালাগে। তাতে সি আহিলে তাইৰ আৰু এটা দায়িত্ব বাঢ়িব। অন্যতো কোনো নাই বিপদৰ সাৰথি হ’বলৈ। ভাতকেইটা তাইকে হস্পিতেললৈ গৈ দিওঁ‌তা কোনো নাই। আকৌ বুমন…? নালাগে সি এতিয়া আহিবলৈ। অপাৰেশ্যনটো হৈ যোৱাৰ এসপ্তাহৰ পাছত শেষ হ’বলগীয়া পৰীক্ষাটো দিয়েই দুপৰীয়া সি ‘ফ্লাইট’ত উঠি ঘৰ পাব বুলি সিহঁত দুটাই কথা পাতি ঠিক কৰিলে।

ঘৰৰ সহায়িকা অষ্টমীক তাই ঘৰলৈ পঠিয়াই দিলে। পুৱা উঠিয়েই চাহে-ভাতে সাজু কৰিবলৈ লাগিব তাই। অপাৰেশ্যন থিয়েটাৰলৈ নিওঁ‌তে অকণমান ভয় খাইছে মাকে। হাতত মৃদু হেঁচা দি দুচকুৰে সঁ‌হাৰি দিয়ে তাই। কৰিডৰত পায়চাৰি কৰি থাকোঁ‌তেই বুমনৰ ক’ল আহে। প্ৰেক্টিকেল পৰীক্ষা দি উঠিয়েই মাকৰ খৱৰ ল’বলৈ বুলি সি ফোন কৰিছে।

পানী এগিলাচ খাই কোঠাটোত বহি থাকিবলৈ চেষ্টা কৰিয়ো তাই সফল নহয়। তাইৰ মনটোত ভূমুকি মাৰে মাকৰ মুখখনে। পুনৰ অপাৰেশ্যন থিয়েটাৰৰ ফালে তাই আগবাঢ়ে।

নিৰ্জনতা আৰু একাকীত্বই কোঙা কৰি পেলোৱা সৌজন্যাই কোনোবা এজনৰ উপস্থিতি, কিছু সঁ‌হাৰি অসহায়ভাৱে অনুভৱ কৰিবলৈ ধৰে। ‘সকলো ঠিক হৈ যাব। তুমি সাহসী সৌজন্যা’ — যিয়ে সাহস হৈ ক’ব তাইক। মাক আৰু ভায়েকৰ আগত সদা সাহসী, শক্তিশালী সত্তাটো আজি তেওঁলোক দুয়োৰে অনুপস্থিতিত কাৰ ওচৰত বাৰু সাহসী হ’ব ?

কঁ‌পালত দুহাতৰ আঙুলিৰে হেঁ‌চুকি তলমূৰ কৰি বহি থাকোঁ‌তে কোনোবা এজন তাইৰ ওচৰত বহে। তাই মূৰ তুলি চোৱাৰো প্ৰয়োজনবোধ নকৰে।

আগন্তুকে মাত দিয়ে,
: কিমান সময় হ’ল মাক ‘অ’টি’লৈ নিয়াৰ?

সেইয়া মৃগাংক।

: অ, আপুনি? এঘণ্টা হ’বৰ হ’ল। তাক দেখি তাই যেন সচকিত হৈ পৰে।

তাইৰ সজল চকুহালক নেদেখাৰ দৰেই অপাৰেশ্যন থিয়েটাৰৰ ‘ডিজিটেল ব’ৰ্ড’খনত দৃশ্যমান হৈ থকা  ‘ষ্টপৱাটছ্’টোলৈ চাই মৃগাংকই নিজৰ প্ৰশ্নৰ উত্তৰ হয়তো নিজেই দিয়ে। তাই কান্দি থকা ধৰা পৰিলে তাই হয়তো অসহজ অনুভৱ কৰিব বুলি সি হয়তো অ।

প্ৰয়োজনবোধ নকৰিলেও সি আগবঢ়াই দিয়া পানী বটলটোৰ পৰা তাই পানী এঢোক খায়।
তাই লাহেকৈ মাত লগায়,

: ক’ৰৱাত যাব কৈছিল মায়ে?

: দিল্লীলৈ গৈছিলোঁ‌। আজি আহিলোঁ। আহিয়ে আহিছোঁ‌ ইয়ালৈ….

— পিছৰ বাক্যটো কওঁ‌ নকওঁ‌কৈ মৃগাংকই লাহেকৈ কয়।

মাকৰ অপাৰেশ্যনৰ কথা তাই নোকোৱা সত্ত্বেও সি কেনেকৈ খবৰ পালে, সেই কথাটোৱে তাইক আচৰিত কৰি তুলিলে। তাইৰ মনৰ ভাব বুজি হয়তো মৃগাংকই ক’বলৈ ধৰিলে,

: বৰ্ণাঢ্যক লগ কৰাৰ আগতীয়া প্লেনিং নাছিল। তাতে তাৰ প্ৰেক্টিকেলৰ পৰীক্ষাবোৰো চলি আছে। তথাপিও গৈছোঁ যেতিয়া এবাৰ লগ কৰোঁ বুলি তাৰ ওচৰলৈ যাওঁতে তাৰ পৰাই মাৰ কথাটো গম পালোঁ।

লগে লগে অনুশোচনাই হেঁ‌চা মাৰি ধৰে তাইক। হয়তো জনাব লাগিছিল মৃগাংকক। যি হ’লেও কাইলৈ পৰহিলৈ এটা সম্পৰ্ক গঢ়ি উঠিব সিহঁতৰ মাজত। তাতে মাকে কেতিয়াবাই তাৰ মাকক তেওঁৰ পেটত জলফাইৰ গুটিৰ দৰে ধৰা পৰা ‘গলব্লাডাৰ’ৰ সবিশেষ জনাইছিলেই। তাৰ মাকেও কিজানি বেয়া পাব গম পালে। কিন্তু কিহৰ তাগিদাত জনোৱা নহ’ল, সেইয়া তাই কয় কেনেকৈ? অতদিনে অকলেইতো কৰি আহিছে এই সকলোবোৰ। কাৰোবাৰ পৰা সহায়-সহানুভুতি  পোৱাৰ অভ্যাসেই নাই সৌজন্যাৰ। আকৌ যদি ভুল বুজে মৃগাংক আৰু মাকে, সেই শংকাও সংযোগ হয় তাইৰ মনত।

: আপোনাৰ ব্যস্ততাৰ বাবেই জনোৱা নাছিলোঁ‌। তাতে সৰুসুৰা অপাৰেচন যে। মায়ে নিজেই ‘ইগন’ৰ’ কৰি আছিল বহুদিনৰ পৰা…

: সৰুসুৰা অপাৰেচনেই যদি ইয়াত অকলে বহি কিয় কান্দি আছা?

মৃগাংক সেনাপতিক দিব পৰাকৈ তাইৰ হাতত উত্তৰ নাছিল। মানুহে কিয় কান্দে, কিয় বেজাৰ কৰে আদি কথাবোৰৰ সহজ উত্তৰ থাকিলেও এনেবোৰ কথা তাই আন কাৰোবাৰ সৈতে কাহানিও ভাগ-বটোৱাৰা কৰি পোৱা নাই। সুখ-দুখ আৰু অনুভৱ সৌজন্যাৰ যেন একান্তই ব্যক্তিগত সম্পদ।

এই মানুহজনে যে ইমান কথা কয়, তাই ভাবিবও পৰা নাছিল। আহিয়েই উত্তৰ দিব নোৱাৰাকৈ তাইক এইদৰে জেৰা কৰিব সেইয়া তাই কল্পনাও কৰিব পৰা নাছিল। এনে এজন কম কথা কোৱা মানুহৰ সৈতে কম কথা কোৱা তায়ো সংসাৰ নামৰ বস্তুবিধ চলোৱাৰ চেষ্টা কৰিবলৈ নিজকে সাজু কৰিছেহে মাথোন।

তাইৰ পৰা কোনো উত্তৰ নাপাই মৃগাংক তাইৰ সৈতে অপাৰেশ্যন থিয়েটাৰৰ কৰিডৰৰ বেঞ্চখনত বহি আছে। এয়া কেনে অনুভৱ বুজি উঠাৰ মানসিক স্থিতি নাথাকিলেও কিছু পূৰ্বে হেঁচা মাৰি ধৰা নিসংগ ভাবৰ ভৰটো যথেষ্ট পাতল লাগিছে সৌজন্যাৰ। এই পৃথিৱীত এই সময়ত তাই অকলশৰীয়া নহয়। অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত মাক আছে, যি কিছুসময়ৰ পাছত ওলাই আহিব, ঘৰলৈ আহিবলৈ উদ্বিগ্ন হৈ পৰা দিল্লীত পঢ়ি থকা চেনেহৰ ভায়েকটো আছে। আৰু….?
তাইৰ সৈতে মৃগাংক আছে।

মাকৰ কেনে লাগিব বাৰু ‘এনাছথেছিয়া’ৰ কবলৰ পৰা মুক্ত হৈ চকু মেলিয়েই মৃগাংকক দেখি?
আধা মেলা, আধা জপোৱা চকুৰেই চাগৈ মাকে সন্তুষ্টিৰ হাঁ‌হিটো মাৰি সুধিব তাৰ মাকৰ খবৰ, “মাৰ ভাল নে?”

হঠাৎ সুধি পেলাই তাই,

: আপুনি ডাইৰেক্ট ইয়ালৈ আহিলে?

: হয়।

: অহ।

আৰু কি সুধিব, কি পাতিব লাগে এনে সময়ত?

: তোমাৰ সকলো নিজেই কৰাৰ অভ্যাস?

প্ৰশ্নটোৰ পোনপতীয়া উত্তৰ দিয়াতকৈ তাই লাহেকৈ মৃগাংকৰ চকুলৈ চালে। খুব সহজভাৱেই সুধিছে সি। সেয়েহে লাহে লাহে তাই ক’বলৈ ধৰিলে,

: দেতা থকালৈকে দেতায়ে সকলো কৰিছিল। আমাৰ স্কুল, গাড়ী, টিউচন ফীজ দিয়াৰ পৰা লাইট, কেবল টিভি, বাতৰি কাকত, গেছৰ বিল দিয়ালৈকে। মায়ে ঘৰ চম্ভালিছিল। দেতা নোহোৱাৰ পৰা মাৰ ওপৰত দেতাই কৰাবোৰৰো দায়িত্ব পৰে।  মাক দেখি দেখি ময়ো শিকিলোঁ। চাকৰি হোৱাৰ পৰা দেতাৰ দায়িত্ববোৰ মই কৰিবলৈ লওঁ। তাতে বুমনো সৰু হৈ আছিল। মায়ে তাকো সময় দিব লাগে। সি খুবেই মৰমৰ আছিল আমাৰ তিনিওৰে। মা আৰু বুমন দুয়োকে মেণ্টেল চাপোৰ্ট এটাও লাগে। সেয়েহে…

নভবাকৈয়ে বহু কথা কৈ দিয়ে সৌজন্যাই। মৃগাংকই সোধা প্ৰশ্নটোৱে আঁ‌ত হেৰুৱায়।

: তুমি কেতিয়াও মেণ্টেল চাপোৰ্টৰ প্ৰয়োজন অনুভৱ নকৰা নে?

মৃগাংকই পুনৰ সোধে।

কেতিয়াবা এনে প্ৰশ্নৰো মুখামুখি হ’ব বুলি সৌজন্যাই চিন্তাও কৰা নাছিল। সবল বৰ্মটো ভেদ হৈ যোৱাকৈ মৃগাংকৰ দৰে এজন লোকে তাইক এনে প্ৰশ্ন কৰিব, সেইয়া তাইৰ সপোনৰো অগোচৰ আছিল। 

: বুজিছোঁ‌ আপোনালোকক নজনাই মই ভুল কৰিলোঁ। কিন্তু বিশ্বাস কৰক মোৰ অন্য মনোভাব নাছিল। হৈছেই দেখোন সকলো নিয়াৰিকৈ সেয়েহে…

সৌজন্যাক সম্পূৰ্ণ কৰিবলৈ নিদি মৃগাংকই ক’বলৈ লয়,

: তুমি কেতিয়াবা ভাগৰুৱা অনুভৱ নকৰা নে, কেতিয়াবা নিসংগ? সদায় মাহঁ‌তৰ বাবেই সাহস হৈ থাকিবলৈ প্ৰয়োজন নহয় নে সাহসৰ উদগনিৰ ?

মৃগাংকৰ মুখত শুনা আৰু কোনোদিনেই স্বীকাৰ নকৰা অথচ মনটোৱে বিচাৰি ফুৰা শব্দবোৰে নিতান্তই দুৰ্বল কৰি তোলে সৌজন্যাক। কম কথা কোৱা মৃগাংকই কম পৰিসৰতে সকলো সামৰি পেলাবলৈ যত্ন কৰিছে। অস্বীকাৰ কৰিব পৰাকৈ শক্তিয়ো নোহোৱা হৈ আহিছে তাইৰ।

: নেক্সট টাইম যদি এনে অনুভৱ হয় আৰু মোক গ্ৰহণযোগ্য বুলি ভাবা তেনেহ’লে ‘ক’ল’ কৰিবা, মেছেজ এটা হ’লেও কৰিবা। সাধ্যানুসৰি তোমাৰ মনৰ ভৰ পাতল কৰিবলৈ চেষ্টা কৰিম। তোমাৰ অনুভৱক নিজৰ কৰি ল’ব  নোৱাৰিলেও তোমাৰ বিশ্বাসী শ্ৰোতাজন হ’বলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিম।

-থেংক ইউ।

— অন্য প্ৰত্যুত্তৰ বিচাৰি নাপাই সৌজন্যাই।

-কফি?

সি সোধে। নঞৰ্থক মূৰ জোকাৰে তাই। অপাৰেশ্যন থিয়েটাৰৰ পৰা মাকক যিকোনো মুহূৰ্ততে উলিয়াই আনিব পাৰে। মাকক এবাৰ নোচোৱাকৈ তাই উঠি নাযায়।

কিন্তু…. কিন্তু মৃগাংক এয়াৰপৰ্টৰ পৰা চিধাই ইয়ালৈ আহিছে। সি কিজানি অনুভৱ কৰিছে কফি একাপৰ প্ৰয়োজনীয়তা। এবাৰ ‘ষ্টপৱাটছ্’টোলৈ চাই তাই কয়,

-ব’লক কেণ্টিনতে খাই আহোঁ।

-ব’লা।

হাঁ‌হো নেহাঁ‌হোকৈ হাঁ‌হি এটা মাৰিবলৈ চেষ্টা কৰে মৃগাংকই। অন্যহাতে বহাৰ পৰা উঠি মৃগাংকৰ ঠিক কাষতে সমখোজ দিয়ে নে এখোজ পিছত বা আগত দিয়ে তাকেই ভাবি তাই বিবুধিত পৰে। খোজ মসৃণ কৰি মৃগাংক তাইৰ কাষতেই ৰৈ দিয়ে আৰু চকুলৈ চাই কয়

-আহা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!