কাঁচিয়লি

লেখক- পাৰিজাত বৰুৱা

ফাগুনৰ ফিৰফিৰিয়া বতাহজাকে মধুমালাক গালে-মুখে কোবাইছে। ফাগুনৰ কেইটা দিন গ’ল জানো! মানুহজনীৰ মনত পৰা নাই। এই ফাগুনেই মানুহজনীৰ বাবে বহুত কিবাকিবি আছিল। জন্ম আৰু বিবাহ এই ফাগুনতে। এতিয়া ফাগুন, চ’ত, ব’হাগ, কাতি, আঘোনৰ কোনো পাৰ্থক্য নাই। সকলো একে।
খহিপৰা চাদৰখন মানুহজনীয়ে টানি-টুনি ল’লে। ৰাতিপুৱাৰে পৰা একেবোৰ কথাই মনত দোলা দি আছে। আজি দেখোন ভাত কেইটাও কিহেৰে খালে, খালে নে নেখালে মনত পৰা নাই। “বানপ্ৰস্থ”ৰ চাহ-ভাতৰ নিয়মিত যোগাৰ দিয়া সুনন্দাই মধুমালাক দুবাৰ মাত লগালেহি,
:বৰমা, চাহ খাবলৈ আহিবনে, নে ইয়ালৈকে আনিম?
মধুমালাই প্ৰথমবাৰ মাতোতে গমেই নেপালে। এইবাৰহে কথাষাৰ কাণত পৰিল। কওঁ নকওঁকৈ ক’লে-
:পাৰিলে ইয়ালৈকে আনি দিবা। মোৰ দেখোন উঠি যাবলৈ একেবাৰে মন যোৱা নাই।
খপজপাই সুনন্দা আঁতৰি গ’ল। তাই চাগে আজি হাৱাই চেণ্ডেলযোৰ পিন্ধা নাই। চেটেপ- চেটেপকৈ চেণ্ডেলৰ শব্দবোৰ বাৰাণ্ডাইদি গৈ পাকঘৰৰ ফালে নোহোৱা হ’ল।
মধুমালা আত্মবিভোৰা হৈ আছে। মনৰ অৰণ্যখনত কিমান চৰাই-চিৰিকতি, কতবোৰ মানুহ, কতবোৰ সন্ধ্যা-আবেলি ভুমুকি মাৰিছেহি! অভাৱ-অনাটনে বেঢ়ি থকা ল’ৰালিকো কোনেনো পাহৰিব পাৰিব! যৌথ পৰিয়ালৰ এজাক ল’ৰা-ছোৱালী কোন কেনেকৈ ডাঙৰ হৈছিল জীয়াই থকা হ’লে মাকজনীয়েও চাগে সঠিককৈ ক’ব নোৱাৰিলেহেঁতেন। এপোৱা গাখীৰ চাৰি-পাঁচ ভাগ কৰি খাবলৈ দিওঁতে “এতিয়া এইকণকে খা, কাইলৈ ভালকৈ অকণ খাবি” বুলি মাকে কোৱা কথাষাৰ যে মিছা আছিল তাই খুব ভালকৈ বুজি পাইছিল। তেনেকৈয়ে জোৰা-টাপলি মৰা শৈশৱে কৈশোৰক গঢ়িছিল। তেনেকৈয়ে যৌৱন বয়সতকৈও বেছি বুজন হৈ পৰিছিল। ভাগ্যই এজন বিষয়ালৈ তাইক বিয়া দিয়ালে। দৰা ৰঙা মাৰুটিত আহিছিল। বিয়াৰ দিনা গাঁৱৰ মানুহৰ মুখত এষাৰেই কথা — “ছোৱালীৰ কপাল আৰু … ভাল ঘৰত পৰিলগৈ।” তাৰ পিছত মধুসূদন ভাগৱতীৰ লগত সংসাৰ আৰম্ভ হ’ল।
জীৱনটো সঁচাই ৰঙীন পৰ্দাত চলি থকা বোল লগোৱা ছবিহে। জীৱনৰ আবেলি সময়বোৰত মনৰ পৰ্দাত মন গ’লেই ছবিবোৰ আঁৰি লৈ এফালৰ পৰা চাই যাব পাৰি। আজি মধুমালাই তৰি লৈছে জীৱনৰ বোল লগোৱা ছবিখন। এসময়ত মানুহজনীৰ অকণো আহৰি নাছিল। মানুহজন কৰ বিভাগৰ পৰা অৱসৰ লৈ মাথোঁন এবছৰহে জীয়াই থাকিল। চাকৰিৰ তাগিদাত অসমৰ বিভিন্ন জিলালৈ বদলি হৈ ঘূৰি ফুৰোঁতে ঘৰত একেলগে বহি মধুমালাৰ লগত চাহ জলপান খোৱাৰ সময় বিহুৱে-সংক্ৰান্তিয়েহে মিলিছিল। ল’ৰাটোক উচ্চ শিক্ষা দিওৱালৈকে কল্পনা আৰু সপোনে মানুহজনীৰ ব্যস্ততাভৰা সময়বোৰ বৰ ৰঙীন কৰি ৰাখিছিল। তাৰমাজতে ছোৱালী দুজনী স্কুল -কলেজলৈ সাজিকাচি ওলাই যোৱা সময়বোৰ… চকুৰ আগত নাচিবলৈ ধৰিছে। তাৰ পিছতো আজৰি নাই মানুহজনীৰ। আগদিনাৰে পৰা পেলাই থোৱা সিহঁতৰ কাপোৰবোৰ ধুই পখালি ৰ’দত দি ভাগে-ভাগে সামৰি থৈ ভাত খোৱাৰ সময়ে পাৰ হৈ যায়গৈ মানুহজনীৰ। চাওঁতে চাওঁতে ল’ৰা ডেকা হ’ল। মাকৰ ওচৰ পালে পেনপেননি আৰম্ভ কৰা ল’ৰাটোৱে এদিন ক’লে,
:মা, কথা এটা কওঁ কওঁ বুলিও তোক কোৱা নাই। চাকৰি এটাৰ বাবে এপ্লাই কৰিছিলোঁ। লিখিত পৰীক্ষা নাপাতিলেই। ইণ্টাৰভিউলৈ কলিং আহিছিল। কালি দি আহিলোঁ। পিছে মোক আজি এজনে ফোন কৰি জনাইছে যে, মোৰ চাকৰি হৈ আছে। তিনিলাখ দিব লাগিব চাৰিদিনৰ ভিতৰত। নহ’লে মোৰ‌ নামটো লিষ্টখনৰ পৰা কটা যাব। কি কৰোঁ মা?
ল’ৰা কল্যাণৰ মুখখন সেমেকি উঠিছে। চকুত হতাশা আৰু উদ্বিগ্নতাই মকৰাজাল পাতিছেহি। জালখনত সি এবাৰ বগাইছে। অলপদূৰ গৈ আকৌ খহি আহি তলত পৰিছেহি। ল’ৰাৰ এইৰূপ মাকজনীয়ে চাই থাকিব পাৰেনে! গাখীৰ একাপ গৰম কৰি পুতেকৰ হাতত তুলি দি ক’লে,
:কিবা এটা কৰিব লাগিব, গাখীৰ কণ খাই ল। ভনীয়েৰৰ বিয়াখনৰ বাবে টকা কেইটামান ৰাখিছিলোঁ। বিয়াখন ঠিক হোৱা নাই যেতিয়া তয়ে জোৰাটো মাৰি কামটো কৰ। চাকৰিটো হ’লে সমস্যা আঁতৰি যাব।
মাকৰ কথা শুনি কল্যাণে দুঃচিন্তাৰ পৰা ৰেহাই পালে। কথামতেই সকলো হৈ গ’ল। মধুমালাই সাঁচতীয়া টকাখিনি পুতেকৰ কামতে খটুৱাই পেলালে।
ল’ৰাৰে সৌভাগ্য মিলিল‌। মহানগৰ উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগদান কৰিলে। দুটা বছৰ চাকৰি কৰিয়েই একে অফিচৰে কুইন হাজৰিকা আন এক সৌভাগ্য হৈ প্ৰৱেশ কৰিলে। কল্যাণ তেতিয়া বি.বৰুৱা কলেজৰ স্নাতক তৃতীয় ষান্মাষিকৰ বিজ্ঞানৰ ছাত্ৰ। ভৰপক যৌৱনে দুৱাৰদলিত টুকুৰিয়াই থাকোঁতেই দীঘল চুলিৰ ছোৱালীজনীয়ে চকুৰ পতাত নাচি আছিল। কিমানযে টোপনি হৰিছিল তাই! অৱশ্যে এই টোপনি খতিবোৰেই ছমাহৰ ভিতৰতে টোপনিৰ আবিৰ সানি ভৱিষ্যত গঢ়িছিল। এতিয়া বাস্তৱত সোণৰ সংসাৰ। দুটাকৈ ধুনীয়া ধুনীয়া ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ কথা, চাকৰি-বাকৰি লৈ মহানগৰীৰ বাসিন্দা।
মধুমালাৰ সন্মুখত এতিয়া বোৱাৰীয়ে ওচৰলৈ আহি হাতত তুলি দিয়া একাপ চাহৰ কল্পনা, নাতি দুটাই সৰুতে পতা ঠেঁহ-পেছৰ জিলিঙনিবোৰ অহা-যোৱা কৰিছে। নাতি দুটাৰ লগত দিনটোত তিনিবাৰ মান ৰজাৰ দ’ল খেলিবলৈ পকাত লেপেটাখাই বহি হাতৰ মুঠি দুটা পাতি দিবলগীয়া হৈছিল।
“বানপ্ৰস্থ”ৰ চ’ৰাঘৰত প্ৰতিজন আবাসীৰ বাবে এটা পুথিভঁৰাল, তাৰ বিপৰীতে এটা স্মাৰ্ট টি. ভি ৰখা হৈছে। বাহিৰৰ বাৰাণ্ডাখনত ফুলৰ টাবৰ ভিৰৰ বাবে খুব আহল-বহলকৈ খালি ঠাই নায়েই। ল’নখনতো ফুলে ভৰ দিছে। মুঠতে এটা বাসপোযোগী ধুনীয়া পৰিবেশ। খোৱা-বোৱাৰ সময় নিৰ্দ্ধাৰিত হৈ থাকে। আবেলিৰ চাহকাপ অৱশ্যে সুনন্দাই সুধি সুধি দিয়েহি। আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। ক’ৰ মানুহ আহি কাক যে আপোন কৰি লৈছে! সুনন্দা এতিয়া “বানপ্ৰস্থ” ৰ সকলোৰে আপোন। সকলোৰে বাবে কৰোঁতে কৰোঁতে নিজলৈ আহৰি নোহোৱা জীৱন তাইৰো। ঘৰ বোলা কথাটো তাইৰ মনৰ মাজত আছেনে‌ নাই তাইহে জানে। কোনোদিনে মালিকক কোৱা নাই ঘৰলৈ যোৱাৰ কথা। কোনোদিন ছুটী বিচৰা নাই তাই। যোৱা আঠটা বছৰে তাই ইয়াত ভাত ৰান্ধিছে। চাহ বনাইছে।
:বৰমা চাহ খাওক, আজি আপুনি খোৱা বিস্কুটটো আদায় হৈছে। মেৰী গল্ডকে দিছোঁ। মালিকক আনিবলৈ ক’ব লাগিব।
এই বুলি সুনন্দাই চাহকাপ থৈ আঁতৰি গ’ল। মানুহজনীৰ আজি কি হৈছে বাৰু? তাই অলপদূৰ গৈ উভতি চালে। মানুহজনীৰ গা বেয়া হৈছে নেকি ঠিক নাই-তাই ভাবি ভাবি আকৌ পাকঘৰৰ ফালে গ’লগৈ।
বহুত দিন হ’ল। ল’ৰাটোৰ একো খবৰ পোৱা নাই। দুবছৰেই হ’ল সি ইয়ালৈ নহা। তাৰ চাগে ব্যস্ততা বাঢ়িছে। চাকৰিৰো প্ৰমোচন হ’ব বুলি সেইবাৰ আহোঁতেই কৈছিল। এতিয়া চাগে মূৰ তুলিব নোৱাৰা হৈছে-মধুমালাই নিজৰ মনৰ মাজতে কথাবোৰৰ আগ-গুৰি উলিয়াবলৈ চেষ্টা কৰিছে। মাজে মাজে ভাবিছে-সিহঁত বা ভালে আছেনে নাই! দেউতাক ঢুকুৱা দহ বছৰেই হ’ল। প্ৰথম দুটা বছেৰেকীয়া সকাম পতাৰ পিছত আজিলৈকে মানুহজনৰ নামত শৰাই এভাগো ক’তো দিয়া নহ’ল। মানুহ মৰাৰ পিছত আৰু শৰাই-সফুৰাৰ একো মূল্য নাই। কথাবোৰ অতীত হ’ল। বৰ্তমান বুলিবলৈ এতিয়া মানুহজনীৰ এই “বানপ্ৰস্থ”খন।
টিভিটোৰ মাতটো আগতকৈ ডাঙৰ হৈ গ’ল দেখোন। কোনোবাই চাউণ্ডটো বঢ়াই দিলে নেকি? হয়, সন্মুখৰ চকীখনত মদন হাতীমূৰীয়া বহিলেহি। সন্ধিয়াৰ বাতৰি দিছে-ব্ৰেকিং নিউজ …. মহানগৰ উন্নয়ন প্ৰাধিকাৰী কল্যাণ ভাগৱতীয়ে আজি মহানগৰীৰ মাজমজিয়াত নৱনিৰ্মিত “বশিষ্ঠাশ্ৰম”ৰ মুকলি গৃহটোৰ কাম-কাজ পৰ্যবেক্ষণ কৰে…. ল’ৰাৰ ফটোসহ চেহেৰাটো হঠাতে টিভি স্ক্ৰীণত দেখা পালে মধুমালাই।
হঠাৎ মধুমালাৰ ফোনটো বাজি উঠিল,
:মা, ভালে আছ চাগে, মই আমেৰিকাৰ পৰা আহিহে তোৰ ওচৰলৈ যাম। ল’ৰাটোৰ তাতে এডমিছন হ’ব…।
:হয়, হয় … মোৰ ল’ৰাই ফোন কৰিছে হাতীমূৰীয়া, মোৰ ল’ৰা এই মাত্ৰ টিভিত ওলাইছিল যে সি, সিয়েই … সি..য়ে..ই মোৰ ল’ৰা।
একে উশাহতে কথাবোৰ হাতীমূৰীয়াক কৈ পেলালে। মদন হাতীমূৰীয়াই ইতিমধ্যে বাতৰি কাগজৰ “জীৱন, সপোন আৰু বাস্তৱ” শীৰ্ষক লেখা এটাত নিবিষ্ট হৈ আছে। হয়তো মধুমালাৰ হঠাৎ উজ্জ্বলি উঠা মুখখন হাতীমূৰীয়াই নেদেখিলে।
মধুমালাই একো নকওঁতেই ফোনটো কাট খালে। কাঁচিয়লি ৰ’দ এজাকে মানুহজনীৰ বুকুখনত পাতলীয়া উম এটা দি গ’ল দেখোন! ক’তা এতিয়াতো ৰাতিপুৱা নহয়। বেৰত ওলমি থকা ঘড়ীটোলৈ চাই পঠিয়ালে মধুমালাই। ৰাতিয়েই হ’ল। আঠ বাজিবলৈ মাথোঁন পাঁচমিনিট বাকী। ইতিমধ্যে সুনন্দা আহি চাহৰ চেঁচা কাপটো বাহিৰলৈ নি দূৰলৈ চাটি মাৰি দিলে। সুনন্দাৰ চেণ্ডেলৰ মাতটো বাৰাণ্ডাইদি গৈ নোহোৱা হ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!