প্ৰেমাস্পদৰ প্ৰচ্ছায়া

লেখক- চিত্তৰঞ্জন ওজা

কৰ’না মহামাৰীৰ প্ৰাদূৰ্ভাৱে মানুহৰ জীৱনলৈ বহুতো পৰিবৰ্তন আনে। লাখ লাখ বিবাহিত পুৰুষে ৰান্ধিবলৈ শিকিলে। সেয়া চখতে হওক বা ঘৰুৱা সহায়কাৰী নোহোৱাৰ বাবে পত্নীক অলপ সহায়ৰ হাত আগবঢ়াবলৈ মৰমতে হওক অথবা পত্নীৰ গালি খোৱাৰ ভয়তে হওক। পানী এগিলাচ নিজে লৈ পি খাব নোৱৰা পুৰুষে য়ুটিউব চাই বিধে বিধে সোৱাদ ভৰা খাদ্য ৰান্ধিব পৰা হ’ল। বহুতে নতুনকৈ গান গাবলৈ আৰম্ভ কৰিলে। কাৰাওকে এপ কেবাটাও ওলাল। দ্বৈত সংগীতৰ বাবে দুজন শিল্পী একেলগ হোৱাৰ প্ৰয়োজন নোহোৱা হ’ল। ভাৰ্চুৱেল পৃথিৱীত সুমেৰুত থকা এজন পুৰুষে কুমেৰুত থকা এগৰাকী মহিলাৰ সৈতে দ্বৈত সংগীত গাব পৰা হ’ল। ভাইৰাছৰ কবলত পৰি দেশৰ বহুতো পুৰুষ-মহিলা একোগৰাকী কবিলৈ পৰিৱৰ্তিত হ’ল। লাখ লাখ কবিৰ নতুনকৈ জনম পালে। ফেচবুকৰ মজিয়াখনেই নতুন কবি সকলৰ প্ৰকাশৰ উপযুক্ত মাধ্যম হৈ পৰিল। মাৰ্ক জুকাৰবাৰ্গক তাৰ বাবে সকলোৱে ধন্যবাদ জনাব লাগে, নহ’লে যে লাখ লাখ কবিৰ সৃষ্টি নহ’লহেঁতেন। স্বপ্নালী বৰুৱাই কলেজৰ দিনবোৰত কবিতা লিখিছিল যদিও বিয়াৰ পাছত লিখামেলা বন্ধ হৈ পৰে। কভিডৰ সময়ৰ পৰা নতুনকৈ কবিতা লিখিবলৈ আৰম্ভ কৰে। তাৰমাজতে “হৃদয়ৰ পৰা হৃদয়লৈ“ নামৰ ফেচবুক গ্ৰুপ এটাৰ জন্ম দিয়ে, ফেচবুকৰ জৰিয়তে গঢ় লৈ উঠা বন্ধু-বান্ধৱী কেইজনমানৰ সহযোগত কৰ’না অতিমাৰীৰ ভৰপকৰ সময়তে অতি কম দিনৰ ভিতৰত অসমৰ হাজাৰ হাজাৰ কবিৰ মুখত জনপ্ৰিয় নাম হৈ পৰিল “হৃদয়ৰ পৰা হৃদয়লৈ”৷ তাৰ লগে লগে অসমৰ পঢ়ুৱৈ সমাজৰ বাবে এটা চিনাকি নাম হৈ পৰিল স্বপ্নালী বৰুৱা। চল্লিছৰ দেওনা পাৰ হোৱা আজি কেইটামান বছৰ হ’ল যদিও দেখিবলৈ বৰ শুৱনি হৈ আছে। প্ৰেমৰ আবেদনময়ী কবিতা এটা লিখি লগতে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত উঠা নিজৰ কমনীয় ছবিখন পোষ্ট কৰাৰ লগে লগে লাইক, কমেণ্টেৰে ফেচবুক গ্ৰুপ ভৰি পৰে। মেছেঞ্জাৰত এশটামান মেছেজ আহি যায়। তাৰ ভিতৰত যুৱকৰ পৰা বৃদ্ধলৈ সকলো পুৰুষে কবিতাৰ গুণানুকীৰ্ত্তন কৰাতকৈ কবিৰ দৈহিক সৌন্দৰ্যৰ প্ৰশংসাৰে উপচাই পেলায়। স্বপ্নালী গপত গঙ্গাটোপ হৈ পৰে। সপোন নগৰীলৈ লগে লগে উৰা মাৰে। পিছদিনা সাৰ পাই ফেচবুক খোলাৰ লগে লগে বন্ধুত্বৰ প্ৰস্তাৱৰ দীঘলীয়া লিষ্টখন চাই থাকোঁতে ৰাতিপুৱাৰ সময় পাৰ হয়। স্বামী কোৰ্টলৈ যাবলৈ সময় হয় যদিও স্বপ্নালীয়ে ভাৰ্চুৱেল জগতৰ পৰা বাস্তৱলৈ উভতি আহিবলৈ আহৰিয়ে নাপায়। ঘৰুৱা সহায়কাৰীয়ে ৰাতিপুৱাৰ আহাৰ পৰিবেশন কৰে। এদিনতে এশটামান কবিতা পোষ্ট হয় কবিতাৰ গ্ৰুপত। এডমিন হিচাপে সেই কবিতাবোৰত এটা কমেণ্ট লিখিব পাৰিলে ভাল। নিজৰ বাবেই লাভজনক। নিজে পোষ্ট কৰা কবিতাত সেইসকলে নিশ্চয় লাইক, কমেণ্ট দিব। গ্ৰুপৰ মাজত অলপ লবী কৰিব লাগে। কবি সমাজত নিজৰ জনপ্ৰিয়তা বাঢ়ে। অসমীয়া ভাষা ৰক্ষা কৰাৰ ঠিকা স্বপ্নালীৰ দৰে ফেচবুকত নিজকে সঁপি দিয়া পুৰুষ-মহিলাসকলৰ হাতত আজি সকলোৱে অৰ্পণ কৰিছে যেন লাগে।
দুদিনকৈ ধৰি স্বপ্নালীয়ে ঘৰৰ কাম কাজ কৰা বন্ধ কৰি দিছে। বান্ধৱীসকলৰ লগতো মোবাইলত কথা পাতি সময় নষ্ট কৰা নাই, ফোন আহিলেও ধৰা নাই। পুৰুষ বন্ধুসকলকো গুড মৰ্ণিং, গুড নাইট দিয়া বন্ধ কৰি দিছে। কেইজনমান পুৰুষে বাৰে বাৰে মেছেঞ্জাৰত সুধিছে কিবা অসুখ হৈছে নেকি, ঘৰুৱা সমস্যাই দেখা দিছে নেকি৷ উত্তৰ নাপাই তাইৰ চিন্তাত কিজানি বহুতৰে নিশা টোপনিয়ে অহা নাই। তাই এই কেইদিন কবিতা লিখাত ব্যস্ত। এটা প্ৰেমৰ কবিতা। সৃষ্টিত বেদনা থাকেই। এইকেইদিন সেই বেদনা সহি আছে, লাগি আছে কবিতাটো লিখি শেষ হোৱালৈ। তাই মনতে ভাবি থৈছে কবিতাটো পোষ্ট কৰাৰ দিনাই ভাইৰেল হৈ পৰিব। কমেও কুৰিজনে কবিতাটো শ্বেয়াৰ কৰিব। কোনোবাই হয়তো আবৃতি কৰি ইউটিউবত থৈ দিব। যোৱা বছৰ আন্দামানত ফুৰিবলৈ যাওঁতে হেভলক আইলেণ্ডত এখন ফটো উঠিছিল। বান্ধৱীসকলে খুবেই ভাল পাইছিল। তাইক হেনো স্বৰগৰ অপেশ্বৰী যেন লাগিছে সেই ফটোখনত (ফটোশ্বপত মুখখন যে বিউটিফাই কৰা হৈছে বান্ধৱীসকলক জনোৱা নাই)। কবিতাটোৰ লগত ফটো আপলোড কৰিবলৈ তাই সেইখন ফটো মনতে ভাবি থৈছে। দিনবাৰ চাই শনিবাৰ আবেলি শুভ ক্ষণ বুলি থিৰাং কৰিলে। সেইমতে স্বপ্নালীয়ে কবিতাটো “হৃদয়ৰ পৰা হৃদয়লৈ“ ফেচবুক গ্ৰুপত পোষ্ট কৰে, লগতে ফটোখনো আপলোড কৰে। সেইখিনি সময়তে সকলোৱে ৰিলাক্স হৈ মোবাইল চায়। দেওবাৰে সকলো বন্ধ থাকে বাবে নিশালৈও বহুতে ফেচবুক পঢ়ে। সেইদিনা কিবা কাৰণত কোনোবাই ব্যস্ত থাকিলেও দেওবাৰে চাবই। কবিতাটো নপঢ়িলেও ফটোখন চাই বহুতে লাইক দিব। তাই পূৰাদমে কনফিডেণ্ট।
“ভাল পাওঁ তোমাক
প্ৰাণতকৈ অধিক,
তথাপি নিবিচাৰোঁ তোমাৰ সতে
অগ্নিক সাক্ষী কৰি
সাত জনমলৈ মিলন হ’বলৈ।
হৃদয়ত থাকিবা তুমি
এপাহি ৰঙা গোলাপ হৈ,
নিবিচাৰোঁ তোমাক
নিশাৰ শেতেলিখনত
কামনাৰ জুইত জাহ যাবলৈ।
বুকুত ৰুই দিম প্ৰেমৰ বৃক্ষ
সাৰ পানী দিম প্ৰতিদিনে,
শিপাবোৰ বাঢ়ি যাওক
দেহৰ প্ৰতিটো অংগলৈ,
জীয়াই থাকিম আজন্ম প্ৰেমিকাহৈ।
———————-
———————“
সঁচাকৈয়ে কবিতাটো পোষ্ট কৰাৰ প্ৰায় লগে লগে অনুৰাগীৰ লাইকৰ সংখ্যা বাৰিষাৰ পানী বঢ়াদি বাঢ়ি গ’ল। নিশালৈ হেজাৰৰ ঘৰ পালে। কমেণ্টো আহিল এশৰ ওপৰত। স্বপ্নালীৰ মুখত এক তৃপ্তিৰ হাঁহি বিৰিঙিল। দহ মিনিটৰ অন্তৰে অন্তৰে মোবাইলটো চাই থাকে – কমেণ্ট বাঢ়ি গৈ আছে, লগে লগে লাইকৰ সংখ্যাও। মন্তব্যবোৰ পঢ়ি মনটো পুলকিত হয়। কোনোবাই তাইৰ প্ৰেমক ৰিজাইছে লক্ষ্মী-নাৰায়ণৰ লগত, আন কোনোবাই হৰ-পাৰ্বতী, উষা-অনিৰুদ্ধ, ৰোমিও-জুলিয়েট অথবা ডাণ্টে-বিয়েট্ৰিছৰ লগত। কিন্তু কাৰো লগতে যেন তাইৰ ৰিজনি খাপ নাখায়। প্ৰেমৰ পৰিভাষা নো কি? স্বপ্নালীৰ মতে প্ৰেম জীৱনৰ শ্ৰেষ্ঠ অনুভৱ। প্ৰেম স্বৰ্গীয়, জীয়াই থকাৰ এক প্ৰেৰণা। নিজকে কেতিয়াবা ৰাধাৰ লগত তুলনা কৰি ভাল পায়। এখন উপন্যাসত তাই পঢ়িছিল, “প্ৰেমাস্পদৰ সৈতে একেলগে শোৱাতকৈ তেওঁৰ মুখৰ পিনে চাই গোটেই নিশা কবিতা লিখাটো বেছি আনন্দদায়ক।“
ফেচবুকৰ সকলো মন্তব্যৰ ভিতৰত এটা মন্তব্য স্বপ্নালী মহন্তৰ ভাল নালাগিল, মনটো খেলিমেলি লগাই দিলে। নিশা শোৱাৰ সময়ত পুনৰ তাই চালে। ডা° প্ৰশান্ত বৰুৱাই লিখিছে। নামটো চিনাকি যেন লগা নাই। প্ৰফাইলটো চালে, ডিব্ৰুগড়ত থাকে, পেচাত প্ৰসূতি ৰোগ বিশেষজ্ঞ। দুই এটা কবিতাও লিখে মাজে মাজে। স্বপ্নালীৰ কবিতাৰ বিষয়ে তেওঁ এনেদৰে মন্তব্য দিয়ে, “প্ৰিয়তমৰ লগত বিয়া পাতিব নোখোজাটো এক পলায়নবাদী মনোভাৱৰ পৰিচয়। বিয়াৰ পিছত বছৰ বছৰ ধৰি একেই অনুভূতিৰে প্ৰিয়তমক হৃদয়ত স্থান দিব পৰাতোহে আচল প্ৰেম। প্ৰিয়তমৰ সৈতে দৈহিক মিলনে এক স্বৰ্গীয় সুখানুভূতি দিয়ে যি সুখ পৃথিৱীত ক’তো পোৱা নাযায়। আপোনাৰ প্ৰেম সম্বন্ধে এক ভ্ৰান্ত ধাৰণা আছে। কবিতাৰে বুজাব খোজা কথাখিনিৰ লগত মই সহমত প্ৰকাশ কৰিব নোৱাৰিলোঁ।“
ডা° বৰুৱাই লিখা কমেণ্টটো তাই কেইবাবাৰো পঢ়িলে। প্ৰেম সম্পৰ্কে থকা তাইৰ ধাৰণা ভুল বা ভ্ৰান্ত নেকি? কবিৰ অনুভূতিক তেওঁ নিশ্চয়কৈ আঘাত দিছে। ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। কিন্তু সমজুৱাকৈ নহয়, ব্যক্তিগতভাৱে। ইনবক্সত বৰুৱালৈ মেছেজ পঠালে, “মোৰ প্ৰতিটো কবিতাৰ অন্তৰালত আছে সঁচা প্ৰেম। এই নিৰ্মল প্ৰেমৰ তাড়নাতেই মই লিখোঁ। আপুনি ভবা ধৰণে মোৰ প্ৰেমৰ ধাৰণা ভ্ৰান্ত নহয়। সুদীৰ্ঘ ২৫ বছৰ আগত বুকুৰ মাজত ৰুই থোৱা প্ৰেমৰ বৃক্ষডাল প্ৰতিদিনে সাৰ-পানী দি জীয়াই ৰাখিছোঁ। তাৰ শিপাবোৰ দেহৰ প্ৰতিটো অংগলৈ বিয়পিছে।“ তাৰ পিছতে ডা° বৰুৱাৰ লিখা সেই মেছেজ ফেচবুকৰ পৰা লুকুৱাই (হাইড কৰে) দিয়ে।
স্বপ্নালী মহন্তৰ নিশা ভালদৰে টোপনি নহ’ল। জীৱনত এয়া প্ৰথম তাইৰ কবিতাকলৈ প্ৰশ্ন উত্থাপিত হৈছে। খঙো উঠিছে। টোপনিৰ মাজতে দুবাৰমান মোবাইলটো খুলি চালে মেছেজ আহিছে নেকি। নাই কোনো ৰিপ্লাই নাই। পুৱা দেৰিকৈ সাৰ পালে তাই। চাহকাপ হাতত লওতে মোবাইলত বিপ বিপ শব্দ হয়। মেছেঞ্জাৰত ডা° বৰুৱাৰ মেছেজ।
“এতিয়া মই অস্ত্ৰোপ্ৰচাৰ কক্ষত। এগৰাকী প্ৰসূতিৰ প্ৰসৱ হৈ গ’ল, আন এগৰাকীক অ’ টি ৰুমলৈ অনা সময়খিনিত আপোনালৈ উত্তৰ দিবলৈ ওলালোঁ। হয়, আপোনাৰ জীৱনলৈ প্ৰেম আহিছিল, সঁচা কথা। সেই প্ৰেম বুকুতলৈ আপুনি জীয়াই আছে। কিন্তু মোৰ বোধেৰে আপোনাৰ প্ৰেম অন্তৰতে থাকি গ’ল। প্ৰেমিকৰ সৈতে আপুনি নিবিচৰাকৈ বিচ্ছেদ হ’ল। আন এজন পুৰুষৰ লগত অনিচ্ছাকৃতভাবে বিবাহত বহিব লগা হ’ল। আজিও সেই প্ৰেমক পাহৰিব পৰা নাই। আপোনাৰ কবিতাবোৰত সেয়েহে প্ৰকাশ পায়, প্ৰেমৰ বিৰহ বেদনা। আপোনাৰ জীৱনৰ ব্যৰ্থ প্ৰেম ইয়াৰ মূল কাৰণ। এইটো মই ভবা কথা হে। আপোনাৰ অতীত সম্বন্ধে মই জ্ঞাত নহয়। কবিতা এপাট কাঁড়ৰ দৰে, ধনুৰ পৰা ওলাই যোৱাৰ পিছত কাক কেনেদৰে আঘাত কৰে, তাৰ পৰিণতি কি হ’ব কোনেও নাজানে। আপোনাৰ কবিতাই মোৰ অন্তৰত আঘাত কৰিছে, তাৰ পৰা মোৰ অনুভৱ এনেদৰে প্ৰকাশ পাইছে। ইয়াৰ বাবে মই জগৰীয়া নহয়, বৰঞ্চ আপুনিহে।“
স্বপ্নালী মহন্তৰ খঙে চুলিৰ আগ পালেগৈ। ইমান স্পৰ্ধা তাৰ! কিন্তু সি কোৱা এটা কথাও যে মিছা নহয়। ডা° বৰুৱাই কেনেকৈ পঢ়িবলৈ পালে স্বপ্নালীৰ জীৱনৰ কেতিয়াও নোখোলা পৃষ্ঠাবোৰ যি আজিলৈ তাইৰ অনুৰাগী কোনেও নাজানে। বহু পুৰণি কথা মনলৈ আহিল। বহু বছৰ পূৰ্বলৈ উভতি যাবলৈ মন গ’ল তাইৰ।
দ্বীপেন মাষ্টৰৰ ছোৱালী স্বপ্নালী। স্কুলত যেনেকৈ ল’ৰা-ছোৱালীক শাসন কৰিছিল, ঘৰতো স্বপ্নালীক সমানে শাসন কৰিছিল। খেলা-ধূলা বাদ দি কেৱল পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ শিকাইছিল। সময়ত শোৱা-পাটিৰ পৰা উঠা, সময়মতে শুবলৈ যোৱা, সময়মতে পঢ়া, দেউতাকৰ ইচ্ছাৰ আগত তাইৰ ইচ্ছাই কোনো প্ৰাধান্য পোৱা নাছিল। দেউতাকক বাঘ দেখাৰ দৰে দেখিছিল। মনোজগতত কিবা এটা ভয় সোমাই গৈছিল স্বপ্নালীৰ। কেতিয়াও সহজ হ’ব পৰা নাছিল দেউতাকৰ লগত। মাক আছিল আটাইতকৈ মৰমৰ। সকলো কথাত মাকৰ ওচৰত আবদাৰ। তেনেকৈ ডাঙৰ হ’ল স্বপ্নালী। স্নাতক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। লাজকুৰীয়া ছোৱালীজনী সমনীয়া সকলৰ লগত মিলিবলৈ কেইবামাহ সময় লাগিল। শ্ৰেণীকোঠাত সমনীয়াৰ লগত তাই কম কথা পাতিছিল। সমনীয়া ল’ৰাবোৰক মাতিবলৈ তাইৰ বৰ ভয়। সকলো পুৰুষৰ গাতে দেউতাকৰ প্ৰচ্ছায়া দেখা পায়। সেয়েহে কথা পাতিবলৈ ভয় কৰে। তাইৰ মনৰ ভাববোৰ কবিতাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। একে শ্ৰেণীৰ মৃণালে তাইক মাজে মাজে দুই এটা কথা সোধে, তাইৰ ওচৰ চাপিবলৈ সি চেষ্টা কৰে। লাহে লাহে তাৰ লগত কথা পাতোতে সহজ হৈ পৰিল। ক্লাছ শেষ হোৱাৰ পিছত এদিন অকলে অকলে হোষ্টেললৈ গৈ থাকোতে মৃনালে তাইক লগ ধৰিলে।
“বেয়া নোপোৱা যদি অলপ কথা পাতিব পাৰিম নে?“
কৃষ্ণচূড়াৰ তলত দুয়ো থিয় হৈ ৰ’ল।
“তুমি লিখা কবিতাটো ৱাল মেগাজিনত প্ৰকাশ পাইছিল। পঢ়ি বৰ ভাল পালোঁ। নৈ, পানী আৰু প্ৰেমক লৈ ইমান সুন্দৰকৈ লিখিছা। “ মৃণালে কৈছিল।
“বৰ ভাল পালোঁ। অন্তত এজন হ’লেও মোৰ কবিতাৰ অনুৰাগী ওলাইছে।“
“কবিতাটোৱে চিধাই মোৰ অন্তৰত আঘাত কৰিছে। সেই আঘাত কিমান গুৰুতৰ মই নাজানো। পিছে তাৰ চিকিৎসা কেৱল তোমাৰ হাততে আছে।“
“মই ডাক্তৰ নহয় দেই। তোমাৰ চিকিৎসা কৰিব নোৱাৰোঁ।“ স্বপ্নালীয়ে হাঁহি মাৰি কথাষাৰ ক’লে।
“তেনেহলে মোক তুমি গোটেই জীৱন ৰুগীয়া কৰি ৰাখিবা? কবি এগৰাকী ইমান হৃদয়হীন কেতিয়াও হ’ব নোৱাৰে।“
সঁচাকৈয়ে স্বপ্নালী হৃদয়হীন নহয়। জীৱনত প্ৰথমবাৰ এগৰাকী পুৰুষে তাইক চাইছে, তাইলৈ দুহাত আগবঢ়াই দিছে। লাহে লাহে তাই মৃণালৰ কাষ চাপি যায়। মৃণালে এদিন তাইৰ হাতখন নিজৰ হাতদুখনেৰে খামুচি ধৰিছিল। তাইৰ ওঁঠত চুমা আঁকি দিছিল। জনমে জনমে হাতত হাত ধৰি একেলগে থাকিম বুলি ইজনে সিজনক প্ৰতিশ্ৰুতি দিছিল।

দুবছৰীয়া পাঠ্যক্ৰম শেষ কৰি স্বপ্নালী ঘৰলৈ উভতিল। দুদিনৰ পিছতে তাইক চাবলৈ আহিল চহৰৰ সম্ভ্ৰান্ত ঘৰৰ প্ৰতিষ্ঠিত অধিবক্তা উৎপল কাকতি। স্বপ্নালীক দেখিয়ে বিয়াৰ প্ৰস্তাৱ দিয়ে। এমাহৰ পিছত বিয়াৰ দিন ধাৰ্য্য কৰিলে। তাইক এবাৰো নুসুধিলে তাই নিজে কাৰোবাক পচন্দ কৰি থৈছে নেকি বা উৎপলক পচন্দ কৰিছে নে নাই। দেউতাকৰ প্ৰতি থকা ভয়ে তাইক বোবা কৰি পেলালে। নিজৰ প্ৰেমৰ কথা ক’বলৈ সাহসেই নহ’ল তাইৰ। কেৱল নীৰৱে চকুপানী টুকিলে। সকলো মৰম ভালপোৱা সযতনে বুকুৰ মাজত লুকুৱাই থৈ বিয়াত বহিল তাই।

বিয়াৰ দুমাহৰ পিছত মৃণালে খবৰ পায়। কেইবাদিনো নীৰৱে চকুলো টুকিলে সি। কিয় বাৰু তাই এনেকুৱা কৰিলে? সিহঁতৰ প্ৰেম সঁচা নাছিল নেকি? কিয় মিলন সম্ভৱ নহ’ল? প্ৰশ্নবোৰৰ কোনো উত্তৰ সি নাপালে।
মৃণালৰ সান্নিধ্য আৰু প্ৰেম স্বপ্নালীৰ জীৱনত ছাঁৰ দৰে থাকিল। তাইতকৈ বয়সত পোন্ধৰটা বছৰে ডাঙৰ মানুহজনৰ লগত বিয়া হৈ তাই শাৰীৰিক আৰু মানসিকভাৱে সুখী হ’ব নোৱাৰিলে। বিষণ্ণ, নিৰুদ্বিগ্ন হৈ পাৰ কৰিলে বছৰৰ পাছত বছৰ। জীয়াই থকাৰ তাড়নাত এতিয়া তাই নতুনকৈ লিখিবলৈ ল’লে কবিতা। মৃনালৰ প্ৰতি থকা ভালপোৱা, মৰমবোৰ তাইৰ লিখনিৰ উৎস হৈ পৰিল। তাৰ কাষতে থকা বুলি ভাবিয়ে তাই লিখে অলেখ ভালপোৱাৰ গীত আৰু কবিতা।
ডা° বৰুৱাই লিখা কমেণ্টৰ কি উত্তৰ দিব স্বপ্নালীয়ে ভাবিবলৈ বহু সময় ল’লে। শেষত তেওঁ কোৱা কথাখিনি যে সঁচা তাক অকপটে স্বীকাৰ কৰা উচিত বুলি ভাবিলে। তাই লিখিলে, “আপোনাৰ অনুমান সঁচা। মোৰ ব্যৰ্থ প্ৰেমে আজিকোপতি মোক ছাঁৰ দৰে খেদি ফুৰিছে। সেই প্ৰেমৰ ছাঁয়াৰ পৰা ওলাব পৰা নাই। তাৰ কাৰণে মোৰ কবিতাবোৰত ই প্ৰভাৱ পেলাইছে। কিন্তু এই ব্যৰ্থ প্ৰেমৰ প্ৰচ্ছায়াৰ পৰা আঁতৰি আহিব পৰা নাই।“
ডা° বৰুৱাই তাইক এটা উপদেশ দিলে যে তাই যদি এবাৰ সেই প্ৰেমিকজনক লগ পায় হয়তো তাই সেই অতৃপ্ত, বিফল প্ৰেমৰ দুখবোধৰ পৰা মুক্তি পাব, এটা নতুন জীৱন পাব।
সেইদিনাৰ পৰা সামাজিক মাধ্যমবোৰত মৃণালক বিচাৰিবলৈ লাগি গ’ল। কিন্তু নাই, ক’তো নাপালে তাৰ খবৰ। ফেচবুকত মৃণাল নামৰ প্ৰতিজন ব্যক্তিৰ একাউণ্ট চালে। তাৰ লগত কোনো এটা একাউণ্টৰ মিল নাই। ইনষ্টাগ্ৰাম, টুইটাৰ, ক’তোৱে বিচাৰি নাপালে। ল’গ পোৱাৰ আশা লাহে লাহে মনৰ পৰা বাদ দিয়াৰ নিচিনাই হ’ল। তেনেকৈয়ে এবছৰ পাৰ হ’ল।
এদিন হঠাতে স্বপ্নালী মহন্তই সহপাঠী এগৰাকীৰ পৰা জানিব পাৰিলে যে তাই পঢ়া বিশ্ববিদ্যালৰ সকলো সহপাঠীয়ে লগ হৈ সতীৰ্থ সন্মিলন এখনৰ আয়োজন কৰিছে আৰু তাত স্বপ্নালীৰ উপস্থিতি বিচাৰিছে। মৃণালো আহিব হেনো। স্বপ্নালী মহন্তই সেই দিনটোলৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকিল। মৃণাল কেনে আছে, লগ পালে তাইৰ মনৰ প্ৰতিক্ৰিয়া কি হ’ব, কেনেদৰে কথা পাতিব তাকেই ভাবি-গুণি দিনবোৰ পাৰ কৰিলে।
সঁচাকৈয়ে সেই দিনটো আহিল। পুৱাৰ পৰাই সাজি-কাচিবলৈ আৰম্ভ কৰিলে স্বপ্নালী মহন্তই। নতুন কাপোৰ এযোৰ পিন্ধিলে। ৰূপালী ৰং বোলোৱা চুলিবোৰত ক’লা ৰং সানিলে। মুখত বহুপৰ প্ৰসাধন সানিলে। আয়নাৰ সন্মুখত নিজকে ভালকৈ চালে। মৃণালে গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিলে ভাল পায়, সেয়ে কপালৰ ফোঁট, কাপোৰযোৰ, চেন্দেল সকলো গুলপীয়া ৰঙৰ পিন্ধিলে। সুদীৰ্ঘ ২৫ বছৰৰ মূৰত লগ পাবলৈ ওলাইছে তাইৰ প্ৰিয়তমক।

ইতিমধ্যে বহুতো বন্ধু-বান্ধৱী আহি পাইছে। হলঘৰটোৰ ভিতৰত বহুজনকে লগ পালে। কিছুমানক দেখিয়ে চিনি পালে, কিছুমানৰ নামটো পাহৰিলে, কেইজনমান দেখিবলৈ ইমান সলনি হ’ল যে চিনি পোৱাৰ উপায় নাই। ইজনে সিজনক সাৱটি ধৰিছে। হেৰাই যোৱা বন্ধুৰ লগত পুনৰ মিলন হ’ল। আনন্দতে চকুলো নিগৰিছে। স্বপ্নালীয়ে চাৰিওপিনে চকু ফুৰালে, মৃণালক বিচাৰি নাপালে, হয়তো আহি পোৱা নাই। মঞ্চত উঠি গৈ বহুকেইজনে স্মৃতি ৰোমন্থন কৰিলে। বন্ধু এজনে মৃণাল-স্বপ্নালীৰ প্ৰেমৰ কাহিনীও ক’বলৈ নাপাহৰিলে। তাইৰ লাজ লাগি গ’ল। অৱশেষত দুপৰীয়া সময়ত মৃণালক তাই দেখিলে। বয়সৰ চাপ পৰিছে মুখত। মূৰৰ সন্মুখৰ ফালে চুলি কমিবলৈ লৈছে। বুকুখন ধান বনাদি বানিবলৈ ধৰিলে স্বপ্নালীৰ। নিজে গৈ মাত লগালে তাক। কথা পাতিলে। আন্তৰ্জাতিক ব্যৱসায় প্ৰতিষ্ঠান এটাৰ মুৰব্বী সি। গধুৰ দায়িত্ব তাৰ ওপৰত। ল’ৰা-ছোৱালী এহালৰ পিতৃ সি। স্বপ্নালীক জনালে যে পত্নী আৰু সন্তানদুটাক লৈ সি সুখী।
“মোলৈ মনত পৰে নে কেতিয়াবা?“ স্বপ্নালীয়ে সুধিলে।
“বৰকৈ মনত পৰিছিল যেতিয়া তোমাৰ বিয়াৰ খবৰটো পাইছিলোঁ। এবছৰ পিছত বিদেশলৈ পঢ়িবলৈ গলোঁ। পঢ়া শেষ হোৱাৰ পিছতে চাকৰিটো পালোঁ, তাৰ লগে লগে বিয়া কৰালোঁ। সংসাৰৰ ব্যস্ততাৰ মাজত সোমাই গলোঁ। লাহে লাহে তোমালৈ মনত নপৰা হ’ল দেখোন। সঁচা কথাটো হ’ল আজিকালি সময়ে নাপাওঁ দেখোন অন্য কথা ভাবিবলৈ।“
কথাখিনি কৈ মৃনাল স্বপ্নালীৰ কাষৰ পৰা উঠি আহিল। মঞ্চত কোনোবা সতীৰ্থই গান গাই আছে। দুজনমানে নাচিবলৈ আৰম্ভ কৰিছে। সকলোৱে নিজৰ বন্ধু-বান্ধৱীক লৈ ব্যস্ত। মনোযোগেৰে গান শুনা শ্ৰোতা নাই বুলিব পাৰি। পুৰণি দিনৰ কথাবোৰ মনত পেলাই হাঁহি-স্ফূৰ্তি কৰিবলৈ লাগি গ’ল। স্বপ্নালীয়ে মৃণালক কাষত বিচাৰিছে। কিছু মনৰ কথা পাতিব। ইয়াৰ পাছত বা কেতিয়া তাক লগ পায়! পাৰিলে নিজৰ মুখখন মৃণালৰ বুকুত গুজি দিব। ইমান বছৰৰ বিৰহ বেদনা পাতলাবলৈ চকুলোৰে তাৰ দেহ তিয়াই দিব। তাৰ ফোন নম্বৰটোৱে লোৱা হোৱা নাই। তাইৰ প্ৰতি অলপ হ’লেও তাৰ অন্তৰত প্ৰেম আছে নিশ্চয়। সি বাৰু তাইৰ পৰা আঁতৰি ফূৰিছে নেকি। তাক বিচাৰি স্বপ্নালী ইফালৰ পৰ সিফাল ঘূৰিছে। হলঘৰত নাপাই কৰিডৰলৈ ওলাই আহিল। হলঘৰৰ সন্মুখত লবী, তাৰ কাষত আছে এটা সৰু ৰূম। দুৱাৰখন আধা মেলা হৈ আছে। তাৰে পৰা এক অট্টহাস্য ওলাই আহিল। সহপাঠী বন্ধু কেইজনমানে মদ খাই আড্ডা মাৰি আছে। চিগাৰেটৰ ধোঁৱাৰে ৰূমটো ধোঁৱাময় হৈ পৰিছে। মৃণালৰ মাত শুনা যেন লাগিল। ৰূমৰ ওচৰলৈ গ’ল স্বপ্নালীয়ে, কি কথা পাতিছে শুনিবলৈ মন গ’ল।
এজনে কৈছে, “আব্বে মৃণাল, তোৰ কলেজৰ দিনৰ প্ৰেয়সীৰ লগত থাক গৈ যা, অলপ চেনি খা। ইয়াত মাল খাই বহি থাকিলে তাই অন্তৰত আঘাত পাব। তাইৰ মনৰ বেদনা নুবুজ কিয়।“
“ধুৰ _ _ _ (অশ্লীল)। এতিয়া আৰু মেন’প’জ হোৱা মহিলাৰ পাছত ঘূৰে নেকি? সেইবোৰ ইতিহাস হ’ল।“ এইজন মৃণাল নে? স্বপ্নালীৰ বিশ্বাস হোৱা নাই।
“অতীতক নাযাবা পাহৰি, বন্ধু।“ আন এজন বন্ধুৰ মাত সেয়া।
“ধুৰ বে _ _ _ (অশ্লীল)। নীতি শিক্ষা লোৱা দিন আছেই নে? _ _ _ _ _ _“
মৃণালৰ কথাখিনি শেষ কৰাৰ আগতে স্বপ্নালীয়ে কাণদুখনত আঙুলিৰে হেঁচামাৰি ধৰিলে। তাৰ পৰা দৌৰ মাৰি বাহিৰলৈ ওলাই আহিল। পাৰ্কিঙত ৰখাই থোৱা গাড়ীখন ষ্টাৰ্ট দিলে। ঘৰলৈ গৈ থাকোতে তাইৰ কাণত বাজি থাকিল মৃণালৰ সেই অট্টহাস্য, “ধুৰ বে _ _ _ (অশ্লীল)।“
ৰাস্তাত কেইবাবাৰো গাড়ী ৰাখিবলগীয়া হ’ল। ধাৰাষাৰ চকুপানী ওলাই থাকিলে গাড়ী চলাবলৈ বৰ অসুবিধা হয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!