খনিজ সম্পদৰে চহকী ৰাজ্য: ৰাজস্থান
লেখক- ৰঞ্জনা দত্ত
ৰাজস্থান ৰাজ্যখন দেশৰ মূল্যবান খনিজ সম্পদ সমূহেৰে চহকী এখন ৰাজ্য। ৰাজ্যখনৰ বিভিন্ন ঠাইত সোণ, ৰূপ, তাম, টাঙষ্টেন মেংগানিজ আদি মূল্যবান ধাতুৰ আঁকৰ আছে আৰু তাৰে কিছুমান সম্পদ মাইনিংৰ দ্বাৰা বাহিৰলৈ উলিওৱা হৈছে। এমাৰেল্ড, গাৰনেট, এমেথিষ্ট, টপাজ, ৰুবী, চেফায়াৰ আদি মূল্যবান আৰু কম মূল্যবান জেমষ্টন বোৰো ৰাজস্থানৰ বহু ঠাইত কিছুমান বিশেষ পাথৰৰ মাজত পোৱা যায়। শেহতীয়াকৈ ৰাজস্থানৰ ৰাজসমন্দ জিলাত পোৱা জিংক আৰু লেডৰ এক বৃদত আঁকৰত চলা খনিৰ কাম কাজে সেই অঞ্চলৰ বহু গাঁৱৰ অৰ্থনৈতিক অৱস্থা একেবাৰে সলনি কৰি পেলাইছে। এইবোৰ আমাৰ চকুৰ আগতে সলনি হোৱা গাওঁ।
১৯৯৬ চনৰ পৰা ২০০৯ চনৰ সময়ছোৱাৰ ভিতৰত ৰাজস্থানৰ চিনদেচাৰ খুৰ্দ গাওঁখনৰ কাষতে থকা ভূ বৈজ্ঞানিক সৰ্বেক্ষণৰ ( জি এচ আই) কেম্পলৈ কেইবাবাৰো থকাকৈ গৈছো। গৰমৰ দিনত প্ৰচণ্ড গৰমৰ বাবে যোৱা নহয় যদিও ঠাণ্ডাৰ বন্ধত ল’ৰা ছোৱালী দুটাক লগত লৈ জয়পুৰৰ পৰা মোৰ ভূবৈজ্ঞানিক স্বামীৰ ক্ষেত্ৰীয় কৰ্মক্ষেত্ৰলৈ প্ৰায়ে গৈছিলো। সৰু শিলাময় পাহাৰ এলানিৰ কাষতে কেম্পটো। কেম্পৰ পৰিসীমাৰ বাহিৰৰ ঠাইবোৰ একেবাৰে মৰুভূমি সদৃশ। বহুত দৃৰলৈকে শিল বালিৰ মাজে মাজে কাইঁটীয়া জোপোহা আৰু ক’লা লঠঙা কাঁইটীয়া বাবুল গছ বোৰৰ বাদে আন একো দেখা নাযায়।
চিনদেচাৰ খুৰ্দ কেম্পৰ পৰা প্ৰায় ১৫ কি: মি: আঁতৰত আছিল হিন্দুস্তান জিংক লিমিটেডৰ বিখ্যাত ডাৰিবা খনি আৰু জিংকৰ আঁকৰ গলোৱা স্মেলটিং প্লাট। তাৰপৰা আৰু পাঁচ কি: মি: আঁতৰত আছিল হিন্দুস্তান জিংক লিমিটেডৰ কৰ্মচাৰী সকল থকা টাউনশ্বিপ খন। ওচৰৰে শুকাই যোৱা বানাচ নদীৰ বুকুত নলী নাদ বহুৱাই পাম্প সংযোগ কৰি টাউনশ্বিপৰ লগতে কেম্পলৈও পানীৰ যোগান ধৰা হৈছিল।
চিনদেচাৰ খুৰ্দ গাঁৱখনত সমবায় কুঁৱা আছে যদিও গাঁৱত পানীৰ অভাৱ হ’লে কেম্পৰ পৰাও পানী নিয়েহি। কেম্প মানে ২ বিঘামান মাটিত গছ গছনিৰে আবৃত সৰু সৰু এক বা দুকোঠালীৰ টিনপাতৰ চালি দিয়া কেইটামান ঘৰৰ সমষ্টি। প্ৰতিটো ঘৰৰ পিছফালে একোটাকৈ শৌচালয় আৰু গাধোৱা ঘৰ। এইধৰণৰ মুঠ ছয়টামান ঘৰ আছিল। আহল বহল পৰিপাটি চৌহদৰ চাৰিওকাষে আৰু ভিতৰত ছাঁ দিবৰ বাবে কিছুমান গছ ৰুই থোৱা আছিল। দূৰৰ পৰা দেখিলে ভাৱ হয় যেন মৰুভূমিৰ মাজৰ এখন মৰূদ্যান। চৌহদটোৰ দুফালে দুখন লোহাৰ গেট। প্ৰথম গেট খনেৰে ভিতৰলৈ সোমাই আহিয়ে বাওঁহাতে আছিল মাটিৰ তলৰ পৰা ড্ৰিলীং কৰি উলিওৱা পাথৰৰ ক’ৰবক্স। এইবোৰ থবলৈ চিমেণ্টৰ প্লেটফৰ্ম এখন বনোৱা আছিল। তাৰ ওপৰত ১৯৬৪ চনৰে পৰা প্ৰতিবছৰে ভূগৰ্ভৰ পৰা উলিওৱা পাথৰৰ দীঘল ক’ৰ বোৰ শাৰী শাৰীকৈ দ’মাই থোৱা হৈছিল। প্ৰায় চল্লিশ বছৰ ধৰি প্ৰতিবছৰে ড্ৰীলিং কৰি উলিওৱা এই ক’ৰ বোৰৰ ফাঁকে ফাঁকে সোমাই থাকে নানান ধৰণৰ বিষাক্ত সাপ, গুঁই, কিং কোব্ৰা আদি সাপবোৰ। মাটিৰ পৰা প্ৰায় ডেৰফুট মান ওখকৈ সজা ক’ৰ বক্সৰ প্লেটফৰ্মৰ তলখন বিভিন্ন ধৰণৰ বিষাক্ত সৰীসৃপৰ লগতে, কেটেলা পহু, শিয়াল আদি সোমাই থকা এখন মিনি জুৰ দৰে আছিল। শুকান ঠাই বাবে ইয়াৰ সাঁপ, গুইবোৰ ভীষণ বিষাক্ত। এবাৰ আমি তাত থকা সময়তে বিষাক্ত গুঁই এটাৰ কামোৰত এটা প্ৰকাণ্ড ম’হে হাগি মুতি কিছুসময়ৰ ভিতৰতে মৃত্যু মুখত পৰিছিল।
ঠাণ্ডাৰ দিনত সাপবোৰ গাঁতৰ ভিতৰত সোমাই থাকে যদিও গৰমৰ দিনত গাঁতৰ পৰা ওলাই কিলবিলাই ঘূৰি ফুৰে। গৰমৰ দিনত টিনৰ চালি দিয়া কেম্পৰ ঘৰবোৰৰ ভিতৰত মানুহ থাকিব নোৱাৰে। তেতিয়া গছৰ তলত চাৰপাইৰ ওপৰত বহি কামকাজ কৰে আৰু শোৱে। গধূলিৰ পিছতে সাঁপবোৰ আহিব নোৱাৰাকৈ চকীদাৰজনে চাৰিওফালে ফেনাইল ছটিয়াই থয়। তাৰমাজতো সিহঁত আহি কেতিয়াবা ঘৰৰ ভিতৰ সোমাইহি। জাৰকালি ৰাতিৰ তাপমান দহ ডিগ্ৰীতকৈ কম থাকে। কেতিয়াবা ৰাতিৰ তাপমান শূন্যৰ ওচৰো পাইগৈ। গধূলি কেম্পৰ বাহিৰত জুই জ্বলাই গাঁৱৰ পৰা অনা বাদাম, বুটমাহৰ লেচেৰী আদি পুৰি খোৱা হয়। জুইৰ কাষত বহি নানান ধৰণৰ কথা বতৰা হয়।
কেম্পৰ একেবাৰে ওচৰৰ গাওঁখন হ’ল চিনদেচাৰ খুৰ্দ, কেম্পৰ পৰা ডেৰ দুই কিলোমিটাৰৰ বেছি নহয়। পঞ্চাশ ষাঠি ঘৰ মানুহেৰে এখন সৰু গাওঁ। মানুহবোৰ মেৱাৰী সম্প্ৰদায়ৰ। বিড়ী খাই যদিও গাঁৱৰ কোনেও মদ ভাঙ আদি নেখাইছিল। গাঁৱৰ সকলোবোৰ মানুহ নিৰামিষ ভোজী। মানুহবোৰ দুখীয়া নহয় যদিও কোনোমতে পেটে ভাতে খাই চলি থকা ধৰণৰ। সৰু সৰু একোটা চাপৰ দুকোঠলীয়া ঘৰ, ম’হ ৰখা চালি একোখন আৰু অকণমান খেতিৰ মাটি। খেতিৰ ঘেঁহু, মাকৈ আদিৰে বছৰটো ৰুটি খাবলৈ জোৰে। ম’হৰ গাখীৰ কণেৰে চাহ খায় বা দৈ পাতে। জাৰকালি বাদাম, বুটমাহৰ খেতি হয়। গঁৱাৰ ফলি, ককড়ী, কিকোৰা ( সৰু ভাত কেৰেলাৰ দৰে) আদিৰ বাহিৰে অন্য শাক পাচলিৰ খেতি বৰকৈ নহয়। ডেকা ল’ৰাবোৰৰ পঢ়াশুনা বেছি নাই। বেছিভাগেই প্ৰাইমেৰীৰ দেওনাখন পাৰ হৈ পঢ়াশুনালৈ পিঠি দিয়ে। গৰমৰ দিনত কুলফিৰ বেপাৰ কৰিবলৈ বিহাৰ, ইউ পি, মধ্য্যপ্ৰদেশ আদিলৈ যায়। কুলফি বিক্ৰী কৰি পইচা দুটামান গোটাই জাৰকালি গাঁৱলৈ ঘূৰি আহে। জাৰকালি মন গ’লে পঢ়াশালিৰ দুৱাৰতো ভূমুকি মাৰেগৈ। প্ৰাইমাৰী স্কুলৰ শিক্ষকবোৰে জাৰকালি বিদ্যালয়ৰ চোতালত ৰ’দ লৈ কাণ খজুৱাই বহি থকা আমাৰ প্ৰায়ে দৃষ্টিগোচৰ হৈছিল।
সেই গাঁৱৰে দুজনমান লোক সেইসময়ত ৰন্ধাবঢ়া কৰা, শিলৰ নমুনা গুড়ি কৰি চালনীৰে চালি নম্বৰ লিখি লিখি পেকেটত ভৰাই থোৱা বা ৰাতি কেম্পত পহৰা দিয়া আদি কামৰ বাবে সদায় গাঁৱৰ পৰা অহাযোৱা কৰিছিল। এজন আছিল গণেশ নামৰ ৰান্ধনীজন। তেওঁ সদায় গাঁৱৰ পৰা ম’হৰ গাখীৰ আৰু দৈ লৈ আনিছিল। কেতিয়াবা ওচৰৰ পথাৰত চৰি থকা তেওঁলোকৰ ছাগলী খীৰাই ফেনাই থকা গাখীৰো লৈ আনিছিল। সেই গাখীৰেৰে বনোৱা চাহ খুব সোৱাদ আছিল। জাৰকালি কেম্পৰ চাৰিওফালে সেৰঙাকৈ থকা কাঁইটীয়া গছবোৰত সেউজীয়া পাত ওলায়। দূৰৰ কিছুমান গাঁৱৰ পৰা মানুহে নিজৰ পোহনীয়া উটবোৰ আনি তাত মেলি দিয়েহি। উটবোৰে জঙ্ঘলী ঘাঁহ পাতবোৰ খাই নিজৰ মতে চৰি থাকে। মাজে মাজে কেম্পৰ পৰা কোনোবা এটা গৈ সেই উটবোৰৰ গাখীৰ খীৰাই আনিও চাহ বনায়। কিছু দৈৰ দৰে টেঙা ভাৱৰ সেই চাহবোৰৰ সোৱাদ অত্যন্ত বেয়া আছিল। কেম্পলৈ দৈনিক হাজিৰা কৰিবলৈ অহা আন এজন মানুহ আছিল মোহন নামৰ ৰাতিৰ চকীদাৰজন। তেওঁ সন্ধিয়া আহি পিছদিনা পুৱাৰ কামখিনি কৰি গাঁৱলৈ ঘূৰি গৈছিল। আৰু আছিল নাৰায়ণ নামৰ এজন বেচ ইণ্টাৰেষ্টিঙ মানুহ। নাৰায়ণ জি এচ আই কেম্পৰ বহুত বছৰৰ পুৰণি মানুহ। নিজৰ বিশেষ পঢ়াশুনা নাছিল যদিও তেওঁ ফিল্ডৰ কামত অফিচাৰ সকলৰ লগত যাওঁতে যাওঁতে পিছলৈ পাথৰ চিনি পোৱাৰ এক্সপাৰ্ট হৈ পৰিছিল আৰু নতুনকৈ জইন কৰা ল’ৰাবোৰক কাম শিকাব পৰা হৈছিলগৈ। তেওঁ পাথৰ দেখিলেই টুকুৰাটো ভালদৰে চাই তাত কি কি ধাতু বা অধাতু আছে প্ৰায় শুদ্ধকৈ কৈ দিব পাৰিছিল। টুকুৰাটোত কিমান জিংক বা লেড আছে তাকো আনুমানিক শুদ্ধতাৰে কৈ দিব পাৰিছিল।
বহু বছৰ ধৰি কেম্পত দিন হাজিৰা কৰা এই মানুহ তিনিজন স্থায়ী কৰ্মীৰ দৰে হৈ পৰিছিল। তেওঁলোকৰ হাজিৰাৰ পৰিমাণো অন্যবোৰতকৈ বেছি আছিল। ইয়াৰ বাহিৰেও ফিল্ডৰ কামত সহায় কৰিবলৈ মাজে মাজে গাঁৱৰ ডেকা ল’ৰা কিছুমানকো লৈছিল। নাৰায়ণ, গণেশ আৰু মোহনৰ ল’ৰা ছোৱালীবোৰ গাঁৱৰ আন বোৰৰ দৰে সৰুতেই বিয়া হোৱা। পঢ়া শুনা প্ৰাথমিকৰ পিছতেই শেষ। মোহনৰ আঠ বছৰীয়া ছোৱালী পাৰ্চিক ( পাৰচ) পাহাৰৰ সিটো পাৰে থকা গাওঁ এখনলৈ বিয়া দিছিল। তাই দীঘল চাৰ্টৰ দৰে ব্লাউজ এটাৰ সৈতে স্কাৰ্ট (লেহেঙ্গা) এটা পিন্ধি লগৰ ল’ৰা ছোৱালী দুটামানৰ সৈতে প্ৰায়ে কেম্পলৈ আহিছিল। গৰমৰ দিনত দীঘল ষ্টিলৰ টিফিন বক্স এটাত দেউতাকৰ বাবে দৈৰ চাচ আনিছিল। মাজে মাজে ঘৰত খীৰোৱা গাখীৰ আৰু দৈ আনিছিল। নাৰায়ণৰ ল’ৰাটো মোৰ ল’ৰাৰ সমবয়সীয়া হোৱা বাবে মাজে মাজে ফুটবল খেলিবলৈ আহিছিল। তাৰ নামটো আছিল নাগজী। মোহনৰ লৰা হেমৰাজ আছিল তাতকৈ কিছু ডাঙৰ। নাগজী আৰু হেমৰাজৰো সৰুতেই বিয়া হৈ গৈছিল। নাগজী, হেমৰাজ আৰু সিহঁতৰ দৰে পঢ়াশুনা নথকা এই ল’ৰাবোৰৰ বেছিভাগেই এতিয়া মাহে লাখ টকাৰ বেছি উপাৰ্জন কৰে। ঘৰত দামী গাড়ী। চিনদেচাৰ খুৰ্দ গাওঁখনৰ লগতে ওচৰ পাজৰৰ মালিখেৰা, ৰাজপুৰা, চিনদেচাৰ কালান, লাঠিয়াখেৰী, মাতাজী কা খেৰা, বেথুম্বী, বামনিয়া কালান … আদি কেইবাখনো গাঁৱৰ অৱস্থা এতিয়া জয়জয় ময়ময়। এই গাওঁবোৰৰ পঢ়াশুনা নথকা ডেকা ল’ৰাবোৰৰ বেচিভাগৰেই এতিয়া মাহিলী উপাৰ্জন লাখৰ ওপৰত। এই সকলোবোৰ সম্ভৱ হৈছে ইয়াত হোৱা উচ্ছ মানসম্পন্ন চিনদেচাৰ খুৰ্দ খনিৰ খনন কাৰ্য্যৰ বাবে।
১৯৬৪ চনৰ পৰা ২০০৮ চনলৈকে জি এচ আই( GSI)য়ে চলোৱা অবিৰাম অনুসন্ধান আৰু লেবৰেটৰী পৰীক্ষাত এই গাওঁবোৰকে ধৰি এটা বৃহত অঞ্চলৰ ভুগৰ্ভত জিংক আৰু লেডৰ এটা বৃহদ সম্ভাৰৰ সন্ধান লাভ কৰিছিল। ইয়াৰ লগতে এই সম্ভাব্য খনিবোৰত পাইছিল কিছু ৰূপ আৰু কেডমিয়াম নামৰ মৌলবিধৰ সন্ধান। শেহতীয়া ৰিপোৰ্ট সমূহৰ ভিত্তিত ২০০৬ চনত হিন্দুস্তান জিংক কোম্পানীয়ে বেদান্তা গ্ৰুপৰ লগত মিলিত হৈ নতুনকৈ এই গাওঁসমূহৰ আশে-পাশে ব্যাপক ভাৱে খনন কাৰ্য্যৰ কাম আৰম্ভ কৰে। ইয়াৰ বিভিন্ন কাম-কাজৰ বাবে এই গাওঁসমূহৰ ডেকা ল’ৰাবোৰক কামত নিয়োগ কৰে। কষ্টসহিষ্ণু ডেকা ল’ৰাবোৰে নিৰ্ধাৰিত কামৰ বাহিৰেও কিছু বেছি কাম ( অভাৰটাইম) কৰে বাবে উপাৰ্জন বহুত হয়।
দুদিনমান আগতে মোহনৰ লগত ফোনযোগে কথা হৈছিল। মোহনে নিজৰ গাওঁখনৰ লগতে ওচৰৰ আন গাওঁবোৰৰ এতিয়াৰ অৱস্থাৰ বিষয়ে ক’লে। ক’লে তেওঁৰ ল’ৰা হেমৰাজে নতুন ‘ ভেন্যু ‘গাড়ী এখন ল’লে। গাড়ীখন ক’ত থয় সোধাত ক’লে – এতিয়া ম’হ ৰখা চালিখনৰ তলতে থৈছে’। আমাৰ ল’ৰাৰ লগত খেলিবলৈ অহা নাগজী বোলা ল’ৰাটোৱেও নতুন গাড়ী এখন ল’লে। এতিয়া গাঁৱত হেনো বহুতেই গাড়ী লৈছে।
” খনিত কাম কৰা ল’ৰাবোৰে খুব কষ্ট কৰিছে, পইছাও বহুত কৰিছে।”
শুনি ভাল লাগিল। ফটো পঠাবলৈ কোৱাত হেমৰাজে মাইনৰ ফটো দুখনমানো তুলি পঠালে।
বেদান্তা গ্ৰুপৰ চিনদেচাৰ খনিটো, এতিয়া ভাৰতবৰ্ষৰ বৃহত্তম ভূগৰ্ভস্থিত খনি। ইয়াত প্ৰধানকৈ জিঙ্ক আৰু লেডৰ খনন কাৰ্য্য চলে। বাই প্ৰডাক্ট হিচাপে ৰূপো যথেষ্ট ওলায়। খনন কৰি উলিওৱা ধাতু সমূহ পৰিশোধনৰ বাবে বেদান্তাৰ প্লাণ্টলৈ পঠিয়াই দিয়ে। তাৰ খনিত পোৱা ৰূপৰ পৰিমাণ খুব বেছি নহ’লেও তেওঁলোকে কম খৰচত লাভজনক ভাৱে ৰূপ উলিয়াবলৈ সমৰ্থ হৈছে। প্ৰায় ৪২ বছৰ ধৰি চলা জি এচ আইৰ অনুসন্ধানৰ ৰিপোৰ্টৰ সহায় লৈ অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত হিন্দুস্তান জিঙ্ক ( বেদান্তা) ই কৰা এই লাভজনক কাৰ্য্যকলাপ সমূহে ৰাজসমন্দ জিলাৰ বহু গাওঁ অৰ্থনৈতিক ভাৱে সৱল কৰি তুলিছে। আশা কৰিছো তেওঁলোকে গাওঁবাসীৰ শিক্ষা দীক্ষাৰ প্ৰতিও কিছু সজাগতা আনি গাওঁসমূহ শিক্ষাৰ পোহৰেৰে পোহৰাই তুলিব। খনিবোৰ হ’ল অস্থায়ী। কেইবছৰ মানৰ পিছতে ভূগৰ্ভৰ তলি উদঙ হ’ব আৰু তেওঁলোকে এইটো খনি এৰি অইন ঠাইলৈ গুছি যাবগৈ। লগে লগে এই গাওঁবোৰত আকৌ নিবনুৱা সমস্যা আৰম্ভ হ’ব। কিন্তু সময় থাকোঁতেই যদি তেওঁলোকে ওচৰৰ গাওঁসমূহৰ ল’ৰা ছোৱালী বোৰৰ মাজত শিক্ষা প্ৰসাৰৰ ব্যৱস্থা কৰাৰ লগতে বাল্যবিবাহ আদি কুপ্ৰথা নাইকিয়া কৰিব পাৰে তেওঁলোকৰ সেইখিনি অৱদান চিৰস্থায়ী হৈ পৰিব।