আইজল যাত্ৰা

লেখক- সৌৰভ বৰগোঁহাই

মোৰ এজন বন্ধু শ্ৰী ভূপেন্দ্ৰ গোস্বামী। তেওঁ দুই বছৰৰ কাৰণে অসমলৈ বদলি (transfer) হৈ আহিছে ৰাজস্থানৰ জয়পুৰৰ পৰা আৰু তেওঁৰ এটা হেঁপাহ আছে যে এই দুই বছৰত তেওঁ উত্তৰ পূৰ্বৰ সকলো ৰাজ্য ভ্ৰমণ কৰিব। তেওঁ যোৱা এবছৰত ছিক্কিমকে ধৰি ছয়খন ৰাজ্য ভ্ৰমণ কৰিলে আৰু তেওঁৰ বাকী আছিল মিজোৰাম আৰু মণিপুৰ। এতিয়া কথা হৈছে অফিচ দুই বা তিনি দিন বন্ধ হলে গোস্বামীয়ে মোক কোৱা আৰম্ভ কৰি দিয়ে –
: ব’লা বন্ধত মিজোৰাম বা মণিপুৰ ফুৰি আহোঁ।
মই ব্যস্ত থাকো কাৰণে প্ৰায়ে তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰোঁ কিন্তু এইবাৰ বহাগ বিহুত তিনি দিন বন্ধ পোৱাৰ বাবে তেওঁৰ লগত আইজল যাবলৈ সন্মতি জনালোঁ। বন্ধ আছিল ১৪ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিল লৈ। তেওঁ মই যাম বুলি কোৱাত খুব ফূৰ্ত্তি পালে আৰু লগে লগে বিমানৰ টিকট চোৱা আৰম্ভ কৰিলে। বিমানৰ টিকট পোৱা গল ১৪ এপ্ৰিলৰ (শুকুৰবাৰ) ৰাতিপুৱাভাগত। ৯.৫০ত গুৱাহাটীৰ পৰা ইন্দিগো বিমানখন উৰা মাৰিব আৰু ১০.৫০ত আইজল গৈ পাব আকৌ ১৬ এপ্ৰিল (দেওবাৰ) দুপৰীয়া ২.৫০ত আইজলৰ পৰা ইন্দিগো বিমানখন উৰা মাৰিব আৰু ৩.৫০ত গুৱাহাটী পাব। বিমানৰ অহা-যোৱা ভাৰা হ’ল ৪৪০০ টকা এজনৰ। বিমানৰ টিকট কিনাৰ পিছত তেওঁ মোক ক’লে –
: আইজল বিএছএনএল গেষ্ট হাউচৰ ভিআইপি ৰূমটো বুক কৰা। তুমি পাৰিবা, তোমাৰ বহুতৰ লগত ভাল সম্পৰ্ক।
মই চেষ্টা কৰোঁ বুলি কৈ আইজলত কোন চিনাকি আছে তাৰ ওপৰত অধ্যয়ন কৰিলোঁ। খবৰ কৰি গম পালো মই প্ৰশিক্ষণ দিয়া পাঁচজন মান ছাত্ৰ বিএছএনএল আইজল অফিচত আছে। এইখিনিতে উল্লেখ কৰিব বিচাৰো যে মই গুৱাহাটীৰ বিএছএনএল ৰিজনেল টেলিকম্ ট্ৰেইনিং চেণ্টাৰত চাৰি বছৰ (২০০৯ৰ পৰা ২০১৩ লৈ) প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিলোঁ। সেই সময়ত বহুত লোক মানে ডিপাৰ্টমেণ্ট এমপ্লই বা দেশৰ বিভিন্ন ইঞ্জিনিয়াৰিং কলেজৰ পৰা অহা লৰা-ছোৱালীক ভ’কেচনেল ট্ৰেইনিং আৰু ইন-চাৰ্ভিচ ট্ৰেইনিং দিছিলোঁ। তেনেকৈ বহুতৰ লগত ভাল চিনা পৰিচয় হৈছিল।
মই শ্বিলং অফিচৰ চিনাকি এজনৰ পৰা ফোন নম্বৰ সংগ্ৰহ কৰি আইজলত কৰ্মৰত মোৰ এজন ছাত্ৰ জ’কিমাক (zokima) ফোন কৰিলো। তেওঁক মই ট্ৰেইনিং দিছিলোঁ ২০১৩ত আৰু এই দহ বছৰে তেওঁৰ লগত কোনো সম্পৰ্ক নাছিল। কিন্তু মোৰ ফোনটো পাই তেওঁ উৎফুল্ল হৈ পৰিল। তেওঁ কলে –
: ছাৰ আপুনি আহক। মই আপোনাৰ সকলো ব্যৱস্থা কৰি দিম যেনে আপোনাক এয়াৰপৰ্টৰ পৰা গাড়ীৰে লৈ অহা, ফুৰা-চকা, গেষ্ট হাউচত ভাল ৰূম ইত্যাদি।
: ধন্যবাদ! ইনাৰ লাইন পাৰ্মিত লাগিব নেকি?
: ছাৰ লাগে, কিন্তু আপোনাৰ নেলাগে। আপুনি কেৱল ডিপাৰ্টমেণ্টৰ আইডেনটিটি কাৰ্ডখন লৈ আহিব। আমাৰ অফিচৰ এজন ষ্টাফক এয়াৰপৰ্টত ডিউটি দিয়া আছে। তেওঁ আপোনাক ৰিচিভ কৰি এয়াৰপৰ্টৰ বাহিৰলৈ লৈ আহিব।
: বহুত বহুত ধন্যবাদ। ঠিক আছে তেনেহলে আপুনি গাড়ী, গেষ্ট হাউচত ৰূম আদি ঠিক কৰক। লগ পাম।
(এইখিনিতে কব বিচাৰোঁ যে মিজোৰামৰ বাৱে ইনাৰ লাইন পাৰ্মিত আইজল এয়াৰপৰ্টতে পোৱা যায়। )
মোৰ বন্ধু ভূপেন্দ্ৰ গোস্বামীয়ে ইতিমধ্যেই আইজলৰ ক’ত ক’ত ফুৰিব তাৰ এখন লিষ্ট বনালে। সি মোৰ লগত ত্ৰিপুৰা ফুৰিবলৈ গৈ বৰ ভাল পালে। সেইকাৰণে এইবাৰ আৰু বেছি আশাবাদী যে আইজল ভ্ৰমণো ভাল হ’ব।
কিন্তু ইমান ভ্ৰমণৰ পৰিকল্পনা কৰি এটা অঘটন ঘটি গ’ল। দিনটো আছিল বৃহস্পতিবাৰ (১৩/০৪/২০২৩), দুপৰীয়া দুই বজাত আমাৰ মুখ্য মহাপ্ৰবন্ধক ছাৰে মোক ফোন কৰিলে –
: সৌৰভ ক’ত আছা?
: ছাৰ মই লৰাক লবলৈ ডন বস্কো স্কুল আহিছোঁ।
: ঠিক আছে তুমি যিমান পাৰা সোনকালে মোৰ ওচৰলৈ আহা। আৰজেণ্ট কাম আছে।
মোৰ বুকুখন চিৰিংকৈ গ’ল! কি বা হ’ল? মই লৰা’ক স্কুল ভানত উঠাই খৰ ধৰকৈ মুখ্য মহাপ্ৰবন্ধক ছাৰৰ ওচৰলৈ গ’লো। ছাৰৰ চেম্বাৰত সোমোৱাৰ লগে লগে ছাৰে ক’লে –
: কালি অৰ্থাৎ ১৪ এপ্ৰিল তাৰিখে ˌটেলিক’ম মিনিষ্টাৰ গুৱাহাটীলৈ আহি আছে। মাননীয় প্ৰধানমন্ত্ৰীৰ লগত একেলগে সৰুসজাইত বিহু চাব। সেইকাৰণে আমি তেখেতক গুৱাহাটী এয়াৰপৰ্টত আদৰিবলৈ যাব লাগিব।
ছাৰে কথাখিনি কৈ মোৰ ফালে ˌটেলিক’ম মিনিষ্টাৰৰ ট্যুৰ প্ৰগ্ৰামখন আগবঢ়াই দিলে। মোৰ মনটো সেমেকি গ’ল। কি কৰো উপায় নাই। তথাপিও ছাৰক কলোঁ –
:মই কাইলৈ আইজল যাবলৈ ফ্লাইটৰ টিকট কৰিছিলোঁ। কি কৰোঁ?
: কেনচেল কৰা বা পৰহিলৈ (শনিবাৰে) যোৱা। তুমি নাথাকিলে ন’হব। ভাল পাতৰ গামোচা আৰু ফুলৰ থোকা এটা ৰেডি কৰা।
মোৰ চাকৰিটোৰ (জন সম্পৰ্ক বিষয়া) গুৰুত্ব বাঢ়ে যেতিয়া কোনোবা ভিআইপি অসমলৈ আহে। ছাৰে কোৱা কথাটো ঠিক। মই নিজৰ দায়িত্ব এৰি যাব নোৱাৰোঁ।
মই হ’ব বুলি কৈ ছাৰৰ চেম্বাৰৰ পৰা বাহিৰে বাহিৰে বেয়া খবৰটো বন্ধু ভূপেন্দ্ৰ গোস্বামীক দিবলৈ তাৰ ওচৰলৈ গ’লো। তাক ক’লো –
: মই তোমাৰ লগত কাইলৈ আইজল যাব নোৱাৰিম।
সি একেজাপে তাৰ নিজৰ চিটৰ পৰা ঠিয় হ’ল আৰু ক’লে –
: কি হ’ল? কি কৈছা?
মই ক’লো কথা খিনি। সি ক’লে –
: হ’ব দিয়া ভাগ্য বেয়া। কাৰোবাৰ মুখ লাগিল নেকি? ইমান ফুৰি থকা কাৰণে বহুতে ভিতৰে ভিতৰে জ্বলি থাকিব পাৰে।
: তুমি অকলে গুচি যোৱা। – মই গোস্বামীক ক’লো।
: সেইটো সম্ভৱ নহয়। তাতকৈ বলা শনিবাৰে যাওঁ আৰু দেওবাৰে ঘূৰি আহিম। যদি নাযাওঁ আমাৰ টিকটৰ পইছাখিনি এনেই যাব।
মই তেওঁক ফ্লাইটৰ টিকট চাবলৈ ক’লো আৰু গম পালো ৩৫০০/- মানে এজনৰ ১৭৫০/- টকাকৈ এক্সট্ৰা দিলে শনিবাৰৰ কাৰণে বিমানৰ টিকট পোৱা যাব। মই তেওঁক টিকট কৰিবলৈ কলোঁ আৰু মই টেলিক’ম মিনিষ্টাৰক আদৰিবলৈ যি যি যোগাৰ কৰিব লাগিব সেইবোৰত সোমাই পৰিলো। মুখ্যতঃ এখন ভাল পাটৰ গামোচা এটা ডাঙৰ ফুলৰ তোৰা দিব লাগে। বেলেগ ভিআইপি আহিলে চাহপাত বা কামাখ্যা মন্দিৰৰ মডেল আদিও দিয়া যায়। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ’ল ভিআইপিৰ লগত লাগি থাকিব লাগে। ভালো লাগে বহুত ডাঙৰ মানুহক (শক্তিশালী পদবীত থকা) লগ পোৱা যায়। সকলো ঠিক থাক কৰি মুখ্য মহাপ্ৰবন্ধক ছাৰক লগ কৰিবলৈ আবেলি পাঁচ মান বজাত তেখেতৰ চেম্বাৰলৈ গ’লো।
: ছাৰ পাটৰ গামোচা কিনিলোঁ আৰু ভাল ডাঙৰ ফুলৰ তোৰা এটা বুক কৰি আহিছোঁ, কাইলৈ ৰাতিপুৱা লৈ ল’ম।
: সুন্দৰ তুমি কাইলৈ এঘাৰ বজাত পোৱাকৈ এয়াৰষৰ্ট যাবা অফিচৰ বলেৰো গাড়ীখন লৈ। মিনিষ্টাৰ ১১.৫০ত আহি পাব। মই আৰু মহাপ্ৰবন্ধক বেলেগকৈ যাম এয়াৰপটলৈ তোমাৰ পাছে পাছে।
: হ’ব ছাৰ।
: আচ্চা তোমাৰ আইজল যোৱা প্লেনটো কি কৰিলা?
: ছাৰ যাম শনিবাৰে এক ৰাতিৰ বাবে। দেওবাৰে ঘূৰি আহিম।
: ভাল কথা। ৰ’বা মই আইজলৰ মহাপ্ৰবন্ধকক কৈ দিওঁ, তোমালোকক যাতে সহায় কৰি দিয়ে।
মুখ্য মহাপ্ৰবন্ধক ছাৰে লগে লগে আইজলৰ মহাপ্ৰবন্ধকক ফোন কৰি আমি আইজল যোৱা কথাটো ক’লে আৰু লগতে যিমান পাৰে সহায় সহযোগ কৰিবলৈ ক’লে। মোৰ মনটো ভাল লাগিল ছাৰৰ আন্তৰিকতা দেখি। এনেও ছাৰে মোক ভাল পাই সেইকাৰণে ছাৰে মোক তেখেতৰ ভুৱনেশ্বৰত থকা নিজৰ ঘৰলৈও মাতিছিল আৰু মোৰো যোৱাৰ সৌভাগ্য ঘটিছিল। অফিচৰ কাম শেষ কৰি ঘৰ আহি পাওঁতে চাৰে সাত মান বাজিল। ভাত খাই টিভি চাই থাকোঁতে ৰাতি এঘাৰ বজাত মুখ্য মহাপ্ৰবন্ধক ছাৰৰ মেচেজ এটা পাওঁ। মেচেজ মানে একেবাৰে মূৰ গৰম কৰা মেচেজ। – Sir, Tour Programme of Hon’ble Minister is cancelled. মই লগে লগে মুখ্য মহাপ্ৰবন্ধক ছাৰলৈ ফোন কৰিলো।
ছাৰে কলে –
: কি কৰিবা? ডাঙৰ মানুহৰ কথা। কোন সময়ত কি হয় কোনেও নেজানে। ভালেই হ’ল দিয়া। কাইলৈ বিহু চাব পাৰিবা।
মই হাঁহি মাৰি – “হয় ছাৰ” বুলি কৈ ফোনটো থ’লো।
লগে লগে বন্ধু গোস্বামীক ফোন কৰি কথাটো ক’লো।
তেওঁ ক’লে –
: মিনিষ্টাৰৰ আমাৰ লগত কি দুষ্মনি আছিল যে এনেই এনেই আমৰ টুৰ বৰ্বাদ কৰিলে। পইছা অলপ ও এনেই গ’ল।
: হ’ব দিয়া যি হ’ল হ’ল। এতিয়া উপায় নাই। শনিবাৰে যাম আৰু….। – মই ক’লো।
শনিবাৰ আহিল আৰু ৰাতিপুৱা আঠ বজাত আমি এয়াৰপৰ্ট গৈ পালোঁ। ফ্লাইট আছিল ৯.৫০ত কিন্তু ফ্লাইটখন সকলো যাত্ৰী অহাৰ বাবে ৯.৩০তে উৰা মাৰিলে। গুৱাহাটীৰ পৰা আইজললৈ ফ্লাইটত সময় লাগে মাত্ৰ চল্লিশ মিনিট। অৰ্থাৎ ফ্লাইটখন আকাশলৈ উৰা মাৰেহে আকৌ নামিব হয়েই। আমি গৈ পুৱা ১০.১০ বজাত আইজল এয়াৰপৰ্ট পালোঁ। সৰু এয়াৰপৰ্ট, চাৰিওফালে পাহাৰ। ফ্লাইটৰ ভিতৰত থাকোঁতেই ফোন এটা আহিল।
: ছাৰ মই প্ৰণৱ সিনহা। মোৰ পষ্টিং আইজল এয়াৰপৰ্টৰ ভিতৰত। জ’কিমা ছাৰে আপোনাৰ নম্বৰ দিছিল। আপোনাক এয়াৰপৰ্টত ৰিচিভ কৰিবলৈ কৈছিল।
: ঠিক আছে আমি ফ্লাইটৰ পৰা নামিব লৈছোঁ। আপোনাক লগ পাই আছোঁ।
ফ্লাইটৰ পৰা নামিয়ে প্ৰণৱ সিনহায়ে আমাক আদৰণি জনাই আমালৈ ৰৈ থকা বিএছএনএল আইজল অফিচৰ বলেৰো গাড়ীখনত উঠাই দিলে। মনটো ভাল লাগি গ’ল কিবা নিজকে ভিআইপি যেন লাগিল। এয়াৰপৰ্টৰ পৰা গাড়ী আইজল চহৰলৈ আগ বাঢ়িছে পাহাৰৰ অকোৱা-পকোৱা ৰাস্তাৰে। বাহিৰত আচৰিত গৰম মানে ৩৪ ডিগ্ৰী চেলচিয়াছ। গা পুৰি গৈছে। পাহাৰীয়া ঠাই যে ইমান গৰম হ’ব ভাবিব নোৱাৰি। ড্ৰাইভাৰ জনে ক’লে ৰাতিলৈ ঠাণ্ডা হব মানে ১৮ বা ২০ ডিগ্ৰী চেলচিয়াছলৈকে কমিব। গাড়ীৰ সন্মুখৰ চিটত ড্ৰাইভাৰৰ লগত আৰু এজন লৰা বহি আছে। পিছত গম পালো বহি অহা লৰা জনে গাড়ী চলাব আৰু গাড়ী চলাই থকাজন শিলচৰলৈ গুচি যাব বাছত। তেওঁ ছুটী লৈছে। অলপ দেৰিৰ পিছত মেইন ড্ৰাইভাৰজন গাড়ীৰ পৰা নামিল আৰু বহি অহাজন ড্ৰাইভাৰৰ চিটত বহিল। আমোদজনক কথাটো হৈছে বহি অহা ড্ৰাইভাৰজন একেবাৰে নতুন আইজল চহৰত। তেওঁৰ ঘৰ শিলচৰত আৰু তেওঁ আমি যোৱা দিনাখনৰ ৰাতিপুৱাই আহি পাইছে শিলচৰৰ পৰা। সেইকাৰণে আমি গুগল মেপ চাই চাই এয়াৰপৰ্টৰ পৰা আইজল চহৰ আহি আছিলোঁ।
আমাৰ অফিচটো আইজলৰ ৰাজভৱনৰ সমীপত। এয়াৰপটৰ পৰা ত্ৰিশ কিলোমিটাৰ মান হ’ব আৰু সময় এক ঘণ্টাত কৈ অলপ বেছি লাগে। ৰাস্তাত দেখিলোঁ গাড়ী বোৰে হৰ্ণ নবজাই। পিছত গম পালো আইজল চহৰ খনক “নো হৰ্ন চিটি” বা “horn free city” বুলিও জনা যায়। যেতিয়া আমাৰ গাড়ীখন আইজল চহৰৰ মাজত আছিল তেতিয়া দেখিলো আমাৰ গাড়ীৰ সন্মুখত স্কুটি এখন ৰাস্তাতে পাৰ্ক কৰা আছে যাৰ ফলত যান যতৰ সৃষ্টি হৈছে। কিন্তু আচৰিত কথা কোনেও হৰ্ন বজোৱা নাই। ৰাস্তা বোৰ ঠেক কিন্তু “no entry” নাই দিয়া। গাড়ী দুই ফালৰ পৰা অহা যোৱা কৰি থাকে। মই মনতে ভাবি আছিলো যে নিশ্চয় মানু্হ বোৰে ৰাস্তাতে স্কুটি পাৰ্ক কৰি থৈ যোৱা মানু্হ জনক খং কৰিব যাৰ বাবে ৰাস্তাত জাম লাগি গৈছে। কিন্তু অলপ পিছতে দেখিলো ডেকা লৰা এজনে (আমাৰ সন্মুখৰ ফালৰ ৰাস্তাইদি অহা) নিজৰ স্কুটিখন থৈ আগবাঢ়ি আহিল আৰু ৰাস্তাৰ মাজত থোৱা স্কুটিখন ৰাস্তাৰ কিনাৰত পাৰ্ক কৰি দিলে যাৰ ফলত ৰাস্তা আকৌ মুকলি হৈ পৰিল। মই মনতে সেই ডেকা লৰা জনক ধন্যবাদ জনালোঁ।
অফিচ পোৱাৰ আগে আগে মিষ্টাৰ জ’কিমায়ে ফোন কৰিলে।
: ছাৰ ক’ত আহি পালে?
: পাব হৈছো গুগল মেপত এক কিলোমিটাৰ দেখুৱাইছে।
: আহক ছাৰ মই অফিচৰ বাহিৰতে ৰৈ আছোঁ।
আমাৰ গাড়ী আমাৰ অফিচৰ সন্মুখত ৰ’ল। মিষ্টাৰ জ’কিমায়ে হাঁহি মুখে আমাক আদৰি অফিচৰ ভিতৰৰ উপ-মহাপ্ৰবন্ধকৰ চেম্বাৰলৈ লৈ গ’ল। উপ-মহাপ্ৰবন্ধকজন মিজো লোক। বৰ ভাল আৰু ভদ্ৰ। আমাক কল্ড ড্ৰিংক আৰু মিঠাই আদি পৰিবেশন কৰিলে আৰু লগতে এজন স্থানীয় মিজো লোকক মাতি আনি আমাৰ লগত যাবলৈ ক’লে। গাইড জনে আমাক আইজল ফুৰাই দিব কাৰণ ড্ৰাইভাৰ জনে একো ৰাস্তা চিনি নাপাই। প্ৰথমে আমাক গেষ্ট হাউচলৈ গৈ অলপ ফ্ৰেচ হৈ দুপৰীয়াৰ আহাৰ কৰি লবলৈ কোৱা হ’ল। আমি গেষ্ট হাউচলৈ গৈ দুপৰীয়াৰ আহাৰ খাই ফুৰিবলৈ উলালো।
আমাৰ গাইড জনৰ নাম আছিল “মাউপুই।” তেওঁ আমাক প্ৰথমে লৈ গ’ল “চলোমান টেম্পল (Solomon’s Temple) দেখুৱাবলৈ। চলোমান টেম্পলটো নিৰ্মাণ কৰিছিল ড: এল.বি চাইলোৱে। এইটো আচলতে এটা চাৰ্চ মানে গীৰ্জাঘৰ। খ্ৰীষ্টধৰ্মীৰ সকলো লোকেই ইয়াত প্ৰাৰ্থনা কৰিবলৈ আহে। সাধাৰণতে কেথলিক, বেপ্টিষ্ট বা অন্য খ্ৰীষ্টধৰ্মীৰ লোকৰ বেলেগ বেলেগ গীৰ্জাঘৰ থাকে কিন্তু “চলোমান টেম্পললৈ” সকলো খ্ৰীষ্টধৰ্মীৰ লোক আহিব পাৰে। “চলোমান টেম্পলৰ” নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল ২৩ ডিচেম্বৰ ১৯৯৬ চনত আৰু সম্পূৰ্ণ কৰিবলৈ সময় লৈছিল বিছ বছৰ। ড: এল.বি চাইলোৱে কোৱা মতে তেখেতে ১৯৯১ চনত সপোনত দেখিছিল যে ভগৱানে তেখেতক “চলোমান টেম্পল” বনাবলৈ দিছে। বছ সপোনটো দেখিয়ে তেওঁ চলোমান টেম্পলৰ বিষয়ে লিখি থলে। এনেকৈ এটা আটক ধুনীয়া গীৰ্জাঘৰ আইজলত বনোৱা হ’ল। এই গীৰ্জাঘৰটোত দুই হাজাৰ মানুহে একেলগে প্ৰাৰ্থনা কৰিব পাৰে। গীৰ্জাঘৰটোত সন্মুখ আৰু পিছফালৰ ধুনীয়া ফুলনিখনে গীৰ্জাঘৰটোৰ সৌন্দৰ্য্য মাত্ৰা বহু গুণে বঢ়াই দিছে। এইবাৰ আমি ফুৰিবলৈ গ’লো “চিটি ফৰেষ্ট” নামৰ ঠাইলৈ, তাত আছে লালসাভুঙা পাৰ্ক (lalsavunga park)। পাহাৰীয়া ৰাস্তা অকোৱা পকোৱা কৈ পাহাৰৰ ওপৰ পাব লাগে। তাত আছে দুখন ওলোমা দলং (hanging bridge) আৰু লগতে পাৰ্ক আৰু এটা ভিউ পইণ্ট। তাৰ পৰা দূৰৰ পাহাৰবোৰ বৰ ধুনীয়া দেখি বিশেষকৈ পাহাৰৰ মাজে মাজে অকোৱা পকোৱা ৰাস্তাবোৰ। মুঠতে ফটো তুলিবলৈ এখন সুন্দৰ ঠাই। এইবাৰ আমি গ’লো ফকৱান (falkawn) নামৰ ঠাইত অৱস্থিত মিজো মডেল ভিলেজ চাবলৈ। ফকৱান নামৰ ঠাইত জোৰাম মেডিকেল কলেজ এখন আছে। এই মেডিকেল কলেজখন একেবাৰে নতুন মাথোঁ পাঁচ বছৰ হ’ব হৈছে আৰু প্ৰথম বেটচটো পাছ কৰি কেইমাহ মানৰ আগতে ওলাইছে। মিজো মডেল ভিলেজ খনত তিনিটা ঘৰ আছে। এটা ডাঙৰ ঘৰ নামটো “লালিন (lalin)” মিজো ভাষাত “লা” মানে ৰজা আৰু “লিন” মানে ঘৰ অৰ্থাৎ ৰজাৰ ঘৰ। এনেকুৱা ঘৰতে বোলে ৰজা থাকিছিল। ঘৰত চাৰিটা ৰূম আছে। তাত আছে চাৰিখন বিছনা, ডাঙৰ খানা বনোৱা সঁজুলি, খৰি, কাপুৰ ইত্যাদি। দ্বিতীয়টো ঘৰৰ নাম যোৱলবুক (zawlbuk)। এইটো ঘৰত কেৱল ডেকা লৰা বোৰ থাকে। ৰজাক এই ডেকা লৰাবোৰে কিবা বিপদ হলে ৰক্ষা কৰে। আৰু অন্তিমটো ঘৰ হ’ল পাক ঘৰ। মিজো মডেল ভিলেজ চাই শেষ কৰোঁতে সন্ধিয়া ছাৰে ছয় মান বাজিছিল। দিনটো ফুৰি ফুৰি ভাগৰ লাগিছিল কিন্তু বন্ধু ভূপেন্দ্ৰ গোস্বামীৰ লাষ্ট চাবলগা ঠাই মানে এটা ভিউ পইণ্ট আছে য’ৰ পৰা ৰাতিৰ আইজল চহৰখন বৰ ধুনীয়াকৈ দেখি সেইটো চাই যাম বুলি ক’লে। তেওঁৰ মতে পিছদিনা আমি গুৱাহাটীলৈ ঘূৰি আহিম সেইকাৰণে ফুৰা নহব তদুপৰি দেওবাৰে আইজল চহৰখন সম্পূৰ্ণ বন্ধ থাকে সেইকাৰণে দেওবাৰে একো প্লেন বনাই লাভ নাই। মই হ’ব বুলি ক’লো আৰু ভিউ পইণ্ট চাব গ’লো। ভিউ পইণ্ট পাই দেখো সঁচাই ধুনীয়া গোটেই পাহাৰখন লাইটেৰে জিলিকি আছে। বৰ আকৰ্ষণীয় দৃশ্য চাবলৈ। গোটেই দিনটো ব্যস্ততাত পাৰ কৰি গেষ্ট হাউচ আহি পালো। গা-পা ধুই ভাত খাই শুই দিলো। পিছদিনা গুৱাহাটীলৈ ঘূৰি আহিম। দুপৰীয়া ২.৫০ত ফ্লাইট আছে।
ৰাতিপুৱা শুই উঠিছো, গোস্বামীয়ে ক’লে –
: এটা বিৰাট ধুনীয়া ভিউ পইণ্ট আছে এয়াৰপৰ্ট যাওঁতে চাই যাওঁ নেকি?
: ইমান ভিউ পইণ্ট চাইছা, তোমাৰ হেঁপাহ গুচাই নাই নেকি? – মই হাঁহি মাৰি ক’লো।
: নহয় ও…. মই ইউটিউবত চাইছোঁ সঁচাই খুব ধুনীয়া।
মোক ইউটিউবত ভিডিওটো দেখুৱালে। সঁচাই ধুনীয়া। ভিউ পইণ্টৰ নামটো “হাঙি লুংলেন (Hangi Lunglen)”. ব্ৰেকফাষ্ট কৰি আমি গেষ্ট হাউচৰ পৰা একেবাৰে ওলাই দিলো ৰাতিপুৱা দহ মান বজাত। মোবাইলৰ গুগল মেপত ল’কেচনটো দি ড্ৰাইভাৰক গাড়ী ষ্টাৰ্ট দিব দিলো। প্ৰায় এক ঘণ্টা মানৰ পিছত গৈ হাঙি লুংলেন ভিউ পইণ্ট পালো কিন্তু মাজত ৰাস্তা বহুত বাৰ ভুল হ’ল। গুগল মেপক সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰি। যিকোনো ৰাস্তাত লৈ যায়। যা হওক ভিউ পইণ্টটো সঁচাই ধুনীয়া মানে আইজলৰ সবাতকৈ ওখ এইটো ভিউ পইণ্ট। মোবাইলৰ কেমেৰাত স্মৃতি বোৰ সামৰি আমি এয়াৰপৰ্টলৈ আমাৰ গাড়ীৰ দিশ সলনি কৰিলোঁ আৰু এনেকৈ আৰু এখন নতুন ঠাইলৈ যোৱাৰ সুভাগ্য ঘটিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!