জীৱন নৈৰ সোণালী পলস

লেখক- কৰবী দত্ত

ফেচবুকৰ এটা পোষ্টত ডাঃ শুভ্ৰকিংকৰ গোস্বামী দাদাই তেওঁ সহপাঠী বন্ধু ডাঃ আব্দুল কাদিৰ ডাঙৰীয়াৰ “জীৱন নৈৰ সোণালী পলস” গ্ৰন্থখনৰ কথা উল্লেখ কৰিছিল। একোজন মানুহৰ জীৱনৰ নানাৰঙী দিনবোৰৰ সবিশেষ জনা যায় বাবেই আত্মজীৱনীৰ প্ৰতি মোৰ আকৰ্ষণ বহুদিনীয়া। সেই আকৰ্ষণৰ বাবেই গোস্বামী দাদাক সুধিছিলো– কিতাপখন ক’ত পোৱা যাব? দাদাই ডাঃ কাদিৰ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰাই দিছিল আৰু তেখেতে যোৱা মাঘ বিহুৰ ঠিক পিছতেই কিতাপখন মোলৈ উপহাৰস্বৰূপে পঠাইছিল। পোৱাৰ প্ৰায় লগে লগে, জানুৱাৰী মাহতেই পঢ়ি শেষ কৰিছিলোঁ যদিও কিতাপখনৰ বিষয়ে একলম লিখো লিখো বুলিও লিখা হোৱা নাছিল। মোৰ বাইদেউ এগৰাকীয়ে কিতাপখন পঢ়িবলৈ নি দুদিনমান আগতেহে ওভোটাই দিয়াত আৰু বেছি পলম হ’ল।
“জীৱন নৈৰ সোণালী পলস” গ্ৰন্থখনত ডাঃ আব্দুল কাদিৰ ডাঙৰীয়াই তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰিছে। মাত্ৰ ছবছৰ বয়সতে পিতৃহাৰা হোৱা ডাঃ কাদিৰে কিদৰে বৰপেটা জিলাৰ বাঘবৰ অঞ্চলৰ পিছপৰা গাওঁ কদমতলাৰ এটা বৃহৎ যৌথ পৰিয়ালৰ পৰা ওলাই আহি অতি কষ্টেৰে শিক্ষাগ্ৰহণ কৰিছিল, উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত ১৯৮৯ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা মেডিচিন বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল সেই বিষয়ে বিষয়ে গ্ৰন্থখনত বিতংভাৱে বৰ্ণনা কৰা আছে। ডাঃ কাদিৰৰ কলমত শৈশৱৰ বৰ্ণনা অতি সজীৱ। তদুপৰি, চৰ অঞ্চলৰ আৰ্থ-সামাজিক, শৈক্ষিক তথা তাৰ বাসিন্দাসকলৰ নানা সমস্যাৰ কথা পঢ়ি থাকোঁতে ভাৱ হৈছিল – চৰ অঞ্চলৰ বিষয়ে সঁচাকৈয়ে আমি বহু কথাই ভালকৈ নাজানো।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঢ়ি থকা কালত হোৱা অসম আন্দোলনৰ কালত এজন চৰ অঞ্চলৰ ছাত্ৰ হিচাপে একাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা পোৱা অসুবিধাৰ কথা, আন এচামৰ পৰা পোৱা বন্ধুত্বপূৰ্ণ আচৰণ আৰু সহযোগিতাৰ কথাও লেখকে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছে। তদুপৰি, চাকৰি কালৰ বিভিন্ন অভিজ্ঞতা আৰু ঘটনাৰ কথাও গ্ৰন্থখনত লেখকে বৰ্ণনা কৰিছে।
আনহাতে, “উগ্ৰপন্থীৰ কবলত মোৰ সেই বাৱন্নটা দিন” শীৰ্ষক অধ্যায়টো সঁচাকৈয়ে লোমহৰ্ষক। একেটা অধ্যায়ৰ শেষত অপহৃত হৈ থকা অৱস্থাত তেওঁৰ সৈতে দেহৰক্ষী হিচাপে থাকি পাছলৈ ঘনিষ্ঠ হোৱা উগ্ৰপন্থী সদস্যৰ অকাল মৃত্যুৰ বাতৰিত ব্যাথিত হোৱা কথাখিনি পঢ়িলে ডাঃ কাদিৰৰ সংবেদনশীল মনটোৰ উমান পোৱা যায়। পেঞ্চনৰ ধন অভাৱী লোকৰ মাজত ভগাই দিয়াৰ কথাটোও এই সংবেদনশীলতাৰেই উদাহৰণ।
গ্ৰন্থখনৰ বিভিন্ন অধ্যায়ত লেখকে তেওঁৰ পাৰিবাৰিক জীৱন, বন্ধু-বান্ধৱ, শিক্ষা জীৱন, কৰ্মজীৱন, জড়িত হৈ থকা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ বিষয়ে সবিস্তাৰে উল্লেখ কৰিছে। লেখকৰ মাতৃৰ বিষয়ে এটা সুকীয়া অধ্যায়ৰ সংযোজনে গ্ৰন্থখনৰ আকৰ্ষণ বৃদ্ধি কৰিছে। ‌
গ্ৰন্থখনত সংযোজিত “সমসাময়িক প্ৰবন্ধ” শিতানত অন্তৰ্ভুক্ত চৰ অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত দেৱানী-মাতব্বৰৰ ভূমিকা, চৰৰ উন্নতিৰ ৰোড মেপ, বানপানী, গৰাখহনীয়া আৰু চৰুৱা জীৱন, এন আৰ চি সম্পৰ্কত কিছু প্ৰাসংগিক তথ্য, মিয়াঃ এক দুৰন্ত শক্তি, তেওঁলোকে বাৰু মিঞাক কিয় তেনে ব্যৱহাৰ কৰে, অসমৰ সংখ্যালঘুৰ জনসংখ্যা বিস্ফোৰণৰ কাৰণসমূহ, সংখ্যালঘুৰ জনসংখ্যা বিস্ফোৰণঃ এটা বিজ্ঞানসন্মত সমাধান লাগে – এই প্ৰবন্ধকেইটাত চৰ অঞ্চলত লোকসকলৰ জীৱন প্ৰণালী সম্পৰ্কে এক সম্যক ধাৰণা দাঙি ধৰিছে। “বিজ্ঞানভিত্তিক প্ৰবন্ধ, মানুহ আৰু মানৱতাৰ ওপৰত লিখা কেইটামান প্ৰবন্ধ” শিতানৰ প্ৰবন্ধকেইটাত সমসাময়িক বিভিন্ন বিষয় সামৰি লোৱা হৈছে। অৱশ্যে ধৰ্মীয় জ্ঞান তেনেই সীমিত বাবে “ ধৰ্মৰ ভিত্তিত লিখা প্ৰবন্ধ” শিতানৰ প্ৰবন্ধকেইটাৰ বিষয়ে মতামত দিবলৈ মই অপাৰগ। কবিতাও মই নিচেই কমকৈ পঢ়ো, সকলোবোৰ বুজিও নাপাওঁ। সেয়ে গ্ৰন্থখনত সন্নিৱিষ্ট কবিতা কেইটাৰ বিষয়ে মন্তব্য কৰাটো সমীচীন নহয়। তথাপিও সৰল কবিতাকেইটা পঢ়ি চাই বুজিলো – ডাঃ কাদিৰ এজন সংবেদনশীল কবিও। সৰল ভাষাৰে লিখা কবিতাবোৰৰ ভিতৰত ন-অসমীয়াৰ বিড়ম্বনা, মিঞালৈ আহ্বান, মিঞা– এটা খাটিখোৱা সংগ্ৰামী সত্তা আদি কবিতাত চৰ অঞ্চলৰ বাসিন্দাসকলৰ সমস্যাসমূহ প্ৰতিফলিত হৈছে।
“ডাঃ আব্দুল কাদিৰ জাতীয় বিদ্যালয়ঃ লক্ষ্য আৰু উদ্দেশ্য” শীৰ্ষক লেখাটো পঢ়িলে নিজ জন্মস্থানৰ প্ৰতি লেখকৰ হৃদয়ত থকা টানৰ কথা উপলব্ধি কৰিব পাৰি। চৰ অঞ্চলৰ দুখীয়া ল’ৰা-ছোৱালীয়ে অসমীয়া ভাষাটো শুদ্ধকৈ শিকিবলৈ আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈকে ডাঃ কাদিৰে এই পদক্ষেপ হাতত লৈছে। উল্লেখযোগ্য, অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যে স্থাপিত এই বিদ্যালয়ে ইতিমধ্যে ১৩ বছৰ অতিক্ৰম কৰিছে। ‌
“জীৱন নৈৰ সোণালী পলস” গ্ৰন্থখনত ভালেমান ৰঙীন ছবি সন্নিৱিষ্ট কৰা হৈছে। তদুপৰি, লেখকে বিভিন্ন সময়ত লাভ কৰা বিভিন্ন প্ৰমাণপত্ৰও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। এজন সাধাৰণ পাঠক হিচাপে গ্ৰন্থখনত ইমানবোৰ ৰঙীন ছবিৰ প্ৰয়োজনীয়তা নথকা যেন লাগে। অৱশ্যে অতি উন্নত মানৰ কাকত, সুন্দৰ ছপা-বন্ধাৰ কিতাপখনত আৰ্ট পেপাৰত ইমানবোৰ ৰঙীন ছবি সন্নিৱিষ্ট হ’লেও চন্দ্ৰ প্ৰকাশে ২০২২ চনত প্ৰকাশ কৰি উলিওৱা এই কিতাপখনৰ মূল্য মাত্ৰ তিনিশ টকাতে সীমাবদ্ধ ৰখাটোও এটা উল্লেখযোগ্য দিশ।
“জীৱন নৈৰ সোণালী পলস” গ্ৰন্থখন পঢ়ি যিজন লেখকক চিনি পালোঁ তেওঁ হৈছে চৰ অঞ্চলত জন্মলাভ কৰি সন্মুখীন হোৱা নানা প্ৰতিকূলতা অতিক্ৰম কৰিবলৈ সক্ষম হোৱা, শিপাৰ সৈতে সংপৃক্ত হৈ থকা এজন মানৱতাবাদী লোক, হাড়ে-হিমজুৱে অসমীয়া এজন ‘মিঞা’।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!