কটনত এবছৰ

লেখক- লোহিত দত্ত-বৰুৱা

 

দৰাচলতে এবছৰো নহয়, প্ৰায় ন মাহহে। “অসমীয়া খবৰ” নামৰ বাতৰি কাকতত কেই বছৰমান আগতে প্ৰয়াত অনিমা গুহ বাইদেউৰ ধাৰাবাহিক “কৰ’ণাক যোৱাহে পাহৰি” নামৰ লিখনি এটা পঢ়িছিলোঁ। তাত তেখেতৰ কটন কলেজৰ দিনৰ সোঁৱৰণী পঢ়ি মোৰ মনটোও ১৯৬৪-৬৫ চনৰ দিন কেইটালৈ উভতি গৈছিল। অনিমা বাইদেউতকৈ বহু বছৰ পিচত মই কটনত সোমাইছিলোঁ যদিও, তেখেতৰ কথাবোৰৰ সাদৃশ্য আমাৰ দিনতো পাইছিলোঁ। কোনোৱে হয়তো কব, নটা মাহত কটনৰ সোৱাদ কিটোনো পালোঁ। কথাটো হয়তো একেবাৰে মিছা নহয়। পিচে ভাত সিজালে এটা টিপি চালেই যেনেকৈ বাকীবোৰ সিজিছেনে নাই গম পায়, সেই নমাহতে কটনৰ সোৱাদ উপলব্ধি কৰিছিলোঁ।

 

হাইস্কুলীয়া দিনবোৰ কটনৰ দাঁতিৰে কটন কলেজিয়েটত কটাইছিলোঁ। আমাৰ স্কুল ঘৰৰ পৰাই কটনৰ ৰসায়ন বিভাগৰ লেবৰেটৰীৰ পৰা বতাহত ভাহি অহা ঘোলা কণীৰ গোন্ধ আমাৰ নাকত লাগিছিল। দশম শ্ৰেণী পাই কটন কলেজত পঢ়াৰ সপোন দেখিছিলোঁ। সেই দিনত চৰকাৰে দুবছৰীয়া আই.এ. (আই.এচচি.) আৰু বি.এ. (বি.এচচি.) উঠাই এবছৰীয়া প্ৰাক-বিশ্ববিদ্যালয় (Pre-University(P.U)– পি. ইউ) আৰু তিনিবছৰীয়া ডিগ্ৰীৰ আঁচনি আৰম্ভ কৰিলে। গতিকে মেট্ৰিক পাছ কৰি জুলাই মাহৰ শেষৰ ফালে কটনত বিজ্ঞান বিষয়ত পি০ইউ০ত ভৰ্ত্তি হলো। অজস্ৰ ছাত্ৰৰ লগতে ময়ো কটনিয়ান হৈ পৰিলো। প্ৰথম দিনৰ ৰসায়নৰ ক্লাচত কৃষ্ণ বৰা ছাৰে ৰসায়নৰ কিবা ভেল্কিবাজী দেখুৱালে। পদাৰ্থ বিজ্ঞানৰ (Physics) ক্লাচত সোমাই তধা লাগিলো। ছবিঘৰৰ দৰে বিৰাট গেলেৰী(Gallery)। ল’ৰাৰে গিজ গিজ, সমুখৰ শাৰীত ছোৱালী মাথোঁ কেইজনীমান। এজনীত বাদে কাকো চিনি নেপাইছিলোঁ। মামণি (বুজৰবৰুৱা)ক জানিছিলো, কাৰণ তাই আমাৰ ঘৰৰ দাঁতিৰ উমাকান্ত গোস্বামীৰ নাতিনীয়েক ওৰফে তেওঁৰ জীয়েক লিলি বাইদেউৰ ছোৱালী। মামণি ঘৰত মতা নাম, ভাল নামটো মনত নাই। এদিন তাই লগৰ বন্তি ভৰালীৰ লগত চিনাকি কৰাই দিছিল। বন্তি পানবজাৰৰ খেলা-ধুলাৰ সামগ্ৰী আৰু বাদ্য-যন্ত্ৰৰ দোকান ভৰালী ব্ৰাদাৰ্সৰ ঘৰৰ ছোৱালী। যিয়ে হওক, শৰ্মা ঠাকুৰ ছাৰেও পদাৰ্থ বিজ্ঞানৰ প্ৰথম ক্লাচত যাদু দেখুৱালে। কলেজত থকা সময়খিনি কোনো ছোৱালীৰ লগত কথা পতা মনত নপৰে। এটা ক্লাচ শেষ হ’লে ল’ৰাবোৰে যেনেকে জুম পাতি আন এটা ক্লাছলৈ যাবলৈ পানবজাৰৰ আলিয়েদি ইটো বিল্ডিঙৰ পৰা সিটো বিল্ডিঙলৈ লৰা-ধপৰা লগায়, ছোৱালীবোৰেও জুম বান্ধি গহীন গম্ভীৰ ভাৱে অহা-যোৱা কৰে।

 

সেই দিনত পাণবজাৰ গুৱাহাটীৰ প্ৰাণকেন্দ্ৰ আছিল। তাতে কেইবছৰমান আগতে মাথোঁ ডিব্ৰুগড় মেডিকেল কলেজৰ পিচত গুৱাহাটীত অসমৰ ২য় মেডিকেল কলেজ খোলা হৈছিল পাণবজাৰৰ ৰাজহুৱা চিকিৎসালয় (Civil Hospital)ত। গতিকে পাণবজাৰত কটন আৰু মেডিকেলৰ ছাত্ৰ-ছাত্ৰী তথা ডেকা-গাভৰুৰ সমাগম। পাণ বজাৰৰো এক উন্মত্ত যৌৱন আছিল। মনত পৰে মেডিকেলৰ ছাত্ৰ এজনে “পাণবজাৰৰ হেজাৰ সন্ধিয়া” নামৰ এখন উপন্যাসো লিখি প্ৰকাশ কৰিছিল। পাণবজাৰৰ “লয়াৰ্চ বুক ষ্টল”ত কিতাপ কিনিবলৈ কলেজীয়া ল’ৰা-ছোৱালীৰ ভিৰ লাগে। মালিক বিচিত্ৰ নাৰায়ণ দত্তবৰুৱাই ওখকৈ গাদী এখনত বহি কিনা-বিকাৰ ৰেহ-ৰূপ চায় আৰু দৰকাৰ হ’লে গোমস্তাক আঁতৰৰ পৰাই নিৰ্দেশ দিয়ে। “ৰেডিঅ’ ফিনিক্স”ৰ সমুখত কলেজীয়া ল’ৰাৰ জুম– গান শুনিবলৈ, হয়তো কলেজীয়া গাভৰুৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ। দুঃসাহসী ল’ৰাত বাদে আনৰ আগবাঢ়ি ছোৱালীৰ লগত কথা পতাৰ প্ৰশ্ন নুঠে। ৰেডিঅ’ ফিনিক্সৰ সমুখৰ “মহামায়া কেবিন”ৰ পৰা পিৰিচ-পিয়লা-চামুচৰ থুনুক-থানাক শব্দ ভাঁহি আহে। “শুৱালকুচি ষ্টোৰ”ত সম্ভ্ৰান্ত ঘৰৰ মহিলাৰ সমাগম পাটৰ মেখেলা-চাদৰ কিনিবলৈ, লগত হয়তো কলেজীয়া জীয়েক। “শেইখ ব্ৰাদাৰ্স”ৰ পৰা নতুনকৈ বনোৱা লোফ (পাওৰুটি) আৰু কেকৰ আমোল-মোল গোন্ধে জিভাত পানী আনে। “ডিলাইট”খন সাধাৰণতে কলেজীয়া ল’ৰা-ছোৱালীৰ বাবে দুৰ্লভ, কিন্তু মিঠাইবোৰ খাবলৈ সঁচাকৈয়ে ভাল আছিল। ল’ৰাবোৰৰ সাধাৰণতে আড্ডা বহিছিল “গুৱাহাটী ডায়েৰী”ত। পদাৰ্থ বিজ্ঞানৰ বিল্ডিঙৰ সমুখতে আছিল মানিমেকিং ফাৰ্মাসী (Money Making Pharmacy), কলেজ ষ্টুডিঅ’, আৰু এল. এম. মৈত্ৰৰ হোমিওপ্যাথিকৰ দোকান। বেমাৰ-আজাৰত মৈত্ৰৰ চাৰি অনাৰ পুৰিয়া (বড়ী) খায়েই বহুতে ভাল পাইছিল। “গগৈৰ দোকানৰ ঘড়ী আৰু মৈত্ৰৰ দোকানৰ বড়ী” বুলি কথা এটা প্ৰখ্যাত আছিল। সেইদিনত চুকে-কোণে মদৰ দোকান নাছিল। আমি জনাত দে’ৰ মদৰ দোকান (B. N. Dey & Company) খনেই একমাত্ৰ মদৰ দোকান আছিল। মুঠতে গুৱাহাটীক পাণবজাৰে জীৱন্ত কৰি ৰাখিছিল।

 

দিন যোৱাৰ লগে লগে উজনি-নামনিৰ দুই-এক বন্ধু হ’ল– বাঘমাৰাৰ মুনীন দাস, বিশ্বজিত ভাগৱতী (ক’ৰ আজি মনত নাই), গুৱাহাটীৰে পুৰণি বন্ধু শ্যামন্ত (বৰদলৈ), মৃণাল (ডেকা), জয়ন্ত (বৰকাকতি), আদি। মনত পৰে ক্ষীণকৈ শৰ্মা ঠাকুৰ ছাৰৰ নাকী সুৰৰ মাতটো। তেওঁ ৰ’ল কল কৰি যায়– number 1, উত্তৰ – yes sir, number 2 …। আন এজন ল’ৰাৰো মাতটো একে নাকী সুৰৰ আছিল। তাৰ পালত সি উত্তৰ দিলে– yes sir, শৰ্মা ঠাকুৰৰ উত্তৰ – you are joking at me, ল’ৰাজনৰ উত্তৰ- no sir। গোটেই ক্লাছটোৱে ভয়তে মুখবন্ধ কৰিয়ে ফিচিক ফিচিককৈ হাঁহিছিল। আৰু এদিনৰ কথা। আগৰফালে ল’ৰা এজনে টোপনিৰ জালত মূৰ দুপিয়াই আছিল। শৰ্মা ঠাকুৰে ল’ৰাজনৰ ফালে আঙুলি টোঁৱাই কলে – you, you; ল’ৰাজনে ধহমহকৈ ঠিয় দিলে। তাৰ পিচৰ কথোপকথন –

শৰ্মা ঠাকুৰ– ঘৰ ক’ত?

ছাত্ৰ– ছয়গাওঁ

শৰ্মা ঠাকুৰ– ছয়গাঁৱত কলেজ নাই?

বাপুকৃষ্ণ চৌধুৰী ছাৰে ষাঠি (৬০) মাইল বেগত অংক শিকাইছিল। অসমীয়া, ইংৰাজীৰ ক্লাছবোৰ কলা বিভাগৰ বিল্ডিঙত (New Arts Building) হৈছিল। কিন্তু অসমীয়া ক্লাছত কিছুমানে (বিশেষকৈ বিজ্ঞানৰ ছাত্ৰই) মন-কাণ নিদিছিল। সেই সময়ত জয়ন্ত হাজৰিকাৰ কৃষ্ণচুড়া, কৃষ্ণচুড়া গানটো জনপ্ৰিয় হৈ উঠিছিল। কেইজনমান ল’ৰাই অসমীয়া ক্লাছত পাছৰ বেন্সত বহি সেই গানৰ “প্যাৰডি” (parody) কৰি গান জুৰিছিল –

“কৃষ্ণ বৰা, কৃষ্ণ বৰা, কেমিষ্ট্ৰিৰ প্ৰশ্নবোৰ আৰু নুসুধিবা, হেজাৰ তোমাৰ প্ৰশ্নবোৰেৰে জুৰুলা নকৰিবা। কৃষ্ণ বৰা আ ..। মহেশ ভুঞাৰ কপালৰ আগৰ চুলি সৰি সৰি টপা হল, কৃষ্ণ বৰা …। “

অসমীয়াৰ অধ্যাপক আছিল বিনয় নে বিনন্দ তামোলী, বৰপেটাৰ ফালৰ মানুহ। ছাত্ৰীবোৰ ছাৰৰ দাঁতিৰ কেইখন মান বেন্সত বহিছিল। ছোৱালীবোৰ সাধাৰণতে বৰ গহীন আৰু মুখত হাঁহিৰ ছাঁটোও নাছিল। এদিন তামূলী চাৰে এজনীৰ ফালে চাই বৰপেটীয়াতে কৈছিল– “হে মাই, অলপ হাঁইহবিয়ে, নহলি মেলাংকলি (melancholy) হবো।”

 

সময়ত কলেজ সপ্তাহ (College Week) আহে, সৰস্বতী পূজা আহে। মহাবিদ্যালয়ৰ সপ্তাহত কটনত উখল-মাখল লাগে। সংগীত-নাটক আদিৰ মাজেৰে ছাত্ৰ-ছাত্ৰীয়ে শিল্প-কলাৰ অভিনৱ পাৰদৰ্শিতা দেখুৱায়। সৰস্বতী পূজাৰ সময়ত সকলোৱে, বিশেষকৈ কলেজীয়া গাভৰুৰ দলে সাজি-কাচি দেৱীক পূজা কৰে। বছৰেকীয়া পৰীক্ষা যে আহিবৰেই হ’ল। সময়ত কটনিয়ান আলোচনীখনো ওলায়। ক’ত যেন পঢ়িছিলোঁ – “কটন কলেজ, ঐ কটন কলেজ, ডিগ্ৰী লাগেনে তোক লাগেনে নলেজ (knowledge)।”

আমাৰ সময়ত অধ্যক্ষ আছিল নুৰুল ইছলাম। চাওঁতে চাওঁতে নটা মাহ শেষ হ’ল। আহি পালে পি ইউৰ শেহতীয়া পৰীক্ষা। এপ্ৰিলৰ কোনো এটা দিনত পৰীক্ষা আৰম্ভ হ’ল। পৰীক্ষাৰ খবৰ ওলাবলৈ প্ৰায় তিনি মাহ ৰ’ব লাগে। এদিন খবৰ ওলাল। কলেজিয়েটৰ পৰা মেট্ৰিকত প্ৰথম দহোটাৰ মাজত স্থান পাবলগীয়া যি কেইটা ল’ৰাই স্থান নাপাইছিল, সেই আটাইবোৰে এইবাৰ কটনৰ পৰা প্ৰথম দহোটাৰ মাজত স্থান পালে। তাৰে মাজত ময়ো এজন। চুবুৰীৰ বহুতেই মোক আন্তৰিক অভিনন্দন জনালে। কটনৰ পৰা পি ইউ (বিজ্ঞান শাখা)ত প্ৰথম দহোটা স্থানৰ মাজত সাতটা স্থান পালে– এক নতুন ৰেকৰ্ড, এক গৌৰৱৰ কথা কটনৰ বাবে। এতিয়া আমি পুনৰ নতুন ভবিষ্যতৰ সন্ধানত। তেতিয়াৰ দিনত বেছি ভাগেই কটনতে উচ্চতৰ শিক্ষা লৈছিল নতুবা গুৱাহাটী ইঞ্জিনিয়াৰিং(কাৰিকৰী) আৰু মেডিকেলত সোমাইছিল। পৰীক্ষাত ভাল কৰাবোৰৰ বহুতেই ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছিল। অসমৰ বাহিৰলৈ যোৱা মোৰ বহুতো বন্ধু বেনাৰসলৈ (B.H.U.) গৈছিল। বিএ আৰু বিএচচি পাছ কৰি কিছুমান মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ত সোমাইছিল। মাথোঁন শ্যামন্ত, সত্যেশ, আৰু মই ওলাইছিলোঁ অসমৰ পৰা অসমীয়া হিচাপে প্ৰথম সুদূৰ ৰাজস্থানৰ পিলানীলৈ। মামণি আৰু বন্তি গুৱাহাটী মেডিকেলত সোমাইছিল। কটন এৰাৰ আঠ বছৰ পাচত আমেৰিকা পালোঁহি। তেতিয়াৰে পৰা সুদূৰ আমেৰিকাত। কিন্তু কটনৰ তাহানিৰ ছবিখন এতিয়াও মনৰ এচুকত স্পষ্ট ভাৱে জিলিকি আছে।

 

অনিমা (গুহ) বাইদেৱে কোৱাৰ দৰে, এটা কথা ঠিক। সেই দিনত কি প্ৰাথমিক, কি মাধ্যমিক, কি হাইস্কুলীয়া তথা কলেজীয়া শিক্ষা, শিক্ষকে শিক্ষা দান কৰিছিল, বিক্ৰী কৰা নাছিল। তাৰ বাবে হয়তো অলপ পইচাৰ বেতন পাইছিল। সেই দৰমহাৰে গাড়ী-ঘোঁৰা কিনাৰ কথা উঠা নাছিল। এদিন পদাৰ্থ বিজ্ঞানৰ অধ্যাপক শৰ্মা ঠাকুৰ ছাৰে চাইকেল চলাই শিলপুখুৰীৰ বজাৰত শাক-পাচলি কিনা দেখিছিলোঁ। আজি কটন বিশ্ববিদ্যালয় হ’ল। আজিৰ শিক্ষক-ছাত্ৰ-ছাত্ৰী ডিগ্ৰীৰ পিচত, নে নলেজৰ (জ্ঞান) পিচত, নে পইছাৰ পিচত দৌৰিছে মই নাজানো। সময় সলনি হ’ল। হয়তো আটাই কেইটাৰে প্ৰয়োজন – সৎ উপায়েৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!