অঞ্জুমা

লেখক- ডাঃ সুৰজিত গিৰি

‘গিৰি দা, তিনি বছৰীয়া ছোৱালী এজনী সম্পূৰ্ণ অজ্ঞান অৱস্থাত আহিছিল। এতিয়া তাইক ভেণ্টিলেচন ৰখা হৈছে। ফটো পঠাইছোঁ হোৱাটছ এপত, চাবচোন!”
২০২২ বৰ্ষৰ নৱেম্বৰ মাহৰ কথা। সৰ্বভাৰতীয় সংজ্ঞাহাৰক চিকিৎসক সংস্থাৰ(Indian Society of Anaesthesiologists) ৫৪ সংখ্যক ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনি শ্বিলঙৰ নেগ্ৰিমছ হস্পিটেলত অনুষ্ঠিত হৈছিল।
সৰ্বভাৰতীয় সংস্থাটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়ববীয়া হিচাপে মই ২১ নৱেম্বৰ তাৰিখে পুৱা ৯ মান বজাত শ্বিলঙত উপস্থিত হওঁ। কিন্তু ২২ নৱেম্বৰ তাৰিখে মেঘালয় আৰু অসমৰ সীমান্তত কিছু সমস্যা হোৱাত অসমৰ নম্বৰ প্লে’ট থকা গাড়ীবোৰ শ্বিলঙত সোমাবলৈ দিয়া হোৱা নাছিল আৰু এটা বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হৈছিল। এই আইনজনীত বিশৃংখলাই আমাৰ আলোচনা চক্ৰত ভাগ ল’বলৈ অহা প্ৰতিনিধিসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল।
আলোচনাচক্ৰখনলৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা অহা প্ৰায় ২৫০০ সংজ্ঞাহাৰক চিকিৎসক বৰ আহুকালত পৰিছিল। আমাৰ বহু চিকিৎসক গুৱাহাটীৰ জোৰাবাটতে আবদ্ধ হৈ আছিল। কাকত-পত্ৰত বাতৰি এনেধৰণে পৰিৱেশন হ’ল যেন মেঘালয়ত ভাৰত-পাকিস্তানৰ তয়াময়া ৰণহে হৈছে। ঘৰৰ শ্ৰীমতী আৰু বন্ধুসকলেও ফোন কৰি আমাৰ কুশলতাৰ খা-খবৰ ল’লে। কাৰ্য্যত কিন্তু তেনেকুৱা একোৱেই হোৱা নাছিল। কিছু হৈ-হাল্লাহে হৈছিল। কিন্তু সংবাদ মাধ্যমসমূহে তিলটোকে তালটো যেন কৰি তুলিছিল।
কথা বিষম দেখি আমাৰ ৰাষ্ট্ৰীয় বিষয়ববীয়াসকলে আমাৰ ডাক্তৰসকল সুকলমে শ্বিলঙত সোমাব পৰাৰ লগতে ঘৰলৈও যাতে সুকলমে ঘূৰি যাব পাৰে, তাৰো দায়িত্ব মোকে অৰ্পণ কৰে।
লোকৰ ৰাজ্য, ভাষাৰ সমস্যা, ইণ্টাৰনেট বন্ধ আৰু লগতে আমাৰ ২৫০০জন ডাক্তৰৰ নিৰাপত্তা। কামটো কঠিন আছিল। কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তৰ স্বাৰ্থত এটা কঠিন কাম সমাপন কৰাৰ দায়িত্ব লওঁ।
মেঘালয়ৰ কেইজনমান স্থানীয় ল’ৰা-ছোৱালীক লৈ ওৱাইফাই(WIFI) জ’ন এটা বনাই ৰাস্তাত আবদ্ধ হৈ থকা আমাৰ ডাক্তৰসকলৰ লগতে অন্যান্য প্ৰতিনিধিসকলৰ লগতো অহৰহ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰোঁ। পুৱা ৯ বজাৰ পৰা ৰাতি ১০ মান বজালৈকে আমি কামত লাগি যাওঁ। প্ৰথম বাৰৰ বাবে নিজকে কল চেণ্টাৰত কাম কৰি থকাৰ দৰে লাগিছিল।
প্ৰথমে আমি মেঘালয় চৰকাৰৰ অধীনত থকা চৰকাৰী বাছ পঠিয়াই আমাৰ ডাক্তৰসকলক উদ্ধাৰ কৰিছিলোঁ। তাৰ সমান্তৰালভাৱে ৰেলত অহা, বিমানত অহা আৰু অসমৰ পৰাও আহিবলগীয়া ডাক্তৰসকলৰ কাৰণে ঠায়ে ঠায়ে, সময়ে সময়ে বাছ থিয় কৰাই সকলো প্ৰতিনিধিক ফোন কৰি কৰি আলোচনাচক্ৰখনলৈ অনাৰ ব্যৱস্থা কৰা হয়।
মেঘালয়ত অসমৰ নম্বৰ প্লে’টৰ গাড়ী সোমাব নিদিয়াৰ কাৰণে এইবাৰ অসমৰ মানুহেও মেঘালয়ৰ নম্বৰ প্লেট থকা গাড়ী গুৱাহাটীত সোমাব নিদিয়া হ’ল। আমাৰ প্ৰতিনিধিসকল শ্বিলঙত সোমাবলৈ বা শ্বিলঙৰ পৰা ওলাবলৈ হ’লে, মেঘালয় চৰকাৰৰ অধীনত থকা চৰকাৰী বাছহে ব্যৱহাৰ কৰিব পাৰিব। বাকী ব্যক্তিগত সৰু গাড়ীৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল।
এইবোৰ কামত ব্যস্ত থাকোঁতেই ২২ নৱেম্বৰ তাৰিখে দুপৰীয়া প্ৰায় ২-৩০ মান বজাত বঙাইগাঁও চিভিল হস্পিটেলৰ ডাক্তৰ মুহিবোৰৰ ফোনকলটো পাই অলপ থমকি ৰ’লোঁ।
‘গিৰি দা, তিনি বছৰীয়া ছোৱালী এজনী আহিছে। তাইক এতিয়া ভেণ্টিলেচন ৰখা হৈছে। ফটো পঠাইছোঁ হোৱাটছ এপত, চাবচোন!’
কণমানিজনীৰ নাম অঞ্জুমা বেগম। তাই বঙাইগাঁও জিলাৰ বালাপাৰা অঞ্চলৰ।
মোবাইলৰ ফটোত অঞ্জুমাৰ ভৰিত স্পষ্ট দুটা দাগ প্ৰত্যক্ষ কৰিছিলোঁ। দাঁতৰ দাগ দুটাৰ দূৰত্ব দেখি আৰু অঞ্জুমাৰ লক্ষণবোৰ ফঁহিয়াই চাই আমি সেয়া বিষাক্ত সাপৰ দংশন বুলিয়েই আশ্বস্ত হৈছিলোঁ।
‘মুহিবোৰ, এণ্টিভেনম বেজী দি ভালেই কৰিলা। এয়া বিষাক্ত সাপৰ দংশনেই হয়। ভাল হৈ যাব। অঞ্জুমা সুস্থ হোৱাৰ পাছত তুমি মোক খবৰ দিবাচোন!’
ফোনকলটো কাটি কণমানিজনীৰ ঘটনাটো ফঁহিয়াই চাবলৈ চেষ্টা কৰিলোঁ।
দুপৰীয়া প্ৰায় একমান বজাৰ কথা হেনো। মাকে ঘৰুৱা কাম-বন কৰি আছিল। অঞ্জুমাই চোতালত খেলি আছিল। কিছু সময় খেলাৰ পাছত হঠাৎ অঞ্জুমা যেনেতেনে দৌৰি আহি মাকৰ কোলাত অজ্ঞান হৈ পৰি যায়। লগতে তাইৰ মুখৰপৰা ফেন ওলাবলৈও আৰম্ভ কৰে।
ঘটনাৰ আকস্মিকতাত একো বুজি নাপাই মাক-দেউতাকে অঞ্জুমাক প্ৰায় ২০ কিলোমিটাৰ দূৰত থকা বঙাইগাঁও চিভিল হস্পিটেললৈ মৃতপ্ৰায় অৱস্থাত লৈ আহে। বঙাইগাঁও চিভিল হস্পিটেলত ডাক্তৰে যেতিয়া অঞ্জুমাক পৰীক্ষা কৰে, তাই সম্পূৰ্ণৰূপে অজ্ঞান আছিল। শৰীৰত অক্সিজেনৰ পৰিমাণ মাত্ৰ ৪৫% হে আছিল। কোনেও প্ৰথমে সৰ্প দংশন হৈছে বুলি ভবা নাছিল।
তাইৰ বাবে তৎক্ষণাত ভেণ্টিলেচনৰ(কৃত্ৰিম শ্বাস-প্ৰশ্বাস) ব্যৱস্থা কৰা হয়। তাৰ পাছত ভালকৈ পৰীক্ষা কৰোঁতে কৰ্তব্যৰত স্বাস্থ্যকৰ্মীসকলে বাওঁ ভৰিৰ পানী গাঁঠিৰ ওচৰত দুটা স্পষ্ট দাগ দেখা পায় আৰু তেতিয়া ডাঃ মুহিবোৰ আৰু তেওঁৰ দলে সৰ্প দংশন হ’বও পাৰে বুলি ভাবি সম্পূৰ্ণ ডিমৌ হস্পিটেলৰ প্ৰট’কল মতে এণ্টিভেনম বেজীৰ লগতে নিঅ’স্তিগ্মীন বেজী প্ৰয়োগ কৰে।
২০২১ বৰ্ষৰ ২৫ অগষ্ট তাৰিখে বঙাইগাঁও চিভিল হস্পিটেলৰ ডাক্তৰ মুহিবোৰ ৰহমানে সৰ্প দংশনত ব্যৱহাৰ কৰা ডিমৌ চিকিৎসালয়ৰ চিকিৎসা পদ্ধতি-প্ৰট’কলবোৰ বিচাৰি এই বিষয়টোত কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰি মোলৈ ফোন কৰিছিল। মুহিবোৰ মোতকৈ জুনিয়ৰ সংজ্ঞাহাৰক চিকিৎসক। সৰ্প দংশন বিষয়টোত তেওঁৰ সদিচ্ছাই আমাক আপ্লুত কৰিছিল। তৎক্ষণাত আমি আমাৰ ডিমৌ হস্পিটেলৰ প্ৰট’কলবোৰ তেওঁলৈ পঠিয়াই দিলোঁ।
এটা-দুটাকৈ ৰোগী বঙাইগাঁও চিভিল হস্পিটেললৈ আহিব আৰম্ভ কৰিছিল। সৰ্প দংশন বিষয়ত মুহিবোৰৰ লগত মাজে মাজে আমাৰ কথোপকথনো হয়। সৰ্প দংশনৰ চিকিৎসাত মুহিবোৰ আৰু তেওঁৰ দলৰ ক্ৰমাগত কৃতকাৰ্যতাৰ বাবে ৰাইজ লাহে লাহে হস্পিটেলখনলৈ আহিব ধৰিছিল। ডাঃ মুহিবোৰৰ লগতে তেওঁৰ সহকৰ্মী স্বাস্থ্যকৰ্মীসকলৰ সফলতাত আজি আমি অত্যন্ত সুখী।
“Dr. Giri, I have a flight from Guwahati tomorrow. What are the timings of shuttle buses for tomorrow?”
হায়দৰাবাদৰ মহিলা ডাক্তৰগৰাকীৰ মাতত মই বাস্তৱলৈ ঘূৰি আহিছিলোঁ।
তেখেতক আৱশ্যকীয় দিহা-পৰামৰ্শখিনি দি এইবাৰ মুহিবোৰৰ ফোনকললৈ বাট চালোঁ।
প্ৰায় ৪ ঘণ্টাৰ মূৰত অঞ্জুমাই কিবা এটা খাই থকা ভিডও এটা মুহিবোৰে মোলৈ পঠাই দিয়ে। ফট’টো পাই মুহিবোৰ আৰু তেওঁৰ দলক অভিনন্দন জনাই আত্মসন্তুষ্টি লাভ কৰি আকৌ কামত লাগি যাওঁ।
সম্ভাৱ্য মৃত্যু এটাত বাধা দিয়া হ’ল। মুহিবোৰ আৰু বাকী চিকিৎসাকৰ্মীসকলৰ বাবে মাকৰ বুকুখন উদং নহ’ল।
২০২২ বৰ্ষৰ ২৯ নৱেম্বৰ তাৰিখে সংজ্ঞাহাৰক বিশেষজ্ঞ চিকিৎসকৰ আলোচনা চক্ৰখনত প্ৰথমবাৰৰ বাবে কোনোধৰণৰ আলোচনাত ভাগ নোলোৱাকৈয়ে শিৱসাগৰলৈ বুলি ঘৰমুৱা হওঁতেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা সকলো প্ৰতিনিধি সুকলমে নিজ নিজ ঘৰত উপস্থিত হৈ মোলৈ পঠিওৱা ধন্যবাদসূচক মন্তব্যবোৰ লাভ কৰি অভিভূত হ’লোঁ।
অঞ্জুমাৰ ঘটনাটোৱে আমাক যেন আৰু এটা শিক্ষা দিলে। মানে, ৰোগী এজনৰ অস্বাভাৱিক লক্ষণৰ লগতে কিহবাই কামোৰাৰ চিহ্ন থকা মানে সেয়া সৰ্প দংশন হ’ব পাৰে। ৰাইজৰ লগতে স্বাস্থ্যকৰ্মীসকলেও এইটো কথা মনত ৰখা উচিত।
অঞ্জুমাৰ দৰে সৰ্প দংশনৰ যিমানবোৰ ঘটনা আমি আলোচনা কৰিম বা প্ৰকাশ কৰিম, সিমানেই সৰ্প দংশনত মৃত্যু হোৱাৰ সম্ভাৱনাখিনি ৰোধ কৰাৰ দিশত আমি আৰু এখোজ আগুৱাই যাম। এই ক্ষোত্ৰত ৰাইজ আৰু স্বাস্থ্যকৰ্মীসকল সজাগ আৰু সতৰ্ক হৈ থাকিলেই হ’ল।
বঙাইগাঁও চিভিল হস্পিটেললৈ ২০২১ বৰ্ষত সৰ্প দংশনৰ মাত্ৰ ৮জন ৰোগী আহিছিল। কিন্তু ২০২২ বৰ্ষত ১০৮ জন সৰ্প দংশনৰ ৰোগী বঙাইগাঁও হস্পিটেললৈ প্ৰায় আধা ঘণ্টা মানৰ ভিতৰত আহি ভৰ্তি হয় আৰু তেওঁলোকৰ মৃত্যু ৰোধ কৰা হ’ল।
সৰ্বমুঠ ১১৬জন সৰ্প দংশন হোৱা ৰোগীৰ মাত্ৰ ৬ জনক বিষাক্ত ফেঁটী সাপ বা পিট ভাইপাৰ সাপে দংশন কৰিছিল আৰু সকলোবোৰেই সুস্থ হৈছিল।
বঙাইগাঁও হস্পিটেলৰ সৰ্প দংশনৰ ৰোগীৰ চিকিৎসাত স্বাস্থ্যকৰ্মীৰ এখোজত আমি নথৈ আনন্দিত। ডাঃ মুহিবোৰ আৰু তেওঁৰ দল বৃহত্তৰ বঙাইগাঁও অঞ্চলৰ ৰাইজৰ বিশ্বাসভাজন হোৱাৰ বাবে স্বাস্থ্যকৰ্মী হিচাপে আমি গৌৰৱান্বিত। লাহে লাহে বঙাইগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ হস্পিটেলখনলৈ ধাৱমান হ’বলৈ আৰম্ভ কৰিছে যিটো অত্যন্ত আশা ব্যঞ্জক কথা।
কাৰ্য্যত বঙাইগাঁৱৰ ৰাইজ বেজমুখী হোৱাৰ সলনি হস্পিটেলমুখী হোৱা বাবেহে বঙাইগাঁও চিভিল হস্পিটেলে বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। বঙাইগাঁৱৰ ৰাইজৰ বেজৰ পৰিৱৰ্তে মেডিকেল চিকিৎসাৰ প্ৰতি উদ্ভৱ হোৱা বিশ্বাসৰ মূলতে হ’ল বঙাইগাঁও চিভিল হস্পিটেলৰ সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ মুহিবোৰ ৰহমান আৰু হস্পিটেলখনৰ স্বাস্থ্যকৰ্মীসকলৰ ঐকান্তিক প্ৰচেষ্টা।
এনেধৰণৰ ঐকান্তিক প্ৰচেষ্টাৰে আমি সকলোৱে মিলি-জুলি অনাগত দিনত অসমত সৰ্প দংশনত শূন্য মৃত্যু সম্ভৱ কৰিম বুলি মনে ধৰে।
আমি আশাবাদী।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!