বিধান

লেখক- যুতিকা সভাপণ্ডিত

ৰণ আৰু মাক ওচৰৰে মানুহ এঘৰৰ বিয়া খাবলৈ গৈছিল। বিয়া ঘৰত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছত ৰণ আৰু মাকক কোনোবা এজনে খোৱা ঘৰলৈ নিমন্ত্ৰণ কৰিলে। খোৱাৰ প্লে’টত কিছু বস্তু লৈ অকণমান আগবাঢ়ি যাওঁতেই ৰণৰ মাক হঠাৎ পৰি গ’ল। ওচৰে পাজৰে থকা মানুহখিনিয়ে কি হ’ল, কি হ’ল বুলি তেখেতক ধৰি মেলি উঠাই দি ক’লে, ‘এম্বুলেন্স এখন মাতি দিওঁ, আপুনি হস্পিতালৰ পৰা আহকগৈ।’ তেখেতে লগে লগে কাপোৰ-কানিবোৰ ঠিক-ঠাক কৰি ক’লে, ‘নাই নাই, মোৰ একো হোৱা নাই। মোৰ চেণ্ডেলযোৰৰ হিল এটা কাৰ্পেটখনত লাগি ধৰাতহে উজুটি খাই পৰিলোঁ। ৰণেও মাকক ক’লে, ‘বলা মা, হস্পিটেলৰ পৰা আহোঁগৈ।’
‘তই কিয় ইমান চিন্তা কৰিছ? মই এনেইহে পৰিছোঁ’ বুলি মাকে আকৌ নতুন প্লেট এখনত খোৱা বস্তু লৈ খোৱা-বোৱা কৰিলে। কিন্তু ৰণৰ মাকে অনুভৱ কৰিছিল, তেখেত যেন মাজে মাজে কঁপি উঠিছে। তথাপি তেখেতে বিয়াখন সম্পূৰ্ণ কৰিহে ঘৰলৈ উভতি আহিল।
ঘৰলৈ উভতি অহাৰ পিছত ৰণে দেউতাকক ক’লে, ‘দেউতা, মা আজি বিয়াঘৰত পৰি গৈছিল নহয়!’ দেউতাকে কথাটো শুনিয়েই মাকক হস্পিতাললৈ লৈ যায়। ইতিমধ্যে মাক পৰি যোৱাৰ কেইবা ঘণ্টাও উকলি গ’ ল। পিছদিনা ৰণৰ মাকে হস্পিতালত ট্ৰিটমেণ্ট লৈ থাকোঁতেই মৃত্যু মুখত পৰে।
মূল কথাটো হ’ল, বিয়াৰ অনুষ্ঠানৰ সময়ত ৰণৰ মাকৰ ষ্ট্ৰোক হৈছিল। তেতিয়া যদি তেওঁৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে ষ্ট্ৰোক চিনাক্ত কৰিবলৈ জানিলেহেঁতেন, তেতিয়া হয়তো ৰণৰ মাকক বচাব পৰা গ’লহেঁতেন।
এদিন সকলোৱে মৃত্যুবৰণ কৰিব। তথাপি, মাকৰ মৃত্যুত ৰণ আৰু তাৰ দেউতাক দুখত ভাগি পৰিল। ৰণৰ দেউতাকে ৰণক কৈ থাকিল, ময়ো যদি বিয়াঘৰত তহঁতৰ লগতে থাকিলোঁহেঁতেন তেতিয়া হ’লে মাৰ হয়তো আজি আমাৰ মাজত থাকিলেহেঁতন।
ৰণৰ দেউতাকে তাক ক’লে, ‘ষ্ট্ৰোকৰ চিকাৰ হোৱা ৰোগী এজনক তিনি ঘণ্টাৰ ভিতৰতে হস্পিতাললৈ লৈ যাব লাগে। তেতিয়া সেই ৰোগীক সম্পূৰ্ণ সুস্থ অৱস্থাত ঘূৰাই পোৱা যায়। আমি মাত্ৰ জানিব লাগিব, ব্যক্তি গৰাকীৰ প্ৰকৃততে ষ্ট্ৰোক হৈছেনে নাই ।
ষ্ট্ৰোক চিনাক্ত কৰাৰ তিনিটা সহজ উপায়:
১)ৰোগীক হাঁহিবলৈ ক’ব লাগে।
২)ৰোগীক লগে লগে এটা বাক্য ক’বলৈ দিব লাগে। যেনে: আজিৰ দিনটো বৰ সুন্দৰ।
৩)ৰোগীক একেলগে দুই হাত ওপৰলৈ তুলিবলৈ দিব লাগে।
৪)ৰোগীক তেখেতৰ জিভাখন বাহিৰলৈ উলিয়াই দিবলৈ ক’ব লাগে। তেতিয়া যদি তেওঁৰ জিভাখন ভাজ হৈ থাকে বা যিকোনো এফালে বেঁকা হৈ যায়, সেয়া ষ্ট্ৰোকৰে লক্ষণ।
ইয়াৰ যিকোনো এটাতে যদি ৰোগীৰ সমস্যা বা কষ্ট হয়, তৎক্ষণাত হস্পিতাললৈ লৈ যাব লাগে আৰু চিকিৎকক সমস্যাটো খুলি ক’ব লাগে।
যদি আমি সকলোৱে এই উপায়বোৰ মনত ৰাখোঁ, তেতিয়া আমাৰ মাজৰ এজনৰ হ’লেও জীৱন বচাব পাৰিম।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!