বৃদ্ধ আশ্ৰম
লেখক- প্ৰদীপ বৈশ্য
(সন্ধা নায়কৰ চুটিগল্পৰ অনুবাদ )
এজন প্ৰতিপত্তিশীল বৃদ্ধ ব্যক্তি তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰ সৈতে একেলগে বাস কৰিছিল। এদিন তেওঁ অসুস্থ হ’ল আৰু চিকিৎসালয়ত ভৰ্তি কৰিবগীয়া হ’ল। কেইবাদিন ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত তেওঁক ঘৰলৈ ওভতাই অনা হ’ল। দেউতাকৰ যত্ন ল’বলৈ পুতেকে এগৰাকী নাৰ্চ আৰু লগতে এজন লগুৱা নিয়োগ কৰিলে। প্ৰথম অৱস্থাত পুতেক আৰু বোৱাৰীয়েক দুয়ো বাপেক থকা কোঠাটোত প্ৰৱেশ কৰিছিল। কিন্তু, লাহে লাহে দুয়ো কোঠাটোলৈ নহা হ’ল। ফলত পিতৃ খুব বিমৰ্ষ হৈ পৰিল। তথাপিতো তেওঁৰ এই নিসংগতাৰ কথা কাৰোৰে আগত প্ৰকাশ কৰা নাছিল৷
এদিন তেওঁ নিজ কোঠাটোৰ পৰা ওলাই অহাৰ লগে লগে পুতেক-বোৱাৰীয়েকে কিবা আলোচনা কৰি থকা দেখিলে। বোৱাৰীয়েকে কোৱা কথাখিনি তেওঁৰ কাণত পৰিল “দেউতাক এখন বৃদ্ধ আশ্ৰমত ৰখাটোৱেই ভাল হ’ব বুলি ভাবিছোঁ। তাত থকা মানুহে দেউতাৰ প্ৰকৃত যত্ন ল’ব। ইয়াত থাকিলে আমাৰ সন্তানটিও আক্ৰান্ত হ’ব পাৰে।”
পত্নীৰ কথাখিনিত পুত্ৰই মূৰ দোৱাই সঁহাৰি জনালে।
ৰুগীয়া পিতৃয়ে কথাখিনি শুনি আৰু বেছি বিমৰ্ষ হ’ল আৰু নিজ কোঠালৈ ঘূৰি আহিল।
সন্ধিয়া সময়ত পুতেকে দেউতাকক ক’লে— “দেউতা, মোৰ তোমাক কিছু কথা ক’বলগীয়া আছে।’’
দেউতাকে উত্তৰ দিলে— “মোৰো তোমাক কিছু কথা ক’বলগীয়া আছে।”
“হয় নেকি? তেন্তে এতিয়াই ক’ব পাৰা।” – পুতেকে উত্তৰ দিলে।
“তুমি জানাই যে মোৰ স্বাস্থ্য বেয়া। সেয়ে জীৱনৰ বাকীখিনি সময় মই মোৰ দৰেই পৰিয়ালৰ কাৰো যত্ন নোপোৱা অন্য ৰুগীয়া মানুহৰ সৈতে কটাবলৈ ইচ্ছা কৰিছোঁ।”
দেউতাকৰ কথাখিনিয়ে পুতেকক অন্তৰৰ পৰা সুখী কৰি তুলিলে। হ’লেও অনুভৱখিনি লুকুৱাই দেউতাকক সুধিলে –“তুমি কিয়নো তেনেকৈ কৈছা? ইয়াত থাকিনো তুমি কি অসুবিধা পাইছা?”
দেউতাকে ক’লে— “নাই, মোৰ তেনে কোনো অসুবিধা হোৱা নাই। কিন্তু, তোমাক কথাটো ক’বলৈহে মোৰ দুখ লাগিছে। তোমালোকে অন্য কোনো ঠাইত থাকিবলৈ সোনকালে ব্যৱস্থা কৰি লোৱা! মই মোৰ ঘৰটো বৃদ্ধ আশ্ৰমলৈ ৰূপান্তৰ কৰিম বুলি সিদ্ধান্ত লৈছোঁ; যাতে মোৰ দৰে অন্য বৃদ্ধলোকো মোৰ লগতেই থকাত সুবিধা হয়।”
দেউতাকে পুনৰ ক’লে – “অ’, তুমিও কিবা ক’ম বুলি কৈছিলা নহয়! কোৱা।”
কোঠাটো কাঁহ পৰি জীণ যোৱাৰ দৰে হ’ল।