খেল

লেখক- উৎপলা কৌৰ

মূল: হুমায়ুন আহমেদ
অনুবাদ: উৎপলা কৌৰ

খাইৰুন্নেছা কন্যা বিদ্যালয়ৰ তৃতীয়জন শিক্ষক নলিনীৰঞ্জন বাবুৱে এদিন দুপৰীয়া দবা খেলিবলৈ শিকি পেলালে। এই খেলটো তেওঁ চকু পাৰি দেখিব নোৱাৰে। দুজনলোক ঘণ্টাৰ পাছত ঘণ্টা ধৰি বৰ্ড এখনলৈ চাই বিৰক্তিকৰ ভংগীত বহি থাকে- সেইটো কথা হ’ল নেকি? তথাপিও তেওঁ খেলটো শিকিব লগত পৰিল। জালাল চাহাব ভূগোলৰ শিক্ষক, তেওঁৰ দীৰ্ঘদিনৰ বন্ধু। জালাল চাহাবৰ কথা তেওঁ পেলাব নোৱাৰিলে। স্কুলৰ বিৰতিৰ সময়ত তেওঁ শিকিলে সৈনিকেসকলে কেনেকৈ আগবাঢ়ে, ঘোঁৰাই কেনেকৈ জাঁপ মাৰে, হাতীয়ে কেনেকৈ শুৰডাল ওপৰলৈ দাঙি কোণীয়াকৈ অহা-যোৱা কৰি থাকে। জালাল চাহাবে গম্ভীৰ মাতেৰে ক’লে, “মগজুৰ খেলা, বুজিলে পণ্ডিত? বুদ্ধিৰ চৰ্চা হয়।”
বুদ্ধিৰ চৰ্চা কেনেকৈ হয় সেই কথাটোহে নলিনীবাবুৱে সঠিককৈ ধৰিব নোৱাৰিলে। কিন্তু প্ৰথমখন খেলতেই জালাল বাবুক তেওঁ হৰুৱাই দিলে। জালাল চাহাবে শেঁতা হাঁহি এটা মাৰি ক’লে, “ধেমালি কৰি খেলিলোঁ বাবে এনে হৈছে। আৰু এখন খেল হৈ যাওক নেকি?”
আৰু এখন খেল খেলিবলৈ সময় নাছিল। চতুৰ্থ পিৰিয়ডত ইংৰাজী ৰচনাৰ ক্লাছ আছে। নলিনীবাবু উঠিল। ক্লাছত তেওঁ মনপুতি পঢ়াব নোৱাৰিলে। মূৰত দবাখেলৰ সূক্ষ্মাতিসূক্ষ্ম কথাবোৰ পাকঘুৰণি খাই থাকিল। আগতে তেওঁৰ এনে কেতিয়াও হোৱা নাই।
চুটিৰ পাছত দুহাত দবা হ’ল। জালাল চাহাবে শুকান হাঁহি এটা মাৰি ক’লে “তোমাৰ লগত ভাবি-চিন্তি ডিফেন্সিভ খেলিব লাগিব।”
তৃতীয় খেলাখনত জালাল বাবুৱে প্ৰচুৰ চিন্তা-ভাৱনা কৰিবলগীয়া হ’ল। তাৰ মাজতে নামাজ ইত্যাদি হৈ গ’ল। সন্ধ্যা পৰ্যন্ত খেল চলিল। চকীদাৰ বাচ্ছু মিয়াই দুৱাৰত তলা মাৰিবলৈ নাপাই চৰম বিৰক্তিৰে বাৰাণ্ডাত হামিয়াই-হিকতিয়াই বহি থাকিল। খেলৰ শেষত জালাল বাবুৱে সৰু হুমুনিয়াহ এটা কাঢ়িলে। নলিনীবাবুৱে সুধিলে, “তুমি মনটো একেবাৰে মাৰিয়েই পেলালা দেখোন!”
জালাল চাহাবে ক’লে— ‘‘আৰু এখন খেল খেলা যাওক। শেষবাৰৰ বাবে। এইবাৰ তুমি নোৱৰা, খুউব ডিফেন্সিভ খেলিম।”
‘‘আজি থাকক। টিউচন আছে।”
‘‘কিমাননো সময় লাগিব খেলিলে।”
শেষৰ খেলখন অমীমাংসীত হৈ থাকিল। জালাল চাহাবে ঘন ঘনকৈ উশাহ ল’বলৈ ধৰিলে। নলিনীবাবুৱে ক’লে— “এতিয়া যোৱা যাওক।”
‘‘আৰু এখন খেলো।”
‘‘আৰু নহয়। ৰাতি হৈছে।”
‘‘খেলা না, বেছি ৰাতি হোৱা নাই।”
নলিনীবাবু আকৌ বহিল। তেওঁৰ জয়যাত্ৰা পুনৰ আৰম্ভ হ’ল। নিয়ামতপুৰৰ মানুহৰ মাজত কিছুদিনৰ ভিতৰতে বিয়পি পৰিল যে এই চহৰত এজন অতি বিচক্ষণ দবা খেলুৱৈ আছে। তেওঁক কোনেও হৰুৱাব নোৱাৰে। তেওঁৰ এই খ্যাতি পৰবৰ্তী পোন্ধৰ বছৰলৈ অক্ষুণ্ণ থাকিল।
পোন্ধৰ বছৰ এক দীৰ্ঘ সময়। এইখিনি সময়ত তেওঁৰ দুটা দাঁত সৰিল আৰু চকুত ছানি পৰিল। আৰু তেওঁ সহকাৰী প্ৰধান শিক্ষক হিচাপে শাওনৰ মেঘাচ্ছন্ন দুপৰীয়া এটাত অৱসৰ গ্ৰহণ কৰিলে। তেওঁৰ বিদায়ৰ মুহূৰ্তত প্ৰদান কৰা মানপত্ৰখনত লিখা হ’ল, “বাবু নলিনীৰঞ্জন দবাখেলৰ এজন মুকুটবিহীন সম্ৰাট। তেওঁ বাংলাদেশৰ দবা চেম্পিয়ন জনাব আসাদ খানক তিনিবাৰকৈ পৰাজিত কৰি দবাৰ জগতত এক ইতিহাসৰ সূচনা কৰি কৰি থৈছে।”
কথাটো সত্য। আসাদ আলি খানৰ খুলশালিৰ ঘৰ নিয়ামতপুৰত। কোনোবা এটা অশুভ ক্ষণত তেওঁ খুলশালিৰ ঘৰলৈ ফুৰিবলৈ আহি কৌতূহল নিবাৰণৰ হেতু দবা খেলিবলৈ বহিছিল। তেওঁৰ ধাৰণা আছিল মফচলীয় ঠাইত সৰু-সুৰা খেলুৱৈকে সকলোৱে সাংঘাতিক কিবা বুলি ভাবে— বৰগছ নথকা ঠাইত এৰা গছেই যেনেকৈ বৰগছ, তেনেকুৱাই কথা আৰু!
খেলিবলৈ বহিও তেওঁৰ ভুল ধাৰণা নাভাঙিল। তেওঁ দেখিলে খেলৰ আৰম্ভণি সম্পৰ্কে মানুহজনৰ কোনো ধাৰণা নাই। সাধাৰণ দুই এখন কিতাপ পঢ়া মানুহেও যি দুই এটা কথা জানে এইজনে স্বাভাৱিক কাৰণতে সেইবোৰ নাজানে। যাৰ ফলত পঞ্চম চালটোতে আসাদে নলিনীবাবুৰ ৰজাটোৰ সন্মুখৰ সৈনিকটো কাটি দিলে। তেওঁ অৱজ্ঞাৰ হাঁহি এটাও মাৰিলে। কিন্তু সন্মুখৰ সেই খীণকায় মানুহজনে যেতিয়াই নিজৰ ঘোঁৰা দুটা জপিয়াই আগুৱাই দিলে তেওঁৰ সেই হাঁহিটো ঠুঁটৰিত ওলমি পৰিল। আসাদ খান খুবেই হতবাক হ’ল, কিন্তু সন্মুখৰজনে এনে ভাবত থাকিল যেন তেওঁৰ লগত হৰাটোত আচৰিত হ’বলগীয়া একো নাই।
আসাদ খানৰ সেইবাৰ খুলশালিৰ ঘৰ যাত্ৰাৰ সকলো আনন্দ ধূলিসাৎ হৈ গ’ল। নেত্ৰকোনাৰ পৰা প্ৰকাশিত এখন পষেকীয়া পত্ৰিকাত প্ৰকাশ পালে— নিয়ামতপুৰ নিবাসী প্ৰবীণ দবা খেলুৱৈ, খাইৰুন্নেছা হাইস্কুলৰ শিক্ষক নলিনীবাবুৰ হাতত বাংলাদেশৰ ৰাষ্ট্ৰীয় চেম্পিয়নৰ শোচনীয় পৰাজয়। উল্লেখযোগ্য যে নিয়ামতপুৰ নিবাসী এই কীৰ্তিমান খেলুৱৈজনক যোৱা পোন্ধৰ বছৰে কোনেও পৰাজিত কৰিব পৰা নাই…।”
কথাটো অবিশ্বাস্য, কিন্তু সত্য। নলিনীবাবুয়ে কেৱল জিকি গৈছে। অনেক দূৰ-দেশান্তৰৰ পৰা অহা কোনেও তেওঁক পৰাজিত কৰিব পৰা নাই। এবাৰ দবা ফেডাৰেচনৰ সভাপতিয়ে এজন বিদেশীক লৈ উপস্থিত হ’লহি। ইমান ডাঙৰ ঘটনা নিয়ামতপুৰত আগতে ঘটা নাই। যিসকলে দবা খেল বুজি নাপায় তেওঁলোকেও আহি ভিৰ কৰিলে। বিৰতিৰ পাছত খাইৰুন্নেছা হাইস্কুল ছুটি দি দিয়া হ’ল। ফেডাৰেচনৰ সভাপতিয়ে তেওঁক দুবাৰ ক’লে, “আপুনি খুউব সাৱধানে খেলিব। যাক আনিছোঁ তেওঁ বেলজিয়ামৰ লোক। খুউব উচ্চমানৰ খেলুৱৈ।”
‘‘মই সাৱধানেই খেলো।”
‘‘হুৰাহুৰি কৈ চাল দিয়াৰ দৰকাৰ নাই। বুজিছে নহয়?” — নলিনীবাবুয়ে মূৰ দুপিয়ালে, অৰ্থাৎ বুজিছে।
‘‘তেওঁৰ সৈতে ডিফেন্স খেলাই ভাল। ডিফেন্স কি জানে নহয়?”
‘‘নাই..নাজানো।”
সভাপতি মহোদয়ৰ ভ্ৰূ কোঁচ খালে। ভ্ৰূৰ এই সংকোচন আৰু বাঢ়িল যেতিয়া তেওঁ দেখিলে pk4ৰ উত্তৰত R4 দি বহি আছে।
‘‘কি কৰিছে আপুনি? এওঁৰ সৈতে কিবা পৰীক্ষা কৰিছে নেকি? এইটো কি দিলে?”
বিদেশীজনেও ইংৰাজীতে কিবা এটা ক’লে। নলিনীবাবু ইংৰাজীৰ শিক্ষক, তথাপি তেওঁ একো নুবুজিলে। সভাপতি ডাঙৰীয়াই মলিন মুখেৰে ক’লে— “প্ৰশিক্ষণহীন প্ৰতিভা দেখুৱাবলৈ আহি কেনে লাজত পৰিলোঁ দেখিছানে!”
তিনিখন খেল হ’ল। এখন অমীমাংসিত, দুখনত নলিনীবাবু বিজয়ী। সভাপতি ডাঙৰীয়াৰ বিস্ময়ৰ সীমা নাথাকিল।
‘‘আপুনি ঢাকালৈও খেলিবলৈ নাহে কিয়?”
‘‘টিউচন আছে। তদুপৰি মোৰ গা ভালে নাথাকে। হাঁপানী আছে মোৰ।”
‘‘নাই নাই, আপুনি আহিবই লাগিব।”
‘‘দুখীয়া মানুহ। টকা-পইছা নাই।”
‘‘আৰে! আপুনি এতিয়া কিহৰ দুখীয়া?”
সভাপতি ডাঙৰীয়াই জোৰ কৰিলে তেওঁক।
সেয়ে নলিনীবাবুৰ শাওন মাহৰ অৱসৰৰ দিনৰ মেঘাচ্ছন্ন দুপৰীয়াটোত বাৰে বাৰে দবাখেলৰ কথা ওলাল। শেষত সভাৰ সভাপতি, স্কুল কমিটিৰ সভাপতি, আৰু পৌৰসভাৰ সভাপতি সূৰুজ মিয়াই অত্যন্ত ৰহস্যময়ভংগীৰে ঘোষণা কৰিলে যে তেওঁ নিয়ামতপুৰৰ দবাৰ অপৰাজেয় নক্ষত্ৰ নলিনীবাবুৰ সন্মানাৰ্থে এটি ব্যৱস্থা কৰিছে। তেওঁ স্কুল ন্যাসক পোন্ধৰ হাজাৰ টকাৰ চেক প্ৰদান কৰিছে। যিয়ে নলিনীবাবুক দবাত হৰুৱাব পাৰিব, তেৱেঁ এই পুৰস্কাৰ পাব। যদি নলিনীবাবুৰ মৃত্যুলৈকে কোনেও তেওঁক হৰুৱাব নোৱাৰে তেনেহলে তেওঁৰ মৃত্যুৰ পাছত এই ধন স্কুলে পাব।
সভাত উপস্থিত সকলোৱে তীব্ৰভাৱে চাপৰি বজালে। প্ৰধান শিক্ষকে পোন্ধৰ হাজাৰ টকাৰ চেকখন ওপৰলৈ দাঙি আটাইকে দেখুৱাই দিলে। সূৰুজ মিয়াই যে এনে এটা নাটকীয় কাম কৰিব পাৰে সেয়া সকলোৰে সপোনৰো অগোচৰ।
আহিন মাহৰ সন্ধ্যা এটাত নলিনীবাবুৰ হাঁপানীৰ সমস্যাটো গুৰুতৰ হ’ল। তেওঁৰ কাষত যেন বায়ুৱেই নাই তেওঁৰ তেনে অনুভৱ হ’ল। উশাহ ল’বলৈ তেওঁ বহুত কষ্ট কৰিবলগীয়া হ’ল। তেওঁৰ ডিঙিৰ কাষৰ সিৰ এডাল বাৰে বাৰে ফুলি উঠিল। এই অৱস্থাতে তেওঁ জীৱনৰ শেষ খেলখন খেলি পেলাবলৈ বহিল। এই খেলখন তেওঁ খেলিব হাৰিবৰ বাবে। তেওঁ আজি তেওঁৰ দীৰ্ঘদিনীয়া বন্ধু জালাল চাহাবৰ ওচৰত পৰাজয় বৰণ কৰিব। জালাল চাহাবে পোন্ধৰ হাজাৰ টকা জিকি লৈ যাব। সেই টকাৰে নলিনীবাবুৰ চিকিৎসা কৰা হ’ব। শীতকালি ব্যৱহাৰৰ বাবে কিছু গৰম কাপোৰ কিনিব, শীতত বৰ কষ্ট হয় তেওঁৰ। বহু কষ্টেৰে জালাল চাহাবে নলিনীবাবুক এই প্ৰস্তাৱৰ বাবে সৈমান কৰিছে। এটা পৰাজয়ে একো হীন-দেৰি নঘটায়।
স্কুল ঘৰত খেল আৰম্ভ হ’ল। অনেক কৌতূহলী দৰ্শকে ভিৰ কৰিলেহি। নলিনীবাবুৰ অৱস্থা বেয়াৰ ফালে ঢাল খালে। এটা ভুল চালৰ বাবে তেওঁৰ হাতীটো হেৰুৱালে। তাৰ কিছুক্ষণৰ পাছতেই এখন নৌকা বন্দী হৈ গ’ল। চাৰিওফালে অস্ফুট গুঞ্জন উঠিল। নলিনীবাবুৱে দেখিলে জালাল চাহাবৰ চকুৰে পানী নিগৰিছে। পোন্ধৰ বছৰৰ দবা চেম্পিয়ন আজি হাৰি যাব। জালাল চাহাবৰ মুখখন অস্বাভাৱিকভাৱে বিবৰ্ণ। চাল দিয়াৰ সময়ত তেওঁৰ হাত কঁপিবলৈ ধৰিলে।
হোমিওপেথিক ডাক্তৰ সুবহান চাহাবে বিস্মিত হৈ ক’লে, “নলিনীবাবুৰ অৱস্থা খুবেই বেয়া।”
কোনোমতে মাতষাৰ উলিয়াই তেওঁ ক’লে, “এয়া সব নলিনীবাবুৰ অভিনয়। চাব আপুনি, সব ঠিক হৈ যাব।”
নলিনীবাবুয়ে ক্ষীণস্বৰেৰে সুধিলে, “তুমি কান্দিছা নেকি জালাল?”
‘‘নাই। জানো চকুত কি সোমাল!”
জালাল চাহাবে চকুত সোমোৱা অদৃশ্য বস্তুটো উলিয়াবলৈ চকু মোহাৰিবলৈ ধৰিলে।
ক্ষীণ হাঁহিৰ ৰেশ এটি নলিনীবাবুৰ ওঁঠেৰে বাগৰি গৈছিল নেকি? তেওঁ ঘোঁৰা এটা আগবঢ়াই দিলে। ৰজা এঘৰ আগুৱাই গ’ল। দ্বিতীয় চালটোত সৈনিক এজন আগুৱাই দিলে। ৰজা আৰু এঘৰ আগুৱাই গ’ল। নলিনীবাবুয়ে যেন অদৃশ্য কোনো নগৰীৰ পৰা তেওঁৰ ক’লা ঘোঁৰাটো উলিয়াই আনিলে। সুবহান চাহাবে আচৰিত হৈ ক’লে, “সৰ্বনাশ!”
নলিনীবাবুয়ে হাতীটো সৈনিক এটাৰ সন্মুখত থিয় কৰাই ক’লে, ‘চেক’।
জীৱনৰ শেষৰ খেলখনত তেওঁ বহু চেষ্টা কৰিও হাৰিব নোৱাৰিলে। সহায়-সম্বলহীন অৱস্থাত প্ৰায় বিনা চিকিৎসাই ১৯৭৫ চনৰ ১২নৱেম্বৰ তাৰিখে নিয়াপতপুৰৰ গৌৰৱে মৃত্যু বৰণ কৰিলে। দিনটো আছিল মঙলবাৰ। খাইৰুন্নেছা কন্যা বিদ্যালয় সেই উপলক্ষে দুদিন বন্ধ থাকিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!