পাঁচ দিন

লেখক- কলচুম বিবি

গল্পকাৰঃ ছাদাত হাছান মণ্টো
অনুবাদঃ কলচুম বিবি

জম্মু তৱী পথেৰে কাশ্মীৰলৈ গ’লে কুদৰ আগত বটোত নামৰ এখন সৰু গাঁও পোৱা যায়। বৰ স্বাস্থ্যকৰ ঠাই। ইয়াত যক্ষ্মা ৰোগীৰ বাবে এখন সৰু স্বাস্থ্যকেন্দ্ৰ আছে। আজিৰ পৰা প্ৰায় আঠ-ন বছৰ আগতে বটোতত সম্পূৰ্ণ তিনিমাহ আছিলোঁ আৰু এই স্বাস্থ্যকেন্দ্ৰখনৰ সৈতে মোৰ অপৰিপক্ব যৌৱনৰ আৱেগিক সম্পৰ্ক এটি আছে, কিন্তু এই কাহিনীৰ সৈতে মোৰ কোনো দুৰ্বলতাৰ সম্পৰ্ক নাই।
ছয়-সাত মাহ আগতে মোৰ এজন বন্ধু-পত্নীৰ খবৰ লবলৈ বটোতলৈ যাবলগীয়া হৈছিল, যি তাৰে স্বাস্থ্যকেন্দ্ৰত জীৱনৰ অন্তিম ক্ষণ গণি আছিল। মই তালৈ গৈ পোৱাৰ লগে লগে ৰোগী এগৰাকী ঢুকাল। বেচেৰী পদ্মাৰ যিকণ উশাহ আগৰ পৰাই বন্ধ হোৱাৰ উপক্ৰম হৈ আছিল সেয়া যেন পলকতে অবিশ্বাসী হৈ পৰিল। কি কাৰণ আছিল মই কব নোৱাৰো। কিন্তু মোৰ ধাৰণা যে চাৰি দিনৰ ভিতৰত এই সৰু স্বাস্থ্যকেন্দ্ৰখনত তিনিগৰাকী ৰোগী ঢুকুৱাটো কেৱল কাক-তালীয় সংযোগ।
বিছনা খালী হ’লেই ৰোগীক সেৱা-শুশ্ৰূষা কৰি কৰি ভাগৰি পৰা মানুহৰ ভাগৰুৱা চিঞৰ শুনিবলৈ পোৱা যায়, গোটেই স্বাস্থ্যকেন্দ্ৰখনক এক বেলেগ ধৰণৰ দুখবোধ, উদাসীনতাই আৱৰি পেলায় আৰু সেইজন ৰোগী যি আশাৰ পাতল ৰছী এডালত বান্ধ খাই থাকে, নিৰাশাৰ অথাই সাগৰত ডুব যায়।
মোৰ বন্ধু-পত্নী পদ্মাৰ একেবাৰে উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হয়। তেওঁৰ পাতল ওঁঠত মৃত্যুৰ হাঁড় কঁপিবলৈ ধৰে আৰু তাইৰ গভীৰ দুচকুত অত্যন্ত কৰুণ পীড়াদায়ক জিজ্ঞাসা উৎপন্ন হয়। সকলোতকৈ আগত ভয়ভীত হোৱা এটা হৈছে “কিয়?” আৰু তাৰ পিছতে কেইবাটাও ভয়াতুৰ “নহয়।”
তৃতীয়গৰাকী ৰোগীৰ মৃত্যুৰ পিছত মই বাৰাণ্ডাত বহি জীৱন আৰু মৃত্যুৰ কথা ভাবিবলৈ ধৰিলোঁ— স্বাস্থ্যকেন্দ্ৰখন এটা পাত্ৰৰ দৰে য’ত এই ৰোগীবোৰ ভিনেগাৰ দি থোৱা পিঁয়াজৰ দৰে। এপাত কাঁটা চামুচে ভালদৰে গলি যোৱা পিঁয়াজখিনি বিচাৰে আৰু উলিয়াই লৈ যায়।
এইটো বৰ হাঁহি উঠিবলগীয়া উপমা। কিন্তু কিয় জানো এই কথাটোৱেই মোৰ মনলৈ বাৰে বাৰে আহি আছিল। মই ইয়াতকৈ বেছি আৰু একো ভাবিব পৰা নাছিলোঁ যে মৃত্যু বৰ কুৎসিত বস্তু— মানে আপুনি ভালদৰে জীয়াই আছে, হঠাতে ৰোগ এটা কৰবাৰ পৰা আহি জপটিয়াই ধৰে আৰু আপুনি মৰি যায়। আফছানৱীৰ দৃষ্টিকোণৰ পৰাও জীৱনৰ এই কাহিনীৰ এই পৰিণতি চঞ্চল যেন অনুভৱ নহয়।
বাৰাণ্ডাৰ পৰা আহি ভিতৰত প্ৰৱেশ কৰিলোঁ। সম্ভৱত দহ-পোন্ধৰটা খোজ দিছোঁ, পিছফালৰ পৰা মাত আহিল, ‘‘বাইছ নম্বৰক কবৰ দি আহিল আপুনি?”
মই ঘূৰি চালোঁ। বগা বিছনাত দুটি ক’লা চকুৱে হাঁহি আছিল।
এই চকুযুৰি পিছত জানিবলৈ পোৱামতে এজনী বঙালী মহিলাৰ আছিল, যি আনবোৰ ৰোগীতকৈ অলপ বেলেগ ধৰণে নিজৰ মৃত্যুলৈ অপেক্ষা কৰি আছিল।
যেতিয়া তেওঁ এইবুলি কৈছিল, ‘‘বাইছ নম্বৰক কবৰ দি আহিল আপুনি?” তেতিয়া মোৰ এনে অনুভৱ হৈছিল আমি মানুহ নহয় যেন এটা সংখ্যাকহে কবৰ দি আহিছোঁ। আৰু সঁচাকৈ সেই ৰোগীজনক কবৰত থওঁতে মোৰ মন-মগজুৰ কোনো এটা কোণত এই অনুভৱ জন্ম হোৱা নাছিল যে সেইজন এজন মানুহ আছিল আৰু তেওঁৰ মৃত্যুৰ বাবে পৃথিৱীত শূন্যৰ সৃষ্টি হৈছে।
মই যেতিয়া আৰু অলপ কথা পাতিবলৈ সেই বঙালী মহিলাগৰাকীৰ কাষত বহিলোঁ, যাৰ কৃষ্ণাংগ ৰঙৰ চকুযুৰি এনে ভয়ংকৰ বেমাৰৰ পাছতো সতেজ আৰু তিৰবিৰাই আছিল, তেওঁ ঠিক সেইদৰে মিচিকিয়াই হাঁহি ক’লে, ‘‘মোৰ নম্বৰ চাৰি।” তাৰপিছত তেওঁ নিজৰ বগা চাদৰৰ কেইটামান জাপ হাতেৰে ঠিক ঠাক কৰিলে আৰু বৰ আত্মীয়তাৰে ক’লে, ‘‘আপুনি মৃতকক জ্বলোৱা-কবৰ দিয়াত যথেষ্ট আগ্ৰহ দেখায়।”
মই এনেই উত্তৰ দিলোঁ, ‘নহয়তো…” ইয়াৰ পিছত এই সংক্ষিপ্ত কথোপকথন সমাপ্ত হ’ল আৰু মই মোৰ বন্ধুৰ ওচৰলৈ গুছি গ’লোঁ।
দ্বিতীয় দিনা আন দিনাৰ দৰে মই ফুৰিবলৈ ওলালোঁ। কিনকিনকৈ বৰষুণ পৰিছিল, যাৰ বাবে বতৰটো বৰ সুন্দৰ আৰু নিৰীহ যেন লাগিছিল, অৰ্থাৎ যেন তাৰ সেই বেমাৰীবোৰৰ সৈতে কোনো সম্পৰ্কই নাই যিয়ে তাৰপৰা বীজাণুৰে ভৰা উশাহ লৈ আছিল—পাইন গছৰ দীঘল দীঘল গা-গছ, নীলা নীলা কুঁৱলীত লিপিত খাই থকা পাহাৰবোৰ, ৰাস্তাত পৰি থকা পাথৰ, চাপৰ কিন্তু স্বাস্থ্যবান মহবোৰ। চৌপাশ সৌন্দৰ্যৰে ভৰপুৰ আছিল— এটাতকৈ আনটো চৰা, যাৰ কোনো চোৰৰ প্ৰতি ভয় নাছিল।
মই প্ৰাতঃভ্ৰমণৰ পৰা ঘূৰি আহি স্বাস্থ্যকেন্দ্ৰত সোমাই ৰোগীবোৰৰ উদাস মুখবোৰৰ পৰা জানিব পাৰিলোঁ যে আৰু এটা অঙ্কই দম এৰিলে— এঘাৰ নম্বৰ অৰ্থাৎ পদ্মা।
তাইৰ মেল খাই থকা কোটৰত সোমোৱা চকুযুৰিত মই বহুত ‘ভয়ঙ্কৰ’ আৰু তাৰ পিছত অলেখ ভয়াতুৰ ‘নহয়’ গোট মাৰি থকা দেখা পাইছিলোঁ— বেচেৰী!
বৰষুণ পৰি আছিল, সেয়ে শুকান খৰি জমা কৰিবলৈ বৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল। অৱশেষত সেই দুৰ্ভগীয়াৰ দেহটো জুইত সমৰ্পণ কৰি দিয়া হ’ল। মোৰ বন্ধু তাতেই চিতাৰ কাষত বহি থাকিল আৰু মই তাৰ বয়-বস্তু ঠিক-ঠাক কৰিবলৈ স্বাস্থ্যকেন্দ্ৰলৈ আহিলোঁ— ভিতৰত প্ৰৱেশ কৰিবলৈ লওঁতে মোক আকৌ সেই বঙালী মহিলাগৰাকীয়ে মাত দিলে, ‘‘বহুত সময় লাগিল আপোনাৰ।”
-‘‘হয় বৰষুণৰ কাৰণে শুকান খৰি পোৱা নাছিলোঁ, সেইকাৰণেই পলম হ’ল।”
-‘‘এনে ঠাইবোৰত খৰিৰ দোকান থাকে দেখোন, কিন্তু মই শুনিছিলোঁ ইয়াত অ’ৰ-ত’ৰ পৰা খৰি বিচাৰি কাটিব লগা হয়।”
-‘‘হয়।”
-‘‘অলপ বহি লওক।”
মই যেতিয়া তেওঁৰ কাষতে থকা ষ্টুলখনত বহিলোঁ তেওঁ বৰ অদ্ভুত প্ৰশ্ন এটা সুধিলে, ‘‘বিচাৰোঁতে বিচাৰোঁতে যেতিয়া আপুনি শুকান কাঠৰ টুকুৰা পাই যায় তেতিয়া আপুনি বৰ আনন্দিত হয় চাগে?”
তেওঁ মোৰ উত্তৰলৈ অপেক্ষা নকৰিলে আৰু নিজৰ উজ্জ্বল চকুযুৰিৰে মোৰ ফালে নোচোৱাকৈ ক’লে, ‘‘মৃত্যু সম্বন্ধে আপুনি কি ভাৱে?”
-‘‘মই বহুতবাৰ চিন্তা কৰিছোঁ কিন্তু বুজিব পৰা নাই।”
তেওঁ জ্ঞানীৰ দৰে মিচিকিয়াই হাঁহিলে আৰু শিশুৰ দৰে ক’বলৈ ধৰিলে, ‘‘মই অলপ অলপ বুজিব পাৰিছোঁ— কাৰণ বহুত মৃত্যু দেখিছোঁ— ইমানেই যে আপুনি হয়তো হাজাৰ বছৰ জীয়াই থাকিলেও নেদেখিব। মই বংগৰ ফালে থকা মানুহ, য’ত হোৱা দুৰ্ভিক্ষ আজিকালি সকলোৰে মুখে মুখে। সম্ভৱতঃ আপুনিও জানে। লাখ মানুহ তাত মৰিছে, বহুত কাহিনী প্ৰকাশ পাইছে। শতাধিক নিবন্ধ লিখা হৈছে। তদুপৰি শুনিছোঁ মানুহৰ এই বিপদৰ বিষয়ে ভালদৰে নক্সা অংকন কৰিব পৰা নাই। মৃত্যুৰ সেই বজাৰত মৃত্যু সম্বন্ধে মই কথা এটা ভাবিছোঁ।”
মই সুধিলোঁ, ‘‘কি?”
তেওঁ সেই ভাঁজেৰেই ক’লে, ‘‘এজন মানুহ মৰা মানে মৃত্যু হোৱা — এক লাখ মানুহ মৰি যোৱাটো এটা খেল। সঁচা কৈছোঁ মৃত্যুৰ যি ভয় কেতিয়াবা মোৰ বুকুত হৈছিল, সেয়া একেবাৰে নাইকিয়া হৈ গ’ল। প্ৰতিখন বজাৰত যদি দহ-বিছখন শৱশয্যা আৰু জানাজা চকুত পৰে মৃত্যুৰ আচল অৰ্থ নষ্ট হৈ নাযাব? মই মাত্ৰ ইমানেই বুজি পাইছোঁ যে এনেকৈ হঠাতে হোৱা মৃত্যুত কন্দা-কটা কৰি লাভ নাই— মুৰ্খামীহে মাথোঁ— ইমান মানুহৰ মৃত্যু হোৱাটোৱেই সকলোতকৈ ডাঙৰ প্ৰবঞ্চনা।”
মই লগে লগে সুধিলোঁ, ‘‘কাৰ?”
-‘‘যাৰেই নহওক কিয়— প্ৰবঞ্চনা প্ৰবঞ্চনাই হয়। এখন ভৰা চহৰত আপুনি ওপৰৰ পৰা ব’ম পেলাই দিয়ক— মানুহ মৰিব— কুঁৱাত বিষ পেলাই দিয়ক— যিয়েই তাৰ পানী খাব, মৰি যাব। এই কাল, দুৰ্ভিক্ষ, যুদ্ধ আৰু বেমাৰ সকলো নিৰৰ্থক। এইবোৰত মৰি যোৱা মানে এনেকুৱা ধৰক ওপৰৰ পৰা ছাদ খহি পৰিছে। কিন্তু হৃদয়ৰ এক যথাৰ্থ অভিলাষৰ মৃত্যু বৰ ডাঙৰ মৃত্যু। মানুহক মাৰি পেলোৱাত একো নাই, কিন্তু তেওঁৰ আত্মাক মাৰি পেলোৱাটো বৰ ডাঙৰ অপৰাধ।”
এইবুলি কৈ তেওঁ কিছুপৰ মনে মনে থাকিল যদিও বাগৰ সলাই ক’বলৈ ধৰিলে, ‘‘আগতে মোৰ চিন্তাধাৰা এনেকুৱা নাছিল। সঁচাই যদি কওঁ মোৰ চিন্তা কৰাৰ জ্ঞানেই নাছিল, কিন্তু এই দুৰ্ভিক্ষই মোক একেবাৰে এখন নতুন পৃথিৱীলৈ দলিয়াই দিলে” অলপ ৰৈ তেওঁ মোৰ ফালে ঘূৰি ল’লে। মই মোৰ বহীখনত মনত ৰখাৰ বাবে তেওঁৰ কিছু কথা লিখি আছিলোঁ।
-‘‘এয়া আপুনি কি লিখি আছে।”
মই পোনে পোনে ক’লোঁ, ‘‘মই এজন লেখক— যিবোৰ কথা মোৰ মনোগ্ৰাহী যেন লাগে, মই লিখি থৈ দিওঁ।”
-‘‘তেনেহ’লে মই আপোনাক মোৰ সম্পূৰ্ণ কাহিনী শুনাম।”
তিনি ঘণ্টা তেওঁ মোক দুৰ্বল মাতেৰে তেওঁৰ মতে নিজৰ কাহিনী কৈ গ’ল। মই এতিয়া মোৰ ভাষাৰে সেয়া বৰ্ণনা কৰিম। অপ্ৰয়োজনীয়া বৰ্ণনালৈ যোৱাৰ প্ৰয়োজন নাই।
বংগত যেতিয়া দুৰ্ভিক্ষ বাঢ়ি গৈছিল আৰু মানুহবোৰ মৰিবলৈ ধৰিছিল, তেতিয়া চকিনাক তাইৰ খুৰাকে এজন ধূৰ্ত মানুহৰ ওচৰত পাঁচশ টকাত বেচি দিছিল, যিয়ে তেওঁক লাহোৰলৈ লৈ আহিছিল আৰু এখন হোটেলত ৰাখি তাইৰ দ্বাৰা ধন আৰ্জিবলৈ চেষ্টা কৰিবলৈ ধৰিছিল। প্ৰথমজন ব্যক্তি যাক তাইৰ ওচৰলৈ আনিছিল, তেওঁ আছিল এজন ধুনীয়া আৰু স্বাস্থ্যৱান যুৱক।
দুৰ্ভিক্ষৰ আগত যেতিয়া ৰুটি-কাপোৰৰ বাবে চিন্তা কৰিবলগীয়া হোৱা নাছিল তাই এনে এজন যুৱকৰেই সপোন দেখিছিল যি তাইৰ জীৱনসংগী হ’ব, কিন্তু ইয়াত তাইৰ দাম-দৰ কৰি থকা হৈছে। এনেকুৱা এটা কামৰ বাবে তাইক বাধ্য কৰোৱা হৈছে যাৰ কথা কল্পনা কৰিয়েই তাই কঁপি উঠিছিল।
যেতিয়া তাইক কলিকতাৰ পৰা লাহোৰলৈ অনা হৈছিল তেতিয়া তাইৰ লগত কি হ’ব তাই জানিছিল। ভালদৰে জানিছিল যে কেইদিনমানৰ ভিতৰত তাইক এটা মুদ্ৰাৰ দৰে বিভিন্ন ঠাইলৈ লৈ যোৱা হ’ব। তাই এই সকলোবোৰ জানিছিল, যদিও এগৰাকী কয়দীৰ দৰে, যিয়ে দয়াৰ আশা নাথাকিলেও আশা পালি ৰৈ থাকে, তাই এক অসম্ভৱ চমৎকাৰলৈ ৰৈ আছিল।
সেই চমৎকাৰ নহ’ল কিন্তু তাইৰ নিজৰেই ইমান সাহস জন্ম হ’ল যে — তাই ৰাতি সাৱধানতাৰে আৰু সেই যুৱকজনৰ সহায়ত হোটেলৰ পৰা পলাই যাবলৈ সক্ষম হ’ল।
তাৰপিছত কেৱল লাহোৰৰ পথ আৰু তাইৰ নতুন বিপদ । খোজে প্ৰতি তাইৰ এনে লাগিছিল যেন মানুহৰ দৃষ্টিবোৰে তাইক খাইহে পেলাব। মানুহে তাইৰ মুখলৈ কমকৈ চাইছিল; কিন্তু তাইৰ ভৰা যৌৱনক যি লুকাই ৰাখিব পৰা বিধৰ বস্তু নাছিল, ইমানেই বেছি চকু দিছিল, যেন কৱচৰ মাজেৰে ফুটাহে কৰি আছে। সোণ-ৰূপৰ যদি কিবা অলংকাৰ হ’লহেঁতেন হয়তো তাই মানুহৰ দৃষ্টিৰ পৰা বচিলেহেঁতেন। কিন্তু তাই এনে এবিধ বস্তু ৰক্ষা কৰি আছিল যাক সহজে কোনোবাই লুট কৰি নিব পাৰে।
তিনি দিন আৰু তিনিটা ৰাতি তাই ইফাল সিফাল কৰি অনাই-বনাই ঘূৰি ফুৰিছিল। ভোকৰ জোৰত তাইৰ অৱস্থা বেয়া হৈ গৈছিল, যদিও তাই কাৰো ওচৰত হাত নাপাতিলে কাৰণ তাই ভয় কৰিছিল যে তাই পতা হাতখন কোনোবা আন্ধাৰ কুঠৰীলৈ টানি লৈ যাব। দোকানত সজাই থোৱা মিঠাই দেখিছিল, হোটেলবোৰত মানুহবোৰে পেট ভৰাই খোৱা দেখিছিল। তাইৰ চৌদিশে খোৱা-বোৱাৰ বস্তুবোৰ বৰ বেয়াকৈ ব্যৱহাৰ হৈছিল। কিন্তু এই পৃথিৱীত যেন তাইৰ ভাগত কোনো খাদ্যই নাছিল।
তাই জীৱনত প্ৰথমবাৰ খাদ্যবস্তুৰ গুৰুত্ব অনুভৱ কৰিলে। প্ৰথমতে তাইক খোৱা আহাৰে লগ দিছিল, এতিয়া তাই খোৱা আহাৰক লগ কৰিব বিচাৰে। চাৰিটা দিনৰ লঘোনে তাইক নিজৰেই দৃষ্টিত বৰ ডাঙৰ ছহিদ বনাই দিলে যে তাইৰ শৰীৰটোৰ সকলো অংগ-প্ৰতংগ জোকাৰি গ’ল। সেই যে আত্মাৰ শান্তি বোলা বস্তু এটা আছে এটা সময়ত সেয়াও সংকুচিত হৈ পৰিল।
চতুৰ্থ দিনা গধূলি তাই এটি গলিৰ মাজেৰে গৈ আছিল। কি জানো ভাবি এটি ঘৰৰ ভিতৰলৈ সোমাই গ’ল। ভিতৰলৈ গৈ মনলৈ ভাৱ আহিল যে নাই নাই কোনোবাই হাতে লোতে ধৰিলে কথা বিষম হ’ব। এতিয়া তাইৰ দেহত ইমান জোৰো নাই। যদিও ভাবি ভাবিয়েই তাই ৰান্ধনি ঘৰ পাইছিল।
আলো-ছাঁয়াৰ মাজত তাই টুল দুখনৰ ওপৰত দুটা পৰিষ্কাৰ কলহ দেখিলে আৰু তাৰ লগত আপেল, নাচপতি, ডালিম আদি ফলেৰে ভৰা দুখন থাল। তাই ডালিম ভাল নাপায়, তাৰ সলনি আপেল আৰু নাচপতিহে পচন্দ কৰিলে। কলহৰ ওপৰত ঢাকনীৰ সলনি এটা পাত্ৰ আছিল। তাই প্লেটখন আঁতৰাই দেখিলে মাখনেৰে ভৰি আছে।
তাই পাত্ৰটো হাতত ল’লে আৰু কিবা এটা ভবাৰ আগতেই অতি ক্ষিপ্ৰতাৰে তাই মাখনবোৰ খাবলৈ ধৰিলে যে গোটেইবোৰ মাখন তাইৰ পেটলৈ গ’ল। কিমান যে সকাহভৰা ক্ষণ আছিল। কোনোবা অচিনাকি মানুহৰ ঘৰত যে আছে সেই কথা তাই পাহৰি গৈছিল। তাতেই বহি তাই আপেল আৰু নাচপতি খাবলৈ ধৰিলে। টুলখনৰ তলত আৰু কিবা আছিল— মাংসৰ জোল— ঠাণ্ডা আছিল যদিও তাই গোটেইখিনি শেষ কৰি দিলে।
হঠাতে কি জানো হ’ল, পেটৰ ভিতৰৰ বুদ বুদ উঠিবলৈ ধৰিলে আৰু তাইৰ মূৰটো ঘূৰাবলৈ ধৰিলে। তাই থিয় হ’ল। কৰবাৰ পৰা কাহ মৰাৰ শব্দ এটা ভাঁহি আহিল। পলাবলৈ চেষ্টা কৰিলে যদিও মূৰ ঘূৰাই পৰি গ’ল আৰু অচেতন হৈ পৰিল।
যেতিয়া চেতন আহিছিল তেতিয়া তাই এখন পৰিষ্কাৰ পৰিচ্ছন্ন বিছনাত শুই আছিল। সৰ্বপ্ৰথমে মনলৈ ভাব আহিল যে মোৰ সৰ্বনাশ হোৱা নাইতো— কিন্তু পিছমুহূৰ্তত তাই বুজি উঠিল যে তাই ভালে কুশলে আছে। আন কিবা চিন্তা কৰিবলৈ লওঁতেই পাতল পাতল কাহ মৰাৰ শব্দ আহিল। কঙ্কালসদৃশ ব্যক্তি এজন কোঠাটোত উপস্থিত হ’ল।
চকিনাই গাঁৱত দুৰ্ভিক্ষত ভোগা বহুত মানুহ দেখিছিল কিন্তু এই মানুহজন সেই সকলতকৈ পৃথক আছিল। তেওঁৰ দুচকুত দীনতা আছিল কিন্তু তাত শস্যৰ প্ৰতি থকা দুৰ্বাৰ আকাংক্ষা নাছিল। তাই ভোকাতুৰ দেখিছিল যাৰ দৃষ্টিত এক নাঙঠ আৰু আন্ধাৰ আকাংক্ষা আছিল কিন্তু এই পুৰুষজনৰ দুচকুৰ চাৱনিত তাই আবুৰৰ দৰে কিবা এটা দেখিছিল— এখন ধুৱঁলি-কুঁৱলি আঁৰবেৰা যাৰ পিছফালৰ পৰা তেওঁ ভয়ে ভয়ে তাইৰ ফালে চাই আছিল।
ভয়াতুৰ চকিনা হ’ব লাগিছিল কিন্তু ভয় ভয়কৈ তেওঁ আছিল— তেওঁ ৰৈ ৰৈ লাজ লাজ ভাবেৰে বেলেগ ধৰণৰ আবুৰ ৰাখি কৈছিল, ‘‘যেতিয়া তুমি খাই আছিলা মই তোমাৰ পৰা অলপ দূৰত ৰৈ আছিলোঁ— উফ! মই যে কিমান কষ্টেৰে মোৰ কাহটো ৰখাই থৈছিলোঁ, যাতে তুমি আৰামেৰে খাব পাৰা আৰু মই এই সুন্দৰ দৃশ্য অলপ বেছি সময়লৈ চাই থাকিব পাৰোঁ। ভোক বৰ মৰম লগা বস্তু। কিন্তু এফালে মই এই সুখকণৰ পৰা বঞ্চিত। নহয়, বঞ্চিত বুলি কোৱাতো অনুচিত হ’ব কাৰণ মই নিজে ইয়াক ত্যাগ কৰিছোঁ।”
চকিনাই একো বুজি নাপালে। সেয়া এক সাঁথৰ আছিল যি বুজি থাকোঁতেই আন এটা সাঁথৰৰ ৰূপ লৈছিল কিন্তু ইয়াৰ পিছতো চকিনাৰ তেওঁৰ কথাবোৰ ভাল লাগিছিল, কাৰণ সেই কথাবোৰত মানৱতাৰ উম আছিল। সেইবাবে তাই নিজৰ সকলো ঘটনাই তেওঁক ক’লে।
তেওঁ মনে মনে শুনি আছিল যেন তেওঁৰ ওপৰত তাৰ কোনো প্ৰভাৱে পৰা নাছিল, কিন্তু যেতিয়াই চকিনাই তেওঁক ধন্যবাদ জনাবলৈ ধৰিলে, তেতিয়া তেওঁৰ দুচকু যি চকুপানীৰ বাবে নিস্পৃহ যেন লাগিছিল হঠাতে ভৰি আহিল আৰু তেওঁ কান্দোন মিহলি সুৰেৰে ক’লে, ‘‘ইয়াতেই থাকি যোৱা চকিনা— মই যক্ষ্মা ৰোগী। কোনো ধৰণৰ খাদ্য— কোনো ফল মোৰ ভাল নালাগে। তুমি খাই থাকিবা আৰু মই তোমাক চাই থাকিম…” কিন্তু পিছমুহূৰ্তত তেওঁ মিচিকিয়াই হাঁহিবলৈ ধৰিলে। “কি যে মুৰ্খৰ দৰে কথা কৈছোঁ— আন কোনোবাই যদি শুনিলেহেঁতেন কি ক’লেহেঁতেন— মানে আনজনে খাই থাকিব আৰু মই চাই থাকিম। নহয় চকিনা—আচলতে মোৰ মনৰ ইচ্ছা, তুমি ইয়াতেই থাকি যোৱা।”
চকিনাই কিবা এটা ভাবিব ধৰিলে, ‘‘নহয়, মানে মই ক’ব বিচাৰিছোঁ আপুনি এইখন ঘৰত অকলে আছে আৰু মই— নাই নাই— কথা এইটো যে মই—”
এই কথা শুনি তেওঁ মনত ইমানেই আঘাত পালে যে তেওঁ ক্ষন্তেক সময়ৰ কাৰণে তভক মাৰি ৰ’ল। যেতিয়া কথা ক’বলৈ ধৰিলে তেতিয়া তেওঁৰ মাতত শূন্যতা আছিল, ‘‘মই দহ বছৰলৈ স্কুলত ছোৱালী পঢ়াইছোঁ, সদায় মই সিহঁতক মোৰ জীয়ৰী বুলিয়েই ভাবিছোঁ— তুমি— তুমি আৰু এজনী হৈ যাবা।”
চকিনাৰ বাবে আন কোনো ঠাই নাছিল। সেয়েহে সেই প্ৰফেছৰজনৰ ঘৰতে থাকি গ’ল।
তেওঁ এবছৰ আৰু কেইটামান মাহ জীয়াই আছিল। এই সময়ছোৱাত চকিনাই তেওঁৰ চোৱা-চিতা কৰাৰ পৰিৱৰ্তে এই অসুখীয়া মানুহজনেহে তাইৰ সা-সুবিধাৰ কাৰণে ইমানেই সজাগ আছিল, যেন ডাকোৱাল যাবলৈ ওলাইছে আৰু তেওঁ খৰধৰকৈ এখন চিঠিত যিবোৰ কথা মনলৈ আহিছিল সেইবোৰ লিখি গৈ আছিল।
তেওঁৰ এই যত্নত চকিনা; যাৰ যত্নৰ প্ৰয়োজন আছিল, কেইমাহমান মানৰ ভিতৰতে উজ্জ্বলি উঠিল। এতিয়া প্ৰফেছৰ তাইৰ পৰা আঁতৰি থাকিবলৈ ল’লে। কিন্তু তেওঁৰ যত্নত অলপো ত্ৰুটি নৰ’ল।
শেষৰ দিনবোৰত হঠাতে তেওঁৰ অৱস্থা বেয়ালৈ আহিল। এদিন ৰাতি যেতিয়া চকিনা তেওঁৰ কাষতেই শুই পৰিছিল, তেওঁ ধহমহকৈ উঠিল আৰু জোৰেৰে চিঞৰিব ধৰিলে, ‘‘চকিনা, চকিনা।”
চিঞৰ শুনি চকিনাই ভয় খালে। প্ৰফেছৰৰ আঁৰ বেৰৰ দৰে দুচকুত যি আবুৰ আছিল সেয়া নাছিল। তাৰ সলনি চকিনাই এক গভীৰ দুখবোধ দেখিবলৈ পালে।
প্ৰফেছৰে কঁপা কঁপা হাতেৰে চকিনাৰ হাতত ধৰিলে আৰু ক’লে— ‘‘মই মৰি গৈ আছোঁ — কিন্তু মোৰ এই মৃত্যুৰ বাবে অকণো দুখ নাই — কাৰণ আন কেইবাটাও মৃত্যু মোৰ হৃদয়ত পোত খাই আছে। তুমি মোৰ কাহিনী শুনিবলৈ বিচৰানে— জানিব বিচৰা মই কি? শুনা — মই মিছলীয়া— বৰ ডাঙৰ মিছলীয়া— মই গোটেই জীৱন নিজেই নিজক মিছা কোৱাত আৰু তাক সঁচা কৰাত পাৰ কৰিলোঁ। উফ— কিমান যে কষ্টকৰ অপ্ৰাকৃতিক আৰু অমানৱীয় কাম আছিল।”
‘‘মই এটা আকাংক্ষাক মাৰিছিলোঁ, কিন্তু মই নাজানিছিলোঁ যে এই হত্যাৰ পিছত মই আৰু বহুতো হত্যা কৰিব লাগিব। মই ভাৱিছিলোঁ যে এটি শিখা নুমাই গ’লে কি হ’ব— কিন্তু মই জনা নাছিলোঁ যে মোৰ শৰীৰৰ সকলোবোৰ দুৱাৰ বন্ধ কৰি দিব লাগিব— চকিনা! এই যে মই যিবোৰ কৈ আছোঁ এই সকলোবোৰ বাজে কথা, চিধা কথা এই যে মই মোৰ চৰিত্ৰ উচ্চ কৰি ৰাখিব বিচাৰিছিলোঁ যদিও নিজে বহুত বেছি তললৈ নামি গৈ থাকিলোঁ।
মই মৰি যাম আৰু এই চৰিত্ৰ— এই ৰঙহীন ধ্বজা মোৰ ধূলিৰ ওপৰত উৰি থাকিব। সেই সকলোবোৰ ছোৱালী যাক মই স্কুলত পঢ়াইছিলোঁ— কেতিয়াবা যদি সিহঁতে মোক মনত পেলাই, ক’ব যে এজন দেৱতা আছিল যি মানুহৰ মাজৰ পৰা আহিছিল। তুমিও মোৰ ভাল কামবোৰ নাপাহৰা— কিন্তু সঁচা এয়াই যে যেতিয়াৰ পৰা তুমি এই ঘৰলৈ আহিছা— এনে এটা মুহূৰ্তও পাৰ হৈ যোৱা নাই যেতিয়া মই তোমাৰ যৌৱনক কুদৃষ্টিৰে চোৱা নাই।
মই কল্পনাত কেইবাবাৰো তোমাৰ ওঁঠযুৰিক চুমা খাইছোঁ— কেইবাবাৰো তোমাৰ দুবাহুত মূৰ থৈছোঁ, কিন্তু প্ৰত্যেকবাৰ সেই ছবিবোৰ টুকুৰা টুকুৰকৈ ফালি পেলাবলগীয়া হৈছে। তাৰপিছত সেই টুকুৰাবোৰ ছাই কৰিছোঁ, নাম-গোন্ধ ক’তো নাথাকক বুলি। মই মৰি যাম, যদি মোৰ ইমানখিনি সাহস হ’লহেঁতেন মোৰ এই উচ্চ খাপৰ চৰিত্ৰক দীঘল বাঁহ এডালত বান্দৰৰ দৰে বহাই দিলোঁহেঁতেন আৰু ডুগডুগী বজাই মানুহবোৰক জমা কৰিলোঁহেঁতেন এইবুলি যে আহা চোৱা আৰু সজাগ হোৱা। ’’
এই ঘটনাৰ পিছত প্ৰফেছৰে মাত্ৰ পাঁচ দিন জীয়াই থাকিল। চকিনাৰ মতে মৰাৰ আগত তেওঁ বৰ সুখী আছিল— যেতিয়া তেওঁ অন্তিম ক্ষণ গণি আছিল তেওঁ চকিনাক কেৱল ইয়াকেই ক’লে— ‘‘চকিনা মই লোভী নহয়— জীৱনৰ এই অন্তিম পাঁচটা দিন মোৰ বাবে যথেষ্ট— মই তোমাৰ প্ৰতি চিৰকৃতজ্ঞ।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!