তেজীমলাৰ যাতনা

লেখক- ৰীতিমালা

‘‘কি কৰিব আৰু বাইদেউ, কি বা পাপৰ ফল ভুগি আছে কোনে জানে! এতিয়া নিজৰ লগতে ঘৰখনৰো শান্তি নোহোৱা কৰিছে… ’’
– শাহুৱেকে উত্তৰত কি ক’লে আৰুণিয়ে নুশুনিলে যদিও কথাখিনি যে তাই বিষয়ক সেয়া স্পষ্ট হৈ পৰিল। খুৰী শাহুৱেকক মাত দিবলৈ যাব খোজা আৰুণিৰ দুভৰি তাতেই থমকিল…
পাপ! এৰা, কি পাপ কৰিছিল তাই! যাৰ বাবে অ’তকেইটা বছৰৰ পিছতো তাইৰ কোলা উদং। দুবছৰমান আগতে এবাৰ ডাক্টৰকো দেখুৱাছিল দেবাংশু আৰু তাই। দুয়োৰে ক’তো একো সমস্যা নাই। তেনে কি পাপৰ ফল ভুগিছে তাই? তাইনো পাপ কৰিব পাৰে নে? মাক মৰীয়া হ’লেও মাহীমাকে তাইক আদৰ যত্নতেই ডাঙৰ কৰিছে বুলি লোকে কয়। কোনোদিন কোনো কথাত থেকেচ নেকেচ কৰা নাই… ঘৰে পৰেও সকলোৱে আদৰৰ মাতেই দিয়ে আৰুণিক। মৰমত ডাঙৰ হোৱা তাইনো পাপ কৰিছেনে কিবা! কিন্তু কোনেও নজনা কথাওটো মনটোৱে জানে। পাপ কৰা নাছিলনে সঁচাকৈয়ে তাই?
“ফুল, ক’ত আছা? দেউতাৰাই মাতি আছেচোন অথনিৰ পৰা… ’’ – শুৱলা মাতষাৰৰ উত্তৰটো তাই কিন্তু টানকৈহে দিছিল সেইদিনা, “মোক ফুল বুলি নেমাতিবা, সেইটো নাম কেৱল মা-দেউতাৰ কাৰণেহে। সকলোৱে বোলাদি আইনী বুলিলেই হ’ল।’’
তথাপিওটো নতুন মানুহজনীয়ে মৰমেৰেই কৈছিল তাইক, “ঠিক আছে বাৰু আইনী, নেমাতো। কিন্তু ময়ো জানো তোমাৰ মা নহওঁ?’’
সৰুৰে পৰা সমনীয়াতকৈ বয়সত ডাঙৰ পেহীয়েক, বায়েকহঁতৰ লগত অধিক সময় কটাই, ডাঙৰৰ ভাল-বেয়া মেলত অংশ লৈ অকালপক্ব হৈ উঠা জিভাই কৈ পেলাইছিল, “তুমি মোৰ মাহীমা, মা নহয়। ’’ – এটা এটাকৈ শব্দকেইটা উচ্চাৰণ কৰোঁতে মাহীমাকৰ আকুল চকুযুৰি তাইৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাছিল। হয়তো সেইবাবেই আজি পৰ্যন্ত সেই হালি চকু তাইৰ অৱচেতনত ৰৈ গ’ল। সেয়াই জানো তাইৰ প্ৰথম পাপ নাছিল!
কোনোবাই বাৰু এনেই চখতে কাৰোবাৰ মাহীমাক হ’ব খোজেনে? কিয় কৰিছিল তাই সেই পাপ? ডাঙৰৰ মেলবোৰত শুনা কথাবোৰ কিয় মনতে গাঁঠি থৈছিল? কিয় তাই….
“অৰু, থৰ লাগি বহি আছা কিয়?’’ – দেবাংশুৰ মাতত তাই যেন চক খাই উঠিল। তাই কেতিয়া ৰূমত সোমালে, কিমান পৰৰ পৰা এনেদৰে বহি আছে? আজি কি হৈছে তাইৰ? আৰু দেবাংশু কেতিয়া অফিচৰ পৰা আহিল?
‘‘তুমি কেতিয়া পালাহি? ’’
‘‘অলপ পৰ হ’ল অৰু। তোমাৰ লগত কথা অলপ আছিল। আচলতে মোৰ বন্ধু গাইন’কলজিষ্ট ৰূপমক আমাৰ সমস্যাটোৰ কথা জনাই ৰিপৰ্টখিনি পঠিয়াই দিছিলো মই। সি এবাৰ আমাক দিল্লীলৈ মাতি পঠিয়াইছে, সি কাম কৰা হস্পিতালখনলৈ। যাবানে অৰু?”
“হ’ব দিয়া, ৰাতি ভালদৰে আলোচনা কৰি কিবা সিদ্ধান্ত ল’ম” – তাইৰ মন: স্থিতি বৰ্তমান দেবাংশুক ক’ব নোৱাৰা বিধৰ। আৰুণিয়ে নিজেই বুজা নাই তাই ক’ত হেৰাই গৈছে আজি…
ৰুণা পেহীয়েকে যে এদিন তাইক জোকাইছিল, চাবি আইনী ভায়েৰ বা ভনীয়েৰ এটা আহিলে তোক আৰু নতুন মায়েৰই মৰম নকৰিব। তাই সেয়ে মানুহজনীক দেউতাকৰ লগত ক’লৈকো যাবলৈ নিদিছিল, কিজানি কেঁচুৱা আনিবলৈকে যায় মনে মনে। ৰাতিও যেতিয়াই মন যায় আইতাকৰ বিছনাৰ পৰা গাৰুটো আনি মাক-দেউতাকৰ মাজত শুই পৰিছিল। তথাপিও মাকজনীয়েতো তাইক কোনোদিনে টান মাত এষাৰ দি নেপালে। তথাপি তাই সেই কামটো কিয় কৰিছিল?
ডাঙৰবোৰৰ মেলৰ মাজতে এদিন মনো খুৰীয়েকে কৈছিল, আইনী, নতুন মাৰে কেঁচুৱা আনিলে তোৰ ভালেই হ’ব দে, খেলিবলৈ লগ এটা পাবি। তাই আচৰিত হৈ সুধিলে, “তুমি কেনেকৈ গম পালা খুৰী?”
‘‘আৰে, মাৰক দেখা নাই জানো, সেইটোনো কি নাজানিবলগীয়া কথা!’’ – উত্তৰটো কোনে দিছিল আজি তাইৰ মনত নাই, কিন্তু সেইষাৰ কথা সেইটো ঢঙত তাইৰ আগত কোৱাটো ভাল নে বেয়া কোনেও ভবাই নাছিল হয়তো।
সেইদিনা ৰাতি তাই জেদ ধৰিয়ে মাক-দেউতাকৰ মাজত শুইছিল। আৰু, আৰু ৰাতি টোপনিতে মাকৰ পেটত তাই ভৰি মাৰি দিছিল। কেঁকাই উঠা মানুহজনী, চটফটাই হস্পিটেললৈ যাবলৈ সাজু হোৱা অস্থিৰ দেউতাক আৰু হায়ৈ বিয়ৈ লগোৱা আইতাকলৈ চকু মোহাৰি মোহাৰি চাই বহি থকা তাই বাৰু সঁচাকৈয়ে সেইদিনা টোপনিত আছিল নে? সেই পাপ তাই ক’ত লুকুৱাব?
তাৰ পাছত আৰু পুনৰ মানুহজনীয়ে গৰ্ভধাৰণ কৰা নাছিল। কিয়, সেয়া জানিবলৈ তাই ইচ্ছাও কৰা নাছিল কোনোদিনে। কিন্তু সেই ঘটনাৰ বাবেও মাহীমাকে তাইক কোনোদিনে একো কোৱা নাছিল।
আজি নিজে ভুক্তভোগী বাবে তাই বুজি উঠিছে মানুহজনীৰ কিমান কষ্ট হৈছিল পায়ো হেৰুৱাওতে। ইমান পাপ, ইমানমখা পাপ কৰাৰ পিছতো ঈশ্বৰে তাইৰ কোলা ভৰাবনে? আইতাকে সৰুতে কোৱা কথা এষাৰ মনত পৰিল তাইৰ। মানুহে পৰজন্মলৈ একো ৰাখি নেযায়, যি পাবলগীয়া থাকে ইজন্মতে পাই হেনো। তায়ো তাকেই ঘূৰাই পাই আছে নেকি!
ৰাতি শুবলৈ আহি তাই দেবাংশুক ক’লে, “মই এবাৰ ঘৰলৈ যাব খুজিছো। দিল্লীলৈ যাম বাৰু। চিকিৎসা কৰাম। তাৰ আগতে বৰ জৰুৰী কাম এটা কৰিবলৈ বাকী আছে মোৰ। কাইলৈকে মোক ঘৰত থৈ আহিবানে?’’
দেবাংশুৰ সন্মতি লৈ নতুন পুৱা এটাৰ পৰিকল্পনাৰে তাই দুচকু জপালে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!