মৰাণৰ পৰা মিলানলৈ - কিছু অভিজ্ঞতা

লেখক- ৰমণ চুতীয়া

প্ৰথমতে থূলমূলকৈ পৰিচয়টোকে দি লওঁ৷ মোৰ ঘৰ মৰাণত৷ ২০১৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা যান্ত্ৰিক অভিযন্ত্ৰণ বিভাগত স্নাতক ডিগ্ৰী আহৰণ কৰাৰ পাছত ২০১৭ চনত স্নাতকোত্তৰ শিক্ষাৰ বাবে ইউৰোপলৈ আহিছিলোঁ৷ সেই সূত্ৰে পৰৱৰ্তী কেইবছৰ মানৰ কাৰণে ঠিকনা হৈছিল মিলান টেকনিকেল বিশ্ববিদ্যালয় (ইটালী)৷ ২০২০ চনত শিক্ষা সাং কৰি এতিয়া চুইডেনৰ এটি কোম্পানীৰ মিলানৰ কাৰ্যালয়ত এজন অভিযন্তা হিচাপে কৰ্মৰত হৈ আছোঁ৷

যোৱা চাৰি বছৰলৈ যদি ঘূৰি চাঁও, বহুত নতুন নতুন অভিজ্ঞতাৰে পুষ্ট হ’লোঁ, তাৰে কিছুমান আপোনালোকৰ লগত ভাগ বতৰা কৰোঁ বুলি ভাবিছোঁ৷

১) ডিব্ৰুগড়-মৰাণ অহা যোৱা কৰিয়েই জীৱনৰ অধিকাংশ সময় পাৰ কৰা মোৰ বাবে টালি-টোপোলা বান্ধি ইউৰোপলৈ আহিবলৈ মনটোক সাজু কৰাটো কোনো প্ৰত্যাহ্বানতকৈ কম নাছিল৷ ২০১৬ চনৰ জুলাই মাহত স্নাতক ডিগ্ৰী শেষ হোৱাৰ লগে লগে ইউৰোপত উচ্চ শিক্ষাৰ বাবে আবেদন কৰিছিলোঁ৷ আশানুৰূপ ভাৱে সেই বছৰৰে নৱেম্বৰ মাহত মোৰ পছন্দৰ বিশ্ববিদ্যালয়খনত এডমিচন পাইছিলোঁ ৷ কিন্তু, পাঠ্যক্ৰম আৰম্ভ হোৱাৰ কথা আছিল ২০১৭ চনৰ চেপ্তেম্বৰ মাহৰ পৰা, অৰ্থাৎ মাজৰ ১ বছৰ মান সময় পাইছিলোঁ ভিছা সমন্ধীয় যাৱতীয় কামবোৰ কৰিবলৈ৷ তাৰ মাজতে কামৰ অভিজ্ঞতা ল’বলৈকে ২০১৬ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীৰ এটা কোম্পানীত এজন চাৰ্ভিচ ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰিছিলোঁ৷ ন্যূনতম এক মাহিলী দৰমহাত আজি শ্বিলং, কাইলৈ কলিয়াবৰ, পৰহিলৈ কাকী আদিকে কৰি ক’ত যে ঠাই ঘূৰি ফুৰিছিলোঁ৷ দেউতাই ইতিমধ্যে চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষক হিচাপে অৱসৰ লৈছিল, গতিকে বিদেশলৈ আহিবলৈ প্ৰয়োজন হ’বলগীয়া বুজন পৰিমাণৰ ধনৰ কাৰণে গুৱাহাটীৰে কেইটামান বেঙ্কত গৈ শিক্ষাগত ঋণৰ সম্বন্ধে কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ৷ কিন্তু, বৰ সফল নহ’লোঁ৷ আমাৰ বিশ্ববিদ্যালয়খনে উন্নয়নশীল দেশৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিভিন্ন জলপানি আগবঢ়াই বুলি গম পাই আৱেদন কৰি থৈছিলোঁ৷ ভাগ্যবশতঃ দুবছৰীয়া জলপানি এটাৰ বাবে আৱেদনখন গৃহীত হোৱাত স্বস্তিৰ নিশ্বাস পেলালোঁ৷ ভিছাৰ ইণ্টাৰভিউ দিবলৈ যোৱাৰ আগে আগে ইটালীৰ কাৰণে উৰাজাহাজৰ টিকেট বুক কৰাটো বাঞ্চনীয়৷ এতিয়াও মনত পৰে জুলাই মাহৰ কোনোবা এটা গধূলি গোসাঁইঘৰত চাকিগছি জ্বলাই সেৱা কৰি ভাৱিছিলোঁ “ভগৱান টিকেট বুক কৰিম এতিয়া, উদ্ধাৰ কৰিবা আৰু পাছৰখিনি৷”

২) ইউৰোপলৈ অহাৰ পিছত প্ৰথম অৱস্থাত ভাষাৰ সমস্যাটো বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ৷ ইংৰাজীৰ ব্যৱহাৰ খুব কম, স্থানীয় ভাষাতেই সকলো কাম কাজ চলে৷ বিশ্ববিদ্যালয়ৰ ভিতৰত তেনেকৈ একো সমস্যা নহয় কাৰণ পাঠ্যক্ৰম সম্পূৰ্ণ ইংৰাজীত আছিল, কিন্তু ইটালীৰ দৰে এখন দেশৰ সমাজ ব্যৱস্থাটোৰ লগত লীন যাবলৈ ইটালীয়ান ভাষা শিকাটো কিমান প্ৰয়োজনীয় সেয়া অনুধাৱন কৰিছিলোঁ৷ জাৰ্মানী, ফ্ৰান্স আদিকে ধৰি ইউৰোপৰ আনবোৰ দেশতো একেই কাহিনী৷ ইংৰাজী ভালকৈ ক’ব জনা নজনাৰ ওপৰত ভিত্তি কৰি আমাৰ দেশত মেধা নিৰূপণ কৰাৰ ব্যৱস্থাটো ইয়াত নেদেখিলোঁ৷ চাৰি বছৰ ইটালীত থাকি এতিয়া অন্ততঃ কাম চলাব পৰাকৈ ইটালীয়ান ভাষাত পাকৈত হৈছোঁ বুলি ক’ব পাৰোঁ৷

৩) ইউৰোপীয়ান শিক্ষা ব্যৱস্থাটো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ লগত যথেষ্ট পৃথক যেন অনুভৱ কৰিলোঁ৷ জীৱনত প্ৰথমবাৰ একেটা বিষয়ত তিনিবাৰকৈ অনুত্তীৰ্ণ হোৱাৰ অভিজ্ঞতা ইয়াতেই হৈছে৷ অসমত স্নাতক কৰি থাকোঁতে কেতিয়াবা কোনোবা এটা বিষয় ভাল নালাগিলে মুখস্থ বিদ্যাৰ বলত পাৰ হৈছিলোঁ যদিও ইয়াত সেয়া যে বৰ সহজ নহয়, সোণকালেই বুজি পাইছিলোঁ৷ ভালকৈ কোনোবা এটা বিষয়ত উত্তীৰ্ণ হ’বলৈ হ’লে খৰচি মাৰি শিকাৰ বাদে গত্যন্তৰ নাই৷

৪) পঢ়ি থকা সময়ত জলপানিৰ টকাৰে বিশ্ববিদ্যালয়ৰ মাচুলৰ পৰা আৰম্ভ কৰি মিলানৰ দৰে এখন খৰচী চহৰত থকা-খোৱাৰ বন্দোবস্ত হৈ গৈছিল যদিও ভাবিলোঁ অলপ দুপইচা উপাৰ্জন কৰোঁ৷ পাৰ্ট টাইম কাম বিচাৰিবলৈ আৰম্ভ কৰিলোঁ৷ আগতেই উল্লেখ কৰিছোঁ যে ভাষাক লৈ ইতিমধ্যে বৰ সমস্যাত আছিলোঁ, তাতে পাৰ্ট টাইম চাকৰিত ইটালীয়ান সলসলীয়াকৈ ক’ব পৰাটো এটা প্ৰধান চৰ্ত৷ বিচাৰ খোচাৰ কৰি গম পালোঁ যে দুটা কাম কৰিব পাৰোঁ – ভাৰত-পাকিস্তান মূলৰ ৰেষ্টোৰেণ্ট কেইখনত পৰিচাৰকৰ (ৱেইটাৰ) চাকৰি নহ’লে চাইকেলত ৰেষ্টোৰেণ্টৰ খাদ্য ডেলিভাৰী কৰা চাকৰি৷ ডেলিভাৰী চাকৰিত অলপ বেছি স্বাধীনতা দেখি মই দ্বিতীয়টো চাকৰি বাছনি কৰিলোঁ৷ কেইবাটাও খাদ্য ডেলিভাৰী কৰা কোম্পানীত আৱেদন কৰিলোঁ৷ শনিবাৰ আৰু দেওবাৰে বিশ্ববিদ্যালয় যিহেতু বন্ধ থাকে গতিকে শুক্ৰবাৰৰ পৰা দেওবাৰলৈকে সন্ধিয়া ৫-৬ ঘণ্টা কৈ সপ্তাহটোত প্ৰায় ১৫-১৮ ঘণ্টা চাইকেলত ডেলিভাৰী কৰা আৰম্ভ কৰিলোঁ৷ প্ৰায় দেৰ বছৰ মান এই চাকৰি কৰি থাকিলো পঢ়াৰ সমান্তৰালকৈ৷ কভিডৰ সময়চোৱাত খুব বেয়াকৈ প্ৰভাৱিত হোৱা মিলান চহৰৰ ঘৰে ঘৰে খাদ্যৰ উপৰিও ফামাৰ্চীৰ পৰা প্ৰয়োজনীয় দৰৱ পাতি দুৱাৰ মুখত যোগান ধৰি যথেষ্ট আশীৰ্বাদ পাইছিলোঁ ইটালীয়ান সকলৰ পৰা, সদায় মনত থাকি যাব সেই সময়চোৱা৷ এই চাকৰিৰ পৰা মোৰ লাভ হ’ল মূলতঃ তিনিটা৷ প্ৰথমটো হ’ল ভাৰতৰ পৰা লৈ অনা ৮২ কেজিৰ মেদবহুল শৰীৰটো ৬০ কেজিলৈ ৰূপান্তৰিত হ’ল৷ দ্বিতীয়তে মাহৰ শেষত ভাৰতীয় মূল্যত ৪০-৫০ হেজাৰ টকা উপাৰ্জন কৰা৷ তৃতীয়তে, সমাজৰ এই শ্ৰমজীৱী লোকসকলৰ মাজত নিজকে এজন হিচাপে পাই তেওঁলোকৰ দুখ, কষ্ট, ভাগৰবিলাক বুজিবলৈ সক্ষম হৈছিলোঁ৷ বতাহ, বৰষুণ, তুষাৰপাত আদিৰ দৰে প্ৰতিকূল বতৰতো দুৱাৰ মুখত গৰম গৰম খাদ্য আনি দিয়াজনৰ প্ৰতি এই অভিজ্ঞতাই সদায় নতমস্তক হ’বলৈ শিকালে৷ এটা কথা বুজি পালোঁ কামৰ সৰু বৰ নাই, জীৱনটো এক সংগ্ৰাম৷ সমাজে কামৰ মৰ্য্যদাখিনি ভালকৈ দিলে জীৱনটো সহজ হয়৷ পেছাৰ ভিত্তিত সৰু মানুহ, ডাঙৰ মানুহ বুলি ভাগ কৰাৰ নিয়ম নাই বাবেই ইউৰোপত ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থকা সময়ত পাৰ্ট টাইম কাম কৰি স্বাৱলম্বী হ’ব পাৰে৷ আমাৰ সমাজতো এই সংস্কৃতি গঢ় লৈ উঠিলে ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰ বহুখিনি সমস্যা দূৰ হ’ব বুলি বোধ হয়৷

৫) ইউৰোপত আমাৰ ভাৰতৰ দৰে “কেম্পাচ প্লেচমেণ্ট” বুলি একো নহয়৷ পঢ়ি শেষ কৰাৰ পাছত চাকৰিৰ বাবে নিজেই কোম্পানী বিলাকৰ কাষ চাপিব লাগে৷ আৱেদন কৰাৰ পাছত ১০-১৫ দিন মানৰ ভিতৰত তেওঁলোকৰ মতামত লাভ কৰাৰ আশা কৰিব পাৰি৷ কেতিয়াবা বাৰু একোৱেই নাহে৷ শেষৰটো ষাণ্মাসিকৰ পৰা চাকৰিৰ কাৰণে আৱেদন কৰা জোৰদাৰ আৰম্ভ কৰিছিলোঁ৷ মোৰ জিমেইলৰ ইনবক্সত চাগে হাজাৰৰো অধিক বাৰ্তা এনেকেই পাব “বহুত বহুত ধন্যবাদ উক্ত চাকৰিটোৰ বাবে আৱেদন কৰাৰ বাবে, কিন্তু …. কাৰণত এই মুহূৰ্তত আমি আপোনাৰ আৱেদনখনৰ সৈতে আগবাঢ়িব খোজা নাই৷“ ডিগ্ৰী লাভ কৰাৰ প্ৰায় তিনি মাহ পাছত চুইডেনৰ এটা বহুজাতিক কোম্পানীৰ বাছনিত উঠি প্ৰায় ৭০জন প্ৰাৰ্থীৰ ভিতৰত মনে বিচৰা চাকৰি এটা পাবলৈ সক্ষম হ’লোঁ৷ এটা কথা বুজিলোঁ যে হাজাৰ বিফলতাৰ সন্মুখীন হ’লেও চেষ্টা কৰি থকাটো অনিবাৰ্য৷ চেষ্টা কৰাজনৰ লগ ভগৱানে নেৰে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!