প্ৰবাসী অসমীয়াৰ মনৰ কথা
লেখক- দীপজ্যোতি বৰা আৰু মনোজমন কলিতা
প্ৰবাস বা প্ৰবাসী বুলি ক’লেই সচৰাচৰ মনলৈ ভিন্ন ছবি ভাহি আহে৷ কাৰোবাৰ কাৰণে প্ৰবাস সপোনৰ প্ৰাপ্তি, কাৰোবাৰ কাৰণে জীৱনৰ বাটৰ একোটা দৰকাৰী খোজ আৰু কাৰোবাৰ কাৰণে জীৱিকাৰ বাধ্যবাধকতা৷ প্ৰবাসীৰো বিভিন্ন শ্ৰেণী আছে৷ কোনোৱে হয়তো বিদেশত গৈ প্ৰতিষ্ঠা আৰু খ্যাতি লাভ কৰিছে, কোনোৱে হয়তো উচ্চশিক্ষাত ব্যস্ত হৈ আছে; আকৌ আন কাৰোবাৰ বাবে হয়তো প্ৰবাস মানে নিজৰ ঘৰত থকা আপোনজনৰ বাবে কৰি থকা সংগ্ৰামৰ নামান্তৰহে মাথোঁ৷ কিন্তু আশা-আকাংক্ষা, হেঁপাহ-হতাশা সকলোৰে থাকে৷ প্ৰবাসী অসমীয়াৰ মনৰ কথা বুলিলে আমি কাক আৰু কিমানক সামৰিম; এই বিষয়ৰো সকলো দিশ সাহিত্যৰ এটা সংখ্যাতে সামৰি লোৱা সহজ নহয়৷
প্ৰায় সকলো প্ৰবাসী অসমীয়াৰে নিজৰ জন্মভূমিৰ প্ৰতি টান আছে৷ সকলো প্ৰবাসীৰে নিজৰ আপোন মাটিৰ প্ৰতি, আপোন সংস্কৃতিৰ প্ৰতি এক টান থকা স্বাভাৱিক৷ প্ৰবাসী অসমীয়া ভাৰতৰ ভিতৰতো আছে, বাহিৰতো আছে৷ সেই সকলোৱে প্ৰবাসতো নিজৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিছে, বিপদৰ সময়ত ইজনে সিজনক সহায় কৰিছে আৰু অসমৰ কোনো সমস্যাৰ ক্ষেত্ৰত মাত মাতিছে বা ব্যক্তিগত বা সমূহীয়াভাবে নিজৰ অঞ্চলত কিবা প্ৰকল্পৰ কাৰণে কাম কৰিছে৷ তেনে এক প্ৰচেষ্টাৰে ফচল হৈছে আজিৰ ‘অসমীয়াত কথা-বতৰা’ গোট আৰু ‘সাহিত্য’ আলোচনীখন৷ কেৱল অসমীয়াত কথা-বতৰা বা সাহিত্যই নহয়, অসম আৰু অসমীয়া ভাষাৰ কাৰণে আন বহু প্ৰবাসী লোকে ৱিকিপেডিয়া, ভাষাৰ শিক্ষা আদিৰ ক্ষেত্ৰতো কাম কৰি আছে৷ আজিৰ তাৰিখত দেশৰ ভিতৰত আৰু বাহিৰত যথেষ্ট সংখ্যক অসমীয়া লোক আছে, প্ৰকৃতাৰ্থত ক’বলৈ গ’লে এক অসমীয়া “diaspora”ৰ সৃষ্টি হৈছে৷ এইখিনিতে কেইটামান কথা আমাৰ মনলৈ আহিছে৷
দেশৰ ভিতৰত থকা প্ৰবাসী অসমীয়া বুলি ক’লে দুটা ভাগ চকুত পৰে – প্ৰথম ভাগ হৈছে উচ্চ-শিক্ষিত, সংগঠিত ক্ষেত্ৰত কৰ্মৰত আৰ্থিকভাবে সবল প্ৰবাসী, আনভাগ হৈছে সচৰাচৰ পিছ পৰা অঞ্চলৰপৰা জীৱিকাৰ তাড়ণাত যোৱা কম শিক্ষিত, আৰ্থিকভাবে দুৰ্বল আৰু অসংগঠিত ক্ষেত্ৰত কৰ্মৰত প্ৰবাসী৷ এই দুইশ্ৰেণীৰ মাজৰ চকুত পৰা ধৰণৰ পাৰ্থক্য বিৰাজমান৷ অসমৰ সমূহীয়া কল্যাণৰ কাৰণে এই দুই শ্ৰেণীৰ মাজত দূৰত্ব দূৰ হোৱাটো দৰকাৰী৷ চৰকাৰীভাবেও দ্বিতীয় পৰ্যায়ৰ লোকসকলৰ বাবে কিবা আঁচনিৰ জৰিয়তে প্ৰশিক্ষণ দিব পাৰিলে বা তেওঁলোকক সংগঠিত কৰি অসমৰ কাৰণে উপকাৰ হোৱাত কামত লগাব পাৰিলে ভাল হ’ব৷ দুয়োশ্ৰেণীৰ লোকেই সমূহীয়া়ভাবে অসমৰ বাহিৰত এক শক্তিশালী সামাজিক আৰু ৰাজনৈতিক গোট হিচাপে অসমক প্ৰতিনিধিত্ব কৰিব পাৰে৷ সততে কেন্দ্ৰই আওকাণ কৰা বুলি আপত্তি কৰাতকৈ নিজেই নিজৰ গুৰুত্ব বুজি আগবঢ়াটো বৰ্তমান সময়ৰ দাবী৷ ভৱিষ্যতে অসমৰপৰা যোৱা লোকসকলেও প্ৰবাসত নাম কৰা বেহা-বেপাৰ কৰিব, গুৰুত্বপূৰ্ণ কামৰ মাজেৰে নিজকে প্ৰতিষ্ঠা কৰি অসমক প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি আমি আশাবাদী৷
এটা কথা মন কৰা যায় যে কেতিয়াবা অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত একে মাকৰ সন্তান হোৱা সত্বেও ভাই ভাইৰ মাজত হোৱাৰ দৰে কিছু সংঘাত হয়; যিটো অসমৰ বাহিৰত ইমান চকুত নপৰে৷ বাহিৰত সকলোৱে সাধাৰণতে সমিল মিলেৰে থকা দেখা যায়৷ এই মনোভাব অসমৰ ভিতৰতো প্ৰসাৰ হোৱাটো দৰকাৰী৷ তাৰ বাবে সহানুভূতি, সমমৰ্মিতা আৰু সহনশীলতাৰে সকলোৱে দীক্ষিত হ’ব লাগিব৷ লগতে বাহিৰৰ সমাজখনৰ পৰা শিকিব লগীয়া কথাবোৰ নিজৰ সমাজলৈ আনি চিন্তাৰ পৰিধি বিশাল কৰিব পাৰিব লাগিব৷
কুৰি শতিকাৰ আৰম্ভণিৰ সময়খিনি মনত পেলালে এই কথা দৃষ্টিগোচৰ হয় যে সেইসময়ৰ প্ৰবাসী অসমীয়াসকলে আমাৰ বৰ্তমানৰ অসমীয়া পৰিচয়টো গঢ় দিয়াত আৰু অসমীয়া সত্বাটোৰ বিকাশত গুৰি ধৰিছিল৷ এশবছৰৰ পিছত আমি আকৌ একেই সময়তে উপনীত হৈছোঁহি৷ বিগত শতিকাৰ সেই প্ৰচেষ্টাৰ দ্বিতীয় ভাগটো কেতিয়াকৈ আৰম্ভ হ’ব? একবিংশ শতিকাৰ অসমীয়া সত্বা নিৰ্মাণ আৰু বিকাশৰ এয়াই উপযুক্ত সময়৷ এই বিষয়ত গভীৰ চিন্তা-চৰ্চা কৰি তাক ৰূপায়ণ কৰাৰ সময় সমাগত৷
জাতিগঠনৰ প্ৰক্ৰিয়াটো এক বিৰামহীন প্ৰক্ৰিয়া৷ সামজিক ধাৰণা, বা পৰিচয়সমূহৰ বিকাশ আৰু পৰিবৰ্তন ধীৰ গতিৰ হ’লেও ই স্থবিৰ নহয়৷ অসমীয়া সত্ত্বাৰ নিৰ্মাণো তেনে এক প্ৰক্ৰিয়া৷ বহু সময়ত মানুহৰ পৰিচয়ৰ এক আকাংক্ষিত মূল্য থাকে৷ উদাহৰণস্বৰূপে আমেৰিকা বা ইউৰোপলৈ যোৱা এজন ভাৰতীয়ৰ কাৰণে তাৰ নাগৰিকত্ব গ্ৰহণ কৰা আৰু তেওঁলোকৰ মাজৰ এজন হ’বলৈ চেষ্টা কৰাৰ এক প্ৰয়োজন থাকে৷ তাৰ পৰা তেওঁৰ লাভ হয় বা এক প্ৰকাৰৰ উত্থান হয়৷ অসমীয়া পৰিচয়টোৰ তেনে এক মূল্য আছেনে? অসমৰ বিভিন্ন লোকসকলে নিজকে অসমীয়া বুলি চিনাকি দিয়াৰ ক্ষেত্ৰত এনেকুৱা এক মূল্যৰ গুৰুত্ব আছে৷ সকলোকে সামৰি এক সত্ত্বা নিৰ্মাণ কৰিবলৈ হ’লে অসমীয়া পৰিচয়টোও মহাবাহুৰ দৰে শক্তিশালী আৰু বিশাল হ’ব লাগিব৷ সেই পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ প্ৰচেষ্টাটো বিষয়ে এক সচেতনাত কেতিয়াকৈ আহিব?
আমি যেতিয়া কিবা এটা কাম আৰম্ভ কৰোঁ তেতিয়া আমি ক’ব নোৱাৰোঁ ই ভৱিষ্যতে ইতিহাস হ’বনে নহয়৷ কোনো ঘটনাৰ ২০-৩০ বছৰ বা তাৰো অধিক সময়ৰ পিছতহে কোনো ঘটনাৰ ঐতিহাসিক গুৰুত্ব বিশ্লেষণ কৰা হয়৷ আমাৰ দৃষ্টিত অনলাইন মাধ্যমত অসমীয়া ভাষাৰ ব্যৱহাৰ কৰাটোও তেনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ভাৱিষ্যতে পৰিগণিত হ’ব৷ কিন্তু তাৰ বাদেও বহুত কৰণীয় আছে যিখিনি ইতিমধ্যে আলোচনা কৰা হৈছে৷ অসমবাসীয়েই হওক বা প্ৰবাসী অসমীয়াই হওক অসমৰ ভৱিষ্যতৰ ইতিহাস নিৰ্মাণৰ কাৰণে দূৰদৰ্শী চিন্তাৰে ব্যক্তিগত বা সমূহীয়া প্ৰচেষ্টাৰ বাবে এক সুদৃঢ় মানসিক সংকল্পৰে সংকল্পবদ্ধ হোৱাটো আজিৰ সময়ৰ দাবী৷
দীপজ্যোতি বৰা
মনোজমন কলিতা
এই সংখ্যাটোৰ আঁৰত-
একাদশ বৰ্ষৰ অষ্টম সংখ্যাটোৰ আঁৰত
‘সাহিত্য ডট অৰ্গ’ৰ একাদশ বৰ্ষৰ অষ্টম সংখ্যাটিৰ আঁৰত থাকি সহায়-সহযোগিতা আগবঢ়াই যোৱা সকলো সদাশয় ব্যক্তিলৈকে সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷
সাক্ষাৎকাৰ গ্ৰহণৰ সময়ত উপস্থিত থাকি সহায় কৰিলে শ্ৰী উৎপলা কৌৰ, শ্ৰী উজ্জ্বল দীপ্লু গগৈ আৰু শ্ৰী বিকাশ দত্তই।
লেখাসমূহৰ বৰ্ণাশুদ্ধি নিবাৰণ আৰু সাক্ষাৎকাৰৰ অনুলিখন কৰি সহযোগিতা আগবঢ়ালে, শ্ৰী মণ্টু কুমাৰ বৰঠাকুৰ, ডঃ মৃণাল জ্যোতি গোস্বামী, শ্ৰী উৎপলা কৌৰ, শ্ৰী অভিজিত দত্ত, শ্ৰী মিতালী বৰ্মন, আৰু শ্ৰী উজ্জ্বল দীপ্লু গগৈয়ে৷
‘অসমীয়াত কথা বতৰা’ গোটৰ আমাৰ শ্ৰদ্ধেয় লেখক-লেখিকাসকল আৰু সদস্য-সদস্যাসকললৈও আমি বিশেষ কৃতজ্ঞতা জনালোঁ।