আঘোন, পুহ, মাঘৰ ভোজভাত কেইসাঁজ

লেখক- আৰমান হাজৰিকা

(১) আমি খোৱা বনভোজবোৰ-
এইবাৰ ঘৰলৈ যাওঁতে আমি মতা-তিৰোতা হালেই মনতে বৰকৈ আশাপালি গৈছিলোঁ যে, অসমত এইবাৰ ন এসাঁজ খামগৈ! আগেয়ে কাতি মাহতে ‘কাতি-নেউলী’(! ) দাই, ভড়াল উদি পৰা কেইঘৰে বছৰৰ নসাঁজ খাই, গাঁৱত ন খোৱাৰ আৰম্ভণি যুৰিয়ে দিয়ে। গোটেই আঘোন মাহটোত, দিনত দাৱনীৰ কাচি আৰু সন্ধিয়ালৈ কোনো এঘৰত ৰান্ধনিৰ তাৰুবাৰি সমানে ঘূৰে। পিছে এইবাৰ আমাৰেই কপাল বেয়া! আমি অসমত থকা দিনকেইটাত, আমাৰ চিনাকি মানুহৰ, কোনো এঘৰেই ধান দাবলৈয়ে আৰম্ভ কৰা নাই। গতিকে মনৰ আশাটো মনতে সামৰি, মুখখন শুকুৱাই উভতি আহিলোঁ।
এইখিনি সময়ত অসমৰ পথাৰে-সমাৰে, নদীয়ে-বিলে, হাটে-বজাৰে গোটেইখন তৰহে তৰহে লোভনীয় খাদ্য-সম্ভাৰেৰে নদন-বদন হৈ থাকে। এনেয়েনো আমাৰ উপৰি-পুৰুষে বছৰৰ পুহ আৰু মাঘৰ সংক্ৰান্তিৰ বিহুটিক ‘ভোগালী বিহু’ বুলি খাজে-খাপে খোৱাকৈ ঘৰুৱা নামটো দি লৈছিলেনে! আমি সৰুতেই মনত পৰা দিনৰে পৰা যি দেখি আহিছোঁ, বছৰৰ আন দিনৰ কথা সুকীয়া! প্ৰায়বোৰ অসমীয়াই আন সকলোবোৰ কৌটি-কলীয়া ৰীতি-নীতি বিসৰ্জন দি নামতহে যদিও অসমীয়া হৈ আছে, তথাপিও কিন্তু, বছৰৰ এইটো সময়ত বোপা-ককাতকৈও অলপ বহলাইহে ভোজভাত কেইসাঁজমান দবনি পিটি খাই লৈ মনতে সন্তোষ লভি থাকে। লাগিলে তাৰপিছতে বৰকৈ বায়ুচৰা বাবে নিজেই নিজৰ ডাক্তৰহৈ দৰবৰ দোকানলৈ গৈ নিজে মনেজনা দুটামান হাই-প্ৰেচাৰৰ বৰি কিনি আনি খাই দুদিনমানলৈ, চকু-মুখ উখহাই মনটো মাৰি বহি থাকিলেও থাকিব, তথাপিও ভোজৰ আয়োজনত আঁচোৰ পৰিবলৈও নিদিয়ে। ইফালে, ওপৰা-উপৰিকৈ খোৱা ভোজভাতৰ কোবত, পেট নামৰ ‘ব্লাডাৰ’টো চিলাই চিগা ফুটবলৰ ফাঁকেদি ওলাই অহাদি ওলাই আহিলে, নিজেই উপযাচি কৈ শুনাব, “এই কুৱঁলিটো অলপ কমিলেই প্ৰাতঃভ্ৰমণলৈ ওলাব লাগিব!”
নহয়নো কি! মোৰ মনত থকাৰে পৰাই বছৰৰ এই সময়ত স্কুলবোৰ, কিবা-কিবি উৎসৱ-পাৰ্বনৰ লগতে অইন অইন কথা মিলাই দীঘলীয়া ছুটী দিয়ে। তাতে আহিন সোমোৱাৰে পৰা বৰষুণেও ছমাহমানলৈ মেলানি মগাৰ লগে লগে, আমাৰ চাৰিওকাষে থকা হাবি-বননিবোৰ মৰহি গৈ যেনিয়ে তেনিয়ে বাটে পোৱালি মেলে। এনেয়েও তেতিয়াৰ আমাৰ সেই দুৰ্দান্তচামৰ বনৰীয়া খচলত (স্বভাব) কিছুমান ভগৱানে দিয়েই পঠিয়াইছিল। গতিকে চৌকাশে থকা হাবিয়ে বননিয়ে ‘আহ’ বুলি হাতবাউল দি মাতি থকা বতৰত আমাক বান্ধি ৰখাটো টান! এদিন পুৱাতে উঠি চকুত ফেচকুৰি আৰু গালত লেলাউটিৰ দাগ লাগি থকা ভাগেই আমাৰ চুবুৰিটোৰ এই গোটেই আধ- বনৰীয়ামখাই গোটখাই বনভোজ এসাঁজৰ আয়োজনত উঠি-পৰি লাগি যাওঁ। দুটাৰ মাজত একঠাকৈ চাউল, তাকৰকৈ এমুঠি দালি, গাইপতি এটাকৈ আলু, এটাকৈ কণী আৰু ঘৰেপ্ৰতি শিকি বা আধলি এটা, এটা পিয়াঁজ আৰু চিচা এটাত খাইতেল এচিকূটকৈ পঁচা তোলোঁ। কাৰোবাৰ ঘৰৰ চৰু, কাৰোবাৰ ঘৰৰ কেৰাহী, ঈটা দুচপৰামান ভাৰ বৈ চুবুৰিৰ দাঁতিতে থকা চাহ বাগিছাৰ বাঁহবাৰীখনৰ দাঁতিতে সেইদিনা টৌখুটি যোৰোঁগৈ। ডাঙৰ কেইটাই অতিশয় বিজ্ঞ ৰান্ধনিৰ দৰে হুকুম জাৰি কৰে, আমি সৰুচামে ‘হুকুম তামিল’ কৰোঁ। ৰান্ধনীয়ে ৰান্ধি থকাৰ মাজতেহে হয়তো গম ধৰিব পাৰে যে, দালিত ফোৰণ দিবলৈ অকল নহৰু- পনৰু হোৱাৰ লগতে পাঁচফোৰণ অকন হোৱা হ’লে, জুতি সপ্তমত উঠিলে হেতেন। কোনোবা এটাই ঠিতাতে পাং পাতিবই, “ৰহ! আমাৰ বৌ এতিয়া তাতশালত আছে। মই পিছদুৱাৰদি সোমাই পাক এটা মাৰি আহোঁগে।” উভতি আহোঁতে তাৰ হাতৰ তলুৱাতে পাচফোৰণ অকনৰ উপৰিও তেজপাত এখিলাও হাততে লাগিহে আহে।
ঘৰেপ্ৰতি আলুগুটি আৰু কণীহে দেখাকৈ আহিছে! কিন্তু, সময়ত আমাৰ কেৰাহীত কাৰোবাৰ বাৰীৰ ফুলকবি, কাৰোবাৰ ওলকবি, কাৰোবাৰ বেঙেনা, বন্ধাকবি ইত্যাদি ইত্যাদি গোটেইবোৰ গোটখাই একেলগে ৰস-পম বিলাই সমিল-মিলকৈ সিজি থাকে। সময়ত হয়তো, দালিতে নিমখ চোকা হয়, বা ভাজিতে জ্বলাও চ’ৰা হয়, তথাপিও মাহঁতৰ সহায় নোলোৱাকৈ আমি নিজে ৰন্ধা ভোজ! সকলোৱে খাইবৈ যিমানহে টকলিয়াওঁ, ওচৰৰ গছৰ ডালে-পাতে ওলমি টোপনিয়াই থকা দ’ত পোৱালিবোৰেও এঙামুৰি কাঢ়ি যায়গৈ।
কথাতে কয়, ‘এদাক দেখি উঠিল গা…’ আমাৰ সৰুচামৰ কুৰুং-কাৰাং দেখিয়ে হওক বা আমাৰ সেইফালে থকা ৰাংচালি, লৱণঘাট, কানাইঘাট, বিশ্ৰামঘাট আদি ঠাইলৈ ওচৰে পাজৰে নগৰীয়া, চহৰীয়া, গাঁৱলীয়া ডেকা-ডেকেৰি বোৰে ওপজি পুৱাতে গাড়ী-মটৰত বান্ধি অনা মাইকত বেবেৰিবাংকৈ গোৱা গীত-মাতেৰে আমাৰ মন মতলীয়া কৰিথৈ বনভোজ খাবলৈ যায়। গতিকে, আমাৰো ডাঙৰচামেও মন বান্ধিব নোৱাৰা হয়। তাতে চাহ বাগিছাৰ ফালৰ পৰাও কিছু টকা-পইছা আৰু বস্তু-বেহানি কঢ়িয়াবলৈ ট্ৰেলাৰ লগোৱা ট্ৰেক্তৰ এখনো দিয়াৰ নিয়ম। ডাঙৰে আয়োজন কৰা বনভোজ যেতিয়া, আমাৰ সৰুচামৰ দৰে টোকোনা আয়োজন নহয়। গৈ পোৱাৰ পিছতে চাহ-বিস্কুট আৰু বুন্দিয়া-ভূজিয়া খাই আমি ওচৰতে থকা হাবি-বননীতে তহল এটা দি আহোঁ। উভতি আহি ডাঙৰ খৰাহীত ওপচকৈ থকা কমলা-টেঙা বুটলি লৈ পেট উগাৰি যোৱাকৈ কমলা-টেঙা খাই লওঁ। তাৰ পিছতহে আমাৰ বনভোজঠলীৰ দাঁতিয়েদি বৈ থকা শিলাময় পাহাৰীয়া জুৰিটোত আমাৰ জলক্ৰীড়া আৰম্ভ হৈ যায়। পানীত জঁপিয়াই জঁপিয়াই আমাৰ চকু ৰঙা পৰাৰ পিছতহে কোনোবা এজন বৰ্তাই হাতত বাহঁৰ লেকেচি জাতীয় এচাৰি এডাল লৈ জোকৰাৰ পিছতহে, মনত তীব্ৰ অসন্তুষ্টি লৈহে পানীৰ পৰা উঠি আহোঁ। সেইদিনালৈ বুলি আগতীয়াকৈ বয়না দি থোৱা, বঙালী ভাত ৰান্ধনিৰ লগতে দুটা লিটিকাইয়ে হায়ৰাণ হৈ যোৱাকৈ ভাত, দালি, খাহিমাংসৰ তৰকাৰি, বাৰেমিহলি পাচলিৰে ‘লেবেৰা ভাজি’ এখন, পাপৰ, চাটনি আদি সকলোবোৰ আয়োজন কৰে। পিছে তেতিয়া কোনেও সোমৰসকন পান কৰি, বনভোজৰ আনন্দ মাটি কৰি নিদিয়ে। স্বভাব সামৰিব নোৱাৰা দুই এজনে বনৰীয়া জোপোহাৰ আঁৰ লৈ অকণমান ডিঙিত ঢালি আহে যদিও, উভতি আহি বিজ্ঞপুৰুষৰ দৰে আবোল-তাবোল বকি নেথাকেহি। বৰঞ্চ, মুখত চামোন পৰা মানুহৰ দৰে মুখেৰে ‘টু’ শব্দটোও নেমাতেহি।
ভোজভাতসাঁজৰ সোৱাদটোও কোনোগুনে কম নহয়! কিন্তু, সেই গোটেই দিনটো অভিভাবকৰো সন্মতি থকা অৱস্থাত এটা সম্পূৰ্ণ দিন আমি প্ৰকৃতিৰ বুকুত আমাৰ মন-মৰ্জি মতে চলিব পৰাকৈ পাৰ কৰিব পাৰি যিটো উন্মাদনা অনুভৱ কৰোঁ, তাৰ অনুভৱটোৱে এতিয়াও মাজে-সময়ে সপোনতো আনন্দৰ বা অকন দি যায়হি। আমাৰ ল’ৰা-ছোৱালীয়ে সেই আমেজ বিছাৰি কোনোবা water parkৰ কৃত্ৰিম পানীৰ সোঁতত সুখৰ সন্ধান কৰিব লগীয়া দিনবোৰ দেখিলে, মোৰেই বুকুখন মোচৰ খাই যায়।

আঘোন, পুহ, মাঘৰ ভোজভাত কেইসাঁজঃ
(২) ঘৰুৱা আখলৰো ৰহণ চৰে-
বনভোজ কেইসাঁজে যদিও বছৰে মেলানি মাগিবলৈ যো-জা কৰাৰ দিনকেইটাত, বিদায়ভোজৰ আৰম্ভণি গীতষাৰ গায়, পিছে সেইসময়তে অসমীয়া গৃহস্থালীৰ আখলকেইখনেও হাত-সাৱটি বহি নেথাকি, প্ৰতি দিনেই, সুযোগ- সুবিধা বুজি বুজি বেছ উলহ-মালহেৰে ন ন ৰহণ চৰায়।
সাধাৰণতে খেতি-খোলাৰ দিনত, কামৰ ভৰপকলৈ মন কৰি, সকলোবোৰ অসমীয়া গৃহিনীয়ে পুৱাতেই ভাত এচৰু বহাই দি, লগতে ৰঙালাও বা কোমোৰাৰ আঞ্জা এখন সৰহীয়াকৈ পাতি দি, পুৱা আৰু দুপৰীয়াৰ কাম একেলগেই চমুৱাই থয়। নতুবা, নিশায়ে ৰাহি হোৱা ভাতত পানী ঢালি পিছদিনালৈ নোগোন্ধোৱাকৈ থৈ, পুৱাতে তাতে পনৰু, ভজলুক আদি মিহিকৈ কুটি দি, লগতে খৰিচা পিটিকা, পোৰামাছ আদি চপাই দি, ‘পইতাভাত’ নামেৰেও গৰমত দেহা শাঁতপৰা যোগাৰ এটা সহজতে কৰি দিয়ে। পিছে, ন-ধান চপাই অনাৰ লগে লগে গৃহস্থৰ লগতে গৃহিনীৰো মন ওখল-মাখল লাগি থাকে। এক কথাত কবলৈ গ’লে, ‘গৃহিনীবোৰে নিজৰ মাজত লুকাই থকা ‘মা-অন্নপূৰ্ণা’ৰ উমানটো তেতিয়াহে বোধহয় নিজে গম ধৰিব পাৰে। লগতে আমাৰ নিচিনা, ‘উচটাই জোলখোৱা’ উৰুলিপুঙা জাকৰটো তেতিয়া আবতৰীয়া বিহু হয়! চিৰা, মুৰি, হৰুম, পিঠা, সান্দহেৰে গৃহিনীৰ আখলৰ গুদামঘৰ বছৰৰ এইকেইদিন টনকিয়াল হৈ থাকে। গতিকে আমিবোৰে ‘ইটোহে খাওঁ, সিটো নেখাওঁ’কৈ অমুৰিখন কৰিলেও মাকবোৰে পোনেই ঢকাটোহঁত দি শাঁত নকৰি, সাল-সলনিকৈ ইটো-সিটো আগবঢ়ায় দি, আমাৰ নিচিনাবোৰক স্বভাববোৰ আৰু অকন লুতুৰা কৰে। সেইকেইটা দিনতে মুছলমানৰ গৃহিনীবোৰেও আইৰ ঘৰতে শিকি অহা কিছুমান আটকীয়া জুতি-বুধিবোৰৰ নিজৰ আখলত আখৰা আৰম্ভ কৰে। তাৰে কিছুমান জলপানে, যিকোনো অসমীয়াকে নামটো কৈ শুনোৱাৰ লগে লগেই চকু তিৰবিৰাই যোৱাকৈ মুখখনত এমোকোৰা হাঁহি বিৰিঙাই দিবও পাৰে। কবলৈ গলে, আমাৰ তেতিয়াৰ দিনত, ‘অসমীয়া গৰীয়াৰ আখল’ কেইখনে কিছু কিছু ক্ষেত্ৰত ‘অসমীয়া হিন্দুৰ আখল’তকৈ এখোপ ওপৰতগৈহে চালি ধৰেগৈ।
এইকেইটা দিনতে, মায়ে কেতিয়াবা আকৌ ‘কাম চমুৱাও’ বুলি, পুৱাতে চাহ বাগিছাৰ ৰেচনৰ আটাৰে সজা, ৰুটী-ভাজিৰ কথালৈ বাহুলৈ নকৰি, নতুন ক’নজহা চাউলৰ লগত কেঁচা মটৰমাহ দি, বা কেতিয়াবা নিশাতে পানীত তিয়াই কোমলাই থোৱা বুটমাহ দি পোলাও ৰান্ধে। কেতিয়াবা আকৌ ঘৰত ‘গৰীয়াই খোৱা মাংস’বিধ থাকিলে মায়ে আমাৰ মন বিয়াকুল কৰিব পৰাকৈ, ‘কোৰ্মা পোলাও’কে ৰান্ধি দিয়ে। জহাচাউলৰ পোলাওৰ গোন্ধত, মই পঢ়াকিতাপখন আধাতে সামৰি, কিতাপখনৰ ‘বিদ্যা উৰি যাব নোৱাৰাকৈ’ মেলাভাগেই পঢ়ামেজত ওভোটাই থৈ, জলপানখোৱা পান্ধোৱাখন হাতত লৈ আখলৰ জুইকুৰাৰ ওচৰতে পাকমাৰি শুই থকা মেকুৰীটোৰ ওচৰতে পিৰাখন পাৰি বহি লওঁ। ইফালে, মায়ে তেতিয়া অথোন চৌকাৰ জুই কমাই, চৰুটোৰ ওপৰৰ ঢাকোন খনত অঙঠাবোৰ তুলি দি, পোলাওখিনিত ‘ডম’ দিয়েহে মাত্ৰ। (এইটোৱেই আজিকালিৰ প্ৰজন্মৰ মাজত জনপ্ৰিয় হোৱা, ‘ডম-বিৰিয়ানি’ৰো ৰহস্য! ) মায়ে মোক মৰম মিহলি ধমক এটা দি কয়, “তই মহা খাইখৰুচ’ হলি দেই!”
সচৰাচৰ ৰন্ধা ৰুটীৰ লগত বাৰে মিহলি পাচলিৰ আঞ্জাখনৰ জুতিও, এইকেইদিন সপ্তমত থাকে। যিকোনো আঞ্জাতে আঞ্জা সিজি নমাবৰ সময়ত বাৰীৰ মেমেধু দুডালমান মোহাৰমাৰি পেলাই দি ঢাকোনেৰে ঢাকমাৰি থৈ, গৰমে গৰমে একো কৰ্চলিকৈ বাঢ়ি দিয়া আঞ্জাকনৰ লগত ৰুটী তাকৰহে পৰেগৈ। তাৰ মাজতে মায়ে কেতিয়াবা আকৌ ৰুটী-ভাজিৰ সলনি, হামামদিস্তা (পিঠাগুৰি খুন্দা সৰু উৰল)ত খুন্দি উলিওৱা আৰৈ চাউলৰ পিঠাগুৰিৰে পুৱাতে সানেকিদিয়া পিঠা (ভূৰভুৰি পিঠা) সাজে। লগতে বাৰীৰ পৰা তুলি অনা বাৰেমিহলি শাকৰ ভাজি এখনো কৰে। সেইসময়ত আমি সৰহকৈ পিঠা বিছাৰি আমনি কৰি থাকিলে, মায়ে বিজ্ঞৰ দৰে মোকেই প্ৰায়ে কয়, “এই গেৰেলা পেটতোত অতবোৰ পিঠা ভৰাই থকাতকৈ, অলপ পঢ়া লিখাত মন-কান দেগৈ! তেহে, আগলৈও খাই-বৈ থাকিব পৰাকৈ কিবা এটা কৰিব পাৰিবি। নহলে, তোৰফালে চেল খাবগৈ!”
মাৰ উপদেশবাণীটো গাত নলগা ধৰণে পিঠিখন একতীয়াকৈ আঁতৰাই, আৰু এখনমান পিঠা লৈহে আঁতৰো।
এইবোৰ আয়োজনৰ উপৰিও, কেতিয়াবা আব্বাৰ কামজাৰি নেথাকিলে, চেৱাদিয়া বৰাচাউল বা টেকেলিমুখত দিয়া পিঠা আদি সতকাই খাবলৈ নুজোতা জলপানৰ যোগাৰবোৰো বৰ ইলাহিকৈ কৰে। বিশেষকৈ আব্বাই বৰাচাউলৰ লগত মিঠাকৈ খাব পৰাকৈ চুঙা-দৈ, বা বিহৰা বজাৰৰ ঘোঁষৰ দোকানৰ ক্ৰীম আৰু মিছামৰাৰ ‘কলহৰ গুৰ’ আদিৰ যোগাৰ কৰে। ইফালে, আব্বাই নিমখিয়াকৈ ভাল পায় বুলিয়ে মায়ে কুকুৰাৰ ‘চাট্-চুট’ৰ (সৰুমাহীৰ বিয়াৰ বৰ্ণনাত কুকুৰাৰ ‘চাট্-চুট’ৰ আঞ্জাৰ বিষয়েও লেখি থৈছোঁ। ) মাংসৰ আঞ্জা, বা শালমাছৰ তলপেটিৰ লগত আগনিশায়ে নহৰু-পনৰু-ভজলুক পতহিয়াই দি, মাছৰ তেলেৰেই খলমা বান্ধি থকা আঞ্জা এখনো যোগাৰ কৰি থয়। তদুপৰি আমি আবেলি বেলিকা লগৰবোৰৰ লগত ওমলাঘৰত চেকুৰি ফুৰি পেটে শানকাটি যোৱাকৈ ভোক লগাৰ সময়ত ঘৰলৈ আহি যেতিয়া দেখোঁহি যে, মায়ে নতুন আৰৈ চাউলৰ পিঠাগুৰিৰে গৰিয়াপিঠা (’গৰিয়াৰ ঘৰৰ পিঠা’ নহয় দেই। পিঠাগুৰিৰ চালনিৰে নসৰকা ‘গৰিয়া পিঠাগুৰি’ কেইটাৰে সজা পিঠাহে সেইবিধ) ভাজি থয়। নতুবা সানেকিদিয়া পিঠা সৰু-সৰুকৈ ভাঙি গুৰৰ ৰহিৰ লগত ইলাইচি-ডালচেনি দি আকৌ ভাজি ‘পিঠা-মালিতা’ সাজিও আমাৰ মন জুৰ পৰাকৈ যোগাৰ কৰি থয়। সেইবোৰ দিনৰ কথা ভাবিলে, এতিয়াও উভতি গৈ নুমলীগড়ৰ সেই জুহালখনৰ কাষতে বহি থাকিমগৈ যেনহে লাগে।
বছৰৰ এইকেইটা দিনত যেন দুপৰীয়াৰ ভাতসাঁজ মাছৰ আঞ্জা নোহোৱাকৈ খোৱাটো নিয়মেই নহয়! বাৰিষা বাঢ়নী পানীৰ লগতে খালে-দোঙে সোমোৱা মাছবোৰ, পানী শুকোৱাৰ লগে লগে ৰাইজৰ খেয়ালী জাল, টঙীজাল, জকাই, জুলুকি, চেপা, ঠোহা আদিত সোমাই সোমাই ৰাইজৰ আখলৰ জুতিত নিজৰ জীৱন দি ৰহণ চৰাবলৈ সাজু হয়হি। তাতে ভগৱানেও এই সময়তে অসমীয়াৰ শাকনী বাৰীত উভৈনদীকৈ দিয়া শাক-পাতবোৰেও এই ভিন ভিন মাছৰ লগত সুকীয়া সুকীয়াকৈ লগ হৈ এনেনো ধুনীয়াকৈ সখি পাতেহি! কেনেবাকৈ যদি আখললৈ শ’ল বা শাল আহিল, মূলা আহি হাজিৰ হয়। লাচিম বা ভাঙন আহিলে, বিলাহী-বেঙেনা আৰু মটৰমাহ আহিবই লাগিব। চুকা আৰু লফাইযে যিকোনো মাছৰ লগতে ধুনীয়াকৈ সখী বান্ধে। আনকি বাৰীত অনাদৰকৈ থকা লাইশাক কেইদালৰো যে অকল গাহৰীৰ লগতহে বন্ধুত্ব তেনে নহয়। মাছমৰীয়াৰ টঙী জালত উবা-জুবাকৈ উঠি অহা মিছামাছ কেইটাৰ লগতো লাইশাক বহুত পুৰণি সখী। ঘৰলৈ খৰিয়া আহিলে, গৃহিনীৰ ঢোঁৱাচাঙৰ পৰা খৰিচাৰ চুঙা কেইটাও নামি আহে। আনকি দেখনে শোৱনে এলাইবাদু ভেচেলি কেইজনীয়েও আকৌ পুৰৈকহে সখী বোলে। কাৰো লগত সখী পাতিবলৈ উপযুক্ত নোহোৱা মোৱা, পুঠিকে ধৰি চেঙেলিয়া আকাৰৰ বাৰেমিহলি মাছবোৰকো গৃহিনীয়ে একেলগেই সামৰি নহৰু-পনৰুৰ লগত সানমিহলিকৈ তুলি কেৰাহীত উঠাই বিন্ধনি চৌকাৰ ওপৰত একেলগে মিলি তেলফুটি কোৰ্হাল লগাই থাকিবলৈ এৰি দিয়ে। তেনেই নিমাষিত চেহেৰাৰ বৰিয়লি বা বৰিয়লাইও আকৌ বাবৰিক পালে কবলৈয়ে নেথাকে। কাৱৈ, শিঙি মাগুৰে যিমানেই খালৈৰ পৰা আখলৰ মজিয়ালৈকে নজপিয়াওক, পালেঙৰ লগ লাগিলে সেইকোন জোলৰ জোৰত নৰিয়া পৰি থকা বুঢ়া-মেঠাইও শেতেলি এৰি, পুৱা গধূলি ৰদ পুৱাব পৰাকৈ গা তঙাই লয়। বাৰীৰ হেদাঁলিত নতুন লাওজোপাৰ চিকচিকিয়া সেউজীয়া জালি লাওটো দেখিয়ে গৃহিনীজনীয়ে গৃহস্থক হাটলৈ যাওঁতে ৰৌ বা বাহুৰ কাৰণে সোৱঁৰাই দিবলৈ সমূলি নেপাহৰে। সেইবোৰৰ উপৰিও মাহঁতৰ দৰে গৰীয়া গৃহিনীবোৰে যিকোনো মাছৰে তেলচুৰুহা নামৰ আঞ্জাবিধ ৰান্ধি, গৃহস্থৰ পৰা আমাৰ নিচিনা খতাসুৰ কেইটাকো তলৰ মুৰ ওপৰ কৰিব নোৱাৰাকৈ ভাতৰ পাতত বহুৱাই থব পাৰে। বৰালি, আৰি, পাভ, নেৰিয়া, বচা আদি আদনাঙঠ কেইটাইও দাইলেই হওক, ঔটেঙাই হওক বা অইন শাক-পাতৰ লগতে হওক, গৃহিনীৰ আখলত বৰ সমিল-মিলেৰে থাকে। অঙঠাত পোৰা বুঢ়াগৰৈৰ পিটিকা বা খৰিকাত দিয়া মাছৰ জুতিৰ কথা যেনিবা নকলোৱেই। গতিকে, অতবোৰ লোভনীয় ব্যঞ্জনৰ আয়োজন থকাৰ পিছত, বৰ নোৱাৰাত পৰিলেহে, অসমীয়া আখল কেইখনে বছৰৰ এইকেইটা দিন নিৰামুহিয়া হব লগাত পৰে।
নিৰামুহিয়া বুলিলেও, তেনে গৃহস্থৰ আখল খনক একেবাৰে ‘পানীয়ে মৰা বাও’ৰ দৰে বেকাকৈ নেচালেও চলে। পাকৈত গৃহিনীয়ে বাৰীখনতে এপাকঘূৰি তাতো ধুনীয়াকৈ সোৱাদ চৰাব জানে। ধনীয়া, পদিনা, নৰসিংহ, টেঙেচী, চুকাটেঙা আদি শাকপাতবোৰ আহি গৃহিনীৰ পতাত পিচ খাই বৰ জুতি লগা চাটনি হয়হি। ফুটচাইত পুতি সিজোৱা বেলফৈ (জলফাই) কেইটাৰ পিটিকাকন কোনেনো এৰিব পাৰিব। অঙঠাত পোৰা বেঙেনা বা বিলাহী-বেঙেনাৰ লগত মিহিকৈ কুটা পনৰু, জলকীয়া আৰু মেমেধুৰ লগত খাইতেল অকন দি পিটিকি দিলে, একাহী ভাত কেতিয়ানো পাৰহৈ গ’ল, গমেই ধৰিব নোৱাৰি। ৰান্ধনীয়ে ফুটচাইত পোৰখোৱা নতুন আলু দুটা দুটাকৈ গৰমে গৰমে মোহাৰ এটা মাৰি, লগতে নিমখ এজেবা আৰু কেঁচা খাইতেল অকনেৰে সৈতে প্ৰত্যেকৰে কাহীৰ কাষত দি দিলে, খাওঁতাজনে নিজেই নিজৰ জোখত পিটিকি লৈ মহাতৃপ্তিৰে ভাত কেইটা খাই দিয়ে। বছৰৰ এই সময়ত ‘লাইশাক’ বুলিলে বেছিভাগে এঙাই দেখুৱালে, ৰান্ধনীয়ে লাইশাক বা বন্ধাকবিৰ বুঢ়াপাতবোৰ মিহিকৈ কুটি তাতে মচুৰমাহ দুটামান দি বৰ সোৱাদকৈ খাৰআঞ্জা এখন ৰান্ধে। বছৰৰ এই সময়ৰ গৃহস্থৰ শাকনিবাৰীৰ বিভিন্ন শাক-পাতবোৰ বাৰীৰ পৰা বুটলি আনি, পানীত জুবুৰিয়াই পোনেই চৰুত তুলি দিলে, যিহে জুতি উঠে তাকনো দোহাৰি কি লাভ হব! বাৰীঢাপৰ তিতাবাহেকৰ ফুল দুপাহমান লৈপাহ পাহকৈ আজুৰি লৈ জহাচাউলৰ খুদৰ লগত মিলাই খাৰদি ৰন্ধা থপথপিয়া আঞ্জাখনৰ সোৱাদ যিয়ে লৈ পাইছে, তাকহে এইবোৰ কথা সোৱঁৰাই দি লাভ আছে।
ইফালে, এই কেইদিনত নিৰামুহিয়া খাবই লাগিব বুলি হাত ভৰি বন্ধা নেথাকিলে, ৰান্ধনিঘৰৰ ৰঙ ৰূপেই মুহূৰ্তে মুহূৰ্তে সলনি হৈ থাকিব পাৰে। বৰবেঙেনা অঙঠাত পুৰি তাতে পনৰু, কেঁচা জলকীয়া আৰু মেমেধু দি ভালকৈ পিটিকি আকৌ এবাৰ হাঁহকণীৰ লগত কম জুইত তেলফুটাকৈ ভাজিলৈ যদি আপুনি নাইখোৱা, তেনে অতদিন আপোনাৰ অথলেই গ’ল। হাঁহকণীৰ সলনি শালমাছৰ তলপেটি সৰু সৰুকৈ আধাভজাকৈ ভাজি এনেকৈ আকৌ বেঙেনা পিটিকাৰ লগত ভাজি খাবও পাৰে। আনৰ কথা নেজানো, মই পিছে সেইদিনা ভাত দুটামান সৰহকৈ লওঁ। এনেয়ে গোন্ধে-ভাপে উগ্ৰ বাবৰিশাক (বাবৰে অনা শাক নহয় দেই) কেইডালো, সিজাৰ পিছত হাঁহকণী এটা দু ঘূটি দিলে, বৰ সুন্দৰ সোৱাদ এটা উঠে দেই।
পিছে, সকলোৰে ওপৰত বছৰৰ এই কেইটা দিন হাঁহ, পাৰ আৰু কুকুৰাচৰাই কেইটাহে ‘আখলৰ জুতি’ৰ আচল শিৰোমণি! আমাৰ ঘৰত কাতিতে বছৰ দিনলৈ গাৰ বিষ-কোপ বোৰ জাহ যাওক বুলি, ঠেঙে পাখিয়ে ক’লা কুকুৰাচৰাই এটাৰ (পাখি আৰু ঠেঙ-মূৰবোৰ আঁতৰাইহে দেই) বাৰেমিহলি বনশাক দি জালুকীয়াকৈ খোৱাৰ পৰম্পৰা এটা আছে। আগৰ খেতিখোলা কৰা মানুহে বছৰদিনধৰি দুখ-ভাগৰৰ কাম কৰি গাৰ বিষ মাৰিবলৈ এনেকৈ খালে একো এটা কবলৈ নাছিল। আমি পিছে আজিকালি ‘কলম পিহা’ চাকৰি কৰিও বোপাককাৰ সজটো এৰি দিয়াত নাই। ওচৰৰ ঘৰত যদি কেবাবাহো পাৰ উঠিছে, মতা পাৰকেইটাৰ দন্দ-খৰিয়াল দেখি দেখি অতিষ্ঠ হৈ গৃহস্থনীয়ে কাষৰ গৃহস্থনীক পাৰ এযোৰ এযোৰকৈ বজাৰতকৈ কম দৰত বেছি দিয়াটোৱেই নিয়ম। আমাৰ ঘৰত পিছে, সাধাৰণতই তেনেকৈ অহা পাৰহাল আফুগুটি পিচাৰ লগত মিলাইহে চৰুত তোলাৰ নিয়ম। সেই সৰুকালতেই বছৰত এবাৰমানহে সেইটো জুতি লৈ পাওঁ যদিও, এতিয়াও পাহৰিব পৰা নাই। বছৰৰ এইকেইদিনতে, বছৰ দিনৰ কামবনবোৰৰ পৰা কিছু আজৰি পাই, সমধঁৰ মানুহবোৰ আলহী ফুৰিবলৈ আহে। অকল এদিনীয়াকৈ অহা আলহীকো ঘৰৰে আলফুটা নুফুটা বয়সৰ ডেকেৰুৱা কুকুৰা এটা (নহলেও ডাকোৱাল কুকুৰা এটা) বধি, নতুন জহাচাউলৰ লগত পোলাও এসাঁজ ৰান্ধি খোৱাব পৰাকৈ মাৰ আখলখন অনবৰতেই সাজু হৈয়ে থাকে। আমিও ‘তুলসীৰ লগত কলপটুৱাৰ মুক্তি’ পাই, অন্তৰেৰে আলহীকে ভূৰি ভূৰি আশীৰ্বাদ দিওঁ। আখলৰ ওপৰত থকা ধোঁৱাচাঙত উঠি থকা কোমোৰা কেইটাইও এই কেইদিন ‘আমৰলীয়া’ কেতিয়াকৈ পাবহি বুলি হা-হুমুনিয়াহ কাঢ়ি থাকে। পিছে বেছিদিন বাট চাবলগীয়া নহয়েই, মুখেৰে ফেচফেচকৈ মাত মতা, ডাঠ সেউজীয়া ডিঙিৰে নেজৰ পাখি ঘূৰণীয়াকৈ পাকখাই থকা আমৰলীয়া আৰু কাৰণে অকাৰণে বৰকৈ পেক-পেকাই থকা একেই নেজ পাকখোৱা বগী বা মূগী এজনী বাঁহৰ খাঙত সোমাই হাটৰ পৰা আমাৰ ঘৰ পায়হি। … তাৰ পিছৰখিনি কৈ লাভ আছে জানো!
ইমানতে মই যদি বছৰৰ এইকেইটা দিনৰ ‘আখল আখ্যান’ৰ সামৰণি নেমাৰোঁ, আপোনালোকেই আকৌ মোক মায়ে সৰুতে দবিওৱাদি দবিয়াই কব, “এই মানুহটো মহা খাইখৰুচ হয়। জুতি লগাই খোৱাৰ বাদে অইন কথা নেজানে চাগৈ!

আৰমান হাজৰিকা
নৱী-মুম্বাই, খাৰঘৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments