ভাৰাতীয়াৰ সন্ধানত

লেখক- পংকজ কুমাৰ নেওগ

দুলীয়াজানৰ চাকৰি এৰি যেতিয়া ওমানলৈ আহিবলৈ ওলালোঁ কোম্পানীয়ে মোক ১৬ বছৰীয়া সেৱাৰ বাবদ ১৫ লাখ টকা হাতত গতালে। গাড়ী কিনা ল’ন বাকী আছিল; গতিকে তাৰে আঢ়ৈ লাখ টকা মান কাটি থলে। ভাগ্যক্ৰমে অইন কোনো ল’ন নাছিল। গুৱাহাটীলৈ আহি বাকীখিনি টকা মোৰ ফ্লেটৰ বিল্ডাৰক সপিলোঁ। ইয়াৰ দুবছৰমানৰ আগতে গুৱাহাটীৰ গণেশগুৰিত ফ্লেট এটা লওঁ বুলি কিছু অগ্ৰিম ধন দি থৈছিলোঁ। ভাবিলোঁ পইচাখিনি হাতত পৰোতেই ফ্লেটৰ লেঠাটো মাৰি থওঁ। গতিকে প্ৰায় কপৰ্দকশূন্য হৈ ওমান পালোঁগৈ। মাস্কাটলৈ যাবলৈ উৰাজাহাজৰ টিকেট ওমানৰ কোম্পানীয়ে পঠাইছিল। নতুন কোম্পানীত জইন কৰি পিছদিনা এইছআৰ ডিপাৰ্টমেণ্টৰ যোগেৰে এখন এপ্লিকেছন দিলোঁ এমাহৰ অগ্ৰিম দৰমহাৰ বাবে। অৱশ্যে ফাইনেন্স আৰু একাউণ্টছ ডিপাৰ্টমেণ্টে লগে লগে দৰমহা মুকলি কৰি দিলে।
এবছৰৰ মূৰত এমাহৰ ছুটিত অসমলৈ গ’লোঁ। বিল্ডাৰে জনালে আমাৰ ফ্লেট সম্পূৰ্ণ ৰেডী আৰু যেতিয়াই ইচ্ছা আমি গৃহ-প্ৰৱেশ কৰিব পাৰোঁ। অসমলৈ আহোঁতেই কামফেৰা শেষ কৰি থোৱা ভাল বুলি আমি ঘৰ লোৱাৰ যো-জা কৰিলোঁ। এভাগ নাম-প্ৰসঙ্গেৰে আৰু গুৱাহাটীত থকা অঙহী-বঙহীখিনিক মাতি গৃহ-প্ৰৱেশৰ নিয়ম সমাধা কৰা হ’ল। নতুন ঘৰত থাকিব লাগে বুলি কোনো কোনোৱে কোৱাত নিশা আমাৰ পৰিয়ালটোৱে ফ্লেটতে শোৱাৰ ব্যৱস্থা কৰিলোঁ। বিল্ডাৰজনে সকলো ব্যৱস্থা কৰি দিছিল। পিছদিনা বিল্ডাৰ ৰমেন ওজা ডাঙৰীয়াৰ সৈতে কিছুমান কাগজ-পত্ৰৰ লিখা-পঢ়া কৰা হ’ল। মোৰ অনুপস্থিতিত তেখেতে ঘৰটো চোৱা-চিতা কৰা আৰু ভাৰা দিয়াৰ দায়িত্ব ল’লে। গণেশগুৰিৰ ৰাজেন্দ্ৰ প্ৰসাদ ৰ’ডটো এটা ব্যস্ত কমাৰ্চিয়েল এৰিয়া। গণেশ মন্দিৰৰ নিচেই ওচৰৰ ফ্লেটটোত সহজেই ভাৰা পোৱা গ’ল। ৱাছিং মেছিন নে ইলেকট্ৰিকেল এপ্লায়েন্সেছৰ কোম্পানী এটাই ভাৰা ল’লে। যি নহওক চতুৰ্থ মহলাৰ ফ্লেটটো ভাৰা হৈ যোৱা বাবে চিন্তা এটা দূৰ হ’ল। সেই সময়ত গণেশগুৰিৰ সেইখিনি এৰিয়াত থ্ৰি-বিএইছকে ফ্লেটৰ ভাৰা কিমান আছিল নাজানো, কিন্তু আমাৰটো যথেষ্ট সস্তাতে ভাৰা দিয়া হ’ল বুলি মোৰ ভাৱ হয়।
কোম্পানীৰ অফিচ আমাৰ ফ্লেটত বহুত দিন থাকিল আৰু ওজা ডাঙৰীয়াই দুবছৰৰ মূৰে মূৰে ১০ শতাংশকৈ ঘৰভাৰা বঢ়াই গৈ থাকিল। ভাৰতৰ অন্য চহৰত প্ৰতি বছৰে ১২ৰ পৰা ১৫ শতাংশকৈ ঘৰ ভাৰা বঢ়োৱা দেখিছোঁ। জীয়ৰী পুণেত পঢ়ি থাকোঁতে অইন এগৰাকী বান্ধৱীৰ সৈতে ফ্লেট এটা ভাৰা লৈ আছিল আৰু প্ৰত্যেক বছৰে বৰ্দ্ধিত হাৰত ঘৰভাৰা দিবলগীয়া হৈছিল। হয়তো চিটিবোৰৰ গ্ৰেড অনুযায়ী ভাৰা বঢ়োৱাৰ নিৰিখবোৰো বেলেগ বেলেগ। গুৱাহাটীলৈ গ’লে অফিচ চলি থকা সময়তে কেতিয়াবা ফ্লেটটো চাই আহোঁ। অৱশ্যে ৰমেন ওজাকো লগত লৈ যাওঁ। অফিচ চলাবলৈ আৰু মানুহ বহাৰ সুবিধা কৰিবলৈ কোঠাবোৰত সৰু সৰু প্লাইউডৰ কেবিন সজাই ল’লে। নিজৰ সুবিধামতে আৰু দুটামান বস্তু সাল-সলনি কৰি লৈছিল। অফিচক ঘৰ ভাৰা দিলোঁ যেতিয়া এইবোৰ কথা ভাৱি লাভ নাই। ভাৰা নিয়মীয়াকৈ পাই থকাটোহে ডাঙৰ কথা। গতিকে বস্তুবোৰ তেনেকৈ চলি থাকিল।
ঘৰ ভাৰা দিয়া কেইবছৰমানৰ পাছত আগৰ অফিচটো আমাৰ ফ্লেটৰপৰা অইন ঠাইলৈ উঠি গ’ল কিন্তু অইন এটা কোম্পানীয়ে লগে লগে ভাৰা ল’লে। ৰমেন ওজাই ফ্লেটটো অলপ ৰিন’ভেট কৰাবল’গীয়া হ’ল কিন্তু আগৰ অফিচে বনাই থৈ যোৱা প্লাইউডৰ কেবিনবোৰ একেভাৱে থাকিল, বৰঞ্চ ৰেডিমেড কেবিনবোৰ থকা বাবে নতুন কোম্পানীটোৰ সুবিধাহে হ’ল। একো সমস্যা নোহোৱাকৈ আমাৰ ফ্লেটটোৰ ভাৰা চলি থাকিল। কোনোবা এবাৰ গুৱাহাটীলৈ যাওঁতে ওজাক দেখা এটা দিওঁ বুলি তেওঁৰ ঘৰত সোমালোঁ। আমাৰ ফ্লেটৰ পিছফালেই তেওঁৰ নিজা ঘৰ। ওজা ডাঙৰীয়াই এইবাৰ বেয়া খবৰ এটা শুনালে – গোটেই গণেশগুৰি এৰিয়াটোত হেনো পানী নোহোৱা হ’ল। গণেশগুৰি মানে গণেশগুৰি মেইন এৰিয়া, জটিয়া, কাহিলিপাৰা সমস্ত অঞ্চল। ডিপ টিউবৱেল, কুঁৱা ক’তো পানী নাই। মানুহে দুদিন বা তিনিদিনৰ মূৰে মূৰে পানী কিনি অভাৰহেড টেঙ্কত পানী ধৰি ৰাখে। সেই পানীয়েই মানুহে ধোৱা-পখলাত ব্যৱহাৰ কৰে আৰু খায়।
কথাষাৰ শুনি বিমোৰত পৰিলোঁ। ওজা ডাঙৰীয়াই আৰম্ভ কৰিলে – “চাৰ, গুৱাহাটী চহৰৰ ৮০ শতাংশ অঞ্চলত এতিয়া ব’ৰিঙত পানী পোৱা নাযায়। দিনে দিনে কাঠফুলাৰ দৰে গুৱাহাটীৰ অলিয়ে গলিয়ে সকলো ঠাইত ফ্লেট উঠিছে আৰু সেইদৰে ডিপ টিউৱৱেল ব’ৰিঙো চলিছে; ফলত গ্ৰাউণ্ড ৱাটাৰ টেবুল একেবাৰে তললৈ নামিল। আজিকালি বৰষুণৰ পৰিমাণো কমি যোৱাৰ বাবে সমস্যা আৰু গম্ভীৰ হৈ পৰা স্বাভাৱিক।”
মই উত্তৰ দিলোঁ – “কথাটো হয় আৰু সেইটো সমস্যা এদিন নহয় এদিন আহিব বুলি সকলোৱে জানে। কিন্তু মহাবাহু ব্ৰহ্মপুত্ৰখন ইমান ওচৰতে থাকিও চৰকাৰে কিয় পানীৰ সমস্যা দূৰ কৰিব পৰা নাই? কলকাতা, মুম্বাইৰ চৰকাৰে কেনেকৈ সেইবোৰ ঠাইত পানীৰ সমস্যা দূৰ কৰিছে? সেইবোৰ ঠাইত মানুহৰ সংখ্যা গুৱাহাটীতকৈ বেছি নহয় জানো? বিল্ডিঙবোৰৰ ডেন্সিটি অধিক নহয় জানো?”
: চাৰ, দৰাচলতে চৰকাৰৰ সদিচ্ছাৰ অভাৱ। কথাটো হাস্যকৰ। বছৰটোত তিনিবাৰ গোটেই ৰাজ্য বানপানীত বুৰ যায়, এজাক বৰষুণতে গুৱাহাটী উটি-ভাঁহি যায়, খালে-ডোঙে পৰি মানুহৰ মৃত্যু হয় কিন্তু চহৰত খোৱাপানীৰ অভাৱ। ‘ৱাটাৰ ৱাটাৰ এভৰিহোৱেৰ বাট নট এ ড্ৰপ টু ড্ৰিঙ্ক।’
বিল্ডাৰ ৰমেন ওজাৰ মুখত চেমুৱেল কলেৰিজৰ ‘এনচিয়েণ্ট মেৰিনাৰ’ কবিতাৰ পংক্তি শুনি কিছু আচৰিতেই হ’লোঁ।
: কিন্তু মিউনিচিপালিটিৰ ৱাটাৰ চাপ্লাই স্কিম থাকিব লাগে দেখোন, নাই জানো? চৰকাৰেও নতুন আৰ্বান ৱাটাৰ স্কিম খোলাৰ কথা আছিল! পেপাৰত কেতিয়াবা পঢ়া মনত পৰে।
: চাৰ, হওঁতে মহানগৰীত জিএমচি, আৰ্বান ৱাটাৰ চাপ্লাই এণ্ড চিৱেজ ব’ৰ্ড আৰু পাব্লিক হেলথ ইঞ্জিনিয়াৰিঙৰ তিনিটা ৱাটাৰ চাপ্লাই প্ৰজেক্ট আছে। তাৰে প্ৰথম দুটাই চহৰৰ জনতাক পানী যোগান ধৰে আৰু পাব্লিক হেলথে চৰকাৰী অনুষ্ঠানবোৰত। আমাৰ এইফালে একোবোৰ স্কিমে ঢুকি নাপায়। জিএমচিয়ে হেনো দিনে চাপ্লাই দিবলগীয়া ৭৪ মিলিয়ন লিটাৰৰ সলনি ৪৫মিলিয়ন লিটাৰ আৰু আৰ্বান ৱাটাৰ চাপ্লাইয়ে ১৩ মিলিয়ন লিটাৰৰ সলনি ৬ মিলিয়ন লিটাৰহে যোগান ধৰিব পাৰে। পানী যোগান ধৰা মেছিন, পাম্প সকলোবোৰ মান্ধাতা যুগৰ আৰু জৰাজীৰ্ণ। গুৱাহাটীৰ ১৪ লাখ মানুহৰ মাত্ৰ ৪ লাখমান মানুহে পানীৰ যোগান পায়।
: গ্ৰেটাৰ গুৱাহাটী ৱাটাৰ চাপ্লাই প্ৰজেক্টৰ কি হ’ল? ২০০৯ চনমানতে চেংচন হোৱা নাছিল জানো?
: হয় চাৰ, ঠিকেই কৈছে। এইটো আৰম্ভণিতে ৪০০ কোটি টকাৰ প্ৰজেক্ট বুলি শুনিছিলোঁ এতিয়া হেনো ১৪০০ কোটি টকাৰ ওপৰ হ’ল। এই চাপ্লাই প্ৰজেক্টত জাপান ইণ্টাৰনেছনেল কো-অপাৰেছন এজেঞ্চি, জৱাহৰলাল নেহেৰু আৰ্বান ৰিনিউৱেল মিছন, এচিয়ান ডেভেলপমেণ্ট ফাণ্ড এই সকলোবোৰৰ পইছা আছে। সকলোবোৰ কাম শেষ হ’লে জল বোৰ্ডে প্ৰজেক্টটো চোৱা-মেলাৰ কথা। প্ৰজেক্টটোৰ আৰম্ভণি ২০১৩ চনতে হ’ল কিন্তু প্ৰজেক্ট শেষ হোৱাৰ দিন সদায় পিছুৱাই গৈ আছে। এতিয়া শুনামতে ২০২২ চনতহে কাম শেষ হ’ব। কাম পিছুৱাই যোৱাৰ কাৰণ বহুতো। চৰকাৰে দেখোন অসমৰ বাৰিযাকাল, বনুৱাৰ অভাৱ, উৎসৱ-পাৰ্বণৰ বন্ধ, পাইপলাইন চাপ্লাই কোম্পানী কিছুমান দেওলীয়া হোৱাৰ বাবে নতুনকৈ টেণ্ডাৰ ফ্ল’ট কৰিবলগীয়া হোৱা অৱস্থা, গুৱাহাটীৰ ওখ-চাপৰ টপ’গ্ৰাফীৰ বাবে পাইপলাইন বহাবলৈ সন্মুখীন হোৱা সমস্যা এইবোৰৰ কথা কয়। কিন্ত এই সকলোবোৰ মানুহক আভুৱা ভাৰিবলৈ কোৱা কথা। আচল কথাৰ গুৰি ক’ৰবাত!
: কিনো আচল কথা? মই অলপ আগ্ৰহেৰে সুধিলোঁ।
: ছাৰ, কথানো কি হ’ব আৰু! ‘আনহ’লি নেক্সাচ! ’
: তাৰ মানে? অলপ আচৰিত হৈ সুধিলোঁ।
: চিণ্ডিকেট ছাৰ, পানী বিক্ৰী কৰা চিণ্ডিকেট। এই পানী বিক্ৰী কৰা চিণ্ডিকেটবোৰে গ্ৰেটাৰ গুৱাহাটী ৱাটাৰ চাপ্লাই প্ৰজেক্ট কমপ্লিট হ’বলৈ নিদিয়ে, আপুনি চাই থাকক। আপুনি ঘৰে ঘৰে ফ্লেটবোৰত পানী বিক্ৰী কৰি ফুৰা টেঙ্কাৰবোৰ মন কৰিছেনে? এই সকলোবোৰ অবৈধ ব্যৱসায়। জিএমচিৰ মানুহে কথাটো নাজানে বুলি ভাবিছে নেকি? আমি নিজেও প্ৰতি ১০০০ লিটাৰ পানী এতিয়া ৫০০ টকাত কিনিবলগীয়া হৈছে। ধনী মানুহবোৰৰ একো সমস্যা নাই, ৫ বা ১০ লাখ যিমান টকাই নহওক নিজৰ টৌহদত ডিপ টিউৱৱেল খন্দাই পানীৰ যোগাৰ কৰি ল’ব কিন্তু সাধাৰণ মানুহৰ কি অৱস্থা হ’ব? আৰু এটা কথা, ছাৰ।
: কি?
: মই ভাৱোঁ এই গোটেই ঘটনাটোত এটা পলিটিকেল টুইষ্ট আছে!
: কেনে ধৰণৰ টুইষ্ট?
ৰমেন ওজাই এইবাৰ নিজৰ চকীখন মোৰ ওচৰলৈ টানি আনি মোৰ কাণৰ কাষত প্ৰায় ফুচফুচাই ক’লে –
: চৰকাৰে গুৱাহাটীৰ পানী যোগান আঁচনি, সন্ত্ৰাসবাদীৰ সমস্যা, বিদেশীৰ সমস্যা ইত্যাদি ইচ্ছা কৰিয়েই সমাধা নকৰি পেলাই থৈছে। কিয় জানেনে?
: কিয়?
: নহ’লে ইলেকচনৰ সময়ত চৰকাৰে কি এজেণ্ডা দেখুৱাই ৰাইজৰ পৰা ভোট বিচাৰিব?
নিজৰ কথাত নিজে ৰস পাই ওজা ডাঙৰীয়াই জৰ্দাপাণ খাই ৰঙা কৰা দাঁত দুপাৰি বিকশিত কৰি হাঁহিবলৈ ধৰিলে।
গুৱাহাটী পানী যোগান আঁচনি আৰু চলি থকা আনুসঙ্গিক কাৰবাৰবোৰৰ বিষয়ে ওজা ডাঙৰীয়াৰপৰা অনেক জ্ঞান লভি ঘৰলৈ উভতিলোঁ। গ্ৰেটাৰ গুৱাহাটী ৱাটাৰ চাপ্লাই প্ৰজেক্ট শেষ নোহোৱালৈকে পানী নোহোৱা অঞ্চলত ৰাইজে পানী কিনিয়েই জীৱন নিৰ্বাহ কৰিব লাগিব। মাস্কাটলৈ উভতি অহাৰ প্ৰায় তিনিমাহ মানৰ মূৰত এদিন ওজা ডাঙৰীয়াৰ ফোন আহিল-
: চাৰ, আপোনাৰ ফ্লেটত থকা টেনাণ্টে ঘৰ খালি কৰি দিলে। তেওঁলোকৰ হেডঅফিচে নিজা বিল্ডিঙ এটা খানাপাৰাত ল’লে হেনো। অৱশ্যে নটিচ নিদিয়াকৈ হঠাতে যাবলৈ ওলোৱাত অহা মাহৰ ভাৰাও দিব লাগিব বুলি কৈছোঁ। গতিকে অহা মাহৰ ভাৰাটো পাব।
: এতিয়া পিছে কি হ’ব? নতুন ভাৰাতীয়া পাবনে নাই?
: চাৰ, একেবাৰে চিন্তা নকৰিব। মই ইতিমধ্যে পাৰ্টি বিচৰা আৰম্ভ কৰিছোঁৱেই। দুটা মান পাৰ্টি আহিছিল কিন্তু মোৰ পছন্দ নহ’ল। কোনোবা ভাল পাৰ্টি ঠিক হ’লেই খবৰ দিম।
ওজা ডাঙৰীয়াই মোলৈ উপৰ্যুক্ত ফোনটো কৰা কেইবামাহো পাৰ হৈ গ’ল। মই এইফালৰপৰা ফোন কৰি খবৰ ল’লে ভাল পাৰ্টি বিচাৰি পোৱা নাই বুলি খবৰ দিয়ে। গুৱাহাটীত হেনো যাকে তাকে ঘৰ ভাৰা দিয়া বৰ ৰিস্কী, গতিকে ভালকৈ চাই-চিতিহে ভাৰা দিয়া দৰকাৰ। মইনো দূৰৈৰ পৰা কি ক’ম? ইমান বছৰে ওজা ডাঙৰীয়াই ঘৰটো চোৱা-চিতা কৰাৰ উপৰি ভাৰাও চম্ভালি আহিছে, গতিকে তেওঁৰ ওপৰতে মই ভৰসা কৰিব লাগিব।
এটা সময়ত কিন্তু মোৰ সন্দেহ হ’ল। মানুহে ঘৰটো চাবলৈ আহি থকা বুলি কৈ ৰমেন ওজাই নিশ্চয় মোক আভুৱা ভাৰিছে। হওঁতে তেওঁ এজন ডাঙৰ নাম কৰা বিল্ডাৰ আৰু সেই সূত্ৰে বহুত মানুহ বা ব্যৱসায়ীকো নিশ্চয় চিনি পায় কিন্তু ছমাহ পাৰ হৈ যোৱাৰ পাছতো ঘৰ ভাৰা নোহোৱা কথাটো মোৰ হজম নহ’ল, তাকো গণেশগুৰিৰ মেইন ৰাজেন্দ্ৰ প্ৰসাদ ৰ’ডৰ দাঁতিতেই থকা এপাৰ্টমেণ্ট বিল্ডিঙৰ ঘৰ। মানুহে পৰিয়ালৰ সৈতে সেইখিনি ঠাইত থাকিবলৈ ইচ্ছা নক’ৰিব পাৰে কাৰণ এৰিয়াটো সম্পূৰ্ণ কমাৰ্চিয়েল কিন্তু কোনো অফিচ বা কমাৰ্চিয়েল ইন্সটিটিউট বা দোকান ইত্যাদিয়ে সেইখিনি ঠাইত ফ্লেট ভাৰা ল’বলৈ নোখোজা কথাটো বিশ্বাস নহয়। বহুত সময় ভাৱি-গুণি এটা কথাই অৱশেষত বিচাৰি পালোঁ আৰু কথাটো যথেষ্ট লজিকেল – ফ্লেটত, বিল্ডিঙত, গোটেই গণেশগুৰি এৰিয়াতে এতিয়া পানী নাই; মানুহে নলেৰে পানী অহা এৰিয়াত ঘৰ নলৈ সেইখিনি ঠাইত কিয় ল’ব? গুৱাহাটীৰ মানুহ নিশ্চয় ইমান বুৰ্বক নহয়। গুৱাহাটীত ঘৰে ঘৰে নলেৰে পানী অহা আৰু নহা অঞ্চলবোৰ এতিয়া গুৱাহাটীবাসীৰ নখ দৰ্পণত।
ইতিমধ্যে সমস্ত বিশ্বতে কৰ’না অতিমাৰী আৰম্ভ হ’ল আৰু ঘৰৰ ভাৰাতীয়া বিচৰাতকৈ চিন্তা কৰিবলগীয়া আৰু বহুতো ডাঙৰ সমস্যাৰ উদ্ভৱ হ’ল। জীৱন তৰিলেহে বাকীবোৰ তৰিব এই নীতিকথা সাৰোগত কৰি লক ডাউন সময়খিনিত সম্পূৰ্ণ নিতাপ মাৰি ৰলোঁ। ৰমেন ওজা ডাঙৰীয়াই গুৱাহাটীৰপৰা ফোনেৰে খবৰ দিয়া আৰু লোৱা বন্ধ কৰিলে আৰু মইয়ো এইখিনি সময়ত তেওঁক আমনি নকৰাই যুক্তিসংগত বুলি ভাৱিলোঁ। কেইবামাহো পাৰ হৈ গ’ল। কৰ’নাৰ ভয়াবহতা চলিয়েই আছে। তথাপিও ওজা ডাঙৰীয়ালৈ মাজতে হোৱাটচএপ মেচেজ এটা দি মোৰ ফ্লেটটোৰ কথা মনত পেলাই দিলোঁ। এইবাৰ আৰু ভয়ানক খবৰ আহিল – ৰমেন ওজা নিজেই কৰ’নাত আক্ৰান্ত হৈ এপ’ল’ হাস্পতালত পৰি আছে। তেওঁৰ আশু আৰোগ্য কামনা কৰি আকৌ নিতাপ মাৰি ৰ’লোঁ। চাৰিওফালৰ ভয়াবহতাই সকলোৰে মন শঙ্কাৰে কঁপাই তুলিছে। মানৱকুল পৃথিৱীত বৰ্তি থাকিব পাৰিবনে? পৃথিৱীৰ বিভিন্ন ঠাইৰ কৰ’না অতিমাৰীৰ খবৰবোৰ অহৰ্নিশে আহি থাকিল। ইতিমধ্যে আমিও দুপালি ভেকচিন লৈ আজৰি হ’ব পৰাত মনটো অলপ মুকলি হ’ল। তথাপিও বৰ সাৱধান হৈ চলি আছোঁ। আৱশ্যক নহ’লে এতিয়াও ঘৰতে সোমাই থাকোঁ। তিনিমাহ মানৰ মূৰত ৰমেন ওজালৈ ফোন এটা কৰিলোঁ। দুৰ্বল মাত এটাৰে উত্তৰ দি ক’লে যে তেওঁ ভাল হৈ ঘৰলৈ আহিল যদিও এতিয়াও বৰ দুৰ্বল। ক’লৈকো ওলোৱা-মেলা কৰা নাই। তেওঁ পুনৰ ক’লে –
: চাৰ, মই ক’তো ওলোৱা নাই যদিও আপোনাৰ ঘৰটোৰ বাবে টেনাণ্ট বিচাৰিব দিছোঁ। মোৰ মানুহকেইজন মানক কৈ থৈছোঁ আৰু তেওঁলোকে ভাৰাতীয়া পালে মোক জনাব। আপুনিও কাইণ্ডলি কাম এটা কৰিবচোন, আপুনিও আপোনাৰ ফালৰপৰা যেনেকৈ পাৰে টেনাণ্ট বিচাৰক। দুজনে একেলগে বিচাৰিলে কোনোবা এজন নিশ্চয় চাকচেছফুল হ’ব।
ইমানদিনে অকলে টেনাণ্ট চাপ্লাই দিব পৰা মানুজনে এইবাৰ মোকো ভাৰাতীয়া সন্ধান অভিযানত সাঙুৰি ল’লে। মই ইমান দূৰৈৰপৰা কেনেকৈ ভাৰাতীয়াৰ সন্ধান ক’ৰোঁ? গুৱাহাটীতো ঘৰৰ তেনে মানুহ নাই। ককাইদেউহঁত যথেষ্ট বয়সীয়া, তেওঁলোকক আমনি দিবলৈ সত নাযায়। অৱশেষত গুৱাহাটীত থকা খুলশালীজনীকে নিউজপেপাৰত বিজ্ঞাপন এটা দিবলৈ অনুৰোধ কৰিলোঁ। তাই দেওবৰীয়া আসাম ট্ৰিবিউনত বিজ্ঞাপন এটা দিলে। ঘৰটো দেখুওৱা-মেলা কৰিবলৈ তাইৰ অফিচৰ পিয়ন এজন আছে। বিজ্ঞাপনটোৰ সঁহাৰিত মানুহ এজনে ঘৰটো চাবলৈ আহিছিল কিন্তু সকলোবোৰ চাই মেলি উভতি গ’ল, একো উত্তৰ নিদিলে। দুসপ্তাহমানৰ পিছত খুলশালীজনীয়ে হেনো পেপাৰত আকৌ এবাৰ বিজ্ঞাপন দিলে আৰু এইবাৰ কাৰো পৰা কোনো ধৰণৰ সঁহাৰি নাহিল। গণেশগুৰি অঞ্চলত পানী নথকাৰ বাবেই যে মানুহে সেই অঞ্চলৰ ফ্লেট ভাৰা ল’বলৈ অনিচ্ছুক সেই বিশ্বাস মোৰ দৃঢ় হ’ল।
ফ্লেটটো ভাৰাহীন হৈ পৰি থকা প্ৰায় দুবছৰ হ’বৰ হ’ল। গুৱাহাটীৰ মাজ মজিয়াৰ ব্যস্ত অঞ্চলত ফ্লেট এটা এনেই পৰি থকা নিশ্চয় ডাঙৰ অৰ্থনৈতিক লোকচান। ভাৰা নাপালে ঘৰটো বেছি পেলোৱাই শ্ৰেয়ঃ। গণেশগুৰিৰ মেইন এৰিয়াত নতুন ফ্লেটৰ এতিয়া যথেষ্ট দাম, প্ৰতি বৰ্গফুটত ৫০০০-৬০০০ টকাৰ কম নহ’ব। আমাৰ ‘ইউজড্’ আৰু ১৮ বছৰীয়া ফ্লেটটো ইয়াৰ আধা দাম পালেও বেছিবলৈ সাজু আছোঁ; তাতে অঞ্চলটোত পানীৰ আকাল, জিএমচিয়ে সোনকালে দয়া নকৰিলে মানুহে সদায় পানী কিনিয়েই খাই থাকিব লাগিব। গুৱাহাটীৰ বন্ধু এজনক এদিন ফোন কৰি মোৰ দুৰ্দশাৰ কথা জনাই ফ্লেটটো বেচাৰ কথা উলিয়ালোঁ। বন্ধুৰ ভনী জোৱাঁয়েক আকৌ গুৱাহাটীত ফ্লেট কিনা-বেচা কৰা ব্যৱসায়ত জড়িত। বন্ধুৱে জোঁৱায়েকৰ সৈতে কথা পাতি এটা সদুপদেশ দিব বুলি কথা দিলে। কেইদিনমানৰ পাছত বন্ধুৱে জনালে যে ক’ভিদ-সৃষ্ট পৰিৱেশৰ বাবে ‘ৰিয়েল এষ্টেট’ৰ বজাৰ একেবাৰে মন্দা; গতিকে এতিয়া ফ্লেটটো বেচা অতি কঠিন হ’ব আৰু কেনেবাকৈ বেচিব পাৰিলেও অতি সামান্য মূল্যহে পোৱা যাব। গতিকে বজাৰত মূল্য নুঠালৈকে মই ঘৰ বেচাৰ কথা নভবাই ভাল।
বন্ধুৰ উপদেশ শুনি নিতাপ মাৰিলোঁ। ইফালেও নহয়, সিফালেও নহয়। ভাগ্যত যি আছে হ’ব বুলি ভবাৰ বাহিৰে গত্যন্তৰ নাই। যোৱাবছৰৰ ছেপ্টেম্বৰ মাহত হঠাতে কাম এটাৰ বাবে গুৱাহাটীলৈ যাব লগা হ’ল। এই ক’ভিড পৰিৱেশত অহা-যোৱা কৰোঁতে কোন ঠাইত কেইবাৰ ৰেট/আৰটিপিচিআৰ টেষ্ট কৰাব লাগিব, চাৰ্টিফিকেট উলিয়াবলগীয়া হ’ব একো ঠিক নাই। যাবলৈ মন নাছিল যদিও বাধ্যত পৰি ওলালোঁ। যি নহওক মনতে ভাৱিলোঁ যে গুৱাহাটীলৈ যাম যেতিয়া এইবাৰ নিজেই ঘৰভাৰাৰ জাননী দি চাম। কোনোবা এটা বৃহস্পতিবাৰৰ নিশা যাত্ৰা আৰম্ভ কৰি শুকুৰবাৰে আবেলি গুৱাহাটী পালোঁগৈ। শনিবাৰে ৰাতিপুৱা গৈ দেওবাৰে আসাম ট্ৰিবিউনত ওলোৱাকৈ ভাৰাঘৰৰ বিজ্ঞাপন এটা দি আহিলোঁ। গুৱাহাটীৰ স্থানীয় ফোন নম্বৰটো দিয়া হৈছিল। যথাসময়ত দেওবাৰে পুৱা পেপাৰত জাননীটো ওলাল। কোনোবাই ফোন কৰে বুলি গুৱাহাটীৰ নম্বৰ থকা মোবাইলটো পকেটত লৈ ফুৰিলোঁ কিন্তু গোটেই দিন বাট চাই চকু বিষাল। এটাও ফোন নাহিল। মনটো সঁচাকৈয়ে বেয়া লাগিল। এইবাৰৰ সৈতে পেপাৰত ‘টু লেট’ দিয়া তিনিবাৰ হ’ল। যি কামৰ বাবে গুৱাহাটীলৈ গৈছিলোঁ সেই কামবোৰ কৰি অতোঁৱা হ’ল। ঘৰটোৰ বাবে কোনোবাই ফোন কৰে বুলি গোটেই সপ্তাহ বাট চালোঁ কিন্তু আশাত চেঁচাপানী পৰিল।
মোৰ মনত হঠাতে জেদ এটা সোমাল। ঘৰটোৰ বাবে কিয় এটাও ফোন নাহে? এটা বেলেগ বুদ্ধি মূৰত খেলালে। শনিবাৰ অহাৰ লগে লগে গাঁঠিৰ ধন ভাঙি পেপাৰত আকৌ এটা এডভাৰটাইজমেণ্ট দি থৈ আহিলোঁ। আগৰ ‘এড’টো কিছু সাল-সলনি কৰা হ’ল। দেওবাৰে ৰাতিপুৱা ৯: ০০ বজাৰপৰা মোৰ মোবাইল বাজিবলৈ ধৰিলে। কিয় ইমানবোৰ ফোন আহিব ধৰিছে বুজি পোৱাত অলপো কষ্ট নহ’ল। লাহে-ধীৰে চাহ-পানী খাই উঠি ফোন এটা ধৰিলোঁ।
: হেল্ল’।
: আসাম ট্ৰিবিউনত গণেশগুৰি আৰ পি ৰ’ডৰ ‘থ্ৰী বিএইচকে’ ফ্লেটটোৰ ‘এড’ আপুনি দিছে নেকি?
: হয়।
: ‘এড’টোত দিয়া কথাবোৰ সঁচা নে?
: এশ শতাংশ সঁচা।
: থ্ৰী বিএইচকে ফ্লেট উইথ টুৱেণ্টি ফ’ৰ আৱাৰ্চ বিয়েৰ চাপ্লাই লিখিছে যে? পানীৰ টেপত পানীৰ সলনি বিয়েৰহে আহে নেকি?
: জিএমচিয়ে এতিয়ালৈকে নলেৰে পানীয়েই দিব পৰা নাই, বিয়েৰ আহিব ক’ৰ পৰা?
: তেনেহলে ‘এড’টো দিছে কিয়?
: মইনো ক’ত পানীৰ টেপেৰে বিয়েৰ আহে বুলি লিখিলোঁ?
: তেনেহলে ‘টুৱেণ্টি ফ’ৰ আৱাৰ্চ বিয়েৰ চাপ্লাই’ৰ অৰ্থ কি?
: ফ্লেটৰ তলতে দুখন বিয়েৰৰ দোকান আছে। দোকানৰ ল’ৰা দুটা মোৰ ভাল চিনাকি। সিহঁতে নিশা দোকানতে শোৱে আৰু ২৪ ঘণ্টা বিল্ডিঙৰ মানুহক আৰু ওচৰে-পাজৰে বিয়েৰ চাপ্লাই দিব পাৰে। ফোন এটা কৰিলেই হ’ল। কৰ’না কালতো সিহঁতৰ বিজনেছ ভালেই চলিছে…..
সিফালৰ মানুহজনে ফোনটো লগে লগে কাটি দিলে। গোটেই দিনটো মানুহৰ ফোন আহি থাকিল মোৰ ভাৰাঘৰৰ কথা সুধিবলৈ আৰু যিমান পাৰোঁ ফোনকলবোৰ এটেণ্ড কৰি গ’লোঁ। ঘৰৰ কথা সোধাতকৈ ‘টুৱেণ্টি ফ’ৰ আৱাৰ্চ বিয়েৰ চাপ্লাই’ৰ কথাটোতহে মানুহৰ বেছি ইণ্টাৰেষ্ট! মইয়ো প্ৰথমজন ‘কলাৰ’ক যেনেকৈ উত্তৰ দিছিলোঁ সকলোকে প্ৰায় একে ধৰণৰ উত্তৰকে দিলোঁ। কোনোৱে মোক অহৌ বলিয়া, কোনোৱে কাম-বন নোহোৱা নিষ্কৰ্মা, কোনোৱে টকা খৰচ কৰিবলৈ জেগা নোহোৱা আৰু পেপাৰত যা-তা বিজ্ঞাপন দি সকলোৰে সময় নষ্ট কৰা পগলা ইত্যাদি গালি দি ফোনবোৰ বন্ধ কৰি থলে। মই সকলোৰে গালি, তিৰস্কাৰ নিৰৱে হজম কৰি হাঁহি ৰ’লোঁ। তিনিটা ‘এড’ পেপাৰত দিয়াৰ পাছতো এটাও ফোনকল অহা নাছিল, আজি যে ঘৰটোৰ কথা সুধিবলৈ ৰাতিপুৱাৰপৰা গধূলিলৈ ফোন আহি থাকিল সেই কথাটোকে ভাৱি মনটো ভাল লাগিল।
পিছদিনা মাস্কাটলৈ উভতি যাম। ৰাতিপুৱা ৮-৪০ত মুম্বাইলৈ ফ্লাইট আছে। নিশা মাস্কাটলৈ উৰা মাৰিম; গতিকে গোটেই দিনটো যাত্ৰাতে যাব। ৰাতিপুৱাতে এয়াৰপ’ৰ্টলৈ যাবলৈ উবেৰ এখন মাতি থৈছোঁ। সোনকালে খাই বৈ নিশা বিছনাত বাগৰ দিলোঁ। দিনটো ফোনকলবোৰৰ উত্তৰ দি ভাগৰ লাগিছিল যদিও সোনকালে টোপনি নাহিল। বিচনাতে ইকাতি-সিকাতি কৰি থাকেতেই বহুত দেৰি হ’ল যেন পাওঁ। কাহিলিপুৱাতে ঘড়ীৰ এলাৰ্মত খকমককৈ সাৰ পালোঁ। তাৰ আগলৈকে আচৰিত সমাজিক এটা দেখি আছিলোঁ। সমাজিকত ভৱিষ্যতৰ গুৱাহাটীখন দেখা পালোঁ। সময় কোন চন ক’ব নোৱাৰোঁ কিন্তু ‘গ্ৰেটাৰ গুৱাহাটী ৱাটাৰ চাপ্লাই প্ৰজেক্ট’ তেতিয়াও ‘কমপ্লিট’ হোৱা নাই। ব্ৰহ্মপুত্ৰখন একেধৰণে গুৱাহাটীৰ কাষেৰে বৈ আছে। গুৱাহাটীৰ সকলো অঞ্চলতে ভূ-গৰ্ভস্থ পানী নোহোৱা হোৱা বাবে বিল্ডাৰবোৰে ডীপ টিউৱৱেল ব’ৰিং কৰা বাদ দিলে। বিল্ডিংবোৰ আৰু ঘন হ’ল, দেখিবলৈ হংকঙৰ ঘৰ যেন লাগিল। পানীৰ অভাৱ যদিও গুৱাহাটীবাসীক খুব সুখী যেন লাগিল। সকলোৰে মুখত হাঁহি।
হলেণ্ডৰ ‘হৰ্টন এণ্ড হৰ্টন’ কোম্পানীয়ে মহানগৰীত অতি বৃহৎ বিয়েৰ ফেক্টৰী এটা নিৰ্মাণ কৰি উচ্চ চাপত ঘৰে ঘৰে ‘পাইপড্ বিয়েৰ’ চাপ্লাই দিয়া প্ৰজেক্ট এটা আৰম্ভ কৰিছে, ঠিক কাস্কেটত থকা ড্ৰাফট বিয়েৰৰ দৰে। এই প্ৰজেক্ট গ্ৰেটাৰ গুৱাহাটী ৱাটাৰ চাপ্লাইতকৈ তিনিগুণে ডাঙৰ। সেইবাবে গুৱাহাটীবাসীৰ মুখত সুখৰ হাঁহি। চহৰৰ মানুহে টেপত খোৱা পানী আহে নে নাহে ‘কেয়াৰ’ নকৰা হ’ল। বিদেশী কোম্পানী এটাই এতিয়া পানীতকৈ সস্তাত ঘৰে ঘৰে বিয়েৰ চাপ্লাই দিছে। গুৱাহাটীৰ মানুহে ৰাতিপুৱা উঠি ‘বেড-টি’ খোৱা বাদ দি ‘বেড-বিয়েৰ’ এগিলাচহে গলাধঃকৰণ কৰা হ’ল। মানুহে এতিয়া বিয়েৰেৰে বাচন-বৰ্তন, কাপোৰ ধোৱা আৰু গা ধোৱা আৰম্ভ কৰিছে। দৈনিক বিয়েৰ পান আৰু বিয়েৰেৰে স্নান কৰা হেতু গুৱাহাটীবাসীৰ স্বাস্থ্য উন্নত হৈছে, শৰীৰৰ ছাল-নখ উজ্জ্বলি উঠিছে। বিয়েৰেৰে চুলি ধোৱা আৰু শ্যেম্পু কৰাৰ বাবে মানুহৰ চুলিৰ সৌন্দৰ্য বাঢ়িছে। সৰুতে আমি জৰ্জিয়া আৰু আৰ্মেনিয়াৰ লোককহে পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহ বুলি পঢ়িছিলোঁ, এতিয়া গুৱাহাটীবাসীসকলে সকলোকে সৌন্দৰ্যৰ প্ৰতিযোগিতাত চেৰ পেলাই ‘গিনিজ বুক অৱ ৱৰ্লড ৰেকৰ্ড’ৰ সৃষ্টি কৰিছে….!
ৰাতিপুৱাই উঠি মনটো ৰঞ্জিত ৰঞ্জিত লাগিল। ঘৰ ভাৰাৰ দুশ্চিন্তা মোৰ নিমিষতে আঁতৰিল। সৰুতে মায়ে কোৱা কথা এষাৰ চাৎকৈ মনত পৰিল- পুৱঁতি নিশাৰ সপোন হেনো অথলে নাযায়!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!